Wednesday, July 27, 2011

জীৱনৰ ভগ্নাংশ — ৪


মাজে মাজে জালপঞ্জীত সোমাই কোনে কিমান দৌৰিছে তাৰে খৱৰ লওঁ৷ ময়ো ব্যস্ত হওঁ এখন চাইবাৰ জগতৰ দৌৰত৷ ইয়াতো বৰ ভয় কোনোবাই গুৰুজনাৰ নামত বেপাৰ কৰে, কোনোৱে কাৰোবাৰ নামত মিছা একাউণ্ট খুলি কাৰোবাক অপমান কৰেহাঃ হাঃ হাঃ কি যে বৈচিত্ৰ্য সিদিনা চৈত্যণ্যই সুধিছিল ‘আপুনি আৰু কিমান দৌৰেহে, ভাল এথলিট হ’ব পাৰিলেহেতেন আমিও পিছে দৌৰিয়েই আছোঁ, পিছে সদায় শেষতহে পাওঁগৈ৷’ এৰা কেতিয়াৰ পৰা বাৰু মই আৰম্ভ কৰিছিলোঁ দৌৰিবলৈ খেৰকটিয়া নৈত চিলনী সাঁতোৰ মেলা দিনৰে পৰা নে পথাৰৰ মাজত শামুকে শামুকে যুঁজোৱাৰ দিনৰে পৰা নে বেত গুটিৰ কেহাৰে মুখ বিকটোৱাৰ দিনৰে পৰা একো মনত নাই মোৰ৷ কেৱল মনত আছে আমাৰ চুবুৰীটোৰ জেষ্ঠ সমসাময়িককেইজন স্কুললৈ যাবলৈ লোৱাৰে পৰা মোৰ থুন্‌থুননিত থাকিব নোৱাৰি মোকো দেউতাই স্কুললৈ পথিয়াবলৈ ল’লে৷ ক’ব নোৱৰাকৈয়ে সোমাই পৰিছিলোঁ নেকি তেতিয়াৰে পৰা এই দৌৰৰ দৌৰত
   বৰ্ণামালাখন শিকাৰ পাছতেই আৰম্ভ কৰিছিলোঁ অংকৰ আৰ্যা৷ তেতিয়াই চিনাকী হ’লো শূন্যৰ সৈতে অ’ সিদিনা ভাস্কৰে প্ৰীতিমাক সুধিছিল চাৰ্কোলৰ বাৰু এংগল আছেন? তাই ব্যস্ত হৈছিল চাৰ্কোল আঁকি তাৰ এংগল বিছৰাত৷ তাই টানে এদাল আঁচ, ভাস্কৰে দুদাল ক্ৰমাৎ চক্ৰবৃদ্ধি হাৰত বাঢ়ে এংগল হাঃ হাঃ হাঃ দৌৰৰ দৌৰ দৌৰিছো নেকি বাৰু আমিও বৃত্তৰ পৰিধিত তাৰে এংগল বিছাৰি চাৰ্কোল মানে শূন্য শূন্য মানে এক বৃত্ত জীৱনত এই শূন্যৰ পৰিমাণ কিমান, হাঃ হাঃ হাঃ মনৰ মাজত শূন্য ঠাই, Empty Space… তাতেই বোলে আমি বিচৰণ কৰোঁ আকৌ বৃত্ত মানে চাৰ্কোল পৰীক্ষাৰ বহীত শূন্যটোৰ কিমান মহিমা সংখ্যাৰ আগত আৰু সংখ্যাৰ পিছত আৰু যদি পুৰণ কৰা হয়, তেন্তেহাঃ হাঃ হাঃ এক নিৰ্ধাৰিত সংখ্যাই ঠিক কৰি পেলাব জীৱনৰ দৌৰৰ গতি সোঁফালে, বাওঁফালে, তললৈ, ওপৰলৈ নে কি যে মহিমা এই বৃত্তটোৰ মাজে মাজে মনলৈ আহে ‘সূৰ্যমুখী ফুল’ৰ ছবিখনৰ কথা কোনে আঁকিছিল বাৰু মা-দেউতালৈ মনত পৰে, তেখেতসকলে যে হেচোঁক্‌ মাৰিছিল— চা, ৰাজাই ইমান নম্বৰ পাইছে, তয়ো পাব লাগিব দৌৰ দৌৰ পৰিয়াল-পৰিজনে কয়— তই পাৰিবি, তোৰ ওপৰত আমাৰ বিশ্বাস আছে, দৌৰ, দৌৰ উৱাদিহ নাপাই দৌৰিছোঁ, কেৱল দৌৰি আছোঁ

No comments:

Post a Comment