Thursday, November 1, 2012

মামণি ৰয়ছম গোস্বামীৰ ‘সংস্কাৰ’


(টোকাঃ ৰামধেনুত software ব্যৱহাৰ কৰি লিখা এই নিবন্ধটো Tezpur University, NLPLab (www.tezu.ernet.in/~nlp/) এ নিৰ্মাণ কৰা Geetanjali to unicode converter v.10 ৰ দ্বাৰা ৰূপান্তৰ কৰি গোটত প্ৰকাশ কৰা হ’ল৷)

গল্পটোৰ কাহিনীভাগঃ


মামণি ৰয়ছম গোস্বামীৰ ‘সংস্কাৰ’ গল্পটো ৰচিত হৈছে পীতাম্বৰ নামৰ ব্যক্তি এজনক কেন্দ্ৰ কৰি৷ অৱশ্যে গল্পটো কিন্তু চৰিত্ৰ প্ৰধান চুটিগল্প নহয়, পৰিস্থিতি প্ৰধান চুটিগল্পহে৷ গ্ৰাম্য সমাজৰ এজন মুৰব্বী স্থানীয় ব্যক্তি পীতাম্বৰ মহাজনৰ বংশৰক্ষা কৰিবলৈ তেওঁৰ উত্তৰ পুৰুষৰ জন্ম নহ’ল৷ সেইবাবেই তেওঁ আজিকালি বৰ অস্থিৰ হৈ থাকে আৰু কিছু পৰিমাণে অস্বাভাৱিক হৈ পৰিছে৷ গাঁৱৰ মানুহৰ লগতে বংশ-পৰিয়ালৰ লোকেও তেওঁক বেয়া ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে৷ প্ৰথম গৰাকী ঘৈণীয়েকৰ মৃত্যুৰ দুমাহ নহওঁতেই পুত্ৰ সন্তানৰ হেঁপাহত তেওঁ দ্বিতীয় বিবাহো কৰিছিল৷ কিন্তু দ্বিতীয়গৰাকী পত্নীয়েও কোনো সন্তান জন্ম দিব নোৱাৰিলে আৰু তাই বতৰ্মান অসুখৰ বাবে শয্যাগত৷ সেই নিৰ্দিষ্ট দিনটোত ঘৰৰ সন্মুখতে তেওঁ বহি আছিল৷ গল্পকাৰৰ ভাষাত তেওঁ যেন ‘‘মাটিৰ তলত কুৰকি কুৰকি এই দৃষ্টিৰে কিবা বুটলিবলৈ চেষ্টা কৰিছিল৷’’ সেই অৱস্থাতে কৃষ্ণকান্ত পুৰোহিত আহি পীতাম্বৰৰ ঘা টুকুৰা খুচৰি দিয়েহি৷ আনকি বতৰ্মানৰ পৰিবাৰৰ মৃত্যু হ’লে বিবাহৰ চিন্তা কৰিছেনে নাই সেই কথাও সোধে৷ তেনে অৱস্থাতে দময়ন্তী নামৰ বিধবা ব্ৰাহ্মণ গৰাকী সেই ফালেদি পাৰ হৈ যায়৷ পুৰোহিতে তাইক কিবা সোধে৷ আমি প্ৰথমবাৰৰ বাবে তেতিয়াই দময়ন্তী নামৰ চৰিত্ৰটোৰ মুখামুখি হওঁ৷ কৃষ্ণকান্তৰ মুখেদি গম পাওঁ যে তাইৰ চৰিত্ৰ পূৰ্বেও ভাল নাছিল আৰু তাই বতৰ্মানো বহু ধৰণৰ অসামাজিক কামত লিপ্ত হৈ থাকে৷ সেই সময়তে কৃষ্ণকান্তই নিজৰ বিপদৰ কথা (দুই ভাইৰ কন্দলৰ ফলত সৃষ্টি হোৱা) কোৱাৰ লগতে দময়ন্তীৰ জৰিয়তে তেওঁৰ বংশৰক্ষা কৰাৰ প্ৰস্তাৱ দিয়ে৷ আনকি তাইক তেওঁৰ সৈতে বিয়াত বহিবলৈ আৰু তেওঁৰ সন্তান জন্ম দিয়াবলৈ মান্তি কৰোৱাৰ গধুৰ দায়িত্বটোও ল’ব বিচাৰে৷ প্ৰসংগক্ৰমে উল্লেখযোগ্য যে দময়ন্তীৰ এজনী ছবছৰীয়া ছোৱালীও আছে৷ কৃষ্ণকান্ত পীতাম্বৰৰ ওচৰলৈ অহাৰ পাছতেই আমি গল্পটোৰ আন এটা চৰিত্ৰ- পীতাম্বৰৰ পৰিবাৰৰ লগত মুখামুখি হওঁ৷ অসুখৰ বাবে তাই বিছনাতে পৰি থাকে৷ কথা বতৰা একো নকয়, কিন্তু চকুৰ চাৱনিৰে নিজৰ মনৰ তলিখন কুৰুংকৈ তুলি ধৰে৷ এয়া অৱশ্যে গল্পকাৰৰ সফলতা৷ নিৰ্বাক চৰিত্ৰ এটাৰ চকুৰ চাৱনিৰে তাইৰ মানসিক স্থিতি ব্যক্ত কৰাত তেওঁ সফলতা লাভ কৰিছে৷ পৰৱৰ্তী সময়ত কৃষ্ণকান্তই সকলো বন্দবস্ত কৰি এদিন পীতাম্বৰক দময়ন্তীৰ কাষলৈ পঠিওৱাৰ দিন ঠিক কৰে৷ আনকি সেই সন্তানটো যাতে তাই নষ্ট কৰি পেলাব নোৱাৰে তাৰো উচিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি কোৱাৰ লগতে শয্যাগত ঘৈণীয়েকক কানিৰ বড়ি এটা খুৱাই দিয়াৰ দিহা দিয়ে৷ নিৰ্দিষ্ট দিনটোত পীতাম্বৰ দময়ন্তীৰ কাষলৈ যাবলৈ ওলায়৷ তাইৰ সৈতে একেলগে কটায় আৰু আমি পৰৱৰ্তী সময়ত আমি গম পাওঁ যে তাই গভৰ্ৱতী হৈছে৷ পীতাম্বৰেও সেই খবৰ কৃষ্ণকান্তৰ জৰিয়তে লাভ কৰে৷ তেওঁ এক সুন্দৰ দিবা স্বপ্নত ভোল যায়৷ কল্পনাৰ ৰাজ্যত বিচৰণ কৰি দময়ন্তীৰ গভৰ্ত স্থিতি লোৱা শিশুটিক যুৱক হিচাপে দেখা পায়৷ আনকি পুৰণা পেৰাৰ মাজত পিতাকৰ অস্থিৰ মাজৰ পৰা বংশ পৰম্পৰাৰ চিহ্ন হিচাপে তেওঁ দি থৈ যোৱা সোণৰ মাদলিৰ সৈতে পোৱালমণি এধাৰি উলিয়াই আনি আনন্দত আত্মহাৰা হৈ থাকে৷ ঘৰত থকা শয্যাগত ঘৈণীয়েকক বেয়া ব্যৱহাৰ কৰে৷ মনৰ মাজত সমাজৰ সকলো সংস্কাৰ শেষ কৰি কেৱল মানুহৰ সমাজ গঢ়াৰ সপোনত বিভোৰ হয়৷ কাৰণ তেওঁৰ বংশৰক্ষাৰ বীজ বহন কৰা দময়ন্তী বাহ্মণ বিধৱা৷ তাই যেন সোনকালে আহি মহাজন পীতাম্বৰক বিয়া পাতিবলৈ ক’বহি এনে এটা হেঁপাহ খেদি খেদি দিন অতিবাহিত কৰে৷ দময়ন্তীক পীতাম্বৰে ঢেঁখালত লগ ধৰাৰ তিনিমাহৰ পাছৰ দিন এটাত আবেলিৰ পৰাই বিৰাট ধুমুহা আহে৷ সেই ধুমুহাৰ মাজতো পীতাম্বৰ অনাগত পুত্ৰ সন্তানৰ কল্পনাত বিভোৰ হৈ থাকে৷ হঠাৎ কৃষ্ণকান্ত পুৰোহিতৰ মাত শুনি বাহিৰলৈ আহে৷ তেতিয়াই কৃষ্ণকান্তৰ মুখেৰে ব্যক্ত হয় - ‘‘তাই নষ্ট কৰি পেলাইছে৷ শূদিৰীয়াৰ বীজ তাই নকঢ়িয়ায়৷ তাই শাণ্ডিল্য গোত্ৰীয় বামুণ৷ তাই নষ্ট কৰি পেলাইছে৷ তোমাৰ সন্তান তাই নষ্ট কৰি পেলাইছে পীতাম্বৰ.. পীতাম্বৰ...৷’’ পীতাম্বৰৰ মূৰত যেন সৰগ ভাঙিহে পৰিল৷

ইয়াৰ পাছতেই গল্পটোৰ কাহিনীভাগ দ্ৰুত গতিৰে পৰিণতিৰ ফালে আগবাঢ়ি যায়৷ এদিন মাজৰাতি দময়ন্তীয়ে তাইৰ বাৰীৰ বিজুলী বাঁহৰ কাষৰ পৰা মাটি খন্দাৰ শব্দ শুনে৷ যি ঠাইত তাই পীতাম্বৰৰ উত্তৰ পুৰুষৰ মাংসপিণ্ডটো পুতি থৈ আহিছিল ঠিক সেই ঠাইতে৷ মাক-জীয়েক দুয়ো খিৰিকীৰে চাই দেখে যে পীতাম্বৰে এটা লণ্ঠন লৈ সেই নিৰ্দিষ্ট ঠাইডোখৰ খান্দি আছে৷ তাই পীতাম্বৰ মহাজনক কিয় তেনে কৰিছে সেই সুধিবলৈ আটাহ পাৰে৷ মহাজনে একো নকৈ এবাৰ উভতি চাই পুনৰ খান্দিবলৈ ধৰে৷ দময়ন্তীয়ে কয় - ‘‘ মই পুতি থৈছো সঁচা কথা কিন্তু কি পাবি তাত- মাংসপিণ্ড এটাহে পৰি আছে৷’’ পীতাম্বৰে মূৰ তুলি চাই কয়- ‘‘মোৰ সন্তান আছিল- এটা মাংসপিণ্ড টুকুৰাকে চুই চাম৷ মই মোৰ এই দুখন হাতেৰে মোৰ বংশধৰক চুই চাম৷’’ এনেদৰে অভাৱনীয় পৰিস্থিতি এটাত গল্পটোৰ পৰিসমাপ্তি ঘটিছে৷

আলোচনাঃ


মামণি ৰয়ছম গোস্বামীৰ ‘সংস্কাৰ’ শীষৰ্ক গল্পটোৱে ইতিমধ্যে পাঠক সমাজত ব্যাপক সমাদৰ লাভ কৰাৰ লগতে বিভিন্ন ভাষালৈ অনূদিতও হৈছে৷ এই গল্পটো বিভিন্ন ধৰণে ভিন্ ভিন্ দৃষ্টিকোণৰ পৰা বিশ্লেষণ কৰিব পাৰি৷ উদগ্ৰ কামনা বাসনা সামাজিক সংস্কাৰত তীব্ৰ সংঘাত, দৰিদ্ৰৰ যাতনা আদি সাথৰ্কভাৱে ইয়াত ফুটাই তোলা হৈছে৷ মানৱীয় আকাংক্ষাৰ বিৰোধাত্মক দ্বন্দ্ব আৰু আমাৰ সমাজত প্ৰচলিত মৌলিক সংস্কাৰ এই গল্পটোৰ মূল বক্তব্য বুলি অভিহিত কৰিব পাৰি৷ এফালৰ পৰা চাবলৈ গ’লে গল্পটোৰ ‘সংস্কাৰ’ নামটোৰ মাজতে আমি বহুমাত্ৰিক দৃষ্টিকোণ সোমাই থকা দেখিবলৈ পাওঁ৷ গল্পটোৰ সংস্কাৰ কেইটাও মাত্ৰাত গ্ৰথিত হৈ আছে৷ বহু সমালোচকে দময়ন্তীয়ে সমাজ বিপক্ষে তীব্ৰ সংগ্ৰাম কৰাৰ কথাটোত সংস্কাৰৰ প্ৰসংগ টানি আনে৷ আনহাতে আমি কিন্তু পীতাম্বৰৰ কথাৰ মাজতো সংস্কাৰৰ ছৱি দেখিবলৈ পাওঁ৷ তেওঁৰ ‘পুত্ৰ’ কামনা এক ধৰণৰ সংস্কাৰ বাবে সৃষ্টি হোৱা মানসিকতা৷ ‘‘তিনিটা পুহকৰ লাগিলে ঘৰৰ চোতালৰ দূবৰি বনো জ্বলি-পুৰি শেষ হৈ যায়৷ তোমাৰ তিনিটা পুহকৰ লাগিছিল৷ চব জ্বলি-পুৰি শেষ হৈ গৈছে৷’’ - বুলি কৃষ্ণকান্তই ব্যক্ত কৰি সেই সংস্কাৰৰ কথাকে উনুকিয়াইছে৷ পীতাম্বৰৰ সন্তানৰ কামনা সৃষ্টি হৈছে সংস্কাৰৰ বাবে৷ পিতাকে দি যোৱা মণিধাৰি বাকচৰ মাজত থকা অস্থিৰ মাজৰ পৰা তুলি আনি সেই সংস্কাৰৰ কথাকেই ব্যক্ত কৰিছে৷ মন কৰিবলগীয়া যে দময়ন্তীৰ গভৰ্ত থকা সন্তানটো ছোৱালীওটো হ’ব পাৰে৷ সেয়া কিন্তু পীতাম্বৰে এবাৰো ভবা নাই৷ পুতেকৰ হাতত ধৰি ধনশ্ৰী নদীৰ পাৰে পাৰে ঘূৰি ফুৰাৰ কল্পনাত মত্ত হৈ আছে৷ পীতাম্বৰৰ বংশৰক্ষাৰ বাবে কেৱল পুত্ৰ সন্তানৰ কামনা কৰাটোও বৈষম্যমূলক সংস্কাৰৰে ফল৷ আনহাতে নিজৰ স্বাথৰ্ৰ বাবেই তেওঁ - ‘‘উঃ সেইবোৰ শূদিৰ-বামুণ-গৰিয়া-মুছলমান নে খোলাকটিৰ তাল৷ মানুহহে লাগে আমাক কাটিলে তেজ ওলোৱা মানুহ৷’’ বুলিও চিন্তা কৰিছে৷ এনে বৈপৰীত্যৰ দ্বন্দ্ব মন কৰিবলগীয়া৷ এফালৰ পৰা চাবলৈ গ’লে এয়াও বংশৰক্ষাৰ সংস্কাৰৰ পৰাই সৃষ্টি হৈছে৷ পীতাম্বৰে স্বাভাৱিকভাৱে সমাজ সংস্কাৰৰ বাবে এনে চিন্তা কৰা নাই, এনে চিন্তাৰ মাজত সোমাই আছে তেওঁৰ স্বাৰ্থ৷ সেয়ে গল্পকাৰে শ্লেষাত্মকভাৱে ইয়াত সংস্কাৰৰ কথা উল্লেখ কৰিছে বুলি অনুধাৱন কৰাত আমাৰ অকনো অসুবিধা নহয়৷ আনহাতে আন এক দৃষ্টিকোণেৰে বিচাৰ কৰিলে আমাৰ চকুত পৰে যে দময়ন্তীয়ে প্ৰতিবাৰ গভৰ্পাত কৰা কথাটো নাৰীক যৌনতাৰ আহিলা হিচাপে ব্যৱহাৰ কৰি থকা পুৰুষকেন্দ্ৰিক মানসিকতাৰ বিৰুদ্ধে কৰা এক সজোৰ প্ৰতিবাদহে৷

মামণি ৰয়ছম গোস্বামীৰ গল্পৰ বৈশিষ্ট্যলৈ লক্ষ্য কৰিলে আমি দেখিবলৈ পাওঁ Lawrence Birken ৰ এষাৰ উক্তিৰ প্ৰতিফলন৷ Birken-এ কৈছিল— ‘‘ As economic man realised his freedom only by submitting to the low of market, so psychological man and women realize their freedom only by sumitting to the law of the sexual market.’ গোস্বামীৰ গল্পৰ চৰিত্ৰইও দেহেৰে উপলব্ধি কৰিব লগা কথা দেহেৰেই উপলব্ধি কৰে আৰু দেহেৰে প্ৰতিবাদ কৰিবলগীয়া কথা দেহেৰেই কৰে৷ দময়ন্তীয়েও নিজৰ জৈৱিক তাড়ণা দেহেৰেই উপলব্ধি কৰিছিল আৰু প্ৰতিবাৰ গভৰ্পাত কৰি পুৰুষতান্ত্ৰিক সমাজখনক ব্যঙ্গ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ আনকি তাই পীতাম্বৰক ক’ব পাৰিছিল- ‘‘ মই পুতি থৈছো সঁচা কথা কিন্তু কি পাবি তাত- মাংসপিণ্ড এটাহে পৰি আছে৷’’ অৱশ্যে এই প্ৰতিবাদৰ লগত দময়ন্তীৰ অৰ্থনৈতিক কাৰণ এটাইও ক্ৰিয়া কৰি আছে৷ কিন্তু নিঃসংগ নাৰী হিচাপে অংকন কৰা দময়ন্তীৰ চৰিত্ৰত আমি দুৰ্দান্ত সাহস প্ৰত্যক্ষ কৰোঁ৷ এয়াই গোস্বামীৰ গল্পৰ নাৰী চৰিত্ৰৰ চিত্ৰণৰ বৈশিষ্ট্য৷ কিন্তু এই চৰিত্ৰটোৰ প্ৰধান দুবৰ্লতা হ’ল পুৰুষকেন্দ্ৰিক সমাজখনে সৃষ্টি কৰা বৰ্ণ বিভাজন ব্যৱস্থাক তাই অতিক্ৰম কৰি যাব পৰা নাই৷ অৱশ্যে এই বক্তব্যৰ মূল ভত্তি হ’ল কৃষ্ণকান্তৰ মুখত প্ৰকাশ হোৱা এষাৰ কথা- ‘‘তাই নষ্ট কৰি পেলাইছে৷ শূদিৰীয়াৰ বীজ তাই নকঢ়িয়ায়৷ তাই শাণ্ডিল্য গোত্ৰীয় বামুণ৷ তাই নষ্ট কৰি পেলাইছে৷ তোমাৰ সন্তান তাই নষ্ট কৰি পেলাইছে পীতাম্বৰ.. পীতাম্বৰ...৷’’ কিন্তু মন কৰিবলগীয়া যে এই বক্তব্য প্ৰকাশ কৰিছে কৃষ্ণকান্তইহে, তাই নিজে নহয়৷ কৃষ্ণকান্তই সমগ্ৰ গল্পটোত দুবাৰ ‘চতুৰ্থ বৰ্ণ’ৰ কথা উল্লেখ কৰিছে৷ আনহাতে দময়ন্তীৰ গভৰ্ধাৰণৰ লগত তেওঁৰ আৰ্থিক স্বাৰ্থও সাঙোৰ খাই আছে৷ সেয়ে এই ভাষ্য দময়ন্তীৰ ভাষ্য বুলি বিবেচনা কৰাটোও কিন্তু নিৰাপদ নহয়৷ কাৰণ কৃষ্ণকান্ত চৰিত্ৰটোৰ মাজত বণৰ্বাদৰ অহংকাৰ স্পষ্ট ৰূপত ফুটি উঠিছে৷ এই দৃষ্টিকোণৰ পৰা দময়ন্তী চৰিত্ৰটোৰ এই দুবৰ্লতাটোক অগ্ৰাহ্য কৰিব পাৰি৷ দময়ন্তী চৰিত্ৰটোত সাধাৰণ নাৰীৰ মাজত দেখা পোৱা নাৰীসুলভ আচৰণ চকুত নপৰে যদিও আমি তাইৰ চৰিত্ৰটোৰ মাজত বাস্তৱ জগতত থাকিব পৰা চৰিত্ৰ এটাৰ বিশালতাৰ সম্ভাৱনীয়তাকো অস্বীকাৰ কৰিব নোৱাৰোঁ৷ ইয়াতেই গল্পকাৰৰ সাথৰ্কতা লুকাই আছে৷ এক অথৰ্ত গল্পকাৰ সফল হৈছে৷ একোটা চৰিত্ৰৰ মাজত চিত্ৰিত হোৱা এনে বৈপৰীত্যই চৰিত্ৰবোৰক অধিক মনোগ্ৰাহী কৰি তোলে৷ আজিৰ সভ্যতাত আমি সকলোৱে নিজৰ দুটা বিপৰীত স্থিতিত বাস কৰোঁ৷ আমি ভাবো এটা, কৰো বেলেগ এটাহে৷ এনে মনোভাৱনা এই গল্পটোৰ মাজত সুন্দৰভাৱে প্ৰকাশ পাইছে৷
এই গল্পটোৰ আন এটা দিশ অতিকে মন কৰিবলগীয়া৷ ‘সংস্কাৰ’ গল্পটোত নাৰীয়ে পুৰুষকহে অৰ্থনৈতিক সমথৰ্ন আৰু যৌনতাৰ আহিলা হিচাপে ব্যৱহাৰ কৰিছে৷ এনে প্ৰকাশভংগী অসমীয়া সাহিত্যত বিৰল৷ গল্পটোত থকা বণৰ্বাদৰ কথাখিনি বাদ দিলে ই কেৱল সামাজিক সংস্কাৰকেই সূচিত নকৰে৷ এগৰাকী নাৰীৰ নিজে সিদ্ধান্ত লোৱাৰ সামৰ্থ থকাৰ পিছতো দেহ আৰু আত্মা দুয়ো ক্ষেত্ৰতে নিষ্পেষিত হৈ ৰৈছে আৰু তাই প্ৰতিবাৰতে পুৰুষকেন্দ্ৰিক সমাজখনক পদানত কৰি নিজৰ সংস্কাৰ সাধনেৰে সাহসৰ সম্ভাৱনীয়তাক প্ৰতিপন্ন কৰিছে৷
মন কৰিবলগীয়া যে দময়ন্তীয়ে বহুসময়ত মৌনতাৰেই বহু কথা ব্যক্ত কৰিছে৷ তাইৰ চকুৰ চাৱনি, শৰীৰৰ অভিব্যক্তিৰে গল্পটোক গভীৰ ব্যঞ্জনা প্ৰদান কৰিছে৷ অৱশ্যে এই ক্ষেত্ৰত আমি পীতাম্বৰৰ দ্বিতীয় গৰাকী পৰিবাৰৰ কথা বিশেষভাৱে উল্লেখ কৰিব লাগিব৷ পীতাম্বৰৰ দ্বিতীয় গৰাকী পৰিবাৰ অসুখৰ বাবে শষ্যাগত অৱস্থাত আছে৷ সমগ্ৰ গল্পটোত তেওঁৰ মুখৰ এষাৰো বক্তব্য নাই৷ কেৱল চকুৰ চাৱনিৰেই বিভিন্ন সময়ত তেওঁৰ মনৰ ভাব, মনত চলি থকা দ্বন্দ্ব প্ৰকাশ কৰিছে৷ উদাহৰণস্বৰূপে- কৃষ্ণকান্তই পীতাম্বৰক দময়ন্তীৰ কথা প্ৰথমবাৰ কোৱাৰ সময়ত পীতাম্বৰৰ পৰিবাৰৰ কথা গল্পকাৰে প্ৰকাশ কৰিছে এনেদৰে- ‘‘...চকু দুটা ট-ট কৰে জ্বলি আছিল৷ কৃষ্ণকান্তই পীতাম্বৰক কি ক’ব বিচাৰিছে এই কথা জানিবলৈ তাই যেন উত্ৰাৱল হৈ আছে৷ দূৰৈৰপৰা অহা দৃষ্টিও যে এনে তীক্ষ্ন হৃদয়স্পৰ্শী হ’ব পাৰে এই কথা কৃষ্ণকান্তই আগে-পিছে গম পোৱা নাছিল৷’’ এনেদৰে প্ৰতিটো প্ৰসংগৰ কথা চকুৰ চাৱনিৰে ব্যক্ত কৰি গল্পকাৰে চৰিত্ৰটোৰ মনৰ তলিখন কুৰুংকৈ তুলি ধৰাত সফলতা লাভ কৰিছে৷ সেইফালৰ পৰা আমি ক’ব পাৰোঁ যে মামণি ৰয়ছম গোস্বামীৰ গল্পত নিৰৱতাৰ ভাষাও প্ৰচণ্ড শক্তিশালী৷
গল্পটোৰ প্ৰধান চৰিত্ৰ কৃষ্ণকান্ত প্ৰধানতঃ বংশৰক্ষাৰ বাবে দময়ন্তীৰ কাষ চাপিলেও তেওঁৰ মনতো যে জৈৱিক বাসনাই ভুমুকি মৰা নাছিল এনে নহয়৷ দেহেৰে উপলব্ধি কৰিবলগীয়া কথাখিনি কৃষ্ণকান্তইও দেহেৰেই উপলব্ধি কৰিছিল৷ এই গল্পটোত বীভৎসতাৰ দিশো দৃষ্টিগোচৰ হয়৷ জীৱনৰ পৰিস্থিতিত মানুহে বহুসময়ত এনে নিমৰ্ম কাৰ্য কৰে যে তাত ন্যায়-অন্যায়ৰ বিচাৰ অপ্ৰাসংগিক হৈ পৰে৷ সেই সময়ত বীভৎসতা নিমৰ্মতা অতিবাস্তৱ যেন লগা ঘটনাই একমাত্ৰ সত্য যেন বিবেচিত হয়৷ ‘সংস্কাৰ’ গল্পটোতো সেয়া প্ৰতিভাত হৈছে৷ কৃষ্ণকান্ত পুৰুহিতৰ ধূৰ্তালি, দময়ন্তীক পীতাম্বৰৰ সৈতে যোগাযোগ কৰাই দিবলৈ তেওঁ কৰা কাযৰ্কলাপ, পীতাম্বৰে দময়ন্তীক লগ ধৰি আহাৰ পাছত ঘৈণীয়েকৰ প্ৰতি কৰা ত্ৰুৰ আচৰণ, দময়ন্তীয়ে গভৰ্পাত কৰিলে বুলি গম পোৱাৰ পাছত তেওঁ কৰা আচৰণ, দময়ন্তীয়ে গভৰ্পাত কৰি সেয়া বাঁহৰ তলত পুতি থোৱা আদি বণৰ্নাই এই বিভৎসতাৰ দিশটো তুলি ধৰে৷ বাস্তৱক বুজি তাকে অসম্পাদিত যদিও কলাত্মক ৰূপত তুলি ধৰি পাঠকৰ মনোজগতখন আলোড়িত কৰিবলৈকে গল্পকাৰে এনে কৰিছে বুলি অনুধাৱন কৰিব পাৰি৷ অৰ্থাৎ জীৱনক গল্পকাৰে যি ৰূপৰে প্ৰত্যক্ষ কৰিছে সেই ৰূপতেই প্ৰকাশ কৰিছে৷ অৱশ্যে এটা কথা ঠিক যে এনে শ্বাসৰুদ্ধ বীভৎস ভয়ংকৰ পৰিৱেশো সমানে গুৰুত্ব সহকাৰে কলাত্মকভাৱে প্ৰকাশ কৰাত গল্পকাৰ গোস্বামী সফল হৈছে৷
মামণি ৰয়ছম গোস্বামীৰ গল্পৰ আন এটা উল্লেখযোগ্য বৈশিষ্ট্য হ’ল— তেওঁৰ প্ৰায়বোৰ চৰিত্ৰৰ মনোজগতখন শূন্যতাবোধে ক্ৰিয়া কৰি থকা যেন অনুভূত হয়৷ সুখ-দুখ প্ৰাপ্তি-অপ্ৰাপ্তি সমানে চহোৱা তেওঁৰ গল্পৰ উবৰ্ৰ ভূমিত অস্থিৰতাৰ প্ৰকাশ মনকৰিবলগীয়া৷ এই কথাষাৰ আমাৰ আলোচ্য গল্পটোতো সমানে প্ৰয়োজ্য৷ পীতাম্বৰ, দাময়ন্তী, কৃষ্ণকান্ত বা পীতাম্বৰৰ পৰিবাৰৰ চৰিত্ৰলৈ আমি সূক্ষ্মভাৱে লক্ষ্য কৰিলেই তেওঁলোকৰ প্ৰত্যেকৰে মনত যে কিবা নহয় কিবা বেলেগ ধৰণৰ শূন্যতাবোধে যে ক্ৰিয়া কৰি আছিল সেই কথা সহজেই অনুমান কৰিব পাৰোঁ৷ তেওঁলোকৰ মানৰ মাজত বৈ থকা বিষাদৰ অন্তঃসলীলা ফাল্গুক অনুধাৱন কৰিব পাৰোঁ৷
মামণি ৰয়ছম গোস্বামীৰ গল্পত প্ৰকৃতি জগতখনে এক বিশেষ ধৰণৰ বাঙ্ময় ৰূপ পৰিগ্ৰহ কৰে৷ ‘সংস্কাৰ’ গল্পটোতো পীতাম্বৰৰ আকাংক্ষাৰ লগত প্ৰকৃতি জগতখনে সমানে বাঙ্ময় হৈ পৰিছে৷ জাৰ্মান বন, কচু-ভতৰা, পানেৰী লতা, কলমৌ, হেলেচি, নলকচু বাৰিষাৰ বতৰত দ্ৰুতগতিত বৃদ্ধি পোৱাৰ দৰে পীতম্বৰৰো জৈৱিক বাসনা তথা পুত্ৰ সন্তানৰ কামনা দময়ন্তীৰ কথা কৃষ্ণকান্তই কোৱাৰে পৰা দ্ৰুততৰভাৱে বৃদ্ধি পাইছে৷ ঠিক সেইদৰে কৃষ্ণকান্তৰো পীতম্বৰৰ পৰা সহায় লাভ কৰাৰ আকাংক্ষা স্বতঃস্ফূৰ্তভাৱে বাঢ়ি গৈছে৷ আনহাতে পীতাম্বৰৰ জীৱনলৈ অহা সংঘাত বোৰৰ আগজাননিও প্ৰকৃতিয়েই দিছে৷ উদাহৰণস্বৰূপে— পীতাম্বৰে দময়ন্তীৰ ঘৰলৈ যাবলৈ ওলোৱাৰ দিনটোৰ কথা বণৰ্না কৰিবলৈ গৈ গল্পকাৰে লিখিছে- ‘‘আকাশত কাঠফুলাৰ বৰণ লোৱা কিছুমান ডাৱৰ বিচিত্ৰ অংগীৰে আকাশৰ পূব দিশত পৰিছিল৷ সেইবোৰক একোটা কামানৰ দৰে দেখা গৈছিল৷ আৰু সেই চন্দ্ৰমাক? কোনোবাই যেন ছাল বখলিয়াই থোৱা এজনী হৰিণা পহু৷ তাইৰ ফুটুকা-ফুটুকি ছালখন কামান কেইটাত যেন কোনোবাই মেৰিয়াই থৈছে৷ ছাল বখলিয়াই থোৱা হৰিণা পহু? লপথপ লপথপ তাইৰ মাংস- চকচকীয়া জলমলীয়া৷ আহঃ পীতাম্বৰ মহাজনৰ চকুত এই ছাল বখলিয়াই থোৱা হৰিণাজনী দময়ন্তীলৈ ৰূপান্তৰিত হ’ল৷ একেবাৰে নগ্ন হৈ থকা দময়ন্তী৷ সৌৱা গাভিনী ছাগলীৰ পেটৰ দৰে তাইৰ স্তনদ্বয়৷ সুস্বাদু বিজুলী বাঁহৰ গাঁজৰ দৰে তাইৰ শৰীৰৰ ৰং৷ আৰু তাইৰ ওঁঠ? কাটি থোৱা সফৰি-আমৰ দৰে দগমগীয়া তাইৰ ওঁঠ৷...’’ এনেদৰে বিভিন্ন সময়ত প্ৰকৃতিজগতখন বাঙ্ময় হৈ উঠিছে৷ এই চিত্ৰকল্পটোত ব্যৱহাৰ কৰা ‘কামান’ শব্দটো গল্পকাৰে পূৰ্বেও দময়ন্তীৰ ৰূপৰ প্ৰসংগত উল্লেখ কৰিছে৷ কামান সাধাৰণতে ধবংসৰ প্ৰতীক৷ দময়ন্তীৰ ৰূপৰ গ্ৰাহত পৰাসকল কামানৰ আগত পৰাৰ দৰে ধবংস হৈ যায় এয়া তাৰেই প্ৰতীক৷
মামণি ৰয়ছমৰ ‘‘প্ৰায়বোৰ গল্পৰে কেন্দ্ৰবিন্দুত আছে সম্পকৰ্ৰ প্ৰতি আগ্ৰহ আৰু একে সময়তে মৃত্যুৰ অস্তিত্ব সম্পৰ্কে সচেতনতা৷’’ আমাৰ আলোচ্য ‘সংস্কাৰ’ গল্পটোৰ প্ৰসংগত আমি এই কথাষাৰৰ যথাথৰ্তা অনুধাৱন কৰিব পাৰোঁ৷ পীতাম্বৰৰ বংশৰক্ষাৰ কামনাৰ লগত সমানে সংলগ্ন হৈ আছে তেওঁৰ মৃত্যু সম্পৰ্কীয় ধাৰণা এটা৷ কাৰণ তেওঁ মৃত্যু সম্পৰ্কে সচেতন হৈয়েই তেওঁৰ উত্তৰ পুৰুষৰ কামনা কৰিছে৷ এই কথাষাৰতে আওপকীয়াকৈ তেওঁৰ সম্পকৰ্ৰ প্ৰতি আগ্ৰহৰ কথাও সোমাই আছে৷ সেয়েহে ক’ব পাৰি যে মামণি ৰয়ছম গোস্বামীৰ গল্পত দেখা পোৱা এই বিশেষ বৈশিষ্ট্যটোও ‘সংস্কাৰ’ গল্পটোত ৰক্ষিত হৈছে৷
মামণি ৰয়ছম গোস্বামীৰ আন প্ৰায়বোৰ গল্পৰ দৰে ‘সংস্কাৰ’ গল্পটোৰো পটভূমি অসমৰ গ্ৰাম্য সমাজ৷ প্ৰসংগক্ৰেম উল্লেখযোগ্য যে মামণি ৰয়ছম গোস্বামীৰ দুখনমান উপন্যাসৰ বাদে বেছিভাগ উপন্যাসৰে পটভূমি অসমৰ বাহিৰৰ৷ আনহাতে তেওঁৰ অধিকাংশ গল্পত প্ৰতিভাত হৈছে গ্ৰাম্য অসমৰ সুন্দৰ দৃশ্যপট৷ আমাৰ আলোচ্য গল্পটোতো গ্ৰাম্য সমাজখনৰ পৰা তুলি অনা প্ৰাকৃতিক পৰিৱেশৰ ইন্দ্ৰিয়গ্ৰাহ্য উপমাৰে সজোৱা (যেনে- শুকাই ককৰ্শ হোৱা বৰলৰ বাহৰ দৰে, কুঁহিয়াৰ চোবাই এৰা সিঠা এটুকুৰাৰ দৰে) ভাষাই গল্পটোত এক বিশেষ স্থান অধিকাৰ কৰি আছে৷ ধ্বন্যাত্মক শব্দৰ প্ৰয়োগ (যেনে- হৰাৎ! হাৰাৎ! হুতুৰ হুতুৰ) কামৰূপী উপভাষাৰ শব্দৰ প্ৰয়োগো (যেনে- ঢেঁখাল, কাঁথি, আপি, চান) এই গল্পটোৰ এক বিশেষ বিশেষত্ব৷
গোস্বামীৰ গল্পসমূহৰ বহুতো গল্প পৰিস্থিতি প্ৰধান৷ ‘সংস্কাৰ’ গল্পটোও পৰিস্থিতি প্ৰধান গল্প৷ পীতাম্বৰৰ বংশৰক্ষাৰ উদ্দেশ্যক কেন্দ্ৰ কৰিয়েই বিভিন্ন পৰিস্থিতি সৃষ্টি কৰি গল্পটোৰ কাহিনীভাগ আগবঢ়াই নিয়া হৈছে৷ অৱশ্যে তাত কোনোটো চৰিত্ৰই পৰিস্থিতিৰ আঁৰত হেৰাই যোৱা নাই৷ প্ৰতিটো চৰিত্ৰই স্বকীয়ভাৱে বিকশিত হৈছে, আনকি কথা নোকোৱাকৈ থকা পীতাম্বৰৰ শষ্যাগত পৰিবাৰগৰাকীও৷
গল্পকাৰে গল্পটোৰ শেষ অংশতো মূল উদ্দেশ্যৰ পৰা বিচলিত নহৈ পাঠকক প্ৰত্যয়জনকভাৱে বিস্ময়াভিভূত কৰি এক ধৰণৰ অগতানুগতিক ধৰণে গল্পটো পৰিসমাপ্তি ঘটাইছে৷ অৱশ্যে এই পৰিসমপ্তি অস্বাভাৱিক যেনো লগা নাই কাৰণ বাস্তৱক নগ্ন ৰূপেৰে অংকন কৰা মামণি ৰয়ছম গোস্বামীয়ে তেওঁৰ যাদুকৰী ভাষাৰে পাঠকক ধৰি ৰাখিব পাৰিছে৷ তাতেই গল্পকাৰৰ সাথৰ্কতা৷ ইয়াত বাস্তৱক অধিক কাষৰ পৰা চাবৰ বাবেই জীৱনৰ নগ্ন বাস্তৱতাকো অতি প্ৰত্যয়জনকভাৱে উপস্থাপন কৰিছে৷ আনন্দ বৰমুদৈয়ে মামণি ৰয়ছম গোস্বামীৰ গল্পৰ প্ৰসংগত মন্তব্য কৰিছে- ‘‘কাযৰ্কৰণ নীতি অনুসৰণ নকৰি ঘটনাৰ খণ্ডিত চিত্ৰ কাব্যিক ব্যঞ্জনাৰে একত্ৰিত কৰি ৰখাৰ বাবে তেওঁৰ গল্পৰ একোটা ঘটনাৰ পৰা একাধিক অৰ্থ উদ্ধাৰ কৰিব পাৰি৷’’ সংস্কাৰ গল্পটোৰ বিষয়ে কৰা আলোচনাখিনিয়েই এই বক্তব্যৰ সাথৰ্কতা প্ৰতিপন্ন কৰিছে৷ এনেদৰে বিচাৰ কৰিলে দেখা যায় যে মামণি ৰয়ছম গোস্বামীৰ ‘সংস্কাৰ’ গল্পটোক আমি অসমীয়া আধুনিক গল্পৰ এটা শ্ৰেষ্ঠ গল্প বুলি অভিহিত কৰিব পাৰোঁ৷

Thursday, July 12, 2012

মানুহৰ বয়স


(বহুদিন একো লিখিব পৰা নাই৷ আজি কেইদিন মানৰ আগেয়ে বন্ধুসম দাদা এজনে কাহিনী এটা ক’লে৷ তাকে ৰাইজলৈ বুলি লিখি পঠিয়ালোঁ৷)

মানুহৰ বয়স

ভগৱানে মানুহক আদি কৰি সমস্ত জীৱজগত সৃষ্টি কৰাৰ পাছত এদিন সকলোকে মাতি পঠিয়ালে প্ৰত্যেককে বয়স প্ৰদান কৰিবৰ বাবে৷ এলেহুৱা স্বভাৱৰ বাবে মানুহ, গাধ দেৰীকৈ উপস্থিত হ’ল৷ ঠিক সেইদৰে দিন হোৱা বাবে ফেঁচাও দেৰীকৈ উপস্থিত হ’লহি৷ আনহাতে কুকুৰে খৱৰটো দেৰীকৈ লাভ কৰাৰ বাবে পলম কৰিলে৷ ভগৱানে এই চাৰিবিধ প্ৰণী দেৰীকৈ উপস্থিত হোৱাত ক’লে যে ইতিমধ্যে আনবিলাক জীৱ-জন্তুক বয়স প্ৰদান কৰাৰ বাবে তেখেতৰ ওচৰত তেতিয়া মাত্ৰ ১৬০ বছৰ বয়স হে বাকী আছে৷ এতিয়া এই ১৬০ বছৰেই সকলোকে সমভাৱে ভগাই দিব৷ সেই কথা শুনি গাধই মাত দিলে— ‘ভগৱান মই ৪০ বছৰ মানুহৰ বোজা কঢ়িয়াব লাগিলে বৰ কষ্ট পাম৷ মোক আধা কৰি দিব নোৱাৰিলে?’ ভগৱানে সেয়া শুনি হ’ব বুলি ক’লে আৰু সেই ২০ বছৰ কাৰোবাক প্ৰয়োজন আছে নেকি শুধিলে৷ মানুহে ভাবিলে যে ৪০ বছৰ বৰ কম সময় সেয়ে সেইখিনি বয়স তেওঁ গ্ৰহণ কৰিলে লাভৱান হ’ব৷ ভগৱানে মানুহৰ মনৰ ভাব বুজিব পাৰি সেয়ে হ’ব বুলি ক’লে৷ ইয়াৰ পাছতে কুকুৰেও ক’লে যে ৪০ বছৰ বয়স তেওঁৰ বাবেও কম বেছি হ’ব, কাৰণ ৪০ বছৰ মানুহৰ লেই-লেই, চেই-চেই খাই থকাতো বৰ কষ্ট হয়৷ সেইখিনি বয়সো মানুহে গ্ৰহণ কৰিলে৷ ফেঁচাইও তাৰ বয়স আধা কৰি দিবলৈ কোৱাত মানুহে ভালপাই সেইখিনিও গ্ৰহণ কৰিলে৷ ভগৱানেও সেয়ে হ’ব বুলি মান্তি হ’ল৷ এনেদেৰ মানুহৰ সৰ্বমুঠ বয়স হ’ল ১০০ বছৰ৷ ৪০ বছৰ নিজৰ বাকী প্ৰতি ২০ বছৰ ক্ৰমে গাধ, কুকুৰ আৰু ফেঁচাৰ৷
    তেতিয়াৰে পৰা মানুহে সমগ্ৰ জীৱনৰ প্ৰথম ৪০ বছৰ নিজৰ জীৱন কটাবলৈ পালে৷ তাৰ পাছৰ ২০ বছৰ গাধৰ জীৱন৷ এই সময়ছোৱাত গাধৰ দৰে সংসাৰৰ (ল’ৰা-ছোৱালী, পা-পৰিয়াল সকলোৰে বোজা কঢ়িয়াই)বোজা কঢ়িয়াবলৈ বাধ্য হ’ল৷ তাৰ পাছৰ ২০ বছৰ কুকুৰৰ দৰে সকলোৰে লেই-লেই, চেই-চেই সহি থাকিব লগা হ’ল৷ কাৰণ ৬০ বছৰ বয়সৰ পাছত চাকৰি-বাকৰিৰ পৰা অৱসৰ লোৱাৰ পাছত ল’ৰা-ছোৱালীৰ পৰা তেনে ব্যৱহাৰ লাভ কৰে৷ তাৰ পাছত শেষৰ ২০ বছৰ ফেঁচাৰ দৰে সকলো ঠাইতে জুপুকা মাৰি মৃত্যুৰ আহ্বানলৈ বাট চাই থাকিব ল’গা হয়৷
    এনেদৰে আনৰ পৰা লাভ কৰা বয়সবোৰত মানুহে সেই নিৰ্দিষ্ট জন্তুটোৰ বৈশিষ্ট্য তেতিয়াৰে পৰা বহন কৰি থাকিব ল’গা হৈছে৷ এয়াই মানুহৰ জীৱনৰ বিৰম্বনা৷

Saturday, September 24, 2011

গজপুৰীয়াৰ পৃথিৱী ভ্ৰমণ


আগকথাঃ
গজপুৰীয়া বুলিলে সকলোৱে চিনি পায়৷ পিতৃপ্ৰদত্ত নামটো পিছে কি আছিল মানুহবোৰে পাহৰিলে৷ নামৰ পিছফালে থকা উপাধি নামৰ টুকুৰাটোৰ কথাও কাৰো মনত নাই৷ আগতে বোলে কিবা ‘পাইক’ নে কি তেনে আছিল৷ ৰজাৰ ঘৰত গেবাৰি খাটিবহি লাগিছিল৷ সেইবোৰ দিন এতিয়া নাইতো৷ দিন সলনি হৈছে, তেওঁৰো পৰিৱৰ্তন ঘটিছে৷ তেওঁক এই নামটোৰে চিনাকি কৰি দিছিল আমাৰ সেই যে ‘ভাষাৰ বেজ’জন, তেখেতে৷ অ’, সেইজনৰ কথাই কৈছোঁ, নৌকাষ্ঠ হোৱা জন৷ সেইজনাই ‘চক্ৰধ্বজ সিংহ’ নে কিবা নাটক এখনত তেনেদৰে চিনাকি কৰি দিয়াৰে পৰাই জনসমাজত এই নামেৰে প্ৰসিদ্ধি লভিলে৷ আনহাতে তেজপুৰীয়া দীপক মহন্তই পাই পুনৰ তেওঁৰ নামৰ পিছত ‘উপাখ্যান’ শব্দটো লগ লগাই দিয়াৰ লগতে নামৰ শেষৰফালে ‘ৰ’টো লগাই দি ‘গজপুৰীয়াৰ উপাখ্যান’ কৰি পেলালে৷ তেওঁৰ বিভিন্ন কাৰ্য-কলাপক লৈ নতুন নাটক এখন লিখি জনসমাজত প্ৰচাৰ কৰিলে৷ সেয়া পিছে কেইবা বছৰৰো আগৰ কথা৷

তাৰ পাছত নাই মানে তেওঁৰ ছাঁটোকে দেখিবলৈ নাই৷ ক’ত বা গুম হৈ আছিল একো খৱৰেই পোৱা নাছিলোঁ৷ প্ৰথম অৱস্থাত কোনোবাই অপহৰণ-চপহৰণ কৰি মাৰিয়েই পেলালে বুলি ভাবি ক’ৰবাত অচিনাক্ত মৃতদেহ ওলালেই খৱৰ লৈছিলোঁ৷ নাই তেতিয়াও একো খৱৰ ওলিয়াব নোৱাৰি দৌৰত ব্যস্ত হৈ তেওঁৰ কথা পাহৰিয়েই গৈছিলোঁ৷

কালিৰ কথা, মহানগৰীৰ বানপানীত আবদ্ধ হৈ চিৰিয়াখানাৰ কাষৰে ৰেষ্টুৰেণ্ট এখনত বহি থাকোঁতে মানুহ এজনে মাত লগালেহি৷ মই প্ৰথমতে চিনিবকে পৰা নাছিলোঁ৷ তেওঁ মোক ঢকা এটি মাৰি খৱৰ সুধিলে, মই দৌৰি থকাৰ খৱৰ বাতৰি ল’লে৷ মই অচিনাকি ধৰণেই তেওঁক উত্তৰবোৰ দি আছিলোঁ৷ তেওঁ কথাটো টং কৰিব পাৰি মোক ক’লে— কি হ’ল চিনি পোৱা নাই নেকি?মই গজপুৰীয়া আকৌ৷ মই কি কৰিম, কি নকৰিম কৰি তেওঁক সাবট মাৰি ধৰি ক’লো—
  আচলতে মই আপোনাক চিনিবকে পৰা নাছিলোঁ৷ ‘গেট আপ’ একেবাৰে বেলেগ হৈ গ’ল৷ ক’ত আছিল ইমান দিন? খৱৰ বাতৰি কওঁক৷ মইটো কোনোবাই অপহৰণ কৰি নিলে বুলি ভাবিছিলোঁ৷ খৱৰ বাতৰি কওঁক৷ আৰু
একে লেঠাৰিয়ে কেইবাটাও প্ৰশ্ন কৰাত তেওঁ মোক বাধা দি ক’লে
—ৰ’ চোন৷ সকলো বিলাক প্ৰশ্নৰে উত্তৰ দিম৷ প্ৰথমতে এওঁৰ লগত চিনাকি হৈ ল’৷

গজপুৰীয়াতকৈ কিছু চাপৰ, থোপোকা মুখৰ, গালত পানীয়ে মৰা কঠিয়াৰ দৰে কেইদাল মান দাড়ি (নোম!)থকা ব্যক্তি এজন আহি মোলৈ হাতখন আগবঢ়াই দিলে৷ মই চেহেৰাটো চিনাকি চিনাকি যেন দেখি হাতখন আগবঢ়াই দি ক’লো— আপোনাৰ নাম ‘চাংকু পানজা’ (Sancho Panza) নেকি?
তেওঁ মুখত মিচিকিয়াই হাঁহি এটা মাৰি ক’লে— তাৰ মানে আপুনি মোক পাহৰা নাই৷ আগতে আছিলোঁ ‘ডন কিহতেৎ’(Don Quixote)ৰ লগত৷ আপুনি দৌৰি থাকোঁতে লগ পাইছিলোঁ নহয়৷
—অ’ মনত আছে, সেইবাবেই পাহৰা নাই৷ মই উত্তৰ দিলোঁ (এওঁক দেখি হে মনত পৰিছে ‘ডন কিহতেৎ’ক লগ পোৱা কথা, অহা বাৰ লিখিব লাগিব কাহিনীটো৷)
আমাৰ কথা-বতৰাৰ মাজতে গজপুৰীয়া ক’লে— ব’লা ব’লা বহু কথাই ক’ব লাগিব৷ মই পৃথিৱী ভ্ৰমণ কৰিলোঁ নহয়৷ বহু কাহিনীয়েই আছে৷ ক’ম তোমাক৷ শুনিবানে?
—কিয় নুশুনিম৷ শুনিম নিশ্চয় শুনিম৷  
ক্ৰমশঃ

Thursday, September 22, 2011

জীৱনৰ ভগ্নাংশ— ১০


লাচিতৰ হাতৰ পৰা ভালে ভালে বাচি আহিলোঁ৷ ভাল দৰেই লম্ভিছিল মোক৷ তেখেতে কি যে প্ৰশ্নবোৰ আৰম্ভ কৰিছিল! মই ইমানদিনে তেনে ধৰণৰ কিছুমান প্ৰশ্নৰ উত্তৰৰ সন্ধানতেই দৌৰি আছোঁ মোকে আকৌ প্ৰশ্ন সোধে মাজে মাজে প্ৰশ্নবোৰে এনেদৰে জুমুৰি দিয়ে যে মই মানসিকভাৱে ভাগৰুৱা অনুভৱ কৰোঁ৷ ৰৈ দিবলৈও ভয় কোনে বা মোৰ পিচ পেলাই আগবাঢ়ি যায়৷ ইফালে ইংলণ্ডত ভাৰতে জয়ৰ মুখ নেদেখিলে এখন খেলতো প্ৰদ্যুতৰ টিকিৰ শৰীৰ বা কেনে তাৰ একো ঠিকনা নাই, কি বা ঘমঘণ্টখন কৰি থাকে (পংকজে কৈছে তাৰ গাত ভুতে লম্ভে বোলে, ক’ব নোৱাৰি!পাৰিলে মায়েঙৰ ফালৰ বেজ এজনৰ খৱৰ কৰিব লাগিব...) কিতাপ এখন প্ৰকাশ কৰাৰ কথা, প্ৰকাশকে গাত লৈছে, মইহে দিব পৰা নাই কি বা কৰোঁ অইনাও জেংৰাইজনী ডাঙৰ হৈ অহাৰ লগে লগে বৰ দুষ্ট হৈছে খোজেই ভালদৰে দিব নোৱাৰে, দৌৰিব লাগে বাপেকে দৌৰি থকাতোঁ দেখিছে চাগৈ! সৰু জীৱটো গাত ভগৱান থাকে বোলে তাইৰ মুখখন দেখিলেই সকলো দুখ-ভাগৰ নাইকিয়া হৈ যায়৷ মাকৰ বৰ চিন্তা ক্ৰেচত থৈ যাব লাগে তায়ো ব্যস্ত দৌৰত
এনেদৰে বিভিন্ন চিন্তাৰে মূৰটো ফাটি-চিটি যাওঁ যেন কৰিছে উফঃ অলপ সময় জিৰণি নল’লে নহ’ব৷ ফুকনদেওৰ পৰা বাচিবৰ বাবেই তৰনৰা কৈ দৌৰিছিলোঁ৷ উফঃ ফোপাই-জোপাই এঠাইত হাউলি লৈ দীঘল দীঘল কৈ উশাহ কেইটামান টানিছিলোঁ হে মাত্ৰ, সিফালৰ পৰা আহি থকা দেখিলোঁ শ্ৰীনিবাৰণ ভট্টাচাৰ্যক (অৰুণ শৰ্মা বোলা অসমীয়া নাট্যকাৰজনে সৃষ্টি কৰা এটা অধুনিক মনৰ চৰিত্ৰ)৷ মই কাষ চাপি গ’লোঁ নাহিল কোনো মানুহ নাহিল মোৰ ত্ৰয়োদশ নাটকখন চাবলৈ এজনো মানুহ নাহিল, পাঁচশ, পুৰা পাঁচশ মানুহক মই গড়ে দুবাৰ কৈ নিমন্ত্ৰণ জনাইছিলোঁ, মোৰ নাটকখন চাবলৈ৷ এজনো নাহিল৷ মই ক’লো— নাহিবতো, আজিকালি ডিস্ক চাবলৈ যায়, কেচিনঅ’ লৈ যায় অসমীয়া ৰাইজ, নাটক চাবলৈ কিয় যাব৷ তেখেতে ব্যঙ্গাত্মক হাঁহি এটা মাৰি ক’লে— মই এতিয়াৰ কথা কোৱা নাই ষাঠিৰ দশকৰ শেষৰ কথা কৈছোঁ৷ ময়ো তেখেতলৈ বেকা হাঁহি এটা ঠেলি দি ক’লোঁ— বছৰ হে বাঢ়িলে, একো সলনি হোৱা নাই৷একেই আছে সলনি হৈছে মাথোন মানুহৰ প্ৰয়োজনীয়তা৷ তেখেতে গেঙেৰি মাৰি উঠিল— দেখা নাই উদ্দীপ্ত, পংকজ, অঞ্জলহঁতে ইণ্টাৰনেটত বেজবৰুৱা দাৰ নাটক এখন সংৰক্ষণ কৰিবলৈ ওলাইছে৷ তই কি কৰি আছ৷ মই ভেবাচেবা খাই গ’লো, বুঢ়াই তাৰমানে খৱৰ ৰাখিছে এৰা তেতিয়াই কৈছিল তেখেতৰ বোলে জন্ম পঞ্চাশ বছৰৰ পিছত হ’ব লাগিছিল৷ তাৰেই প্ৰমাণ৷ মই কথা সলাবলৈ ক’লো— আপুনিটো ঘোঁৰা দেখিলেই ৰ’ব নোৱাৰিছিল, এতিয়া একা উত্তৰ আহিল— একেই আছে মনত ৰাখিবি গতিৰ বিনে গতি নাই দৌৰ ৰৈ গৈছ কিয়?... পিঠিখন চা মোৰ ঘাঁবোৰ বাঢ়িছে, তেখেতে চোলাটো দাঙি দিলে
ঠেলা মাৰি মোক দৌৰিবলৈ আগুৱাই দিলে হঠাৎ এটা গুমগুমিন আৰে কি হৈছে মই দেখোন ঢলং পলং কৰিছোঁ অ’, মই কৰা নাই, পৃখিৱীখন হে কঁপিছে ভ্ৰাম্যমাণ কাণ ফুচফুচটোত খৱৰ আহিল ভুঁইকঁপ ছিকিম ইয়াৰ উৎপত্তি স্থলি... ...ৰিখটাৰ স্কেলত ৬.৯ বৰ ভুঁইকঁপ বহু মানুহ মাৰিব চাগৈ মনলৈ আহিল সৰুতে পিতায়ে কৈছিল— মানুহৰ পাপৰ বোজা বেছি হ’লে পৃথিৱীখন পিঠিত লৈ থকা ভেকুলীটোৱে গাটো লৰাই দিয়ে তেতিয়াই ভুঁইকঁপ হয় পৃথিৱীত বাৰু পাপ বাঢ়িছে নেকি?... সেইবাবেই অসমত হে বাঢ়িছে ভাবি একো লাভ নাই দৌৰিব লাগে মই পুনৰ নতুন উদ্যমেৰে দৗৰিবলৈ আৰম্ভ কৰিলোঁ মই

Monday, September 12, 2011

জীৱনৰ ভগ্নাংশ— ৯


গান্ধীৰ তিনিটা বান্দৰে যে মোক ঠেলা মাৰি দি দৌৰিবলৈহে হেঁচুকিছিলহি ময়ো একো ক’ব নোৱাৰাকৈ দৌৰিবলৈ আৰম্ভ কৰিলোঁ৷ হঠাৎ কিবা এটাত খুণ্দাখাই পৰি গ’লো৷ খকামকাকৈ জাপ মাৰি ঠিয় হৈ ক’ত নো খুণ্দা খালোঁ তাৰ উৎস বিচাৰোঁতে চকুত পৰিল হাতত তৰোৱালধাৰী এজন ব্যক্তি৷ মুখখন চিনাকি চিনাকি ক’ৰবাত যেন দেখিছোঁ অতিকে চিনাকি! কৃষ্ণই কানখোৱাক বিচাৰি মনৰ পৃথিৱীখন চলাথ কৰাৰ দৰে ময়ো মনৰ পৃথিৱীখনত ভুমুকিয়াই বিচাৰিলোঁ তেখেতৰ পৰিচয় চাৎ কৈ ৰৈ গ’ল মনৰ ঘোঁৰা (ঊষাই চিত্ৰলেখাই অঁকা চিত্ৰপটত অনিৰুদ্ধৰ চেহেৰাটো দেখি থৰ লগাৰ দৰে) একেবাৰে চিনাকি মুখ কাষ চাপি গ’লো তেখেতে হুমুনিয়াহ কাঢ়ি ক’বলৈ আৰম্ভ কৰিলে— মোগলৰ সৈতে নৰিয়া গাৰেও মই দেশৰ সাৰ্বভৌমত্বৰ বাবে ৰণ কৰিছিলোঁ বিনা যুদ্ধে বেজিৰ আগত অহা মাটিও এৰি দিব বিছৰা নাছিলোঁ (মনতে ভাবিলোঁ বপুৰাই কৌৰৱৰ কথা কৈ উদাহৰণ দিছে ছোৱা!)সেই দেশৰ বীৰ সন্তানবোৰে এতিয়া আকৌ বদনৰ দৰে (অ এওঁ তাৰমানে দূৰৰ পৰা হ’লেও দেশৰ ভূ ৰাখিছে তাৰমানে) দেশখন আনৰ হাতত গতাব বিচাৰিছে দেখা নাই ৬৬৫ একৰ মাটি কাৰোবাক দি দিছে কিবা এটা কৰা৷
ময়ো গুজৰি উঠিলোঁ— কিয় নিদিব৷ দেখা নাই সেই দেশৰ মানুহ নহ’লে এই মুলুক এখন্তেকো নচলে৷ শাক-পাচলি উৎপাদনৰ পৰা আৰম্ভ কৰি ঠেলাৱালা, ৰিক্সাৱালা, কাম কৰা বনুৱা দেখোন সেই দেশৰ পৰাই অহা৷ দেখা নাই উৎপল দাই আঁকিছে— এদিনটো এই গোটেই দেশেই সেই দেশৰ অধীন হ’ব!... হাঃ হাঃ হাঃ মোৰ হাঁহি শুনি তেখেত বিব্ৰত হ’ল কিবা এটা ক’বৰ বাবে মুখ মেলিব বিচাৰিছিল৷ মই এখন্তেকো সময় নিদি তেখেতৰ চোলাটো দাঙি চালোঁ তাতো ঘাঁ কিবা নতুন ধৰণৰ পোকে কিলবিলাই আছে ক’লো— দৌৰক নহ’লে পিছ পৰি যাব ঘাঁ টুকুৰাও বাঢ়িছে আপোনাৰ৷ মোৰ সময় নাই দৌৰিব লাগে, ঘাঁ টুকুৰা বাঢ়িছে দেখা নাই তাতে নদীবান্ধৰ টৰ্বাইনবোৰ আকৌ ঘূৰাই আনিছে আকোঁৰগোজ, বৃহৎ নদীবান্ধ হ’বই বিভিন্ন সংগঠনে বিৰোধিতা কৰিছে হাঃ হাঃ হাঃ তেখেতে কিবা এটা কোৱাৰ আগতেই মই দৌৰিবলৈ আৰম্ভ কৰিলোঁ আচলতে মই বাৰু তেখেতৰ পৰা পলালোহে নেকি???...

Tuesday, August 23, 2011

জীৱনৰ ভগ্নাংশ— ৮


দৌৰৰ দৌৰ বাৰু কিমান!কেতিয়বা ভাবি ভাবি ভাগৰি পৰোঁ৷ ভাগৰি পৰোঁ দৌৰিও জাপ মাৰি উঠিলোঁ চিটিবাচ এখনত৷ কলৈ যাওঁ বাৰু মনৰ ভিতৰত আগাদেৱা কৰিলেহি বহুতো ছবি৷ বেজবৰুাৱাই হাঁহিৰ থুনপাক মেলি বহি ল’লেহি মোৰ কাষৰ চিতটোত উৎপল দাৰ কাৰ্টুন এখনৰ খেও ধৰিয়েই আৰম্ভ কৰিলে— কি হে ডেকা, আন্না নে অন্ন? শৰ্মিলাক দেখা নাই... ২০০২ চনৰ পৰা... কোনো গুৰুত্ব নাই... ...৩০৯ ধাৰা... ... সেনাবাহিনীৰ বিশেষ আধিকাৰ আইন... ...আনাৰ্য মূলৰ বাবে ইমান আবহেলা... ...হ’ব পাৰে যুগে যুগে দেখো তেনেই...  দেখা নাই কেনেদৰে মানুহে এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিছে৷ পংকজে ঠিকেই লিখিছে ‘‘বানপানী য’ত বছেৰেকীয়া ঘটনা, তাত দুৰ্য্যোগ ব্যৱস্থাপনাৰ কোনো উপযুক্ত ব্যৱস্থা নাই কিয় ? বন্যাৰ্তক এসাঁজ ভাত বা এটুপি পানী বা জলাবলৈ অকনমান কেৰাচিন দিয়াৰ কথা চিন্তা কৰিব নোৱাৰে কিয়? বিদেশ ভ্ৰমণ কৰি থকা নেতা সকলে বিদেশৰ উন্নত দুৰ্যোগ ব্যৱস্থাপনাৰ ব্যৱস্থা সমূহ পৰিদৰ্শন নকৰে কিয়?কুকুৰ মেকুৰীৰ দৰে বানপানীত উটি যায় আমাৰ মানুহ ! হায় আমাৰ প্ৰশাসন, হায় আমাৰ ৰজাঘৰীয়া সকল, হায় আমাৰ গণতন্ত্ৰ !’’ গণতন্ত্ৰ মানে কি গণৰ তন্ত্ৰ গণ মানে জনসাধাৰণ আৰু তন্ত্ৰ মানে সাধন মাৰ্গ জনগনক বিধস্ত কৰাৰ মাৰ্গ নে ৰজাঘৰীয়া সকলৰ পকেট গৰম কৰাৰ মাৰ্গ হাঃ হাঃ হাঃ By the people, for the people
বেজবৰুৱা নামি যাব ধৰিছিল মই থাপ মাৰি ধৰি কলোঁ— আপুনিয়েই দেখোন লিখিছিল— ‘আজিৰ অসমীয়াৰ গাৰ পৰাও বাপ পিতামহৰ কৃতিত্ব, বীৰত্ব, বীৰ্য্যত্ব, বুদ্ধিত্ব যোৱা নাই যে৷ গুজৰাটী গান্ধীকো তেওঁৰ অহিংসা সংগ্ৰামৰ ওলোটা উত্তৰ দি হৰুৱাই দিবলৈ আচিৰতে আমাৰ নলবাৰী, জাঁজী, টিয়ক, গুৱাহাটী প্ৰভৃতি ঠাইৰ পৰা কোনোবা এজন অসমীয়া মহাবীৰ সেনাপতি এদিন নহয় এদিন ভমক কৰে ওলাই পৰিব৷’... আৰু এটা কথা আপুনিও কিন্তু আৰ্য-অনাৰ্যৰ ৰণখনৰ এক... ...ইতিহাসে ক’ব এদিন... ...বেজবৰুৱাই থতমত খালে হাঃ হাঃ হাঃ তেওঁৰ চোলাতো দাঙি দিলোঁ ঘাঁ গেলিছে দৌৰক নহ’লে পিছ পৰিব ময়ো দৌৰোঁ হঠাৎ এক বিৰাট শব্দ কৰি আমি গৈ থকা গাড়ীখন প্ৰায় দহ ফুট মান ওপৰলৈ উৰি গ’ল৷ মইটো প্ৰথমতে ভাবিছিলোঁ পুস্পক ৰথতে উঠিলোঁ নেকি?... এপাকত জুইৰ সৈতে বাছখন মাটিত গোন্ধ, তেজ একেই ১৯৮৩ নেলি বেলতলা ২০০৯ বাহঃ এপাকত দেখিলোঁ কেইবাটাও বৈদ্যুতিন কেন্দ্ৰৰ সংবাদিক সকল আহি উপস্থিত ব্যস্ত লাইফ কভাৰেজত এচুকত দেখিলোঁ গান্ধীৰ তিনিটা বান্দৰ মোক ঠেলা মাৰি দি দৌৰিবলৈহে হেঁচুকিছেহি ময়ো একো ক’ব নোৱৰাকৈ দৌৰিবলৈ আৰম্ভ কৰিলোঁ

Sunday, August 21, 2011

চৰ্যাপদৰ বিষয়ে

চৰ্যাপদসমূহক অসমীয়া ভাষাৰ প্ৰথম লিখিত ৰূপৰ চানেকি হিচাপে চিহ্নিত কৰা হৈছে। বতৰ্মান সময়ত বিভিন্ন গৱেষণাৰ অন্তত চৰ্যাপদসমূহত অসমীয়া ভাষাৰ উপৰি বঙলা, উৰিয়া, হিন্দী, মৈথেলী আদি ভাষাৰো আদি কালৰ নিদশৰ্ন ৰক্ষিত হৈছো বুলি প্ৰমাণিত হৈছে। চৰ্যাপদসমূহ মূলতঃ বৌদ্ধ ধমৰ্ৰ সহজযানী পন্থাৰ ধৰ্ম সাধনাৰ গীত। এই চৰ্যাপদসমূহ পোন প্ৰথমবাৰৰ বাবে লোকচক্ষুৰ আগত তুলি ধৰে হৰপ্ৰসাদ শাস্ত্ৰীয়ে। কলিকতাৰ এচিয়াটিক ছচাইটিৰ পুথি সংগ্ৰহৰ কামত হৰপ্ৰসাদ শাস্ত্ৰী কেইবাবাৰো নেপাললৈ গৈছিল। ইয়াৰে ১৯০৭ চনত তৃতীয়বাৰৰ বাবে নেপাললৈ যাওঁতে তাৰে ৰাজ দৰবাৰৰ গ্ৰন্থাগাৰত ৰক্ষিত কেইখনমান নতুন পুথি বিচাৰি পায়। সেইকেইখন হ’ল চৰ্যাচৰ্যবিনিশ্চয়, সৰোজবজ্ৰৰ দোহাকাষ আৰু কৃষ্ণাচাৰ্যৰ দোহাকোষ। এই তিনিখন পুথিৰ লগতে আগৰবাৰ যাওঁতে সংগ্ৰহ কৰি অনা ডাকাণৰ্ৱ নামৰ পুথিখন একেলগ কৰি ১৯১৬ খ্ৰীষ্টাব্দত ‘হাজার বছরের পুরাণ বাংলা ভাষার বৌদ্ধ গান ও দোহা’ নামেৰে ছপা কৰি উলিয়ায়। প্ৰকাশক আছিল বঙ্গীয় সাহিত্য পৰিষদ। উল্লেখ্য যে হৰপ্ৰসাদ শাস্ত্ৰীযে পোৱা চৰ্যাচৰ্যবিনিশ্চয় পুথিখন মূল পুথি নাছিল। এইখন আছিল আচাৰ্য মুনিদত্তই লিখা এখন টীকা পুথিহো। পুথিখনৰ কতো চৰ্যাচৰ্যবিনিশ্চয় নামটোত উল্লেখ নথকাৰ পৰা অনুমান কৰা হয় যে এই নামটো শাস্ত্ৰীদোৱে নিজেই দিছিল। মুনিদত্তই লিখা টীকা পুথিখনত অৱশ্যে চযৰ্যানীতিকোষবৃত্তি নামটো আছো আৰু ইয়াৰ লগতে মূল চৰ্যাখিনিও সন্নিবিষ্ট আছিল। উল্লেখ্য যে চৰ্যাগীতৰ তিববতী অনুবাদৰ প্ৰথম সন্ধান লাভ কৰে ড° সুনীতি কুমাৰ চট্টোপাধ্যায়ে। পৰৱৰ্তীকালত ড° প্ৰবোধ চন্দ্ৰ বাগচী, নীলৰতন সেন আদিযে চৰ্যাপদ সম্পৰ্কে গৱেষণা কৰি বিভিন্ন নতুন নতুন তথ্যৰ সম্ভেদ দিযে। ড° বাগচীৰ গৱেষণাৰ কালতেই চৰ্যাগীতৰ সম্পূৰ্ণ তিববতী অনুবাদটি আৱিষ্কৃত হয় আৰু তাৰ পৰাই সংস্কৃত টীকাকাৰ নাম যে মুনিদত্ত আছিল সেয়া গম পোৱা যায়।
  তিববতী অনুবাদৰ পৰা গম পোৱা যায় যে আচাৰ্য মুনিদত্তই এশটা গানৰ কোষ-গ্ৰন্থৰ পৰা একাৱন্নটা গান বাচি লৈ টীকা ব্যাখ্যা কৰিছিল। তাৰে এটা টীকা পৰৱৰ্তীকালৰ কোনো লিপাকাৰৰ হাতত হোৰাল আৰু সেইটি বাদ দিযেই মুনিদত্তৰ টীকাখন নকল কৰি উলিয়ায়। অৱশ্যে নেপালত উদ্ধাৰ হোৱা পুথিখনত (চৰ্যাগীতিকোষ)ৰ শেষৰ পাতখিলা আৰু মাজৰ কেইখিলামান পাত নাই (৬৯ খন পাত আছে)। সবৰ্মুঠ তিনিটা সম্পূৰ্ণ আৰু এটাৰ আধা অংশৰ মূল পাঠৰ লগতে টীকা অংশ নাছিল।
চৰ্যাপদৰ এখিলা পাত
  হৰপ্ৰসাদ শাস্ত্ৰীযে চৰ্যাচযৰ্যবিনিশ্চয় পুথিখনৰ গানবোৰক বৌদ্ধ কীতৰ্ন, বৌদ্ধ সংকীতৰ্ন বুলি অভিহিত কৰিছো। অৱশ্যে টীকাকাৰে চৰ্যাৰ উপৰি গীত আৰু পদ শব্দ দুটাও উল্লেখ কৰিছে। এই গীতসমূহৰ ভাষাৰ লগত নব্য ভাৰতীয় আযৰ্ভাষাৰ অন্তগৰ্ত মৈথিলী, বঙালী আৰু অসমীয়া ভাষাৰ মিল দোখা যায়। সেযে বিভিন্ন ভাষাৰ পণ্ডিতসকলে নিজৰ নিজৰ ভাষাৰ সম্পত্তি বুলি এই চৰ্যাপদসমূহক চিহ্নিত কৰিছে। ড° বাণীকান্ত কাকতিয়েও ইয়াৰ ধবনিতাত্ত্বিক আৰু ৰপতাত্ত্বিক দিশসমূহ ফঁহিয়াই অসমীয়া ভাষাৰ লগত যে মিল আছো সেয়া প্ৰমাণ কৰি গৈছো। এই পুথিখনত সবৰ্মুঠ ২৩ জন সিদ্ধাচৰ্যৰ দ্বাৰা ৰচিত গীত সন্নিবিষ্ট হৈছে। উল্লেখ্য যে এওঁলোক ৮৪ জন তান্ত্ৰিক সিদ্ধাচাৰ্যৰ অন্তৰ্ভুক্ত৷ তেওঁলোকৰ নামসমূহ হল কাহ্নপাদ (১৩ টা চৰ্যা), ভূসুকপাদ (৮টা), সৰহপাদ, (টা), কুক্কুৰীপাদ, (৩ টা), লুইপাদ, শৱৰপাদ, শান্তিপাদ (এইসকলৰ দুটা), বিৰয়াপাদ, গুঞ্জৰীপাদ, চাটিল্লপাদ, কম্বলাম্বৰপাদ, ডোম্বীপাদ, মহীধৰপাদ, বীণাপাদ, আৰ্যদেৱপাদ, ঢেণ্ঢনপাদ, দাৰিকপাদ, ভাদেপাদ, তাড়কপাদ, কংকনপাদ, জয়নন্দীপাদ, ধামপাদ, তন্ত্ৰীপাদ (তেওঁলোকৰ এটাকৈ চৰ্যা)। ইয়াৰে লুইপাদ, সৰহপাদ, মীননাথ, শান্তিপাদ, ডোম্বীপাদ, ঢেণ্ঢনপাদ, মহীধৰপাদ আদিক কামৰূপৰ লগত বিশেষ সম্পৰ্ক থকা বুলি পণ্ডিতসকলে ঠাৱৰ কৰিব খোজো। এওঁলোকৰ বাহিৰেও চৰ্যাপদ, ইউডীপাদ, মীননাথ, আচাৰ্য বিনাওক, ধোকৰীপাদ, বিৰুপাক্ষপাদ, তিলোপাদ আদি সিদ্ধাচাযৰ্ৰ নামো টীকাত উল্লেখ আছে।
  চৰ্যাপদসমূহ অধিকাংশই দহ শাৰীয়া, তাৰে ভিতৰত ১০, ২৮ আৰু ৫০ নং চৰ্যা চৌধ্য শাৰীৰ; ২১ আৰু ২২ বাৰ শাৰীৰ; ৩৯ নং ঊনৈশ শাৰীৰ; ১৪ নংটি সাত শাৰীৰ; ২৩ নং ছয় শাৰীৰ; ২৫ নম্বৰটিৰ চাৰিটা শাৰীৰ নমুনাত ছয়টামান শব্দ আছো আৰু ২৪, ৪৮ নম্বৰ চৰ্যা দুটি লুপ্ত। সাধাৰণতে মাত্ৰাবৃত্ত ছন্দত লিখা চৰ্যাসমূহত অন্ত্যানুপ্ৰাসৰ প্ৰযোগ বহুল। এই গীতসমূহ গাবৰ বাবে নিৰ্ধাৰণ কৰি দিয়া হৈছো সবৰ্মুঠ ১৭ টি ৰাগ— পটমঞ্জৰী, গৱড়া (গউড়া), অৰু, গুঞ্জৰী, দোৱক্ৰী,  দোশাখ (দ্বেশাখ), ভৈৰৱী, কামোদ, ধানসী, ৰামক্ৰী, বৰাড়ী (বলাড্ডী), শীৱৰী, মল্লাৰী, মানসী, গৱুড়া, কাহ্নগুঞ্জৰী আৰু বঙ্গাল। ইয়াৰে প্ৰায়বোৰেই পুৰণি অসমীয়া গীতত পোৱা যায়। বৰগীতৰ দৰে চৰ্যাটো ভণিতা আছো আৰু প্ৰত্যেক পদৰ দ্বিতীয় চৰণটোত ধ্ৰং বা ধ্ৰৱ বুলি নিদেৰ্শ কৰা হৈছে।
  চৰ্যাপদসমূহৰ বিষয়বস্তু ৰহস্যময়ী। মূলতঃ নিৰ্বাণ লাভ কৰাৰ উদ্দেশ্য আগত ৰাখিয়েই ইয়াক ৰচনা কৰা হৈছে। নিৰ্বাণ মানে বাসনাৰ পৰা নিবৃত্তি লাভ। পাথিৰ্ৱ পৃথিৱীৰ অনিত্যতা জ্ঞান লাভ কৰি, অবিদ্যা-মোহ ধবংস কৰিব পাৰিলেই নিৰ্বাণ লাভ হয়। বৌদ্ধ ধমৰ্ৰ সহজযানী পন্থাৰ ধৰ্ম সাধনাৰ কাৰণে, নিৰ্বাণ লাভ কৰাৰ পথ দেখুৱাবৰ বাবে বিভিন্ন ধৰণৰ ৰপক, প্ৰতীক, দ্ব্যাথৰ্ক পাৰিভাষিক শব্দ, বিবিধ উপামা আদি ব্যৱহাৰ কৰি এই চৰ্যাসমূহ ৰচনা কৰা হৈছো। ইয়াৰ অৰ্থ শুদ্ধভাৱে অনুধাৱন কৰিবলৈ হ’লে গুৰুৰ সহায় লাগিবই। সেইবাবেই প্ৰথম চৰ্যটিত কোৱা হৈছে— ‘লুই ভণই গুৰু পুচিছঅ জান।।’ চৰ্যাবোৰৰ মাজোদি সহজীয়া ধমৰ্ৰ দাশৰ্নিক তত্ত্ব সম্বন্ধীয়, যোগ সম্বন্ধীয় আৰু তন্ত্ৰ সম্বন্ধীয় দিশ প্ৰতীকি ভাষাৰে অৱগত কৰা হৈছে।
  সাধাৰণতে চৰ্যাপদত ব্যৱহাত ভাষাৰ ৰূপটি পূৰ্বী অৱহটঠ্‌। সিদ্ধাচাৰ্যসকলে দ্ব্যাথৰ্ক পাৰিভাষিক শব্দ, নানান উপমা-প্ৰতীক ব্যৱহাৰ কৰি ইয়াৰ ভাষা অধিক ৰহস্যময়ী কৰি তুলিছে। হৰপ্ৰসাদ শাস্ত্ৰীয় ইয়াৰ ভাষাক ‘সন্ধ্যা ভাষা’ আখ্যা দি মন্তব্য কৰিছে—  ‘সন্ধ্যাভাষা মানে আলো-আঁধাৰি ভাষা, কতক আলো, কতক অন্ধকার, খানিক বুঝা যায়, খানিক বুঝা যায় না।’ প্ৰাচ্যতত্ত্ববিদ মহোশ্বৰ নেওগদেৱেও ‘‘ .... ইচছাকৃত জটিলতা বতৰ্মান, কাৰণ সেই ভাষা সাংকেতিক, যাৰে তাৰে বাবে নহয়, সি বোৱা গুৰুৱে কলা শিষ্যক (গুৰু বোব সে সীস কাল) বুজোৱা কিছুমান ইংগিত মাত্ৰ। বৃত্তিকাৰে সেই ভাষাক সন্ধ্যাভাষা বা সন্ধ্যাবচন, সন্ধ্যাসংকেত বা সন্ধ্যা যি ভাষাৰ অভীষ্ট মৰ্মাৰ্থ গভীৰভাৱে অনুধ্যান কৰিহে হৃদয়ঙ্গম কৰিব পৰা যায়।’ বুলি মন্তব্য কৰিছে। আচাৰ্য মুনিদত্তইও ব্যাখ্যা কৰাৰ প্ৰসংগত সন্ধ্যাবচন, সন্ধ্যাসংকেত, সন্ধা এনে শব্দৰে গূঢতত্ত্ব ব্যাখ্যা কৰিছে। গ্ৰন্থৰ পবিত্ৰতা, সাধন প্ৰণালীৰ গোপনীয়তা আৰু গূঢ়তত্ত্বৰ গুৰুত্ব সন্ধ্যাভাষাত সততে ৰক্ষা কৰা হয়। সেয়ে ইয়াৰ ভাষা দ্ব্যথৰ্ক পাৰিভাষিক আৰু আলংকাৰিক। উল্লেখযোগ্য যে, সবৰ্সাধাৰণ জনগণে ব্যৱহাৰ কৰা ভাষাৰ মাধ্যমেৰেই ইয়াত ধমৰ্ৰ গূঢতত্ত্ব ব্যাখ্যা কৰা হৈছে।
          আইসন চৰ্যা কুক্কুৰীপাএঁ গাই উ।
          কোডি মাঝে একু হিঅহিঁ সমাইউ।। (২ নং চৰ্যা)
  প্ৰধান কথাটি হ’ল এই কথ্য ভাষাটি আছিল প্ৰাচীন কামৰূপ, মগধ, উত্কল, গৌড় আদি ঠাইৰ উমৈহতীয়া কথ্য ভাষা। চৰ্যাত এই সকলো ঠাইৰে আঞ্চলিক ভাষিক বৈশিষ্ট্য মিহলি হৈ আছে। সেয়ে প্ৰত্যেকেই চৰ্যাসমূহ নিজৰ নিজৰ প্ৰাচীন সম্পত্তি বুলি দাবী কৰে। তদুপৰি চৰ্যাবোৰৰ মাজোদি সমকালীন সমাজ জীৱনৰ বিভিন্ন চিত্ৰ, যেনে তুলা বা কপাহ ধুনা কাৰ্য, শৱৰ, ডোম প্ৰভৃতি কৰ্মজীৱীৰ ব্যৱসায়িক ভিত্তি, মাছমৰা, বিবাহ পদ্ধতি, নাৱৰীয়া আদিৰ উল্লেখেৰে ঘৰুৱা চিত্ৰক, দৈনন্দিক কমৰ্ক ৰূপক হিচাপে ব্যৱহাৰ কৰি ধৰ্মতত্ত্বৰ ব্যাখ্যা আগবঢ়াইছে। এক কথাত ক’ব পাৰি যে চৰ্যাত ব্যৱহাৰিক জীৱনত সদায় দোখি থকা বা উপলব্ধি কৰা চিত্ৰৰ মাজোদি গভীৰ তাত্ত্বিক কথা এটি সহজ-সৰলভাৱে উপস্থাপন কৰিবলৈ বিচৰা হৈছো।
  ড° বাণীকান্ত কাকতিযে চৰ্যাপদৰ ভাষাৰ লগত অসমীয়া ভাষাৰ সম্পৰ্কৰ কথা ধবনিতাত্ত্বিক আৰু ৰপতাত্ত্বিক বিশ্লেষণেৰে ফঁহিয়াই দেখুৱাইছে। তলত তাৰে কেইটিমান উল্লেখ কৰা হ’ল—
  •  হ্ৰস্ব আৰু দীৰ্ঘ বৰ্ণ অবিচাৰিতভাৱে ব্যৱহত, যেনে চুম্বি, চূম্বি, চূম্বী, পঞ্চ, পাঞ্চ।
  •    অসমীয়াৰ দৰে চৰ্যাত কৰ্তা, কৰ্ম, কৰণ আৰু অধিকৰণ কাৰক বাক্যত বিভক্তিযুক্ত নোহোৱাকৈ ব্যৱহাৰ হয়, যেনে— বাঢ়ই সো তৰু সুভাসুভ পানী (৪৫ নং), কামৰ ণাঅ (২নং)।
  •    অসমীয়াৰ দৰে স্ত্ৰী বিভক্তিৰ সম্বন্ধ পদৰ চিন ‘-ৰ’ ব্যৱহাৰ, হৰিণাৰ খুৰ, ডোম্বীৰ সঙ্গে।
  •   স্ত্ৰী প্ৰত্যয় ‘ঈ’ আৰু ‘নী’ৰ ব্যৱহাৰ, যেনে— হৰিনী, দোৱী, জোইণি। 
  •   পুৰণি অসমীয়াত প্ৰচলিত তত্সম, অৰ্দ্ধ-তত্সম, তদ্ভৱ আৰু দেশী শব্দৰ ব্যৱহাৰ। যেনেঃ তত্সম শব্দ- অৱকাশ, অভাব, আকাশ, গগণ, চৰণ, নাটক, নায়ক; অৰ্দ্ধ-তত্সম শব্দ- গৰাহক < গ্ৰাহক, পৰস < স্পৰ্শ, পহাৰা < প্ৰহৰ; তৎভৱ শব্দ- সমধৰ < শশধৰ, সোণ < সুৱৰ্ণ, কামৰু < কামৰূপ; দেশী শব্দ- টাকলি, ভিডি, খাল, ঘাট ইত্যাদি।
পয়াৰ, অনুষ্টুভ, পাদাকুলক আদি মাত্ৰাবৃত্ত ছন্দসজ্জাৰে ৰচিত এই চৰ্যাবোৰৰ মাজোদি উদ্ভৱ কালৰ অসমীয়া ভাষাৰ সাহিত্যিক ৰূপ এটি ৰক্ষিত হৈছে।

প্ৰসংগ পুথি
  • কটকী, প্ৰফুল্ল (২০০৫); সাহিত্য সংজ্ঞা কোষ;জ্যোতি প্ৰকাশ, পাণবজাৰ, গুৱাহাটী-১।
  •    কাকতি, বাণীকান্ত (১৯৫৮);পুৰণি অসমীয়া সাহিত্য, লয়াৰ্ছ বুক ষ্টল, পাণবজাৰ, গুৱাহাটী-১।
  •    গোস্বামী, প্ৰফুল্লদত্ত (১৯৯৪);অসমীয়া জন-সাহিত্য, বাণী প্ৰকাশ, প্ৰাইভেট লিমিটেড, পাণবজাৰ, গুৱাহাটা - ১।
  •    গোস্বামী, যতীন্দ্ৰনাথ (১৯৯৪); অসমীয়া সাহিত্যৰ চমু-বুৰঞ্জী, মণি-মাণিক প্ৰকাশ, পাণবজাৰ, গুৱাহাটা - ১।
  •    গোস্বামী, হোমচন্দ্ৰ (১৯২৪);অসমীয়া সাহিত্যৰ চানেকি, কলিকতা বিশ্ববিদ্যালয়, কলিকতা।
  •    চক্ৰৱৰ্তী, মঞ্জু; হাজৰিকা, কৰবী ডেকা (২০০৪); চৰ্যাপদ আৰু বৰগীত, বনলতা, নতুন বজাৰ, ডিব্ৰুগড়৷
  •     নেওগ, ডিম্বেশ্বৰ (১৯৫৮);অসমীয়া সাহিত্যৰ বুৰঞ্জী, যোৰহাট।
  •    নেওগ, মহোশ্বৰ (২০০০);অসমীয়া সাহিত্যৰ ৰপৰেখা, চন্দ্ৰ প্ৰকাশ, পানবজাৰ, গুৱাহাটী-১।
  •  শৰ্মা, স্যতেন্দ্ৰনাথ (১৯৯৬); অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, সৌমাৰ প্ৰকাশ, ৰিহাবাৰী, গুৱাহাটী।
  •  হাজৰিকা, পৰীক্ষিত (১৯৮৭);চৰ্যাপদ, ডালিমী প্ৰকাশ, ফটাশিল, আমবাৰী, গুৱাহাটী৷
  •  হাজৰিকা, বিশ্বেশ্বৰ (২০০৩); অসমীয়া সাহিত্যৰ বুৰঞ্জী (প্ৰথম খণ্ড), আনন্দৰাম বৰুৱা ভাষা কলা-সংস্কৃতি সংস্থা, অসম।
  •    বন্দোপাধ্যায়, অসিত কুমার (১৯৭৬); বাংলা সাহিত্যের ইতিবৃত্ত, কলিকতা।
  •     সেন, সুকুমার (১৯৭৬); বাঙ্গালা সাহিত্যের ইতিহাস (১ম খণ্ড), কলিকতা।
  •  Baruah, Birinchi Kumar(1978);History of Assamese Literature ; Sahitya Akademi, New Delhi.
  •  Baruah, Hem (1965), Assamese Literature; NBT, New Delhi.
  •   Bhuyan, Surya Kumar (1956),Studies in the Literature of Assam; Lawyers Books Stall, Guwahati.
  • Kakati, Banikanta (1962),Assamese : Its Formation and Development; Lawyers Books Stall, Guwahati.
  •  Kakati, Banikanta (1959), Aspects of Early Assamese Literature; Gauhati University.

(সহযোগী লেখিকাঃ  জোনমণি গগৈ
গৱেষিকা, আধুনিক ভাৰতীয় ভাষা বিভাগ
গুৱাহাটী বিশ্বিবিদ্যালয়, গুৱাহাটী- ১৪, অসম৷