অহৰহ কাণৰ শেতেলীত
ৰু-ৰুৱাই আছে
এখন ভগা বীণৰ স্বৰ...
ভাবিছোঁ
ক’ৰ পৰা আৰম্ভ কৰোঁ
শেষ বুলিলেইটো শেষ নহয় কথাবোৰ
আচলতে
কথাবোৰ ইমান সহজো নহয়
সপোন দেখাটো...
প্ৰিয়ত্তম শব্দবোৰ...
ক’লেও শেষ নোহোৱা হৃদয়ৰ ভাষাবোৰ
গাওঁ বুলিও গাব নোৱৰা মনৰ ব্যথাবোৰ...
যিদৰে হাতৰ মুঠিত সূৰ্যটো ঢাকি ৰখাটো...
No comments:
Post a Comment