ৰাসলীলা ‘ৰাস’ শব্দটো নিষ্পন্ন হৈছে ‘ৰস’ৰ পৰা৷
ৰস শব্দই ব্যুৎপত্তিগতভাৱে ‘ৰসিত’ বা আস্বাদিত অৰ্থ নিৰূপণ কৰে৷ সাহিত্য দপৰ্ণত বিশ্বনাথ কবিৰাজে মন্তব্য কৰিছে-
‘ৰস্যতে ইতি ৰসঃ’ - যিটো ৰসিত বা আস্বাদিত হয় সিয়ে ৰস৷ লৌকিক অৰ্থত জিভাৰে আস্বাদিত
বিভিন্ন অনুভূতি বা উপলব্ধিকেই আমি ৰস বুলি মন্তব্য কৰোঁ৷ কিন্তু কাব্যত কবিয়ে অনুভৱ
কৰা পৰম আনন্দৰ স্বৰূপ পাঠক-শ্ৰোতাৰ হৃদয়লৈও সঞ্চাৰিত কৰি তুলিব বিচাৰে৷ এই আনন্দৰ
স্বৰূপ লোকোত্তৰ৷ ৰস শব্দটি ঋগবেদতো পোৱা যায়৷ উপনিষদৰ দিনত ইয়াৰ অৰ্থৰ সলনি হৈছে৷
ঋগবেদত জুলীয়া বস্তুক বুজাবলৈ এই শব্দটো ব্যৱহাৰ কৰা হৈছিল৷ পৰৱৰ্তী কালৰ উপনিষদত ৰসৰ
অৰ্থৰ পৰিৱৰ্তন ঘটি ই হ’ল- ‘সাৰ পদাৰ্থ’৷ তৈত্তিৰীয় উপনিষদত আছে- ‘ৰসো বৈ সঃ ৰসং হ্যেৱায়ং
লব্ধা আনন্দীভৱতি’- অৰ্থাৎ ৰস মানে আনন্দ৷ আনন্দময়ী মহাসত্তাক উপলব্ধি কৰিবলৈ উপনিষদৰ
যুগৰ ঋষিমুনিসকলে কঠোৰ তপস্যা কৰিছিল৷ তেওঁলোকে পৰিশেষত উপলব্ধি কৰিছিল দুখ-শোকৰ অতীত
এক পূৰ্ণানন্দ অৱস্থা৷ ইয়াৰ আলম লৈয়ে পৰৱৰ্তী কালৰ আচাৰ্যসকলে ৰসৰ অৰ্থ নিৰূপণ কৰিলে-
ৰস হ’ল সৌন্দৰ্যবোধৰ পৰা সৃষ্টি হোৱা অতি জাগতিক আনন্দময়ী অৱস্থ৷ ইয়াক কেৱল মানসিকভাৱেহে
উপলব্ধি কৰিব পাৰি৷ এই ৰসৰ পৰাই ৰাস শব্দটো উৎপত্তি হৈছে- ‘ৰাসস্যায়ং ৰাসঃ’ - অৰ্থাৎ
পৰমব্ৰহ্মৰ সহিতে জীৱাত্মাৰ সম্বন্ধই হৈছে ৰাস৷ আকৌ কৈছে- ‘ৰসানাং সমূহো ৰাসঃ’ - অৰ্থাৎ
সকলো ৰসৰ সমাবেশেৰে সৃষ্টি হোৱা ব্ৰহ্মানন্দই হৈছে ৰাস৷
আনহাতে ৰাসৰ লগত জড়িত হৈ আছে কৃষ্ণৰ নাম৷ আমি
কৃষ্ণ শব্দটো অৰ্থ বিস্তাৰ কৰিলে দেখা পাওঁ যে ‘কৃষ’ ধাতুৰ লগত ‘ণ’ যোগ হৈ এই শব্দটো
সৃষ্টি হৈছে৷ কৃষ ধাতুৰ অথৰ্ৰ হ’ল- ভূ অৰ্থাৎ সত্তা বা অতিসত্ব আৰু ‘ণ’ৰ অৰ্থ নিবৃত্তি
অৰ্থাৎ পৰমানন্দ৷ সাধাৰণভাৱে আমি ক’ব পাৰোঁ- যি পৰম বস্তুক লাভ কৰিলে জীৱই পৰমানন্দ
লাভ কৰে সেই পৰমাত্মাৰ সৈতে সত্তা বা আত্মাৰ যি মিলন সেয়েই কৃষ্ণ; কাৰণ - কৃষ্ণবস্তু
ভগৱান স্বয়ম৷
ভগৱান বিষ্ণুৰ ৰাম অৱতাৰত দণ্ডকাৰণ্যবাসী ঋষিসকলে
শ্ৰীৰামক দেখি মুগ্ধ হোৱাৰ লগতে তেৰাৰ প্ৰেয়সীৰূপে তেৰাক সেৱা কৰিবলৈ বাঞ্ছা কৰিছিল৷
ভগৱনত ৰামে সেই সময়ত তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ নকৰি পৰৱৰ্তী অৱতাৰত পূৰ্ণ কৰিব বুলি
কথা দিলে৷ ভগৱান সদয়েই ভক্তৰ অধীন৷ সেইবাবে দ্বাপৰ যুগত ভগৱন্তই কৃষ্ণ অৱতাৰ ধাৰণ
কৰোতে সেই ঋষিসকলেই গোকুলৰ গোপী ৰূপে জন্ম গ্ৰহণ কৰিছিল আৰু শৰতৰ পূৰ্ণিমা ৰাতি তেওঁলোকৰ
সৈতে ৰাসলীলা সম্পন্ন কৰে৷ প্ৰসংগক্ৰমে স্মৰণযোগ্য যে কৃষ্ণ অৱতাৰৰ বস্ত্ৰহৰণৰ কালতো
তেওঁ গোপীনীসকলক ৰাসলীলা কৰিম বুলি প্ৰতিশ্ৰতি দিছিল৷ দশমত উল্লেখ আছে-
শৰত
কালৰ ৰাত্ৰি অতি বিতোপন৷
ৰাসক্ৰিয়া
কৰন্তে কৃষ্ণৰ ভৈল মন৷৷
ৰাসলীলা
আখ্যানভাগ আমি পাওঁ শ্ৰীমদ্ভাগৱতত৷ অষ্টদশ পুৰাণৰ ভিতৰত শ্ৰেষ্ঠ তথা পুৰাণ সূৰ্য হিচাপে
স্বীকৃত এইখন গ্ৰন্থত উল্লেখ কৰিছে যে- ধানৰ বাকলিৰ তলত যেনেদৰে অন্ন (চাউল) লুকাই
থাকে এই ৰাসক্ৰিড়াটো ভগৱন্তৰ সৈতে ভক্তাৰ অন্তৰিক মিলন হে বৰ্ণিত হৈছে৷ ৰাসক্ৰিড়াৰ
বাহিৰৰ অৱৰণত শংগাৰ বা আদি ৰসে প্ৰাধান্য লাভ কৰিছে যদিও ইয়াৰ মাজতে অন্ন ৰূপী আত্মাৰ
সৈতে পৰমাত্মাৰ মিলনৰ কথাখিনি প্ৰচছন্ন হৈ আছে৷ সাংসাৰিক আসক্তিত পৰি সাধাৰণ লোকে ভগৱানৰ
প্ৰতি আকৃষ্ট নহ’বও পাৰে সেয়ে বহু সময়ত লৌকিক ৰসৰ জড়িয়তে ভগৱৎ ভক্তিলৈ সবৰ্সাধাৰণৰ
মন ঢাল খোৱাবলৈ এনে ব্যৱস্থা গ্ৰহণ কৰা হয়৷ সেইবাবেই মহাপুৰুষ শংকৰদেৱে ৰাসলীলাৰ বিষয়ে
লিখিছে-
শৃংগাৰ
ৰসে আছে যাৰ ৰতি৷
আকে
শুনি হৌক নিৰ্মল মতি৷৷
আনহাতে
তেৰাৰ মতে এয়া হ’ল- ‘‘কামজয় নামে ইটো কেশৱৰ কেলি৷’’
প্ৰসংগক্ৰমে স্মৰণযোগ্য যে ৰাস প্ৰধানতঃ এক নৃত্য
বিশেষ৷ মণ্ডলাকাৰে এই নৃত্য অসংখ্য নৰ্তকীয়ে পৰিৱেশন কৰে আৰু এজন নৰ্তকে কেন্দ্ৰত
স্থিতি লৈ নৃত্য কৰে৷ এই নৃত্যক হল্লীশক নত্য বোলা হয়৷ এই হল্লীশক নৃত্যই বিবিধ তাল,
গতি, চলন সমন্বিতে পৰিৱেশন হ’লহে ই ৰাসনৃত্য নাম লাভ কৰে৷ আৰু এটা কথা মন কৰিবলগীয়া
যে ভাগৱতত ‘ৰাধা’ নামৰ চৰিত্ৰটোক এই নৃত্যৰ প্ৰসংগত উল্লেখ কৰা হোৱা নাই; কিন্তু আন
কেইবাখনো পুৰাণত যেনে- ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণ, নাৰদ পঞ্চাৰাত্ৰ, গাৰ্গৰ সংহিতাত ৰাধাৰ
কথা বিস্তৃতভাৱে উল্লেখ কৰিছে৷ সেয়ে সমালোচকসকলে ৰাধা চৰিত্ৰটি পৰৱৰ্তী কালৰ সৃষ্টি
বুলি মত পোষণ কৰে৷
বহু সমালোচকে ৰাসৰ লগত মানৱ দেহাৰো সম্বন্ধ আছে
বুলি ক’ব খোজে৷ তেওঁলোকে বৃন্দাবনৰ ২৫ খন বনৰ লগত মানৱ দেহৰ ২৪ তত্ত্ব আৰু মনৰ কথা
উল্লেখ কৰে৷ ‘‘মনৰ সৈতে থকা ২৪ তত্ত্ব অৰ্থাৎ ২৫ খন বন সদৃশ দেহ জগতত জীৱাত্মাৰ প্ৰতি
যি দুৰ্বাৰ আকৰ্ষণ সেয়ে ৰাসক্ৰিড়া৷’’ যমুনাৰ পাৰৰ ৰাসক্ৰিড়াৰ দৰে হৃদয়ত প্ৰেমৰ লীলা
যমুনাক লৈহে জীৱাত্মা (গোপীসকল) আৰু পৰমাত্মাৰ (কৃষ্ণ)ৰ মিলনৰ প্ৰক্ৰিয়া সমপন্ন হ’ব
পাৰে৷ শ্ৰদ্ধাভক্তিৰে ৰাসলীলাৰ অমৃত সিন্ধু পান কৰাজনে পৰমজনৰ লগত একাত্ম হৈ পৰমানন্দত
নিমজ্জিত হ’ব পাৰি বুলিয়েই বিশ্বাস কৰি আজিও অতি শ্ৰদ্ধা সহকাৰে শৰতৰ পূৰ্ণিমাত ৰাস
উৎসৱ পালন কৰা হয়৷
No comments:
Post a Comment