Friday, July 22, 2011

জীৱনৰ ভগ্নাংশ -২

সেই যে দৌৰিবলৈ আৰম্ভ কৰিছিলোঁ, আজিও দৌৰি আছোঁ৷ ফাগুন মাহ
প্ৰফুল্লই ক’লে— বিশ্বাসেৰে লেনদেন কৰা বৈশ্যদাই বোলে হিচাপৰ খাটা খুলিব৷ সিদিনা পেপাৰত লিখিছিলোঁ তেওঁৰ কথা — পঢ়িলিনে?
—লাভ নাই বুজিছ৷ ঘাঁ টুকুৰা কেনে আছে চাওঁ দৌৰ৷ দেখা নাই আমাৰ লগৰ মনহঁত কিমান আগবাঢ়ি গ’ল৷ দৌৰ
মুছলিম আলি আগবাঢ়ি আহিল—
—ঐ ল’ৰা টকা এটা দে না
—গান এটা গা
সময় বালিত খোজ দিয়াৰ প্ৰয়াস
  কুলীয়ে পু পু পু
কুলীয়ে পু পু পু
—এইটো নহয়, সিটো
  জাহানাৰাই ভৰতক বিছিৰি, বিছিৰি
হোষ্টেলে হোষ্টেলে ঘূৰি ফুৰিছেহায় আল্লা হাই..য
হঠাৎ মনত পৰিল— মুছলিম কা তই বোলে ঢুকাইছিলি
  ঢুকালো হয়৷ কিন্তু তহঁতৰ দৌৰ চাবলৈকে মাজে মাজে আহোঁ, কি কৰি আছ তই, দৌৰ নহ’লে পিছ পৰি যাবি ঘাঁ টুকুৰা বাঢ়িছেনে হঠাৎ মুছলিম কাই দৌৰিবলৈ আৰম্ভ কৰে
চকুৰ আগেদি চাৎকৈ পাৰ হৈ গ’ল৷ কোন? হিয়া নেকি? জলফাই বৰণৰ হেপাঁহ এটাই উক্‌মুকাই উঠিব ধৰিছিল৷ দৌৰিলোঁ আলি কেঁকুৰীটোৰ সিপাৰে তাই নাই৷ সিদিনা জালুকবাৰীত গৌতমৰ সৈতে দেখিছিলোঁ তাইক৷ চকোৱাটোৱে বিনাইছে এসাজ ধোঁৱা বৰণৰ পোচাক পিন্ধি মই মোৰেই প্ৰতিপক্ষ হৈছোঁ যুঁজ কৰিছোঁ৷ জাতীয় নায়ক বানপানী নদীবান্ধ বন্ধ হ’ব লাগে অসম সাহিত্য সভাই অসমীয়া লিপিক বিকৃত কৰিছে লাষ্ট গেটৰ ধৰ্ণা দিবলৈ আহি মৰা মানুহ কেইটাৰ সুবিচাৰ লাগে হাঃ হাঃ হাঃ চাকৰি খুলিব, টেট পৰীক্ষা ‘ফুল ফুটক নাইবা ফুটক/বৃষ্টি নামক নাইবা নামক/ঝর উঠোক নাইবা উঠোক/আজ বসন্ত’হাঃ হাঃ হাঃ ধুৰ পুনৰ পিঠিখনৰ কথা মনত পৰিল৷ লাহে লাহে বাঢ়িছে, গেলিছে৷ শামুক এটাৰ দৰে নিজৰ খোলাৰ ভিতৰতে নিজৰ পৃথিৱীখন গঢ়িছোঁ নেকি?... গোন্ধাইছেও৷ সুগন্ধ নে দুৰ্গন্ধ!...
ৰীতিয়ে চিঞৰি উঠিল— ৰজাই হুকুম দিছে/এদিম চেদিম বাই/কি হুকুম দিছে/ এদিম চেদিম বাই/বান্ধ বনাবৰ বাবে/ এদিম চেদিম বাই/ জনগনক ধৰি আনাহে নাই নাই নোৱাৰোঁ আৰু৷ কি বা হৈছে পুৰণি গীতবাৰ ভাঁহি আহে বেলেগ ধৰণে দৌৰিব ধৰোঁতেই কাণত পৰিল তাইৰ উত্তেজিত কণ্ঠ আজিকালি দৰা-কইনা খেলিব নোৱাৰোঁ কিয়?... নাই মোৰ ওচৰত তাৰ উত্তৰ নাই আগপিছ নুগুনি পুনৰ নতুন উদ্যমেৰে দৌৰিবলৈ আৰম্ভ কৰিলোঁ

No comments:

Post a Comment