Monday, August 8, 2011

জীৱনৰ ভগ্নাংশ -৫


দৌৰৰ ধাম খুমীয়াত পাহৰি পেলাইছোঁ মোৰ নাম৷ কি বা আছিল!কাণত পৰিল— বানপানী দৌৰ, দৌৰ আমেৰিকান কোম্পানী কল চেণ্টাৰ শ্বপি মল ইজি মানি পটাত পিহিছে দৌৰ দৌৰ, ভাবি থাকি একো লাভ নাই পুলিচৰ ডিপাৰ্টমেণ্টত কোটি কোটি টকাৰ খেলিমেলি নিৰিহক উগ্ৰপন্থী সজাই গুলীয়াই হত্যা আটাইতকৈ ডাঙৰ কথা আমেৰিকান ষ্টক এক্সচেঞ্জত জুই লাগিছে কি বা হয়৷ ভাবিটো একো লাভ নাই আমি৷ দৌৰিবহে লাগে মাথোঁ

জাপ মাৰি উঠিলোঁ ৬ নম্বৰ চিটি বাছত পাণবজাৰৰ পানীটেংকীৰ কাষৰ ফুটপাথত এজনী সদ্যোগাভৰুক গা-ধুৱাই আছে এগৰাকী আলৰ বুঢ়ীয়ে, দুয়োৰে শতচীৰ্ন্ন পোচাক৷ তাইৰ চকুত মোৰ চকু সোমাই গ’লো গভীৰৰ পৰা গভীৰলৈ সংকোচিত হৈ পৰিল তাই৷ লাজত নে ভয়ত?ভয়েই নেকি!এই ভয় মোৰ সৈতে একেনে?...

ফুটপাথত বিমান দা৷ বিদেশলৈ যোৱাৰ স্কলাৰচিপটো গ্ৰাণ্ট হ’ল৷ তাতে প’ষ্টি হৈ যাব বোলে৷ কিৰিলি মাৰি উঠিলোঁ ৰিচাৰ্চ স্কলাৰ, চৰ্টলি আৰ. এচ. ৰয়েল ষ্টেগো হ’ব পাৰে৷ চাৰ্টটো ডাঙি পিঠিখন চালোঁ— ঘাঁবোৰ গেলিছে৷ মই ক’লো— দৌৰো, সময় নাই একেবাৰে৷ তেওঁকো গতা মাৰি কলোঁ দৌৰক নহ’লে কোনোবাই পিছ পেলাই আগবাঢ়িব

হৰিয়ে থাপ মাৰি ক’লে— কিবাকিবি বহুত বাঢ়িছে কমিছে/ মানুহ, মানুহ বিশেষ নিৰ্বিশেষ ধৰ্মৰ দুটা দিশ— এটা ৰিলিজিয়াচ আনটো কালচাৰেল চাৰিও ফালে বেয়া খৱৰ! ভূপেন দা আৰু মামনি বাইদেও সোনকালে ভাল হৈ উঠক আৰু কিবা বেয়া খৱৰ৷ কোনবোৰ বেয়া খৱৰ ..টায়াৰেৰে শ সৎকাৰ(!)কৰা, আঠ বছৰীয়া ছোৱালীৰ ধৰ্ষণ নে সূৰ্য উদয় হোৱাটো৷ নীৎসেতো কৈছেই— ‘‘ঈশ্বৰৰ মৃত্যু হ’ল’’৷ সঁচাকৈয়ে নেকি? তেওঁৰ কবৰো খাণ্ডি চালোঁ একেই ঘাঁ ক’লে— কি কৰি আছ, দৌৰ নহ’লে হেৰাই যাবি দৌৰিবলৈ আৰম্ভ কৰিলোঁ পুনৰ নতুন উদ্যমেৰে৷ কাণৰ কাষত পুৰণি সুৰ এটাই গুমগুমাই উঠিল আহিব এদিন, বাজিব ভঙা বীণ

No comments:

Post a Comment