Thursday, November 1, 2012
Thursday, July 12, 2012
মানুহৰ বয়স
(বহুদিন
একো লিখিব পৰা নাই৷ আজি কেইদিন মানৰ আগেয়ে বন্ধুসম দাদা এজনে কাহিনী এটা ক’লে৷ তাকে
ৰাইজলৈ বুলি লিখি পঠিয়ালোঁ৷)
মানুহৰ বয়স
ভগৱানে
মানুহক আদি কৰি সমস্ত জীৱজগত সৃষ্টি কৰাৰ পাছত এদিন সকলোকে মাতি পঠিয়ালে প্ৰত্যেককে
বয়স প্ৰদান কৰিবৰ বাবে৷ এলেহুৱা স্বভাৱৰ বাবে মানুহ, গাধ দেৰীকৈ উপস্থিত হ’ল৷ ঠিক সেইদৰে
দিন হোৱা বাবে ফেঁচাও দেৰীকৈ উপস্থিত হ’লহি৷ আনহাতে কুকুৰে খৱৰটো দেৰীকৈ লাভ কৰাৰ বাবে
পলম কৰিলে৷ ভগৱানে এই চাৰিবিধ প্ৰণী দেৰীকৈ উপস্থিত হোৱাত ক’লে যে ইতিমধ্যে আনবিলাক
জীৱ-জন্তুক বয়স প্ৰদান কৰাৰ বাবে তেখেতৰ ওচৰত তেতিয়া মাত্ৰ ১৬০ বছৰ বয়স হে বাকী আছে৷
এতিয়া এই ১৬০ বছৰেই সকলোকে সমভাৱে ভগাই দিব৷ সেই কথা শুনি গাধই মাত দিলে— ‘ভগৱান মই
৪০ বছৰ মানুহৰ বোজা কঢ়িয়াব লাগিলে বৰ কষ্ট পাম৷ মোক আধা কৰি দিব নোৱাৰিলে?’ ভগৱানে
সেয়া শুনি হ’ব বুলি ক’লে আৰু সেই ২০ বছৰ কাৰোবাক প্ৰয়োজন আছে নেকি শুধিলে৷ মানুহে ভাবিলে
যে ৪০ বছৰ বৰ কম সময় সেয়ে সেইখিনি বয়স তেওঁ গ্ৰহণ কৰিলে লাভৱান হ’ব৷ ভগৱানে মানুহৰ
মনৰ ভাব বুজিব পাৰি সেয়ে হ’ব বুলি ক’লে৷ ইয়াৰ পাছতে কুকুৰেও ক’লে যে ৪০ বছৰ বয়স তেওঁৰ
বাবেও কম বেছি হ’ব, কাৰণ ৪০ বছৰ মানুহৰ লেই-লেই, চেই-চেই খাই থকাতো বৰ কষ্ট হয়৷ সেইখিনি
বয়সো মানুহে গ্ৰহণ কৰিলে৷ ফেঁচাইও তাৰ বয়স আধা কৰি দিবলৈ কোৱাত মানুহে ভালপাই সেইখিনিও
গ্ৰহণ কৰিলে৷ ভগৱানেও সেয়ে হ’ব বুলি মান্তি হ’ল৷ এনেদেৰ মানুহৰ সৰ্বমুঠ বয়স হ’ল ১০০
বছৰ৷ ৪০ বছৰ নিজৰ বাকী প্ৰতি ২০ বছৰ ক্ৰমে গাধ, কুকুৰ আৰু ফেঁচাৰ৷
তেতিয়াৰে পৰা মানুহে সমগ্ৰ জীৱনৰ প্ৰথম ৪০ বছৰ
নিজৰ জীৱন কটাবলৈ পালে৷ তাৰ পাছৰ ২০ বছৰ গাধৰ জীৱন৷ এই সময়ছোৱাত গাধৰ দৰে সংসাৰৰ (ল’ৰা-ছোৱালী,
পা-পৰিয়াল সকলোৰে বোজা কঢ়িয়াই)বোজা কঢ়িয়াবলৈ বাধ্য হ’ল৷ তাৰ পাছৰ ২০ বছৰ কুকুৰৰ দৰে
সকলোৰে লেই-লেই, চেই-চেই সহি থাকিব লগা হ’ল৷ কাৰণ ৬০ বছৰ বয়সৰ পাছত চাকৰি-বাকৰিৰ পৰা
অৱসৰ লোৱাৰ পাছত ল’ৰা-ছোৱালীৰ পৰা তেনে ব্যৱহাৰ লাভ কৰে৷ তাৰ পাছত শেষৰ ২০ বছৰ ফেঁচাৰ
দৰে সকলো ঠাইতে জুপুকা মাৰি মৃত্যুৰ আহ্বানলৈ বাট চাই থাকিব ল’গা হয়৷
এনেদৰে আনৰ পৰা লাভ কৰা বয়সবোৰত মানুহে সেই নিৰ্দিষ্ট
জন্তুটোৰ বৈশিষ্ট্য তেতিয়াৰে পৰা বহন কৰি থাকিব ল’গা হৈছে৷ এয়াই মানুহৰ জীৱনৰ বিৰম্বনা৷
Saturday, September 24, 2011
গজপুৰীয়াৰ পৃথিৱী ভ্ৰমণ
আগকথাঃ
গজপুৰীয়া বুলিলে সকলোৱে চিনি পায়৷ পিতৃপ্ৰদত্ত নামটো পিছে
কি আছিল মানুহবোৰে পাহৰিলে৷ নামৰ পিছফালে থকা উপাধি নামৰ টুকুৰাটোৰ কথাও কাৰো মনত নাই৷
আগতে বোলে কিবা ‘পাইক’ নে কি তেনে আছিল৷ ৰজাৰ ঘৰত গেবাৰি খাটিবহি লাগিছিল৷ সেইবোৰ দিন
এতিয়া নাইতো৷ দিন সলনি হৈছে, তেওঁৰো পৰিৱৰ্তন ঘটিছে৷ তেওঁক এই নামটোৰে চিনাকি কৰি দিছিল
আমাৰ সেই যে ‘ভাষাৰ বেজ’জন, তেখেতে৷ অ’, সেইজনৰ কথাই কৈছোঁ, নৌকাষ্ঠ হোৱা জন৷ সেইজনাই
‘চক্ৰধ্বজ সিংহ’ নে কিবা নাটক এখনত তেনেদৰে চিনাকি কৰি দিয়াৰে পৰাই জনসমাজত এই নামেৰে
প্ৰসিদ্ধি লভিলে৷ আনহাতে তেজপুৰীয়া দীপক মহন্তই পাই পুনৰ তেওঁৰ নামৰ পিছত ‘উপাখ্যান’
শব্দটো লগ লগাই দিয়াৰ লগতে নামৰ শেষৰফালে ‘ৰ’টো লগাই দি ‘গজপুৰীয়াৰ উপাখ্যান’ কৰি পেলালে৷
তেওঁৰ বিভিন্ন কাৰ্য-কলাপক লৈ নতুন নাটক এখন লিখি জনসমাজত প্ৰচাৰ কৰিলে৷ সেয়া পিছে
কেইবা বছৰৰো আগৰ কথা৷
তাৰ পাছত নাই মানে তেওঁৰ ছাঁটোকে দেখিবলৈ নাই৷ ক’ত বা গুম
হৈ আছিল একো খৱৰেই পোৱা নাছিলোঁ৷ প্ৰথম অৱস্থাত কোনোবাই অপহৰণ-চপহৰণ কৰি মাৰিয়েই পেলালে
বুলি ভাবি ক’ৰবাত অচিনাক্ত মৃতদেহ ওলালেই খৱৰ লৈছিলোঁ৷ নাই তেতিয়াও একো খৱৰ ওলিয়াব
নোৱাৰি দৌৰত ব্যস্ত হৈ তেওঁৰ কথা পাহৰিয়েই গৈছিলোঁ৷
কালিৰ কথা, মহানগৰীৰ বানপানীত আবদ্ধ হৈ চিৰিয়াখানাৰ কাষৰে
ৰেষ্টুৰেণ্ট এখনত বহি থাকোঁতে মানুহ এজনে মাত লগালেহি৷ মই প্ৰথমতে চিনিবকে পৰা নাছিলোঁ৷
তেওঁ মোক ঢকা এটি মাৰি খৱৰ সুধিলে, মই দৌৰি থকাৰ খৱৰ বাতৰি ল’লে৷ মই অচিনাকি ধৰণেই
তেওঁক উত্তৰবোৰ দি আছিলোঁ৷ তেওঁ কথাটো টং কৰিব পাৰি মোক ক’লে— কি হ’ল চিনি পোৱা নাই
নেকি?মই গজপুৰীয়া আকৌ৷… …মই কি কৰিম, কি নকৰিম কৰি তেওঁক সাবট মাৰি ধৰি ক’লো—
— আচলতে মই আপোনাক চিনিবকে পৰা নাছিলোঁ৷ ‘গেট আপ’ একেবাৰে বেলেগ
হৈ গ’ল৷ ক’ত আছিল ইমান দিন? খৱৰ বাতৰি কওঁক৷ মইটো কোনোবাই অপহৰণ কৰি নিলে বুলি ভাবিছিলোঁ৷
খৱৰ বাতৰি কওঁক৷ আৰু…
একে
লেঠাৰিয়ে কেইবাটাও প্ৰশ্ন কৰাত তেওঁ মোক বাধা দি ক’লে
—ৰ’ চোন৷ সকলো বিলাক প্ৰশ্নৰে উত্তৰ দিম৷ প্ৰথমতে এওঁৰ লগত
চিনাকি হৈ ল’৷
গজপুৰীয়াতকৈ কিছু চাপৰ, থোপোকা মুখৰ, গালত পানীয়ে মৰা কঠিয়াৰ
দৰে কেইদাল মান দাড়ি (নোম!)থকা ব্যক্তি এজন আহি মোলৈ হাতখন আগবঢ়াই দিলে৷ মই চেহেৰাটো
চিনাকি চিনাকি যেন দেখি হাতখন আগবঢ়াই দি ক’লো— আপোনাৰ নাম ‘চাংকু পানজা’ (Sancho Panza) নেকি?
তেওঁ মুখত মিচিকিয়াই হাঁহি এটা মাৰি ক’লে— তাৰ মানে আপুনি
মোক পাহৰা নাই৷ আগতে আছিলোঁ ‘ডন কিহতেৎ’(Don Quixote)ৰ লগত৷ আপুনি দৌৰি থাকোঁতে লগ পাইছিলোঁ নহয়৷
—অ’ মনত আছে, সেইবাবেই পাহৰা নাই৷ মই উত্তৰ দিলোঁ (এওঁক দেখি
হে মনত পৰিছে ‘ডন কিহতেৎ’ক লগ পোৱা কথা, অহা বাৰ লিখিব লাগিব কাহিনীটো৷)
আমাৰ কথা-বতৰাৰ মাজতে গজপুৰীয়া ক’লে— ব’লা ব’লা বহু কথাই ক’ব
লাগিব৷ মই পৃথিৱী ভ্ৰমণ কৰিলোঁ নহয়৷ বহু কাহিনীয়েই আছে৷ ক’ম তোমাক৷ শুনিবানে?
—কিয় নুশুনিম৷ শুনিম নিশ্চয় শুনিম৷
ক্ৰমশঃ…
Thursday, September 22, 2011
জীৱনৰ ভগ্নাংশ— ১০
লাচিতৰ হাতৰ পৰা ভালে ভালে বাচি আহিলোঁ৷ ভাল দৰেই লম্ভিছিল মোক৷… …তেখেতে কি যে প্ৰশ্নবোৰ
আৰম্ভ কৰিছিল!… …মই ইমানদিনে তেনে ধৰণৰ
কিছুমান প্ৰশ্নৰ উত্তৰৰ সন্ধানতেই দৌৰি আছোঁ… …মোকে আকৌ প্ৰশ্ন সোধে… …মাজে মাজে প্ৰশ্নবোৰে
এনেদৰে জুমুৰি দিয়ে যে মই মানসিকভাৱে ভাগৰুৱা অনুভৱ কৰোঁ৷ ৰৈ দিবলৈও ভয়… …কোনে বা মোৰ পিচ পেলাই
আগবাঢ়ি যায়৷… …ইফালে ইংলণ্ডত ভাৰতে জয়ৰ
মুখ নেদেখিলে এখন খেলতো… …প্ৰদ্যুতৰ টিকিৰ শৰীৰ বা
কেনে… …তাৰ একো ঠিকনা নাই, কি বা
ঘমঘণ্টখন কৰি থাকে (পংকজে কৈছে তাৰ গাত ভুতে লম্ভে বোলে, ক’ব নোৱাৰি!পাৰিলে মায়েঙৰ ফালৰ বেজ এজনৰ খৱৰ কৰিব লাগিব...)… …কিতাপ এখন প্ৰকাশ কৰাৰ
কথা, প্ৰকাশকে গাত লৈছে, মইহে দিব পৰা নাই… …কি বা কৰোঁ… …অইনাও জেংৰাইজনী ডাঙৰ হৈ
অহাৰ লগে লগে বৰ দুষ্ট হৈছে… …খোজেই ভালদৰে দিব নোৱাৰে,
দৌৰিব লাগে… …বাপেকে দৌৰি থকাতোঁ
দেখিছে চাগৈ!… …সৰু জীৱটো… …গাত ভগৱান থাকে বোলে… …তাইৰ মুখখন দেখিলেই সকলো
দুখ-ভাগৰ নাইকিয়া হৈ যায়৷ মাকৰ বৰ চিন্তা… …ক্ৰেচত থৈ যাব লাগে… …তায়ো ব্যস্ত দৌৰত… …
এনেদৰে বিভিন্ন চিন্তাৰে মূৰটো ফাটি-চিটি যাওঁ যেন কৰিছে… …উফঃ অলপ সময় জিৰণি নল’লে
নহ’ব৷ ফুকনদেওৰ পৰা বাচিবৰ বাবেই তৰনৰা কৈ দৌৰিছিলোঁ৷… …উফঃ… …ফোপাই-জোপাই এঠাইত হাউলি
লৈ দীঘল দীঘল কৈ উশাহ কেইটামান টানিছিলোঁ হে মাত্ৰ, সিফালৰ পৰা আহি থকা দেখিলোঁ
শ্ৰীনিবাৰণ ভট্টাচাৰ্যক (অৰুণ শৰ্মা বোলা অসমীয়া নাট্যকাৰজনে সৃষ্টি কৰা এটা
অধুনিক মনৰ চৰিত্ৰ)৷ মই কাষ চাপি গ’লোঁ… …নাহিল কোনো মানুহ নাহিল… …মোৰ ত্ৰয়োদশ নাটকখন চাবলৈ
এজনো মানুহ নাহিল, পাঁচশ, পুৰা পাঁচশ মানুহক মই গড়ে দুবাৰ কৈ নিমন্ত্ৰণ জনাইছিলোঁ,
মোৰ নাটকখন চাবলৈ৷ এজনো নাহিল৷… …মই ক’লো— নাহিবতো, আজিকালি
ডিস্ক চাবলৈ যায়, কেচিনঅ’ লৈ যায় অসমীয়া ৰাইজ, নাটক চাবলৈ কিয় যাব৷ তেখেতে
ব্যঙ্গাত্মক হাঁহি এটা মাৰি ক’লে— মই এতিয়াৰ কথা কোৱা নাই ষাঠিৰ দশকৰ শেষৰ কথা
কৈছোঁ৷ ময়ো তেখেতলৈ বেকা হাঁহি এটা ঠেলি দি ক’লোঁ— বছৰ হে বাঢ়িলে, একো সলনি হোৱা
নাই৷একেই আছে… …সলনি হৈছে মাথোন মানুহৰ
প্ৰয়োজনীয়তা৷… … তেখেতে গেঙেৰি মাৰি
উঠিল— দেখা নাই উদ্দীপ্ত, পংকজ, অঞ্জলহঁতে ইণ্টাৰনেটত বেজবৰুৱা দাৰ নাটক এখন
সংৰক্ষণ কৰিবলৈ ওলাইছে৷ তই কি কৰি আছ৷ মই ভেবাচেবা খাই গ’লো, বুঢ়াই তাৰমানে খৱৰ
ৰাখিছে… …এৰা তেতিয়াই কৈছিল তেখেতৰ
বোলে জন্ম পঞ্চাশ বছৰৰ পিছত হ’ব লাগিছিল৷ তাৰেই প্ৰমাণ৷… …মই কথা সলাবলৈ ক’লো—
আপুনিটো ঘোঁৰা দেখিলেই ৰ’ব নোৱাৰিছিল, এতিয়া একা… …উত্তৰ আহিল— একেই আছে… …মনত ৰাখিবি গতিৰ বিনে গতি
নাই… …দৌৰ ৰৈ গৈছ কিয়?... …পিঠিখন চা মোৰ… …ঘাঁবোৰ বাঢ়িছে, তেখেতে
চোলাটো দাঙি দিলে…
ঠেলা মাৰি মোক দৌৰিবলৈ আগুৱাই দিলে… …হঠাৎ এটা গুমগুমিন… …আৰে কি হৈছে… …মই দেখোন ঢলং পলং কৰিছোঁ… …অ’, মই কৰা নাই, পৃখিৱীখন
হে কঁপিছে… …ভ্ৰাম্যমাণ কাণ ফুচফুচটোত
খৱৰ আহিল… …ভুঁইকঁপ… …ছিকিম ইয়াৰ উৎপত্তি স্থলি... ...ৰিখটাৰ স্কেলত ৬.৯… …বৰ ভুঁইকঁপ… …বহু মানুহ মাৰিব চাগৈ… …মনলৈ আহিল সৰুতে পিতায়ে
কৈছিল— মানুহৰ পাপৰ বোজা বেছি হ’লে পৃথিৱীখন পিঠিত লৈ থকা ভেকুলীটোৱে গাটো লৰাই
দিয়ে… …তেতিয়াই ভুঁইকঁপ হয়… …পৃথিৱীত বাৰু পাপ বাঢ়িছে
নেকি?... …সেইবাবেই… …অসমত হে বাঢ়িছে… …ভাবি একো লাভ নাই… …দৌৰিব লাগে মই… …পুনৰ নতুন উদ্যমেৰে
দৗৰিবলৈ আৰম্ভ কৰিলোঁ মই…
Monday, September 12, 2011
জীৱনৰ ভগ্নাংশ— ৯
গান্ধীৰ তিনিটা বান্দৰে যে
মোক ঠেলা মাৰি দি দৌৰিবলৈহে হেঁচুকিছিলহি… …ময়ো একো ক’ব নোৱাৰাকৈ দৌৰিবলৈ
আৰম্ভ কৰিলোঁ৷… …হঠাৎ কিবা এটাত খুণ্দাখাই
পৰি গ’লো৷ খকামকাকৈ জাপ মাৰি ঠিয় হৈ ক’ত নো খুণ্দা খালোঁ তাৰ উৎস বিচাৰোঁতে চকুত পৰিল
হাতত তৰোৱালধাৰী এজন ব্যক্তি৷ মুখখন চিনাকি চিনাকি… …ক’ৰবাত যেন দেখিছোঁ… …অতিকে চিনাকি!… …কৃষ্ণই কানখোৱাক বিচাৰি মনৰ
পৃথিৱীখন চলাথ কৰাৰ দৰে ময়ো মনৰ পৃথিৱীখনত ভুমুকিয়াই বিচাৰিলোঁ তেখেতৰ পৰিচয়… …চাৎ কৈ ৰৈ গ’ল মনৰ ঘোঁৰা
(ঊষাই চিত্ৰলেখাই অঁকা চিত্ৰপটত অনিৰুদ্ধৰ চেহেৰাটো দেখি থৰ লগাৰ দৰে)… …একেবাৰে চিনাকি মুখ… …কাষ চাপি গ’লো… …তেখেতে হুমুনিয়াহ কাঢ়ি ক’বলৈ
আৰম্ভ কৰিলে— মোগলৰ সৈতে নৰিয়া গাৰেও মই দেশৰ সাৰ্বভৌমত্বৰ বাবে ৰণ কৰিছিলোঁ… …বিনা যুদ্ধে বেজিৰ আগত অহা
মাটিও এৰি দিব বিছৰা নাছিলোঁ… …(মনতে ভাবিলোঁ বপুৰাই কৌৰৱৰ
কথা কৈ উদাহৰণ দিছে ছোৱা!…)সেই দেশৰ বীৰ সন্তানবোৰে এতিয়া আকৌ বদনৰ দৰে (অ… …এওঁ তাৰমানে দূৰৰ পৰা হ’লেও
দেশৰ ভূ ৰাখিছে তাৰমানে) দেশখন আনৰ হাতত গতাব বিচাৰিছে… …দেখা নাই ৬৬৫ একৰ মাটি কাৰোবাক
দি দিছে… …কিবা এটা কৰা৷…
ময়ো গুজৰি উঠিলোঁ— কিয় নিদিব৷
দেখা নাই সেই দেশৰ মানুহ নহ’লে এই মুলুক এখন্তেকো নচলে৷ শাক-পাচলি উৎপাদনৰ পৰা আৰম্ভ
কৰি ঠেলাৱালা, ৰিক্সাৱালা, কাম কৰা বনুৱা দেখোন সেই দেশৰ পৰাই অহা৷ দেখা নাই উৎপল দাই
আঁকিছে— এদিনটো এই গোটেই দেশেই সেই দেশৰ অধীন হ’ব!... …হাঃ হাঃ হাঃ… …মোৰ হাঁহি শুনি তেখেত বিব্ৰত
হ’ল… …কিবা এটা ক’বৰ বাবে মুখ মেলিব
বিচাৰিছিল৷… … মই এখন্তেকো সময় নিদি তেখেতৰ
চোলাটো দাঙি চালোঁ… …তাতো ঘাঁ… …কিবা নতুন ধৰণৰ পোকে কিলবিলাই
আছে… …ক’লো— দৌৰক নহ’লে পিছ পৰি
যাব… …ঘাঁ টুকুৰাও বাঢ়িছে আপোনাৰ৷
মোৰ সময় নাই দৌৰিব লাগে, ঘাঁ টুকুৰা বাঢ়িছে… … দেখা নাই তাতে নদীবান্ধৰ
টৰ্বাইনবোৰ আকৌ ঘূৰাই আনিছে… …আকোঁৰগোজ, বৃহৎ নদীবান্ধ হ’বই… …বিভিন্ন সংগঠনে বিৰোধিতা কৰিছে… …হাঃ হাঃ হাঃ… …তেখেতে কিবা এটা কোৱাৰ আগতেই
মই দৌৰিবলৈ আৰম্ভ কৰিলোঁ… …আচলতে মই বাৰু তেখেতৰ পৰা
পলালোহে নেকি???...
Tuesday, August 23, 2011
জীৱনৰ ভগ্নাংশ— ৮
দৌৰৰ দৌৰ বাৰু কিমান!কেতিয়বা ভাবি ভাবি ভাগৰি পৰোঁ৷ ভাগৰি পৰোঁ দৌৰিও… …জাপ মাৰি উঠিলোঁ চিটিবাচ এখনত৷ কলৈ যাওঁ বাৰু… …মনৰ ভিতৰত আগাদেৱা কৰিলেহি বহুতো ছবি৷ বেজবৰুাৱাই হাঁহিৰ থুনপাক মেলি বহি ল’লেহি মোৰ কাষৰ চিতটোত… …উৎপল দাৰ কাৰ্টুন এখনৰ খেও ধৰিয়েই আৰম্ভ কৰিলে— কি হে ডেকা, আন্না নে অন্ন?… শৰ্মিলাক দেখা নাই... ২০০২ চনৰ পৰা... কোনো গুৰুত্ব নাই... ...৩০৯ ধাৰা... ... সেনাবাহিনীৰ বিশেষ আধিকাৰ আইন... ...আনাৰ্য মূলৰ বাবে ইমান আবহেলা... ...হ’ব পাৰে যুগে যুগে দেখো তেনেই... … দেখা নাই কেনেদৰে মানুহে এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিছে৷… …পংকজে ঠিকেই লিখিছে ‘‘বানপানী য’ত বছেৰেকীয়া ঘটনা, তাত দুৰ্য্যোগ ব্যৱস্থাপনাৰ কোনো উপযুক্ত ব্যৱস্থা নাই কিয় ? … … বন্যাৰ্তক এসাঁজ ভাত বা এটুপি পানী বা জলাবলৈ অকনমান কেৰাচিন দিয়াৰ কথা চিন্তা কৰিব নোৱাৰে কিয়? বিদেশ ভ্ৰমণ কৰি থকা নেতা সকলে বিদেশৰ উন্নত দুৰ্যোগ ব্যৱস্থাপনাৰ ব্যৱস্থা সমূহ পৰিদৰ্শন নকৰে কিয়?কুকুৰ মেকুৰীৰ দৰে বানপানীত উটি যায় আমাৰ মানুহ ! হায় আমাৰ প্ৰশাসন, হায় আমাৰ ৰজাঘৰীয়া সকল, হায় আমাৰ গণতন্ত্ৰ !’’… …গণতন্ত্ৰ মানে কি… … গণৰ তন্ত্ৰ… …গণ মানে জনসাধাৰণ আৰু তন্ত্ৰ মানে সাধন মাৰ্গ… …জনগনক বিধস্ত কৰাৰ মাৰ্গ নে ৰজাঘৰীয়া সকলৰ পকেট গৰম কৰাৰ মাৰ্গ… … হাঃ হাঃ হাঃ… By the people, for the people … …
বেজবৰুৱা নামি যাব ধৰিছিল মই থাপ মাৰি ধৰি কলোঁ— আপুনিয়েই দেখোন লিখিছিল— ‘আজিৰ অসমীয়াৰ গাৰ পৰাও বাপ পিতামহৰ কৃতিত্ব, বীৰত্ব, বীৰ্য্যত্ব, বুদ্ধিত্ব যোৱা নাই যে৷… …গুজৰাটী গান্ধীকো তেওঁৰ অহিংসা সংগ্ৰামৰ ওলোটা উত্তৰ দি হৰুৱাই দিবলৈ আচিৰতে আমাৰ নলবাৰী, জাঁজী, টিয়ক, গুৱাহাটী প্ৰভৃতি ঠাইৰ পৰা কোনোবা এজন অসমীয়া মহাবীৰ সেনাপতি এদিন নহয় এদিন ভমক কৰে ওলাই পৰিব৷’... আৰু এটা কথা আপুনিও কিন্তু আৰ্য-অনাৰ্যৰ ৰণখনৰ এক... ...ইতিহাসে ক’ব এদিন... ...বেজবৰুৱাই থতমত খালে… …হাঃ হাঃ হাঃ… …তেওঁৰ চোলাতো দাঙি দিলোঁ… …ঘাঁ… …গেলিছে… দৌৰক নহ’লে পিছ পৰিব… ময়ো দৌৰোঁ… …হঠাৎ এক বিৰাট শব্দ কৰি আমি গৈ থকা গাড়ীখন প্ৰায় দহ ফুট মান ওপৰলৈ উৰি গ’ল৷… …মইটো প্ৰথমতে ভাবিছিলোঁ পুস্পক ৰথতে উঠিলোঁ নেকি?... …এপাকত জুইৰ সৈতে বাছখন মাটিত… …গোন্ধ, তেজ… একেই… ১৯৮৩ নেলি… …বেলতলা ২০০৯… …বাহঃ… …এপাকত দেখিলোঁ কেইবাটাও বৈদ্যুতিন কেন্দ্ৰৰ সংবাদিক সকল আহি উপস্থিত… …ব্যস্ত লাইফ কভাৰেজত… …এচুকত দেখিলোঁ গান্ধীৰ তিনিটা বান্দৰ… …মোক ঠেলা মাৰি দি দৌৰিবলৈহে হেঁচুকিছেহি… …ময়ো একো ক’ব নোৱৰাকৈ দৌৰিবলৈ আৰম্ভ কৰিলোঁ
Sunday, August 21, 2011
চৰ্যাপদৰ বিষয়ে
চৰ্যাপদসমূহক অসমীয়া ভাষাৰ প্ৰথম লিখিত ৰূপৰ চানেকি হিচাপে চিহ্নিত কৰা হৈছে। বতৰ্মান সময়ত বিভিন্ন গৱেষণাৰ অন্তত চৰ্যাপদসমূহত অসমীয়া ভাষাৰ উপৰি বঙলা, উৰিয়া, হিন্দী, মৈথেলী আদি ভাষাৰো আদি কালৰ নিদশৰ্ন ৰক্ষিত হৈছো বুলি প্ৰমাণিত হৈছে। চৰ্যাপদসমূহ মূলতঃ বৌদ্ধ ধমৰ্ৰ সহজযানী পন্থাৰ ধৰ্ম সাধনাৰ গীত। এই চৰ্যাপদসমূহ পোন প্ৰথমবাৰৰ বাবে লোকচক্ষুৰ আগত তুলি ধৰে হৰপ্ৰসাদ শাস্ত্ৰীয়ে। কলিকতাৰ এচিয়াটিক ছচাইটিৰ পুথি সংগ্ৰহৰ কামত হৰপ্ৰসাদ শাস্ত্ৰী কেইবাবাৰো নেপাললৈ গৈছিল। ইয়াৰে ১৯০৭ চনত তৃতীয়বাৰৰ বাবে নেপাললৈ যাওঁতে তাৰে ৰাজ দৰবাৰৰ গ্ৰন্থাগাৰত ৰক্ষিত কেইখনমান নতুন পুথি বিচাৰি পায়। সেইকেইখন হ’ল চৰ্যাচৰ্যবিনিশ্চয়, সৰোজবজ্ৰৰ দোহাকাষ আৰু কৃষ্ণাচাৰ্যৰ দোহাকোষ। এই তিনিখন পুথিৰ লগতে আগৰবাৰ যাওঁতে সংগ্ৰহ কৰি অনা ডাকাণৰ্ৱ নামৰ পুথিখন একেলগ কৰি ১৯১৬ খ্ৰীষ্টাব্দত ‘হাজার বছরের পুরাণ বাংলা ভাষার বৌদ্ধ গান ও দোহা’ নামেৰে ছপা কৰি উলিয়ায়। প্ৰকাশক আছিল বঙ্গীয় সাহিত্য পৰিষদ। উল্লেখ্য যে হৰপ্ৰসাদ শাস্ত্ৰীযে পোৱা চৰ্যাচৰ্যবিনিশ্চয় পুথিখন মূল পুথি নাছিল। এইখন আছিল আচাৰ্য মুনিদত্তই লিখা এখন টীকা পুথিহো। পুথিখনৰ কতো চৰ্যাচৰ্যবিনিশ্চয় নামটোত উল্লেখ নথকাৰ পৰা অনুমান কৰা হয় যে এই নামটো শাস্ত্ৰীদোৱে নিজেই দিছিল। মুনিদত্তই লিখা টীকা পুথিখনত অৱশ্যে চযৰ্যানীতিকোষবৃত্তি নামটো আছো আৰু ইয়াৰ লগতে মূল চৰ্যাখিনিও সন্নিবিষ্ট আছিল। উল্লেখ্য যে চৰ্যাগীতৰ তিববতী অনুবাদৰ প্ৰথম সন্ধান লাভ কৰে ড° সুনীতি কুমাৰ চট্টোপাধ্যায়ে। পৰৱৰ্তীকালত ড° প্ৰবোধ চন্দ্ৰ বাগচী, নীলৰতন সেন আদিযে চৰ্যাপদ সম্পৰ্কে গৱেষণা কৰি বিভিন্ন নতুন নতুন তথ্যৰ সম্ভেদ দিযে। ড° বাগচীৰ গৱেষণাৰ কালতেই চৰ্যাগীতৰ সম্পূৰ্ণ তিববতী অনুবাদটি আৱিষ্কৃত হয় আৰু তাৰ পৰাই সংস্কৃত টীকাকাৰ নাম যে মুনিদত্ত আছিল সেয়া গম পোৱা যায়।
তিববতী অনুবাদৰ পৰা গম পোৱা যায় যে আচাৰ্য মুনিদত্তই এশটা গানৰ কোষ-গ্ৰন্থৰ পৰা একাৱন্নটা গান বাচি লৈ টীকা ব্যাখ্যা কৰিছিল। তাৰে এটা টীকা পৰৱৰ্তীকালৰ কোনো লিপাকাৰৰ হাতত হোৰাল আৰু সেইটি বাদ দিযেই মুনিদত্তৰ টীকাখন নকল কৰি উলিয়ায়। অৱশ্যে নেপালত উদ্ধাৰ হোৱা পুথিখনত (চৰ্যাগীতিকোষ)ৰ শেষৰ পাতখিলা আৰু মাজৰ কেইখিলামান পাত নাই (৬৯ খন পাত আছে)। সবৰ্মুঠ তিনিটা সম্পূৰ্ণ আৰু এটাৰ আধা অংশৰ মূল পাঠৰ লগতে টীকা অংশ নাছিল।
![]() |
| চৰ্যাপদৰ এখিলা পাত |
হৰপ্ৰসাদ শাস্ত্ৰীযে চৰ্যাচযৰ্যবিনিশ্চয় পুথিখনৰ গানবোৰক বৌদ্ধ কীতৰ্ন, বৌদ্ধ সংকীতৰ্ন বুলি অভিহিত কৰিছো। অৱশ্যে টীকাকাৰে চৰ্যাৰ উপৰি গীত আৰু পদ শব্দ দুটাও উল্লেখ কৰিছে। এই গীতসমূহৰ ভাষাৰ লগত নব্য ভাৰতীয় আযৰ্ভাষাৰ অন্তগৰ্ত মৈথিলী, বঙালী আৰু অসমীয়া ভাষাৰ মিল দোখা যায়। সেযে বিভিন্ন ভাষাৰ পণ্ডিতসকলে নিজৰ নিজৰ ভাষাৰ সম্পত্তি বুলি এই চৰ্যাপদসমূহক চিহ্নিত কৰিছে। ড° বাণীকান্ত কাকতিয়েও ইয়াৰ ধবনিতাত্ত্বিক আৰু ৰপতাত্ত্বিক দিশসমূহ ফঁহিয়াই অসমীয়া ভাষাৰ লগত যে মিল আছো সেয়া প্ৰমাণ কৰি গৈছো। এই পুথিখনত সবৰ্মুঠ ২৩ জন সিদ্ধাচৰ্যৰ দ্বাৰা ৰচিত গীত সন্নিবিষ্ট হৈছে। উল্লেখ্য যে এওঁলোক ৮৪ জন তান্ত্ৰিক সিদ্ধাচাৰ্যৰ অন্তৰ্ভুক্ত৷ তেওঁলোকৰ নামসমূহ হল কাহ্নপাদ (১৩ টা চৰ্যা), ভূসুকপাদ (৮টা), সৰহপাদ, (৪ টা), কুক্কুৰীপাদ, (৩ টা), লুইপাদ, শৱৰপাদ, শান্তিপাদ (এইসকলৰ দুটা), বিৰয়াপাদ, গুঞ্জৰীপাদ, চাটিল্লপাদ, কম্বলাম্বৰপাদ, ডোম্বীপাদ, মহীধৰপাদ, বীণাপাদ, আৰ্যদেৱপাদ, ঢেণ্ঢনপাদ, দাৰিকপাদ, ভাদেপাদ, তাড়কপাদ, কংকনপাদ, জয়নন্দীপাদ, ধামপাদ, তন্ত্ৰীপাদ (তেওঁলোকৰ এটাকৈ চৰ্যা)। ইয়াৰে লুইপাদ, সৰহপাদ, মীননাথ, শান্তিপাদ, ডোম্বীপাদ, ঢেণ্ঢনপাদ, মহীধৰপাদ আদিক কামৰূপৰ লগত বিশেষ সম্পৰ্ক থকা বুলি পণ্ডিতসকলে ঠাৱৰ কৰিব খোজো। এওঁলোকৰ বাহিৰেও চৰ্যাপদ, ইউডীপাদ, মীননাথ, আচাৰ্য বিনাওক, ধোকৰীপাদ, বিৰুপাক্ষপাদ, তিলোপাদ আদি সিদ্ধাচাযৰ্ৰ নামো টীকাত উল্লেখ আছে।
চৰ্যাপদসমূহ অধিকাংশই দহ শাৰীয়া, তাৰে ভিতৰত ১০, ২৮ আৰু ৫০ নং চৰ্যা চৌধ্য শাৰীৰ; ২১ আৰু ২২ বাৰ শাৰীৰ; ৩৯ নং ঊনৈশ শাৰীৰ; ১৪ নংটি সাত শাৰীৰ; ২৩ নং ছয় শাৰীৰ; ২৫ নম্বৰটিৰ চাৰিটা শাৰীৰ নমুনাত ছয়টামান শব্দ আছো আৰু ২৪, ৪৮ নম্বৰ চৰ্যা দুটি লুপ্ত। সাধাৰণতে মাত্ৰাবৃত্ত ছন্দত লিখা চৰ্যাসমূহত অন্ত্যানুপ্ৰাসৰ প্ৰযোগ বহুল। এই গীতসমূহ গাবৰ বাবে নিৰ্ধাৰণ কৰি দিয়া হৈছো সবৰ্মুঠ ১৭ টি ৰাগ— পটমঞ্জৰী, গৱড়া (গউড়া), অৰু, গুঞ্জৰী, দোৱক্ৰী, দোশাখ (দ্বেশাখ), ভৈৰৱী, কামোদ, ধানসী, ৰামক্ৰী, বৰাড়ী (বলাড্ডী), শীৱৰী, মল্লাৰী, মানসী, গৱুড়া, কাহ্নগুঞ্জৰী আৰু বঙ্গাল। ইয়াৰে প্ৰায়বোৰেই পুৰণি অসমীয়া গীতত পোৱা যায়। বৰগীতৰ দৰে চৰ্যাটো ভণিতা আছো আৰু প্ৰত্যেক পদৰ দ্বিতীয় চৰণটোত ধ্ৰং বা ধ্ৰৱ বুলি নিদেৰ্শ কৰা হৈছে।
চৰ্যাপদসমূহৰ বিষয়বস্তু ৰহস্যময়ী। মূলতঃ নিৰ্বাণ লাভ কৰাৰ উদ্দেশ্য আগত ৰাখিয়েই ইয়াক ৰচনা কৰা হৈছে। নিৰ্বাণ মানে বাসনাৰ পৰা নিবৃত্তি লাভ। পাথিৰ্ৱ পৃথিৱীৰ অনিত্যতা জ্ঞান লাভ কৰি, অবিদ্যা-মোহ ধবংস কৰিব পাৰিলেই নিৰ্বাণ লাভ হয়। বৌদ্ধ ধমৰ্ৰ সহজযানী পন্থাৰ ধৰ্ম সাধনাৰ কাৰণে, নিৰ্বাণ লাভ কৰাৰ পথ দেখুৱাবৰ বাবে বিভিন্ন ধৰণৰ ৰপক, প্ৰতীক, দ্ব্যাথৰ্ক পাৰিভাষিক শব্দ, বিবিধ উপামা আদি ব্যৱহাৰ কৰি এই চৰ্যাসমূহ ৰচনা কৰা হৈছো। ইয়াৰ অৰ্থ শুদ্ধভাৱে অনুধাৱন কৰিবলৈ হ’লে গুৰুৰ সহায় লাগিবই। সেইবাবেই প্ৰথম চৰ্যটিত কোৱা হৈছে— ‘লুই ভণই গুৰু পুচিছঅ জান।।’ চৰ্যাবোৰৰ মাজোদি সহজীয়া ধমৰ্ৰ দাশৰ্নিক তত্ত্ব সম্বন্ধীয়, যোগ সম্বন্ধীয় আৰু তন্ত্ৰ সম্বন্ধীয় দিশ প্ৰতীকি ভাষাৰে অৱগত কৰা হৈছে।
সাধাৰণতে চৰ্যাপদত ব্যৱহাত ভাষাৰ ৰূপটি পূৰ্বী অৱহটঠ্। সিদ্ধাচাৰ্যসকলে দ্ব্যাথৰ্ক পাৰিভাষিক শব্দ, নানান উপমা-প্ৰতীক ব্যৱহাৰ কৰি ইয়াৰ ভাষা অধিক ৰহস্যময়ী কৰি তুলিছে। হৰপ্ৰসাদ শাস্ত্ৰীয় ইয়াৰ ভাষাক ‘সন্ধ্যা ভাষা’ আখ্যা দি মন্তব্য কৰিছে— ‘সন্ধ্যাভাষা মানে আলো-আঁধাৰি ভাষা, কতক আলো, কতক অন্ধকার, খানিক বুঝা যায়, খানিক বুঝা যায় না।’ প্ৰাচ্যতত্ত্ববিদ মহোশ্বৰ নেওগদেৱেও ‘‘ .... ইচছাকৃত জটিলতা বতৰ্মান, কাৰণ সেই ভাষা সাংকেতিক, যাৰে তাৰে বাবে নহয়, সি বোৱা গুৰুৱে কলা শিষ্যক (গুৰু বোব সে সীস কাল) বুজোৱা কিছুমান ইংগিত মাত্ৰ। বৃত্তিকাৰে সেই ভাষাক সন্ধ্যাভাষা বা সন্ধ্যাবচন, সন্ধ্যাসংকেত বা সন্ধ্যা যি ভাষাৰ অভীষ্ট মৰ্মাৰ্থ গভীৰভাৱে অনুধ্যান কৰিহে হৃদয়ঙ্গম কৰিব পৰা যায়।’ বুলি মন্তব্য কৰিছে। আচাৰ্য মুনিদত্তইও ব্যাখ্যা কৰাৰ প্ৰসংগত সন্ধ্যাবচন, সন্ধ্যাসংকেত, সন্ধা এনে শব্দৰে গূঢতত্ত্ব ব্যাখ্যা কৰিছে। গ্ৰন্থৰ পবিত্ৰতা, সাধন প্ৰণালীৰ গোপনীয়তা আৰু গূঢ়তত্ত্বৰ গুৰুত্ব সন্ধ্যাভাষাত সততে ৰক্ষা কৰা হয়। সেয়ে ইয়াৰ ভাষা দ্ব্যথৰ্ক পাৰিভাষিক আৰু আলংকাৰিক। উল্লেখযোগ্য যে, সবৰ্সাধাৰণ জনগণে ব্যৱহাৰ কৰা ভাষাৰ মাধ্যমেৰেই ইয়াত ধমৰ্ৰ গূঢতত্ত্ব ব্যাখ্যা কৰা হৈছে।
আইসন চৰ্যা কুক্কুৰীপাএঁ গাই উ।
কোডি মাঝে একু হিঅহিঁ সমাইউ।। (২ নং চৰ্যা)
প্ৰধান কথাটি হ’ল এই কথ্য ভাষাটি আছিল প্ৰাচীন কামৰূপ, মগধ, উত্কল, গৌড় আদি ঠাইৰ উমৈহতীয়া কথ্য ভাষা। চৰ্যাত এই সকলো ঠাইৰে আঞ্চলিক ভাষিক বৈশিষ্ট্য মিহলি হৈ আছে। সেয়ে প্ৰত্যেকেই চৰ্যাসমূহ নিজৰ নিজৰ প্ৰাচীন সম্পত্তি বুলি দাবী কৰে। তদুপৰি চৰ্যাবোৰৰ মাজোদি সমকালীন সমাজ জীৱনৰ বিভিন্ন চিত্ৰ, যেনে তুলা বা কপাহ ধুনা কাৰ্য, শৱৰ, ডোম প্ৰভৃতি কৰ্মজীৱীৰ ব্যৱসায়িক ভিত্তি, মাছমৰা, বিবাহ পদ্ধতি, নাৱৰীয়া আদিৰ উল্লেখেৰে ঘৰুৱা চিত্ৰক, দৈনন্দিক কমৰ্ক ৰূপক হিচাপে ব্যৱহাৰ কৰি ধৰ্মতত্ত্বৰ ব্যাখ্যা আগবঢ়াইছে। এক কথাত ক’ব পাৰি যে চৰ্যাত ব্যৱহাৰিক জীৱনত সদায় দোখি থকা বা উপলব্ধি কৰা চিত্ৰৰ মাজোদি গভীৰ তাত্ত্বিক কথা এটি সহজ-সৰলভাৱে উপস্থাপন কৰিবলৈ বিচৰা হৈছো।
ড° বাণীকান্ত কাকতিযে চৰ্যাপদৰ ভাষাৰ লগত অসমীয়া ভাষাৰ সম্পৰ্কৰ কথা ধবনিতাত্ত্বিক আৰু ৰপতাত্ত্বিক বিশ্লেষণেৰে ফঁহিয়াই দেখুৱাইছে। তলত তাৰে কেইটিমান উল্লেখ কৰা হ’ল—
- হ্ৰস্ব আৰু দীৰ্ঘ বৰ্ণ অবিচাৰিতভাৱে ব্যৱহত, যেনে চুম্বি, চূম্বি, চূম্বী, পঞ্চ, পাঞ্চ।
- অসমীয়াৰ দৰে চৰ্যাত কৰ্তা, কৰ্ম, কৰণ আৰু অধিকৰণ কাৰক বাক্যত বিভক্তিযুক্ত নোহোৱাকৈ ব্যৱহাৰ হয়, যেনে— বাঢ়ই সো তৰু সুভাসুভ পানী (৪৫ নং), কামৰ ণাঅ (২নং)।
- অসমীয়াৰ দৰে স্ত্ৰী বিভক্তিৰ সম্বন্ধ পদৰ চিন ‘-ৰ’ ব্যৱহাৰ, হৰিণাৰ খুৰ, ডোম্বীৰ সঙ্গে।
- স্ত্ৰী প্ৰত্যয় ‘ঈ’ আৰু ‘নী’ৰ ব্যৱহাৰ, যেনে— হৰিনী, দোৱী, জোইণি।
- পুৰণি অসমীয়াত প্ৰচলিত তত্সম, অৰ্দ্ধ-তত্সম, তদ্ভৱ আৰু দেশী শব্দৰ ব্যৱহাৰ। যেনেঃ তত্সম শব্দ- অৱকাশ, অভাব, আকাশ, গগণ, চৰণ, নাটক, নায়ক; অৰ্দ্ধ-তত্সম শব্দ- গৰাহক < গ্ৰাহক, পৰস < স্পৰ্শ, পহাৰা < প্ৰহৰ; তৎভৱ শব্দ- সমধৰ < শশধৰ, সোণ < সুৱৰ্ণ, কামৰু < কামৰূপ; দেশী শব্দ- টাকলি, ভিডি, খাল, ঘাট ইত্যাদি।
পয়াৰ, অনুষ্টুভ, পাদাকুলক আদি মাত্ৰাবৃত্ত ছন্দসজ্জাৰে ৰচিত এই চৰ্যাবোৰৰ মাজোদি উদ্ভৱ কালৰ অসমীয়া ভাষাৰ সাহিত্যিক ৰূপ এটি ৰক্ষিত হৈছে।
প্ৰসংগ পুথি
- কটকী, প্ৰফুল্ল (২০০৫); সাহিত্য সংজ্ঞা কোষ;জ্যোতি প্ৰকাশ, পাণবজাৰ, গুৱাহাটী-১।
- কাকতি, বাণীকান্ত (১৯৫৮);পুৰণি অসমীয়া সাহিত্য, লয়াৰ্ছ বুক ষ্টল, পাণবজাৰ, গুৱাহাটী-১।
- গোস্বামী, প্ৰফুল্লদত্ত (১৯৯৪);অসমীয়া জন-সাহিত্য, বাণী প্ৰকাশ, প্ৰাইভেট লিমিটেড, পাণবজাৰ, গুৱাহাটা - ১।
- গোস্বামী, যতীন্দ্ৰনাথ (১৯৯৪); অসমীয়া সাহিত্যৰ চমু-বুৰঞ্জী, মণি-মাণিক প্ৰকাশ, পাণবজাৰ, গুৱাহাটা - ১।
- গোস্বামী, হোমচন্দ্ৰ (১৯২৪);অসমীয়া সাহিত্যৰ চানেকি, কলিকতা বিশ্ববিদ্যালয়, কলিকতা।
- চক্ৰৱৰ্তী, মঞ্জু; হাজৰিকা, কৰবী ডেকা (২০০৪); চৰ্যাপদ আৰু বৰগীত, বনলতা, নতুন বজাৰ, ডিব্ৰুগড়৷
- নেওগ, ডিম্বেশ্বৰ (১৯৫৮);অসমীয়া সাহিত্যৰ বুৰঞ্জী, যোৰহাট।
- নেওগ, মহোশ্বৰ (২০০০);অসমীয়া সাহিত্যৰ ৰপৰেখা, চন্দ্ৰ প্ৰকাশ, পানবজাৰ, গুৱাহাটী-১।
- শৰ্মা, স্যতেন্দ্ৰনাথ (১৯৯৬); অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, সৌমাৰ প্ৰকাশ, ৰিহাবাৰী, গুৱাহাটী।
- হাজৰিকা, পৰীক্ষিত (১৯৮৭);চৰ্যাপদ, ডালিমী প্ৰকাশ, ফটাশিল, আমবাৰী, গুৱাহাটী৷
- হাজৰিকা, বিশ্বেশ্বৰ (২০০৩); অসমীয়া সাহিত্যৰ বুৰঞ্জী (প্ৰথম খণ্ড), আনন্দৰাম বৰুৱা ভাষা কলা-সংস্কৃতি সংস্থা, অসম।
- বন্দোপাধ্যায়, অসিত কুমার (১৯৭৬); বাংলা সাহিত্যের ইতিবৃত্ত, কলিকতা।
- সেন, সুকুমার (১৯৭৬); বাঙ্গালা সাহিত্যের ইতিহাস (১ম খণ্ড), কলিকতা।
- Baruah, Birinchi Kumar(1978);History of Assamese Literature ; Sahitya Akademi, New Delhi.
- Baruah, Hem (1965), Assamese Literature; NBT, New Delhi.
- Bhuyan, Surya Kumar (1956),Studies in the Literature of Assam; Lawyers Books Stall, Guwahati.
- Kakati, Banikanta (1962),Assamese : Its Formation and Development; Lawyers Books Stall, Guwahati.
- Kakati, Banikanta (1959), Aspects of Early Assamese Literature; Gauhati University.
(সহযোগী লেখিকাঃ জোনমণি গগৈ
গৱেষিকা, আধুনিক ভাৰতীয় ভাষা বিভাগ
গুৱাহাটী বিশ্বিবিদ্যালয়, গুৱাহাটী- ১৪, অসম৷
Email: junmonibaba@gmail.com)
Subscribe to:
Posts (Atom)
