Showing posts with label প্ৰবন্ধ. Show all posts
Showing posts with label প্ৰবন্ধ. Show all posts

Monday, September 2, 2013

অসমীয়া জাতীয় জীৱনত মহাপুৰুষ দুজনাৰ অৱদান


অসমীয়া সাহিত্য-সংস্কৃতি তথা জাতীয় জীৱনৰ এনে এটা দিশ নাই য'ত শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীমন্ত মাধৱদেৱ গুৰু দুজনাৰ প্ৰভাৱ অনুভূত নহয়৷ শ্ৰীমন্ত শংকৰদেৱৰ ভক্তি-আদৰ্শই পঞ্চদশ-ষোড়শ শতিকাৰ অসমৰ সামাজিক, সাংস্কৃতিক জীৱনত এক প্ৰকাৰ নৱজাগৰণৰ সূচনা কৰিছিল৷ কৃষ্ণভক্তিৰ বাণী আৰু আদৰ্শ সঞ্চাৰিত কৰিবলৈ তেওঁ নিজেও কাব্য, গীত, নাট আদি ৰচনা কৰে আৰু আন আন শিষ্য-প্ৰশিষ্যসকলকো সেই কাৰ্যত ব্ৰতী কৰায়৷
১৪৪৯ চনত মহাপুৰুষ শংকৰদেৱে নগাঁৱৰ আলিপুখুৰী নামে ঠাইত জন্মগ্ৰহণ কৰে৷ তেওঁৰ পিতৃৰ নাম আছিল কুসুম্বৰ ভূঞা আৰু মাতৃ সত্যসন্ধ্যা৷ সৰুতে মাক-দেউতাকৰ মৃত্যু হোৱাত বুঢ়ীমাক খেৰসুতীয়ে তেওঁক তুলি-তালি ডাঙৰ দীঘল কৰে আৰু পঢ়া-শুনা কৰাৰ বাবে  মহেন্দ্ৰ কন্দলীৰ টোলত নাম লগাই দিয়ে৷ শিশুকালৰেপৰা শংকৰদেৱে বহুতো অসাধাৰণ কাম কৰি সকলোকে চমক খুৱাইছিল৷ 'ক' ফলা শিকিয়েই তেওঁ ''কৰতল কমল কমল দল নয়ন'' গীতটি ৰচনা কৰি মেধাশক্তিৰ পৰিচয় দিছিল৷ দহ বছৰ গুৰু-গৃহ মহেন্দ্ৰ কন্দলীৰ টোলত অধ্যয়ন কৰে আৰু শিক্ষা সাং কৰি ঘৰলৈ উভতি আহে৷ ২১ বছৰ বয়সতে তেওঁ সূৰ্যৱতীক বিয়া কৰায়৷ বিয়াৰ তিনি বছৰ পাছত এটি কন্যা (মনু) সন্তান জন্ম দিয়েই সূৰ্যৱতীৰ মৃত্যু ঘটে৷ ৩২ বছৰ বয়সত শংকৰদেৱে প্ৰথমবাৰৰ বাবে তীৰ্থ ভ্ৰমণলৈ ওলায়৷ বাৰ বছৰ কাল তীৰ্থ ভ্ৰণণ কৰি আহি তেওঁ বৈষ্ণৱ ধৰ্ম প্ৰচাৰত মনোযোগ দিয়ে৷ লগতে বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে তেওঁ ভালেসংখ্যক গ্ৰন্থ ৰচনা কৰে৷ মহাপুৰুষ শংকৰদেৱে ৰচনা কৰা গ্ৰন্থসমূহক তলত দিয়া ধৰণে ভাগ কৰি আলোচনা কৰিব পাৰি৷
  • কাব্য : হৰিশ্চন্দ্ৰ উপাখ্যান, ৰুণিী হৰণ কাব্য, বলিছলন, অমৃত মন্থন, অজামিল উপাখ্যান, কুৰুক্ষেত্ৰ
  • ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থ : ভক্তি প্ৰদীপ, ভক্তি ৰত্নাকৰ, নিমি নৱসিদ্ধ সংবাদ, অনাদি পাতন
  • অনুবাদমূলক : ভাগৱতৰ১ম, ২য়, , ৬ষ্ঠ, ৮ম, ১০ম, ১১শ স্কন্ধ, ১২শ স্কন্ধ আৰু উত্তৰাকাণ্ড ৰামায়ণ
  • অংকীয়া নাট :  পত্নী প্ৰসাদ, কালি দমন, কেলি গোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, ৰাম বিজয়
  • গীত : বৰগীত, ভটিমা, টোটয় আৰু চপয় 
  • নাম প্ৰসঙ্গমূলক : কীৰ্তন আৰু গুণমালা

শংকৰদেৱৰ দৰে মাধৱদেৱেও অসমীয়া জাতীয় জীৱনলৈ অভূতপূৰ্ব অৱদান আগবঢ়াইছে৷ তেওঁ মহাপুৰুষ শংকৰদেৱৰ প্ৰিয়তম শিষ্য আছিল৷ ১৪৮৯ খ্ৰীঃত বৰ্তমানৰ  উত্তৰ লখিমপুৰৰ নাৰায়ণপুৰত গোবিন্দগিৰি ভূঞা ঔৰসত মনোৰমাৰ গৰ্ভত জন্ম লাভ কৰিছিল৷ জীৱিকাৰ সন্ধানত গোবিন্দগিৰিয়ে বিভিন্ন ঠাই ঘূৰি-ফূৰি পূৰ্বৰ ঠাই  বণ্ডুকালৈ যায় আৰু তাতে ৰাজেন্দ্ৰ অধ্যাপকৰ টোলত মাধৱদেৱক নাম লগাই দিয়ে৷ ৰাজেন্দ্ৰ অধ্যাপকৰ টোলত শিক্ষা গ্ৰহণ কৰি মাধৱদেৱ সৰ্বশাস্ত্ৰ  বিশাৰদ হৈ  উঠে৷ তেওঁ  প্ৰথমাৱস্থাত শক্তি পন্থাত বিশ্বাসী আছিল৷ এবাৰ তেওঁ মাকৰ ৰুগ্নাৱস্থাৰ পৰা হাত সাৰিবলৈ দুৰ্গা গোসাঁনীৰ আগত এটা পঠা ছাগলী বলি দিবলৈ আগ কৰি থৈছিল৷ এই পঠা ছাগলী বিচাৰিবলৈ ভনী-জোঁৱায়েক ৰামদাসক পাচিছিল৷ এই ঘটনা সন্দৰ্ভতে ১৫২২ খ্ৰীঃত তেওঁ ধুঁৱাহাট-বেলগুৰি নামে ঠাইত শংকৰদেৱৰ সৈতে শাস্ত্ৰযুদ্ধত প্ৰবৃত্ত হ'বলগীয়া হৈছিল৷ এই বাক্‌-যুদ্ধতেই শংকৰদেৱৰ যুক্তিৰ ওচৰত সেও মানি তেওঁ শংকৰদেৱৰ শিষ্যত্ব গ্ৰহণ কৰে৷ শংকৰদেৱৰ মহাপ্ৰয়াণৰ আগে আগে গুৰুজনাই  মাধৱদেৱক ধৰ্ম প্ৰচাৰৰ সম্পূৰ্ণ ভাৰ ন্যস্ত কৰিছিল৷ ধৰ্মবস্তু প্ৰসাৰৰ অধিকাৰ লাভ কৰি তেওঁ একান্তভাৱে গুৰুদায়িত্ব পালন কৰিছিল৷ বৰপেটাৰ পাটবাউসী, সুন্দৰীদিয়া আদি ঠাইত থাকি শেষত তেওঁ বৰপেটাত বিখ্যাত 'বৰপেটা সত্ৰ' স্থাপন কৰে৷ তেওঁ জীৱনৰ শেষৰ ফালে কোচৰজা লক্ষ্মীনাৰায়ণৰ  আশ্ৰয়ত কোচবিহাৰত আছিল আৰু ভেলা-মধুপুৰ সত্ৰত থকা অৱস্থাত ১৫৯৬ খ্ৰীঃত মাধৱদেৱে ইহলীলা সম্বৰণ কৰে৷ মাধৱদেৱে নৱ-বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাৰ উপৰি গুৰুৰ আদৰ্শ অনুসৰণ কৰি একশ্ৰেণীৰ উচ্চ পৰ্যায়ৰ সাহিত্য সৃষ্টি কৰি থৈ যায়৷ তেওঁৰ সাহিত্যকৃতিক তলত দিয়া ধৰণে শ্ৰেণীভুক্ত কৰিব পাৰি৷
  • আখ্যানমূলক ৰচনাঃ  ৰামায়ণৰ আদিকাণ্ড আৰু ৰাজসূয় কাব্য
  • তত্ত্বমূলক ৰচনাঃ  জন্ম-ৰহস্য, ভক্তি-ৰত্নাৱলী, নামঘোষা আৰু নাম-মালিকা
  • নাটঃ পূৰ্ণাংগ অংকীয়া শ্ৰেণীৰ নাটঃ অৰ্জুন-ভঞ্জন আৰু ঝুমুৰাঃ চোৰধৰা, পিম্পৰা-গুচোৱা, ভূমি-লেটোৱা আৰু ভোজন-বিহাৰ৷ ওপৰত উল্লেখ কৰা নাটকেইখন মাধৱদেৱৰ ৰচনা বুলি পণ্ডিতসকলে ঠাৱৰ কৰিছে৷ ইয়াৰ উপৰি আনকেইখনমান নাট; যেনে-ৰাস-ঝুমুৰা, কোটোৰা-খেলা, ভূষণ-হৰণ আৰু ব্ৰহ্মামোহনত মাধৱদেৱৰ নাম সংযুক্ত হৈ আছে৷ নানান অন্তৰংগ আৰু বহিৰংগ কাৰণৰ ভিত্তিত এই  নাটকেইখন মাধৱদেৱৰ দ্বাৰা ৰচিত হোৱা নাই  বুলি ভাবিবৰ থল আছে৷

  • গীত : বৰগীত আৰু ভটিমা

     শংকৰদেৱ-মাধৱদেৱৰ আধ্যাত্মিক তথা ভক্তিমূলক ৰচনাৰাজিয়ে অসমীয়া সাহ্যিতৰ বৰঘৰ শুৱনি কৰাৰ লগতে ৰচনাৰাজিৰ সৃষ্টিৰ অন্তৰালত নিহিত হৈ থকা ভক্তি আদৰ্শৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত ই অধিক ফলপ্ৰসূ আৰু সুদূৰ প্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে৷ ধৰ্ম প্ৰসাৰৰ ক্ষেত্ৰত শংকৰদেৱ তথা তেওঁৰ অনুগামীসকলে বিভিন্ন সাহিত্যিক সম্ভাৰেৰে হাত উজান দিয়াৰ লগতে সত্ৰ, নামঘৰ প্ৰতিষ্ঠা কৰি অসমীয়া সমাজখন একতাৰ ডোলেৰে বান্ধি ৰাখিবলৈ যত্ন কৰিছিল৷ সেই সময়ৰ সামাজিক আৰু ৰাজনৈতিক পৰিবেশেও শংকৰদেৱক ধৰ্ম প্ৰচাৰৰ বাবে সহায় কৰিছিল৷ বিভিন্ন ৰজাৰ শাসনত সাধাৰণ প্ৰজাৰ সামাজিক মৰ্যাদা হৈ পৰিছিল অতিকে নিম্ন৷ নৱ-বৈষ্ণৱ ধৰ্মৰ সমমৰ্যাদাৰ ধ্বনিয়ে সকলোকে আকৃষ্ট কৰিছিল৷ কাৰণ ধৰ্মীয় মৰ্যাদাই অলপ হ'লেও তেওঁলোকৰ সামাজিক মৰ্যাদাৰ ক্ষোভ প্ৰশমিত কৰে৷ আনহাতে এই সমমৰ্যাদাই সকলোকে একগোট কৰি সম্প্ৰীতিৰ ডোলেৰে বান্ধ খোৱাতো সহায় কৰিলে৷ তদানীন্তন সময়ছোৱাত এক সুস্থ ধৰ্মীয় আদৰ্শৰ অভাব দেখা গৈছিল৷ সকলোৰে মাজত সম্প্ৰীতি, ঐক্য আৰু আধ্যাত্মিক ভাব জগাই তুলিবলৈ এক সহজ সাধন পন্থৰ প্ৰয়োজনীয়তাৰ কথা বিবেচনা কৰি শংকৰদেৱে 'একশৰণ নামধৰ্ম' বা 'নৱ-বৈষ্ণৱ ধৰ্ম'ৰ প্ৰচাৰ কৰে৷ নাম, দেউ, গুৰু, ভকত এই চাৰি তত্ত্বক সাৰথি কৰি ঐকান্তিক বৈষ্ণৱ ভক্তিমাৰ্গৰ প্ৰৱৰ্তন কৰি সুস্থ ধৰ্মীয় আদৰ্শৰে সকলোকে বান্ধি ৰাখে৷ নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰধান লক্ষণসমূহ সত্যেন্দ্ৰনাথ শৰ্মাদেৱে লিপিবদ্ধ কৰিছে এনেদৰে—
  • এই ধৰ্ম কৃষ্ণ ভক্তি প্ৰধান৷ ভাগৱত পুৰাণ আৰু গীতা এই মাৰ্গৰ প্ৰধান আৰু আদৰ্শ গ্ৰন্থ৷
  • শ্ৰৱণ আৰু কীৰ্তনৰ যোগে ভগৱানৰ উপাসনা৷
  • নানা দেৱ-দেৱীৰ ঠাইত অব্যাভিচাৰী ভক্তিৰ দ্বাৰা বিষুত আশ্ৰয়৷
  • যাগ-যজ্ঞ, তপস্যা-ব্ৰত আদি কষ্টসাপেক্ষ, ক্রিয়াবহুল সাধন বা উপাসনাৰ অনুপযোগিতা দৰ্শন৷
  • গুৰু আৰু সৎসংগৰ গভীৰ প্ৰভাৱ৷
  • ভক্তিৰ ক্ষেত্ৰত ব্ৰাহ্মণ-চণ্ডাল সকলোৰে সম অধিকাৰ৷

এই নীতি আদৰ্শসমূহ সহজভাৱে বুজাই দিয়াৰ লগতে উপাসনা কৰিবলৈ মহাপুৰুষজনাৰ লগতে তেওঁৰ অনুগামী বৈষ্ণৱ সন্তসকলে বিবিধ সাহিত্য উপচাৰেৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি তোলাৰ লগতে অসমীয়া বৈষ্ণৱ সাহিত্য বৰ্ণময় কৰি তোলে৷ ইতিমধ্যে উল্লেখ কৰা হৈছে যে গুৰু দুজনাই সত্ৰ, নামঘৰ প্ৰতিষ্ঠা কৰিছিল৷ সত্ৰ অসমীয়া জাতীয় জীৱনৰ অন্যতম অনুষ্ঠান৷ সৎ লোকক ত্ৰাণ কৰোৱা বা পুণ্যধামলৈ গতি কৰাৰ অৰ্থত সাধাৰণতে 'সত্ৰ' শব্দ ব্যৱহাৰ কৰা হয়৷ যজ্ঞ, ধৰ্মস্থান, দাতব্য, যোগ, সদাব্ৰত আদি অৰ্থতো সত্ৰ শব্দ প্ৰয়োগ কৰা হয়৷ মহাপুৰুষ শংকৰদেৱ অসমৰ সত্ৰানুষ্ঠানৰ প্ৰৱৰ্তক৷ সংগীত আৰু সুকুমাৰ কলাৰ চৰ্চাৰ ক্ষেত্ৰত সত্ৰানুষ্ঠান একক, অনন্য৷ সংগীতৰ ভিতৰত বৰগীত অন্যতম৷ গুৰু দুজনাৰ দ্বাৰা ৰচিত উচ্চ আধ্যাত্মিকভাৱ সম্পন্ন পূৰ্ণাঙ্গ মাৰ্গীয় পৰ্যায়ৰ গীতকে বৰগীত বোলা হয়৷ বৰগীতবোৰ ব্ৰজাৱলী ভাষাত ৰচিত, লগতে ৰাগ-তাল বিশিষ্ট৷ সত্ৰীয়া নৃত্য প্ৰধানকৈ ভাওনাৰ লগত জড়িত৷ সত্ৰীয়া নৃত্যৰ প্ৰথম পৰ্যায়টোক 'মাটি আখৰা' বোলা হয়৷ সত্ৰীয়া নৃত্য মূলতঃ শাস্ত্ৰীয় নৃত্য৷ শংকৰদেৱে এই নৃত্য অসমত সৃষ্টি কৰিছিল৷ ভাওনা মহাপুৰুষ জনাৰ দ্বাৰা সৃষ্ট অন্যতম অনুষ্ঠান৷ শংকৰদেৱৰ আগলৈকে অসমত কোনো নাট্যানুষ্ঠানৰ উল্লেখ পোৱা নাযায়৷ গুৰুজনাই অসমৰ থলুৱা কেতবোৰ নাট্যধৰ্মী অনুষ্ঠান (দেৱদাসী নৃত্য, ওজাপালী, পুতলা নাচ), সৰ্বভাৰতীয় লোকনাট্যধৰ্মী অনুষ্ঠান আৰু সংস্কৃত (ভান আদি) নাটকৰ পৰা উপাদান আহৰণ কৰি অংকীয়া ভাওনা বা নাটক সৃষ্টি কৰে৷ অংকীয়া ভাওনা নৃত্য-গীত প্ৰধান৷সত্ৰৰ দৰে নামঘৰো অসমৰ জাতীয় জীৱনৰ অন্যতম ধৰ্মীয় অনুষ্ঠান৷ অসমৰ ভক্তি আন্দোলনৰ অন্যতম দিশ 'নাম কীৰ্তন'ৰ আধাৰতে নামঘৰ গঢ়ি তোলা হৈছে৷ মণিকূট, মূল কীৰ্তন ঘৰ, ছোঁ ঘৰ আৰু বাটচ'ৰা এইকেইটা নামঘৰৰ প্ৰধান অংশ৷ নামঘৰ গঞালোকৰ ধৰ্মীয় অৰু শিল্পচৰ্চাৰ কেন্দ্ৰস্থল৷ ধৰ্মীয়-অনুষ্ঠান হিচাপে ইয়াত নাম-কীৰ্তনকে ধৰি বাৰ্ষিক বৰসবাহ, ভাওনা, পালনাম আদি পতা হয়৷ ইয়াত গাঁৱৰ লোকসকলক নৃত্য-গীত-বাদ্যৰ শিক্ষা দিয়া হয়৷ এসময়ত গাঁৱৰ নামঘৰক কেন্দ্ৰ কৰিয়েই গা-কৰি উঠিছিল উচ্চ মানবিশিষ্ট ঘৰুৱা শিল্প আৰু খনিকৰী শিল্প চৰ্চা৷ ফলস্বৰূপে গাঁৱৰ খনিকৰসকলে গাঁৱৰ নামঘৰৰ প্ৰয়োজনীয় তিনি খলপীয়া, পাঁচ খলপীয়া, সাত খলপীয়া সিংহাসন, গৰুড়াসন, কৰণি, ৰাঙলি শৰাই, ঠগা আদি সাজি উলিয়াইছিল৷ সুন্দৰ সুন্দৰ লতা, ফুল, মূৰ্তি আদি কাটি উলিয়াইছিল৷ লিখনীত হেঙুল-হাইতাল প্ৰয়োগ কৰিছিল৷ নামঘৰৰ মণিকূট, বেৰ-দুৱাৰ আদিত বিষুৰ দশাৱতাৰ, বাইশ অৱতাৰ, চৌবিবশ অৱতাৰ লগতে বৈষ্ণৱ ধৰ্মৰ লগত জড়িত বিভিন্ন পুৰাণ কাহিনীৰ চিত্ৰ অংকন কৰি তাত হেঙুল হাইতাল বোলাই দিছিল৷ সেইদৰে ভাওনাত প্ৰয়োজন হোৱা ধনু, কাঁড়, তৰোৱাল, গদা, মুকুট, কিৰীটি, চুলি, বিভিন্ন দেৱ-দেৱতা, ৰাক্ষস, কিন্নৰ, নাগ, বিভিন্ন জন্তু, যেনে ঘোঁৰা, বাঘ, গৰু, বান্দৰ আদিৰ মুখা সঁজাৰ চৰ্চা নামঘৰৰ যোগেদি চলি আহিছে৷ এইবোৰৰ উপৰি বাঁহ-কাঠৰ ফণি, কাকৈ, বেটৰ বটা, শৰাই, বাঁহ-বেতৰ বিচনী, ফুলাম জাপি, পাচি, খৰাহী, চালনী, কুলা, ডলা, উঘা, চেৰেকী আদি নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ নিৰ্মাণ আজৰি সময়ত পুৰাণ, ভাগৱতাদি পঠন-শ্ৰৱণৰ মাজেদি চৰ্চা হৈ আহিছে৷ এক অৰ্থত অনানুষ্ঠানিক শিক্ষাকেন্দ্ৰ হিচাপেও নামঘৰে অসমীয়া সমাজলৈ অৱদান আগবঢ়াই আহিছে৷ নামঘৰক লোকআদালত বুলিও ক'ব পাৰি৷ লোকআদালত হিচাপে নামঘৰত সৰুসুৰা সামাজিক সমস্যা, দায়-দোষ, কাজিয়া পেচাল, পাপ-পুণ্য আদি গাঁওবুঢ়াকে প্ৰমুখ্যে কৰি নামঘৰৰ বিষয়ববীয়াসকলে বিচাৰ কৰি দিয়ে৷এনেদৰে বিচাৰ কৰি চালে দেখা যায় যে মহাপুৰুষদুজনাই বিভিন্ন ধৰণে অসমীয়া সমাজজীৱনক প্ৰভাৱিত কৰাৰ লগতে অসমীয়া সমাজ গঠনৰ এক সঠিক আৰু সুস্থ পদক্ষেপ গ্ৰহণ কৰি অসমীয়া জাতিক এক নতুন মাত্ৰা প্ৰদান কৰে৷  

Monday, July 22, 2013

অসমৰ জনগাঁথনিঃ এক চমু অৱলোকন


জনগাঁথনিৰ ফালৰ পৰা অসম এখন ভূ-স্বৰ্গস্বৰূপ৷ বিভিন্ন ধৰ্মৰ, জাতিৰ, সংস্কৃতিৰ মানুহে উমৈহতীয়া সহিষ্ণুতা, পাৰস্পৰিক সহযোগিতা আৰু সৌহাৰ্দ্যৰে অসমৰ জনগাঁথনি সমৃদ্ধ কৰিছে আৰু বৃহৎ অসমীয়া সমাজ গঢ়ি তুলিছে৷ অসমৰ জনগাঁথনিক আমি বিভিন্ন দৃষ্টিকোণেদি আলোচনা কৰিব পাৰোঁ, যেনেনৃতাত্ত্বিক দৃষ্টিভংগীৰে, ধৰ্মীয় পৰম্পৰাৰে, ভাষাতাত্ত্বিক দিশেৰে৷
            নৃতাত্ত্বিক দৃষ্টিভংগীৰে আলোচনা কৰিলে আমি দেখোঁ যে অসমৰ জনগাঁথনি বা অসমৰ সমাজ গঠন প্ৰক্রিয়াত মূলতঃ তিনিটা প্ৰজাতিয়ে অংশগ্ৰহণ কৰিছে, যথাঅষ্ট্ৰলয়ড, মংগোলয়ড আৰু ককেছীয়৷ উল্লেখযোগ্য যে সাম্প্ৰতিক সময়ত পৃথিৱীৰ সমগ্ৰ মানৱকে এটা জীৱগোষ্ঠীৰ অন্তৰ্ভুক্ত কৰা হৈছে৷ সেই গোষ্ঠীটো মানৱ জীৱগোষ্ঠী আৰু ইয়াৰ বৈজ্ঞানিক নাম হমছিপিয়েন্স ইয়াক পুনৰ নিগ্ৰো বা নেগ্ৰিট, অষ্ট্ৰেলীয় বা অষ্ট্ৰলয়ড, মংগোলীয় বা মংগোলয়ড আৰু ককেছীয় নামেৰে চাৰিটা প্ৰজাতিত ভাগ কৰা হয়৷ অৱশ্যে কোনো কোনোৱে অষ্ট্ৰেলীয় খিনিক বেলেগ বুলি নিৰ্ধাৰণ নকৰি ককেছীয়ৰে অন্তৰ্গত বুলিও বিবেচনা কৰে৷ (দাস, ২০০৫, পৃ. -) ভাৰতীয় জনগোষ্ঠীসমূহৰ মাজত থকা বিভিন্ন প্ৰজাতীয় উপাদান সম্পৰ্কে ভিন্ভিন্সময়ত বেলেগ বেলেগ নৃতাত্ত্বিকে নিজ নিজ ধৰণে শ্ৰেণীবিভাজন কৰি ব্যাখ্যা কৰিছে আৰু প্ৰত্যেকেই বেলেগ বেলেগ ধৰণে একোখনকৈ প্ৰজাতিকৰণৰ তালিকা দাঙি ধৰিছে৷ এই প্ৰজাতিকৰণৰ তালিকাসমূহৰ ভিতৰত বিৰজা শংকৰ গুহৰ প্ৰজাতিকৰণ তালিকাখনেই আটাইতকৈ জনপ্ৰিয় তথা স্বীকৃত; কাৰণ এই তালিকাখন যিবিলাক তথ্যৰ আধাৰত লিপিবদ্ধ কৰা হৈছে সেই তথ্যসমূহ সকলোৰে বাবে সহজলভ্য৷ সেয়ে কোনোবাই ভাৰতীয় জনগাঁথনিৰ প্ৰজাতিগত উপাদানৰ বিষয়ে আলোচনাত প্ৰবৃত্ত লেই এই তালিকাখনলৈকে আঙুলিয়াই দিয়ে৷ (Das, 2010, p. 66) গুহই ১৯৩৩ চনত দিয়া প্ৰজাতিগত  তালিকাখন তলত উল্লেখ কৰা
(1)   Negrito
(2)   Proto-Australoid
(3)   Mongoloid
        (a)   Palae-Mongoloid divided in to
               (i)    Longheaded and
              (ii)     broad- headed
       (b)   Tibeto-Mongoloid
(4)   Mediterranean
       (a)   Palae- Mediterranean
       (b)   Mediterranean
       (c)    Oriental type
(5)   Western Brachylephal
       (a)   alpinoid
       (b)   Donaric
       (c)    Armenoid
(6)   Nordic       (Q.I. Das, 2010, p. 67-68)
            গুহৰ প্ৰজাতিগত তালিকা সম্পৰ্কে ভূৱন মোহন দাসৰ এষাৰ মন্তব্য উল্লেখযোগ্য ‘‘...নেগ্ৰিটো নিগ্ৰো প্ৰজাতিৰ প্ৰতিনিধি৷ প্ৰায়-অষ্ট্ৰেলীয়বোৰেই অষ্ট্ৰেলীয়; ভূমধ্য সাগৰীয়, পশ্চিমীয় প্ৰশস্তমস্তকী আৰু নাৰ্ডিক ককেছীয়ৰ অন্তৰ্ভূক্ত৷ মংগোলীয় লোক আছেই৷ গুহৰ মতে ভাৰতৰ আদিবাসীবোৰ প্ৰধানকৈ প্ৰায়-অষ্ট্ৰলীয় আৰু মংগোলীয় উপাদানেৰে গঠিত৷’’ (দাস, ২০০৫ , পৃ.০৯)
            এই কথাৰ আধাৰত ধাৰণা কৰিব পাৰি যে অসমৰ জনগাঁথনিও এই কেইটা প্ৰজাতীয়  উপাদানেৰেই গঠিত৷ অৱশ্যে এটা কথা ঠিক যে সময়ৰ গতিত এই প্ৰজাতিগত উপাদানসমূহ এনেদৰে  সংমিশ্ৰিত হৈ পৰিছে যে কোনো এটা জাতিৰ মাজতেই সম্পূৰ্ণ ৰূপত প্ৰজাতিগত উপাদানসমূহ সংৰক্ষিত হোৱা নাই৷
            গুহৰ প্ৰজাতিগত তালিকাত থকা প্ৰথম প্ৰজাতিটো নেগ্ৰিটো৷ অসমৰ জনগাঁথনিৰ ক্ষেত্ৰত কোনো কোনো নৃতত্ত্ববিদে নেগ্ৰিট প্ৰজাতিৰ উপাদান সংমিশ্ৰিত হৈ আছে বুলি মত পোষণ কৰিছিল (Chatterji, 1974, p.7; Q. I. Das, 2010, p. 71) যদিও সাম্প্ৰতিক কালত সম্পন্ন কৰা ৰক্তজিন পৰীক্ষাত প্ৰমাণ হৈছে যে এই ভূখণ্ডৰ কোনো জনসমষ্টিৰ গাত নেগ্ৰিট প্ৰজাতিৰ উপাদান নাই৷ নৃতত্ত্ববিদ G. Oliver - মতে “none of the subjects showed any Negritude characteristic.” (Q. I. Das, 2010, p. 71) মূলতঃ বৰ অসমৰ বাসিন্দা নগা জনগোষ্ঠীৰ মাজত দেখা পোৱা কেকোৰা চুলিৰ বৈশিষ্ট্যটোৰ লগতে তেওঁলোকৰ সংস্কৃতিক জীৱনত দেখা পোৱা দুই এক বৈশিষ্ট্যৰ আধাৰত তেওঁলোকৰ গাত নেগ্ৰিট উপাদান আছিল বুলি বিবেচনা কৰা হৈছিল৷ (দাস, ২০০৫, পৃ.০৯)
            এই ভূখণ্ডৰ লগতে সমগ্ৰ ভাৰতৰে আদিম অধিবাসীসকল অষ্ট্ৰেলীয় প্ৰজাতিৰ আছিল বুলি বিভিন্ন নৃতাত্ত্বিকে মত পোষণ কৰিছে৷ ‘‘অষ্ট্ৰেলীয়সকল বিভিন্ন নামেৰে পৰিচিত৷ কোনোৱে এই বিধ লোকৰ নাম দিছে প্ৰাক্‌-দ্ৰাবিড়, কোনোৱে প্ৰাক্‌-অষ্ট্ৰেলীয়, কোনোৱে ভেড্ডীয়, কোনোৱে বা নিষাদ৷’’ (দাস, ২০০৫, পৃ. ১০) নৃতাত্ত্বিকভাৱে অষ্ট্ৰেলীয় বা অষ্ট্ৰলয়ড বোলা জনসমষ্টিটোকেই ভাষাতাত্ত্বিকসকলে অষ্ট্ৰিক বোলে৷ দুই এক পণ্ডিতে এই ক্ষেত্ৰত সঠিক সিদ্ধান্ত প্ৰদান কৰা নাই৷  ভূৱন মোহন দাসে কৈছে ‘‘অষ্ট্ৰেলীয় ভাষা কি আছিল সেই বিষয়ে সঠিককৈ একোকে নোৱাৰি, কিন্তু অষ্ট্ৰিক ভাষা আৰু অষ্ট্ৰেলীয়ৰ মাজত কিবা এটা সম্বন্ধ থকা যেন লাগে৷’’ (দাস, ২০০৫ , পৃ. ১১কিন্তু ঐতিহাসিক ৰমিলা থাপাৰে স্পষ্ট ৰূপে কৈ গৈছে “ Proto Austroloid was the basic element in India population and their speech was of the Austric.” (Thapar, 1990, p. 67)
            মন কৰিবলগীয়া যে, অসমৰ কোনো জনগোষ্ঠীয়েই অষ্ট্ৰেলীয় প্ৰজাতিৰ অন্তৰ্গত নহয়৷ অৱশ্যে সাম্প্ৰতিক কালত হোৱা ৰক্তজিন পৰীক্ষাত নিৰ্ণিত হৈছে ‘‘একালত অসম, উত্তৰ বংগ আৰু আনকি নেপালৰ একাংশলৈকে অষ্ট্ৰো-এছীয় জনজাতিৰ লোক বিস্তৃত হৈ আছিল৷ পিছলৈ দক্ষিণ-পূব এছিয়াৰ পৰা অহা এটা প্ৰব্ৰজনৰ সোঁতে অন্য ধৰণৰ ৰক্তজিন এওঁলোকৰ মাজত প্ৰৱেশ কৰালে৷’’ (দাস, ২০০৫, পৃ. ১২-১৩) উল্লেখযোগ্য যে এসময়ৰ বৰ অসমৰ বাসিন্দা খাচীয়াসকলৰ ভাষা অষ্ট্ৰিক যদিও এওঁলোক মূলতঃ মংগোলীয় প্ৰজাতিৰ হে— “The Khasis who mainly lives in Meghalaya deserve a special treatment, because though they are Mongoloid, they speak Austric language which is somehow associated with the Austroloid.” (Das, 2010, p. 87) অৱশ্যে খাচীসকল অষ্ট্ৰলয়ড নে মংগোলয়ড আছিল সেই বিষয়ে সঠিক সিদ্ধান্তত উপনীত পৰা নাই৷ তথাপিও এই সমগ্ৰ ভূখণ্ডৰ মংগোলয়ড জনগোষ্ঠীৰ মাজত অষ্ট্ৰলয়ড উপাদান নিহিত হৈ থকাৰ কাৰণে তেওঁলোকক মংগোলয়ড বুলি বিবেচনা কৰি প্ৰব্ৰজন কালতে অষ্ট্ৰিক ভাষা নিজৰ কৰি লে বুলি পণ্ডিতসকলে মতপোষণ কৰে৷ (দাস, ২০০৫, পৃ. ১২) উল্লেখ্য যে অসমীয়া সমাজ জীৱনৰ বিভিন্ন দিশত অষ্ট্ৰিকসকলৰ অৱদান অপৰিসীম৷ (বৰা, ২০০৮ , পৃ. ৩৩)
            ঊনবিংশ শতিকাত বৃটিছসকলে অসমত চাহ খেতি আৰম্ভ কৰে আৰু চাহবাগানত কাম কৰিবলৈ বনুৱা হিচাপে মধ্য ভাৰতৰ বিভিন্ন ঠাইৰ পৰা অজস্ৰ লোক আনে৷ এনেদৰে অহা বনুৱাসকল আৰু তেওঁলোকৰ বংশধৰসকলক লৈয়েই অসমৰ চাহ জনগোষ্ঠীৰ সৃষ্টি ল৷ চাহ জনগোষ্ঠীৰ অন্তৰ্গত কোল, মুণ্ডা, খাৰীয়া, ভূমিজ, চাওতাল আদি লোকসকল অষ্ট্ৰেলীয় প্ৰজাতিৰ, তেওঁলোকৰ ভাষাও অষ্ট্ৰো-এছীয়৷ (বৰা, ২০০৮ , পৃ. ৩৩)
            অসমৰ প্ৰাচীন বাসিন্দাসকলৰ ভিতৰত অষ্ট্ৰেলীয়সকলৰ পিছতে আমি পাওঁ মংগোলীয়সকলক৷ প্ৰাচীন সংস্কৃত গ্ৰন্থত এওঁলোককেকিৰাতআখ্যা দিয়া হৈছে৷ কিৰাতসকলৰ প্ৰথম উল্লেখ পোৱা যায় যজুৰ্বেদত (দাস, ২০০৫ , পৃ. ১৫; বৰা, ২০০৮ , পৃ. ৩৬) বিষুপুৰাণ  আৰু মাৰ্কণ্ডেয় পুৰাণত  বৰ্ণিত আছে যে ভাৰতৰ মধ্য অঞ্চলত ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰসকলে বাস কৰে; পশ্চিম অঞ্চলত যৱনসকলৰ আৰু পূৰ্ব অঞ্চলত কিৰাতসকলৰ বাস৷ মহাভাৰত  ভীমে দিগ্বিজয় কৰিবলৈ ওলাই গৈ বিদেহ ৰাজ্য পাৰ হৈ সাতজন কিৰাত ৰজাক ৰণত ঘটুওৱা কথা বৰ্ণনা কৰা হৈছে৷ সম্ভৱতঃ তেতিয়া সমগ্ৰ পূৰ্বাঞ্চলতে কিৰাতসকলৰ আধিপত্য আছিল৷ খ্ৰীঃ ১৪ শতিকাত গ্ৰীক ভাষাত ৰচিত নৌবিদ্যাৰ পুথি দি পেৰিপ্লাছ অব্দি এৰিথ্ৰিয়ান ছিতকিৰহাডিবুলি এই কিৰাতসকলৰ কথাকে কোৱা হৈছে৷ (দাস, ২০০৫, পৃ. ১৫) সাম্প্ৰতিক কালত সুনীতি কুমাৰ চেটাৰ্জীয়েও অসমৰ সংস্কৃতিক বহল অৰ্থতকিৰাত জন কৃতিৰূপে উল্লেখ কৰি একে নামৰ গ্ৰন্থত আলোচনা কৰিছে৷ এই কথাখিনিয়েই সূচাই অসমৰ জনগাঁথনিত মংগোলীয়সকলৰ অৱদান কিমান৷
            কিংবদন্তি অনুসাৰে প্ৰাচীন কালত প্ৰাগ্জ্যোতিষত মহীৰঙ্গ দানৱ নামেৰে এজন ৰজাই ৰাজত্ব কৰিছিল৷ গুৱাহাটীৰ ওচৰৰ মৈৰাং পৰ্বতৰ নামৰ পৰা মহীৰঙ্গৰ নাম হৈছিল বুলি কোৱা হয়৷ মৈৰাং শব্দৰ উৎপত্তি বড়ো ভাষাৰ পৰা হৈছে৷ মহীৰঙ্গৰ পিছত ক্রমে হটকাসুৰ, সম্বৰাসুৰ, ৰত্নাসুৰ আৰু ঘটকাসুৰ ৰজা হৈছিল৷ মহীৰঙ্গৰ পৰা ঘটকাসুৰলৈ এই সকল ৰজা আছিল কিৰাত অৰ্থাৎ মংগোলীয়৷ ঘটকাসুৰক পৰাস্ত কৰি ৰজা নৰকে নিজ ৰাজবংশ প্ৰতিষ্ঠা কৰে৷ ৰজা হোৱাৰ পিছতে নৰকে এই ৰাজ্যৰ নাম প্ৰাগ্জ্যোতিষৰ পৰা কামৰূপলৈ পৰিৱৰ্তন কৰে৷ (কলিতা, ২০০৬ , পৃ. )
            কিৰাত আখ্যাৰে আখ্যায়িত মংগোলীয় প্ৰজাতিৰ অন্তৰ্গত কাৰ্বি, মিছিং, বড়ো, ডিমাছা, গাৰো, ৰাভা, দেউৰী, মেছ, লালুং, সোণোৱাল, হাজং আদি জনজাতিসমূহে প্ৰাচীন কালৰে পৰা অসমৰ পাহাৰে-ভৈয়ামে বসবাস কৰি আহিছে৷ একে প্ৰজাতিৰে টাই-আহোমসকল ত্ৰয়োদশ শতিকাত ব্ৰহ্মদেশৰ পৰা অসমলৈ আহে আৰু পৰৱৰ্তীকালত তেওঁলোকৰ নেতৃত্বতে আটাইবোৰ জাতিৰ মাজত সংযোগ আৰু সমাহৰণৰ যোগেদি অসমীয়া সংস্কৃতিয়ে এক বৰ্ণাঢ্য ৰূপ লাভ কৰে৷ (Das, 2010, pp. 90-110) ভাষাগোষ্ঠীৰ ফালৰ পৰা এওঁলোক তীব্বত চীনীয় বা চীন তিব্বতীয় বোলা হয়৷ চীন দেশৰ দক্ষিণ-পশ্চিম অঞ্চলৰ য়াং ছিকিয়াং অঞ্চল আৰু হোৱাংহো নদীৰ উৎপত্তি স্থলেই এই জনগোষ্ঠীৰ লোকসকলৰ আদিম বাসস্থান বুলি অনুমান কৰা হয়৷ (ঠাকুৰ, ১৯৮৩ , পৃ. )
            অসমৰ জাতি গঠন প্ৰক্রিয়াত অংশগ্ৰহণ কৰা তৃতীয়টো প্ৰজাতি ককেছীয়৷ এই ককেছীয় প্ৰজাতিৰ কেইবাটিও উপ-প্ৰজাতিয়ে বিভিন্ন সময়ত অসমলৈ প্ৰব্ৰজিত হৈছে৷ ককেছীয় প্ৰজাতিৰ ঠাল-ঠেঙুলি বোৰ ভূমধ্য সাগৰীয়, পশ্চিম প্ৰশান্তমস্তকী, ইৰানো-চীথীয় ইত্যাদি৷
            ককেছীয় প্ৰজাতিৰ অন্তৰ্গত ভূমধ্য সাগৰীয় প্ৰজাতিৰ লোকসকলেই প্ৰাচীন সিন্ধু সভ্যতা গঢ়ি তুলিছিল৷ বৰ্তমান ভাৰতত তেওঁলোকৰ বিস্তাৰ দাক্ষিণাত্যতে বেছি যদিও ভাৰতৰ আন আন ঠাইৰ লগতে উত্তৰ-পূৱ ভাৰতৰ লোকৰ মাজতো ভূমধ্য সাগৰীয় উপাদান বিদ্যমান৷ তেওঁলোক ইণ্ডো-দ্ৰাবিড় নামেৰে পৰিচিত আৰু দ্ৰাবিড় ভাষা ভাষী৷ পূৰ্বতে তেওঁলোকৰ বিস্তাৰ ভাৰতৰ উত্তৰাঞ্চলতো প্ৰবল আছিল যদিও পৰৱৰ্তী কালত প্ৰব্ৰজন ঘটা ইণ্ডো-আৰ্যসকলে তেওঁলোকক ভাৰতৰ উত্তৰ অংশৰ পৰা দক্ষিণ অঞ্চললৈ খেদি পঠিয়ালে৷ (Das, 2010, p. 115) এই প্ৰজাতিৰ লোকসকল কেতিয়া অসমত প্ৰথমবাৰৰ বাবে প্ৰৱেশ কৰিলে তাৰ কোনো সঠিক সময়সীমা নিৰূপণ কৰিব নোৱাৰি৷ উল্লেখযোগ্য যে, ভূমধ্যসাগৰীয়সকলৰো বিভিন্ন প্ৰকাৰভেদ আছে৷ তাৰে এটা ঠাল অতি প্ৰাচীন কালতে এই ভূখণ্ড মাজেদি দক্ষিণ-পূব এছিয়ালৈকে বিস্তৃত হৈ আছিল৷ নৃতত্ত্ববিদ ইলিয়ট স্মিথে এই ভাগটোককপিল উপ-প্ৰজাতিবুলি নামকৰণ কৰিছে৷ এই সম্পৰ্কে ভূবন মোহন দাসে মন্তব্য কৰিছে— ‘‘It is not perfectly known at what time the Mediterranean people, a verity of the Caucasoid race entered Assam... ...the Brown Race and existence of Nesbit element in certain populations, a suggestive of Mediterranean migration into this part of the country in a very ancient time. However, it is difficult to ascertain the time.’’ (Das, 2010, pp. 115-116)
            অসমত ৰাজত্ব কৰা নৰকাসুৰ ভূমধ্য সাগৰীয় প্ৰজাতিৰ লোক আছিল আৰু নৰকাসুৰৰ সময়তে অসমলৈ ভূমধ্য সাগৰীয় উপাদান অহাৰ সম্ভাৱনা আছে বুলি বহু পণ্ডিতে মত পোষণ কৰে৷ (Baruah,1978, p.20 ; Das, 2010, p. 116) অৱশ্যে আন এচাম পণ্ডিতে তেওঁ কিৰাত আছিল বুলিহে মতপোষণ কৰে৷  প্ৰফুল্ল মহন্তই তেওঁৰ জনগোষ্ঠীগত চেতনা : আত্মপ্ৰতিষ্ঠাৰ প্ৰশ্ন নামৰ গ্ৰন্থখনত নৰক সম্বন্ধে পুৰাণসমূহত বৰ্ণিত আখ্যানটোৰ বিষয়ে বাণীকান্ত কাকতিয়ে তেওঁৰ পুৰণি কামৰূপৰ ধৰ্মৰ ধাৰা (১৯৫৫) নামৰ কিতাপখনত হোৱা আলোচনাৰ আঁত ধৰি আৰু ৰমিলা থাপাৰ, ডি. ডি. কৌশম্বী, ৰামচৰণ শৰ্মা আদিয়ে পুৰাকথা সম্পৰ্কে আৰম্ভ কৰা আধুনিক বিজ্ঞানসন্মত অধ্যয়নৰ প্ৰসংগ উল্লেখ কৰি পুৰাকথাৰ মাজত লুকাই থকা ঐতিহাসিক সত্যৰ অষেণত ৰত হৈছে৷ তেওঁ মন্তব্য কৰিছে— ‘‘ৰাজ্যভাৰ লোৱাৰ পাছত নৰকে লাহে লাহে নিজ ভাই-ককাই, জ্ঞাতি-কুটুমৰ ওচৰ চাপি যাবলৈ ধৰিলে৷’’ (মহন্ত, ২০০৯ , পৃ. ৪২-৪৩) অৰ্থাৎনৰক প্ৰকৃততে কিৰাত আছিল৷ উল্লেখযোগ্য যে, ভূমধ্য সাগৰীয় প্ৰজাতিৰ গাত দেখা পোৱা কেতবোৰ উপাদান সাম্প্ৰতিক কালৰ অসমৰ মানুহৰ মাজতো দেখা যায়; কিন্তু পৰিৱেশ, সংমিশ্ৰণ আদি নানান কাৰণত সেই লক্ষণবোৰে বিভিন্ন ৰূপ লৈছে৷ আধুনিক কালত চাহ বনুৱা হিচাপে মধ্য ভাৰতৰ পৰা প্ৰব্ৰজিত হৈ অহা লোকসকলৰ মাজতো ভূমধ্য সাগৰীয় দ্ৰাবিড় জনগোষ্ঠীৰ বংশধৰ পোৱা যায়৷
            ককেছীয় প্ৰজাতিৰ আন এটা ঠাল আলপাইন-আৰ্মেনীয়সকলেও হিমালয়ৰ পাদদেশেৰে আহি অসমত প্ৰৱেশ কৰিছিল বুলি কনকলাল বৰুৱাই অনুমান কৰে (Baruah,1978, p.19) আৰু ভুৱন মোহন দাসে ‘‘ভূমধ্য সাগৰীয়ৰ লগতে আলপাইন-আৰ্মেনীয়ৰ উপাদানৰ অৱস্থিতিও দেখি অহা হৈছে৷... ...কিন্তু প্ৰকৃত আলপাইন-আৰ্মেনীয় উপাদানৰ প্ৰাবল্য আধুনিক অসমৰ মানুহৰ মাজত কম ’’(দাস, ২০০৫, পৃ. ২০) বুলি মন্তব্য কৰিছে৷ উল্লেখযোগ্য যে, পশ্চিম অঞ্চলৰ পৰিৱৰ্তে উত্তৰ-পূব দিশৰ পৰাও ককেছীয় লোকৰ এটা ঠাল অসমত প্ৰৱেশ কৰিছিল বুলি বহু পণ্ডিতে মত পোষণ কৰে৷ এই ক্ষেত্ৰত তেওঁলোকে মিছিমি, ডফলা, নগা, মণিপুৰীসকলৰ মাজত দেখা পোৱা ককেছীয় উপাদানবোৰলৈ আঙুলিয়াইছে৷ (দাস, ২০০৫, পৃ. ২০)
            ইয়াৰ উপৰি ককেছীয়ৰ অন্তৰ্গত ইৰানো-চীথীয় নামৰ আন এটা গোষ্ঠীও ভাৰতৰ লগতে অসমলৈও প্ৰব্ৰজিত হৈছিল৷ ভূবন মোহন দাসে এই গোষ্ঠীটোৰ লক্ষণৰ লগত অসমৰ কেইবাটিও জাতিৰ লক্ষণসমূহ বিচাৰ কৰি ঠিৰাং কৰিছে যে ‘‘অসমৰ বিভিন্ন জাতিগোটৰ মাজত ইৰানো-চীথীয় উপাদানৰ প্ৰাবল্য বেছি যেন অনুমান হয়৷’’(দাস, ২০০৫, পৃ. ২৩)
            অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষলৈ প্ৰব্ৰজিত হোৱা শেষ ফৈদটো আৰ্যসকল৷ আৰ্যসকলৰ প্ৰব্ৰজনৰ কাল খ্ৰীঃ পূঃ ১২০০ শতিকা বুলি অনুমান কৰা হয়৷ অৱশ্যে বহু বুৰঞ্জীবিদে আৰ্যসকলক এটা নিৰ্দিষ্ট নৃগোষ্ঠী হিচাপে বিবেচনা কৰিব নিবিচাৰে৷ ( Kosambi, 1965, p. 73) এই সম্পৰ্কে ৰমিলা থাপাৰেও কৈ গৈছে — ‘‘Aryan is in fact a linguistic term indicating a speech group of Indo-Europeans origin, and is not an ethnic term. To refer to the coming of Aryan is therefore inaccurate. However this inaccuracy has become so current in historical studies of early India that is would sound unduly pedantic to refer to the Aryans as the Aryan speaking peoples. Their ethnic identity is not known on the basis of Indian evidence.’’  (Thapar, 1990, p. 27)
            ঠিক সেইদৰে ৰামচৰণ শৰ্মাই আৰ্যসকলৰ সম্পৰ্কে বিভিন্ন পণ্ডিতে আগবঢ়োৱা মতামত বিশ্লেষণ কৰি এক নিৰ্দিষ্ট মতত উপনীত হৈছে যে ঋগ্বেদ যি আৰ্য জনগোষ্ঠীৰ কথা কোৱা হৈছে সিহঁত হয়তো এক নৃকুলভুক্ত নাছিল, কিন্তু তেওঁলোকে এক হৈ আছিল এক সাধাৰণ ভাষা আৰু একে ধৰণৰ জীৱন যাত্ৰাৰ বন্ধনত৷  (Sharma,1990, pp. 7-8)  এই  কথাৰ প্ৰমাণস্বৰূপে আমি গুহৰ প্ৰজাতিকৰণ তালিকাখনলৈকে আঙুলিয়াব পাৰোঁ, কাৰণ সেই তালিকাখনতো আৰ্য নামেৰে কোনো উপ প্ৰজাতি অন্তৰ্ভুক্ত হোৱা নাই৷ সেয়ে আৰ্যসকলক নৃতাত্ত্বিক দৃষ্টিভংগীৰে বিচাৰ কৰা সম্ভৱ নহয়৷
            আৰ্যসকলৰ এক নৃগোষ্ঠী সম্ভূত নহয় যদিও তেওঁলোক আছিল উন্নত কৃষি পদ্ধতি সমৃদ্ধ, সাংগঠনিক শক্তি সম্পন্ন, সহজে সকলোৰে লগত মিলি যাব পৰা, মিলাব পৰা গুণযুক্ত আৰু এখন নতুন সমাজ গঢ়াৰ বাবে অত্যাৱশ্যক বহু উপাদানৰ সমাহাৰেৰে গঠিত এক সংমিশ্ৰিত জনসমষ্টি৷ মন কৰিবলগীয়া যে, আৰ্যসকলৰ জাতিগত প্ৰসাৰতকৈ তেওঁলোকৰ উৎপাদন কৌশল আৰু জীৱন যাত্ৰা পদ্ধতিৰহে (ইয়াৰ ভিতৰত ভাষাকো ধৰিব লাগিব, কাৰণ আদিম লোকে অত্যাৱশ্যকীয় বুলি বিবেচনা কৰা আৰ্য পূজা পদ্ধতি গ্ৰহণ কৰাৰ লগে লগে তেওঁলোকৰ উচ্চ ভাব প্ৰকাশক ভাষাও গ্ৰহণ কৰিছিল) প্ৰসাৰ ঘটিছিল৷ কাৰণ আদিবাসীসকলে আৰ্যসকলৰ অনুষ্ঠানৰ লগত গভীৰভাৱে জড়িত থকা নতুন উৎপাদনত আহিলাবোৰকো অত্যাৱশ্যকীয় বস্তু বুলি গ্ৰহণ কৰিছিল৷ (ভট্টাচাৰ্য, ১৯৮১, পৃ. ১০৭)
            উন্নত কৃষি কৰ্মৰ অধিকাৰী, ধাতুবিদ্যাত পাৰদৰ্শী এই আৰ্যসকলে ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ বিকাশত এক গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰিছিল৷ এই ক্ষেত্ৰত ডি. ডি. কৌশাম্বীয়ে কোৱা এষাৰ মন্তব্য উল্লেখযোগ্য — ‘‘আৰ্যসকলে যিহকে শুজা যেন পাইছিল তাকে সংস্পৰ্শলৈ অহা সকলো লোকৰ পৰা গ্ৰহণ কৰিছিল৷ সাধাৰণতে তেওঁলোকৰ দৈহিক আৰু প্ৰজননমূলক বৈশিষ্ট্য একে বুলিব নোৱাৰি৷ তেওঁলোকৰ মাজত তুলি লোৱা প্ৰথা ব্যাপকভাৱে প্ৰচলিত আছিল আৰু বিভিন্ন ধৰণৰ সংসৰ্গ আৰু বিজয়ৰ দ্বাৰা আৰ্য কৰা মানুহৰ লগত তেওঁলোকৰ বিয়া-বাৰু হৈছিল৷’’ (ভট্টাচাৰ্য, ১৯৮১, পৃ. ৮৮) সিন্ধু আৰু গঙ্গা উপত্যকাত পশ্চিম বিহাৰ পৰ্যন্ত আৰ্যসকলৰ আছিল অখণ্ড বিস্তাৰ; তাৰ পূৱফালে বংগ, অসম আদিত বিক্ষিপ্তভাৱে তেওঁলোকে বিস্তাৰ লাভ কৰিছিল৷ হয়তো সৰু সৰু দলত বিভিন্ন সময়ত আৰ্যসকল পূবলৈ আগবাঢ়িছিল৷ কিন্তু কেতিয়াৰে পৰা আৰ্যসকলে অসমত প্ৰৱেশ কৰিলে তাৰ কোনো সঠিক তথ্য উপলব্ধ নহয়৷ কালিকা পুৰাণ পোৱা যায় যে নৰকে কিৰাতসকলৰ সাগৰৰ পাৰলৈকে খেদি কৰতোয়া আৰু ললিতাকান্তাৰ অন্তৰ্বতী অঞ্চলত দ্বিজ (ইণ্ডো-আৰ্য, ব্ৰাহ্মণ)সকলক প্ৰতিষ্ঠা কৰে৷ অৱশ্যে পৰৱৰ্তীসময়ত তেওঁ আৰ্য গোষ্ঠী সম্ভূত ব্ৰাহ্মণসকলৰ ওপৰত অত্যাচাৰ কৰাৰ বাবে শ্ৰীকৃষই আহি তেওঁক বধ কৰি এই ভূখণ্ডত আৰ্য সভ্যতাৰ ভূমি পত্তন কৰে৷ বৰ্তমান নৰক এটা বংশৰ নাম বুলি বিশ্বাস কৰাৰ বাবে কোনজন নৰকে এই কাৰ্য সম্পাদন কৰিছিল সেয়া ঠাৱৰ কৰা কঠিন৷ (Das, 2010, pp. 124-125) মহাভাৰত-ৰামায়ণ  আদিতো প্ৰাগ্জ্যোতিষপুৰৰ নাম উল্লেখ আছে৷ তাৰ পৰাই অনুমান কৰিব পাৰি যে আৰ্যসকলে এই ভূখণ্ডৰ কথা জানিছিল৷ সপ্তম শতিকাত কামৰূপৰ ক্ষত্ৰিয় ৰজা ভাস্কৰ বৰ্মনৰ প্ৰত্নলিপিৰ পৰা জনা যায় যে কামৰূপত ব্ৰাহ্মণ আৰু ক্ষত্ৰিয় লোক আছিল৷ বৰ্মন বংশৰ আদি ৰজা পুষ্যবৰ্মনৰ কাল আনুমানিক খ্ৰীঃ পূঃ ৩য় শতিকা, নিশ্চয় তাৰো পূৰ্বৰে পৰা কামৰূপলৈ আৰ্যসকলৰ প্ৰব্ৰজন হৈছিল৷ (দাস, ২০০৫, পৃ. ২১-২২) এই পুৰাকথা তথা ঐতিহাসিক তথ্যসমূহৰ পৰা ধাৰণা হয় যে প্ৰাক্‌-ঐতিহাসিক কালতে এই ভূখণ্ডত আৰ্যসকলে প্ৰৱেশ কৰে৷ আৰ্যসকলে সংস্কৃতি গ্ৰহণ-বৰ্জনৰ এক প্ৰক্রিয়াৰে সমগ্ৰ দেশতে নিজৰ স্থিতি সবল কৰি তোলে৷ এই প্ৰক্রিয়াটোকআৰ্যীকৰণবাসংস্কৃতায়নবুলি সমালোচক-গৱেষকসকলে অভিহিত কৰিছে৷ এনে এক প্ৰক্রিয়া ‘‘যাৰ দ্বাৰা জনজাতি বা অইন গোষ্ঠীৰ লোকসকলে নিজৰ নীতি-নিয়ম, বিশ্বাস, আদৰ্শ আৰু জীৱন ধাৰণৰ পদ্ধতি সলনি কৰি উচ্চ হিন্দুৰ জীৱন যাত্ৰা গ্ৰহণ কৰে আৰু সেই পৰ্যায়লৈ যায়৷’’ (বৰা, ২০০৮, পৃ. ৫৭) এই প্ৰক্রিয়াটোৰ  বাবে জনজাতিসকলৰ কৃষি অৰ্থনীতিয়ে বিশেষভাৱে লাভৱান হৈছিল কিন্তু নব্য হিন্দু হিচাপে তেওঁলোকক সমাজৰ নিম্ন স্তৰত হে স্থান দিয়া হৈছিল৷ আনহাতে হিন্দু কাঠামোটোৰ মাজত সোমাই পৰাৰ লগে লগে কেতবোৰ শোষণৰ বাট মুকলি হৈ পৰিছিল৷ (বৰ্মন, ১৯৯৫, পৃ. ৪৬) আৰ্যসকলৰ আগমণে বৰ্ণবাদী ব্যৱস্থাটিও অসমীয়া সমাজ জীৱনৰ অংগ কৰি তুলিলে, অৱশ্যে জাত-পাতৰ লগত পৰিচয় নথকা থলুৱা জনগোষ্ঠীসমূহে সেই বৰ্ণবাদী ব্যৱস্থাটি গ্ৰহণ কৰিবলৈ মুঠেই সাজু নাছিল (মহন্ত, ২০০৯, পৃ. ২৩) আৰু সেইবাবেই সংঘাত অনিবাৰ্য হৈ পৰিছিল৷ তেতিয়াই আৰম্ভ হোৱা সেই সংঘাতৰ বীজে আজি পোখা মেলিছে৷ আজি অসমৰ জনগোষ্ঠীসমূহে নিজকে কেৱল অসমীয়া বুলি বিবেচনা নকৰি নিজৰ আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰাম কৰিছে৷ বহুসময়ত স্বকীয় ৰাজ্য গঠনৰ দাবীও উত্থাপিত হৈছে৷
            এনেদৰে বিচাৰ কৰি চালে দেখা যায় যে বিভিন্ন সময়ত অসমলৈ ভিন্ভিন্‌  নৃগোষ্ঠীৰ প্ৰব্ৰজন ঘটিছিল৷ তেওঁলোকৰ মাজত অৱশ্যম্ভাৱীভাৱে সংঘটিত হৈছিল সংঘাত; কিন্তু এটা সময়ত আৰ্যসকলে নিজৰ প্ৰভাৱ বৃদ্ধি কৰি আৰ্যীকৰণ প্ৰক্রিয়াৰে প্ৰায় সকলোৰে ওপৰত প্ৰভাৱ বিস্তাৰ কৰিলে আৰু অসমতো বৰ্ণবাদী প্ৰথাৰ আৰম্ভ কৰে৷ উল্লেখ্য যে, অসমত বসবাস কৰা লোকসকলৰ ভিতৰত মংগোলীয় প্ৰজাতিৰ লোকৰ সংখ্যাই আটাইতকৈ বেছি যদিও ককেছীয় প্ৰজাতিৰ লোকৰ সংখ্যাও কম নহয়৷ কিন্তু যুগ যুগ ধৰি পৰিৱেশ আৰু সংমিশ্ৰণৰ প্ৰক্রিয়াই প্ৰজাতিসমূহ এনেভাৱে সানমিহলি কৰি পেলাইছে যে বিশুদ্ধ কোনো এক প্ৰজাতিৰ লোক নাই বুলিবই পাৰি৷ ভূৱন মোহন দাসৰ ভাষাৰে পাৰি — ‘‘Thus, a glance at the racial elements in the populations of Assam reveals that Assam is a meeting place of various ethnic stocks having diverse socio-cultural backgrounds who came to this part of the country in different times from different directions. In this course of times these populations contributed their respective shares towards the growth and development of a composite Assamese people and culture.’’ (Das, 2010, p. 130)
           অসমৰ জনগাঁথনিক ইয়াত প্ৰচলিত ধৰ্মীয় দিশৰ পৰাও আলোচনা কৰিব পাৰি৷ সমাজ তথা সাংস্কৃতিক ইতিহাসত ধৰ্ম আৰু বিশ্বাসৰ স্থান অতি উচ্চ৷ এই বিশ্ব জগতত বসবাস কৰা মানৱৰ প্ৰতিটো আচাৰ-অনুষ্ঠানৰ মূলতে আছে বিভিন্ন বিশ্বাস, যাদু আৰু ধৰ্ম৷ এনে ধৰণৰ আচাৰ-অনুষ্ঠানসমূহে সংস্কৃতি প্ৰসাৰণৰ ক্ষেত্ৰত এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰে৷ অসমতো বিভিন্ন উৰ্বৰা লোকবিশ্বাস, যাদু ধৰ্মীয় বিশ্বাস আদিৰ আধাৰতেই প্ৰাচীন কালৰে পৰা বিভিন্ন ধৰ্মীয় পৰম্পৰা তথা দাৰ্শনিক ঐতিহ্যই গা কৰি উঠিছিল৷ ফলশ্ৰুতিত সৃষ্টি হৈছিল শাক্ত, শৈৱ, বৈষৱ, বৌদ্ধ, জৈন আদি না না ধৰ্ম তথা উপাসনাৰ ঐতিহ্য৷ (গোস্বামী, ২০০৭, পৃ. ১৩৪) এই বিলাকৰ বিভিন্ন ৰূপ আমাৰ লোকসমাজতো প্ৰচলিত হৈ আহিছে৷ উল্লেখ্য যে শংকৰদেৱ প্ৰৱৰ্তিত ‘একশৰণ নামধৰ্ম’ বা ‘নৱ-বৈষৱ ধৰ্ম’ অসমৰ ধৰ্মীয় পৰম্পৰাত এক বলিষ্ঠ সংযোজন৷ অসমৰ বিভিন্ন ঠাইত সিঁচৰতি হৈ থকা বিভিন্ন থান, দেৱালয়, পীঠ, মন্দিৰ, মছজিত, বৌদ্ধ স্তুপ, সত্ৰ, নামঘৰ আদিয়ে ইয়াত যে বিভিন্ন ধৰ্মীয় পৰম্পৰাৰ প্ৰচলন আছিল সেই কথাৰ সাক্ষ্য বহন কৰে৷ ঠিক সেইদৰে পুৰণি কামৰূপত ৰচিত কালিকা পুৰাণ, যোগিণীতন্ত্ৰ, বিভিন্ন বংশৰ ৰজাসকলৰ দিনৰ বিভিন্ন শিলালিপি, তাম্ৰলিপি, মুদ্ৰা আৰু লোকসমাজত প্ৰচলিত মৌখিক সাহিত্যই অসমৰ জনসমাজত ভিন্‌ ভিন্‌ আচাৰ-পৰম্পৰাৰ প্ৰচলন হৈ থকাৰ ইংগিত বহন কৰে৷ (গোস্বামী, ২০০৭, পৃ. ১৩৪)
                অসমৰ জাতীয় জীৱনত ইছলাম ধৰ্মাৱলম্বী লোকসকলেও এক গভীৰ স্থান অধিকাৰ কৰি আছে৷ প্ৰথম অৱস্থাত এইসকল লোক মূলতঃ যুদ্ধ কৰিবলৈ আহি বিভিন্ন কাৰণত অসমত থাকি গৈছিল৷ পৰৱৰ্তীসময়ত অসমলৈ ধৰ্ম প্ৰচাৰৰ বাবে অহা কেইবাজনো ইছলাম ধৰ্মগুৰুৰ তৎপৰাততো বহু হিন্দু লোক ধৰ্মান্তৰিত হৈ ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল৷ (Das, 2010, p. 42) ব্ৰিটিছৰ দিনতো তেওঁলোকৰ উদ্যোগতে অসমৰ বিভিন্ন অঞ্চললৈ মুছলমান লোকসকলে প্ৰব্ৰজন কৰিছিল৷ উল্লেখযোগ্য যে সাম্প্ৰতিক কালত, বিশেষকৈ বাংলাদেশৰ জন্মৰ সময়ত আৰু ১৯৭৫ চনত বাংলাদেশত হোৱা বানপানীৰ পাছত সেই বানপানীত আক্রান্ত হোৱা বহু ইছলাম ধৰ্মৱালম্বী লোকে অসমলৈ প্ৰব্ৰজন কৰে৷ অৱশ্যে এই কাৰণে অসমত গোষ্ঠীগত সংঘৰ্ষৰো সূত্ৰপাত হৈছিল৷ David Arnold (2010)ৰ সম্পাদনাত প্ৰকাশ পোৱা Burton Steinৰ A History of India ত এই সম্পৰ্কে উল্লেখ আছে —‘‘Starting in 1951, India planned the construction of a barrage at Farakka, near where the river enters Bangladesh, aimed at diverting enough water into the Hughli branch to flush out the port of Calcutta which lies downstream and was rapidly silting up. Despite the protests of Pakistan, and later Bangladesh, India proceeded with the construction unilaterally, and, since 1975, has diverted enough water to cause environmental damage that affects some 35 million Bangladeshis, not only by disrupting irrigation schemes, but, paradoxically, by worsening flood damage, owing to the increased silting that raised the river bed and caused the flood waters to spread further over the land.The social results of the barrage included the displacement of some two million people from the affected area. A large number of these have migrated into India, which has given rise to ethnic conflicts in the Indian state of Assam…’’ (Arnold, 2010, p. 379-380)
                      ঠিক সেইদৰে ইংৰাজসকলে অসম অধিকাৰ কৰাৰ পাছত ধৰ্ম প্ৰচাৰৰ বাবে খ্ৰীষ্টানসকল আহে আৰু অসমৰ বিভিন্ন ঠাইত, বিশেষকৈ জনজাতি অধ্যুষিত অঞ্চলত ধৰ্মপ্ৰচাৰ কৰি আহিছে৷ স্বৰাজোত্তৰ কালত বিভিন্ন কাৰণত ভাৰতৰ বিভিন্ন ঠাইৰ লগতে অসমৰ কাষতে থকা চুবুৰীয়া দেশৰ পৰাও বিভিন্ন ধৰ্মাৱলম্বী লোকৰ অসমলৈ প্ৰব্ৰজন কৰিছে৷ অৱশ্যে এটা কথা ঠিক যে, তেতিয়াৰে পৰা বৰ্তমানলৈকে এই সকলো ধৰ্মীয় পৰম্পৰাই অসমত এক সহাৱস্থাত অৱস্থান কৰিছে৷
                     অসমৰ অধিকাংশ জনসাধাৰণেই হিন্দু ধৰ্মাৱলম্বী৷ ভুবন মোহন দাসৰ মতে “The majority of the people are Hindu by religion. A sizable section is formed by the Muslims. Christian, Sikh, Jain and Buddhist people are also there, but in very small numbers. Some practice tribal religions” (Das, 2010, p. 27) ২০০১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যাৰ মাজত ধৰ্মীয়গোটসমূহৰ অৱস্থিতি এনে ধৰণৰ
                         হিন্দু – ৬৫ %
                         মুছলমান – ৩১ %
                         খ্ৰীষ্টান – ৪ %
                       বৌদ্ধ – < ১ %
                        শিখ - < ১ %
                         অন্যান্য - < ১ % ( CRI, 2011)
               ইয়াৰ পৰাই ধাৰণা কৰিব পাৰি যে অসমত হিন্দু ধৰ্মাৱলম্বী লোকৰ সংখ্যা সৰ্বাধিক৷ লগতে এই তালিকাখনেই আন এটি কথাও প্ৰমাণ কৰে যে এই ভূখণ্ডত বিভিন্ন ধৰ্মাৱলম্বী মানুহে পাৰস্পৰিক সৌহাৰ্দ্যৰে, সম্প্ৰীতিৰে বাস কৰি আহিছে আৰু অসমৰ জনগাঁথনিক এক বিশেষ মাত্ৰা প্ৰদান কৰিছে৷
              ভাষাতাত্ত্বিক দৃষ্টিকোণেৰে আমি অসমৰ জনগাঁথনিক দিশলৈ চকু ফুৰালে দেখিবলৈ পাম যে এই ভূখণ্ডত বসবাস কৰা অধিকাংশ লোকেই যোগাযোগৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰে অসমীয়া ভাষা৷ অসমীয়া ভাষা ইণ্ডো-ইউৰোপীয় ভাষাগোষ্ঠীৰ অন্তৰ্গত যদিও এই ভূখণ্ডত প্ৰচলিত বিভিন্ন আৰ্যভিন্ন ভাষাৰ প্ৰভাৱত ই এক সুকীয়া অৱস্থিতি লাভ কৰিছে৷ ভাৰতীয় সংবিধানৰ অষ্টম অনুচ্ছেদত স্বীকৃত অসমীয়া ভাষাটোৱেই সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ জনগোষ্ঠীসমূহৰ মাজৰ প্ৰধান সংযোগী ভাষা ৰূপে প্ৰচলিত হৈ আহিছে৷
              খ্ৰীষ্টীয় সপ্তম শতিকাত ভাৰতলৈ অহা চীনা পৰিব্ৰাজক হিউৱেন চাঙে তেওঁৰ ভ্ৰমণৰ টোকাত অসমীয়া ভাষা সম্পৰ্কে মন্তব্য কৰিছিল ‘‘their speech differed a little from that of Mid-Indian.” (Q. I. Kakati, 1941, p. 5) হিউৱেন চাঙৰ এই মন্তব্যটোৱেই বৰ্তমানলৈকে প্ৰাপ্ত অসমীয়া ভাষাৰ সম্বন্ধে প্ৰথম মন্তব্য আৰু ইয়েই অসমীয়া ভাষাৰ প্ৰাচীনত্বৰ আভাস প্ৰদান কৰে৷ অসমীয়া ভাষাৰ উৎপত্তি সম্পৰ্কে বিভিন্ন পণ্ডিতে ভিন্‌ ভিন্‌ মত পোষণ কৰিছে৷ যথা—
গ্ৰীয়াৰ্ছন, সুনীতি কুমাৰ চট্টোপাধ্যায় আৰু বাণীকান্ত কাকতিৰ মতে অসমীয়া ভাষা মাগধী প্ৰাকৃতৰ পৰা উদ্ভৱ হোৱা ভাষা৷ ( Grierson,1967, p.125-126; Chatterji, 1974, p.79; Kakati,1941, pp.9-10)
  • বেণীমাধৱ বৰুৱা, ডিম্বেশ্বৰ নেওগে, বিশ্বেশ্বৰ হাজৰিকাই মতপোষণ কৰে যে অসমীয়া ভাষা মাগধী প্ৰাকৃতৰ পৰা জন্ম হোৱা নাই, কামৰূপী প্ৰাকৃতৰ পৰাহে জন্ম হৈছে৷ (Neog, 1964, p. 50; হাজৰিকা, ১৯৮৮, পৃ.৬৬)
  •  কালিৰাম মেধিৰ মতে অসমীয়া ভাষাৰ জন্ম অকল মাগধী প্ৰাকৃতৰ পৰাই হোৱা নাই, প্ৰাচ্য আৰু পশ্চিমা প্ৰাকৃতৰ মিশ্ৰণতহে ইয়াৰ জন্ম হৈছে৷ (মেধি, ১৯৯৯, পৃ.১২)
  •  কনকলাল বৰুৱাৰ মাত অসমীয়া ভাষাৰ জন্ম পৈশাচী প্ৰাকৃতৰ পৰা হৈছে৷ ( Baruah, 1978, p. 18)
  • নাথান ব্ৰাউনে ‘‘অধুনালুপ্ত কোনো এক অনা-আৰ্য ভাষাৰ ওপৰত সংস্কৃত ভাষাটোৰ গাঁথনি জাপি দিয়াৰ ফলত ইয়াৰ জন্ম’’ বুলি ব্যক্ত কৰিছিল৷ (Bronson, 1867, p.iv)
  • দেবানন্দ ভৰালিৰ মতে অসমীয়া ভাষাটো বিভিন্ন প্ৰাকৃতৰ সংমিশ্ৰণত উদ্ভৱ হৈছে৷ তেওঁ অসমীয়া ভাষাৰ উৎপত্তিৰ আলোচনা সন্দৰ্ভত সৌমাৰ প্ৰাকৃত আৰু কামৰূপী প্ৰাকৃতৰ অস্তিত্বৰ কথাও উল্লেখ কৰিছে৷ (ভৰালি,১৯৯৩, পৃ. ৩০-৩৫)

            এই মন্তব্যসমূহ বিশ্লেষণ কৰিলে দেখা যায় যে, অধিকাংশ পণ্ডিতে ‘মাগধী প্ৰাকৃত’কে অসমীয়া ভাষাৰ মূল বুলি মানি লৈছে৷ আনহাতে যিসকলে অসমীয়া ভাষাৰ মূল কামৰূপী প্ৰাকৃত বুলি কৈছে তেওঁলোকে কিন্তু কামৰূপী প্ৰাকৃতৰ অস্তিত্ব আৰু বিশেষত্ব সম্পৰ্কে তথ্যসহ বিশেষ যুক্তি আগবঢ়াব পৰা নাই৷ তদুপৰি অসমীয়া ভাষাৰ তদ্ভৱ শব্দবোৰৰ গঠন আৰু বিকাশ মাগধী প্ৰাকৃতৰ জৰিয়তে সুন্দৰকৈ ব্যাখ্যা কৰি দেখুৱাব পাৰি৷ এনে কাৰণতেই পণ্ডিতসকলে অসমীয়া ভাষাৰ জন্ম মাগধীৰ পৰাই হৈছে বুলি অভিমত প্ৰকাশ কৰিছে৷
            অসমীয়া ভাষা মূলতঃ আৰ্য ভাষা সম্ভূত যদিও ক্রমবিকাশৰ ভিন্‌ ভিন্‌ স্তৰত বিভিন্ন থলুৱা উপাদান গ্ৰহণ কৰি এক নব্য বৈশিষ্ট্যৰে উদ্ভাসিত হৈছে৷ এই ভূখণ্ডত প্ৰচলিত হৈ থকা অষ্ট্ৰিক ভাষা, তিব্বত-বৰ্মী ভাষাগোষ্ঠীৰ অন্তৰ্গত ভিন্‌ ভিন্‌ ভাষাসমূহেও অসমীয়া ভাষাৰ শ্ৰীবৃদ্ধিত সহায় কৰিছে৷ তদুপৰি অনেক বিদেশী ভাষাৰ শব্দও অসমীয়া ভাষাত প্ৰৱেশ কৰি এক নব্য ৰূপ প্ৰদান কৰিছে৷ ( Grierson,1967, p.393; Chatterji, 1974, p.79; Kakati,1941, pp. 284-289; Das, 2010, p.39) বিভিন্ন ধ্বনিতাত্ত্বিক, ৰূপতাত্ত্বিক পৰিৱৰ্তনেৰে খ্ৰীষ্টাব্দ সপ্তম শতিকামানৰ পৰাই সুকীয়া ৰূপ পৰিগ্ৰহণ কৰি সম্ভৱতঃ দশম-একাদশ শতিকামানৰ ভিতৰত মাগধী প্ৰাকৃতৰ পূৰ্ব-মাগধী অপভ্ৰংশৰ পৰা নানা স্থানগত বৈশিষ্ট্যৰে অসমীয়া ভাষাই স্বতন্ত্ৰ ৰূপত আত্মপ্ৰকাশ কৰিলে৷ অসমীয়া ভাষা বৰ্তমান এনে এটা পৰ্যায়ত উপনীত হৈছে, যিটো পৰ্যায়ত বিভিন্ন উপাদানবোৰৰ চিনাক্তকৰণ কঠিনেই নহয়, এক প্ৰকাৰে অসম্ভৱেই হৈ পৰিছেগৈ৷ পৰিণতি স্বৰূপে অসমীয়া ভাষা আৰ্য ভাষা সম্ভূত ভাষা যদিও অনাৰ্য ভাষাৰ বৈশিষ্ট্যহে ইয়াত বেছিকৈ ফুটি ওলাইছে৷ আৰ্যভাষাত নোহোৱা নোপজা নানান গুণেৰে বিভূষিতা হৈ অসমীয়া ভাষাই স্বকীয়ত্ব প্ৰতিপন্ন কৰিছে৷ এনেদৰেই অসমীয়া ভাষাই প্ৰাচীন কালৰে পৰা বিভিন্ন স্তৰত বিভিন্ন ৰূপত পৰিৱৰ্তিত আৰু পৰিৱৰ্ধিত হৈ আহি বৰ্তমান অৱস্থাত উপনীত হৈছেহি৷ ২০০১ চনৰ লোকপিয়ল অনুসৰি অসমত অসমীয়া ভাষা কোৱা লোকৰ শতকৰা অংশ হ’ল ৫৭.৮১%৷ (CRI, 2011)
               অসমৰ ভৌগোলিক তথা ঐতিহাসিক ইতিহাস সম্পৰ্কে কৰা আলোচনা কৰিলে এটা কথা স্পষ্ট ৰূপত ফুটি উঠে যে সময়ে সময়ে এই ভূখণ্ডৰ ভৌগোলিক সীমাৰ পৰিৱৰ্তন ঘটিছে আৰু ভিন্‌ ভিন্‌ সময়ত বিভিন্ন ৰাজবংশই ৰাজত্ব কৰিছিল৷ শেহতীয়াভাৱে ব্ৰিটিছসকলে তেওঁলোকৰ ঔপনিৱেশিক স্থাপন কৰেহি ১৮২৬ খ্ৰীঃ৷ সেই সময়লৈকে ভাৰতবৰ্ষৰ লগত পোনপটীয়াভাৱে অসমৰ কোনো স্থায়ী সম্বন্ধ নাছিল৷ ব্ৰিটিছে ৰাজ্য শাসনৰ সুবিধাৰ্থে ভাৰতৰ ৰাজনৈতিক সীমাৰ লগত এই ভূখণ্ডক চামিল কৰে৷ ভাৰতবৰ্ষৰ জনসাধাৰণে নিজৰ প্ৰাপ্য স্বাধীনতাৰ দাবীত আৰম্ভ কৰা স্বাধীনতাৰ যুঁজত অসমো অংশীদাৰ হয় আৰু ১৯৪৭ খ্ৰীঃ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ লগে লগে অসমেও ভাৰতবৰ্ষৰ অংশ হিচাপে স্বাধীনতা লাভ কৰে৷ তেতিয়াৰে পৰা বৰ্তমানলৈকে অসম ভাৰতবৰ্ষৰ ৰাজনৈতিক ছত্ৰছায়াতে আছে৷ অৱশ্যে তাৰ পাছতো সময়ে সময়ে ইয়াৰ ভৌগোলিক পৰিসীমাৰ পৰিৱৰ্তন সাধন হৈছে৷
                  অসমৰ জনগাঁথনিক নৃতাত্ত্বিক, ভাষিক বা ধৰ্মীয় দিশেৰে বিশ্লেষণ কৰিলে আৰু এটি কথা স্পষ্ট ৰূপত ফুটি উঠে অসম নামৰ এই ভূখণ্ডটিত প্ৰকৃতাৰ্থতে যথেষ্ট অনৈক্য বিৰাজমান আৰু বহুধা বিভক্ত জনগোষ্ঠীয় সমষ্টিৰে ভৰপুৰ৷ এই ভূখণ্ডত বাস কৰা জনগোষ্ঠীসমূহৰ প্ৰত্যেকৰে কেতবোৰ নিৰ্দিষ্ট বিশ্বাস, ৰীতি-নীতি বিৰাজমান যদিও অসমৰ ভৌগোলিক অৱস্থা তথা সামাজিক গাঁথনিয়ে কেতবোৰ ৰীতিনীতি সকলোৰে উমৈহতীয়া সম্পত্তি ৰূপে তুলি ধৰিছে৷ এই ভূখণ্ডত বিভিন্ন জনগোষ্ঠীৰ লোকে ওচৰা-ওচৰিকৈ বসবাস কৰাৰ ফলত তেওঁলোকৰ মাজত আদান-প্ৰদান, অনুবৰ্তন আদি ক্রিয়াৰ ফলত এক বিশেষ ধৰণৰ সমাজ গাঁথনি তৈয়াৰ হৈছে৷ অসমীয়া সমাজ জীৱনত এই ভূখণ্ডৰ সঘনে পৰিৱৰ্তিত ৰাজনৈতিক উত্থান-পতনেও প্ৰভাৱ বিস্তাৰ কৰিছে৷ আনহাতে অসমত বাস কৰা কোনো জনগোষ্ঠীয়েই বৰ্তমান নৃতাত্ত্বিক মতে বিশুদ্ধ নহয়৷ ধাৰণা কৰিব পাৰি এসময়ত এওঁলোকৰ মাজত স্বেচ্ছামূলক মিলনৰ লগত বলপূৰ্বক মিলনো যথেষ্ট ঘটিছিল৷ অসমত প্ৰচলিত বিভিন্ন ধৰ্মীয় পৰম্পৰাইও অসমীয়া সামাজ জীৱনত গভীৰ প্ৰভাৱ বিস্তাৰ কৰি আছে৷ আগৰে পৰা থকা কিছুমান বিশ্বাস পিছত অসমলৈ প্ৰব্ৰজন কৰা লোকসকলে নিজৰ কৰি লৈছে বা পিছত অসমৰ ভূখণ্ডত ভৰি দিয়া জনগোষ্ঠীসমূহৰ বহু পৰম্পৰা আগৰসকলৰ মাজত সোমাই পৰিছে৷ নৃতাত্ত্বিক বিশ্লেষণত আৰু এটা কথা স্পষ্টৰূপত ফুটি উঠিছে অসমৰ জনগাঁথনিত বিভিন্ন নৃগোষ্ঠীয় প্ৰজাতিৰ সংমিশ্ৰণ ঘটিছে যদিও এই জনগাঁথনিত কিৰাতসকলৰ অৱদান আটাইতকৈ বেছি৷ এই ক্ষেত্ৰত সদানন্দ চলিহাৰ এষাৰ মন্তব্য উল্লেখযোগ্য ‘‘ইংৰাজীত এটা প্ৰবাদ আছে ‘Scratch a Russian and you’ll find a tarter’, ৰুচ মানুহ এজনৰ গাৰ চালখনত চিকোট মাৰি দিয়া; দেখিবা তাৰ্তৰ এটা ওলাই পৰিছে৷ অনুৰূপ ধৰণে আমিও ক’ব পাৰোঁ অসমীয়া মানুহ এজনৰ গাৰ ছালখনত চিকোট মাৰি দিয়া, দেখিবা কিৰাত এটা ওলাই পৰিছে (Scratch a Assamese and you’ll find a Kirata)৷’’ (চলিহা, ১৯৯১, পৃ. ৭৫) অৱশ্যে এটা কথা ঠিক যে সাম্প্ৰতিক কালৰ অসমীয়া সমাজ সংস্কৃতিত আৰ্যসকলৰ অৱদান অতি গভীৰ৷

প্ৰসংগপুথি

অসমীয়া গ্ৰন্থ

কলিতা, ৰমেশ চন্দ্ৰ (২০০৬); অসমৰ কালানুক্ৰমিক ইতিহাস; গুৱাহাটীঃ অসম প্ৰকাশন পৰিষদ৷
কৌশাম্বী, ডি. ডি. (১৯৮১); ভাৰতৰ ইতিহাস; (ভট্টাচাৰ্য, বীৰেন্দৰ কুমাৰৰ অনুঃ)গুৱাহাটীঃ অসম প্ৰকাশন পৰিষদ (প্ৰথম প্ৰকাশ, ১৯৫৬)
গোস্বামী, চণ্ডীচৰণ (২০০৭); ‘অসমীয়া শৈৱ আৰু শাক্ত সাহিত্যৰ ঐতিহ্য’; বৰা, প্ৰফুল্ল চন্দ্ৰ (সম্পাঃ)ৰ ঐতিহ্যঃ অসমীয়া সাহিত্য (পৃ. ১৩৫-১৩৯); যোৰহাটঃ হেৰিটেজ আছাম৷
চলিহা, সদানন্দ (১৯৯১); ‘অসমৰ জনগোষ্ঠীত মঙ্গোলীয় উপাদান’; গোস্বামী, প্ৰকাশ আৰু চৌধুৰী, সতীশ চন্দ্ৰ (সম্পাঃ)ৰ বুৰঞ্জীৰ প্ৰকৃতি আৰু স্বৰূপ (পৃ.৫০-৫৬);যোৰহাটঃ অসম সাহিত্য সভা
ঠাকুৰ, নগেন (১৯৮৩); ভাৰতীয় ভাষাৰ পৰিচয়; গোলাঘাটঃ ভাৰতী বুক ষ্টল৷
দাস, ভুবন মোহন(২০০৫); ‘জনগোষ্ঠীত প্ৰজাতীয় উপাদান’; অসম সাহিত্য সভাৰ অসমীয়া জাতিৰ ইতিহাস (পৃ. ৯-৩০); যোৰহাটঃ অসম সাহিত্য সভা
বৰা, দিলীপ (২০০৮); সমাজ সাহিত্য আৰু সংহতি; গুৱাহাটীঃ ভৱানী অফচেট এণ্ড ইমেইজিং ছিষ্টেমছ্ প্ৰাঃ লিঃ৷
বৰ্মন, শিৱনাথ (১৯৯৫); অসমৰ জনজাতি সমস্যা; গুৱাহাটীঃ প্ৰগেচিভ বুক হাউচ৷
ভৰালি, দেৱানন্দ (১৯৯৩); অসমীয়া ভাষাৰ মৌলিক বিচাৰ; গুৱাহাটীঃ লায়াৰ্ছ বুক ষ্টল৷
মহন্ত, প্ৰফুল্ল (২০০৯); অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস; গুৱাহাটীঃ লায়াৰ্ছ বুক ষ্টল৷
মহন্ত, প্ৰফুল্ল (২০০৯-ক); জনগোষ্ঠীগত চেতনাঃ আত্মপ্ৰতিষ্ঠাৰ প্ৰশ্ন; গুৱাহাটীঃ লায়াৰ্ছ বুক ষ্টল৷
মেধি, কালিৰাম (১৯৯৯); অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব; গুৱাহাটীঃ লায়াৰ্ছ বুক ষ্টল৷
হাজৰিকা, বিশ্বেশ্বৰ (১৯৮৮); অসমীয়া ভাষাৰ উৎপত্তি আৰু ক্ৰমবিকাশ; গুৱাহাটীঃ জাতীয় সাহিত্য পৰিষদ৷

ইংৰাজী গ্ৰন্থ

Arnold, D. (Ed.)(2010). A History of India by Burton Stein. Wiley Blackwell, A John Wiley & Sons Ltd. Publication.
Baruah, K. L. (1978). Early History of Kamrupa. New Delhi: Sahitya Academy.
Bronson, M. (1867). A Dictionary in Assamese and English. Sibsagor: American Baptist Mission Press.
Chatterji, S. K. (1974). Kirat Jana Kriti. Kolkata: The Asiatic Society.
Chatterji, S. K. (1970). The Place of Assam in the History and Civilisation of India. Guwahati: Gauhati University.
Das, B. M. (2010). The People of Assam. New Delhi: Gyan Publishing House.
Govt. of India. Cencus Report of India.( 2001). People of Assam. Retrieved from http://www.censusindia.gov.in
Govt. of India. Cencus Report of India.( 2011). People of Assam. Retrieved from http://www.censusindia.gov.in
Grierson. A. G. (1967). Linguistic Survey of India. Delhi: Motilal Banarsidass.
Kakati, B. K. (1941). Assamese : Its Formation and Development. Shillong: Government of Assam.
Kosambi, D. D. (1965).The Culture and Civilisation of Ancient India in Historical Outline. London: Routledge & Kegan Paul.
Neog, D. (1964). The Origin and Growth of the Asamiya Language. Guwahati. s.n.
Sharma, R. S. (1990). Sudras in Ancient India: A Social History of the Lower Order Down to Circa A D 600. Delhi: Motilal Banarsidas.
Thapar, R. (1990). A History of India (Vol 1). Penguin Books. s.n.

( টোকাঃ ত্ৰিদীপ কুমাৰ বৰুৱালৈ বিশেষ কৃতজ্ঞতাৰে৷ )