কোঠালিটোৰ দুৱাৰখন খুলিয়েই চকুত পৰিল বেৰতখকা এখন পেইন্টং, শান্ত-সমাহিত ৰূপত থকা অমিতাভ৷ লেপটপ খুলি দুজন ডেকা ব্যস্ত জালপঞ্জী পঢ়াত৷ গান এটা বাজি আছে— অ’ মাই শ্লিপিং চাইল্ড, দ্যা ৱল্ড চ’ ৱাইল্ড…
কোঠাটোত থকা টেবুলখন আগুৰি আৰু কেইজনমান ডেকা, সকলো মৌন, কিবা যেন ভাবত বিভোৰ৷ ‘লাইখ এণ্ড আনৰিয়েল ইনচেপাৰেবল, ইফ ইউ বিগিন উইথ লাইফ— ইউ ফাইণ্ড আনৰিয়েলিটি বিহাইণ্ড ইট এণ্ড ভাইচ-ভাৰ্চ’৷ এজনে হঠাৎ কৈ উঠিল৷
এইবাৰ জালুকবাৰীত সোণাৰু বেছিকৈ ফুলিছে৷ চেমিষ্টাৰ হৈ গ’ল বাবে নেকি?অনজনে ক’লে৷
‘সময় নাই কাৰো৷ ভীষণ ব্যস্ত লাইফ৷ তাতে প্ৰায় সকলোৰে হাতে হাতে ইন্টাৰনেট৷ কোনে ফুল চাই কবিতা লিখিব৷ চাইবাৰ ৱল্ডত ব্যস্ত৷’ মই কলোঁ৷
কোঠালিটোৰ আলমাৰিটোৰ চুকত থকা মুখাটোৱে সন্তৰ্পনে ওলাই আহি বহি ল’লে মাজৰ টেবুলখনত৷ কাঁহ এটা মাৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰি মুখত মিচিকিয়া হাঁহিৰে আৰম্ভ কৰিলে— নহ’বই বা কিয়?দেখা নাই গোলোকীকৰণৰ যুগ৷ ‘দৌৰাদৌৰী জীৱন সলনি কৰাৰ চুক্তি৷’ মোৰ চকুত চকু থৈ চা…
চকুৰ ভিতৰত আন এটা চকু… …নে আন এখন পৃথিৱী৷ দৌৰাদৌৰী… …তাতো একেই! হঠাৎ চকুত পৰিল কিতাপৰ চুক এটাত পিতাই৷ মোক দেখি তেওঁৰ চকু তিৰ্বিৰাই উঠিল৷ কেঁকনি এটা মাৰি ক’লে—
—উঁয়ে খোৱা সাঁচিপাতৰ বুকুত মোক আৰু কিমান সামৰি ৰাখিবি? শুবও নোৱাৰোঁ৷ তাতে সকলোতে দেখোন মিছা প্ৰতিশ্ৰুতি, উপেক্ষিত কৰি ৰাখে…
—পিতাই, মোৰ পিঠিখন চা…
— কি হ’ল? এইবোৰ যে ঘাঁ৷ চাওঁ মলম …
— নাই নাই পিতাই৷ লাভ নাই৷ দৌৰিছোঁ, কেৱল দৌৰিছোঁ৷ তঁহতৰ কথাবোৰ এতিয়া কিতাপৰ পাতত, তাকো উঁয়ে খাইছে৷ আজি কালি এখন নতুন চাৰ্টফিকেট৷ ৰিজাৰ্ভ ফৰ… … নিজৰেই অৱস্থা নাই৷ তোক কি চাম৷ বাই পিতাই৷ সময় নাই… … দৌৰিব লাগে…
দৌৰিবলৈ আৰম্ভ কৰিলোঁ৷ চকুৰ ভিৰতলৈ আৰু সোমাই গ’লোঁ৷ ব্ৰহ্মপুত্ৰৰ চাপৰিত বালি উৰিছে৷ ফাগুন মাহ…
No comments:
Post a Comment