Wednesday, July 27, 2011

জীৱনৰ ভগ্নাংশ — ৪


মাজে মাজে জালপঞ্জীত সোমাই কোনে কিমান দৌৰিছে তাৰে খৱৰ লওঁ৷ ময়ো ব্যস্ত হওঁ এখন চাইবাৰ জগতৰ দৌৰত৷ ইয়াতো বৰ ভয় কোনোবাই গুৰুজনাৰ নামত বেপাৰ কৰে, কোনোৱে কাৰোবাৰ নামত মিছা একাউণ্ট খুলি কাৰোবাক অপমান কৰেহাঃ হাঃ হাঃ কি যে বৈচিত্ৰ্য সিদিনা চৈত্যণ্যই সুধিছিল ‘আপুনি আৰু কিমান দৌৰেহে, ভাল এথলিট হ’ব পাৰিলেহেতেন আমিও পিছে দৌৰিয়েই আছোঁ, পিছে সদায় শেষতহে পাওঁগৈ৷’ এৰা কেতিয়াৰ পৰা বাৰু মই আৰম্ভ কৰিছিলোঁ দৌৰিবলৈ খেৰকটিয়া নৈত চিলনী সাঁতোৰ মেলা দিনৰে পৰা নে পথাৰৰ মাজত শামুকে শামুকে যুঁজোৱাৰ দিনৰে পৰা নে বেত গুটিৰ কেহাৰে মুখ বিকটোৱাৰ দিনৰে পৰা একো মনত নাই মোৰ৷ কেৱল মনত আছে আমাৰ চুবুৰীটোৰ জেষ্ঠ সমসাময়িককেইজন স্কুললৈ যাবলৈ লোৱাৰে পৰা মোৰ থুন্‌থুননিত থাকিব নোৱাৰি মোকো দেউতাই স্কুললৈ পথিয়াবলৈ ল’লে৷ ক’ব নোৱৰাকৈয়ে সোমাই পৰিছিলোঁ নেকি তেতিয়াৰে পৰা এই দৌৰৰ দৌৰত
   বৰ্ণামালাখন শিকাৰ পাছতেই আৰম্ভ কৰিছিলোঁ অংকৰ আৰ্যা৷ তেতিয়াই চিনাকী হ’লো শূন্যৰ সৈতে অ’ সিদিনা ভাস্কৰে প্ৰীতিমাক সুধিছিল চাৰ্কোলৰ বাৰু এংগল আছেন? তাই ব্যস্ত হৈছিল চাৰ্কোল আঁকি তাৰ এংগল বিছৰাত৷ তাই টানে এদাল আঁচ, ভাস্কৰে দুদাল ক্ৰমাৎ চক্ৰবৃদ্ধি হাৰত বাঢ়ে এংগল হাঃ হাঃ হাঃ দৌৰৰ দৌৰ দৌৰিছো নেকি বাৰু আমিও বৃত্তৰ পৰিধিত তাৰে এংগল বিছাৰি চাৰ্কোল মানে শূন্য শূন্য মানে এক বৃত্ত জীৱনত এই শূন্যৰ পৰিমাণ কিমান, হাঃ হাঃ হাঃ মনৰ মাজত শূন্য ঠাই, Empty Space… তাতেই বোলে আমি বিচৰণ কৰোঁ আকৌ বৃত্ত মানে চাৰ্কোল পৰীক্ষাৰ বহীত শূন্যটোৰ কিমান মহিমা সংখ্যাৰ আগত আৰু সংখ্যাৰ পিছত আৰু যদি পুৰণ কৰা হয়, তেন্তেহাঃ হাঃ হাঃ এক নিৰ্ধাৰিত সংখ্যাই ঠিক কৰি পেলাব জীৱনৰ দৌৰৰ গতি সোঁফালে, বাওঁফালে, তললৈ, ওপৰলৈ নে কি যে মহিমা এই বৃত্তটোৰ মাজে মাজে মনলৈ আহে ‘সূৰ্যমুখী ফুল’ৰ ছবিখনৰ কথা কোনে আঁকিছিল বাৰু মা-দেউতালৈ মনত পৰে, তেখেতসকলে যে হেচোঁক্‌ মাৰিছিল— চা, ৰাজাই ইমান নম্বৰ পাইছে, তয়ো পাব লাগিব দৌৰ দৌৰ পৰিয়াল-পৰিজনে কয়— তই পাৰিবি, তোৰ ওপৰত আমাৰ বিশ্বাস আছে, দৌৰ, দৌৰ উৱাদিহ নাপাই দৌৰিছোঁ, কেৱল দৌৰি আছোঁ

Monday, July 25, 2011

জীৱনৰ ভগ্নাংশ -৩

    বহুদিনেই হ’ল মৃণালৰ খৱৰ নাই৷ বাটৰ নাটকো হোৱা নাই৷ সিদিনা কৈছিল ‘নতুন নাটক এখন প্লান কৰি আছোঁ, তিনজন আৰ্টিষ্ট লাগে, ছবি আঁকিব পাৰিব লাগিব প্ৰত্যকেই, ডালিৰ পেইন্টং এখন লৈ কৰিম বুলি ভাবিছোঁ’৷ তাৰ পাছত গুম৷ একো খৱৰ নাই৷ নাটক পাগল৷ নাটক কৰি জীৱন কটাব! গম পোৱা নাই!... সি পাৰে মানে দৌৰিছে৷ দীপ্তকো দেখা নাই৷ ক’ৰ্টত প্ৰেকটিছ কৰে, ভীষণ ব্যস্ত৷ দৌৰিছে পৱিত্ৰকো পাইছিলোঁ, এইবাৰ শাৰীৰিকভাৱে প্ৰত্যাহবান যুক্ত মানুহ এদলক লৈ নাটক কৰি আছে৷ সিওঁ দৌৰিছে৷ পিঠিৰ ঘাঁ টুকুৰা অপেছাদাৰী নাট্য আন্দোলনৰ প্ৰয়োজন আছে— কিন্তু তাঁৰ সুঁতিত বা কিমান পানী!..
মবাইলত আউট গয়িং নাই৷ সোমাই পৰিলোঁ পি. চি অ. এটাত৷ ০৯৮৬৮৭০২১৩৪ বিজি .ধেৎ এইটো কিবা লাইফ হ’ল নেকি? য’তেই হাত দিও তাতেই শূন্যতা৷ ওলাই আহিলোঁ৷ পৰা হ’লেতো জ্বলাই দিলোঁহেতেন গোটেই পৃথিৱীখন৷ যুঁজ কৰিছোঁ৷ মাজে মাজে বৰ ভাগৰ লাগে,— আৰু ভয়; কি ভীষণ ভয়৷ ধোঁৱা উৰিছে লাষ্ট গেট কাৰ্বি আংলং নৰৱে নে মোৰ গাত? তেজ পুঁজ গৰ্ভাৱতী মহিলাক ধৰ্ষণ, লাইন পাতি কেইবাজনকো গুলীয়াই হত্য, বম ব্লাষ্ট .স্বাভাৱিক কখ!... মনোৰমা!শৰ্মীলা নে চিত্তৰঞ্জন?... লাভ নাই দৌৰিব লাগে৷
মেঘালীত চাহ একাপ আৰু গজা এটা লৈ বহি আছিলোঁ৷ পেপাৰত হট নিউজ ‘আধাৰশিলা’ আৰু ‘সাহিত্য ডট অৰ্গ’ উদ্ধোধন হ’ল কালি৷ অসমীয়া ইউনিক’ডৰ কৰ্মশালা৷ ভাল খৱৰ৷ বহু দিনৰ মূৰত৷ মনতো ভাল লাগি গ’ল৷ ৰীতা বাইদেৱে ‘পোহৰ দিয়া গছ’ৰ কথা লিখিছে৷ নতুন যুগত নতুন পোহৰৰ বাবে লোৱা উদ্যোগ— ই-জোনাকী যুগ...  ...পিছে আমাৰ অসমীয়া সাহিত্যৰ কাণ্ডাৰীসকলৰ ল’ৰা-ছোৱালী এতিয়া ইংৰাজী মাধ্যমত৷ অসমীয়া ক’লে নিজকে আউটডেটেত বুলি ভাবে৷ কি যে হ’ব, পংকজে ঠিকেই লিখিছে  “হিংলিছমীয়া”৷ কি বা হয়... ...সকলোৱেটো দৌৰতে ব্যস্ত৷ কথা বোৰ মনৰ মাজত পাগুলি থাকোতেই ৰাজ আহি কাষৰ চকিখন অধিকাৰ কৰিলেহি৷ ইংলেণ্ড আৰু ভাৰতৰ টেষ্ট চিৰিজৰ প্ৰথমখন খেলৰ কথা৷ হঠাৎ কৈ উঠিল
—সাহিত্য-স্ংস্কৃতিৰ গ্ৰাফডাল উঠিছে নে নামিছে?বিশ্ববিদ্যালৰ ডিগ্ৰী লৈ কি কৰিছ? চাকৰি পাইছ?
মোৰো মনত পৰিল দৌৰৰ কথা৷ একো নকৈ তাৰ চোলাটো দাঙি পিঠিখন চাই কলোঁ—
—এম. এন. চি. এয়া চা ‘তোৰে মোৰে একে জাত ’ সি কিবা কোৱাৰ আগতে ওলাই আহিলোঁ
সিদিনা অজয়ক পাইছিলোঁ, ইন্টাৰভিউ এটাত৷ সিয়ো দেখুৱালে তাৰ পিঠিৰ ঘাঁ লাহে লাহে বিয়পিছে ভৰিলৈ ‘এসময়ৰ জালুকবাৰীৰ উদ্যম ঘোঁৰাজাকৰ একে অৱস্থা৷ কেৱল দৌৰিছে দিশপুৰ ডি. পি. আই এম. এন. চি বাই মোৰ সময় নাই৷ কোনোবাই পিছ পেলাই যাব পাৰে৷ দৌৰ তয়ো৷’
হঠাৎ সম্বিত ঘূৰাই পালোঁ৷ মোক পিছ পেলাই দেখোন বহুতে আগবাঢ়ি গৈছে৷ ৰ’বলৈ সময় নাই৷ দৌৰিব লাগে৷ আগ পিছ নুগুনি পুনৰ দৌৰিবলৈ আৰম্ভ কৰিলোঁ .

Saturday, July 23, 2011

চৰ্যাপদ ১১-১২


১১
ৰাগঃ পটমঞ্জৰী; কৃষ্ণাচার্য্যপাদানাম্

নাড়ী-শক্তি
 দিঢ় ধৰিঅ খট্টে।
অনহা
 ডমরু বাজএ বীৰনাদে
কাহ্ন
 কপালী যোগী পইঠ অচাৰে।
দেহ-নঅৰী
 বিহৰএ একাৰেঁ॥ 
আলি-কালি ঘণ্টা নেউৰ চৰণে।
ৰবি
 শশী-কুণ্ডল কিউ আভৰণে
ৰাগ দেশ মোহ লাইঅ ছাৰ।
পৰম
 মোখ লৱএ মুত্তিহাৰ
মাৰিঅ সাসু নণন্দ ঘৰে সালী।
মাঅ
 মাৰিআ কাহ্ন ভইল কবালী

১২
ৰাগঃ ভৈৰৱী;কৃষ্ণপাদানাম্

করুণা
 পিহাড়ি খেলহুঁ নয়বল।
সদ্‌গুরু বোহেঁ
 জিতেল ভৱবল
ফীটউ দুআ মাদেসি ৰে ঠাকুৰ।
উআৰি উএসঁ
 কাহ্ন নিঅড় জিনউৰ
পহিলেঁ
 তোড়িআ বড়িআ মৰাড়িইউ।
গঅৱৰেঁ
 তোলিআ পাঞ্চজণা ঘোলিউ
মতিএঁ
 ঠাকুৰক পৰিনিৱিত্তা।
অৱস
 কৰিআ ভৱবল জিতা
ভণই
 কাহ্নু আহ্মে ভলি দাহ দেহুঁ।
চৌষঠ্‌ঠি
 কোঠা গুণিআ  লেহুঁ

Friday, July 22, 2011

পুৰণি অসমৰ লেখন সামগ্ৰী


শিলঃ মানৱ সভ্যতাৰ আৰম্ভৰে পৰা শিলৰ ওপৰত বিভিন্ন চিত্ৰ, লিপি উৎকীৰ্ণ কৰাৰ কথা আমি জানোঁ৷ অসমতে শিলত খোদিত কৰা বিভিন্ন লিপি আৱিষ্কৃত হৈছে৷ যেনে— ভোমোৰাগুৰিৰ ‘ভাণ্ডাৰী গোহাঁইৰ গড় নিৰ্মাণৰ ফলি’, ছয়গাঁও ‘চণ্ডিকা দেৱালয়ৰ শিলৰ ফলি’৷
তামঃ তামত খোদিত অসমীয়া লিপি কেইখনমান হ’ল তৃতীয় বলৱৰ্মাদেৱৰ উলুবাৰী শাসন, ইন্দ্ৰপালৰ গুৱাহাটী শাসন৷
সোণ, ৰূপ, পিতল, কাঁহঃ আহোম স্বৰ্গদেওসকলে সোণৰ পাতত লিখা ৰীতি আছিল বুলি জনা যায়৷ৰূপৰ ক্ষেত্ৰত গুৱাহাটীৰ দীৰ্ঘেশ্বৰী মন্দিৰলৈ ৰাজেশ্বৰ সিংহই ১৬৭৯ শকত আগবঢ়োৱা ৰূপৰ জাপিত উৎকীৰ্ণ লিপি, পিতলৰ ক্ষেত্ৰত সুন্দৰীদিয়া সত্ৰত থকা পিতলৰ ফলক, কাঁহৰ ক্ষেত্ৰত বাসুদেৱ থান (লখিমপুৰৰ)লৈ আগবঢ়োৱা বৰকাঁহত উৎকীৰ্ণ লিপি উল্লেখযোগ্য৷ ইয়াৰ উপৰি বিভিন্ন লোৰ বৰটোপ, হাতীৰ দাঁত, কাঠৰ ফলক, বাঁহৰ কামি, ম’হ আৰু পহুৰ ছাল আদিতো লিখা অসমীয়া লিপিৰ প্ৰমাণ আছে৷
কাপোৰঃ অসমত সূতা কাপোৰ, পাট আৰু মুগা কাপোৰো লেখন সামগ্ৰীৰূপে ব্যৱহৃত হৈছিল৷ কাপোৰত মাটিমাহ, বৰা বা আন এঠাযুক্ত চাউলৰ গুড়ি আৰু অন্যান্য সামগ্ৰীদি টান কৰি পাছত জাপি পুথিৰ আকাৰ দিয়া হৈছিল৷ চমগুৰি সত্ৰত সংৰক্ষণ কৰা মাধৱদেৱৰ ‘নামঘোষা’ মুগা কাপোৰত লিখা পুথিৰ উৎকৃষ্ট নিদৰ্শন৷
ভূৰ্জপত্ৰঃ ভোট দেশৰ পৰা(ভুটানৰ পৰা) আমদানি কৰা ভূৰ্জগছৰ বাকলি অসমত বিবিধ মন্ত্ৰ লেখন আৰু বিবিধ যন্ত্ৰ অংকন কৰিবৰ বাবে ব্যৱহাৰ কৰিছিল৷
সাঁচিপাতঃ সাঁচি বা অগৰু গছৰ ছালৰ পৰা প্ৰস্তুত কৰা সাঁচিপাত উত্তৰ-পূব ভাৰতৰ কেৱল অসমতহে লেখন সামগ্ৰী ৰূপে ব্যৱহাৰ কৰিছিল৷ অসমীয়া সাহিত্যৰ মধ্যযুগত লিখা সৰহ সংখ্যক পুথি সাঁচিপাততে লিখা৷
নগাজৰী খনিকৰ গাঁওৰ শিলালিপি
তুলাপাতঃ কপাহৰ পৰা তৈয়াৰ কৰা লেখন সামগ্ৰীয়েই তুলাপাত৷ এতিয়ালৈকে প্ৰাপ্ত বড়ু চণ্ডীদাসৰ ‘শ্ৰীকৃষ্ণ কীৰ্তন’ৰ একমাত্ৰ নকলটি তুলাপাতত কৰা৷
চিয়াঁহিঃ চৰু ছাই বা বৰা চাউলৰ ছাই, কেহৰাজৰ ৰস, লোৱাচুৰ, গৰুমূত, শিলিখা, আমছাল, জামছাল— এই বস্তু একেলগে লৈ কেৰাহীত সিজাই মাটিৰ চৰু এটাত ভৰাই নিয়ৰত থৈ দিব লাগে৷ চৰুটোৰ বাহিৰে যি ৰস ঘামি নিগৰি ওলাব সেয়ে অসমীয়া মহী৷(বেণুধৰ শৰ্মা) এই মহীয়েই হ’ল অসমীয়া চিয়াঁহি৷
মহীচুঙাঃ অসমত মহী ৰাখিবৰ বাবে বাঁহৰ চুঙা ব্যৱহাৰ কৰা হৈছিল আৰু সেয়াই মহীচুঙা
লেখনিঃ কোনো পটত লিখিবৰ বাবে যি সামগ্ৰী ব্যৱহাৰ কৰা হয় সেয়াই লেখনি৷ চৰাইৰ পাখি, বাঁহেৰে নিৰ্মাণ কৰা লেখনি পুৰণি অসমত ব্যৱহাৰ কৰা হৈছিল৷
কুটনীঃ সাঁচিপাত বা তুলাপতীয়া আদি পুথিৰ শাৰীবোৰ সমান কৰিবলৈ কম্পাচৰ দৰে জোখ লৈ চিন দিবৰ বাবে এবিধ সঁজুলী ব্যৱহাৰ কৰা হৈছিল, এয়াই কুটনী৷
আঁকমাৰীঃ বাঁহ বা কাঠেৰে নিৰ্মাণ কৰা পোন স্কেলডালেই আঁকমাৰি৷
বিন্ধনাঃ কোনো পুথিৰ নাভিদেশ উন্মুক্ত কৰিবলৈ ধাতুৰে নিৰ্মিত এবিধ সঁজুলী ব্যৱহাৰ কৰা হৈছিল, সেয়াই বিন্ধনা৷


জীৱনৰ ভগ্নাংশ -২

সেই যে দৌৰিবলৈ আৰম্ভ কৰিছিলোঁ, আজিও দৌৰি আছোঁ৷ ফাগুন মাহ
প্ৰফুল্লই ক’লে— বিশ্বাসেৰে লেনদেন কৰা বৈশ্যদাই বোলে হিচাপৰ খাটা খুলিব৷ সিদিনা পেপাৰত লিখিছিলোঁ তেওঁৰ কথা — পঢ়িলিনে?
—লাভ নাই বুজিছ৷ ঘাঁ টুকুৰা কেনে আছে চাওঁ দৌৰ৷ দেখা নাই আমাৰ লগৰ মনহঁত কিমান আগবাঢ়ি গ’ল৷ দৌৰ
মুছলিম আলি আগবাঢ়ি আহিল—
—ঐ ল’ৰা টকা এটা দে না
—গান এটা গা
সময় বালিত খোজ দিয়াৰ প্ৰয়াস
  কুলীয়ে পু পু পু
কুলীয়ে পু পু পু
—এইটো নহয়, সিটো
  জাহানাৰাই ভৰতক বিছিৰি, বিছিৰি
হোষ্টেলে হোষ্টেলে ঘূৰি ফুৰিছেহায় আল্লা হাই..য
হঠাৎ মনত পৰিল— মুছলিম কা তই বোলে ঢুকাইছিলি
  ঢুকালো হয়৷ কিন্তু তহঁতৰ দৌৰ চাবলৈকে মাজে মাজে আহোঁ, কি কৰি আছ তই, দৌৰ নহ’লে পিছ পৰি যাবি ঘাঁ টুকুৰা বাঢ়িছেনে হঠাৎ মুছলিম কাই দৌৰিবলৈ আৰম্ভ কৰে
চকুৰ আগেদি চাৎকৈ পাৰ হৈ গ’ল৷ কোন? হিয়া নেকি? জলফাই বৰণৰ হেপাঁহ এটাই উক্‌মুকাই উঠিব ধৰিছিল৷ দৌৰিলোঁ আলি কেঁকুৰীটোৰ সিপাৰে তাই নাই৷ সিদিনা জালুকবাৰীত গৌতমৰ সৈতে দেখিছিলোঁ তাইক৷ চকোৱাটোৱে বিনাইছে এসাজ ধোঁৱা বৰণৰ পোচাক পিন্ধি মই মোৰেই প্ৰতিপক্ষ হৈছোঁ যুঁজ কৰিছোঁ৷ জাতীয় নায়ক বানপানী নদীবান্ধ বন্ধ হ’ব লাগে অসম সাহিত্য সভাই অসমীয়া লিপিক বিকৃত কৰিছে লাষ্ট গেটৰ ধৰ্ণা দিবলৈ আহি মৰা মানুহ কেইটাৰ সুবিচাৰ লাগে হাঃ হাঃ হাঃ চাকৰি খুলিব, টেট পৰীক্ষা ‘ফুল ফুটক নাইবা ফুটক/বৃষ্টি নামক নাইবা নামক/ঝর উঠোক নাইবা উঠোক/আজ বসন্ত’হাঃ হাঃ হাঃ ধুৰ পুনৰ পিঠিখনৰ কথা মনত পৰিল৷ লাহে লাহে বাঢ়িছে, গেলিছে৷ শামুক এটাৰ দৰে নিজৰ খোলাৰ ভিতৰতে নিজৰ পৃথিৱীখন গঢ়িছোঁ নেকি?... গোন্ধাইছেও৷ সুগন্ধ নে দুৰ্গন্ধ!...
ৰীতিয়ে চিঞৰি উঠিল— ৰজাই হুকুম দিছে/এদিম চেদিম বাই/কি হুকুম দিছে/ এদিম চেদিম বাই/বান্ধ বনাবৰ বাবে/ এদিম চেদিম বাই/ জনগনক ধৰি আনাহে নাই নাই নোৱাৰোঁ আৰু৷ কি বা হৈছে পুৰণি গীতবাৰ ভাঁহি আহে বেলেগ ধৰণে দৌৰিব ধৰোঁতেই কাণত পৰিল তাইৰ উত্তেজিত কণ্ঠ আজিকালি দৰা-কইনা খেলিব নোৱাৰোঁ কিয়?... নাই মোৰ ওচৰত তাৰ উত্তৰ নাই আগপিছ নুগুনি পুনৰ নতুন উদ্যমেৰে দৌৰিবলৈ আৰম্ভ কৰিলোঁ

Monday, July 18, 2011

জীৱনৰ ভগ্নাংশ -১

কোঠালিটোৰ দুৱাৰখন খুলিয়েই চকুত পৰিল বেৰতখকা এখন পেইন্টং, শান্ত-সমাহিত ৰূপত থকা অমিতাভ৷ লেপটপ খুলি দুজন ডেকা ব্যস্ত জালপঞ্জী পঢ়াত৷ গান এটা বাজি আছে— অ’ মাই শ্লিপিং চাইল্ড, দ্যা ৱল্ড চ’ ৱাইল্ড
কোঠাটোত থকা টেবুলখন আগুৰি আৰু কেইজনমান ডেকা, সকলো মৌন, কিবা যেন ভাবত বিভোৰ৷ ‘লাইখ এণ্ড আনৰিয়েল ইনচেপাৰেবল, ইফ ইউ বিগিন উইথ লাইফ— ইউ ফাইণ্ড আনৰিয়েলিটি বিহাইণ্ড ইট এণ্ড ভাইচ-ভাৰ্চ’৷ এজনে হঠাৎ কৈ উঠিল৷
এইবাৰ জালুকবাৰীত সোণাৰু বেছিকৈ ফুলিছে৷ চেমিষ্টাৰ হৈ গ’ল বাবে নেকি?অনজনে ক’লে৷
‘সময় নাই কাৰো৷ ভীষণ ব্যস্ত লাইফ৷ তাতে প্ৰায় সকলোৰে হাতে হাতে ইন্টাৰনেট৷ কোনে ফুল চাই কবিতা লিখিব৷ চাইবাৰ ৱল্ডত ব্যস্ত৷’ মই কলোঁ৷
এজনে লেপটপৰ পৰা মূৰ তুলি ক’লে— বান্দৰ, বান্দৰ; ডাৰউইনৰ বিৱৰ্তন সূত্ৰৰ ৰিভাৰ্চ৷
কোঠালিটোৰ আলমাৰিটোৰ চুকত থকা মুখাটোৱে সন্তৰ্পনে ওলাই আহি বহি ল’লে মাজৰ টেবুলখনত৷ কাঁহ এটা মাৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰি মুখত মিচিকিয়া হাঁহিৰে আৰম্ভ কৰিলে— নহ’বই বা কিয়?দেখা নাই গোলোকীকৰণৰ যুগ৷ ‘দৌৰাদৌৰী জীৱন সলনি কৰাৰ চুক্তি৷’ মোৰ চকুত চকু থৈ চা
চকুৰ ভিতৰত আন এটা চকু নে আন এখন পৃথিৱী৷ দৌৰাদৌৰী তাতো একেই! হঠাৎ চকুত পৰিল কিতাপৰ চুক এটাত পিতাই৷ মোক দেখি তেওঁৰ চকু তিৰ্‌বিৰাই উঠিল৷ কেঁকনি এটা মাৰি ক’লে—
—উঁয়ে খোৱা সাঁচিপাতৰ বুকুত মোক আৰু কিমান সামৰি ৰাখিবি? শুবও নোৱাৰোঁ৷ তাতে সকলোতে দেখোন মিছা প্ৰতিশ্ৰুতি, উপেক্ষিত কৰি ৰাখে
—পিতাই, মোৰ পিঠিখন চা
  কি হ’ল? এইবোৰ যে ঘাঁ৷ চাওঁ মলম
  নাই নাই পিতাই৷ লাভ নাই৷ দৌৰিছোঁ, কেৱল দৌৰিছোঁ৷ তঁহতৰ কথাবোৰ এতিয়া কিতাপৰ পাতত, তাকো উঁয়ে খাইছে৷ আজি কালি এখন নতুন চাৰ্টফিকেট৷ ৰিজাৰ্ভ ফৰ নিজৰেই অৱস্থা নাই৷ তোক কি চাম৷ বাই পিতাই৷ সময় নাই দৌৰিব লাগে
দৌৰিবলৈ আৰম্ভ কৰিলোঁ৷ চকুৰ ভিৰতলৈ আৰু সোমাই গ’লোঁ৷ ব্ৰহ্মপুত্ৰৰ চাপৰিত বালি উৰিছে৷ ফাগুন মাহ

Sunday, July 17, 2011

অসমীয়া উপন্যাসৰ প্ৰস্তুতি পৰ্ব

    উপন্যাস আধুনিক কালৰ এক কথাশৈলী৷ সাহিত্যৰ আটাইবোৰ উপকৰণৰ ভিতৰত সৰ্বোৎকৃষ্ট আৰু শিথিলবন্ধী উপকৰণ উপন্যাস৷ অসমীয়াউপন্যাসশব্দটো ইংৰাজী Novel শব্দৰ প্ৰতিশব্দ হিচাপে ব্যৱহাৰ কৰা হয়৷ ইয়াৰ অৰ্থ নতুন, অভিনৱ আৰু জীৱন্ত বা সতেজ৷ ইয়াৰ উপৰি উপন্যাসকএবিধ যথেষ্ট দীঘল মনে সজা কথাৰ ভাষাৰ গল্প, প্ৰকৃত জীৱনৰ প্ৰতিনিধিত্বমূলক চৰিত্ৰ আৰু কাৰ্যকলাপ কম-বেছি পৰিমাণে জটিল কাহিনীত চিত্ৰিত হয়বুলিও চিহ্নিত কৰা হয়৷
    উপন্যাসপাশ্চাত্য সাহিত্যত কিছু পুৰণি যদিও ভাৰতীয় সাহিত্যত অৰ্বাচীন৷ দৰাচলতে ভাৰতলৈ মিছনেৰীসকল আহাৰ পাছতহে কেইবাটাও আঞ্চলিক ভাষাত কিছুমান গদ্য কাহিনীৰ সৃষ্টি হয়৷ এই সময়ৰ গদ্যৰ মূল বিষয়বস্তু আছিল ধৰ্মীয়, ব্যঙ্গাত্মক আৰু ঐতিহাসিক৷ অসমৰ প্ৰসংগত পাৰি যে মিছনেৰীসকলে খ্ৰীষ্টধৰ্ম প্ৰচাৰৰ অৰ্থে এই ধাৰাৰ আৰম্ভ কৰিছিল৷
    ঊনবিংশ শতিকাটো অসমৰ ভাষা-সাহিত্যৰ বাবে বৰ তাৎপৰ্যপূৰ্ণ সময়৷ অসমৰ বৌদ্ধিক দিশত এই শতিকাৰ মাজভাগত মিছনেৰীসকলে প্ৰকাশ কৰা অৰুণোদয় কাকতৰ মাধ্যমেৰে নৱজাগৰণ প্ৰথমটি সোঁত সোমাই আহে৷ আধুনিক অসমীয়া সাহিত্যৰ নৱতম সৃষ্টি উপন্যাসৰ প্ৰথম বীজটি ৰোপিত তথা সংস্থাপিত হৈছিল অৰুণোদয়ৰ বুকুত৷ আমেৰিকান খ্ৰীষ্টান মিছনেৰী ° নাথান ব্ৰাউন চাহাবে বিখ্যাত ইংৰাজ কাহিনীকাৰ জন বানিয়ানৰ The Pilgrim's Progress নামৰ উপন্যাসখন অসমীয়ালৈ অনুবাদ কৰিছিলজাত্ৰিকত জাত্ৰানামেৰে৷এইখন উপন্যাস ১৮৪৮ চনৰ নৱেম্বৰ মাহৰ পৰা অৰুণোদয় কাকতৰ ছোৱা-ছোৱাকৈ প্ৰকাশ পাইছিল৷ পুথি হিচাপে প্ৰকাশ পাইছিল ১৮৫৭ চনত৷ এই উপন্যাসখনত পাপেৰে জৰ্জৰিত মানুহে ভগৱত দৰ্শন লাভৰ জৰিয়তে কেনেকৈ মুক্তিৰ সন্ধান পাব পাৰে সেয়া প্ৰকাশ কৰা হৈছে৷ এইখন উপন্যাসৰ কাহিনীভাগৰ লগত অসমৰ সমাজ জীৱনৰ সম্পৰ্ক নাছিল, কাহিনী সুদৃঢ় নহয়, গদ্য ভংগী অপৰিমাৰ্জিত, বাক্যৰীতি ইংৰাজী বাক্যৰ ওচৰ চপা, আংগিকগত দিশতো বৰ দুৰ্বল৷ তথাপিতো অসমীয়া ৰাইজ উপন্যাস নামৰ কথাশিল্পৰ লগত পৰিচিত ল৷ এক কখাত পাৰি এইখন প্ৰথম অসমীয়া উপন্যাস৷ ইয়াৰ পাছত . কে.গৰ্ণিয়েএলোকেশী বেশ্যাৰ কথা’, ‘কামিনীকান্তৰ চৰিত্ৰ’, ‘কানি বেহেৰুৱাৰ কথা’; শ্ৰীমতী গৰ্ণিয়েফুলমণি আৰু কৰুণাৰচনা কৰে৷ মূলতঃ খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ অৰ্থে এই পুথিসমূহ ৰচনা কৰা হৈছিল৷ এই কেইখন উপন্যাসো অসমীয়া সমাজৰ ৰুচি আৰু মানসিকতাৰ লগত বৰ ক্ষীণ সম্পৰ্কেৰেহে সংযোজিত আছিল৷
    এই সময়তে হেমচন্দ্ৰ বৰুৱাই প্ৰকাশ কৰেবাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী’৷ প্ৰধানতঃ ব্যঙ্গাত্মকভাৱে সমাজৰ ভণ্ডামিবোৰ দাঙি ধৰাৰ উদ্দেশ্য ৰচিত এইখন পুথিত সুগঠিত সুবিন্যস্ত কাহিনী আৰু নিটোল চৰিত্ৰাঙ্কন নাই৷ উল্লেখ্য যে ব্যঙ্গ প্ৰধান সাহিত্য প্ৰকৃত ভাল উপন্যাসৰ শাৰীলৈ উঠিব নোৱাৰে, কাৰণ এনে ৰচনাত উপন্যাসৰ প্ৰয়োজনীয় অংগবোৰৰ সুস্থ আৰু কলাত্মক বিকাশলৈ লক্ষ্য ৰখা নহয়৷ অৱশ্যে এটা কথা থিক যে এইখন পুথিৰ গদ্যই অসমীয়া গদ্যৰীতিৰ বিকাশত বিশেষ পদক্ষেপ লে৷ ° সত্যেন্দ্ৰনাথ শৰ্মাই এই পুথিখনৰ ৰচনাত বংগদেশত প্ৰকাশ হোৱা ব্যংগধৰ্মীনৱবাবুবিলাস’, ‘আলালেৰ ঘৰেৰ দুলালআদি উপন্যাসকল্প ৰচনাই প্ৰভাৱিত কৰিছে বুলি সম্ভাৱনা ব্যক্ত কৰিছে৷   
    হেমচন্দ্ৰ বৰুৱাৰ উপন্যাসখন প্ৰকাশ হোৱাৰ আঠ বছৰৰ পাছত, অৰ্থাৎ ১৮৮৪ চনত পদ্মাৱতী দেৱী ফুকননীৰসুধৰ্মাৰ উপাখ্যানপ্ৰকাশ হয়৷ ছয়টা পৰিচ্ছেদত বৰ্ণিত ৪২ পৃষ্ঠাৰ এই উপন্যাসখনতসজ আৰু অসজ মানুহৰ কাৰ্য্যৰ ফল’ দেখুৱাইছে বুলি ঔপন্যাসিকাই মন্তব্য কৰিছে৷ আকস্মিক সংযোগ, অপ্ৰত্যাশিত ঘটনাই কাহিনীটোক বাস্তৱধৰ্মী উপন্যাসৰ পৰা ভালেখিনি আঁতৰাই নিছে৷ সেয়ে এইখনো সাৰ্থক উপন্যাস হিচাপে চিহ্নিত নহল৷ অৱশ্যে সেই সময়ত এগৰাকী অসমীয়া নাৰীয়ে এনেধৰণৰ এখন উপন্যাস লিখি প্ৰাকশ কৰাটো সঁচাকৈয়ে আদৰণীয়৷
    ১৮৮৫ চনত প্ৰকাশ হৈ থকা ‘আসাম বন্ধু’ (সম্পাদকঃ ৰায়বাহাদুৰ গুণাভিৰাম বৰুৱা)ৰ প্ৰথম ভাগৰ সপ্তম আৰু অষ্টম সংখ্যাত কৰুণাভিৰাম বৰুৱাই লিখা ‘প্ৰমীলা’ নামৰ উপন্যাস এখন ধাৰাবাহিকভাৱে প্ৰকাশ হৈছিল যদিও তাৰ পাছৰ সংখ্যা কেইটাত এইখন প্ৰকাশিত নহ’ল৷ অসমীয়া সাহিত্যত ‘উপন্যাস’ শব্দটো এইখন উপন্যাসৰ প্ৰসংগতে ‘আসাম বন্ধু’ত পোন-প্ৰথমবাৰৰ বাবে প্ৰয়োগ হয়৷
    প্ৰকৃতাৰ্থত উপন্যাসবৈশিষ্ট্যৰে সমৃদ্ধ অসমীয়া প্ৰথমখন উপন্যাস হ’ল ‘ভানুমতী’, ঔপন্যাসিক পদ্মনাথ গোহাঞিবৰুৱা৷ এই উপন্যাসখন পুথি হিচাপে প্ৰকাশ পাইছিল ১৯০৮ চনত৷ পুথিখনৰ পাতনিতে গোহাঞিবৰুৱাই লিখিছে— ‘‘ভানুমতী ৰচোঁতাৰ পোন প্ৰথম সাহিত্যিক অৰ্জ্জন৷ ইয়াক অসমীয়া সাহিত্যৰ ভঁড়ালত তেওঁৰ প্ৰথম লখিমী বুলিব লাগিব৷ ১৮১২-১৩ শকৰ‘বিজুলীৰ’ পোহৰত ছোৱা-ছোৱাকৈ প্ৰকাশ হৈছিল৷ তাৰ পাছত, ইয়াক সুকীয়াকৈ উলিয়াবৰ অৰ্থে ভালেমান দিনৰে পৰা মন কৰা হৈছিল; আনকি ৰচোঁতাৰ আনবিলাক কিতাপৰ তালিকাত ইয়াৰ নামো ওলাইছে৷ কিন্তু সময় আৰু সুবিধাৰ অভাৱত ইমান দিনলৈকে মনৰ কথা মনতে ৰৈছিল৷ এই গ্ৰন্থাকাৰৰ দ্বাৰাই সম্পাদিত ‘বিজুলী’ৰ পোহৰত দেখা ভানুমতীৰ আঁতিগুৰি আগৰভাৱেই আছে; এতিয়া মাথোন ভানুৰ কিৰণত সুকীয়াকৈ চালে, আৰু অলপ বেছিকৈ জেউতি চৰা দেখা যাব৷ সি যি হওক, সেই ৰাতিপুৱা ৰোৱা পুলিটি দুপৰীয়াৰ ৰ’দত ওলাব লগা হৈছে, এতিয়া, সি পাঠকৰ অনাদৰত লেৰেলি জঁয় নপৰিলেই হয়৷’’ এইখিনিতে ° পৰীক্ষিত হাজৰিকাদেৱেঅসমীয়া উপন্যাসৰ প্ৰস্তুতি পৰ্বশীৰ্ষক প্ৰবন্ধত উল্লেখ কৰা মন্তব্যটি স্মৰ্তব্য— ‘‘কাহিনী, পটভুমি, চৰিত্ৰ, সংলাপ, পৰিৱেশ, ৰস, উৎকণ্ঠা, আদৰ্শ আৰু ৰচনা-ৰীতিৰ পিনৰ পৰা ১৮৯১ চনত বিজুলী কাকতত প্ৰকাশিত পদ্মনাথ গোহাঞিবৰুৱাৰ ‘ভানুমতী’ নামৰ ঘৰুৱা উপন্যাসখন নিসন্দেহে প্ৰথম মৌলিক অসমীয়া উপন্যাস বুলি ক’ব পাৰি৷
এইখিনিতে উল্লেখ্য যে বেজবৰুৱাৰপদুম কুঁৱৰীউপন্যাসখনোপদ্মাকুমাৰীনামেৰে ১৮৯১ চনৰজোনাকীকাকতৰ তৃতীয় বছৰ প্ৰথম সংখ্যাৰ পৰা ছোৱা-ছোৱাকৈ প্ৰকাশিত হৈছিল৷ এইখন উপন্যাস ১৯০৫ চনতপদুমকুঁৱৰীনামেৰে গ্ৰন্থাকাৰে প্ৰকাশ পায়৷ এক কথাত পাৰি এইখন দ্বিতীয় সাৰ্থক অসমীয়া উপন্যাস৷
    ১৮৯২খ্ৰীঃত পদ্মনাথ গোহাঞিবৰুৱাৰলাহৰীনামৰ উপন্যাসখন গ্ৰন্থাকাৰে প্ৰকাশ পায়৷ উল্লেখ্য যে এইখনেই প্ৰথম পুথি হিচাপে ছপা হোৱা অসমীয়া উপন্যাস৷ পুথিখনৰ প্ৰথম তাঙৰণৰ পাতনিত লিখা কথাখিনি উল্লেখযোগ্য ‘‘অসমীয়া উপন্যাস বুলিবলৈ আজিলৈকে এখনো পুথি ওলোৱা নাই৷ সেই অভাৱ আৰু দুৰ্নাম গুচাবৰ মনেৰেইলাহৰীৰচিবলৈ লোৱা ’ গোহাঞিবৰুৱা ৰচনাৱলীৰ ভূমিতাত ড° মহেশ্বৰ নেওগদেৱে লাহৰী সম্পৰ্কে কৰা এষাৰ মন্তব্য স্মৰণীয় —‘‘১৮৯২ চনত এইখনি ছপা হৈ ওলাল আৰু পুথি আকাৰত ওলোৱা প্ৰথম অসমীয়া উপন্যাস বুলি পৰিগণিত হ’ল৷ কাৰণ বেজবৰুৱাৰ ‘পদুম কুঁৱৰী’ আৰু স্বয়ং গোহাঞিবৰুৱাৰ ‘ভানুমতী’ তেতিয়াও ‘জোনাকী’ আৰু ‘বিজুলী’ৰ পাততে সিঁচৰতি হৈ আছিল৷’’
    বিজুলীৰ দ্বিতীয় বছৰতো আন এখন উপন্যাস ছোৱা-ছোৱাকৈ প্ৰকাশ পাইছিল৷ ‘মেম’ নামৰ এই উপন্যাসখনৰ ঔপন্যাসিক আছিল পদ্মনাথ গোহাঞিবৰুৱাৰ জেষ্ঠ ভাতৃ নীলকণ্ঠ বৰুৱা৷ আঠটা অধ্যায়ত বিভক্ত এই উপন্যাসখনত ব্যঙ্গাত্মক উপস্স্থাপন ৰীতি ব্যৱহাৰ কৰা হৈছে যদিও কাহিনী গতিশীল ৰূপত উপস্থাপিত হৈছে৷ ‘মেম’খন উপন্যাসৰূপে বৰ সাৰ্থক নাছিল যদিও সামজিক সমস্যা, নাৰী-নিৰ্যাতনৰ প্ৰতি দৃষ্টি নিক্ষেপ তথা তাৰ প্ৰতিকাৰৰ উপায় বিচৰা উপন্যাস হিচাপে এইখন উপন্যাসৰ ঐতিসাহিক মূল্য অস্বীকাৰ কৰিব নোৱাৰি৷
    এই কেইখন উপন্যাসৰ পাছত ৰচিত হ’ল ৰজনীকান্ত বৰদলৈৰ প্ৰথম আৰু একমাত্ৰ সামাজিক উপন্যাস ‘মিৰি-জীয়ৰী’৷ প্ৰকাশৰ চন ১৯৯৪৷ পাছলৈ ঐতিহাসিক উপন্যাস ৰচনা কৰি ‘অসমৰ স্কট’, ‘উপন্যাস সম্ৰাট’ হিচাপে খ্যাতি অৰ্জন কৰা ৰজনীকান্ত বৰদলৈয়ে অসমৰ ভূমিপুত্ৰ মিচিংসকলৰ পটভুমিত এইখন প্ৰণয়মূলক উপন্যাস ৰচনা কৰিছিল৷ উল্লেখ্য যে এই সময়চোৱাত ৰচিত উপন্যাসসমূহৰ ভিতৰত এইখন উপন্যাস নিঃসন্দেহে উৎকৃষ্ট বুলি সত্যেন্দ্ৰনাথ শৰ্মাদেৱে মত পোষণ কৰিছে৷ ‘অনভিজ্ঞ নবীন লিখকৰ প্ৰথম স্তৰৰ ৰচনা কৰণেই উপন্যাস কেইখন ত্ৰুতিশূন্য নহয়’৷ আৰু ‘উপন্যাস-সাহিত্যৰ ভেটি নিৰ্মাণ কৰাত এওঁলোকৰো বৰঙণি মুক্তকণ্ঠে স্বীকাৰ কৰিব লাগিব৷’
    ইয়াৰ পাছত এই শতিকাটিত আৰু দুখন অসমীয়া উপন্যাস প্ৰকাশ পাইছিল৷ যথা— হৰেশ্বৰ শৰ্মা বৰুৱাৰ ‘কুসুম-কুমাৰী’ (১৮৯৮) আৰু মহীৰাম দাসৰ ‘হৰিদেও কানীয়াৰ কথা’ (১৮৯৮)৷ প্ৰস্তুতি কালত অনুবাদ উপন্যাসেৰে (১৮৪৮)অসমীয়া উপন্যাস সাহিত্যৰ ধাৰাটি আৰম্ভ হৈ ১৮৯১ চনত নিভাঁজ অসমীয়া উপন্যাস সৃষ্টিৰ পৰিক্ৰমাৰে ১৮৯৪ চনত ই ৰজনীকান্ত বৰদলৈৰ হাতত পল্লৱিত হৈ উঠে৷