Saturday, February 9, 2013

ভবেন্দ্ৰনাথ শইকীয়াৰ এজাক জোনকীৰ জিলমিলঃ এক অৱলোকন ২


এই নাটকখনৰ ৰচনা কাল ১৯৬১ চন বুলি নাট্যকাৰ শইকীয়াদেৱে উল্লেখ কৰাৰ কথা ইতিমধ্যেই কৈ অহা হৈছে৷ নাটকখন এই সময়ত ৰচিত যদিও নাটকত বৰ্ণিত কালছোৱা কিছু আগৰ৷ নাট্যকাৰৰ ভাষাৰে- ‘‘১৯৬১ চনত লিখা এই নাটকখন দ্বিতীয় মহাযুদ্ধৰ পাচৰ এছোৱা সময়ৰ (১৯৪৬-১৯৪৯চনৰ মাজৰ) পৰিৱেশ, সাজ-পাৰ আদিৰ প্ৰতি লক্ষ্য ৰাখি মঞ্চস্থ কৰাটো যুক্তিযুক্ত৷’’ (শইকীয়া, ২০০৫, পৃ; ১২৮) নাটকখনৰ কাহিনীভাগৰ মাজত ফুটি উঠিছে সেই সময়ছোৱাৰ এখন দলিল৷ দ্বিতীয় মহাযুদ্ধৰ ঠিক পাচতে ভাৰতবৰ্ষই ব্ৰিটিছৰ অধীনৰ পৰা স্বাধীনতা লাভ কৰে৷ নাটকখনৰ প্ৰথম দৃশ্যাংশত আমাৰ মনত ধাৰণা হয় যে নাটকখনৰ মনোহৰ, মৃণাল আৰু ভাস্কৰ বিশ্বযুদ্ধৰ পৰা ঘৰলৈ ঘূৰি অহা সৈনিক৷ কিন্তু দ্বিতীয় দৃশ্যাংশৰ আৰম্ভণিতে তেখেতসকলে ৰবাত যে কিবা এটা অঘটন ঘটাবলৈ আহিছে সেই ধাৰণা কৰিব পাৰি তেখেতসলৰ কথোপকথনৰ পৰা৷ এই দৃশ্যাংশৰ শেষৰ ফালে ভাস্কৰৰ সংলাপৰ পৰা সুস্পষ্ট ৰূপে গম পোৱা যায় যে তেখেতস্কল বিশ্বযুদ্ধৰ পৰা উভতি অহা সৈনিক নহয় আৰু তেখেতস এতিয়াও এক সংগ্ৰামত ব্ৰতী৷ ভাস্কৰে কৈছে-
ভাস্কৰঃ শুনা বিজুলী; যিখন যুদ্ধৰ কাৰণে আকাশত দিনে-নিশাই উৰাজাহাজ উৰিছিল আমি সেইখন যুদ্ধৰ পৰা উভতি অহা সৈন্য নহওঁ৷ আমি এনেকুৱা এখন যুদ্ধৰ সৈনিক যিখন যুদ্ধ এই মহাযুদ্ধৰ আঁৰে আঁৰে গোটেই দেশত বিয়পাই দিয়াৰ ব্যৱস্থা কৰা হৈছে৷ আৰু ইতিমধ্যে বিয়পি গৈছেও৷ এই যুদ্ধ দেশৰ মুক্ৰিৰ কাৰণে; দেশৰ শান্তিৰ কাৰণে৷ এদল মানুহে আমাক এটা নাম দিছে; সন্ত্ৰাসবাদী৷ আমি আপত্তি কৰা নাই৷ যুগমীয়া শান্তি অহাৰ আগমুহূৰ্তত যদি সন্ত্ৰাসৰ সৃষ্টি হয়, তেন্তে সেই সন্ত্ৰাসৰ কলংক মূৰ পাতি বলৈ আমি সন্মত হৈ আছোঁ? এই তিনিজন মানুহ, এই তিনিজন মানুহ আজি দহ বছৰে পাহাৰ-পবৰ্ত, হাবি-জংঘলৰ মাজে মাজে অবৰ্ণনীয় কষ্টৰ মাজেৰে ঘূৰি ফুৰিছোঁ৷ আমি সকলো এৰিছোঁ৷ সন্মুখত ৰাখিছোঁ কেৱল এটা উদ্দেশ্য৷ কেৱল এটা৷ (শইকীয়া, ২০০৫, পৃ; ১৪৬-১৪৭)
এই সংলাপখিনিতেই প্ৰকাশ পাইছে যে, তেখেতসক কোনো এক চৰকাৰ বিৰোধী দলৰ সদস্য, তেখেতসকলে দেশখনক বেলেগ ধৰণে স্বাধীন কৰিব খোজে৷
নাটকখনত বৰ্ণিত ঘটনা প্ৰবাহত যি কাহিনী বৰ্ণিত হৈছে সেই কাহিনীৰ পটভূমি বিচাৰ কৰিবলৈ আমি কিছু পুৰণি কথা দোহাৰিব লাগিব৷ ১৯৩৯ চনৰ নৱেম্বৰ মাহত জাৰ্মানীয়ে পোলেণ্ড আক্ৰমণ কৰে আৰু পোলেণ্ডৰ স্বাধীনতা আৰু ৰাষ্ট্ৰীয় অখণ্ডতাৰ দোহাই দি ইংলেণ্ড আৰু ফ্ৰান্সে জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে৷ সাম্ৰাজ্যবাদৰ অন্তৰ্দ্বন্দ্বৰ ফলতেই সৃষ্টিহোৱা দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ভাৰতৰ ৰাজনৈতিক অৱস্থা শোচনীয় হৈ পৰিছিল৷ ব্ৰিটিছে ভাৰতীয় প্ৰজাৰ জনমত বিবেচনা নকৰি যোৰ কৰি লেও যুদ্ধৰ খৰচ যোগাৰ কৰাত ব্যস্ত হৈ পৰিছিল৷ ভাৰতীয় জাতীয় কংগ্ৰেছে দাবী কৰিলে যে, ভাৰতক পূৰ্ণ স্বাধীনতা দিলেহে যুদ্ধত সহায় কৰিব৷ কিন্তু সেয়া ব্ৰিটিছ চৰকাৰে মানি নললে৷ ইয়াৰ বাবে সুভাষ বসুৰ দৰে স্বাধীনতা সংগ্ৰামীয়ে ব্ৰিটিছ বিৰোধী শক্ৰিৰ সৈতে হাত মিলাই দেশ স্বাধীন কৰিবলৈআজাদ হিন্দ ফৌজগঠন কৰে৷ এয়াই আছিল সশস্ত্ৰ সংগ্ৰামেৰে দেশ স্বাধীন কৰিবলৈ যুদ্ধ কৰাৰ মূল পদক্ষেপ৷ ফলশ্ৰুতিত কংগ্ৰেছৰ মাজতো বিভাজন আৰম্ভ হয়৷ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইংলেণ্ডৰ ঔপনিবেশিক হিচাপে ভাৰতবৰ্ষকো যুদ্ধৰত দেশ ৰূপে ঘোষণা কৰাৰ প্ৰতিবাদত ভাৰতৰ বিভিন্ন ঠাইত কংগ্ৰেছ শাসনাধীন প্ৰাদেশিক চৰকাৰসমূহে পৰ্যায়ক্ৰমে পদত্যাগ কৰে৷ অসমতো গোপীনাথ বৰদলৈ নেতৃত্বাধীন কংগ্ৰেছ সংযুক্ত মন্ত্ৰীসভাই পদত্যাগ কৰে৷ এই সময়তে ব্ৰিটিছৰ ছত্ৰছায়াত মহম্মদ ছাদুল্লাই মুছলীম লীগ মন্ত্ৰীসভা গঠন কৰে৷ ছাদুল্লাহ চৰকাৰে এক ভীষণ ৰাজনৈতিক সন্ধিক্ষণত অসমৰ শাসনৰ বাঘজৰি হাতত লৈছিল৷ তেওঁ ৰাইজৰ ওপৰত মাধমাৰ দি ব্ৰিটিছৰ যুদ্ধ-পুঁজি টনকিয়াল কৰিবলৈ যত্নপৰ হৈছিল৷ ১৯৪১ চনৰ ১৫ আগষ্টলৈ অসমে যুদ্ধ-পুঁজিলৈ কৰা দানৰ পৰিমাণ আছিল ১১,২৭,৯৯৬ টকা৷ (কলিতা, ২০০৬, পৃ; ৯৫-১০১) অৱশ্যে ১৯৪১ চনৰ ২১ ডিচেম্বৰত ছাদুল্লাহ চৰকাৰে পদত্যাগ কৰে আৰু অসমৰ শাসনভাৰ গৱৰ্ণৰে ১৯৩৫ চনৰ Govt; of India Act' 93- অধীনত নিজৰ হাতলৈ নিয়ে৷ (মহন্ত, ২০০৯, পৃ; ৩৪৪) সেই সময়ত সমগ্ৰ দেশ জুৰি আৰম্ভ হয়ভাৰত ত্যাগআন্দোলন৷ অসমতো ইয়াৰ প্ৰভাৱ পৰে৷ ভাৰত ত্যাগ আন্দোলনত যোগ দিয়াত কংগ্ৰেছৰ গৰিষ্ঠ সংখ্যক নেতা গ্ৰেপ্তাৰ হয়৷ তেতিয়াই ছাদুল্লাই ১৯৪২ চনৰ ২৫ আগষ্ট তাৰিখে অসমত পুনৰ মন্ত্ৰীসভা গঠন কৰে৷ ছাদুল্লাহ চৰকাৰে কঠোৰভাৱে গণ আন্দোলন প্ৰতিৰোধ কৰিবলৈ যত্ন কৰিছিল৷ ছাদুল্লাই মন্ত্ৰীসভা গঠন কৰাৰ দিনাই বজালী অঞ্চলৰ ৰিহাবাৰী, জালাহ, নিত্যানন্দ আদিত পুলিচে আন্দোলনকাৰীৰ ওপৰত গুলি চালনা কৰিছিল৷ ইয়াত ফলত কেইবাজনো আন্দোলনকাৰীৰ মৃত্যু ঘটে৷ ইয়াৰ পাছত নগাঁও, সৰভোগ, শিৱসাগৰ, দেৰগাঁও, গহপুৰ, ঢেকীয়াজুলী, বিহালী, তিয়ক, সৰুপথাৰ, গোৱালপাৰা, পানীখাইটি আদি বিভিন্ন অঞ্চলত হিংসাত্মক ঘটনা সংঘটিত হয়৷ ব্ৰিটিছ চৰকাৰে কঠোৰ হাতেৰে এই বিদ্ৰোহ দমন কৰিবলৈ চেষ্টা কৰে৷ (কলিতা, ২০০৬, পৃ;১০১-১০৩) স্মৰণযোগ্য যে এই সময়ছোৱাতে ছাদুল্লাহ চৰকাৰে হাজাৰ হাজাৰ পূবৰ্বংগৰ মুছলমান লোক আনি অসমত সংস্থাপিত কৰিলে৷ ‘‘কৃষক প্ৰজা অবৰ্ণনীয় দুৰ্যোগৰ সন্মুখিন হয়৷ খাদ্য সামগ্ৰীৰ অনাটন, মূল্যবৃদ্ধিয়ে এচাম ধনী খেতিয়কক ধন উপাজৰ্নৰ সুবিধা উলিয়াই দিয়ে৷ যুদ্ধৰ বাবেই যে খাদ্য সামগ্ৰীৰ অভাব হৈছিল সেয়া অনস্বীকাৰ্য৷’’ (মহন্ত, ২০০৯, পৃ; ৩৪৫) আনকি বড়োস্কলে গোৱালপাৰ অঞ্চলতআমাৰ মাটি’ ‘বিদেশীক বাহিৰ কৰি দিয়কধবনিৰে সমগ্ৰ অঞ্চল উত্তাল কৰাৰ লগতে ক্ষুদ্ধ হৈ বজাৰ লুট-পাট কৰিছিল৷ ([Guha, 1988, p; 279] এই কালছোৱাত অসমৰ প্ৰধান সমস্যা হিচাপে চিহ্নিত হৈছিল প্ৰব্ৰজনৰ সমস্যা৷
১৯৪২ চনৰ সময়ছোৱাত অসমৰ কমিউনিষ্ট ভাবাপন্ন মানুহৰ এখন ৰাজনৈতিক অভিৱৰ্তন অনুষ্ঠিত হৈছিল আৰু শেষৰ ফালে তেওঁলোকে বিভিন্ন ঠাইত বন্দুক লুটপাত আৰম্ভ কৰি সশস্ত্ৰ সংগ্ৰাম এটিও আৰম্ভ কৰিছিল৷ এই আন্দোলন দমন কৰিবলৈ চৰকাৰে হাতত লোৱা বিভিন্ন পন্থা বোৰৰ ভিতৰত আছিল পাইকাৰী জৰিমনা৷ চৰকাৰে সেই সময়তে বিপুল পৰিমাণৰ ৰাজহ আদায় কৰে এনে জৰিমনাৰে৷ ১৯৪৪ চনত অম্বিকাগিৰী ৰায়চৌধুৰীৰ অসম জাতীয় মহাসভাৰ লগতে কেইবাটিও সংগঠনে অসম চৰকাৰৰ ভূমি-নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল৷ ১৯৪৫ চনত দ্বিতীয় বিশ্ব যুদ্ধৰ সামৰণি পৰে৷ সেই সময়ত ক্লিমেণ্ট এটলিৰ নেতৃত্বত বনুৱাৰ দল এটিয়ে ব্ৰিটেইনত ক্ষমতা দখল কৰে৷ তেওঁলোকে ভাৰতৰ ৰাজনৈতিক সমস্যাটো সমাধানৰ বাবে প্ৰাদেশিক বিধান সভাসমূহৰ নিবাৰ্চন অনুষ্ঠিত কৰাৰ লগতে এখন সংবিধান সমিতি গঠন কৰাৰ সিদ্ধান্ত লয়৷ (কলিতা, ২০০৬, পৃ;১০৬) এই সিদ্ধান্ত অনুযায়ী অসমতো ১৯৪৬ চনত সাধাৰণ নিবাৰ্চন অনুষ্ঠিত হয় আৰু গোপীনাথ বৰদলৈয়ে কংগ্ৰেছ মন্ত্ৰীসভা গঠন কৰে৷ [Bhuyan,1980, p;336] এই সময়তে সবৰ্ভাৰতীয় প্ৰেক্ষাপটত ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু মুছলীম লীগৰ মাজত ৰাজনৈতিক মতবিৰোধ ঘটে আৰু মুছলীম লীগে ২৯ জুলাই তাৰিখে পাকিস্তানৰ দাবী অধিক শক্ৰিশালী কৰি তোলে৷ ১৬ আগষ্ট তাৰিখে 'Direct Action Day'হিচাপে পালন কৰাৰ সিদ্ধান্ত লয়৷ ফলশ্ৰুতিত সমগ্ৰ দেশতে সাম্প্ৰদায়িক সংঘৰ্ষই তীব্ৰৰূপ ধাৰণ কৰে৷ (কলিতা, ২০০৬, পৃ;১১০)
অৱশেষত দেশ বিভাজন কৰি ১৯৪৭ খ্ৰীঃৰ ১৪ আৰু ১৫ তাৰিখে ভাৰত-পাকিস্তান নামেৰে দুখন স্বাধীন ৰাষ্ট্ৰৰ জন্ম ল৷ অসমেও ভাৰতবষৰ্ৰ অংগ হিচাপে স্বাধীনতা লাভ কৰিলে৷ নিজৰ চৰকাৰ গঠন ; কিন্তু ক্ষমতাত অধিস্থিত মধ্যবিত্ত শ্ৰেণীটোৱেই৷ আনহাতে দেশবিভাজনৰ সময়ত পূৰ্ব পাকিস্তানৰ পৰা অহা ;২৫ লাখ ভগনীয়াক বৰদলৈয়ে অসমতে পুনৰ সংস্থাপন ব্যৱস্থা কৰি দিছিল৷ (কলিতা, ২০০৬, পৃ;১২৮) এই কাৰ্যই পৰৱৰ্তীসময়ত অসমৰ বাবে সৰ্বনাশ মাতি আনিলে৷
স্বাধীনতা লাভ কৰাৰ পৰৱৰ্তী বছৰটোতেই অসমৰ শিক্ষা ক্ষেত্ৰত কেইবাটিও উল্লেখযোগ্য ঘটনা ঘটে৷ ১৯৪৮ চনতগুৱাহাটী বিশ্ববিদ্যালয়স্থাপন যোৰহাট আৰু গুৱাহাটীৰ খানাপাৰাত ক্ৰমেঅসম কৃষি মহাবিদ্যালয়আৰুঅসম পশুচিকিৎসা মহাবিদ্যালয়স্থাপন হয়৷ এই বছৰটিতে গুৱাহাটীতগুৱাহাটী উচ্চ ন্যায়ালয়োস্থাপন কৰা হয়৷ অৱশ্যে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা সময়তেই কেইবাজনো কমিউনিষ্টেএই স্বাধীনতা মিছা স্বাধীনতাবুলি বিৰোধ আৰম্ভ কৰিছিল৷ এই ক্ষেত্ৰত বিষ্ণু ৰাভা আছিল অন্যতম৷ (বৈশ্য, ১৯৮২, পৃ; ১১২) অসমত আৰম্ভ হৈছিল আধিয়াৰ আন্দোলন৷ অসম চৰকাৰৰ ভূমিনীতি আৰু মাটিগিৰি মহাজনস্কলৰ বিপক্ষে এই আন্দোলন চলিছিল৷ বৰদলৈ আৰু মেধি চৰকাৰে ১৯৪৮ চনৰ পৰা ১৯৫৩ চনলৈকে এই কমিউনিষ্ট পাৰ্টিক নিষিদ্ধ ঘোষণা কৰি পাৰ্টিৰ সদস্য তথা কৰ্মী আৰু বিদ্ৰোহ আচৰণ কৰা কৃষকৰ ওপৰত অকথ্য নিৰ্যাতন চলাইছিল৷ মন কৰিবলগীয়া যে, এই আন্দোলনত অংশগ্ৰহণ কৰা অধিকাংশই আছিল জনজাতীয় কৃষক৷ (বৈশ্য, ১৯৮২, পৃ ১১৩) অসমীয়া মধ্যবিত্তস্কল ব্যস্ত আছিল শাসন কাৰ্য আৰু ক্ষমতাৰ খোৱাকামোৰত৷ এই সম্পৰ্কে হীৰেন গোহাইয়ে অদৃষ্ট আৰু অসম নামৰ গ্ৰন্থখনত আগবঢ়োৱা মন্তব্যটি উল্লেখযোগ্য-
স্বাধীনতাৰ পিছত ঔপনিৱেশিক চৰকাৰে লগাই থৈ যোৱা খেলিমেলিবোৰ দূৰ কৰিবলৈ ভাৰতৰ নতুন শাস্কশ্ৰেণীয়ে কোনো আন্তৰিক চেষ্টা নকৰিলে৷ নানা প্ৰান্তৰ জনগণৰ নানা প্ৰতিবাদ বিক্ষোভত বাধ্য হৈ চৰকাৰে State Reorganisation Commission নিযুক্ত কৰিলে হয়, কিন্তু সি সমস্যাৰ ভিতৰলৈ নগল৷ তদপুৰি নতুন শাসন ব্যৱস্থাত কেন্দ্ৰীভৱনৰ মাত্ৰা ইমান বাঢ়িল যে ৰাজ্যৰ ক্ষমতা দিনক দিনে টুটি আহিবলৈ ধৰিলে৷ কেইবাশ সংসদী সদস্যৰ মাজত অসমৰ সদস্যৰ সংখ্যা মাত্ৰ ১৪ জন৷ শিল্পৰ বিকাশ আৰু প্ৰাকৃতিক সম্পদ নিয়ন্ত্ৰণৰ কেন্দ্ৰৰ ক্ষমতা সৰ্বেসৰ্বা৷ (গোহাঁই, ১৯৮৮, পৃ; ২৭-২৮)
এনেবোৰ কাৰকৰ বাবেই স্বৰাজোত্তৰ কালত কিছু সংখ্যক জাতীয়তাবাদী ব্যক্তিয়ে সশস্ত্ৰ সংগ্ৰমৰ আৰম্ভ কৰিছিল৷ কিন্তু মন কৰিবলগীয়া যে এনে সংগ্ৰমৰ ফলত যে সৰ্বসাধাৰণ মানুহৰ অৱস্থা ভাললৈ আহিছিল তেনে নহয়৷ বৰং বহু সময়ত তাৰ বিৰূপ ফল সৰ্বসাধাৰণ ৰাইজেহে ভৰিবলগীয়া হৈছিল৷ অসমৰ সাম্প্ৰতিক পৰিস্থিতি অনুধাৱন কৰিলেই তেনে প্ৰেক্ষাপটৰ কথা বুজাত সহজ ব৷ প্ৰসংগত উল্লেখযোগ্য যে ভবেন্দ্ৰনাথ শইকীয়াই তেখেতৰ নাটকত পোনে পোনে কোনো ৰাজনৈতিক পৰ্যালোচনা, সমাজ সংস্কাৰৰ শ্লগান সন্নিবিষ্ট নকৰে; কিন্তু নাটকত বৰ্ণিত ঘটনা চক্ৰই দশৰ্কক সেয়া ভাবিবলৈ বাধ্য কৰে৷ (বৰঠাকুৰ, ২০০৩, পৃ; ২৪) এয়া ভবেন্দ্ৰনাথ শইকীয়াৰ নাটক ৰচনাৰ এক বিশেষ বিশেষত্ব৷এজাক জোনাকীৰ জিলমিল নাটকখনটো নাট্যকাৰ শইকীয়াই পোনে পোনে কোনো ধৰণৰ ৰাজনৈতিক পৰ্যালোচনা বা সমাজ সংস্কাৰৰ শ্লগান সন্নিবিষ্ট কৰা নাই; কিন্তু নাটকখনৰ ঘটনা চক্ৰই বিশেষ কৈ বিজুলীৰ সৈতে ভাস্কৰ, মনোহৰ আৰু মৃণালৰ আচৰণ, সংলাপ আদিয়ে নাট্যকাৰৰ সুস্থ মনোভাব সাৰ্থক ৰূপত তুলি ধৰিছে৷ এই ক্ষেত্ৰত আৰু এটা কথা মন কৰিবলগীয়া নাটকখনৰ কাহিনীভাগৰ বাস্তৱ সন্মত উপস্থাপন৷ নাট্যকাৰ শইকীয়াই সাধাৰণতে তেখেতৰ নাটকৰ কাহিনীভাগ চয়ন কৰে সমসাময়িক সমাজৰ পৰা৷ কিন্তু এইখন নাটকত তেখেতে পাৰ হৈ যোৱা সময় এটাৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিছে৷অৰ্থাৎ ১৯৬১ চনত তেখেতে ১৯৪৬-৪৯ চনত সংঘটিত কাহিনীৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰি তাৰ বিষয়ে উপস্থাপন কৰিছে৷ ইয়াৰ মাজেদি আমি দুটা দিশ অনুধাৱন কৰিব পাৰোঁ- প্ৰথমতে নাটকখন লিখা সময়ছোৱাৰ অসমীয়া সমাজৰ মানসিকতা আৰু দ্বিতীয়তে এই সময়ৰ মানুহে অতীতলৈ কেনে ধৰণৰ দৃষ্টি নিক্ষে কৰে৷ নাটকখনৰ মাজত স্বৰাজোত্তৰ কালত অসমীয়া মানুহৰ মানসিকতা প্ৰকাশ পাইছে৷ প্ৰথমতে স্বৰাজোত্তৰ কালৰ আগতেই আৰম্ভ হোৱা এক বিকল্প আন্দোলনৰ আভাসেৰে তেখেতে সেই সময়ৰ ভাৰত তথা অসমৰ আৰ্থ-ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিছে; কিন্তু সেই প্ৰথাটোৰ মাজেদি যে সমাজৰ সংস্কাৰ সেই কথা কিন্তু তেখেতে বিশ্বাস কৰা নাই৷ সেইবাবেই বিজুলীৰ মুখেদি কোৱাব পাৰিছে- ‘‘যুদ্ধৰ কটা-কটি মৰা-মৰি চিঞৰ-বাখৰৰ বাহিৰেও এখন মৰম কৰিব পৰা শান্ত পৃথিৱী আছে (শইকীয়া, ২০০৫, পৃ ১৩৯) এয়া যি কোনো দেশৰে, যি কোনো কালৰ, যি কোনো এজন ব্যক্তি মনত দোল দিয়া শান্তিৰ কামনা৷ এই বাক্যশাৰীৰে তেখেতে দেশ, সমাজ, কালৰ পৰিধি পাৰ হৈ এক বিশ্বজনীন অবেদন সৃষ্টি কৰাত সাথৰ্কতা লাভ কৰিছে৷ বিৰোধৰ মাজেদিহে যে প্ৰকৃত সত্যৰ উদঘাটন হয়৷ সেইবাবেই এইখন নাটকত বাস্তৱসন্মত কাহিনী এটা উপস্থাপন কৰিবলৈ দুটা বিপৰীত মতাদৰ্শত বিশ্বাসী চৰিত্ৰ উপস্থাপন কৰি সময়ৰ সংঘাত তুলি ধৰিছে৷ নাটকখনত নাট্যকাৰে কোনটো দিশ ভাল বা শুদ্ধ সেয়া পোনে পোনে তো উল্লেখ কৰা নাই৷ কিন্তু নাটকখনৰ শেষত নাট্যকাৰৰ মনত দোল দি থকা যোগাত্মক দিশটো প্ৰতীকাত্মকভাৱে তুলি ধৰিছে৷

No comments:

Post a Comment