‘উপন্যাস’ হ’ল আধুনিক কালৰ এক কথাশৈলী৷ সাহিত্যৰ আটাইবোৰ উপকৰণৰ ভিতৰত সৰ্বোৎকৃষ্ট আৰু শিথিলবন্ধী উপকৰণ হ’ল উপন্যাস৷ অসমীয়া ‘উপন্যাস’ শব্দটো ইংৰাজী Novel শব্দৰ প্ৰতিশব্দ হিচাপে ব্যৱহাৰ কৰা হয়৷ ইয়াৰ অৰ্থ নতুন, অভিনৱ আৰু জীৱন্ত বা সতেজ৷ ইয়াৰ উপৰি উপন্যাসক ‘এবিধ যথেষ্ট দীঘল মনে সজা কথাৰ ভাষাৰ গল্প, য’ত প্ৰকৃত জীৱনৰ প্ৰতিনিধিত্বমূলক চৰিত্ৰ আৰু কাৰ্যকলাপ কম-বেছি পৰিমাণে জটিল কাহিনীত চিত্ৰিত হয়’ বুলিও চিহ্নিত কৰা হয়৷
‘উপন্যাস’ পাশ্চাত্য সাহিত্যত কিছু পুৰণি যদিও ভাৰতীয় সাহিত্যত ই অৰ্বাচীন৷ দৰাচলতে ভাৰতলৈ মিছনেৰীসকল আহাৰ পাছতহে কেইবাটাও আঞ্চলিক ভাষাত কিছুমান গদ্য কাহিনীৰ সৃষ্টি হয়৷ এই সময়ৰ গদ্যৰ মূল বিষয়বস্তু আছিল ধৰ্মীয়, ব্যঙ্গাত্মক আৰু ঐতিহাসিক৷ অসমৰ প্ৰসংগত ক’ব পাৰি যে মিছনেৰীসকলে খ্ৰীষ্টধৰ্ম প্ৰচাৰৰ অৰ্থে এই ধাৰাৰ আৰম্ভ কৰিছিল৷
ঊনবিংশ শতিকাটো অসমৰ ভাষা-সাহিত্যৰ বাবে বৰ তাৎপৰ্যপূৰ্ণ সময়৷ অসমৰ বৌদ্ধিক দিশত এই শতিকাৰ মাজভাগত মিছনেৰীসকলে প্ৰকাশ কৰা ‘অৰুণোদয়’ কাকতৰ মাধ্যমেৰে নৱজাগৰণ প্ৰথমটি সোঁত সোমাই আহে৷ আধুনিক অসমীয়া সাহিত্যৰ নৱতম সৃষ্টি উপন্যাসৰ প্ৰথম বীজটি ৰোপিত তথা সংস্থাপিত হৈছিল অৰুণোদয়ৰ বুকুত৷ আমেৰিকান খ্ৰীষ্টান মিছনেৰী ড° নাথান ব্ৰাউন চাহাবে বিখ্যাত ইংৰাজ কাহিনীকাৰ জন বানিয়ানৰ The Pilgrim's Progress নামৰ উপন্যাসখন অসমীয়ালৈ অনুবাদ কৰিছিল ‘জাত্ৰিকত জাত্ৰা’ নামেৰে৷এইখন উপন্যাস ১৮৪৮ চনৰ নৱেম্বৰ মাহৰ পৰা অৰুণোদয় কাকতৰ ছোৱা-ছোৱাকৈ প্ৰকাশ পাইছিল৷ পুথি হিচাপে প্ৰকাশ পাইছিল ১৮৫৭ চনত৷ এই উপন্যাসখনত পাপেৰে জৰ্জৰিত মানুহে ভগৱত দৰ্শন লাভৰ জৰিয়তে কেনেকৈ মুক্তিৰ সন্ধান পাব পাৰে সেয়া প্ৰকাশ কৰা হৈছে৷ এইখন উপন্যাসৰ কাহিনীভাগৰ লগত অসমৰ সমাজ জীৱনৰ সম্পৰ্ক নাছিল, কাহিনী সুদৃঢ় নহয়, গদ্য ভংগী অপৰিমাৰ্জিত, বাক্যৰীতি ইংৰাজী বাক্যৰ ওচৰ চপা, আংগিকগত দিশতো বৰ দুৰ্বল৷ তথাপিতো অসমীয়া ৰাইজ উপন্যাস নামৰ কথাশিল্পৰ লগত পৰিচিত হ’ল৷ এক কখাত ক’ব পাৰি এইখন প্ৰথম অসমীয়া উপন্যাস৷ ইয়াৰ পাছত এ. কে.গৰ্ণিয়ে ‘এলোকেশী বেশ্যাৰ কথা’, ‘কামিনীকান্তৰ চৰিত্ৰ’, ‘কানি বেহেৰুৱাৰ কথা’; শ্ৰীমতী গৰ্ণিয়ে ‘ফুলমণি আৰু কৰুণা’ ৰচনা কৰে৷ মূলতঃ খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ অৰ্থে এই পুথিসমূহ ৰচনা কৰা হৈছিল৷ এই কেইখন উপন্যাসো অসমীয়া সমাজৰ ৰুচি আৰু মানসিকতাৰ লগত বৰ ক্ষীণ সম্পৰ্কেৰেহে সংযোজিত আছিল৷
এই সময়তে হেমচন্দ্ৰ বৰুৱাই প্ৰকাশ কৰে ‘বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী’৷ প্ৰধানতঃ ব্যঙ্গাত্মকভাৱে সমাজৰ ভণ্ডামিবোৰ দাঙি ধৰাৰ উদ্দেশ্য ৰচিত এইখন পুথিত সুগঠিত সুবিন্যস্ত কাহিনী আৰু নিটোল চৰিত্ৰাঙ্কন নাই৷ উল্লেখ্য যে ব্যঙ্গ প্ৰধান সাহিত্য প্ৰকৃত ভাল উপন্যাসৰ শাৰীলৈ উঠিব নোৱাৰে, কাৰণ এনে ৰচনাত উপন্যাসৰ প্ৰয়োজনীয় অংগবোৰৰ সুস্থ আৰু কলাত্মক বিকাশলৈ লক্ষ্য ৰখা নহয়৷ অৱশ্যে এটা কথা থিক যে এইখন পুথিৰ গদ্যই অসমীয়া গদ্যৰীতিৰ বিকাশত বিশেষ পদক্ষেপ ল’লে৷ ড° সত্যেন্দ্ৰনাথ শৰ্মাই এই পুথিখনৰ ৰচনাত বংগদেশত প্ৰকাশ হোৱা ব্যংগধৰ্মী ‘নৱবাবুবিলাস’, ‘আলালেৰ ঘৰেৰ দুলাল’ আদি উপন্যাসকল্প ৰচনাই প্ৰভাৱিত কৰিছে বুলি সম্ভাৱনা ব্যক্ত কৰিছে৷
হেমচন্দ্ৰ বৰুৱাৰ উপন্যাসখন প্ৰকাশ হোৱাৰ আঠ বছৰৰ পাছত, অৰ্থাৎ ১৮৮৪ চনত পদ্মাৱতী দেৱী ফুকননীৰ ‘সুধৰ্মাৰ উপাখ্যান’ প্ৰকাশ হয়৷ ছয়টা পৰিচ্ছেদত বৰ্ণিত ৪২ পৃষ্ঠাৰ এই উপন্যাসখনত ‘সজ আৰু অসজ মানুহৰ কাৰ্য্যৰ ফল’ দেখুৱাইছে বুলি ঔপন্যাসিকাই মন্তব্য কৰিছে৷ আকস্মিক সংযোগ, অপ্ৰত্যাশিত ঘটনাই কাহিনীটোক বাস্তৱধৰ্মী উপন্যাসৰ পৰা ভালেখিনি আঁতৰাই নিছে৷ সেয়ে এইখনো সাৰ্থক উপন্যাস হিচাপে চিহ্নিত নহ’ল৷ অৱশ্যে সেই সময়ত এগৰাকী অসমীয়া নাৰীয়ে এনেধৰণৰ এখন উপন্যাস লিখি প্ৰাকশ কৰাটো সঁচাকৈয়ে আদৰণীয়৷
১৮৮৫ চনত প্ৰকাশ হৈ থকা ‘আসাম বন্ধু’ (সম্পাদকঃ ৰায়বাহাদুৰ গুণাভিৰাম বৰুৱা)ৰ প্ৰথম ভাগৰ সপ্তম আৰু অষ্টম সংখ্যাত কৰুণাভিৰাম বৰুৱাই লিখা ‘প্ৰমীলা’ নামৰ উপন্যাস এখন ধাৰাবাহিকভাৱে প্ৰকাশ হৈছিল যদিও তাৰ পাছৰ সংখ্যা কেইটাত এইখন প্ৰকাশিত নহ’ল৷ অসমীয়া সাহিত্যত ‘উপন্যাস’ শব্দটো এইখন উপন্যাসৰ প্ৰসংগতে ‘আসাম বন্ধু’ত পোন-প্ৰথমবাৰৰ বাবে প্ৰয়োগ হয়৷
প্ৰকৃতাৰ্থত উপন্যাসৰ বৈশিষ্ট্যৰে সমৃদ্ধ অসমীয়া প্ৰথমখন উপন্যাস হ’ল ‘ভানুমতী’, ঔপন্যাসিক পদ্মনাথ গোহাঞিবৰুৱা৷ এই উপন্যাসখন পুথি হিচাপে প্ৰকাশ পাইছিল ১৯০৮ চনত৷ পুথিখনৰ পাতনিতে গোহাঞিবৰুৱাই লিখিছে— ‘‘ভানুমতী ৰচোঁতাৰ পোন প্ৰথম সাহিত্যিক অৰ্জ্জন৷ ইয়াক অসমীয়া সাহিত্যৰ ভঁড়ালত তেওঁৰ প্ৰথম লখিমী বুলিব লাগিব৷ ১৮১২-১৩ শকৰ‘বিজুলীৰ’ পোহৰত ছোৱা-ছোৱাকৈ প্ৰকাশ হৈছিল৷ তাৰ পাছত, ইয়াক সুকীয়াকৈ উলিয়াবৰ অৰ্থে ভালেমান দিনৰে পৰা মন কৰা হৈছিল; আনকি ৰচোঁতাৰ আনবিলাক কিতাপৰ তালিকাত ইয়াৰ নামো ওলাইছে৷ কিন্তু সময় আৰু সুবিধাৰ অভাৱত ইমান দিনলৈকে মনৰ কথা মনতে ৰৈছিল৷ এই গ্ৰন্থাকাৰৰ দ্বাৰাই সম্পাদিত ‘বিজুলী’ৰ পোহৰত দেখা ভানুমতীৰ আঁতিগুৰি আগৰভাৱেই আছে; এতিয়া মাথোন ভানুৰ কিৰণত সুকীয়াকৈ চালে, আৰু অলপ বেছিকৈ জেউতি চৰা দেখা যাব৷ সি যি হওক, সেই ৰাতিপুৱা ৰোৱা পুলিটি দুপৰীয়াৰ ৰ’দত ওলাব লগা হৈছে, এতিয়া, সি পাঠকৰ অনাদৰত লেৰেলি জঁয় নপৰিলেই হয়৷’’ এইখিনিতে ড° পৰীক্ষিত হাজৰিকাদেৱে ‘অসমীয়া উপন্যাসৰ প্ৰস্তুতি পৰ্ব’ শীৰ্ষক প্ৰবন্ধত উল্লেখ কৰা মন্তব্যটি স্মৰ্তব্য— ‘‘কাহিনী, পটভুমি, চৰিত্ৰ, সংলাপ, পৰিৱেশ, ৰস, উৎকণ্ঠা, আদৰ্শ আৰু ৰচনা-ৰীতিৰ পিনৰ পৰা ১৮৯১ চনত বিজুলী কাকতত প্ৰকাশিত পদ্মনাথ গোহাঞিবৰুৱাৰ ‘ভানুমতী’ নামৰ ঘৰুৱা উপন্যাসখন নিসন্দেহে প্ৰথম মৌলিক অসমীয়া উপন্যাস বুলি ক’ব পাৰি৷’
এইখিনিতে উল্লেখ্য যে বেজবৰুৱাৰ ‘পদুম কুঁৱৰী’ উপন্যাসখনো ‘পদ্মাকুমাৰী’ নামেৰে ১৮৯১ চনৰ ‘জোনাকী’ কাকতৰ তৃতীয় বছৰ প্ৰথম সংখ্যাৰ পৰা ছোৱা-ছোৱাকৈ প্ৰকাশিত হৈছিল৷ এইখন উপন্যাস ১৯০৫ চনত ‘পদুমকুঁৱৰী’ নামেৰে গ্ৰন্থাকাৰে প্ৰকাশ পায়৷ এক কথাত ক’ব পাৰি এইখন দ্বিতীয় সাৰ্থক অসমীয়া উপন্যাস৷
১৮৯২খ্ৰীঃত পদ্মনাথ গোহাঞিবৰুৱাৰ ‘লাহৰী’ নামৰ উপন্যাসখন গ্ৰন্থাকাৰে প্ৰকাশ পায়৷ উল্লেখ্য যে এইখনেই প্ৰথম পুথি হিচাপে ছপা হোৱা অসমীয়া উপন্যাস৷ পুথিখনৰ প্ৰথম তাঙৰণৰ পাতনিত লিখা কথাখিনি উল্লেখযোগ্য— ‘‘অসমীয়া উপন্যাস বুলিবলৈ আজিলৈকে এখনো পুথি ওলোৱা নাই৷ সেই অভাৱ আৰু দুৰ্নাম গুচাবৰ মনেৰেই ‘লাহৰী’ ৰচিবলৈ লোৱা হয়৷’’ গোহাঞিবৰুৱা ৰচনাৱলীৰ ভূমিতাত ড° মহেশ্বৰ নেওগদেৱে লাহৰী সম্পৰ্কে কৰা এষাৰ মন্তব্য স্মৰণীয় —‘‘১৮৯২ চনত এইখনি ছপা হৈ ওলাল আৰু পুথি আকাৰত ওলোৱা প্ৰথম অসমীয়া উপন্যাস বুলি পৰিগণিত হ’ল৷ কাৰণ বেজবৰুৱাৰ ‘পদুম কুঁৱৰী’ আৰু স্বয়ং গোহাঞিবৰুৱাৰ ‘ভানুমতী’ তেতিয়াও ‘জোনাকী’ আৰু ‘বিজুলী’ৰ পাততে সিঁচৰতি হৈ আছিল৷’’
বিজুলীৰ দ্বিতীয় বছৰতো আন এখন উপন্যাস ছোৱা-ছোৱাকৈ প্ৰকাশ পাইছিল৷ ‘মেম’ নামৰ এই উপন্যাসখনৰ ঔপন্যাসিক আছিল পদ্মনাথ গোহাঞিবৰুৱাৰ জেষ্ঠ ভাতৃ নীলকণ্ঠ বৰুৱা৷ আঠটা অধ্যায়ত বিভক্ত এই উপন্যাসখনত ব্যঙ্গাত্মক উপস্স্থাপন ৰীতি ব্যৱহাৰ কৰা হৈছে যদিও কাহিনী গতিশীল ৰূপত উপস্থাপিত হৈছে৷ ‘মেম’খন উপন্যাসৰূপে বৰ সাৰ্থক নাছিল যদিও সামজিক সমস্যা, নাৰী-নিৰ্যাতনৰ প্ৰতি দৃষ্টি নিক্ষেপ তথা তাৰ প্ৰতিকাৰৰ উপায় বিচৰা উপন্যাস হিচাপে এইখন উপন্যাসৰ ঐতিসাহিক মূল্য অস্বীকাৰ কৰিব নোৱাৰি৷
এই কেইখন উপন্যাসৰ পাছত ৰচিত হ’ল ৰজনীকান্ত বৰদলৈৰ প্ৰথম আৰু একমাত্ৰ সামাজিক উপন্যাস ‘মিৰি-জীয়ৰী’৷ প্ৰকাশৰ চন ১৯৯৪৷ পাছলৈ ঐতিহাসিক উপন্যাস ৰচনা কৰি ‘অসমৰ স্কট’, ‘উপন্যাস সম্ৰাট’ হিচাপে খ্যাতি অৰ্জন কৰা ৰজনীকান্ত বৰদলৈয়ে অসমৰ ভূমিপুত্ৰ মিচিংসকলৰ পটভুমিত এইখন প্ৰণয়মূলক উপন্যাস ৰচনা কৰিছিল৷ উল্লেখ্য যে এই সময়চোৱাত ৰচিত উপন্যাসসমূহৰ ভিতৰত এইখন উপন্যাস নিঃসন্দেহে উৎকৃষ্ট বুলি সত্যেন্দ্ৰনাথ শৰ্মাদেৱে মত পোষণ কৰিছে৷ ‘অনভিজ্ঞ নবীন লিখকৰ প্ৰথম স্তৰৰ ৰচনা কৰণেই উপন্যাস কেইখন ত্ৰুতিশূন্য নহয়’৷ আৰু ‘…উপন্যাস-সাহিত্যৰ ভেটি নিৰ্মাণ কৰাত এওঁলোকৰো বৰঙণি মুক্তকণ্ঠে স্বীকাৰ কৰিব লাগিব৷’
ইয়াৰ পাছত এই শতিকাটিত আৰু দুখন অসমীয়া উপন্যাস প্ৰকাশ পাইছিল৷ যথা— হৰেশ্বৰ শৰ্মা বৰুৱাৰ ‘কুসুম-কুমাৰী’ (১৮৯৮) আৰু মহীৰাম দাসৰ ‘হৰিদেও কানীয়াৰ কথা’ (১৮৯৮)৷ প্ৰস্তুতি কালত অনুবাদ উপন্যাসেৰে (১৮৪৮)অসমীয়া উপন্যাস সাহিত্যৰ ধাৰাটি আৰম্ভ হৈ ১৮৯১ চনত নিভাঁজ অসমীয়া উপন্যাস সৃষ্টিৰ পৰিক্ৰমাৰে ১৮৯৪ চনত ই ৰজনীকান্ত বৰদলৈৰ হাতত পল্লৱিত হৈ উঠে৷
Sir, এইখিনি পঢ়িলোঁ। ভাল লাগিল।
ReplyDelete