Showing posts with label কথাশিল্প. Show all posts
Showing posts with label কথাশিল্প. Show all posts

Thursday, July 12, 2012

মানুহৰ বয়স


(বহুদিন একো লিখিব পৰা নাই৷ আজি কেইদিন মানৰ আগেয়ে বন্ধুসম দাদা এজনে কাহিনী এটা ক’লে৷ তাকে ৰাইজলৈ বুলি লিখি পঠিয়ালোঁ৷)

মানুহৰ বয়স

ভগৱানে মানুহক আদি কৰি সমস্ত জীৱজগত সৃষ্টি কৰাৰ পাছত এদিন সকলোকে মাতি পঠিয়ালে প্ৰত্যেককে বয়স প্ৰদান কৰিবৰ বাবে৷ এলেহুৱা স্বভাৱৰ বাবে মানুহ, গাধ দেৰীকৈ উপস্থিত হ’ল৷ ঠিক সেইদৰে দিন হোৱা বাবে ফেঁচাও দেৰীকৈ উপস্থিত হ’লহি৷ আনহাতে কুকুৰে খৱৰটো দেৰীকৈ লাভ কৰাৰ বাবে পলম কৰিলে৷ ভগৱানে এই চাৰিবিধ প্ৰণী দেৰীকৈ উপস্থিত হোৱাত ক’লে যে ইতিমধ্যে আনবিলাক জীৱ-জন্তুক বয়স প্ৰদান কৰাৰ বাবে তেখেতৰ ওচৰত তেতিয়া মাত্ৰ ১৬০ বছৰ বয়স হে বাকী আছে৷ এতিয়া এই ১৬০ বছৰেই সকলোকে সমভাৱে ভগাই দিব৷ সেই কথা শুনি গাধই মাত দিলে— ‘ভগৱান মই ৪০ বছৰ মানুহৰ বোজা কঢ়িয়াব লাগিলে বৰ কষ্ট পাম৷ মোক আধা কৰি দিব নোৱাৰিলে?’ ভগৱানে সেয়া শুনি হ’ব বুলি ক’লে আৰু সেই ২০ বছৰ কাৰোবাক প্ৰয়োজন আছে নেকি শুধিলে৷ মানুহে ভাবিলে যে ৪০ বছৰ বৰ কম সময় সেয়ে সেইখিনি বয়স তেওঁ গ্ৰহণ কৰিলে লাভৱান হ’ব৷ ভগৱানে মানুহৰ মনৰ ভাব বুজিব পাৰি সেয়ে হ’ব বুলি ক’লে৷ ইয়াৰ পাছতে কুকুৰেও ক’লে যে ৪০ বছৰ বয়স তেওঁৰ বাবেও কম বেছি হ’ব, কাৰণ ৪০ বছৰ মানুহৰ লেই-লেই, চেই-চেই খাই থকাতো বৰ কষ্ট হয়৷ সেইখিনি বয়সো মানুহে গ্ৰহণ কৰিলে৷ ফেঁচাইও তাৰ বয়স আধা কৰি দিবলৈ কোৱাত মানুহে ভালপাই সেইখিনিও গ্ৰহণ কৰিলে৷ ভগৱানেও সেয়ে হ’ব বুলি মান্তি হ’ল৷ এনেদেৰ মানুহৰ সৰ্বমুঠ বয়স হ’ল ১০০ বছৰ৷ ৪০ বছৰ নিজৰ বাকী প্ৰতি ২০ বছৰ ক্ৰমে গাধ, কুকুৰ আৰু ফেঁচাৰ৷
    তেতিয়াৰে পৰা মানুহে সমগ্ৰ জীৱনৰ প্ৰথম ৪০ বছৰ নিজৰ জীৱন কটাবলৈ পালে৷ তাৰ পাছৰ ২০ বছৰ গাধৰ জীৱন৷ এই সময়ছোৱাত গাধৰ দৰে সংসাৰৰ (ল’ৰা-ছোৱালী, পা-পৰিয়াল সকলোৰে বোজা কঢ়িয়াই)বোজা কঢ়িয়াবলৈ বাধ্য হ’ল৷ তাৰ পাছৰ ২০ বছৰ কুকুৰৰ দৰে সকলোৰে লেই-লেই, চেই-চেই সহি থাকিব লগা হ’ল৷ কাৰণ ৬০ বছৰ বয়সৰ পাছত চাকৰি-বাকৰিৰ পৰা অৱসৰ লোৱাৰ পাছত ল’ৰা-ছোৱালীৰ পৰা তেনে ব্যৱহাৰ লাভ কৰে৷ তাৰ পাছত শেষৰ ২০ বছৰ ফেঁচাৰ দৰে সকলো ঠাইতে জুপুকা মাৰি মৃত্যুৰ আহ্বানলৈ বাট চাই থাকিব ল’গা হয়৷
    এনেদৰে আনৰ পৰা লাভ কৰা বয়সবোৰত মানুহে সেই নিৰ্দিষ্ট জন্তুটোৰ বৈশিষ্ট্য তেতিয়াৰে পৰা বহন কৰি থাকিব ল’গা হৈছে৷ এয়াই মানুহৰ জীৱনৰ বিৰম্বনা৷

Saturday, September 24, 2011

গজপুৰীয়াৰ পৃথিৱী ভ্ৰমণ


আগকথাঃ
গজপুৰীয়া বুলিলে সকলোৱে চিনি পায়৷ পিতৃপ্ৰদত্ত নামটো পিছে কি আছিল মানুহবোৰে পাহৰিলে৷ নামৰ পিছফালে থকা উপাধি নামৰ টুকুৰাটোৰ কথাও কাৰো মনত নাই৷ আগতে বোলে কিবা ‘পাইক’ নে কি তেনে আছিল৷ ৰজাৰ ঘৰত গেবাৰি খাটিবহি লাগিছিল৷ সেইবোৰ দিন এতিয়া নাইতো৷ দিন সলনি হৈছে, তেওঁৰো পৰিৱৰ্তন ঘটিছে৷ তেওঁক এই নামটোৰে চিনাকি কৰি দিছিল আমাৰ সেই যে ‘ভাষাৰ বেজ’জন, তেখেতে৷ অ’, সেইজনৰ কথাই কৈছোঁ, নৌকাষ্ঠ হোৱা জন৷ সেইজনাই ‘চক্ৰধ্বজ সিংহ’ নে কিবা নাটক এখনত তেনেদৰে চিনাকি কৰি দিয়াৰে পৰাই জনসমাজত এই নামেৰে প্ৰসিদ্ধি লভিলে৷ আনহাতে তেজপুৰীয়া দীপক মহন্তই পাই পুনৰ তেওঁৰ নামৰ পিছত ‘উপাখ্যান’ শব্দটো লগ লগাই দিয়াৰ লগতে নামৰ শেষৰফালে ‘ৰ’টো লগাই দি ‘গজপুৰীয়াৰ উপাখ্যান’ কৰি পেলালে৷ তেওঁৰ বিভিন্ন কাৰ্য-কলাপক লৈ নতুন নাটক এখন লিখি জনসমাজত প্ৰচাৰ কৰিলে৷ সেয়া পিছে কেইবা বছৰৰো আগৰ কথা৷

তাৰ পাছত নাই মানে তেওঁৰ ছাঁটোকে দেখিবলৈ নাই৷ ক’ত বা গুম হৈ আছিল একো খৱৰেই পোৱা নাছিলোঁ৷ প্ৰথম অৱস্থাত কোনোবাই অপহৰণ-চপহৰণ কৰি মাৰিয়েই পেলালে বুলি ভাবি ক’ৰবাত অচিনাক্ত মৃতদেহ ওলালেই খৱৰ লৈছিলোঁ৷ নাই তেতিয়াও একো খৱৰ ওলিয়াব নোৱাৰি দৌৰত ব্যস্ত হৈ তেওঁৰ কথা পাহৰিয়েই গৈছিলোঁ৷

কালিৰ কথা, মহানগৰীৰ বানপানীত আবদ্ধ হৈ চিৰিয়াখানাৰ কাষৰে ৰেষ্টুৰেণ্ট এখনত বহি থাকোঁতে মানুহ এজনে মাত লগালেহি৷ মই প্ৰথমতে চিনিবকে পৰা নাছিলোঁ৷ তেওঁ মোক ঢকা এটি মাৰি খৱৰ সুধিলে, মই দৌৰি থকাৰ খৱৰ বাতৰি ল’লে৷ মই অচিনাকি ধৰণেই তেওঁক উত্তৰবোৰ দি আছিলোঁ৷ তেওঁ কথাটো টং কৰিব পাৰি মোক ক’লে— কি হ’ল চিনি পোৱা নাই নেকি?মই গজপুৰীয়া আকৌ৷ মই কি কৰিম, কি নকৰিম কৰি তেওঁক সাবট মাৰি ধৰি ক’লো—
  আচলতে মই আপোনাক চিনিবকে পৰা নাছিলোঁ৷ ‘গেট আপ’ একেবাৰে বেলেগ হৈ গ’ল৷ ক’ত আছিল ইমান দিন? খৱৰ বাতৰি কওঁক৷ মইটো কোনোবাই অপহৰণ কৰি নিলে বুলি ভাবিছিলোঁ৷ খৱৰ বাতৰি কওঁক৷ আৰু
একে লেঠাৰিয়ে কেইবাটাও প্ৰশ্ন কৰাত তেওঁ মোক বাধা দি ক’লে
—ৰ’ চোন৷ সকলো বিলাক প্ৰশ্নৰে উত্তৰ দিম৷ প্ৰথমতে এওঁৰ লগত চিনাকি হৈ ল’৷

গজপুৰীয়াতকৈ কিছু চাপৰ, থোপোকা মুখৰ, গালত পানীয়ে মৰা কঠিয়াৰ দৰে কেইদাল মান দাড়ি (নোম!)থকা ব্যক্তি এজন আহি মোলৈ হাতখন আগবঢ়াই দিলে৷ মই চেহেৰাটো চিনাকি চিনাকি যেন দেখি হাতখন আগবঢ়াই দি ক’লো— আপোনাৰ নাম ‘চাংকু পানজা’ (Sancho Panza) নেকি?
তেওঁ মুখত মিচিকিয়াই হাঁহি এটা মাৰি ক’লে— তাৰ মানে আপুনি মোক পাহৰা নাই৷ আগতে আছিলোঁ ‘ডন কিহতেৎ’(Don Quixote)ৰ লগত৷ আপুনি দৌৰি থাকোঁতে লগ পাইছিলোঁ নহয়৷
—অ’ মনত আছে, সেইবাবেই পাহৰা নাই৷ মই উত্তৰ দিলোঁ (এওঁক দেখি হে মনত পৰিছে ‘ডন কিহতেৎ’ক লগ পোৱা কথা, অহা বাৰ লিখিব লাগিব কাহিনীটো৷)
আমাৰ কথা-বতৰাৰ মাজতে গজপুৰীয়া ক’লে— ব’লা ব’লা বহু কথাই ক’ব লাগিব৷ মই পৃথিৱী ভ্ৰমণ কৰিলোঁ নহয়৷ বহু কাহিনীয়েই আছে৷ ক’ম তোমাক৷ শুনিবানে?
—কিয় নুশুনিম৷ শুনিম নিশ্চয় শুনিম৷  
ক্ৰমশঃ

Thursday, September 22, 2011

জীৱনৰ ভগ্নাংশ— ১০


লাচিতৰ হাতৰ পৰা ভালে ভালে বাচি আহিলোঁ৷ ভাল দৰেই লম্ভিছিল মোক৷ তেখেতে কি যে প্ৰশ্নবোৰ আৰম্ভ কৰিছিল! মই ইমানদিনে তেনে ধৰণৰ কিছুমান প্ৰশ্নৰ উত্তৰৰ সন্ধানতেই দৌৰি আছোঁ মোকে আকৌ প্ৰশ্ন সোধে মাজে মাজে প্ৰশ্নবোৰে এনেদৰে জুমুৰি দিয়ে যে মই মানসিকভাৱে ভাগৰুৱা অনুভৱ কৰোঁ৷ ৰৈ দিবলৈও ভয় কোনে বা মোৰ পিচ পেলাই আগবাঢ়ি যায়৷ ইফালে ইংলণ্ডত ভাৰতে জয়ৰ মুখ নেদেখিলে এখন খেলতো প্ৰদ্যুতৰ টিকিৰ শৰীৰ বা কেনে তাৰ একো ঠিকনা নাই, কি বা ঘমঘণ্টখন কৰি থাকে (পংকজে কৈছে তাৰ গাত ভুতে লম্ভে বোলে, ক’ব নোৱাৰি!পাৰিলে মায়েঙৰ ফালৰ বেজ এজনৰ খৱৰ কৰিব লাগিব...) কিতাপ এখন প্ৰকাশ কৰাৰ কথা, প্ৰকাশকে গাত লৈছে, মইহে দিব পৰা নাই কি বা কৰোঁ অইনাও জেংৰাইজনী ডাঙৰ হৈ অহাৰ লগে লগে বৰ দুষ্ট হৈছে খোজেই ভালদৰে দিব নোৱাৰে, দৌৰিব লাগে বাপেকে দৌৰি থকাতোঁ দেখিছে চাগৈ! সৰু জীৱটো গাত ভগৱান থাকে বোলে তাইৰ মুখখন দেখিলেই সকলো দুখ-ভাগৰ নাইকিয়া হৈ যায়৷ মাকৰ বৰ চিন্তা ক্ৰেচত থৈ যাব লাগে তায়ো ব্যস্ত দৌৰত
এনেদৰে বিভিন্ন চিন্তাৰে মূৰটো ফাটি-চিটি যাওঁ যেন কৰিছে উফঃ অলপ সময় জিৰণি নল’লে নহ’ব৷ ফুকনদেওৰ পৰা বাচিবৰ বাবেই তৰনৰা কৈ দৌৰিছিলোঁ৷ উফঃ ফোপাই-জোপাই এঠাইত হাউলি লৈ দীঘল দীঘল কৈ উশাহ কেইটামান টানিছিলোঁ হে মাত্ৰ, সিফালৰ পৰা আহি থকা দেখিলোঁ শ্ৰীনিবাৰণ ভট্টাচাৰ্যক (অৰুণ শৰ্মা বোলা অসমীয়া নাট্যকাৰজনে সৃষ্টি কৰা এটা অধুনিক মনৰ চৰিত্ৰ)৷ মই কাষ চাপি গ’লোঁ নাহিল কোনো মানুহ নাহিল মোৰ ত্ৰয়োদশ নাটকখন চাবলৈ এজনো মানুহ নাহিল, পাঁচশ, পুৰা পাঁচশ মানুহক মই গড়ে দুবাৰ কৈ নিমন্ত্ৰণ জনাইছিলোঁ, মোৰ নাটকখন চাবলৈ৷ এজনো নাহিল৷ মই ক’লো— নাহিবতো, আজিকালি ডিস্ক চাবলৈ যায়, কেচিনঅ’ লৈ যায় অসমীয়া ৰাইজ, নাটক চাবলৈ কিয় যাব৷ তেখেতে ব্যঙ্গাত্মক হাঁহি এটা মাৰি ক’লে— মই এতিয়াৰ কথা কোৱা নাই ষাঠিৰ দশকৰ শেষৰ কথা কৈছোঁ৷ ময়ো তেখেতলৈ বেকা হাঁহি এটা ঠেলি দি ক’লোঁ— বছৰ হে বাঢ়িলে, একো সলনি হোৱা নাই৷একেই আছে সলনি হৈছে মাথোন মানুহৰ প্ৰয়োজনীয়তা৷ তেখেতে গেঙেৰি মাৰি উঠিল— দেখা নাই উদ্দীপ্ত, পংকজ, অঞ্জলহঁতে ইণ্টাৰনেটত বেজবৰুৱা দাৰ নাটক এখন সংৰক্ষণ কৰিবলৈ ওলাইছে৷ তই কি কৰি আছ৷ মই ভেবাচেবা খাই গ’লো, বুঢ়াই তাৰমানে খৱৰ ৰাখিছে এৰা তেতিয়াই কৈছিল তেখেতৰ বোলে জন্ম পঞ্চাশ বছৰৰ পিছত হ’ব লাগিছিল৷ তাৰেই প্ৰমাণ৷ মই কথা সলাবলৈ ক’লো— আপুনিটো ঘোঁৰা দেখিলেই ৰ’ব নোৱাৰিছিল, এতিয়া একা উত্তৰ আহিল— একেই আছে মনত ৰাখিবি গতিৰ বিনে গতি নাই দৌৰ ৰৈ গৈছ কিয়?... পিঠিখন চা মোৰ ঘাঁবোৰ বাঢ়িছে, তেখেতে চোলাটো দাঙি দিলে
ঠেলা মাৰি মোক দৌৰিবলৈ আগুৱাই দিলে হঠাৎ এটা গুমগুমিন আৰে কি হৈছে মই দেখোন ঢলং পলং কৰিছোঁ অ’, মই কৰা নাই, পৃখিৱীখন হে কঁপিছে ভ্ৰাম্যমাণ কাণ ফুচফুচটোত খৱৰ আহিল ভুঁইকঁপ ছিকিম ইয়াৰ উৎপত্তি স্থলি... ...ৰিখটাৰ স্কেলত ৬.৯ বৰ ভুঁইকঁপ বহু মানুহ মাৰিব চাগৈ মনলৈ আহিল সৰুতে পিতায়ে কৈছিল— মানুহৰ পাপৰ বোজা বেছি হ’লে পৃথিৱীখন পিঠিত লৈ থকা ভেকুলীটোৱে গাটো লৰাই দিয়ে তেতিয়াই ভুঁইকঁপ হয় পৃথিৱীত বাৰু পাপ বাঢ়িছে নেকি?... সেইবাবেই অসমত হে বাঢ়িছে ভাবি একো লাভ নাই দৌৰিব লাগে মই পুনৰ নতুন উদ্যমেৰে দৗৰিবলৈ আৰম্ভ কৰিলোঁ মই

Monday, September 12, 2011

জীৱনৰ ভগ্নাংশ— ৯


গান্ধীৰ তিনিটা বান্দৰে যে মোক ঠেলা মাৰি দি দৌৰিবলৈহে হেঁচুকিছিলহি ময়ো একো ক’ব নোৱাৰাকৈ দৌৰিবলৈ আৰম্ভ কৰিলোঁ৷ হঠাৎ কিবা এটাত খুণ্দাখাই পৰি গ’লো৷ খকামকাকৈ জাপ মাৰি ঠিয় হৈ ক’ত নো খুণ্দা খালোঁ তাৰ উৎস বিচাৰোঁতে চকুত পৰিল হাতত তৰোৱালধাৰী এজন ব্যক্তি৷ মুখখন চিনাকি চিনাকি ক’ৰবাত যেন দেখিছোঁ অতিকে চিনাকি! কৃষ্ণই কানখোৱাক বিচাৰি মনৰ পৃথিৱীখন চলাথ কৰাৰ দৰে ময়ো মনৰ পৃথিৱীখনত ভুমুকিয়াই বিচাৰিলোঁ তেখেতৰ পৰিচয় চাৎ কৈ ৰৈ গ’ল মনৰ ঘোঁৰা (ঊষাই চিত্ৰলেখাই অঁকা চিত্ৰপটত অনিৰুদ্ধৰ চেহেৰাটো দেখি থৰ লগাৰ দৰে) একেবাৰে চিনাকি মুখ কাষ চাপি গ’লো তেখেতে হুমুনিয়াহ কাঢ়ি ক’বলৈ আৰম্ভ কৰিলে— মোগলৰ সৈতে নৰিয়া গাৰেও মই দেশৰ সাৰ্বভৌমত্বৰ বাবে ৰণ কৰিছিলোঁ বিনা যুদ্ধে বেজিৰ আগত অহা মাটিও এৰি দিব বিছৰা নাছিলোঁ (মনতে ভাবিলোঁ বপুৰাই কৌৰৱৰ কথা কৈ উদাহৰণ দিছে ছোৱা!)সেই দেশৰ বীৰ সন্তানবোৰে এতিয়া আকৌ বদনৰ দৰে (অ এওঁ তাৰমানে দূৰৰ পৰা হ’লেও দেশৰ ভূ ৰাখিছে তাৰমানে) দেশখন আনৰ হাতত গতাব বিচাৰিছে দেখা নাই ৬৬৫ একৰ মাটি কাৰোবাক দি দিছে কিবা এটা কৰা৷
ময়ো গুজৰি উঠিলোঁ— কিয় নিদিব৷ দেখা নাই সেই দেশৰ মানুহ নহ’লে এই মুলুক এখন্তেকো নচলে৷ শাক-পাচলি উৎপাদনৰ পৰা আৰম্ভ কৰি ঠেলাৱালা, ৰিক্সাৱালা, কাম কৰা বনুৱা দেখোন সেই দেশৰ পৰাই অহা৷ দেখা নাই উৎপল দাই আঁকিছে— এদিনটো এই গোটেই দেশেই সেই দেশৰ অধীন হ’ব!... হাঃ হাঃ হাঃ মোৰ হাঁহি শুনি তেখেত বিব্ৰত হ’ল কিবা এটা ক’বৰ বাবে মুখ মেলিব বিচাৰিছিল৷ মই এখন্তেকো সময় নিদি তেখেতৰ চোলাটো দাঙি চালোঁ তাতো ঘাঁ কিবা নতুন ধৰণৰ পোকে কিলবিলাই আছে ক’লো— দৌৰক নহ’লে পিছ পৰি যাব ঘাঁ টুকুৰাও বাঢ়িছে আপোনাৰ৷ মোৰ সময় নাই দৌৰিব লাগে, ঘাঁ টুকুৰা বাঢ়িছে দেখা নাই তাতে নদীবান্ধৰ টৰ্বাইনবোৰ আকৌ ঘূৰাই আনিছে আকোঁৰগোজ, বৃহৎ নদীবান্ধ হ’বই বিভিন্ন সংগঠনে বিৰোধিতা কৰিছে হাঃ হাঃ হাঃ তেখেতে কিবা এটা কোৱাৰ আগতেই মই দৌৰিবলৈ আৰম্ভ কৰিলোঁ আচলতে মই বাৰু তেখেতৰ পৰা পলালোহে নেকি???...

Tuesday, August 23, 2011

জীৱনৰ ভগ্নাংশ— ৮


দৌৰৰ দৌৰ বাৰু কিমান!কেতিয়বা ভাবি ভাবি ভাগৰি পৰোঁ৷ ভাগৰি পৰোঁ দৌৰিও জাপ মাৰি উঠিলোঁ চিটিবাচ এখনত৷ কলৈ যাওঁ বাৰু মনৰ ভিতৰত আগাদেৱা কৰিলেহি বহুতো ছবি৷ বেজবৰুাৱাই হাঁহিৰ থুনপাক মেলি বহি ল’লেহি মোৰ কাষৰ চিতটোত উৎপল দাৰ কাৰ্টুন এখনৰ খেও ধৰিয়েই আৰম্ভ কৰিলে— কি হে ডেকা, আন্না নে অন্ন? শৰ্মিলাক দেখা নাই... ২০০২ চনৰ পৰা... কোনো গুৰুত্ব নাই... ...৩০৯ ধাৰা... ... সেনাবাহিনীৰ বিশেষ আধিকাৰ আইন... ...আনাৰ্য মূলৰ বাবে ইমান আবহেলা... ...হ’ব পাৰে যুগে যুগে দেখো তেনেই...  দেখা নাই কেনেদৰে মানুহে এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিছে৷ পংকজে ঠিকেই লিখিছে ‘‘বানপানী য’ত বছেৰেকীয়া ঘটনা, তাত দুৰ্য্যোগ ব্যৱস্থাপনাৰ কোনো উপযুক্ত ব্যৱস্থা নাই কিয় ? বন্যাৰ্তক এসাঁজ ভাত বা এটুপি পানী বা জলাবলৈ অকনমান কেৰাচিন দিয়াৰ কথা চিন্তা কৰিব নোৱাৰে কিয়? বিদেশ ভ্ৰমণ কৰি থকা নেতা সকলে বিদেশৰ উন্নত দুৰ্যোগ ব্যৱস্থাপনাৰ ব্যৱস্থা সমূহ পৰিদৰ্শন নকৰে কিয়?কুকুৰ মেকুৰীৰ দৰে বানপানীত উটি যায় আমাৰ মানুহ ! হায় আমাৰ প্ৰশাসন, হায় আমাৰ ৰজাঘৰীয়া সকল, হায় আমাৰ গণতন্ত্ৰ !’’ গণতন্ত্ৰ মানে কি গণৰ তন্ত্ৰ গণ মানে জনসাধাৰণ আৰু তন্ত্ৰ মানে সাধন মাৰ্গ জনগনক বিধস্ত কৰাৰ মাৰ্গ নে ৰজাঘৰীয়া সকলৰ পকেট গৰম কৰাৰ মাৰ্গ হাঃ হাঃ হাঃ By the people, for the people
বেজবৰুৱা নামি যাব ধৰিছিল মই থাপ মাৰি ধৰি কলোঁ— আপুনিয়েই দেখোন লিখিছিল— ‘আজিৰ অসমীয়াৰ গাৰ পৰাও বাপ পিতামহৰ কৃতিত্ব, বীৰত্ব, বীৰ্য্যত্ব, বুদ্ধিত্ব যোৱা নাই যে৷ গুজৰাটী গান্ধীকো তেওঁৰ অহিংসা সংগ্ৰামৰ ওলোটা উত্তৰ দি হৰুৱাই দিবলৈ আচিৰতে আমাৰ নলবাৰী, জাঁজী, টিয়ক, গুৱাহাটী প্ৰভৃতি ঠাইৰ পৰা কোনোবা এজন অসমীয়া মহাবীৰ সেনাপতি এদিন নহয় এদিন ভমক কৰে ওলাই পৰিব৷’... আৰু এটা কথা আপুনিও কিন্তু আৰ্য-অনাৰ্যৰ ৰণখনৰ এক... ...ইতিহাসে ক’ব এদিন... ...বেজবৰুৱাই থতমত খালে হাঃ হাঃ হাঃ তেওঁৰ চোলাতো দাঙি দিলোঁ ঘাঁ গেলিছে দৌৰক নহ’লে পিছ পৰিব ময়ো দৌৰোঁ হঠাৎ এক বিৰাট শব্দ কৰি আমি গৈ থকা গাড়ীখন প্ৰায় দহ ফুট মান ওপৰলৈ উৰি গ’ল৷ মইটো প্ৰথমতে ভাবিছিলোঁ পুস্পক ৰথতে উঠিলোঁ নেকি?... এপাকত জুইৰ সৈতে বাছখন মাটিত গোন্ধ, তেজ একেই ১৯৮৩ নেলি বেলতলা ২০০৯ বাহঃ এপাকত দেখিলোঁ কেইবাটাও বৈদ্যুতিন কেন্দ্ৰৰ সংবাদিক সকল আহি উপস্থিত ব্যস্ত লাইফ কভাৰেজত এচুকত দেখিলোঁ গান্ধীৰ তিনিটা বান্দৰ মোক ঠেলা মাৰি দি দৌৰিবলৈহে হেঁচুকিছেহি ময়ো একো ক’ব নোৱৰাকৈ দৌৰিবলৈ আৰম্ভ কৰিলোঁ

Sunday, August 21, 2011

জীৱনৰ ভগ্নাংশ - ৭


দৌৰি দৌৰি ভাগৰত হালি পৰিব ধৰিছিলোঁ৷ হঠাৎ গম পালোঁ মই ফুটপাথত নাই৷ ফুটপাথৰ তলত থকা মেনহলটোৰ ভিতৰতহে৷ ইয়াতো দৌৰা-দৌৰি পলিথিনৰ টোপোলা নিৰোধ গেলা কণি নেপকিন বিস্তা কিলবিলাই থকা সৰু সৰু কীট কিবা এটা উৎকট গোন্ধ ব্যস্ত সময় নাই কৰোঁ এটাক পিছ পেলাই আগবাঢ়াৰ দৌৰত সকলো ব্যস্ত৷ মই সন্ধান কৰিবলৈ ধৰিলোঁ গোন্ধৰ উৎস৷ সেই একেই গোন্ধ পাইছিলোঁ তাহানিতে৷ আইলৈ মনত পৰিল ফটা নিহালিখনৰ মাজেদি তৰা গণা আইৰ মুখখনৰ প্ৰকৃত ছবিখন ভাঁহি নুঠিল৷ এটা চিৎকাৰ জুই কুকুহা হৈ উৰিছিল ঘানিৰ ম’হটোৰ দৰে বাগৰি পৰিছিল৷ বতাহত নাচিছিল ধনগুলৈয়ে৷ ১৯৮৩ ফিচকাৰি নেকি মই সুধিছিলোঁ হ’বলা!মুখত আছিল এটা শেলুক গুমগুমনি উঠিছে এসোঁতা কেঁচা পখৰা তেজ৷ মোৰ কলিজাতো সঠিক স্থানত আছেনে বাৰু!
কাষলৈ চাওঁতে দেখো জালুকবাৰী আউটপ’ষ্টৰ পুলিচকেইটা৷ ৰাতি হ’লে হাতত এডাল লাঠি, আগটো ফলা৷ গাড়ীবোৰৰ খিৰিকিৰে সোমাই যায় আৰু ওলাই আহে, ফাকত লাগি আহে আৰ. বি. আই.ৰ এখন প্ৰমাণপত্ৰ৷ ঢল নামিছে কিহৰ ঢল!… …ধেমাজিত গছত আশ্ৰয়লৈ থকা কেইবাজনো লোকক বানে উটুৱাই নিলে বান আক্ৰন্তৰ হাহাকাৰ ৰামলীলা ময়দানত আন্নাৰ আন্দোলন জনলোকপাল বিল তিহাৰ জেল ‘বিপদ কালত বুদ্ধি ভ্ৰষ্ট’ নেকি চৰকাৰৰ অখিলে অসমৰ সমস্যাক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তুলি ধৰিছে কি বা হয়!কালি উৎপল দাৰ ‘কাৰ্টুন’ এটা দেখিলোঁ,— ভৰতৰ প্ৰধানমন্ত্ৰী হেনো আন্না, অসমৰ মুখ্যমন্ত্ৰী অখিল, কোনোবা এজনে সপোনত দেখিছে আহিবনে বাৰু এনে দিন!লাখ লাখ জনতা ওলাই আহিছে এই সংগ্ৰামলৈ... …আনফালে এজনে লিখিছে— পথাৰত কঠিয়া নাই, তাতে অখিল ব্যস্ত ৰাজধানীত উফঃ ভাগৰ লাগিছে মোৰ হঠাৎ এটা চিৎকাৰ— ঢল নামিছে দৌৰ
চকুৰ পচাৰতে উটি গৈছে গৰু, ম’হ, ছাগলি, ভেৰা মানুহ মই ৰৈ যাব ধৰিছিলোঁ৷ মোৰেই সহোদৰস্বৰূপ একান্ত লগৰীয়া ছাঁটোক চাওঁতে দিখিলোঁ— এবাৰ ইফালে, এবাৰ সিফালে সিও ঢপলিয়াইছে৷ জীৱনৰ গতিত স্থবিৰতাৰ স্থান নাই, গতিৰ বিনে গতি নাই মই মিচিকিয়াই নিজেই নজনাকৈ দৌৰিবলৈ আৰম্ভ কৰিলোঁ— নতুন উদ্যমেৰে৷ মনৰ পৰা হেৰাই গ’ল হৰিধন, বকুলি, বাখৰ, হৰি, ৰাজ, পাৰ্থ দা, অপু দা কেৱল দৌৰিছোঁ পিঠিৰ ঘাঁটুকুৰাও দৌৰিছে ক্ৰমাৎ বাঢ়িছে চক্ৰবৃদ্ধি সুতত

Friday, August 12, 2011

জীৱনৰ ভগ্নাংশ -৬


পুৰণা ষ্টেট বেংকৰ কাষৰ ফুটপাথত মই৷ পোষ্ট অফিচটোৱে কাষৰ চাহ দোকানখনত চাহ খাই আছিল৷ মোৰ সি কাষলে মাতিলে৷ গম পালোঁ মোৰ ভৰি দুটাত কোনোবাই গোজ মাৰি থৈছে নে গজাল মাৰি, লৰচৰ কৰিব নোৱাৰোঁ৷ সোণাৰুজোপাৰ ফুলবোৰ এফালৰ পৰা সৰিব ধৰিছে৷ মোৰ চাৰিওফালে সোণাৰু মই লাহে লাহে সোমাই যাব ধৰিছোঁ মোৰ সৰু গাঠি, কলাফুল, কঁকাল পেট বুকু চকুৰ আগত অগাদেৱা কৰিলে৷ সেয়া চম্পাৱতী নে কমলা কুঁৱৰী৷ ভাঁহি আহিল—
       আই মোৰ ভৰি কুটেকুটাই
       জোঁৱায়ে তোক নূপুৰ পিন্ধায়
পুনৰ অভাৰলেপ—
       কমলা কুঁৱৰী, মোৰে প্ৰাণেশ্বৰী
       পানী বা কিমানে দ
মণ্টাজ সোণাৰু, সোণাৰু চাৰিওখালে কেৱল সোণাৰু সোমাই গৈছোঁ উশাহ নোপোৱা হৈছোঁ চটফটাইছোঁ ঢপঢপাইছোঁ লাহে লাহে সোণাৰুবোৰ একোটা কুমজেলেকুৱালৈ ৰূপান্তৰিত হৈছে৷ বগুৱা বাইছে মোৰ কোচত, বুকুত ক্ৰমশঃ তাৰ যাত্ৰা মোৰ ওঁঠলৈ চেঁচা বিজলুৱা স্পৰ্শ৷ কিবা এটা অদ্ভূত নিচাত চুচৰি বাগৰি উটিছোঁ ভাঁহিছোঁ স্পন্দনহীন এক ছন্দ৷ যেন এজাক শেলুৱৈৰ দৃঢ় কামোৰ সিঁহতৰ মাজতো দৌৰ পিঠিখনত এক অনামী উত্তেজনা মই উৰ্দ্ধশ্বাসে দৌৰিলোঁ
টংগুটি খেলিছোঁ, লাটুমনি বিলৰ পাৰত শামুকে শামুকে যুঁজাইছোঁ— ইমান ইমান পানী/গংগাৰাণী/ইমান ইমান বোকা/চাহেব দাদা— সোমাইছিলোঁ নেকি তেতিয়াই বোকাত৷ হয় হ’বলা৷ চিত্ত নে বিত্ত? দ্বিঘাট সমীকৰণৰ অংক? মেটেকা নে বৰ টেঙাৰ ফুটবল চাইবাৰ কেফে নে মেকডনাল্ড দে আফটাৰ টুমৰোখন চালি!দৌৰা দৌৰী ‘বুজিছ সকলো কামৰে নিৰ্দিষ্ট সময় থাকে৷ আজি হোৱা নাই মানে কামটো হোৱাৰ সময় হোৱা নাই৷ চিন্তা নকৰিবি—সময় হ’লে হ’ব৷ পাৰ্থদাই ক’লে৷ মই তেওঁৰো চোলাটো দাঙি দিলোঁ৷ একেই কাণৰ কাষত বতাহৰ সুহুৰি— দৌৰ দৌৰ ক’ব নোৱৰাকৈ পুনৰ দৌৰীবলৈ আৰম্ভ কৰিলোঁ