Tuesday, November 6, 2012

দৃশ্যপটত এসন্ধ্যা



(সময় সন্ধ্যা, সন্ধিয়াৰ প্ৰাৰ্থনা আদিৰে সময় বুজাব লাগিব৷ মিতালীৰ ঘৰৰ ড্ৰয়িং ৰূম ৷ ফোনৰ ৰিং৷ মিতালীয়ে ফোনত কথা কথা পাতি থাকে৷ তাইৰ বান্ধৱী লীনা চকীত বহি কিবা ভাবি থাকে৷)
মিতালী : হেল্লে’… অমৃতা!...অ’ মই মিতালীয়ে কৈছোঁ… কি কৈছ অমৃতা৷ ডাঙৰ কৈ কচোন একো শুনা নাই৷ লাইনটো কিবা ডিষ্টাৰ্বড হৈ আছে৷ হেল্ল’… হেল্ল’… গাড়ীৰ শব্দহে শুনিছো৷ কি? ট্ৰেফিক জাম… অ’… অ’… নাই অহা লীনাহে পাইছেহি৷ ও… দীপশিখা! পোৱাহি নাই৷ অ’ সকলো ৰেডী হৈছে আৰু৷ মাইনা.. ভিতৰতে কম্পিউটাৰৰ আগত বহি আছে অ… তই আহ৷ অ কে থৈছো৷
লীনা : কি হ’ল? অমৃতা আহোতে দেৰী হ’ব৷
মিতালী : অ’ তাই হেনো ট্ৰেফিক জামত ফচি আছে৷
লীনা : তাই কিন্তু স্ফুটিবাজ ছোৱালী দেই৷ য’তেই থাকে পৰিৱেশটো ৰসাল কৰি ৰাখে আৰু কষ্টও জানো কমখন কৰিব পাৰে৷
মিতালী : এৰা তাইৰ সেই যে ৰিচাৰ্চৰ টপিকটো৷ ব্ৰহ্মপুত্ৰৰ গতিপথ আৰু বানপানী৷ তাৰ কাৰণে নদীখনৰ দাঁতিকাষৰীয়া গাওেঁ-ভূঞেঁ গৈ গৈ কম কষ্টৰে ডাটা কালেক্ট কৰিছে৷
 লীনা : তদুপৰি তাই কেইবাটাও পৰিৱেশ সম্পৰ্কীয় এন. জি. অ.ত কাম কৰি থকা নাই জানো?
মিতালী : অ’ কৰি আছে৷ ভগৱানে যেন তাইক শক্তি দিয়ে কাম কৰি যাবলৈ৷ এনেদৰে কাম কৰি থাকিলে ভবিষ্যতে তাই এগৰাকী ভাল এনভাৰমেষ্টেলিষ্ট হিচাপে প্ৰতিষ্ঠা লাভ কৰিব পাৰিব৷… …কি হ’ল মোলৈ এনেকৈ থৰ হৈ চাই আছা যে?
লীনা : ভাবিছো৷
মিতালী : কি?
লীনা : দুদিন মানৰ পিছতটো আপুনি যাবগৈয়ে৷
মিতালী : মই কিবা একেবাৰে যামগৈ নে? মোৰ ৱেলফেয়াৰৰ চাকৰিটোৱেইটো তেনেকুৱা৷ যাবই লাগিব৷ এইবাৰ নাগপুৰ৷ তাৰ পিচত বা ক’ত৷
লীনা : তথাপিও বাইদেউ৷
মিতালী : আৰে মইটো তোমালোকৰ খৱৰ-খাটি লৈ থাকিম৷
লীনা : আপুনি গুচি যোৱাৰ পিছত মই যেন পুনৰ অকলশৰীয়া হৈ যাম৷
মিতালী : কিয় অমৃতা দীপশিখা ইহঁতবোৰটো আছেই দেখোন৷
লীনা : তথাপিওঁ আপোনাৰ নিচিনাটো কোনো হ’ব নোৱাৰে বাইদেউ৷ আপোনাকেই অন্তৰৰ সকলো কথা ক’ব পাৰো৷
মিতালী : দীপশিখা অমৃতাহঁতকো ক’বাচোন৷ সিহতেওঁ তোমাক সহযোগ কৰিব৷
লীনা : তাতে আজি কেইবাদিনৰ পৰা মোৰ টোপনী নহা হৈছে৷
মিতালী : কিয়? কিবা অসুখ  বিসুখ!
লীনা : নাই একো হোৱা নাই৷ কিবা কিবি কথাহে মনত পৰি আছে৷
মিতালী : পুৰণি কথাবোৰ বাদ দিয়া৷
লীনা : তেওঁ যে বাইদেউ সেই কথাবোৰে কুটি কুটি খায়৷ মই যাৰেই কাষলৈ যাওঁ, যাৰ পৰাই জীয়াই থকাৰ প্ৰেৰণা পাওঁ তেওঁই মোৰ পৰা আঁতৰি যায়৷
মিতালী : সেইবোৰ কথা বাদ দিয়া৷ বৰ প্ৰৱলেম হৈছে জানা৷
লীনা : কিয়?
মিতালী : এই বস্তু বাহিনীবোৰৰ পেকিঙক কলৈ৷ এটা ঠিক ঠাক কৰো৷ আনটো নহয়গৈ৷… …তাতে ভাৰাঘৰৰ লেঠাটো আছেই৷
লীনা : কিয় কোৱাৰ্টাৰ নিদিয়ে নেকি?
মিতালী : দিব বোলে৷ দেখা যাওঁকচোন কি হয়৷
লীনা : এইটো ঘৰ কি কৰিব? এনেকৈয়ে..
মিতালী : এতিয়ালৈকে ভবা নাই৷ চাওঁচোন কি কৰিব পাৰো৷ অ’ তোমাৰ এন. জি. অ.ৰ কাম কেনে চলি আছে৷ মাজতে বানপানীৰ বাবে বৰ কষ্ট কৰিলা নহয়৷
লীনা : এ নক’ব বাইদেউ৷ বানপানীৰ কি ভয়ংকৰ ৰূপ৷ মানুহৰ বিলৈ বিপত্তিৰ সীমা নোহোৱা হৈছে৷
মিতালী : এৰা কিযে হ’ব৷
লীনা : বুজিছে বাইদেউ৷ এইবাৰ ধেমাজীত যে আমি কামত গৈছিলো… তেতিয়া কি হ’ল জানে৷
মিতালী : কি হ’ল৷
লীনা : আমাৰ লগৰ যে ৰাজীৱ৷
মিতালী : কোন ৰাজীৱ!
লীনা : সেই যে… আপোনাক যে চিনাকী কৰি দিছিলো৷ সেই মিটিংখনত যে… আপোনালোকৰ ওৱেল ফেয়াৰৰ৷
মিতালী : অ’ অ’ মনত পৰিছে কি হ’ল কোৱাচোন৷
লীনা : সিহঁতে ভিতৰুৱা গাঁৱৰ পৰা নাৱেৰে মানুহ উদ্ধাৰ কৰিবলৈ গৈছিল৷
মিতালী : তাৰ পাছত৷
লীনা : সি কৈছে হি এখন ঘৰত বোলে চালে পানী কাটি আছে৷
মিতালী : ওঁ৷
লীনা : সেই ঘৰৰ বুঢীগৰাকী চালৰ কাষতে লাগি থকা গছ এজোপাৰ ডালত বহি আছিল৷ তেখেতে বোলে ঘৰৰ পৰা একো সম্পত্তিয়েই উলিয়াব নোৱাৰিলে৷
মিতালী : আৰু কি হ’ল৷
লীনা : তাইৰ য’ত যিমান পোহনীয়া জীৱ-জন্তু আছিল সকলো উটোৱাই লৈ গ’ল৷ তাতে তেখেত বোলে তিনিদিন অনাহাৰে তেনেদৰে গছতে উঠি আছিল৷ সহায় কৰিবলৈকো কোনো নাই…
মিতালী : ইছঃ… সঁচাকৈয়ে দেই বানপানীয়ে যে অসমখন একেবাৰে জুৰুলা কৰি পেলাইছে৷ তাতে আকৌ বৃহৎ নদী বান্ধ লাগে চৰকাৰক৷
লীনা : এৰা বাইদেউ৷ কি যে হ’ব!
মিতালী : বন্ধ কৰিলেই হ’ল আৰু৷
লীনা : ক’ত বন্ধ হ’ব চাগৈ৷ চৰকাৰে একো গুৰুত্বই দিয়া নাই৷
মিতালী : জনগণ মুক্তি সংগ্ৰাম সমিতি দেখোন লাগি আছে, ছাত্ৰ সংগঠন বোৰেই বাধা দিছে৷
লীনা : হুঃ… আগত সিহঁতৰ পৰাই চান্দা ল’ব লাখৰ ঘৰত, এতিয়া বন্ধ কৰিবলৈ ক’ব৷ কোনে মানিব…
মিতালী : মানে?
লীনা : চাওঁক বাইদেউ এই ছাত্ৰ সংগঠন বোৰে আৰম্ভণিতে এই প্ৰজেক্টটো কৰি কথা কোম্পানীৰ পৰা বিভিন্ন কাৰণত চান্দা তুলিছিল৷
মিতালী : এহঃ হয় নেকি? জনগণ মুক্তি সংগ্ৰাম সমিতিয়ে…
লীনা : নহয় বাইদেউ, তেখেতসকলে লোৱা নাই৷ কিন্তু তাতে কথাৰ পাক এটাহে আছে৷
মিতালী : মানে?
লীনা : চাওঁক এতিয়ালৈকে যিমানবোৰ আন্দোলন হৈছে, তাতে অসমীয়া মধ্যবিত্ত শ্ৰেণীটো জড়িত৷ চৰকাৰে আন্দোলনকাৰীসকলক কিবা টোপ দি মুখখন মাৰি থয়৷ দেখা নাই জানো অসম আন্দোলনটোৰ ফলাফল৷
মিতালী : ও
লীনা : আৰু কি জানে৷ জনগণ মুক্তি সংগ্ৰাম সমিতিৰ আন্দোলনৰ অধিকাংশ ব্যক্তি আমাৰ সমাজ ব্যৱস্থাৰ তলৰ খাপৰ, মানে এক অৰ্থত ক’ব পাৰি— ল’ৱাৰ ক্লাছৰ৷ সেইবাবে চৰকাৰে একো গুৰুত্ব দিয়া নাই৷ চৰকাৰে এনে মানুহবোৰক কেৱল ভোট বেংক হিচাপেহে ব্যৱহাৰ কৰে৷
মিতালী : কথা তেনেহ’লে ক’ৰবাত হে৷
লীনা : আপোনাৰ মনত আছেনে বাইদেউ আমি যে মাজুলীলৈ গৈছিলো৷
মিতালী : অ’ আছে আছে৷
লীনা : বুজিছে বাইদেউ তাত ব্ৰহ্মপুত্ৰই চকুৰ পচাৰতে মানুহৰ ঘৰবাৰী, আনকি পকা ঘৰো গ্ৰাস কৰি লোৱা মই নিজ চকুৰে দেখিছোঁ৷ তথাপিতো তাৰ মানুহবোৰে তাৰ পৰা ওলাই আহিব নিবিচাৰে৷ এইবাৰটো শালমৰাৰ ফালৰ ব্যক্তিসকলে পানীত আত্মজাহ দিবলৈকে ওলাইছে৷
মিতালী : শুনিছোঁ পেপাৰে পত্ৰই…
লীনা : ধেমাজী-মাজুলীৰ মানুহখিনিয়ে এতিয়া যেন বান পানীৰ লগতে সহাবস্থান কৰিবলৈ শিকিছে৷
মিতালী : অ’ অ’৷
লীনা : আমি মাজুলীলৈ যোৱা বছৰত, সেই খহনীয়া ৰোধ কৰিবলৈকে গাঁৱৰ মতা-মাইকী, বুঢা-ডেকা চবেই ওলাই আহিছে৷ আনকি আশীপৰীতি বৃদ্ধায়ো আমাৰ লগতে সমানে বস্তা দাঙিবলৈ আগবাঢ়ি আহিছিল৷… …আপোনাৰ বাৰু সেই মানুহজনৰ কথা মনত আছেনে?
মিতালী : কাৰ কথা কৈছা?
লীনা : সঞ্জয় ঘোষ
মিতালী : আছে আছে কিয় নাথাকিব৷
লীনা : সেই মানুহজনে সুদূৰ দিল্লীৰ পৰা আহি মাজুলীৰ মানুহখিনিৰ লগ লাগি বানপানীৰ বিপক্ষে যুদ্ধ কৰিছিল৷ মানুহখিনিক জীয়াই থকাৰ প্ৰৰণা দিছিল৷
মিতালী : সঁচাকৈয়ে মানুহজনৰ কৰ্ম প্ৰেৰণা অতুলনীয়৷
লীনা : কিন্তু কিছুমান মানুহে তেওঁৰ কথা বুজি নাপায় চৰকাৰৰ এজেন্ট বুলি মাৰি পেলালে৷
মিতালী : স্বাথৰ্পৰ মানুহবিলাকে আনেও কিবা কাম কৰিলেওঁ স্বাথৰ্ৰ কাৰণে কৰিছে বুলি ভাবে৷
লীনা : মোৰ কি ভাৱ হয় জানে বাইদেউ!... ..মই কাষ চাপি গ’লেই যেন আঁতৰি যায় মানুহবোৰ৷
মিতালী : তুমি যে একেটা কথাতেই লাগি থাকা৷ বাদ দিয়াচোন সেইবোৰ কথা৷… …অ’ পিছে ছোৱালীজনী ক’ত থৈ আহিলা৷
লীনা : মাৰ ওচৰতে থৈ আহিছো৷
মিতালী : এইবাৰতো তাইক এডমিচনো দিব লাগিব৷ ক’ত দিম বুলি ভাবিছা?
লীনা : শংকৰদেৱ শিশু নিকেতনতে দিওঁ বুলি ভাবিছো৷
মিতালী : ঠিকেই ভাবিছা তুমি৷ এতিয়া তাইক ঠিকমতে গঢ় দিয়াটো হে কথা৷
লীনা : সঁচাকৈয়ে বাইদেউ তাইক লৈহে যত মানে চিন্তা৷ তাইক সংস্কৃতিবান হিচাপে গঢ়ি তুলিব পাৰিলেই হয়৷
মিতালী : হ’ব দিয়া চব ভালেই হ’ব৷
লীনা : তাই নথকা হ’লে মই চাগে মৰি থাকিলোহেঁতেন বাইদেউ ৷
মিতালী : আকৌ ... (অমৃতাৰ প্ৰৱেশ)
অমৃতা : উহ! কি গৰম একদম অসহ্য লাগি গৈছে দেই৷ কি ট্ৰেফিক জাম৷ নামত ডিলাক্সৰ পইচা লয় আৰু চলায় গৰু গাডীতকৈয়ো অধম৷
মিতালী : এ ৰ চোন ৰ বহি ল’ বহি ল’৷ এনেকৈ কেতিয়াবা উশাহ নাপায় মৰিবি৷
অমৃতা : নমৰো দিয়া ইমান সহজতে৷ এহঃ ফেনখন… অঃ চলিয়েই আছে৷ অলপ স্পীদত দিয়াচোন স্পীদ দিয়া৷… …পানী পানী এগিলাচ আনাচোন৷
লীনা : ৰ’চোন তই লাহে লাহে কথাকেইটা ক৷ মূখখন একেবাৰে বন্ধই নহয়৷
অমৃতা : অ’ মুখখন আছে বাবেইতো চলি আছো৷
মিতালী : এয়া পানী ল’৷
অমৃতা : দিয়া ডিঙিটো শুকাই গৈছে একেবাৰে৷ বাহঃ লীনা বা! আজি কিন্তু তোমাক কিছু লাগিছে দেই৷ দাদা থাকিব লাগিছিল কি কৰিলে হয় ঠিকনা নাই৷
লীনা : ওঃ বাদ দে চোন সেইবোৰ কথা৷
অমৃতা : নহয় ৰবাচোন৷ সেই যে কবিতাটো পূৰ্ণেন্দু পত্ৰীৰ যে৷
মিতালী : কোনটো৷
অমৃতা : সেই যে তুমি আজি কালি খুব চিগাৰেট হৈছা৷ শুভাংকৰ তাৰ শেষৰ লাইনটো যে— (চুমা খোৱাৰ শব্দ কৰি) ভিক্ষাৰীৰো কি এদিনৰ কাৰণেও ডকাইত হ’বলৈ মন নাযায়৷ দাদা কিন্তু সঁচাকৈয়ে ডকাইত হৈ গ’লহেতেঁন৷
লীনা : এঃ হৈছে দে…
মিতালী : এইজনীৰ যে আৰু মুখখন৷
অমৃতা : অ’ তোমাৰ আকৌ গাত লাগিছে নেকি? তুমিও কিন্তু কিছু ফিগাৰ মেণ্টেইন কৰিছা দেই৷ কোনেও তোমাক ইমান ডাঙৰ ছোৱালীৰ মাক বুলি নকয়৷ অ’ মইনা… …মইনা ক’ত? (অমৃতাৰ মবাইলটো বাজিব, তাই বেগৰ পৰা ফোনটো উলিয়াই, চাব, ৰিচিভ কৰিব) হেল্ল’ নাই নাই তোমাক মই লগ কৰিব নিবিছাৰো৷ নহ’ব… অ মোক ফোন নকৰিবা৷ ( ফোন টো কাটিব)
মিতালী : কাৰ ফোন আছিল অমৃতা৷
অমৃতা : এ বাদ দিয়া৷… এটাই বৰ আমনি কৰি আছে৷
মিতালী : তোৰ ডায়েগনাইছিছ ৰিপৰ্টটো আহিল নে?
অমৃতা : (অপ্ৰস্তুতভাৱে) নাই নাই অহা নাই৷ আহিব চাগে এই কেইদিনতে৷ অ’ মইনা ক’ত মইনা মইনা৷
মইনা : গৈছো মাহী (ভিতৰৰ পৰা)
অমৃতা : আহা আহা তুমি সোনকালে আঁহা৷ (মইনা সোমাই আহে)
মইনা : মই কিন্তু তোমাক বেয়া পাইছো৷
অমৃতা : কিয় বা?
মইনা : তুমি ইমান দেৰি কৰিছা৷
মিতালী : ইহঁত দুজনী যে আৰু৷ লগ পালেই লাগি থাকে৷ ইফালে এজনীয়ে আনজনীক নেদেখিলে থাকিব নোৱাৰে৷
অমৃতা+মইনা : ওঃ হ’ব দিয়া৷
লীনা : এতিয়াটো আৰু ইহঁত দুজনীক কাকো নালাগে৷ বলক আমি ভিতৰলৈকে যাওঁ৷ খোৱাৰ যোগাৰ কৰোগৈ৷
অমৃতা : যোৱা যোৱা তোমালোকে কেৱল সেইবোৰহে জানা আৰু (মিতালী আৰু লীনা দুয়ো ভিতৰলৈ সোমাই যায়) ভিতৰত কি কৰি আছিলা?
মইনা : কমপিউটাৰত গেম এটা খেলি আছিলো৷ জানা মাহী এটা ষ্টেজ হে পাৰ কৰিবলৈ বাকী আছে৷ বৰ টাফ৷ এইবাৰ কিন্তু কমপ্লিট কৰিমেই৷
অমৃত : হ’ব বাৰু মোকো শিকাব লাগিব৷ হুঃ লোৱা এয়া তোমাৰ গিফট, লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখন৷লগৰ বোৰক লগ ধৰিলি নে নাই?
মইনা : অ নৌকাষ্ঠ হোৱাজন৷ থেংক ইউ মাহী৷ (চুমা এটা খাব) প্ৰীতিক লগ ধৰিলো নিতুক লগ ধৰিলো৷ অ’জানে মাহী চন্দনক লগেই পোৱা নাই৷ সি যে মামাকৰ ঘৰত পৰা অহাই নাই জানা৷
অমৃতা : এইবাৰ কিন্তু তুমি ক্লাছ নাইন পালাগৈ৷ ভালকৈ পঢ়িব লাগিব৷
মইনা : পঢ়িবটো লাগিবই৷ তাতে আকৌ নতুন স্কুল৷ ভালকৈ পঢ়িব লাগিব৷ অ’ মাহী! মই নতুনকৈ শ্বায়েৰী এটা শিকিছো৷
অমৃতা : কি শ্বায়েৰী কোৱাচোন?
মইনা : ই এনেয়ে কিয় কম?
অমৃতা : ঠিক আছে আছে বাৰু মই তোমাক চকলেট দিম৷
মইনা : ঠিক আছে প্ৰথমে চকলেট৷
অমৃত : অ কে লোৱা৷
মইনা : ই তুমি এইটো হে আনিলা৷ তুমি জানাই দেখোন মই কিটকাট হে বেছি ভালপাওঁ৷
অমৃতা : দোকানখনত কিটকাট নাছিল বাবেহে এইটো আনিছো… …ঠিক আছে পিছত আনি দিমগৈ৷ এতিয়া শ্বায়েৰীটো কোৱা৷
মইনা : ঠিক আছে বাৰু মই কৈছা তুমি শুনা৷ ভালকৈ শুনিবা হা৷— মেইনে তুমহে লাইন মাৰা এংগল বদল বদল কৰ৷ তেৰে বাপনে মুঝে পিতা চপ্পল বদল বদল কৰ৷
অমৃতা : বা বঢ়িয়া হৈছে৷
মইনা : এইবাৰ কিন্তু আপোনাৰ পাল৷
অমৃতা : শ্বায়েৰী! না বাবা না মোৰ দ্বাৰা শ্বায়েৰী নহয় দেই৷
মইনা : নাই নহ’ব ক’বই লাগিব৷
অমৃতা : ঠিক আছে বাৰু৷ শুনা - জৱানী মে হৰ চিজ খুবচুৰত নজৰ আতি হে, অগৰ গাধে ভী পুচ হিলাটে হে টো পৰী নজৰ আটি হে৷
মইনা : বাহঃ আপনেতো কামাল কৰ দিয়া ধোতী ফাৰকে ৰোমাল কৰ দিয়া (হাঁহি)
অমৃতা : আৰু কি কৰিছা?
মইনা : অ মাহী মাহী মই এটা নতুন গান শিকিলো৷
অমৃতা : কোনটো গান গোৱাচোন গোৱা৷
মইনা : এটা চৰ্ত
অমৃতা : কি চৰ্ত?
মইনা : আপুনিও গাব লাগিব কিন্তু… ৰাজী ..
অমৃতা : ঠিক আছে৷
মইনা : যদি জীৱনে কান্দে নাই নাই বুলি/ যদি দুখতে উৰে ধৰণীৰ ধূলি/নিৰাশাই আশাবোৰ ভাঙিব খুজিলে/ মই গোৱা গীতবোৰ গাবা (গীতটো দুয়ো গাব)
অমৃতা : বাঃ ধুনীয়া হৈছে৷ (চুমা এটা খাব) পিছে গানটো কাৰ জানানে নাই৷
মইনা : জানোটো আকৌ, জয়ন্ত হাজৰিকাৰ গান৷ (গোন্ধ লোৱাৰ শব্দ কৰি)
অমৃতা : বাহঃ মিতালী বা বৰ ধুনীয়া গোন্ধাইছে দেই৷ সোনকালে লৈ আহা আৰু ৰ’ব নোৱাৰো৷
মিতালী : নিছো নিছো (ভিতৰৰ পৰা)
একেলগে : যদি জীৱনে কান্দে .. ...............................
অমৃতা : আনিলা - দেখিয়েই খাওঁ খাওঁ লাগিছে৷
মইনা : অ’ মা মোৰ ক’ত?
মিতালী : তোমাক লীনা মাহীয়ে ভিতৰলৈ মাতিছে যোৱাচোন৷
মইনা : ওহঃ .. মোলে ছাগে কমকৈ থৈছা ন৷ মাহীক বেছিকৈ দিছা৷ (ভিতৰৰ পৰা লীনাই মাতে - মাইনা অ’ মাইনা আহা) অ’ মাহী গৈছো৷
অমৃতা : অ’ মিতালী বা তোমালৈ বস্তু এটা আনিছো চোৱাচোন৷
মিতালী+মইনা : চাওঁ চাওঁ৷
অমৃতা : কি বাৰু, গেচ কৰাচোন৷ (পেকেট এটা খুলিব, এখন সুন্দৰ পেইণ্টিং উলিয়াই দিয়ে)
মিতালী + মইনা : বাঃ বৰ ধুনীয়া পেইণ্টিং৷
অমৃতা : বৰ খৰধৰ হ’ল… জানো কেনেকুৱা হ’ল?
মিতালী : গতিৰ ওপৰত কৰিছা ন?
অমৃতা : গতিয়েই টো জীৱন৷
মইনা : অ’ মাহী আপুনি মোক অইল বেচৰ কাম নিশিকালে৷
অমৃতা : খং নকৰিবাচোন৷ এইবাৰ পূজাত আহিলে মই নিশ্চয় শিকাম৷ গড প্ৰমিচ… অ’ কে
মইনা : অ’ কে… অ’ মাঁ এইখন কিন্তু মোৰ ৰুমত ত হে লগাম দেই৷ (ভিতৰলৈ যায়গৈ)
মিতালী : এইজনীয়ে কেতিয়া ডাঙৰ হ’ব?
অমৃতা : এনেকৈনো কি বেয়া৷ (খাই কথা কৈ থাকে) এই লীনা বাৰ হাতৰ বস্তুৰ সোৱাদেই বেলেগ পাই৷ মিতালী বা লিনা বাক অলপ ক্ষীণ যেন দেখিলো৷ এন. জি. অ.ৰ কামত বৰকৈ ঘূৰিছে হ’বলা৷
মিতালী : নহয় অ’ তাইৰ হেনো টোপনী নহা হৈছে৷
অমৃতা : অ’ কি হ’ল আক’ কিবা বেমাৰ-চেমাৰ নাই হোৱাটো৷
মিতালী : বেমাৰ দেহৰ নহয় মনৰহে৷
অমৃতা : কি নতুনকৈ প্ৰেমত পৰিছে নেকি?
মিতালী : তোৰ যে কথাবোৰ আৰু?
অমৃতা : দিনে দিনে যিহে ধুনীয়া হৈছে৷ চাবাচোন এক ইচাৰা হী কাফী হে— লাইন লাগি যাব৷



মিতালী : কি যি তিখন ক’অ৷ মই যাম বুলিহে বোলে তাইৰ বেয়া লাগিছে৷ পঢ়ি থাকোতেই হানিফৰ লগত ঘৰৰ অমতত বিয়া হ’ল৷ পিছে কি হ’ল পূণৰ্তাৰ বাবে যাৰেই কাষ চাপিলে সিয়েই শূন্য কৰি ওলোটাই পঠিয়ালে হৃদয়৷ ক’ৰ এজনী নতুনকৈ চপাই ল’লে…
অমৃতা : মিতালী বা বাদ দিয়াহে সেইবোৰ৷ লীনা বাৰ ইমান সুন্দৰ ভৱিষ্যত এটা আছে— ছোৱালীজনীক মানুহ কৰিব লাগে৷ সেইটোহে কথা৷
মিতালী : ময়োতো তাকেই কওঁ .. (অমৃতাৰ মবাইলটো বাজে, তাই স্কীণখন চাই কাটি দিয়ে৷ আহি আকৌ কথা ক’বলৈ লওঁতে মবাইলটো আকৌ বাজে৷ তাই কাটি দিয়ে৷)
মিতালী : কাৰনো৷ বাৰে বাৰে ক’ল আহি আছে অ’৷
অমৃতা : ব্লেংক ক’ল নক’বা আৰু মূৰ গৰম কৰি দিছে৷
মিতালী : অ’ ৰাহুলৰ খবৰ ক চোন৷
অমৃতা : (অন্যমনস্কভাৱে, কথা সলাবৰ বাবে) হাঃ ৰা-হু-ল তাক বহুদিন লগেই পোৱা নাই৷ সি বাহিৰলৈ যোৱাৰ কথা আছিল৷ অ’ হেৰি নহয় এই দেখোন নাপালেহিয়েই৷ দীপশিখাবাও (কৈ কৈ আগবাঢ়ি দুৱাৰৰ ফালে যায়৷ ভিতৰৰ পৰা হাত মছি লীনা ওলাই আহে৷) যে আৰু ফোন চ’ন কিবা এটা কৰিছিলি নে?
মিতালী : নাই কৰা অ’৷
লীনা : বাইদেউ মোৰ হ’ল৷ আপুনি এবাৰ চাই আহক গৈ চোন৷
মিতালী : অ’ যাওঁ ৰবা (ভিতৰলৈ যায়)
অমৃতা : মোক দেখোন মিটিং এখন থকা বুলি কৈছিল৷ জানো তাতে দেৰি হৈছে নেকি?
লীনা : তুমি জানানে নাই তায়ে-ময়ে একেলগে পঢ়িছিলো৷
অমৃতা : অ’ হয় নেকি?
লীনা : পঢ়ি থাকোতে তাই কিন্তু এনেকুৱা নাছিল৷ কেৱল পঢ়া পঢ়া আৰু পঢ়া আৰু বি এ পঢ়ি থাকোতেই বাপেকে বিয়া পাতি দিলে৷
অমৃতা : মানুহবোৰে ছোৱালী বিলাকক বিয়াৰ বাবেই ডাঙৰ কৰে নেকি?
লীনা : বিয়াৰ পিছত দুবছৰ মান ঠিকেই চলিছিল পিচে বাচ্ছাটোৰ জন্মৰ পিছতে ঢুকুৱাৰ বাবে গিৰীয়েকে তাইক দেখিব নোৱাৰা হ’ল৷
অমৃতা : কথাবোৰ শুনিছো… মতা মানুহবোৰে আমাক কেৱল ল’ৰা-ছোৱালী জন্ম দিয়া মেচিন বুলি ভাবে নেকি৷
লীনা : তাৰ পাছতো তাই কম কষ্ট কৰি আজিৰ এই পজিচন পালেহি নে৷ তেনেকৈ থাকিয়েই তাই এম. এ পাছ কৰিলে… এইখন কলেজতে চাকৰি কৰিলহি৷
অমৃতা : এৰাঃ জীৱনটো বয়সেৰে নহয় কামেৰেহে জুখিব লাগে৷ সেয়ে চাগে এতিয়া বিভিন্ন ৰাজহুৱা কামত ব্যস্ত হৈ পৰিছে৷
লীনা : কেতিয়াবা কেতিয়াবা তাইলৈ বৰ বেয়া লাগে৷
অমৃতা : সেইবোৰ বাদ দিয়া৷ মিতালীবাক দেখা নাই৷ তাই ডাষ্টবিনৰ পৰা জীৱন আৰম্ভ কৰিছিল৷ এজন ভাল মানুহে তাইক তুলি তালি ডাঙৰ দীঘল কৰি বিয়া দিলে৷ পিছে ভিনদেও সোনকালে মৰিল যদিও নিজে কষ্ট কৰি মইনাক ইমান ডাঙৰ কৰিছে৷ (মিতালী সোমাই আহে৷)
মিতালী : এইজনীয়ে ইমান দেৰী কৰিছে৷
অমৃতা : কি হ’ল জানো? অ’ মইনা ক’ত?
মিতালী : ভিতৰতে আছে৷ লীনা : তাই কম্পিউটাৰত বহিছেগৈ৷
অমৃতা : অ’ মইনা মইনা আমাক এনেকৈ এৰি তুমি ভিতৰত খেলি আছাগৈ৷
মইনা : (নপেথ্যত) ৰ’বা মাহী গেমটোৰ লাষ্ট ষ্টেজোটো পাৰ কৰিছো আৰু অলপ পিছতে গৈ আছো৷ (অমৃতাৰ ফোনটো বাজিব৷ তাই ফোনটো চাই কাটি দিব)
মিতালী : কাৰ ফোন আছিল৷
অমৃতা : নকবা আৰু৷ ইমান ডিচটাৰ্ব কৰি আছে (দীপশিখা সোমাই আহিব)
দীপশিখা : চৰী চৰী দেই বহুত দেৰী হৈ গ’ল৷ মিটিংখনতে দেৰী হ’ল৷
লীনা : অ’ পালাহি যে তুমি৷ নাহিবা বুলিয়েই ভাবিছিলো৷
অমৃতা : ফোন এটাটো কৰি দিব পাৰা৷
দীপশিখা : নহয় অ’ মই নাহো বুলিতো নহাকৈ থকা নাই৷
মিতালী : তই চাচোন এতিয়া ৮ বাজি গ’ল৷
অমৃতা : হ’ব দিয়া! এতিয়া আহি পালে যেতিয়া সেইবোৰ কথা বাদ দিয়া৷
দীপশিখা : অ’ ৰ চোন ইয়ালৈ আহি থাকোতে বাটতে ৰাহুলক লগ পালো৷
অমৃতা : ৰা-হু-ল৷
দীপশিখা : অ’ তাৰ লগত কথা পাতি থাকেতেই দেৰি হ’ল৷ তহঁতৰ বাৰু কিবা লাগিছে নেকি?
অমৃতা : নাই… কোনে ক’লে৷
দীপশিখা : কোনে ক’ব আৰু সিয়েই কৈছে৷ তোৰ কি হৈছে কচোন৷ তই বোলে তাক এভইড কৰিবলৈ লৈছ৷
অমৃতা : কি কৈছ?? নাইটো একো হোৱা নাই৷ সেইবোৰ বাদ দিয়া৷ আজিৰ গধূলিটো আমি উপভোগ কৰো আহাঁ৷
দীপশিখা : তই কথাবোৰ এৰাই চলিব খুজিছ কিয়? সি ফোন কৰিলেও তই বোলে কাটি দিয়৷
মিতালী : অ’ ইমান দেৰী যে সিয়েই ফোন কৰি আছিল নেকি?
অমৃতা : নহয় অ’ তাৰ ফোন হ’লে মই কিয় কাটি দিম৷
দীপশিখা : সি মোৰ আগতেই তোলৈ ফোন কৰিছিল তই মিছা কথা নকবি৷ বাকী সি দেখোন ক’লে তোৰ ৰিপৰ্ট আহিছে৷ তই তাক একো কোৱা নাই আৰু তাৰ পাছৰ পৰাই তাক এভইড কৰিবলৈ লৈছ৷
অমৃতা : নাই নাই সি এনেই কৈছে৷
মিতালী : এনেই কিয় ক’ব নিশ্চয় কিবা এটা হৈছে৷
লীনা : কি হৈছে কচোন? সিটো বৰ ভাল ল’ৰা৷
অমৃতা : তোমালোকে কিয় বাৰু একেটা কথাকে বাৰে বাৰে পেঘেনীয়াই আছা৷
দীপশিখা : আমি কথাবোৰ কৈছোহে তোৰ কিয় খং উঠিছে৷ তাতে সি মোৰ আগত কান্দিছেও৷
অমৃতা : সেইবোৰ কথা কৈ কিয়া সন্ধিয়াটো স্পইল কৰিছা৷
লীনা : মানুহৰ সম্পৰ্কবোৰক লৈ খেলা নকৰিবাচোন বৰ কষ্ট হয়৷
অমৃতা : তোমালোকো যে আৰু –
মিতালী : তই ভাবি চাছোন৷ সি এটা ভাল ল’ৰা৷ তোক বুজি পায়৷ তই সুখী হবি৷
অমৃতা : প্লিজ বাদ দিয়ানা সেইবোৰ কথা৷
দীপশিখা : তই আমাক আপোন বুলি নাভাবা নেকি?
অমৃতা : ভাবো৷
দীপশিখা : তেনেহলে তোৰ ৰিপৰ্টটো কি আহিছে ক৷
অমৃতা : মই কৈছোৱেই নহয়৷ ৰিপৰ্ট অহা নাই ১৮ তাৰিখহে দিয়া কথা৷ আজি ১১ তাৰিখহে৷
লীনা : তই কিবা এটা লুকুৱাইছ অমৃতা৷
অমৃতা : তোমালোকে মোক বিশ্বাস নকৰা নেকি?
মিতালী : আমিটো কৰো তইহে নকৰ চাগৈ৷ সেই কাৰণে কোৱা নাই৷ বাৰু তই মোৰ চকুলৈ চাই কথাবোৰ কচোন?
অমৃতা : অ’ চাইচো৷
মিতালী : মোৰ শপত খাই কচোন৷
অমৃতা : শপত-চপত এইবোৰ বাদ দিয়া না৷
মিতালী : বাৰু তইতো মইনাক বৰ ভাল পাৱ৷
অমৃতা : পাওঁ৷
মিতালী : তাইৰ কাৰণে সকলো কৰিব পাৰ৷
অমৃতা : পাৰো৷
মিতালী : তেন্তে মইনাৰ শপত৷ ৰিপৰ্টটোত কি আছে ক৷
লীনা + দীপ : কচোন কি আহিছে৷
অমৃতা : বৰ ডাঙৰ কথা ক’লা বাইদেউ৷ মইনাৰ শপত দিলো যেতিয়া কওঁ শুনা৷ মোৰ ব্ৰেইন টিউমাৰ হৈছে৷ Not curable, last stage ৷ মই আৰু এই পৃথিৱীত কেইদিন মানৰ হে আলহি৷ (সকলো মুক হৈ পৰে)
অমৃতা : (ক্ষন্তেক পিছত)কি হ’ল! তোমালোক মুক হৈ পৰিলা যে৷ কাইলৈৰ কথা ভাবি আজিৰ সন্ধিয়াটো স্পইল কৰিছা কিয়৷ মইটো আজি মৰা নাই৷ জন্ম হৈছো যেতিয়া মৰিব লাগিবই৷ ৰ’বা কবিতা এটা মনত পৰিছে .. শুনা না তোমালোকে অতনু ভট্টাচাৰ্যৰ এই কবিতাটো৷ ইয়াৰ শেষৰ শাৰীকেইটা গাওঁ ৰবা— যাৰ বাবে শিল মাথো শিল/ নদী মাথো নদী, যাৰ বাবে সমষ্ট পৃথিৱী মাথো মাটিৰ ভূগোল/ যি মানুহৰ শোভাযাত্ৰাত চামিল হ’বলৈ শিকা নাই/ তাৰ বাবে সুখো এক ধৰণৰ দুখ—… মইনা মইনা আহা
মইনা : (নপেথ্যত) গৈছে মাহী৷ মই গেমটোৰ stage complete কৰিলো আৰু
অমৃতা : কি হ’ল তোমালোকে চিন্তা কৰি নাথাকিবা৷ বুজিচা আমাৰ মৃত্যু হয় কাৰণ আমি কেনেকৈ জীয়াই থাকিব লাগে নাজানো৷ ব’লা ব’লা ভোক লাগিছে মোৰ৷
মইনা : মাহী মই গেমটো কমপ্লিট কৰিলো৷ বলক দেখুৱাওগৈ৷
অমৃতা : বলা৷ তোমালোকো আহা আহা… অ’ মইনা গানটো কি আছিল (গান গাব— যদি জীৱনে কান্দে নাই নাই বুলি/ যদি দুখতে উৰে ধৰণীৰ ধূলি/নিৰাশাই আশাবোৰ ভাঙিব খুজিলে/ মই গোৱা গীতবোৰ গাবা— বাকীসকলে কান্দি উঠিব)

Sunday, November 4, 2012

মামণি ৰয়ছম গোস্বামীৰ জীৱন আৰু কৰ্মৰাজিত এভূমুকি



(টোকাঃ  নবেম্বৰ মাহতে মামণি ৰয়ছম গোস্বামীৰ জন্ম হোৱাৰ লগতে দেহাৱসানো হৈছিল৷ সেয়ে এই লেখাটোৰে তেখতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি তেখতৰ জীৱন আৰু কৰ্মৰাজিৰ বিষয়ে চমুকৈ আলোকপাত কৰা হ’ল৷ প্ৰবন্ধটো ইউনিক’ডলৈ ৰূপান্তৰ কৰোতে কিছু ক্ষেত্ৰত Tezpur University, NLPLab এ নিৰ্মাণ কৰা Geetanjali to unicode converter v.10 ৰ সহায় লোৱা হৈছে৷)

জ্ঞানপীঠ বঁটাৰে সন্মনিত মামণি ৰয়ছম গোস্বামী অসমীয়া সাহিত্যৰ জগতত এক উজ্বল নক্ষত্ৰ৷ অৱশ্যে তেখেতৰ পিতৃ প্ৰদত্ত নাম আছিল ইন্দিৰা গোস্বামী৷ কামৰূপৰ আমৰঙা সত্ৰৰ সত্ৰাধিকাৰ পৰিয়ালৰ সদস্য উমাকান্ত গোস্বামীৰ দ্বিতীয় পত্নী অম্বিকা দেৱীৰ গভৰ্ত ১৯৪২ চনৰ ১৪ নৱেম্বৰ তাৰিখে ইন্দিৰা গোস্বামীৰ জন্ম ৷ ইন্দিৰা গোস্বামীৰ পিতৃও আছিল এগৰাকী সফল শিক্ষাবিদ৷ উল্লেখযোগ্য যে তেখেত চিলেটৰ ‘মুৰাৰী চান্দ কলেজ’ৰ লগতে অসমৰ ঐতিহ্যমণ্ডিত ‘কটন কলেজ’ত (১৯৩২ চনৰ পৰা) অথৰ্নীতি বিভাগৰ অধ্যাপক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল৷ পৰৱৰ্তী সময়ত, ১৯৫০ চনত তেখেত অবিভক্ত অসমৰ শিক্ষাধিকাৰ ৰূপেও নিযুক্ত হৈছিল৷ জৱাহৰলাল নেহৰুৰ জন্ম দিনটোতে ইন্দিৰা গোস্বামীৰ জন্ম হোৱাত পিতৃয়ে এই নাম প্ৰদান কৰিছিল আৰু মাতৃয়ে চেনেহেৰে ‘মামণি’ বুলি মাতিছিল৷ তেখেতৰ প্ৰাথমিক শিক্ষা আৰম্ভ হৈছিল গুৱাহাটীৰ ‘লতাশিল প্ৰাথমিক বিদ্যালয়’ত৷ ১৯৫০ চনত পিতৃ অবিভক্ত অসমৰ শিক্ষাধিকাৰ হিচাপে নিযুক্ত হোৱাত তেখেতসকল শ্বিলঙলৈ যায় আৰু তাৰে ‘পাইন মাউণ্ট স্কুল’ত নামভৰ্তি কৰিছিল৷ ১৯৫৪ চনত তেখেতলোক পুনৰ গুৱাহাটীলৈ ঘূৰি আহে আৰু মামণি গোস্বামীক ‘তাৰিণী চৌধুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়’ত নামভৰ্তি কৰাই দিয়া হয়৷ এইখন বিদ্যালয়ৰ পৰা ১৯৫৬ চনত মেট্ৰিকুলেশ্বন পৰীক্ষাত উত্তীৰ্ণ হৈ উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ গুৱাহাটীৰে ‘সন্দিকৈ ছোৱালী মহাবিদ্যালয়’ত নামভৰ্তি কৰে৷ অৱশ্যে পৰৱৰ্তী সময়ত ‘কটন মহাবিদ্যালয়’ৰ পৰাহে তেখেত স্নাতক উপাধি লাভ কৰে৷ মহাবিদ্যালয়ত পঢ়ি থকা কালছোৱাতে তেখেতৰ সৃষ্টিশীল মনটো জাগ্ৰত হৈছিল৷ সেই সময়ছোৱাত তেখেতৰ ‘বন হংসিনী’ নামৰ অনাতাঁৰ নাটখন আকাশবাণী গুৱাহাটী কেন্দ্ৰ যোগে সম্প্ৰচাৰ হৈছিল৷
১৯৫৫ চনৰ পৰা ১৯৬০ চনৰ সময়ছোৱা আছিল মামণি গোস্বামীৰ দুৰ্যোগৰ কাল৷ ১৯৫৫ চনত তেখেতৰ পিতৃ ককৰ্ট ৰোগৰ দ্বাৰা আক্ৰান্ত হৈ মৃত্যু মুখত পৰে৷ ১৯৬০ চনত তেখেতৰ প্ৰিয় খুৰাক চন্দ্ৰকান্ত গোস্বামীৰো আকস্মিক বিয়োগ ঘটে৷ এনে বিভিন্ন ঘটনাৰ বাবে অতি সংবেদনশীল তেখেতৰ মনত বাহ লালে নিঃসংগতাবোধে৷ আনকি এই নিঃসংগতাবোধ ইমানে তীব্ৰ হৈ পৰিছিল যে তেখেত আত্মহত্যা কৰিবলৈকো আগবাঢ়িছিল আৰু তাৰ ফলত সম্ভাব্য মৃত্যুৰ দুৱাৰ দলিৰ পৰা উভতি আহিছিল৷ এনে ঘটনাৰ বাবে সমাজত তেখেত সমালোচনাৰ পাত্ৰীও হ’ল৷ সেই দুযোগপূৰ্ণ সময়ছোৱাতে ১৯৬৫ চনত দাক্ষিণাত্যৰ পৰা অসমলৈ অহা তৰুণ অভিযন্তা মাধবেন ৰয়ছম আয়েংগাৰৰ লগত তেখেত বিবাহপাশত আবদ্ধ হয়৷ বিবাহৰ এবছৰ পূৰ্বে গুৱাহাটী বিশ্ববিদ্যালয় অসমীয়া বিভাগৰ পৰা তেখেত স্নাতকোত্তৰ উপাধি লাভ কৰিছিল৷ বিয়াৰ এবছৰ পাছতে তেখেতৰ জীৱনলৈ আৰু এটা গভীৰ সংকট নামি আহে৷ ১৯৬৭ চনত স্বামী মাধবেন কাশ্মীৰৰ চুইনা একোৱেডাক্টৰ মেনেজাৰ ৰূপে নিয়োজিত হৈ থকা অৱস্থাত উধামপুৰলৈ যাওঁতে মটৰ দুঘৰ্টনাত মৃত্যুক সাবটি লয়৷ স্বামীৰ মৃত্যুৰ পিছত তেখেত অসমলৈ ঘূৰি আহে আৰু গোৱালপাৰাৰ ‘সৈনিক স্কুল’ত শিক্ষক হিচাপে যোগদান কৰে৷ অৱশ্যে বৰ বেছিদিন তেখেত সেই স্কুলত থাকিব নোৱাৰিলে৷ তাৰ পৰা ওলাই আহি ‘তুলসী দাসৰ ৰাম চৰিত মানস আৰু মাধৱ কন্দলিৰ অসমীয়া ৰামায়ণ : এটি তুলনামূলক অধ্যয়ন’ শীষৰ্ক বিষয়টি লৈ অধ্যাপক উপেন্দ্ৰ চন্দ্ৰ লেখাৰু তত্ত্বাৱধানত গৱেষণা আৰম্ভ কৰে৷ গৱেষণাৰ কামতে ১৯৬৯ চনত তেখেত বৃন্দাবনলৈ যাত্ৰা কৰিছিল৷ গৱেষণা কৰি থকা কালছোৱাতে, ১৯৭১ চনত তেখেত ‘দিল্লী বিশ্ববিদ্যালয়’ৰ আধুনিক ভাৰতীয় ভাষা বিভাগত অসমীয়া বিষয়ৰ অধ্যাপিকা হিচাপে নিযুক্ত হয়৷ ১৯৭৩ চনত তেখেত কৰা গৱেষণাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ে তেখেতক ডক্টৰেট উপাধি প্ৰদান কৰে৷ পৰৱৰ্তী সময়ছোৱাত তেখেত সাহিত্য সংস্কৃতি আৰু বিদ্যায়তনিক বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত হৈ সাফল্য লাভ কৰিছিল আৰু সমগ্ৰ বিশ্বতে স্বীকৃতি লাভ কৰিছিল৷ এই গৰাকী কথাশিল্পীয়ে ৭০ বছৰ বয়সত ২০১১ চনৰ ২৯ নৱেম্বৰ তাৰিখে শেষ নিশ্বাস ত্যাগ কৰে৷
মামণি ৰয়ছম গোস্বামীয়ে সাহিত্যৰ বিভিন্ন দিশত তেখেতৰ সৃজনী প্ৰতিভাৰ স্বাক্ষৰ ৰাখি হৈ গৈছে৷ তেখেতৰ সাহিত্যকমৰ্সমূহ তলত দিয়া ধৰণে বিভাজিত কৰি উল্লেখ কৰিব পাৰি-
গল্প সংকলন : চিনাকি মৰম, কইনা, হৃদয় এক নদীৰ নাম, মামণি ৰয়ছম গোস্বামীৰ প্ৰিয় গল্প, নিৰ্বাচিত গল্প
উপন্যাস : চেনাবৰ সোঁত, নীলকণ্ঠী ব্ৰজ, অহিৰণ, মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস; সংস্কাৰ, উদয়ভানুৰ চৰিত্ৰ ইত্যাদি (এই গ্ৰন্থত এটা গল্প ‘সংস্কাৰ’ আৰু দুখন উপন্যাস— ‘উদয়ভানুৰ চৰিত্ৰ’ আৰু ‘সাপৰ চালৰ জোতা’ সন্নিৱিষ্ট হৈছে); দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা, আধা লেখা দস্তাবেজ (আত্মজীৱনীমূলক উপন্যাস), ঈশ্বৰী জখমী যাত্ৰী ইত্যাদি (এই গ্ৰন্থত দুটি গল্প দুখন ৰচনা আৰু ইউৰোপ ভ্ৰমণৰ ভেটিত ৰচনা কৰা ‘জখমী যাত্ৰী’ নামৰ উপন্যাসখন সন্নিৱিষ্ট কৰা হৈছে), তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা, দাশৰথীৰ পুত্ৰৰ খোজ, থেং ফাখ্ৰী তহচিলদাৰৰ তামৰ তৰোৱাল, উপন্যাস সমগ্ৰ (তেৰখন উপন্যাসৰ সংগ্ৰহ)৷
গৱেষণামূলক কৃতি : Ramayana from Gonga to Brahmaputra, Ravana in Kandali's Assamese Ramayana and Tulsi's Ramcharitra Manas, Comparative Study of the Characters of Ravana and Sita, Bani Kanta Kakati, History of Assamese literature since 1947, Assamese Metres, Assamese Drama, Ramabhakti in Sankardeva, Ankia Nats of Assam, Birendra Kumar Bhattacharya's novel Mritunjoy.
অনুবাদ কৰ্ম : মুন্সী প্ৰেমচান্দৰ চুটি গল্প, আধা ঘণটা সময় (মালয়ালম উপন্যাস ‘আৰান জল্লিকা নেৰাম’ৰ অসমীয়া অনুবাদ), কলম (হিন্দী, উৰ্দু, পাঞ্জাবী, বাংলা, কাৰ্বি গল্পৰ সংকলন). শৰীষৰূপৰ কথা (শ্ৰীজী টাজিয়া আৰু কেঙুৰ জাপানী গল্পৰ অসমীয়া অনুবাদ), জাতক কথা, আহ্নিক৷
মামণি ৰয়ছম গোস্বামীৰ কেইবাখনো উপন্যাসৰ আধাৰত চলচিত্ৰ তথা কেইবাখনো ধাৰাবাহিক নিৰ্মাণ হোৱাৰ লগতে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বিভিন্ন বঁটাও লাভ কৰিছে৷ ‘দিল্লী বিশ্ববিদ্যালয়’ৰ আধুনিক ভাৰতীয় ভাষা বিভাগৰ অধ্যাপিকা হিচাপে কমৰ্ৰত ইন্দিৰা গোস্বামীয়ে ভালে সংখ্যক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কমৰ্শালাত যোগদান কৰাৰ লগতে গৱেষণা পত্ৰ পাঠ কৰিছিল৷ তেখেত মূলতঃ ৰামায়ণী সাহিত্য সম্পৰ্কে গভীৰভাৱে অধ্যয়ন কৰিছিল৷ মামণি ৰয়ছম গোস্বামী ৰাজহুৱা জীৱনতো এগৰাকী সক্ৰিয় ব্যক্তি আছিল৷ বিভিন্ন শৈক্ষিক, সামাজিক, সাহিত্য-সংস্কৃতিৰ লগত জড়িত অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে তেখেতে সম্পৰ্ক ৰক্ষা কৰি চলিছিল৷ আনকি অসমৰ সন্ত্ৰাসবাদী সমস্যাৰ সমাধানৰ বাবেও তেখেত বিশেষভাৱে যত্নপৰ হৈছিল৷
মামণি ৰয়ছম গোস্বামীয়ে তেখেতৰ সাহ্যিত কৃতিৰ বাবে বিভিন্ন সময়ত বিভিন্ন সন্মানেৰে সন্মানিত হৈছিল৷ তাৰে ভিতৰত উল্লেখযোগ্য কেইটিমান হ’ল- ১৯৮৩ চনত ‘মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস’ৰ বাবে সাহিত্য অকাডেমি বঁটা, ১৯৮৮ চনত অসম সাহিত্য সভাৰ পৰা লাভ কৰা ‘বাসন্তী দেৱী সাহিত্য বঁটা’, ১৯৮৯ চনত ‘ভাৰত নিৰ্মাণ বঁটা’, ১৯৯৩ চনত ‘কথা’ পুৰস্কাৰ লাভ, ১৯৯৬ চনত ‘কমল কুমাৰী ফাউণ্ডেচন বঁটা’, ২০০১ চনত ভাৰতীয় সাহিত্যক্ষেত্ৰৰ শ্ৰেষ্ঠতম সন্মান ‘জ্ঞানপীঠ’ বঁটা লাভ কৰে৷ ২০০২ চনত ভাৰত চৰকাৰে তেখেতক ‘পদ্মশ্ৰী’ সন্মান আগবঢাইছিল যদিও ব্যক্তিগত কাৰণত তেখেত সেয়া গ্ৰহণ নকৰিলে৷ ২০০২ চনত তেখেতক ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ে ‘ডিলিট’ উপাধি প্ৰদান কৰে৷ একে বছৰতে অসমৰ আহোম ক’ৰ্টে তেখেতলৈ ‘মহীয়সী জয়মতী বঁটা’ আগবঢ়ায়৷ ২০০৬ চনত দক্ষিণ কোৰিয়াৰ ‘চিউলস্থিত ইণ্টাৰ ৰেলিজিয়াছ এণ্ড ইণ্টাৰনেচনেল ফেডাৰেশ্বন অৱ ৱল্ডৰ্ পিচে’ তেখেতক 'Ambassador for Peore' বঁটাৰে সন্মানিত কৰিছিল৷ ২০০৮ চনত ফৰাচী চৰকাৰে তেখেতলৈ Principal Prince Claus Award সন্মান আগবঢ়ায়৷ ২০০৯ চনত তেখেত ‘অশোক মোডী স্মৃতি সমাজ সেৱা’ বঁটাৰ দ্বাৰা সন্মানিত হয়৷ ২০০৯ চনত দিল্লী বিশ্ববিদ্যালয়ে তেখেতক ‘প্ৰফেচাৰ এমেৰিটাছ’ৰ খিতাপ প্ৰদান কৰিছিল৷ এনেদৰে বিভিন্ন বঁটা-বাহনেৰেও মামণি ৰয়ছম গোস্বামী বিভিন্ন সময়ত সান্মনিত হৈছিল৷

Thursday, November 1, 2012

মামণি ৰয়ছম গোস্বামীৰ ‘সংস্কাৰ’


(টোকাঃ ৰামধেনুত software ব্যৱহাৰ কৰি লিখা এই নিবন্ধটো Tezpur University, NLPLab (www.tezu.ernet.in/~nlp/) এ নিৰ্মাণ কৰা Geetanjali to unicode converter v.10 ৰ দ্বাৰা ৰূপান্তৰ কৰি গোটত প্ৰকাশ কৰা হ’ল৷)

গল্পটোৰ কাহিনীভাগঃ


মামণি ৰয়ছম গোস্বামীৰ ‘সংস্কাৰ’ গল্পটো ৰচিত হৈছে পীতাম্বৰ নামৰ ব্যক্তি এজনক কেন্দ্ৰ কৰি৷ অৱশ্যে গল্পটো কিন্তু চৰিত্ৰ প্ৰধান চুটিগল্প নহয়, পৰিস্থিতি প্ৰধান চুটিগল্পহে৷ গ্ৰাম্য সমাজৰ এজন মুৰব্বী স্থানীয় ব্যক্তি পীতাম্বৰ মহাজনৰ বংশৰক্ষা কৰিবলৈ তেওঁৰ উত্তৰ পুৰুষৰ জন্ম নহ’ল৷ সেইবাবেই তেওঁ আজিকালি বৰ অস্থিৰ হৈ থাকে আৰু কিছু পৰিমাণে অস্বাভাৱিক হৈ পৰিছে৷ গাঁৱৰ মানুহৰ লগতে বংশ-পৰিয়ালৰ লোকেও তেওঁক বেয়া ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে৷ প্ৰথম গৰাকী ঘৈণীয়েকৰ মৃত্যুৰ দুমাহ নহওঁতেই পুত্ৰ সন্তানৰ হেঁপাহত তেওঁ দ্বিতীয় বিবাহো কৰিছিল৷ কিন্তু দ্বিতীয়গৰাকী পত্নীয়েও কোনো সন্তান জন্ম দিব নোৱাৰিলে আৰু তাই বতৰ্মান অসুখৰ বাবে শয্যাগত৷ সেই নিৰ্দিষ্ট দিনটোত ঘৰৰ সন্মুখতে তেওঁ বহি আছিল৷ গল্পকাৰৰ ভাষাত তেওঁ যেন ‘‘মাটিৰ তলত কুৰকি কুৰকি এই দৃষ্টিৰে কিবা বুটলিবলৈ চেষ্টা কৰিছিল৷’’ সেই অৱস্থাতে কৃষ্ণকান্ত পুৰোহিত আহি পীতাম্বৰৰ ঘা টুকুৰা খুচৰি দিয়েহি৷ আনকি বতৰ্মানৰ পৰিবাৰৰ মৃত্যু হ’লে বিবাহৰ চিন্তা কৰিছেনে নাই সেই কথাও সোধে৷ তেনে অৱস্থাতে দময়ন্তী নামৰ বিধবা ব্ৰাহ্মণ গৰাকী সেই ফালেদি পাৰ হৈ যায়৷ পুৰোহিতে তাইক কিবা সোধে৷ আমি প্ৰথমবাৰৰ বাবে তেতিয়াই দময়ন্তী নামৰ চৰিত্ৰটোৰ মুখামুখি হওঁ৷ কৃষ্ণকান্তৰ মুখেদি গম পাওঁ যে তাইৰ চৰিত্ৰ পূৰ্বেও ভাল নাছিল আৰু তাই বতৰ্মানো বহু ধৰণৰ অসামাজিক কামত লিপ্ত হৈ থাকে৷ সেই সময়তে কৃষ্ণকান্তই নিজৰ বিপদৰ কথা (দুই ভাইৰ কন্দলৰ ফলত সৃষ্টি হোৱা) কোৱাৰ লগতে দময়ন্তীৰ জৰিয়তে তেওঁৰ বংশৰক্ষা কৰাৰ প্ৰস্তাৱ দিয়ে৷ আনকি তাইক তেওঁৰ সৈতে বিয়াত বহিবলৈ আৰু তেওঁৰ সন্তান জন্ম দিয়াবলৈ মান্তি কৰোৱাৰ গধুৰ দায়িত্বটোও ল’ব বিচাৰে৷ প্ৰসংগক্ৰমে উল্লেখযোগ্য যে দময়ন্তীৰ এজনী ছবছৰীয়া ছোৱালীও আছে৷ কৃষ্ণকান্ত পীতাম্বৰৰ ওচৰলৈ অহাৰ পাছতেই আমি গল্পটোৰ আন এটা চৰিত্ৰ- পীতাম্বৰৰ পৰিবাৰৰ লগত মুখামুখি হওঁ৷ অসুখৰ বাবে তাই বিছনাতে পৰি থাকে৷ কথা বতৰা একো নকয়, কিন্তু চকুৰ চাৱনিৰে নিজৰ মনৰ তলিখন কুৰুংকৈ তুলি ধৰে৷ এয়া অৱশ্যে গল্পকাৰৰ সফলতা৷ নিৰ্বাক চৰিত্ৰ এটাৰ চকুৰ চাৱনিৰে তাইৰ মানসিক স্থিতি ব্যক্ত কৰাত তেওঁ সফলতা লাভ কৰিছে৷ পৰৱৰ্তী সময়ত কৃষ্ণকান্তই সকলো বন্দবস্ত কৰি এদিন পীতাম্বৰক দময়ন্তীৰ কাষলৈ পঠিওৱাৰ দিন ঠিক কৰে৷ আনকি সেই সন্তানটো যাতে তাই নষ্ট কৰি পেলাব নোৱাৰে তাৰো উচিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি কোৱাৰ লগতে শয্যাগত ঘৈণীয়েকক কানিৰ বড়ি এটা খুৱাই দিয়াৰ দিহা দিয়ে৷ নিৰ্দিষ্ট দিনটোত পীতাম্বৰ দময়ন্তীৰ কাষলৈ যাবলৈ ওলায়৷ তাইৰ সৈতে একেলগে কটায় আৰু আমি পৰৱৰ্তী সময়ত আমি গম পাওঁ যে তাই গভৰ্ৱতী হৈছে৷ পীতাম্বৰেও সেই খবৰ কৃষ্ণকান্তৰ জৰিয়তে লাভ কৰে৷ তেওঁ এক সুন্দৰ দিবা স্বপ্নত ভোল যায়৷ কল্পনাৰ ৰাজ্যত বিচৰণ কৰি দময়ন্তীৰ গভৰ্ত স্থিতি লোৱা শিশুটিক যুৱক হিচাপে দেখা পায়৷ আনকি পুৰণা পেৰাৰ মাজত পিতাকৰ অস্থিৰ মাজৰ পৰা বংশ পৰম্পৰাৰ চিহ্ন হিচাপে তেওঁ দি থৈ যোৱা সোণৰ মাদলিৰ সৈতে পোৱালমণি এধাৰি উলিয়াই আনি আনন্দত আত্মহাৰা হৈ থাকে৷ ঘৰত থকা শয্যাগত ঘৈণীয়েকক বেয়া ব্যৱহাৰ কৰে৷ মনৰ মাজত সমাজৰ সকলো সংস্কাৰ শেষ কৰি কেৱল মানুহৰ সমাজ গঢ়াৰ সপোনত বিভোৰ হয়৷ কাৰণ তেওঁৰ বংশৰক্ষাৰ বীজ বহন কৰা দময়ন্তী বাহ্মণ বিধৱা৷ তাই যেন সোনকালে আহি মহাজন পীতাম্বৰক বিয়া পাতিবলৈ ক’বহি এনে এটা হেঁপাহ খেদি খেদি দিন অতিবাহিত কৰে৷ দময়ন্তীক পীতাম্বৰে ঢেঁখালত লগ ধৰাৰ তিনিমাহৰ পাছৰ দিন এটাত আবেলিৰ পৰাই বিৰাট ধুমুহা আহে৷ সেই ধুমুহাৰ মাজতো পীতাম্বৰ অনাগত পুত্ৰ সন্তানৰ কল্পনাত বিভোৰ হৈ থাকে৷ হঠাৎ কৃষ্ণকান্ত পুৰোহিতৰ মাত শুনি বাহিৰলৈ আহে৷ তেতিয়াই কৃষ্ণকান্তৰ মুখেৰে ব্যক্ত হয় - ‘‘তাই নষ্ট কৰি পেলাইছে৷ শূদিৰীয়াৰ বীজ তাই নকঢ়িয়ায়৷ তাই শাণ্ডিল্য গোত্ৰীয় বামুণ৷ তাই নষ্ট কৰি পেলাইছে৷ তোমাৰ সন্তান তাই নষ্ট কৰি পেলাইছে পীতাম্বৰ.. পীতাম্বৰ...৷’’ পীতাম্বৰৰ মূৰত যেন সৰগ ভাঙিহে পৰিল৷

ইয়াৰ পাছতেই গল্পটোৰ কাহিনীভাগ দ্ৰুত গতিৰে পৰিণতিৰ ফালে আগবাঢ়ি যায়৷ এদিন মাজৰাতি দময়ন্তীয়ে তাইৰ বাৰীৰ বিজুলী বাঁহৰ কাষৰ পৰা মাটি খন্দাৰ শব্দ শুনে৷ যি ঠাইত তাই পীতাম্বৰৰ উত্তৰ পুৰুষৰ মাংসপিণ্ডটো পুতি থৈ আহিছিল ঠিক সেই ঠাইতে৷ মাক-জীয়েক দুয়ো খিৰিকীৰে চাই দেখে যে পীতাম্বৰে এটা লণ্ঠন লৈ সেই নিৰ্দিষ্ট ঠাইডোখৰ খান্দি আছে৷ তাই পীতাম্বৰ মহাজনক কিয় তেনে কৰিছে সেই সুধিবলৈ আটাহ পাৰে৷ মহাজনে একো নকৈ এবাৰ উভতি চাই পুনৰ খান্দিবলৈ ধৰে৷ দময়ন্তীয়ে কয় - ‘‘ মই পুতি থৈছো সঁচা কথা কিন্তু কি পাবি তাত- মাংসপিণ্ড এটাহে পৰি আছে৷’’ পীতাম্বৰে মূৰ তুলি চাই কয়- ‘‘মোৰ সন্তান আছিল- এটা মাংসপিণ্ড টুকুৰাকে চুই চাম৷ মই মোৰ এই দুখন হাতেৰে মোৰ বংশধৰক চুই চাম৷’’ এনেদৰে অভাৱনীয় পৰিস্থিতি এটাত গল্পটোৰ পৰিসমাপ্তি ঘটিছে৷

আলোচনাঃ


মামণি ৰয়ছম গোস্বামীৰ ‘সংস্কাৰ’ শীষৰ্ক গল্পটোৱে ইতিমধ্যে পাঠক সমাজত ব্যাপক সমাদৰ লাভ কৰাৰ লগতে বিভিন্ন ভাষালৈ অনূদিতও হৈছে৷ এই গল্পটো বিভিন্ন ধৰণে ভিন্ ভিন্ দৃষ্টিকোণৰ পৰা বিশ্লেষণ কৰিব পাৰি৷ উদগ্ৰ কামনা বাসনা সামাজিক সংস্কাৰত তীব্ৰ সংঘাত, দৰিদ্ৰৰ যাতনা আদি সাথৰ্কভাৱে ইয়াত ফুটাই তোলা হৈছে৷ মানৱীয় আকাংক্ষাৰ বিৰোধাত্মক দ্বন্দ্ব আৰু আমাৰ সমাজত প্ৰচলিত মৌলিক সংস্কাৰ এই গল্পটোৰ মূল বক্তব্য বুলি অভিহিত কৰিব পাৰি৷ এফালৰ পৰা চাবলৈ গ’লে গল্পটোৰ ‘সংস্কাৰ’ নামটোৰ মাজতে আমি বহুমাত্ৰিক দৃষ্টিকোণ সোমাই থকা দেখিবলৈ পাওঁ৷ গল্পটোৰ সংস্কাৰ কেইটাও মাত্ৰাত গ্ৰথিত হৈ আছে৷ বহু সমালোচকে দময়ন্তীয়ে সমাজ বিপক্ষে তীব্ৰ সংগ্ৰাম কৰাৰ কথাটোত সংস্কাৰৰ প্ৰসংগ টানি আনে৷ আনহাতে আমি কিন্তু পীতাম্বৰৰ কথাৰ মাজতো সংস্কাৰৰ ছৱি দেখিবলৈ পাওঁ৷ তেওঁৰ ‘পুত্ৰ’ কামনা এক ধৰণৰ সংস্কাৰ বাবে সৃষ্টি হোৱা মানসিকতা৷ ‘‘তিনিটা পুহকৰ লাগিলে ঘৰৰ চোতালৰ দূবৰি বনো জ্বলি-পুৰি শেষ হৈ যায়৷ তোমাৰ তিনিটা পুহকৰ লাগিছিল৷ চব জ্বলি-পুৰি শেষ হৈ গৈছে৷’’ - বুলি কৃষ্ণকান্তই ব্যক্ত কৰি সেই সংস্কাৰৰ কথাকে উনুকিয়াইছে৷ পীতাম্বৰৰ সন্তানৰ কামনা সৃষ্টি হৈছে সংস্কাৰৰ বাবে৷ পিতাকে দি যোৱা মণিধাৰি বাকচৰ মাজত থকা অস্থিৰ মাজৰ পৰা তুলি আনি সেই সংস্কাৰৰ কথাকেই ব্যক্ত কৰিছে৷ মন কৰিবলগীয়া যে দময়ন্তীৰ গভৰ্ত থকা সন্তানটো ছোৱালীওটো হ’ব পাৰে৷ সেয়া কিন্তু পীতাম্বৰে এবাৰো ভবা নাই৷ পুতেকৰ হাতত ধৰি ধনশ্ৰী নদীৰ পাৰে পাৰে ঘূৰি ফুৰাৰ কল্পনাত মত্ত হৈ আছে৷ পীতাম্বৰৰ বংশৰক্ষাৰ বাবে কেৱল পুত্ৰ সন্তানৰ কামনা কৰাটোও বৈষম্যমূলক সংস্কাৰৰে ফল৷ আনহাতে নিজৰ স্বাথৰ্ৰ বাবেই তেওঁ - ‘‘উঃ সেইবোৰ শূদিৰ-বামুণ-গৰিয়া-মুছলমান নে খোলাকটিৰ তাল৷ মানুহহে লাগে আমাক কাটিলে তেজ ওলোৱা মানুহ৷’’ বুলিও চিন্তা কৰিছে৷ এনে বৈপৰীত্যৰ দ্বন্দ্ব মন কৰিবলগীয়া৷ এফালৰ পৰা চাবলৈ গ’লে এয়াও বংশৰক্ষাৰ সংস্কাৰৰ পৰাই সৃষ্টি হৈছে৷ পীতাম্বৰে স্বাভাৱিকভাৱে সমাজ সংস্কাৰৰ বাবে এনে চিন্তা কৰা নাই, এনে চিন্তাৰ মাজত সোমাই আছে তেওঁৰ স্বাৰ্থ৷ সেয়ে গল্পকাৰে শ্লেষাত্মকভাৱে ইয়াত সংস্কাৰৰ কথা উল্লেখ কৰিছে বুলি অনুধাৱন কৰাত আমাৰ অকনো অসুবিধা নহয়৷ আনহাতে আন এক দৃষ্টিকোণেৰে বিচাৰ কৰিলে আমাৰ চকুত পৰে যে দময়ন্তীয়ে প্ৰতিবাৰ গভৰ্পাত কৰা কথাটো নাৰীক যৌনতাৰ আহিলা হিচাপে ব্যৱহাৰ কৰি থকা পুৰুষকেন্দ্ৰিক মানসিকতাৰ বিৰুদ্ধে কৰা এক সজোৰ প্ৰতিবাদহে৷

মামণি ৰয়ছম গোস্বামীৰ গল্পৰ বৈশিষ্ট্যলৈ লক্ষ্য কৰিলে আমি দেখিবলৈ পাওঁ Lawrence Birken ৰ এষাৰ উক্তিৰ প্ৰতিফলন৷ Birken-এ কৈছিল— ‘‘ As economic man realised his freedom only by submitting to the low of market, so psychological man and women realize their freedom only by sumitting to the law of the sexual market.’ গোস্বামীৰ গল্পৰ চৰিত্ৰইও দেহেৰে উপলব্ধি কৰিব লগা কথা দেহেৰেই উপলব্ধি কৰে আৰু দেহেৰে প্ৰতিবাদ কৰিবলগীয়া কথা দেহেৰেই কৰে৷ দময়ন্তীয়েও নিজৰ জৈৱিক তাড়ণা দেহেৰেই উপলব্ধি কৰিছিল আৰু প্ৰতিবাৰ গভৰ্পাত কৰি পুৰুষতান্ত্ৰিক সমাজখনক ব্যঙ্গ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ আনকি তাই পীতাম্বৰক ক’ব পাৰিছিল- ‘‘ মই পুতি থৈছো সঁচা কথা কিন্তু কি পাবি তাত- মাংসপিণ্ড এটাহে পৰি আছে৷’’ অৱশ্যে এই প্ৰতিবাদৰ লগত দময়ন্তীৰ অৰ্থনৈতিক কাৰণ এটাইও ক্ৰিয়া কৰি আছে৷ কিন্তু নিঃসংগ নাৰী হিচাপে অংকন কৰা দময়ন্তীৰ চৰিত্ৰত আমি দুৰ্দান্ত সাহস প্ৰত্যক্ষ কৰোঁ৷ এয়াই গোস্বামীৰ গল্পৰ নাৰী চৰিত্ৰৰ চিত্ৰণৰ বৈশিষ্ট্য৷ কিন্তু এই চৰিত্ৰটোৰ প্ৰধান দুবৰ্লতা হ’ল পুৰুষকেন্দ্ৰিক সমাজখনে সৃষ্টি কৰা বৰ্ণ বিভাজন ব্যৱস্থাক তাই অতিক্ৰম কৰি যাব পৰা নাই৷ অৱশ্যে এই বক্তব্যৰ মূল ভত্তি হ’ল কৃষ্ণকান্তৰ মুখত প্ৰকাশ হোৱা এষাৰ কথা- ‘‘তাই নষ্ট কৰি পেলাইছে৷ শূদিৰীয়াৰ বীজ তাই নকঢ়িয়ায়৷ তাই শাণ্ডিল্য গোত্ৰীয় বামুণ৷ তাই নষ্ট কৰি পেলাইছে৷ তোমাৰ সন্তান তাই নষ্ট কৰি পেলাইছে পীতাম্বৰ.. পীতাম্বৰ...৷’’ কিন্তু মন কৰিবলগীয়া যে এই বক্তব্য প্ৰকাশ কৰিছে কৃষ্ণকান্তইহে, তাই নিজে নহয়৷ কৃষ্ণকান্তই সমগ্ৰ গল্পটোত দুবাৰ ‘চতুৰ্থ বৰ্ণ’ৰ কথা উল্লেখ কৰিছে৷ আনহাতে দময়ন্তীৰ গভৰ্ধাৰণৰ লগত তেওঁৰ আৰ্থিক স্বাৰ্থও সাঙোৰ খাই আছে৷ সেয়ে এই ভাষ্য দময়ন্তীৰ ভাষ্য বুলি বিবেচনা কৰাটোও কিন্তু নিৰাপদ নহয়৷ কাৰণ কৃষ্ণকান্ত চৰিত্ৰটোৰ মাজত বণৰ্বাদৰ অহংকাৰ স্পষ্ট ৰূপত ফুটি উঠিছে৷ এই দৃষ্টিকোণৰ পৰা দময়ন্তী চৰিত্ৰটোৰ এই দুবৰ্লতাটোক অগ্ৰাহ্য কৰিব পাৰি৷ দময়ন্তী চৰিত্ৰটোত সাধাৰণ নাৰীৰ মাজত দেখা পোৱা নাৰীসুলভ আচৰণ চকুত নপৰে যদিও আমি তাইৰ চৰিত্ৰটোৰ মাজত বাস্তৱ জগতত থাকিব পৰা চৰিত্ৰ এটাৰ বিশালতাৰ সম্ভাৱনীয়তাকো অস্বীকাৰ কৰিব নোৱাৰোঁ৷ ইয়াতেই গল্পকাৰৰ সাথৰ্কতা লুকাই আছে৷ এক অথৰ্ত গল্পকাৰ সফল হৈছে৷ একোটা চৰিত্ৰৰ মাজত চিত্ৰিত হোৱা এনে বৈপৰীত্যই চৰিত্ৰবোৰক অধিক মনোগ্ৰাহী কৰি তোলে৷ আজিৰ সভ্যতাত আমি সকলোৱে নিজৰ দুটা বিপৰীত স্থিতিত বাস কৰোঁ৷ আমি ভাবো এটা, কৰো বেলেগ এটাহে৷ এনে মনোভাৱনা এই গল্পটোৰ মাজত সুন্দৰভাৱে প্ৰকাশ পাইছে৷
এই গল্পটোৰ আন এটা দিশ অতিকে মন কৰিবলগীয়া৷ ‘সংস্কাৰ’ গল্পটোত নাৰীয়ে পুৰুষকহে অৰ্থনৈতিক সমথৰ্ন আৰু যৌনতাৰ আহিলা হিচাপে ব্যৱহাৰ কৰিছে৷ এনে প্ৰকাশভংগী অসমীয়া সাহিত্যত বিৰল৷ গল্পটোত থকা বণৰ্বাদৰ কথাখিনি বাদ দিলে ই কেৱল সামাজিক সংস্কাৰকেই সূচিত নকৰে৷ এগৰাকী নাৰীৰ নিজে সিদ্ধান্ত লোৱাৰ সামৰ্থ থকাৰ পিছতো দেহ আৰু আত্মা দুয়ো ক্ষেত্ৰতে নিষ্পেষিত হৈ ৰৈছে আৰু তাই প্ৰতিবাৰতে পুৰুষকেন্দ্ৰিক সমাজখনক পদানত কৰি নিজৰ সংস্কাৰ সাধনেৰে সাহসৰ সম্ভাৱনীয়তাক প্ৰতিপন্ন কৰিছে৷
মন কৰিবলগীয়া যে দময়ন্তীয়ে বহুসময়ত মৌনতাৰেই বহু কথা ব্যক্ত কৰিছে৷ তাইৰ চকুৰ চাৱনি, শৰীৰৰ অভিব্যক্তিৰে গল্পটোক গভীৰ ব্যঞ্জনা প্ৰদান কৰিছে৷ অৱশ্যে এই ক্ষেত্ৰত আমি পীতাম্বৰৰ দ্বিতীয় গৰাকী পৰিবাৰৰ কথা বিশেষভাৱে উল্লেখ কৰিব লাগিব৷ পীতাম্বৰৰ দ্বিতীয় গৰাকী পৰিবাৰ অসুখৰ বাবে শষ্যাগত অৱস্থাত আছে৷ সমগ্ৰ গল্পটোত তেওঁৰ মুখৰ এষাৰো বক্তব্য নাই৷ কেৱল চকুৰ চাৱনিৰেই বিভিন্ন সময়ত তেওঁৰ মনৰ ভাব, মনত চলি থকা দ্বন্দ্ব প্ৰকাশ কৰিছে৷ উদাহৰণস্বৰূপে- কৃষ্ণকান্তই পীতাম্বৰক দময়ন্তীৰ কথা প্ৰথমবাৰ কোৱাৰ সময়ত পীতাম্বৰৰ পৰিবাৰৰ কথা গল্পকাৰে প্ৰকাশ কৰিছে এনেদৰে- ‘‘...চকু দুটা ট-ট কৰে জ্বলি আছিল৷ কৃষ্ণকান্তই পীতাম্বৰক কি ক’ব বিচাৰিছে এই কথা জানিবলৈ তাই যেন উত্ৰাৱল হৈ আছে৷ দূৰৈৰপৰা অহা দৃষ্টিও যে এনে তীক্ষ্ন হৃদয়স্পৰ্শী হ’ব পাৰে এই কথা কৃষ্ণকান্তই আগে-পিছে গম পোৱা নাছিল৷’’ এনেদৰে প্ৰতিটো প্ৰসংগৰ কথা চকুৰ চাৱনিৰে ব্যক্ত কৰি গল্পকাৰে চৰিত্ৰটোৰ মনৰ তলিখন কুৰুংকৈ তুলি ধৰাত সফলতা লাভ কৰিছে৷ সেইফালৰ পৰা আমি ক’ব পাৰোঁ যে মামণি ৰয়ছম গোস্বামীৰ গল্পত নিৰৱতাৰ ভাষাও প্ৰচণ্ড শক্তিশালী৷
গল্পটোৰ প্ৰধান চৰিত্ৰ কৃষ্ণকান্ত প্ৰধানতঃ বংশৰক্ষাৰ বাবে দময়ন্তীৰ কাষ চাপিলেও তেওঁৰ মনতো যে জৈৱিক বাসনাই ভুমুকি মৰা নাছিল এনে নহয়৷ দেহেৰে উপলব্ধি কৰিবলগীয়া কথাখিনি কৃষ্ণকান্তইও দেহেৰেই উপলব্ধি কৰিছিল৷ এই গল্পটোত বীভৎসতাৰ দিশো দৃষ্টিগোচৰ হয়৷ জীৱনৰ পৰিস্থিতিত মানুহে বহুসময়ত এনে নিমৰ্ম কাৰ্য কৰে যে তাত ন্যায়-অন্যায়ৰ বিচাৰ অপ্ৰাসংগিক হৈ পৰে৷ সেই সময়ত বীভৎসতা নিমৰ্মতা অতিবাস্তৱ যেন লগা ঘটনাই একমাত্ৰ সত্য যেন বিবেচিত হয়৷ ‘সংস্কাৰ’ গল্পটোতো সেয়া প্ৰতিভাত হৈছে৷ কৃষ্ণকান্ত পুৰুহিতৰ ধূৰ্তালি, দময়ন্তীক পীতাম্বৰৰ সৈতে যোগাযোগ কৰাই দিবলৈ তেওঁ কৰা কাযৰ্কলাপ, পীতাম্বৰে দময়ন্তীক লগ ধৰি আহাৰ পাছত ঘৈণীয়েকৰ প্ৰতি কৰা ত্ৰুৰ আচৰণ, দময়ন্তীয়ে গভৰ্পাত কৰিলে বুলি গম পোৱাৰ পাছত তেওঁ কৰা আচৰণ, দময়ন্তীয়ে গভৰ্পাত কৰি সেয়া বাঁহৰ তলত পুতি থোৱা আদি বণৰ্নাই এই বিভৎসতাৰ দিশটো তুলি ধৰে৷ বাস্তৱক বুজি তাকে অসম্পাদিত যদিও কলাত্মক ৰূপত তুলি ধৰি পাঠকৰ মনোজগতখন আলোড়িত কৰিবলৈকে গল্পকাৰে এনে কৰিছে বুলি অনুধাৱন কৰিব পাৰি৷ অৰ্থাৎ জীৱনক গল্পকাৰে যি ৰূপৰে প্ৰত্যক্ষ কৰিছে সেই ৰূপতেই প্ৰকাশ কৰিছে৷ অৱশ্যে এটা কথা ঠিক যে এনে শ্বাসৰুদ্ধ বীভৎস ভয়ংকৰ পৰিৱেশো সমানে গুৰুত্ব সহকাৰে কলাত্মকভাৱে প্ৰকাশ কৰাত গল্পকাৰ গোস্বামী সফল হৈছে৷
মামণি ৰয়ছম গোস্বামীৰ গল্পৰ আন এটা উল্লেখযোগ্য বৈশিষ্ট্য হ’ল— তেওঁৰ প্ৰায়বোৰ চৰিত্ৰৰ মনোজগতখন শূন্যতাবোধে ক্ৰিয়া কৰি থকা যেন অনুভূত হয়৷ সুখ-দুখ প্ৰাপ্তি-অপ্ৰাপ্তি সমানে চহোৱা তেওঁৰ গল্পৰ উবৰ্ৰ ভূমিত অস্থিৰতাৰ প্ৰকাশ মনকৰিবলগীয়া৷ এই কথাষাৰ আমাৰ আলোচ্য গল্পটোতো সমানে প্ৰয়োজ্য৷ পীতাম্বৰ, দাময়ন্তী, কৃষ্ণকান্ত বা পীতাম্বৰৰ পৰিবাৰৰ চৰিত্ৰলৈ আমি সূক্ষ্মভাৱে লক্ষ্য কৰিলেই তেওঁলোকৰ প্ৰত্যেকৰে মনত যে কিবা নহয় কিবা বেলেগ ধৰণৰ শূন্যতাবোধে যে ক্ৰিয়া কৰি আছিল সেই কথা সহজেই অনুমান কৰিব পাৰোঁ৷ তেওঁলোকৰ মানৰ মাজত বৈ থকা বিষাদৰ অন্তঃসলীলা ফাল্গুক অনুধাৱন কৰিব পাৰোঁ৷
মামণি ৰয়ছম গোস্বামীৰ গল্পত প্ৰকৃতি জগতখনে এক বিশেষ ধৰণৰ বাঙ্ময় ৰূপ পৰিগ্ৰহ কৰে৷ ‘সংস্কাৰ’ গল্পটোতো পীতাম্বৰৰ আকাংক্ষাৰ লগত প্ৰকৃতি জগতখনে সমানে বাঙ্ময় হৈ পৰিছে৷ জাৰ্মান বন, কচু-ভতৰা, পানেৰী লতা, কলমৌ, হেলেচি, নলকচু বাৰিষাৰ বতৰত দ্ৰুতগতিত বৃদ্ধি পোৱাৰ দৰে পীতম্বৰৰো জৈৱিক বাসনা তথা পুত্ৰ সন্তানৰ কামনা দময়ন্তীৰ কথা কৃষ্ণকান্তই কোৱাৰে পৰা দ্ৰুততৰভাৱে বৃদ্ধি পাইছে৷ ঠিক সেইদৰে কৃষ্ণকান্তৰো পীতম্বৰৰ পৰা সহায় লাভ কৰাৰ আকাংক্ষা স্বতঃস্ফূৰ্তভাৱে বাঢ়ি গৈছে৷ আনহাতে পীতাম্বৰৰ জীৱনলৈ অহা সংঘাত বোৰৰ আগজাননিও প্ৰকৃতিয়েই দিছে৷ উদাহৰণস্বৰূপে— পীতাম্বৰে দময়ন্তীৰ ঘৰলৈ যাবলৈ ওলোৱাৰ দিনটোৰ কথা বণৰ্না কৰিবলৈ গৈ গল্পকাৰে লিখিছে- ‘‘আকাশত কাঠফুলাৰ বৰণ লোৱা কিছুমান ডাৱৰ বিচিত্ৰ অংগীৰে আকাশৰ পূব দিশত পৰিছিল৷ সেইবোৰক একোটা কামানৰ দৰে দেখা গৈছিল৷ আৰু সেই চন্দ্ৰমাক? কোনোবাই যেন ছাল বখলিয়াই থোৱা এজনী হৰিণা পহু৷ তাইৰ ফুটুকা-ফুটুকি ছালখন কামান কেইটাত যেন কোনোবাই মেৰিয়াই থৈছে৷ ছাল বখলিয়াই থোৱা হৰিণা পহু? লপথপ লপথপ তাইৰ মাংস- চকচকীয়া জলমলীয়া৷ আহঃ পীতাম্বৰ মহাজনৰ চকুত এই ছাল বখলিয়াই থোৱা হৰিণাজনী দময়ন্তীলৈ ৰূপান্তৰিত হ’ল৷ একেবাৰে নগ্ন হৈ থকা দময়ন্তী৷ সৌৱা গাভিনী ছাগলীৰ পেটৰ দৰে তাইৰ স্তনদ্বয়৷ সুস্বাদু বিজুলী বাঁহৰ গাঁজৰ দৰে তাইৰ শৰীৰৰ ৰং৷ আৰু তাইৰ ওঁঠ? কাটি থোৱা সফৰি-আমৰ দৰে দগমগীয়া তাইৰ ওঁঠ৷...’’ এনেদৰে বিভিন্ন সময়ত প্ৰকৃতিজগতখন বাঙ্ময় হৈ উঠিছে৷ এই চিত্ৰকল্পটোত ব্যৱহাৰ কৰা ‘কামান’ শব্দটো গল্পকাৰে পূৰ্বেও দময়ন্তীৰ ৰূপৰ প্ৰসংগত উল্লেখ কৰিছে৷ কামান সাধাৰণতে ধবংসৰ প্ৰতীক৷ দময়ন্তীৰ ৰূপৰ গ্ৰাহত পৰাসকল কামানৰ আগত পৰাৰ দৰে ধবংস হৈ যায় এয়া তাৰেই প্ৰতীক৷
মামণি ৰয়ছমৰ ‘‘প্ৰায়বোৰ গল্পৰে কেন্দ্ৰবিন্দুত আছে সম্পকৰ্ৰ প্ৰতি আগ্ৰহ আৰু একে সময়তে মৃত্যুৰ অস্তিত্ব সম্পৰ্কে সচেতনতা৷’’ আমাৰ আলোচ্য ‘সংস্কাৰ’ গল্পটোৰ প্ৰসংগত আমি এই কথাষাৰৰ যথাথৰ্তা অনুধাৱন কৰিব পাৰোঁ৷ পীতাম্বৰৰ বংশৰক্ষাৰ কামনাৰ লগত সমানে সংলগ্ন হৈ আছে তেওঁৰ মৃত্যু সম্পৰ্কীয় ধাৰণা এটা৷ কাৰণ তেওঁ মৃত্যু সম্পৰ্কে সচেতন হৈয়েই তেওঁৰ উত্তৰ পুৰুষৰ কামনা কৰিছে৷ এই কথাষাৰতে আওপকীয়াকৈ তেওঁৰ সম্পকৰ্ৰ প্ৰতি আগ্ৰহৰ কথাও সোমাই আছে৷ সেয়েহে ক’ব পাৰি যে মামণি ৰয়ছম গোস্বামীৰ গল্পত দেখা পোৱা এই বিশেষ বৈশিষ্ট্যটোও ‘সংস্কাৰ’ গল্পটোত ৰক্ষিত হৈছে৷
মামণি ৰয়ছম গোস্বামীৰ আন প্ৰায়বোৰ গল্পৰ দৰে ‘সংস্কাৰ’ গল্পটোৰো পটভূমি অসমৰ গ্ৰাম্য সমাজ৷ প্ৰসংগক্ৰেম উল্লেখযোগ্য যে মামণি ৰয়ছম গোস্বামীৰ দুখনমান উপন্যাসৰ বাদে বেছিভাগ উপন্যাসৰে পটভূমি অসমৰ বাহিৰৰ৷ আনহাতে তেওঁৰ অধিকাংশ গল্পত প্ৰতিভাত হৈছে গ্ৰাম্য অসমৰ সুন্দৰ দৃশ্যপট৷ আমাৰ আলোচ্য গল্পটোতো গ্ৰাম্য সমাজখনৰ পৰা তুলি অনা প্ৰাকৃতিক পৰিৱেশৰ ইন্দ্ৰিয়গ্ৰাহ্য উপমাৰে সজোৱা (যেনে- শুকাই ককৰ্শ হোৱা বৰলৰ বাহৰ দৰে, কুঁহিয়াৰ চোবাই এৰা সিঠা এটুকুৰাৰ দৰে) ভাষাই গল্পটোত এক বিশেষ স্থান অধিকাৰ কৰি আছে৷ ধ্বন্যাত্মক শব্দৰ প্ৰয়োগ (যেনে- হৰাৎ! হাৰাৎ! হুতুৰ হুতুৰ) কামৰূপী উপভাষাৰ শব্দৰ প্ৰয়োগো (যেনে- ঢেঁখাল, কাঁথি, আপি, চান) এই গল্পটোৰ এক বিশেষ বিশেষত্ব৷
গোস্বামীৰ গল্পসমূহৰ বহুতো গল্প পৰিস্থিতি প্ৰধান৷ ‘সংস্কাৰ’ গল্পটোও পৰিস্থিতি প্ৰধান গল্প৷ পীতাম্বৰৰ বংশৰক্ষাৰ উদ্দেশ্যক কেন্দ্ৰ কৰিয়েই বিভিন্ন পৰিস্থিতি সৃষ্টি কৰি গল্পটোৰ কাহিনীভাগ আগবঢ়াই নিয়া হৈছে৷ অৱশ্যে তাত কোনোটো চৰিত্ৰই পৰিস্থিতিৰ আঁৰত হেৰাই যোৱা নাই৷ প্ৰতিটো চৰিত্ৰই স্বকীয়ভাৱে বিকশিত হৈছে, আনকি কথা নোকোৱাকৈ থকা পীতাম্বৰৰ শষ্যাগত পৰিবাৰগৰাকীও৷
গল্পকাৰে গল্পটোৰ শেষ অংশতো মূল উদ্দেশ্যৰ পৰা বিচলিত নহৈ পাঠকক প্ৰত্যয়জনকভাৱে বিস্ময়াভিভূত কৰি এক ধৰণৰ অগতানুগতিক ধৰণে গল্পটো পৰিসমাপ্তি ঘটাইছে৷ অৱশ্যে এই পৰিসমপ্তি অস্বাভাৱিক যেনো লগা নাই কাৰণ বাস্তৱক নগ্ন ৰূপেৰে অংকন কৰা মামণি ৰয়ছম গোস্বামীয়ে তেওঁৰ যাদুকৰী ভাষাৰে পাঠকক ধৰি ৰাখিব পাৰিছে৷ তাতেই গল্পকাৰৰ সাথৰ্কতা৷ ইয়াত বাস্তৱক অধিক কাষৰ পৰা চাবৰ বাবেই জীৱনৰ নগ্ন বাস্তৱতাকো অতি প্ৰত্যয়জনকভাৱে উপস্থাপন কৰিছে৷ আনন্দ বৰমুদৈয়ে মামণি ৰয়ছম গোস্বামীৰ গল্পৰ প্ৰসংগত মন্তব্য কৰিছে- ‘‘কাযৰ্কৰণ নীতি অনুসৰণ নকৰি ঘটনাৰ খণ্ডিত চিত্ৰ কাব্যিক ব্যঞ্জনাৰে একত্ৰিত কৰি ৰখাৰ বাবে তেওঁৰ গল্পৰ একোটা ঘটনাৰ পৰা একাধিক অৰ্থ উদ্ধাৰ কৰিব পাৰি৷’’ সংস্কাৰ গল্পটোৰ বিষয়ে কৰা আলোচনাখিনিয়েই এই বক্তব্যৰ সাথৰ্কতা প্ৰতিপন্ন কৰিছে৷ এনেদৰে বিচাৰ কৰিলে দেখা যায় যে মামণি ৰয়ছম গোস্বামীৰ ‘সংস্কাৰ’ গল্পটোক আমি অসমীয়া আধুনিক গল্পৰ এটা শ্ৰেষ্ঠ গল্প বুলি অভিহিত কৰিব পাৰোঁ৷

Thursday, July 12, 2012

মানুহৰ বয়স


(বহুদিন একো লিখিব পৰা নাই৷ আজি কেইদিন মানৰ আগেয়ে বন্ধুসম দাদা এজনে কাহিনী এটা ক’লে৷ তাকে ৰাইজলৈ বুলি লিখি পঠিয়ালোঁ৷)

মানুহৰ বয়স

ভগৱানে মানুহক আদি কৰি সমস্ত জীৱজগত সৃষ্টি কৰাৰ পাছত এদিন সকলোকে মাতি পঠিয়ালে প্ৰত্যেককে বয়স প্ৰদান কৰিবৰ বাবে৷ এলেহুৱা স্বভাৱৰ বাবে মানুহ, গাধ দেৰীকৈ উপস্থিত হ’ল৷ ঠিক সেইদৰে দিন হোৱা বাবে ফেঁচাও দেৰীকৈ উপস্থিত হ’লহি৷ আনহাতে কুকুৰে খৱৰটো দেৰীকৈ লাভ কৰাৰ বাবে পলম কৰিলে৷ ভগৱানে এই চাৰিবিধ প্ৰণী দেৰীকৈ উপস্থিত হোৱাত ক’লে যে ইতিমধ্যে আনবিলাক জীৱ-জন্তুক বয়স প্ৰদান কৰাৰ বাবে তেখেতৰ ওচৰত তেতিয়া মাত্ৰ ১৬০ বছৰ বয়স হে বাকী আছে৷ এতিয়া এই ১৬০ বছৰেই সকলোকে সমভাৱে ভগাই দিব৷ সেই কথা শুনি গাধই মাত দিলে— ‘ভগৱান মই ৪০ বছৰ মানুহৰ বোজা কঢ়িয়াব লাগিলে বৰ কষ্ট পাম৷ মোক আধা কৰি দিব নোৱাৰিলে?’ ভগৱানে সেয়া শুনি হ’ব বুলি ক’লে আৰু সেই ২০ বছৰ কাৰোবাক প্ৰয়োজন আছে নেকি শুধিলে৷ মানুহে ভাবিলে যে ৪০ বছৰ বৰ কম সময় সেয়ে সেইখিনি বয়স তেওঁ গ্ৰহণ কৰিলে লাভৱান হ’ব৷ ভগৱানে মানুহৰ মনৰ ভাব বুজিব পাৰি সেয়ে হ’ব বুলি ক’লে৷ ইয়াৰ পাছতে কুকুৰেও ক’লে যে ৪০ বছৰ বয়স তেওঁৰ বাবেও কম বেছি হ’ব, কাৰণ ৪০ বছৰ মানুহৰ লেই-লেই, চেই-চেই খাই থকাতো বৰ কষ্ট হয়৷ সেইখিনি বয়সো মানুহে গ্ৰহণ কৰিলে৷ ফেঁচাইও তাৰ বয়স আধা কৰি দিবলৈ কোৱাত মানুহে ভালপাই সেইখিনিও গ্ৰহণ কৰিলে৷ ভগৱানেও সেয়ে হ’ব বুলি মান্তি হ’ল৷ এনেদেৰ মানুহৰ সৰ্বমুঠ বয়স হ’ল ১০০ বছৰ৷ ৪০ বছৰ নিজৰ বাকী প্ৰতি ২০ বছৰ ক্ৰমে গাধ, কুকুৰ আৰু ফেঁচাৰ৷
    তেতিয়াৰে পৰা মানুহে সমগ্ৰ জীৱনৰ প্ৰথম ৪০ বছৰ নিজৰ জীৱন কটাবলৈ পালে৷ তাৰ পাছৰ ২০ বছৰ গাধৰ জীৱন৷ এই সময়ছোৱাত গাধৰ দৰে সংসাৰৰ (ল’ৰা-ছোৱালী, পা-পৰিয়াল সকলোৰে বোজা কঢ়িয়াই)বোজা কঢ়িয়াবলৈ বাধ্য হ’ল৷ তাৰ পাছৰ ২০ বছৰ কুকুৰৰ দৰে সকলোৰে লেই-লেই, চেই-চেই সহি থাকিব লগা হ’ল৷ কাৰণ ৬০ বছৰ বয়সৰ পাছত চাকৰি-বাকৰিৰ পৰা অৱসৰ লোৱাৰ পাছত ল’ৰা-ছোৱালীৰ পৰা তেনে ব্যৱহাৰ লাভ কৰে৷ তাৰ পাছত শেষৰ ২০ বছৰ ফেঁচাৰ দৰে সকলো ঠাইতে জুপুকা মাৰি মৃত্যুৰ আহ্বানলৈ বাট চাই থাকিব ল’গা হয়৷
    এনেদৰে আনৰ পৰা লাভ কৰা বয়সবোৰত মানুহে সেই নিৰ্দিষ্ট জন্তুটোৰ বৈশিষ্ট্য তেতিয়াৰে পৰা বহন কৰি থাকিব ল’গা হৈছে৷ এয়াই মানুহৰ জীৱনৰ বিৰম্বনা৷

Saturday, September 24, 2011

গজপুৰীয়াৰ পৃথিৱী ভ্ৰমণ


আগকথাঃ
গজপুৰীয়া বুলিলে সকলোৱে চিনি পায়৷ পিতৃপ্ৰদত্ত নামটো পিছে কি আছিল মানুহবোৰে পাহৰিলে৷ নামৰ পিছফালে থকা উপাধি নামৰ টুকুৰাটোৰ কথাও কাৰো মনত নাই৷ আগতে বোলে কিবা ‘পাইক’ নে কি তেনে আছিল৷ ৰজাৰ ঘৰত গেবাৰি খাটিবহি লাগিছিল৷ সেইবোৰ দিন এতিয়া নাইতো৷ দিন সলনি হৈছে, তেওঁৰো পৰিৱৰ্তন ঘটিছে৷ তেওঁক এই নামটোৰে চিনাকি কৰি দিছিল আমাৰ সেই যে ‘ভাষাৰ বেজ’জন, তেখেতে৷ অ’, সেইজনৰ কথাই কৈছোঁ, নৌকাষ্ঠ হোৱা জন৷ সেইজনাই ‘চক্ৰধ্বজ সিংহ’ নে কিবা নাটক এখনত তেনেদৰে চিনাকি কৰি দিয়াৰে পৰাই জনসমাজত এই নামেৰে প্ৰসিদ্ধি লভিলে৷ আনহাতে তেজপুৰীয়া দীপক মহন্তই পাই পুনৰ তেওঁৰ নামৰ পিছত ‘উপাখ্যান’ শব্দটো লগ লগাই দিয়াৰ লগতে নামৰ শেষৰফালে ‘ৰ’টো লগাই দি ‘গজপুৰীয়াৰ উপাখ্যান’ কৰি পেলালে৷ তেওঁৰ বিভিন্ন কাৰ্য-কলাপক লৈ নতুন নাটক এখন লিখি জনসমাজত প্ৰচাৰ কৰিলে৷ সেয়া পিছে কেইবা বছৰৰো আগৰ কথা৷

তাৰ পাছত নাই মানে তেওঁৰ ছাঁটোকে দেখিবলৈ নাই৷ ক’ত বা গুম হৈ আছিল একো খৱৰেই পোৱা নাছিলোঁ৷ প্ৰথম অৱস্থাত কোনোবাই অপহৰণ-চপহৰণ কৰি মাৰিয়েই পেলালে বুলি ভাবি ক’ৰবাত অচিনাক্ত মৃতদেহ ওলালেই খৱৰ লৈছিলোঁ৷ নাই তেতিয়াও একো খৱৰ ওলিয়াব নোৱাৰি দৌৰত ব্যস্ত হৈ তেওঁৰ কথা পাহৰিয়েই গৈছিলোঁ৷

কালিৰ কথা, মহানগৰীৰ বানপানীত আবদ্ধ হৈ চিৰিয়াখানাৰ কাষৰে ৰেষ্টুৰেণ্ট এখনত বহি থাকোঁতে মানুহ এজনে মাত লগালেহি৷ মই প্ৰথমতে চিনিবকে পৰা নাছিলোঁ৷ তেওঁ মোক ঢকা এটি মাৰি খৱৰ সুধিলে, মই দৌৰি থকাৰ খৱৰ বাতৰি ল’লে৷ মই অচিনাকি ধৰণেই তেওঁক উত্তৰবোৰ দি আছিলোঁ৷ তেওঁ কথাটো টং কৰিব পাৰি মোক ক’লে— কি হ’ল চিনি পোৱা নাই নেকি?মই গজপুৰীয়া আকৌ৷ মই কি কৰিম, কি নকৰিম কৰি তেওঁক সাবট মাৰি ধৰি ক’লো—
  আচলতে মই আপোনাক চিনিবকে পৰা নাছিলোঁ৷ ‘গেট আপ’ একেবাৰে বেলেগ হৈ গ’ল৷ ক’ত আছিল ইমান দিন? খৱৰ বাতৰি কওঁক৷ মইটো কোনোবাই অপহৰণ কৰি নিলে বুলি ভাবিছিলোঁ৷ খৱৰ বাতৰি কওঁক৷ আৰু
একে লেঠাৰিয়ে কেইবাটাও প্ৰশ্ন কৰাত তেওঁ মোক বাধা দি ক’লে
—ৰ’ চোন৷ সকলো বিলাক প্ৰশ্নৰে উত্তৰ দিম৷ প্ৰথমতে এওঁৰ লগত চিনাকি হৈ ল’৷

গজপুৰীয়াতকৈ কিছু চাপৰ, থোপোকা মুখৰ, গালত পানীয়ে মৰা কঠিয়াৰ দৰে কেইদাল মান দাড়ি (নোম!)থকা ব্যক্তি এজন আহি মোলৈ হাতখন আগবঢ়াই দিলে৷ মই চেহেৰাটো চিনাকি চিনাকি যেন দেখি হাতখন আগবঢ়াই দি ক’লো— আপোনাৰ নাম ‘চাংকু পানজা’ (Sancho Panza) নেকি?
তেওঁ মুখত মিচিকিয়াই হাঁহি এটা মাৰি ক’লে— তাৰ মানে আপুনি মোক পাহৰা নাই৷ আগতে আছিলোঁ ‘ডন কিহতেৎ’(Don Quixote)ৰ লগত৷ আপুনি দৌৰি থাকোঁতে লগ পাইছিলোঁ নহয়৷
—অ’ মনত আছে, সেইবাবেই পাহৰা নাই৷ মই উত্তৰ দিলোঁ (এওঁক দেখি হে মনত পৰিছে ‘ডন কিহতেৎ’ক লগ পোৱা কথা, অহা বাৰ লিখিব লাগিব কাহিনীটো৷)
আমাৰ কথা-বতৰাৰ মাজতে গজপুৰীয়া ক’লে— ব’লা ব’লা বহু কথাই ক’ব লাগিব৷ মই পৃথিৱী ভ্ৰমণ কৰিলোঁ নহয়৷ বহু কাহিনীয়েই আছে৷ ক’ম তোমাক৷ শুনিবানে?
—কিয় নুশুনিম৷ শুনিম নিশ্চয় শুনিম৷  
ক্ৰমশঃ

Thursday, September 22, 2011

জীৱনৰ ভগ্নাংশ— ১০


লাচিতৰ হাতৰ পৰা ভালে ভালে বাচি আহিলোঁ৷ ভাল দৰেই লম্ভিছিল মোক৷ তেখেতে কি যে প্ৰশ্নবোৰ আৰম্ভ কৰিছিল! মই ইমানদিনে তেনে ধৰণৰ কিছুমান প্ৰশ্নৰ উত্তৰৰ সন্ধানতেই দৌৰি আছোঁ মোকে আকৌ প্ৰশ্ন সোধে মাজে মাজে প্ৰশ্নবোৰে এনেদৰে জুমুৰি দিয়ে যে মই মানসিকভাৱে ভাগৰুৱা অনুভৱ কৰোঁ৷ ৰৈ দিবলৈও ভয় কোনে বা মোৰ পিচ পেলাই আগবাঢ়ি যায়৷ ইফালে ইংলণ্ডত ভাৰতে জয়ৰ মুখ নেদেখিলে এখন খেলতো প্ৰদ্যুতৰ টিকিৰ শৰীৰ বা কেনে তাৰ একো ঠিকনা নাই, কি বা ঘমঘণ্টখন কৰি থাকে (পংকজে কৈছে তাৰ গাত ভুতে লম্ভে বোলে, ক’ব নোৱাৰি!পাৰিলে মায়েঙৰ ফালৰ বেজ এজনৰ খৱৰ কৰিব লাগিব...) কিতাপ এখন প্ৰকাশ কৰাৰ কথা, প্ৰকাশকে গাত লৈছে, মইহে দিব পৰা নাই কি বা কৰোঁ অইনাও জেংৰাইজনী ডাঙৰ হৈ অহাৰ লগে লগে বৰ দুষ্ট হৈছে খোজেই ভালদৰে দিব নোৱাৰে, দৌৰিব লাগে বাপেকে দৌৰি থকাতোঁ দেখিছে চাগৈ! সৰু জীৱটো গাত ভগৱান থাকে বোলে তাইৰ মুখখন দেখিলেই সকলো দুখ-ভাগৰ নাইকিয়া হৈ যায়৷ মাকৰ বৰ চিন্তা ক্ৰেচত থৈ যাব লাগে তায়ো ব্যস্ত দৌৰত
এনেদৰে বিভিন্ন চিন্তাৰে মূৰটো ফাটি-চিটি যাওঁ যেন কৰিছে উফঃ অলপ সময় জিৰণি নল’লে নহ’ব৷ ফুকনদেওৰ পৰা বাচিবৰ বাবেই তৰনৰা কৈ দৌৰিছিলোঁ৷ উফঃ ফোপাই-জোপাই এঠাইত হাউলি লৈ দীঘল দীঘল কৈ উশাহ কেইটামান টানিছিলোঁ হে মাত্ৰ, সিফালৰ পৰা আহি থকা দেখিলোঁ শ্ৰীনিবাৰণ ভট্টাচাৰ্যক (অৰুণ শৰ্মা বোলা অসমীয়া নাট্যকাৰজনে সৃষ্টি কৰা এটা অধুনিক মনৰ চৰিত্ৰ)৷ মই কাষ চাপি গ’লোঁ নাহিল কোনো মানুহ নাহিল মোৰ ত্ৰয়োদশ নাটকখন চাবলৈ এজনো মানুহ নাহিল, পাঁচশ, পুৰা পাঁচশ মানুহক মই গড়ে দুবাৰ কৈ নিমন্ত্ৰণ জনাইছিলোঁ, মোৰ নাটকখন চাবলৈ৷ এজনো নাহিল৷ মই ক’লো— নাহিবতো, আজিকালি ডিস্ক চাবলৈ যায়, কেচিনঅ’ লৈ যায় অসমীয়া ৰাইজ, নাটক চাবলৈ কিয় যাব৷ তেখেতে ব্যঙ্গাত্মক হাঁহি এটা মাৰি ক’লে— মই এতিয়াৰ কথা কোৱা নাই ষাঠিৰ দশকৰ শেষৰ কথা কৈছোঁ৷ ময়ো তেখেতলৈ বেকা হাঁহি এটা ঠেলি দি ক’লোঁ— বছৰ হে বাঢ়িলে, একো সলনি হোৱা নাই৷একেই আছে সলনি হৈছে মাথোন মানুহৰ প্ৰয়োজনীয়তা৷ তেখেতে গেঙেৰি মাৰি উঠিল— দেখা নাই উদ্দীপ্ত, পংকজ, অঞ্জলহঁতে ইণ্টাৰনেটত বেজবৰুৱা দাৰ নাটক এখন সংৰক্ষণ কৰিবলৈ ওলাইছে৷ তই কি কৰি আছ৷ মই ভেবাচেবা খাই গ’লো, বুঢ়াই তাৰমানে খৱৰ ৰাখিছে এৰা তেতিয়াই কৈছিল তেখেতৰ বোলে জন্ম পঞ্চাশ বছৰৰ পিছত হ’ব লাগিছিল৷ তাৰেই প্ৰমাণ৷ মই কথা সলাবলৈ ক’লো— আপুনিটো ঘোঁৰা দেখিলেই ৰ’ব নোৱাৰিছিল, এতিয়া একা উত্তৰ আহিল— একেই আছে মনত ৰাখিবি গতিৰ বিনে গতি নাই দৌৰ ৰৈ গৈছ কিয়?... পিঠিখন চা মোৰ ঘাঁবোৰ বাঢ়িছে, তেখেতে চোলাটো দাঙি দিলে
ঠেলা মাৰি মোক দৌৰিবলৈ আগুৱাই দিলে হঠাৎ এটা গুমগুমিন আৰে কি হৈছে মই দেখোন ঢলং পলং কৰিছোঁ অ’, মই কৰা নাই, পৃখিৱীখন হে কঁপিছে ভ্ৰাম্যমাণ কাণ ফুচফুচটোত খৱৰ আহিল ভুঁইকঁপ ছিকিম ইয়াৰ উৎপত্তি স্থলি... ...ৰিখটাৰ স্কেলত ৬.৯ বৰ ভুঁইকঁপ বহু মানুহ মাৰিব চাগৈ মনলৈ আহিল সৰুতে পিতায়ে কৈছিল— মানুহৰ পাপৰ বোজা বেছি হ’লে পৃথিৱীখন পিঠিত লৈ থকা ভেকুলীটোৱে গাটো লৰাই দিয়ে তেতিয়াই ভুঁইকঁপ হয় পৃথিৱীত বাৰু পাপ বাঢ়িছে নেকি?... সেইবাবেই অসমত হে বাঢ়িছে ভাবি একো লাভ নাই দৌৰিব লাগে মই পুনৰ নতুন উদ্যমেৰে দৗৰিবলৈ আৰম্ভ কৰিলোঁ মই

Monday, September 12, 2011

জীৱনৰ ভগ্নাংশ— ৯


গান্ধীৰ তিনিটা বান্দৰে যে মোক ঠেলা মাৰি দি দৌৰিবলৈহে হেঁচুকিছিলহি ময়ো একো ক’ব নোৱাৰাকৈ দৌৰিবলৈ আৰম্ভ কৰিলোঁ৷ হঠাৎ কিবা এটাত খুণ্দাখাই পৰি গ’লো৷ খকামকাকৈ জাপ মাৰি ঠিয় হৈ ক’ত নো খুণ্দা খালোঁ তাৰ উৎস বিচাৰোঁতে চকুত পৰিল হাতত তৰোৱালধাৰী এজন ব্যক্তি৷ মুখখন চিনাকি চিনাকি ক’ৰবাত যেন দেখিছোঁ অতিকে চিনাকি! কৃষ্ণই কানখোৱাক বিচাৰি মনৰ পৃথিৱীখন চলাথ কৰাৰ দৰে ময়ো মনৰ পৃথিৱীখনত ভুমুকিয়াই বিচাৰিলোঁ তেখেতৰ পৰিচয় চাৎ কৈ ৰৈ গ’ল মনৰ ঘোঁৰা (ঊষাই চিত্ৰলেখাই অঁকা চিত্ৰপটত অনিৰুদ্ধৰ চেহেৰাটো দেখি থৰ লগাৰ দৰে) একেবাৰে চিনাকি মুখ কাষ চাপি গ’লো তেখেতে হুমুনিয়াহ কাঢ়ি ক’বলৈ আৰম্ভ কৰিলে— মোগলৰ সৈতে নৰিয়া গাৰেও মই দেশৰ সাৰ্বভৌমত্বৰ বাবে ৰণ কৰিছিলোঁ বিনা যুদ্ধে বেজিৰ আগত অহা মাটিও এৰি দিব বিছৰা নাছিলোঁ (মনতে ভাবিলোঁ বপুৰাই কৌৰৱৰ কথা কৈ উদাহৰণ দিছে ছোৱা!)সেই দেশৰ বীৰ সন্তানবোৰে এতিয়া আকৌ বদনৰ দৰে (অ এওঁ তাৰমানে দূৰৰ পৰা হ’লেও দেশৰ ভূ ৰাখিছে তাৰমানে) দেশখন আনৰ হাতত গতাব বিচাৰিছে দেখা নাই ৬৬৫ একৰ মাটি কাৰোবাক দি দিছে কিবা এটা কৰা৷
ময়ো গুজৰি উঠিলোঁ— কিয় নিদিব৷ দেখা নাই সেই দেশৰ মানুহ নহ’লে এই মুলুক এখন্তেকো নচলে৷ শাক-পাচলি উৎপাদনৰ পৰা আৰম্ভ কৰি ঠেলাৱালা, ৰিক্সাৱালা, কাম কৰা বনুৱা দেখোন সেই দেশৰ পৰাই অহা৷ দেখা নাই উৎপল দাই আঁকিছে— এদিনটো এই গোটেই দেশেই সেই দেশৰ অধীন হ’ব!... হাঃ হাঃ হাঃ মোৰ হাঁহি শুনি তেখেত বিব্ৰত হ’ল কিবা এটা ক’বৰ বাবে মুখ মেলিব বিচাৰিছিল৷ মই এখন্তেকো সময় নিদি তেখেতৰ চোলাটো দাঙি চালোঁ তাতো ঘাঁ কিবা নতুন ধৰণৰ পোকে কিলবিলাই আছে ক’লো— দৌৰক নহ’লে পিছ পৰি যাব ঘাঁ টুকুৰাও বাঢ়িছে আপোনাৰ৷ মোৰ সময় নাই দৌৰিব লাগে, ঘাঁ টুকুৰা বাঢ়িছে দেখা নাই তাতে নদীবান্ধৰ টৰ্বাইনবোৰ আকৌ ঘূৰাই আনিছে আকোঁৰগোজ, বৃহৎ নদীবান্ধ হ’বই বিভিন্ন সংগঠনে বিৰোধিতা কৰিছে হাঃ হাঃ হাঃ তেখেতে কিবা এটা কোৱাৰ আগতেই মই দৌৰিবলৈ আৰম্ভ কৰিলোঁ আচলতে মই বাৰু তেখেতৰ পৰা পলালোহে নেকি???...