Showing posts with label কবিতা. Show all posts
Showing posts with label কবিতা. Show all posts

Sunday, July 17, 2011

অসহজ

আজি বহু দিনেই হ’ল একো কৰিব পৰা নাই
অহৰহ কাণৰ শেতেলীত
ৰু-ৰুৱাই আছে
এখন ভগা বীণৰ স্বৰ...

ভাবিছোঁ
ক’ৰ পৰা আৰম্ভ কৰোঁ
শেষ বুলিলেইটো শেষ নহয় কথাবোৰ

আচলতে
কথাবোৰ ইমান সহজো নহয়
সপোন দেখাটো...
প্ৰিয়ত্তম শব্দবোৰ...
ক’লেও শেষ নোহোৱা হৃদয়ৰ ভাষাবোৰ
গাওঁ বুলিও গাব নোৱৰা মনৰ ব্যথাবোৰ...

যিদৰে হাতৰ মুঠিত সূৰ্যটো ঢাকি ৰখাটো...

Friday, July 15, 2011

মৗনামলৈ


মৗনাম!
মই আজিকালি মাতাল বলৈ লৈছোঁ
মোৰ সৈতে খুউব কথা পাতিবলৈও

মৗনাম! জান
মই যে পলৰীয়া সপোনৰ বোকোচাত তোক তুলি লৈ
খুপি খুপি খোজ দিও তৰাৰ দেশলৈ

মৗনাম!
সিদিনা মোৰ আভিমানী হিয়াৰ ক্ষোভে
উৰে ৰাতি মোৰ গাৰুটো তিয়ালে
তিয়ালে মোৰ বুকুখন
তাতে টোপনীয়েও চোন মোৰ সৈতে জেহাদ কৰে মোৰ তে
সেই সময়বোৰত,
মোৰ সত্ত্বা বিলিন কৰি দিও তোৰ ভাৱনাত
ভটিয়নী সোঁতত ভাব ডিঙা মেলি আলাপ কৰোঁ
দূৰৈৰ পৰা ভাঁহি অহা নল-বিৰিণাৰ সুহুৰীটোৰ তে

জান মৗনাম!
মই মাতাল ৰাতিবোৰত ঘনে পতি আঁওৰাও
জীৱনৰ কুন্দলী পকাই উৰি অহা উদ্বাস্ত স্বপ্নটো
প্ৰেমৰ বৰ্ণময় বিশালতাৰে
মুখৰ কৰিব বিচাৰোঁ তোৰ প্ৰত্যয়ৰ প্ৰতিটো বাট, প্ৰতিটো ঘাট

মৗনাম!
প্ৰ্যাতহিকতাৰ ব্যস্ততা পাহৰি দুপৰ ৰাতি
বুকুৰ চৰাইখানাত কাণপাতি শুনো
বতাহৰ পিঠিত উঠি অহা মাদল আৰু চিফুঙৰ সুৰ
আৰু গৈ থাকোঁ, পৃথিৱীৰ পৰা আকাশলৈ সৃষ্টি হোৱা
সৰল ৰেখাৰ দৰে বাটটিলৈ
কাৰুণ্যৰ চেউনী আলিৰেই দৌৰ মাৰোঁ
জোনাকী পৰুৱাবোৰৰ মাজলৈসেই চিৰ সেউজীয়া উপত্যকাৰ মাজলৈ

মৗনামঃ মিচিং ভাষাৰ শব্দ, অৰ্থ মৰমী৷