ভবেন্দ্ৰনাথ
শইকীয়াৰ নাটকৰ চৰিত্ৰবোৰৰ মাজত গভীৰ পৰ্যবেক্ষণ
আৰু মানৱ চৰিত্ৰৰ বৈচিত্ৰ্যময় প্ৰকাশ ঘটা দেখিবলৈ পোৱা যায়৷ ইতিমধ্যে নাটকখনৰ বিষয়ে কৰা আলোচনাত সপষ্ট ৰূপে ফুটি উঠিছে যে নাটকখনৰ সবৰ্মুঠ চৰিত্ৰৰ সংখ্যা ছ টা ক্ৰমে- চকীদাৰ, চকীদৰাণী, বিজুলী, ভাস্কৰ, মনোহৰ আৰু মৃণাল৷ চকীদাৰ-চকীদাৰণীৰ চৰিত্ৰ দুটি এহাল বৃদ্ধ পিতৃ-মাতৃৰ চৰিত্ৰ৷ তেখেতসকলে সকলোৰে সুখ-শান্তি কামনা কৰে৷ সহজ-সৰল এই চৰিত্ৰ দুটিৰ মাজতো মানৱতাৰ অমল ধাৰা বৈ আছে৷ সেইবাবেই তেখেতসকলে কলেজখনত অধ্যয়ন কৰি থকা সকলো ছোৱালীকে নিজৰ পুত্ৰীসম জ্ঞান কৰাৰ কথা উল্লেখ কৰিছে- ‘‘থাকোঁতেতো কলেজখনৰ আটাইমখা ছোৱালীয়েই আমাৰ নিজৰ ছোৱালী’’৷ (শইকীয়া, ২০০৫, পৃ; ১৩১) ঠিক সেইদৰে মনোহৰে তেখেতৰ ছোৱালীজনীক এবাৰ চাবলৈ বিচৰাৰ বাবে ভাস্কৰে বাধা দিয়াৰ পাচতো বিজুলীয়েমাতিছে বুলি কলেজলৈ মাতি আনিছে৷ তেখেতসকলে সন্তানৰ প্ৰতি থকা পিতৃৰ মৰমখিনি অনুভৱ কৰিয়েই এনে কাৰ্য কৰিছে; কাৰণ তেখেতসকলেও নিজৰ প্ৰথম সন্তানটি হেৰুৱাইছে বাবে মনোহৰৰ অনুভৱখিনি ভালদৰে অনুধাৱন কৰিছে৷ নাটকখনৰ আটাইতকৈ মনোমোহা চৰিত্ৰটো হ’ল বিজুলী৷ কলেজৰ চতুৰ্থ বৰ্ষত পঢ়ি থকা এই ছোৱালীজনীৰ অন্তৰ ভৰি বৈ আছে মৰম-চেনেহ, আন্তৰিকাৰ এখন বিশাল নদী৷ তাই তাইৰ কাৰ্য-কলাপেৰে সেইবাবেই ভাস্কৰহঁতৰ দৰে গণবিচ্ছিন্ন বিদ্ৰোহত কাৰ্য লিপ্ত থকা ব্যক্তিসকলৰ মনতো প্ৰেমৰ অমৃত ধাৰা বোৱাব পাৰিছে৷ ইতিমধ্যে উল্লেখ কৰা হৈছে যে তাই উত্তৰ পুৰুষৰ প্ৰতিনিধি৷ উত্তৰ পুৰুষে তেওঁলোকৰ ভৱিষ্যতৰ বাবে কেনে এখন পৃথিৱী কামনা কৰে সেই কথা তাইৰ বিভিন্ন সংলাপত ফুটি উঠিছে৷ তদপুৰি তাই বুদ্ধিমতী আৰু সকলো কথা ভালদৰে বিচাৰ কৰি চাব জানে৷ সেইবাবেই মৃণালে তাইক খেলিবলৈ পাহৰিলোঁ বুলি কওঁতে ব্যক্ত কৰিছে- ‘‘ইচ্ছা কৰিলে মানুহে জীৱনৰ শেষ মুহূৰ্তলৈকে খেলিব পাৰে৷ কিন্তু কথা হ’ল কি খেল আপুনি খেলিব? সৌ তাত থকা ঝুলনাখনত যদি আপুনি ঝুলিবলৈ যায় তেতেন হয়টো শিকলিদাল ছিগি যাব৷ সেই কাৰণে আপুনি এনেকুৱা এডাল শিকলি উলিয়াব লাগিব যিডাল সহজে নিছিগে৷’’ (শইকীয়া, ২০০৫, পৃ; ১৩১) এই কথাষাৰৰ মৰ্মাথ অনুধাৱন কৰিলেই বিজুলীৰ চৰিত্ৰটোৰ বুদ্ধিমতী আৰু জীৱনৰ প্ৰতি থকা গভীৰ দৃষ্টিভংগীৰ দিশটো উদ্ভাসিত হৈ উঠে৷ ইতিমধ্যে নাটকখনৰ বিষয়ে কৰা আলোচনাৰ প্ৰসংগত বিজুলী চৰিত্ৰটোৰ আন দিশবোৰৰ কথা উল্লেখ কৰি অহাৰ বাবে পুনৰাই আলোচনা কৰা নহ’ল৷ এই কেইটা চৰিত্ৰৰ উপৰি নাটকখনত থকা আন চৰিত্ৰ কেইটা হ’ল- ভাস্কৰ, মনোহৰ আৰু মৃণাল৷ তেখেতসকল কোনো বিদ্ৰোহী গোটৰ সদস্য৷ কোনো এক বিশেষ পৰিকল্পনা কাৰ্যকৰি কৰিবৰ বাবে তেখেতসকল আহি চহৰত উপস্থিত হৈ ছোৱালী মহাবিদ্যালয়খনৰ এটা কোঠাত দিনটো জিৰণী ল’বৰ বাবে উপস্থিত হৈছেহি৷ ভাস্কৰ হ’ল এই গোটটোৰ দলপতি৷ মন কৰিবলগীয়া যে এই তিনিটা চৰিত্ৰ বিদ্ৰোহী গোটৰ তিনিটা প্ৰজন্মৰ প্ৰতিনিধি৷ মনোহৰ আদহীয়া, ভাস্কৰ ডেকা আৰু মৃণাল যুব প্ৰজন্মৰ প্ৰতিনিধি৷ তেখেতস্কসকলৰ মনতো এখন শান্তিপূৰ্ণ পৃথিৱীৰ কামনা আছে, হাতত ৰিভলভাৰ তুলি ললেও তাৰ মাজতে লুকাই আছে এখন মৰম আঁকলোৱা হৃদয়৷ তেখেতসকলে বুকুত শিল থৈ এই কৰ্মত লিপ্ত হৈছে৷ কিন্তু বিজুলীৰ কৰ্মকাণ্ডত, কথা-বতৰাত তেখেতসকলৰ মনৰ গহন বনত লুকাই থকা সত্তাটোৱে আত্মপ্ৰকাশ কৰিছে, বিজুলীৰ মনৰ পোহৰেৰে তেখেতসকল উদ্ভাসিত হৈ উঠিছে৷ কিন্তু তেখেতসকলেও জানে যে তেখেতসকলে যি পথত ভৰি দিলে সেই পথৰ পৰা সহজে আঁতৰি আহিব নোৱাৰে৷ সৰ্বসাধাৰণ ৰাইজ, দেশৰ চৰকাৰ আদিয়েও তেখেতসকলক সহজে বিশ্বাস নকৰিব৷ সেইবাবেই নিজৰ ছোৱালীজনীক চাবলৈ উদ্বাউল হোৱা মনোহৰেই আগভাগ লৈ তাৰ পৰা আঁতৰি গৈছে৷ মৃণালেও এই পথ এৰি দিম বুলি ব্যক্ত কৰি ভাস্কৰৰ সৈতে তৰ্ক কৰিছে- ‘‘ জানো মোৰ প্ৰয়োজন আছে৷ (অধীৰ হৈ) কিন্তু মই কি পাম? কোনোবাই ক’ৰবাত কেতিয়াবা মুকলি দেশ এখনত মনৰ সংসাৰ পাতিব; পুলিচৰ লগত বহি তাই একেলগে ভোজ খাবি কিন্তু মই কি পাম?সেইদিনা মই জীৱনৰ সংসাৰৰ কিবা চাবলৈ পাম বুলি তই মোক প্ৰতিশ্ৰুতি দিব পাৰিবি? নোৱাৰ৷তই একো প্ৰতিশ্ৰুতি দিব নোৱাৰ৷ সেইকাৰণে তই মোক ধৰি ৰাখিবও নোৱৰ৷’’ (শইকীয়া, ২০০৫, পৃ; ১৫৩) কিন্তু শেষত তেখেতো ভাস্কৰহঁতৰ লগতেই ওলাই গৈছে৷ তথাপিতো মৃণালৰ চৰিত্ৰটোৰ মাজত নাট্যকাৰে এনে বিদ্ৰোহী গোটবোৰৰ সাধাৰণ কেডাৰসমূহৰ মনৰ বাৰ্তা দিছে৷ এই তিনিওটা চৰিত্ৰ কোনো বিদ্ৰোহী গোটৰ প্ৰতিনিধিত্ব কৰা চৰিত্ৰ হিচাপে চিহ্নিত কৰিব পাৰি৷ তিনিওটা চৰিত্ৰ মাজত বিৰোধ দেখোৱাই নাট্যকাৰে নাটকখনৰ সংঘাত সাৰ্থকৰূপে প্ৰতিপাদন কৰিছে৷ শ্ৰেণী চৰিত্ৰ প্ৰকাশক চৰিত্ৰ হিচাপে এই কেইটা সাৰ্থক চৰিত্ৰ৷ মন কৰিবলগীয়া যে চৰিত্ৰ কেইটাক কিন্তু একাষাৰে বেয়া চৰিত্ৰ বুলি কৈ দিব নোৱাৰো৷ এয়াই নাট্যকাৰৰ সফলতা৷ এক কথাত ক’বলৈ গ’লে নাট্যকাৰ শইকীয়া এই নাটকখনৰ চৰিত্ৰ সৃষ্টিত সাথৰ্কতা লভি কৰিছে৷
এই
নাটকখনৰ প্ৰাসংগিকতা সাম্প্ৰতিক সময়তো বিদ্যমান৷ স্বৰাজোত্তৰ কালত, বিশেষ কৈ আশীৰ দশকৰ পাচৰ পৰা অসমত এনে ধৰণৰ বিভিন্ন ঘটনা সংঘটিত হৈছে৷ সেইবাবেই অসম সাহিত্য সভাই সংকলিত কৰা আধুনিক
অসমীয়া নাট্য
সম্ভাৰৰ
‘নাটকসমূহৰ বিষয়বস্তু’ শিতানত উল্লেখ কৰিছে- ‘‘কেইগৰাকীমান গণবিচ্ছিন্ন বিদ্ৰোহী ব্যক্তিৰ প্ৰসংগৰে নাটখনি ৰচনা কৰা হৈছে৷প্ৰেম বিচ্ছেদ আৰু আস্থাই হ’ল এই নাটকখনৰ প্ৰধান বিষয়৷ বৰ্তমান চৌদিশে গা-কৰি উঠা সশস্ত্ৰ সংগ্ৰামৰ বিপৰীতে সমাজৰ হৃদয়বান মানুহৰ পুনৰুত্থান কৰি এখন নতুন সমাজ সৃষ্টিৰ প্ৰৱণতা নাটখনিত বিদ্যমান৷’’ (পাটগিৰী, ২০০৫, পৃ; সংখ্যা উল্লেখ নাই) এয়াই নাটকখনৰ মূল বক্তব্য৷
প্ৰসংগ পুথি আৰু গ্ৰন্থপঞ্জী
অসমীয়া গ্ৰন্থ
কলিতা, ৰমেশ চন্দ্ৰ (২০০৬);অসমৰ
কালানুক্ৰমিক ইতিহাস; গুৱাহাটীঃ অসম প্ৰকাশন পৰিষদ৷
গগৈ, হীৰেন (২০০৪);অসমৰ
জাতীয় জীৱনত
সংহতি আৰু
সংঘাত;
গুৱাহাটীঃ অসম প্ৰকাশন ন্যাস৷
গোহাঁই,হীৰেন (১৯৮৮);অদৃষ্ট
আৰু অসম; গুৱাহাটীঃ শান্তি প্ৰকাশ৷
গোহাঁই,হীৰেন (সম্পাঃ) (১৯৮২);সৈনিক
শিল্পী বিষ্ণুৰাভা; নলবাৰীঃ জাৰ্ণাল এমপ’ৰিয়াম৷
গোস্বামী, ৰাম (২০০৩, নৱেম্বৰ); ‘ভবেন্দ্ৰনাথ শইকীয়া আৰু তেওঁৰ নাটক’;গৰীয়সী (পৃ ১৭-২০)
নেওগ, মহেশ্বৰ (১৯৮৭);অসমীয়া
সাহিত্যৰ ৰূপৰেখা; গুৱাহাটীঃ চন্দ্ৰ প্ৰকাশ৷
পাটগিৰী, জগদীশ (সম্পাঃ) (২০০৫);আধুনিক
অসমীয়া নাট্য
সম্ভাৰ; গুৱাহাটীঃ
অসম সাহিত্য সভা৷
বৰঠাকুৰ, মাহেন্দ্ৰ (২০০৩, নৱেম্বৰ); ‘নাটকৰ মাজত ডঙ্ম ভবেন্দ্ৰনাথ শইকীয়া’;গৰীয়সী (পৃ ২৩-২৬)
বৰা, মহেন্দ্ৰ (১৯৮৫);
সাহিত্য উপক্ৰমণিকা;গোলাঘাটঃ ভাৰতী বুক ষ্টল৷
বৈশ্য, প্ৰবীণ (১৯৮২); ‘কমৰেদ ৰাভাঃ অসমৰ বামপন্থী আন্দোলনৰ এটি অসমাপ্ত পৰ্ব’;গোহাঁই হীৰেন (সম্পাঃ)ৰসৈনিক
শিল্পী বিষ্ণু
ৰাভা
(পৃ ১০৬- ১১৮) নলবাৰীঃ জাৰ্ণল এমপ’ৰিয়াম৷
ভট্টাচাৰ্য, হৰিচন্দ্ৰ (১৯৮৮);অসমীয়া
নাট্য সাহিত্যৰ
জিলিঙনি (আদিৰ
পৰা ১৯৬৭
চন পৰ্যন্ত); গুৱাহাটীঃ লয়াৰ্ছ বুক ষ্টল৷
ভৰালী, শৈলেন (২০০৮);অসমীয়া
নাটকঃ স্বৰাজোত্তৰ
কাল; গুৱাহাটীঃ
চন্দ্ৰ প্ৰকাশ৷
ভৰালী, শৈলেন (১৯৯৫);ট্ৰেজেদি
বিচাৰ; গুৱাহাটীঃ
চন্দ্ৰ প্ৰকাশ৷
মহন্ত, পোনা (২০০৩, নৱেম্বৰ); ‘ড০ ভবেন্দ্ৰনাথ শইকীয়াঃ নাট্যকাৰজন আৰু কিছু কথা’;গৰীয়সী
(পৃ ৪৩-৪৪)
মহন্ত, পোনা (১৯৯৩); ‘অসমীয়া নাটক (১৯৫০-৯০)’; বৰগোহাঞি, হোমেন(সম্পাঃ)ৰ অসমীয়া
সাহিত্যৰ বুৰঞ্জী
(ষষ্ঠ খণ্ড); গুৱাহাটীঃ আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা৷
মহন্ত, প্ৰফুল্ল (২০০৯);অসমীয়া
মধ্যবিত্ত শ্ৰেণীৰ
ইতিহাস; গুৱাহাটীঃ
লয়াৰ্ছ বুক ষ্টল৷
শৰ্মা, সত্যেন্দ্ৰনাথ (১৯৯৬);অসমীয়া
সাহিত্যৰ সমীক্ষাত্মক
ইতিবৃত্ত; গুৱাহাটীঃ
সৌমাৰ প্ৰকাশ৷
শইকীয়া, ভবেন্দ্ৰনাথ (২০০৫);এজাক
জোনাকীৰ জিলমিল (পৃ ১২৭-২৫৫) পাটগিৰী জগদীশ (সম্পাঃ)ৰআধুনিক
অসমীয়া নাট্য
সম্ভাৰ;
গুৱাহাটীঃ অসম সাহিত্য সভা৷
হাজৰিকা, অতুলচন্দ্ৰ (১৯৯৫); মঞ্চলেখা; গুৱাহাটীঃ লয়াৰ্ছ বুক ষ্টল৷
বাংলা গ্ৰন্থ
ঘোষ, অজিতকুমার (১৯৮৬);নাটকের
কথা; কলকাতাঃ
সাহিত্য লোক৷
ভট্টাচাৰ্য, সাধনকুমাৰ (১৯৭৮);নাট্যতত্ব
মীমাংসা; কলকাতাঃ
কৰুণা প্ৰকাশনী৷
ইংৰাজী গ্ৰন্থ
Bhuyan. A. C. &et.
al. (Eds.) (1980).Political History
of Assam, Vol III. Guwahati: Publication Board Assam.
Guha, A. (1988). Planter
Raj to Swaraj : Freedom Struggle and Electoral Politices in Assam, 1826-1947.
Delhi: People’s Publication House.
Hudson, W. H. (1983). An
Introduction to the Study of Literature. New Delhi: Kalyani Publisers.
Mahanta, P. (1985). Western
Influence on Modern Assamese Drama. Delhi: Mittal Publication.
Nicholl, A. (1969).The
Theory of Drama.New Delhi: Doaba House.
Peacock, R. (1957).The
Art of Drama. London: Broadway House.
Rao, V. V. (1976). A
Century of Tribal Politics in North-East India, 1874-1974. New Delhi: S
Chand and Co.
*** ****** ***
Thank you sir
ReplyDelete