Tuesday, May 21, 2013

অসমীয়া সাহিত্যৰ বুৰঞ্জী (প্ৰথম অধ্যায়)



(টোকাঃ আমাৰ বাবে আচলতে এটা মৰসাহ - ইণ্টাৰনেটত উপলব্ধ হোৱাকৈ এখন অসমীয়া ভাষাৰ বুৰঞ্জী প্ৰস্তুত কৰাটো৷ বহু দিনৰে এটা হেঁপাহ আছিল - ইণ্টাৰনেটত অসমীয়া সাহিত্যৰ বুৰঞ্জী এখন লিখিব লাগিব৷ কাৰণ আজিৰ প্ৰজন্মই বেছিকৈ ইণ্টাৰনেটহে ব্যৱহাৰ কৰে৷ তেখেতসকলেও অসমীয়া-সাহিত্যৰ বুৰঞ্জী জানিবলৈ চেষ্টা কৰে৷ কামটো হাতত ল'বলৈ লওঁতে ভয়, দ্বিধা সকলোৱে জুমুৰি দিলেহি৷ তথাপিতো বেজবৰুৱাৰ দেশৰ যুবক হিচাপে কঁকালত টঙালি বান্ধি ল'লোঁ৷ তাতে এইজনা মহাপ্ৰাণ অসমীয়াৰ জন্ম শতবৰ্ষও আহি আছে৷ তেখেতৰ প্ৰতি শ্ৰদ্ধা নিৱেদন কৰিবলৈকে এই প্ৰকল্পটো হাতত ল'লো৷ মোৰ পৰিবাৰ জোনমণি গগৈয়েও বুৰঞ্জীখন লিখোতে মোক সহায় কৰিছে৷ এক কথাত এয়া আমাৰ দুয়োৰে যুটীয়া লেখাহে৷ প্ৰতি মাহতে একোটাকৈ খণ্ড লিখিবলৈ যত্ন কৰিম৷ ভুল হ'লে সুধীজনে আঙুলিয়াই দিলে সুখী হম৷ এই প্ৰৰিম্ভক লেখনিটোৰ কিছু অংশ ইউনিক'ডলৈ ৰূপান্তৰ কৰোতে Tezpur University, NLPLab এ নিৰ্মাণ কৰা Geetanjali to unicode converter v.10 ৰ সহায় লোৱা হৈছে৷)

প্ৰথম অধ্যায়

অসমীয়া সাহিত্যৰ যুগ বিভাজন আৰু অসমীয়া লোকসাহিত্য

১.১  অসমীয়া সাহিত্যৰ যুগ বিভাজন :

যিকোনো জাতিৰ সাহিত্য পৰিক্ৰমাত প্ৰথমে মৌখিক সাহিত্যৰ সৃষ্টি হয়৷ মৌখিক সাহিত্যই ক্ৰমবিৱতৰ্নেৰে পৰৱৰ্তী কালত লিখিত সাহিত্যৰ ৰূপ পৰিগ্ৰহ কৰে৷ অসমীয়া সাহিত্যও ইয়াৰ ব্যতিক্ৰম নহয়৷ আজিৰ অসমীয়া সাহিত্যয়ো বিভিন্ন অৱস্থাৰ মাজেদি আহি বতৰ্মানৰ অৱস্থাত উপনীত হৈছেহি৷ প্ৰণিধানযোগ্য যে অসমীয়া সাহিত্যৰ যুগ বিভাজনৰ ক্ষেত্ৰত সাহিত্যৰ বুৰঞ্জীকাৰসকলৰ মাজত মতৰ মিল থকা দেখা নাযায়৷ তথাপিও সকলোৰে মত পৰ্যালোচনা কৰি অসমীয়া সাহিত্যক মূলতঃ তিনিটা প্ৰধান ভাগত বিভাজন কৰি আলোচনা কৰিব পাৰি৷ যথা-
(ক) আদি যুগ : উদ্ভৱ কালৰ সাহিত্য (আৰম্ভণিৰ পৰা চতুদৰ্শ শতিকা)
(খ) মধ্যযুগ :
(১) প্ৰাক্-শংকৰী যুগ (চতুদৰ্শ শতিকাৰ পৰা পঞ্চদশ শতিকাৰ শেষ ভাগলৈ)
(২) শংকৰী যুগ (পঞ্চদশ শতিকাৰ শেষ ভাগৰ পৰা সপ্তদশ শতিকাৰ আদি ভাগলৈকে)
(৩) শংকৰোত্তৰ যুগ (সপ্তদশ শতিকাৰ আদি ভাগৰ পৰা ঊনবিংশ শতিকাৰ আদি ভাগলৈ)
(গ) বতৰ্মান যুগ :
(১) অৰুণোদয় যুগ (১৯২৬ৰ পৰা ১৮৮৯)
(২) জোনাকী যুগ (১৮৮৯ৰ পৰা ১৯৪০)
(৩) সাম্প্ৰতিক যুগ (১৯৪০ৰ পৰা বৰ্তমান কাললৈ)
ইয়াৰে সাম্প্ৰতিক যুগটিক পুনৰ কেইবাটিও সৰু সৰু ভাগত বিভাজন কৰাও দেখা যায়৷ 
ইতিমধ্যেই উল্লেখ কৰা হৈছে যে সাহিত্যই লিখিত ৰূপ পৰিগ্ৰহ কৰাৰ আগতে মৌখিকভাৱে বা মুখে মুখে প্ৰচলিত হৈ থাকে৷ কোনো ভাষাৰ লিখিত সাহিত্য সম্পৰ্কে অধ্যয়ন কৰাৰ পূৰ্বে সেই ভাষাৰ মৌখিক বা লোকসাহিত্য সম্পৰ্কে সম্যক ধাৰণা থকাৰ প্ৰয়োজনীয়তা আছে৷ অসমীয়া লিখিত সাহিত্যৰ প্ৰথম নিদৰ্শন হিচাপে চিহ্নিত 'চৰ্যাপদ'সমূহ অষ্টম শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত ৰচিত বুলি পণ্ডিতসমাজে মত পোষণ কৰে৷ এই চৰ্যাপদসমূহৰ আগতেও অসমীয়া লোকসমাজত অলিখিতভাৱে বিভিন্ন সাহিত্য প্ৰচলন হৈ থকাৰ প্ৰমাণ পোৱা যায়৷ এই সকলোবোৰকে মৌখিক সাহিত্য বা লোকসাহিত্য বুলি কোৱা হয়৷ অসমীয়া সমাজ সংস্কৃতি পৰম্পৰাৰ বিষয়ে জানিবলৈ হ'লে আমি এই মৌখিক সাহিত্যসমূহ অধ্যয়ন কৰাৰ প্ৰয়োজন আছে৷ অতীত কালৰে পৰা পৰম্পৰাগতভাৱে মুখে মুখে চলি অহা বিবিধ গীত-মাত, সাধুকথা, ফকৰা-যোজনা, প্ৰবাদ-পটন্তৰ, সাঁথৰ, সামাজিক ৰীতি-নীতি, জনবিশ্বাস, ধৰ্মীয় আচাৰ-বিচাৰ আদিকে আধাৰ হিচাপে লৈ ৰচনা কৰা ৰসাল আৰু অথৰ্ব্যঞ্জক কমৰ্ৰাজিয়েই লোকসাহিত্যৰ অন্তভুৰ্ক্ত৷ 
অষ্টম শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত ৰচিত 'চৰ্যাপদ'সমূহেই অসমীয়া লিখিত সাহিত্যৰ আদি নিদৰ্শন৷ চৰ্যাপদসমূহত অসমীয়াৰ উপৰি হিন্দী, মৈথিলী, বাংলা, উড়িয়া আদি আধুনিক ভাৰতীয় ভাষাসমূহৰো আদি স্তৰৰ ভাষাৰ নিদশৰ্ন আছে৷ এই চৰ্যাপদসমূহৰ সমসাময়িকভাৱে অসমীয়া আৰু বাংলা ভাষাৰ নিদশৰ্ন থকা আৰু এক শ্ৰেণীৰ সাহিত্যও সৃষ্টি হৈছিল৷ সেই সাহিত্যসমূহত উভয় ভাষাৰে কিছুমান লক্ষণ পৰিদৃষ্ট হৈছে৷ সেইবাবে এই সাহিত্যৰাজিক সমপূৰ্ণৰূপে অসমীয়া বা সমপূৰ্ণৰূপে বাংলা ভাষাৰ সাহিত্য হিচাপে চিহ্নিত নকৰি 'মিশ্ৰ অসমীয়া সাহিত্য' বুলি কোৱা হয়৷ 'শ্ৰীকৃষ্ণ কীতৰ্ন' আৰু 'শূন্যপুৰাণ' 'মিশ্ৰ অসমীয়া সাহিত্য'ৰ অন্তৰ্ভুক্ত৷ বিবিধ মৌখিক সাহিত্য, চৰ্যাপদ আৰু এই মিশ্ৰ অসমীয়া সাহিত্যৰাজিক লৈয়েই অসমীয়া সাহিত্যৰ উদ্ভৱ কালটি সৃষ্টি হৈছে; অৰ্থাৎ উদ্ভৱ কালৰ অসমীয়া সাহিত্যত এই তিনি শ্ৰেণীৰ সাহিত্য অন্তৰ্ভুক্ত হৈ আছে৷ 

১.২  অসমীয়া লোকসাহিত্য :

অসমীয়া লোকসাহিত্য সম্পৰ্কে আলোচনাত প্ৰবৃত্ত হোৱাৰ আগতে আমি লোকসাহিত্য মানেনো কি সেই বিষয়ে জনা উচিত৷ লোকসাহিত্য বুলিলে সাধাৰণতে পৰম্পৰাগতভাৱে জনসমাজৰ মুখে মুখে চলি অহা কাহিনী, আখ্যান, বেলাড গীত, যোজনা পটন্তৰ, নাটকীয় কাহিনী আদিৰ সমাহাৰকে বুজা যায়৷ লোকসাহিত্যক 'বাচিক কলা' 'মৌখিক সাহিত্য' 'অলিখিত সাহিত্য' 'চহা সাহিত্য' 'লৌকিক সাহিত্য' আদি বিভিন্ন অভিধাৰেও অভিহিত কৰা হয়৷ লোকসাহিত্যৰ ৰচয়িতা কোন সেয়া নিৰ্ণয় কৰা কঠিন আৰু মৌখিক পৰম্পৰা অনুক্ৰমে প্ৰবাহমান বাবে আঞ্চলিক ৰূপ বা পাঠান্তৰ থকাও পৰিলক্ষিত হয়৷ তদপুৰি ব্যক্তি নিৰপেক্ষ ৰূপো ইয়াৰ এক উল্লেখযোগ্য বৈশিষ্ট্য৷ মৌখিক সাহিত্য বা লোকসাহিত্যই সঘনে লিখিত পৰম্পৰা বা সাহিত্যত প্ৰৱেশ কৰিব পাৰে৷ ঠিক সেইদৰে লিখিত সাহিত্যয়ো লোকসাহিত্যত প্ৰৱেশ কৰিব পাৰে৷ লোকসাহিত্যৰ মূল বৈশিষ্ট্য হ'ল অনুভূতিৰ অকৃত্ৰিমতা আৰু স্বতঃস্ফূৰ্ততা৷ প্ৰাকৃতিক জগতৰ লগত ইয়াৰ সম্পৰ্ক অতি নিবিড়৷ তদপুৰি লোকসাহিত্যৰ উপাদানৰাজি অনুষ্ঠেয় কলাৰ সৈতে সম্পৃক্ত, কাৰণ ই এক সামাজিক ব্যাপাৰ আৰু সেইবাবেই ইয়াৰ সামাজিক প্ৰকাৰ্য অস্বীকাৰ কৰিব নোৱাৰি৷ এই প্ৰসংগৰ আঁত টানি ক'ব পাৰি যে অতীত, বতৰ্মান আৰু ভৱিষ্যতৰ সীমাৰেখাৰে লোকসাহিত্য সীমিত নহয়৷ লোকসাহিত্য সংস্কৃতিৰ সোণসেৰীয়া উপাদান৷ সমাজৰ দৈনন্দিন জীৱন পদ্ধতি, চিন্তা-চৰ্চা, বিশ্বাস, পৰম্পৰা, সংস্কাৰ আদিৰ ই এক সমৃদ্ধ ভঁৰাল৷ অসমীয়া জনসমাজত প্ৰচলিত এনেবোৰ বিবিধ উপাদানেৰেই অসমীয়া জাতীয় জীৱনৰ পৰিচয় দাঙি ধৰিব পৰাকৈ অসমীয়া লোকসাহিত্যৰ ভঁৰাল বিভিন্ন উপকৰণেৰে ঠাহ খাই আছে৷ ৰূপ, বিষয়বস্তু, শৈলী, সংযুতি, জমিন, পাঠ, প্ৰসংগ বা অনুষঙ্গ, প্ৰকাৰ্য, প্ৰয়োগ, ৰূপক, অৰ্থ আদি বিভিন্ন দিশেৰে লোকসাহিত্যক শ্ৰেণী বিভাজন কৰি বিচাৰ বিশ্লেষণ কৰিব পাৰি৷ পূবৰ্তে কেৱল বিষয়বস্তুৰ ফালৰ পৰা লোকগীত, সাধুকথা, আৰু ফকৰা-যোজনা, প্ৰবাদ-পটন্তৰ, সাঁথৰ আদি ভাগত লোকসাহিত্যক বিভাজন কৰি আলোচনা কৰা হৈছিল৷ সাম্প্ৰতিক সময়ত অৱশ্যে বিভিন্ন দৃষ্টিভংগীৰে লোকসাহিত্যক বিভাজন কৰি আলোচনা কৰা হয়৷ সেইকেইটা হ'ল-
ক) জাতিগত শ্ৰেণীবিভাজন
খ) তাত্ত্বিক শ্ৰেণীবিভাজন
গ) বিষয়বস্তু অনুসৰি কৰা শ্ৰেণীবিভাজন
ঘ) প্ৰকাৰ্যাত্মক শ্ৰেণীবিভাজন
ঙ) অনুষঙ্গগত শ্ৰেণীবিভাজন
চ) আঞ্চলিক শ্ৰেণীবিভাজন 

ক) জাতিগত শ্ৰেণীবিভাজন : সাংস্কৃতিক পদ্ধতিৰে লোকসাহিত্যক বিভাজন কৰা পদ্ধতিটোকে জাতিগত শ্ৰেণী বিভাজন বুলি কোৱা হয়৷ প্ৰত্যেকটো জাতি-জনজাতি নৃ-গোষ্ঠীৰ মাজত লোকসাহিত্যৰ বিভিন্ন বিভাগসমূহ সূচাবলৈ বিভিন্ন পৰিভাষাৰ ব্যৱহাৰ কৰা হয়৷ উদাহৰণস্বৰূপে অসমৰ সাধুকথাক সূচাবৰ বাবে 'সাধু' 'সাধুকথা' 'উপকথা' 'উককথা' 'সাজোকথা' 'গোসাঁইকথা' 'কিচ্ছা' ইত্যাদি পৰিভাষাৰ ব্যৱহাৰ কৰা যায়৷ উল্লেখযোগ্য যে জাতিগত শ্ৰেণীবিভাজনক অন্য প্ৰকাৰে নৃ-গোষ্ঠীগত শ্ৰেণীবিভাজন বুলিও ক'ব পাৰি৷ তদপুৰি এইবিধ শ্ৰেণীবিভাজনক স্থানীয় শ্ৰেণীবিভাজন বুলি ক'লেও ৰজিতা খায়৷
খ) তাত্ত্বিক শ্ৰেণীবিভাজন : লোকসাহিত্যৰ পাঠ পদ্ধতিগতভাৱে সু-সংবদ্ধ সংগঠনৰ আৰ্হি প্ৰদশৰ্নৰে বিভাজন কৰা প্ৰথাটোকে তাত্ত্বিক শ্ৰেণীবিভাজন বুলি কোৱা হয়৷ বিদ্যায়তনিক দৃষ্টিভংগী তথা আন্তৰ্জাতিক শ্ৰেণীবিভাজনৰ প্ৰতি দৃষ্টি ৰাখি লোকসাহিত্যৰ বিভিন্ন পাঠক ভাগ কৰা হয় এই তাত্ত্বিক শ্ৰেণীবিভাজনত৷ তাত্ত্বিক শ্ৰেণীবিভাজনৰ আৰ্হি অনুসৰি লোকসাহিত্যৰ পাঠ কেইবাটাও ভাগত শ্ৰেণীবিভাজন কৰি আলোচনা কৰা হয়৷ যথা-
          (১) লোককবিতা বা লোকগীত
(২) গদ্যধৰ্মী লোককথা
(৩) প্ৰবচন-লোকোক্তি-যোজনা আৰু পটন্তৰ 
(৪) সাঁথৰ, দৃষ্টান্ত
(৫) লোকভাষা৷ 
এই পাঁচটা ভাগক পুনৰ কেইবাটিও সৰু সৰু উপ-ভাগত ভাগ কৰি আলোচনা কৰা হয়৷ 
গ) বিষয়বস্তু অনুসৰি শ্ৰেণীবিভাজন : লোকসাহিত্যৰ বিভিন্ন উপাদানসমূহৰ বিষয়বস্তু অনুসৰি শ্ৰেণীভুক্ত বা পৰ্যায়ভুক্ত কৰা পদ্ধতিটোৱে হ'ল বিষয়বস্তু অনুসৰি কৰা শ্ৰেণীবিভাজন৷ সাধাৰণতে আঠোটা ভাগত ভাগ কৰি বিষয়বস্তুগত শ্ৰেণী বিভাজন কৰা হয়-
          (১) অনুৰাগ আসক্তি প্ৰেম-প্ৰণয় আৰু বিৰহ-মিলন বিষয়ত গীত-পদ বা বাচিক কলা 
(২) ভক্তিমূলক বা ভক্তি প্ৰধান বা ভক্তি বিষয়ক গীত-পদ বা বাচিক কলা
(৩) দাশৰ্নিক ভাবপ্ৰধান গীত-পদ ব বাচিক কলা
(৪) ব্যঙ্গপ্ৰধান বা ব্যঙ্গ বিষয়ক গীত-পদ বা বাচিক কলা 
(৫) হাস্য প্ৰধান বা হাস্য বিষয়ক গীত-পদ বা বাচিক কলা 
(৬) আৰ্থ-সামাজিক ভাব প্ৰধান গীত-পদ বা বাচিক কলা
(৭) আশা-আকাংক্ষা আৰু উৎসাহ-উদ্দীপনা বিষয়ক গীত-পদ বা বাচিক কলা
(৮) ঐতিহাসিক, ৰাজনৈতিক আদি বিষয়ক গীত-পদ বা বাচিক কলা৷ 

ঘ) প্ৰকাৰ্যাত্মক শ্ৰেণীবিভাজন : লোকসাহিত্যৰ বিভিন্ন উপাদানৰাজিৰ আছে সুনিৰ্দিষ্ট সামাজিক প্ৰকাৰ্য৷ এনেদৰে নিৰ্দিষ্ট প্ৰকাৰ্য আধাৰত লোকসাহিত্যৰ শ্ৰেণীবিভাজন কৰা পদ্ধতিটোকেই প্ৰকাৰ্যাত্মক শ্ৰেণীবিভাজন বোলা হয়৷ 
ঙ) অনুষঙ্গগত শ্ৰেণীবিভাজন : আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে লোকসাহিত্যৰ উপাদানৰাজি অনুষ্ঠেয় কলাৰ সৈতে সংপৃক্ত৷ অৰ্থাৎ সমাজৰ একোটা নিৰ্দিষ্ট পৰিস্থিতিত এইবোৰ কোৱা হয়, গোৱা হয় বা আবৃত্তি কৰা হয়৷ এই সামাজিক পৰিস্থিতিবোৰকেই একোটা প্ৰসংগ বা অনুষঙ্গবোলে৷ এনেদৰে অনুষঙ্গগতভাৱে লোকসাহিত্যক শ্ৰেণীবিভাজন কৰাটোকেই অনুষঙ্গগত শ্ৰেণীবিভাজন বোলা হয়৷ উদাহৰণস্বৰূপে বিহু সম্পৰ্কে নাজানিলে বিহুগীতৰ বিষয়ে সঠিকভাৱে ধাৰণা লাভ কৰিব নোৱাৰি৷ ইয়াৰ পৰা সহজে অনুমেয় যে লোকসাহিত্যৰ উপাদানৰাজি ভালদৰে অনুধাৱন কৰিবলৈ হ'লে তাৰ অনুষঙ্গৰ বিষয়েও সম্যক ধাৰণা থকা উচিত৷ সেইবাবে প্ৰসংগ অনুসৰিহে লোকসাহিত্য বিভাজিত হোৱা উচিত বুলি এচাম লোকসংস্কৃতিবিদে মন্তব্য কৰে৷ 
চ) আঞ্চলিক শ্ৰেণীবিভাজন : লোকসাহিত্যক আঞ্চলিক বৈশিষ্ট্যৰাজিৰ আধাৰত বা ভৌগোলিক বৈশিষ্ট্যৰাজিৰ আধাৰতো শ্ৰেণীবিভাজন কৰা দেখা যায়৷ এনেদৰে কৰা বিভাজনকেই আঞ্চলিক শ্ৰেণীবিভাজন বোলে৷ উল্লেখযোগ্য যে আঞ্চলিক শ্ৰেণীবিভাজনত গুৰুত্ব লাভ কৰে সেই অঞ্চলত প্ৰচলিত ভাষিক ৰূপটোৱে৷ ইয়াকে আমি লোকসাহিত্যৰ উপাদানৰাজিৰ জমিন (Text)বুলি আখ্যা দিব পাৰোঁ৷
এনেদৰে বিভিন্ন ধৰণে লোকসাহিত্যক বিভাজন কৰি আলোচনা কৰা যায় যদিও তাত্ত্বিকগত শ্ৰেণীবিভাজন আৰু অনুষঙ্গগত শ্ৰেণীবিভাজনহে বিজ্ঞানসন্মত বুলি লোকসংস্কৃতিবিদসকলে বিবেচনা কৰিছে৷ আমাৰ এই সাহিত্যৰ বুৰঞ্জীটো শ্ৰেণীবিভাজনৰ ক্ষেত্ৰত তাত্ত্বিকগত শ্ৰেণীবিভাজনটিকেই আধাৰ হিচাপে লোৱা হ'ব৷ আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে তাত্ত্বিকগত শ্ৰেণীবিভাজনত লোকসাহিত্যৰ পাঠসমূহ পুনৰ পাঁচটা ভাগত ভাগ কৰি আলোচনা কৰিব পাৰি৷ ইয়াৰ আধাৰতেই অসমীয়া লোকসাহিত্যৰ পাঠসমূহক তলত বহলাই আলোচনা কৰা হ'ব৷
  
·         লোককবিতা বা লোকগীত

লোক কবিতাৰাজিকেই লোকগীত বুলি অভিহিত কৰা হয়৷ মানৱ সভ্যতা আৰু সংস্কৃতিৰ কঠীয়াতলিতেই ইয়াৰ জন্ম আৰু বিকাশ সাধন হৈছে৷ ই হ'ল চহা প্ৰাণৰ মুক্ত পৰিস্ফূৰণ আৰু মৌলিক ভাবাবেগৰ অকৃত্ৰিম প্ৰকাশ৷ লোকগীতসমূহক পুনৰ কেইবাটাও সৰু সৰু বিভাগত বিভাজিত কৰি আলোচনা কৰা হয় যথা- মালিতা, ধৰ্মীয় গীত, কৰ্ম গীত, প্ৰণয় গীত, উৎসৱ-অনুষ্ঠানৰ সৈতে জড়িত গীত, সংস্কাৰমূলক কৃত্যৰ সৈতে জড়িত গীত, তত্ত্বপূৰ্ণ বা দাৰ্শনিক ভাবপ্ৰধান গীত, ল'ৰা-ছোৱালীৰ সৈতে জড়িত গীত ইত্যাদি৷ অসমীয়া লোকগীতসমূহলৈ চকু ফুৰালেই আমি এই বিভাজনকেইটা সুন্দৰভাৱে অনুধাৱন কৰিব পাৰিম৷

Ø    মালিতা : ইংৰাজী 'বেলাড' শব্দটোৰ সমাৰ্থক অৰ্থত অসমীয়া 'মালিতা' শব্দটো ব্যৱহাৰ কৰা হৈছে৷ বেলাড বা মালিতা নৃত্যৰ পৰপিূৰকভাৱে সুৰ লগাই গোৱা হয় আৰু তাৰ মাজেৰে একোটা কাহিনী বৰ্ণনা কৰা হয়৷ সাধাৰণতে বেলাডত একক কাহিনীৰ বণৰ্না থাকে৷ অসমীয়াত মালিতা শব্দটো 'মালা' শব্দৰ পৰা আহৃত, ফুলৰ মালাৰ দৰে ধাৰাবাহিকভাৱে ইয়াত কোনো কাহিনী গাঁথি থোৱা থাকে - সেইবাবেই মালিতা৷ অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত বিভিন্ন ধৰণৰ মালিতাৰ প্ৰচলন আছে৷ মালিতাক আকৌ বিভিন্ন ভাগত ভাগ কৰা হয়৷
§    পুৰাণগত মালিতা (Mythical ballad) : কোনো ধৰ্মীয় অনুষঙ্গত জগৎসৃষ্টিৰ বণৰ্না, ধৰ্মীয় কৃত বা ইয়াৰ লগত জড়িত সমলৰাজিৰ উৎপত্তিৰ বিষয়ে যি মিথধৰ্মী কাহিনী গোৱা হয় তাকে পুৰাণগত মালিতা বুলি অভিহিত কৰা হয়৷ সোণোৱাল কছাৰীসকলৰ মাজত প্ৰচলিত 'হাইদাং গীত' অসমীয়া পুৰাণগত মালিতাৰ উদাহৰণ৷
§    নৈদানিক মালিতা (Etiological ballad): পুৰাণগত মালিতাৰ লগত নৈদানিক মালিতাৰ বিষয়বস্তু, সংযুতি আৰু অনুষঙ্গৰ সাধাৰণতে মিল দেখা যায়৷ এই মালিতাতো জগৎ সৃষ্টি, বিভিন্ন বস্তুৰ উৎপত্তি, প্ৰাকৃতিক ব্যাপাৰৰ ব্যাখ্যা, পবৰ্ত-পাহাৰ আদিৰ জন্মৰ বণৰ্না থাকে৷ পূজা-উপাসনাৰ প্ৰসংগত গোৱা পিঠাগুড়ি, ঢেকী, ঘট, কলহ, চৰু আদিৰ জন্ম সম্পৰ্কীয় গীতবোৰেই নৈদানিক মালিতা৷ মনসা পূজাত ওজাপালিয়ে গোৱা বিভিন্ন জন্ম সংক্ৰান্তীয় গীত, ব্যাসৰ ওজাপালিয়ে - বাসুদেৱ পূজা, জাগৰ পূজা আদিত গোৱা জাগৰৰ জন্ম, বিভিন্ন ৰাগ-ৰাগিনীৰ জন্ম সম্পৰ্কীয় গীতবোৰেই নৈদানিক মালিতা৷
§    ঐতিহাসিক মালিতা (Historical ballad): কোনো ঐতিহাসিক ঘটনাৰ আধাৰত ৰচিত মালিতাই হ'ল ঐতিহাসিক মালিতা৷ যেনে - বদন বৰফুকনৰ গীত, মণিৰাম দেৱানৰ গীত, পথৰুঘাটৰ ৰণ, ফুলগুৰিৰ ধেঁৱা আদিয়েই ঐতিহাসিক মালিতা৷
§    জনশ্ৰুতিমূলক মালিতা (Legendary ballad): লোকসমাজত প্ৰচলিত জনশ্ৰুতিৰ আধাৰত যিবোৰ মালিতা ৰচনা কৰা হয় সেইবোৰেই জনশ্ৰুতিমূলক মালিতা৷ উদাহৰণস্বৰূপে- বেউলা-লখাই গীত, কেন্দু কলাই গীত আদি৷
§    যাদুমূলক বা বিস্ময়াবহ বা অলৌকিক মালিতা (Magical or wonderous or Supernatural ballad): যিবোৰ মালিতাত যাদুমূলক বা বিস্ময়াবহ বা অলৌকিক কাহিনী বণৰ্না কৰা হয় সেইবোৰকে যাদুমূলক বা বিস্ময়াবহ বা অলৌকিক মালিতা বোলা হয়৷ এইবোৰ মালিতাত সাধাৰণ মানুহৰ অলৌকিক জগতৰ সৈতে সংঘটিত সংঘৰ্ষ আৰু অলৌকিক শক্তিৰ সহায়েৰে অতিলৌকিক কাৰ্য সম্পাদন কৰা কাহিনী বৰ্ণিত হয়৷ যেনে- মণিকোঁৱৰৰ গীত, ফুলকোঁৱৰৰ গীত, চিকন সৰিয়হৰ গীত, জনাগাভৰুৰ গীত, কমলা কুঁৱৰীৰ গীত আদি৷
§    ব্যংগাত্মক মালিতা (Satirical ballad): সমাজ সংশোধন বা সংস্কাৰ কৰাৰ আপাহেৰে ব্যংগাত্মকভাৱে ৰচিত মালিতাৰাজিকে ব্যংগাত্মক মালিতা বুলি কোৱা হয়৷ সাধাৰণতে আকস্মিক আৰু মৌখিকভাৱে এই বিধ মালিতা ৰচনা কৰা হয়৷ ভাইৰা, ভাৱৰীয়া, বহুৱা, ওজাপালি আদি চৰিত্ৰই এই শ্ৰেণী মালিতাৰ ৰচক৷ উদাহৰণস্বৰূপে - ভাউৰাৰ গীত, ভূঁইকপৰ গীত, মলুৱাৰ গীত আদি৷
§    বাৰমাহীৰ গীত : বাৰমাহীৰ গীতসমূহো মালিতাৰে এক বিশেষ অংশ৷ ভাৰতৰ আন আন প্ৰদেশবিলাকত প্ৰচলিত 'বাৰমাহীৰ গীত', 'বাৰমাসীৰ গীত', 'বাৰমাসাৰ গীত'ৰ দৰে অসমতো প্ৰচলিত 'মধুমতীৰ গীত', 'জয়ধন-বনিয়াৰ গীত', 'শান্তি বাৰমাহী', 'ৰাম বাৰমাহী', 'কন্যা বাৰমাহী' আদি এই শ্ৰেণীৰ গীতৰ প্ৰকৃষ্ট উদাহৰণ৷ উল্লেখযোগ্য যে বাৰমাহীৰ গীতবোৰৰ বাস্তৱ অভিজ্ঞতাৰ প্ৰতিফলনৰ লগতে প্ৰেম-প্ৰীতিৰ কথাও বণৰ্না কৰা হয়৷ সেইবাবে ইয়াক বাস্তৱানুগত মালিতা বুলিও ক'ব পাৰি৷

Ø    ধৰ্মীয় গীত : কোনো ধৰ্মীয় প্ৰসংগ, দেৱ-দেৱীৰ উৎপত্তি বা দেৱ-দেৱীৰ পূজা-উপাসনাৰ প্ৰসংগত গোৱা গীতসমূহেই ধৰ্মীয় গীত৷ ধৰ্মীয় পৰাকাষ্ঠা এই শ্ৰেণী গীতৰ উল্লেখযোগ্য বৈশিষ্ট্য৷ যেনে _ আইনাম, সদাশিৱৰ নাম, জগন্নাথ পূজাৰ নাম, সুবচনীৰ নাম, মনসা পূজাৰ গীত, লখিমী সবাহৰ গীত, গোসাঁনীৰ নাম, অপেশ্বৰী সবাহৰ গীত, সোনাৰাই পূজাৰ গীত, কাতি পূজাৰ গীত, বাঁশ পূজাৰ গীত, হুদুম পূজাৰ গীত আদি৷ 
Ø   প্ৰণয় গীত : সাধাৰণতে পূবৰ্ৰাগ, অনুৰাগ, সম্ভোগ, বিপ্ৰলম্ভ, মিলন আদি ভাব বিশিষ্ট লিৰিকধৰ্মী গীতবোৰেই হ'ল প্ৰণয়মূলক গীত৷ বিহুগীত, ঐনিঃতম, সাথাৰ, বৈশাগু আদি প্ৰণয় গীত৷ উদাহৰণস্বৰূপে- মাতৰে লেতেৰা কেতেৰা জেঙেৰা/ভোগদৈ লেতেৰা পানী/ছোৱালী লেতেৰা বিজুলী চকুৱা/মুখত মিঁচিকিয়া হাঁহি৷ 
Ø   কৰ্ম গীত : শ্ৰম কৰোঁতে আনন্দ লভাৰ লগতে ভাগৰ-অৱসাদ আদি দূৰ কৰি নতুন উৎসাহেৰে কৰ্ম-সম্পাদন কৰিবলৈ গোৱা গীতবোৰেই হ'ল কৰ্ম গীত৷ অতি পুৰণি কালৰে পৰা ম'হ বা গৰুগাড়ীৰ চালক, নাৱৰীয়া, হালুৱা, কুমাৰ, কমাৰ, খৰিকটীয়া, মৈষাল, হাতী মাহুত, মাছমৰীয়া, শিপিনী, দাৱনী, ৰোৱনী আদিয়ে কমৰ্ৰ পাৰদৰ্শিতা বৃদ্ধি কৰাৰ লগতে অৱসাদ বিদুৰণৰ কাৰণে কৰ্ম বিষয়ৰ গীত গাই আহিছে৷ উদাহৰণস্বৰূপে - বৈঠা মাৰোঁ বৈঠা মাৰোঁ ৰে/ অ' বাইচাৰ ভাইয়া ৰে৷ (নাওখেলৰ গীত)
          প্ৰসংগক্ৰমে উল্লেখ কৰা হ'ল যে লোকসাহিত্যত কৰ্মগীত বুলি উপ-বিভাগ এটা হোৱাটো উচিত নে অনুচিত এই সম্পৰ্কে লোকসংস্কৃতিবিদসকলৰ মাজত মত বিৰোধ বিদ্যমান৷ কিছুমানৰ মতে যিকোনো গীতেই কৰ্মগীত বা শ্ৰমগীত হ'ব পাৰে৷ 
Ø    উৎসৱ-অনুষ্ঠানৰ লগত জড়িত গীত : উৎসৱ-অনুষ্ঠানৰ বিবিধ সংযুতিত গীত-পদৰ লগতে নৃত্যই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে৷ বিভিন্ন পৰম্পৰাগত উৎসৱ-অনুষ্ঠানবোৰত পৰিৱেশন কৰা গীতসমূহেই উৎসৱ-অনুষ্ঠানমূলক গীত৷ অসমতো বাৰ মাহত তেৰটা উৎসৱ পালিত হয় আৰু এইবোৰৰ ভিতৰত কৃষিভিত্তিক বা ঋতুকালীন উৎসৱ-অনুষ্ঠানৰ সংখ্যাই অধিক৷ বিহু উৎসৱৰ অন্তৰ্গত বিহুগীত, বৈশাগু, বায়খু, আলি আয়ে লৃগাং, বাম্বুলপিতা, ভঠেলি, পাউৰাতোলা, মহোহো; বিবাহ উৎসৱ উপলক্ষে গোৱা পানীতোলা, গোঁসাই পূজা কৰা, দৰা-কইনাক গা-ধুৱা, যোৰা নাম বা খিচা গীত আদি উৎসৱ-অনুষ্ঠানমূলক গীতৰ ভিতৰত পৰে৷ 
Ø    সংস্কাৰমূলক কৃত্যৰ লগত জড়িত গীত : মানুহে সামাজিক জীৱনত বিভিন্ন সংস্কাৰমূলক কৃত্যৰ লগত জড়িত হ'বলগীয়া হয়; যেনে- জন্ম-বিবাহ আৰু মৃত্যুৰ লগত জড়িত কৃত৷ এই সংস্কাৰমূলক কৰ্মত গোৱা গীতসমূহেই সংস্কাৰমূলক কৃত্যৰ লগত জড়িত গীত৷ কাৰ্বিসকলে শ্ৰাদ্ধত গোৱা চমাংকান গীতসমূহ এনে গীতৰ উদাহৰণ৷ 
Ø    দাশৰ্নিক ভাব প্ৰধান গীত : সংসাৰৰ অনিত্যতা সম্পৰ্কে তাত্ত্বিক ভাব সন্নিবিষ্ট কিছু গীতো লোকসমাজত প্ৰচলিত৷ এনে গীতবোৰকে দাশৰ্নিক ভাব প্ৰধান গীত বোলা হয়৷ অসমীয়া জনসমাজত প্ৰচলিত 'দেহ বিচাৰৰ গীত', 'টোকাৰী গীত', 'জিকিৰ'সমূহ এই শ্ৰেণীৰ গীতৰ প্ৰকৃষ্ট উদাহৰণ৷
Ø    কেঁচুৱা ল'ৰা-ছোৱালীৰ সৈতে জড়িত গীত : কেঁচুৱা বা শিশুসকলৰ মনোৰঞ্জন, খেল-ধেমালি, নিচুকাব আৰু টোপনি নিয়াবৰ বাবে সৰ্বসমাজতে বিবিধ গীতৰ প্ৰচলন আছে৷ এই সকলোবোৰকে কেঁচুৱা ল'ৰা-ছোৱালীৰ সৈতে জড়িত গীত বোলা হয়৷ অসমীয়া গীতৰ ভঁৰাল এই ক্ষেত্ৰত অতিকে চহকী৷

·         গদ্যধৰ্মী লোককথা :

লোকসাহিত্যৰ দ্বিতীয় বিভাগটিয়েই হৈছে গদ্যধৰ্মী লোককথা৷ গদ্যৰূপত প্ৰচলিত পৰম্পৰাগত মৌখিক কাহিনীসমূহক গদ্যধৰ্মী লোককথা বোলে৷ বিষয়বস্তুৰ সংযুতি আৰু প্ৰসংগ অনুসৰি ইয়াক আকৌ তিনিটা উপবিভাগত ভগাব পাৰি৷
  • পুৰাণকথা, পুৰাকথা বা পুৰাবৃত্ত বা অতিকথা (Myth)
  • জনশ্ৰুতিমূলক বা জনশ্ৰুতিগত কথা বা কাহিনী (Legend)
  • সাধুকথা, সাধু, সাজোকথা, উপকথা, উককথা, কিচ্ছা, কাহিনী (tale) আদি৷

  • পুৰাণকথা, পুৰাকথা বা পুৰাবৃত্ত বা অতিকথা : অতি পুৰণি কালত উৎপত্তি হোৱা আৰু সত্য বুলি গণ্য কৰা পৰম্পৰাগত কাহিনীসমূহ এই শাখাৰ অন্তৰ্গত৷ কোনো জনগোষ্ঠীৰ সৃষ্টিতত্ত্ব আৰু অলৌকিক পৰম্পৰা, তেওঁলোকৰ উপাস্য দেৱ-দেৱীৰ কাহিনী, সাংস্কৃতিক লক্ষণ আদিয়েই ইয়াৰ প্ৰধান উপজীব্য৷ এইবোৰ মূলতঃ ধৰ্মীয় বিশ্বাসৰ ভেটিতে সৃষ্টি হয়৷ অসমৰ বিভিন্ন জনগোষ্ঠীসমূহৰ মাজত প্ৰচলিত তেওঁলোকৰ দেৱ-দেৱীৰ জন্ম কাহিনী; যেনে- 'লক্ষ্মীদেৱীৰ জন্ম', 'মনসা বা পদ্মাৰ জন্ম', 'কুমাৰৰ জন্ম'; মিচিংসকলৰ মাজত প্ৰচলিত 'দঃঞিঃ-পঃলৰ কাহিনী' আদিয়েই এই শ্ৰেণীবিভাগৰ অন্তৰ্গত৷
  • জনশ্ৰুতিমূলক বা জনশ্ৰুতিগত কথা বা কাহিনী : জনশ্ৰুতিগতভাৱে কোনো সমাজৰ ধৰ্মীয় প্ৰসংগত গেয় বা আবৃত্তি কৰা সাধু পুৰুষ, শ্বহীদৰ জীৱন বৃত্তৰ কাহিনীয়েই এই শ্ৰেণীত অন্তৰ্ভুক্ত৷ যেনে- ৰাভাসকলৰ মাজত প্ৰচলিত 'দদান বীৰৰ কাহিনী', কাৰ্বিসকলৰ মাজত প্ৰচলিত 'ৰং ফাৰপি ৰংবে'ৰ কাহিনী আদি এনে গদ্যধৰ্মী লোককথাৰ প্ৰকৃষ্ট উদাহৰণ৷
  • সাধুকথা, সাধু, সাজোকথা, উপকথা, উককথা, কিচ্ছা, কাহিনী : Tale শব্দটিৰ পৰিভাষা হিচাপেই অসমত এই অভিধাকেইটা প্ৰয়োগ কৰা হয় যদিও প্ৰধানতঃ 'সাধুকথা' শব্দটিয়েই বহুলভাৱে প্ৰচলিত৷ সাধুকথাবোৰ কাল্পনিক যেন লাগিলেও ই মূলতঃ সমাজৰ বাস্তৱ অভিজ্ঞতাৰ আধাৰতে ৰচিত আৰু ইয়াৰ মাজতে সমাজ এখনৰ পৰিশ্ৰমৰ চিত্ৰ ৰক্ষিত হোৱাৰ লগতে লোকজীৱনৰ বিবিধ বিশ্বাস কল্পনা আদৰ্শ সঞ্চিত হৈ থাকে৷ বিষয়বস্তুৰ ভিন্নতা অনুসৰি সাধুকথাক বিভিন্ন উপবিভাগত বিভক্ত কৰা হয়৷ অসমীয়া লোকসাহিত্যও সাধুকথাৰ ক্ষেত্ৰত অতিকে চহকী৷ অসমীয়া জনসাহিত্যৰ অন্তৰ্ভুক্ত সাধুসমূহ এনেদৰে বিভাজিত কৰি আলোচনা কৰিব পাৰি৷ যথা-জন্তুকেন্দ্ৰীয় সাধুকথা (যেনে- শিয়াল/বান্দৰ, শহা/শিয়াল, শিয়াল/কাছ, বগলী/বাঘ, টুনী/ঢোঁৰা কাউৰী আদিক লৈ ৰচিত সাধু); যাদুমূলক বা বিস্ময়ৱহ বা ৰোমাণিটক বা অতিলৌকিক সাধুকথা (যেনে- পানচৈ, চম্পাৱতী, তেজীমলা, কমলা কুঁৱৰীৰ সাধু আদি); নৈদানিক সাধুকথা (যেনে- তামোল পানৰ জন্ম, পবৰ্ত-পাহাৰৰ জন্ম, কপৌ-মইনা চৰাইৰ জন্ম সম্বন্ধে থকা সাধু); টেটকুঁটি (হাস্য-ব্যংগ প্ৰধান সাধু, যেনে- ফৰিং, সৰৱজান, কুকুৰীকণা জোঁৱাই, বামুণৰ লিটিকাই, বামুণৰ বহুৱা, সাত মুৰ্খ, মুৰ্খ জোঁৱাই, ব্ৰাহ্মণ ঠাকুৰৰ টেটকুঁটি আদি); টেটোন বা টেণ্টনৰ সাধুকথা (যেনে- টেটোন তামুলী, টেটোন, লটকন আদি); ক্ৰমপুঞ্জিত বা নিৰ্ধাৰিতগঢ়ী সাধুকথা (যেনে- ভেকুলীৰ পিঠত খহু কিয় হয়, মিচিংসকলৰ লিপি কেনেদৰে নোহোৱা হ'ল); সমস্যামূলক সাধু ইত্যাদি ভাগত ভাগ কৰি আলোচনা কৰিব পাৰি৷ ইয়াৰ উপৰি ''অ' ফুল, অ' ফুল, নুফুল কিয়?'', 'পৰুৱা আৰু ভেকোলা' আদিৰ দৰে গীত আৰু কথাৰে বৰ্ণনা কৰা দীঘলীয়া সাধুও অসমীয়া সমাজত বিদ্যমান৷ অসমীয়া সাধুকথাই সমাজ জীৱনৰ প্ৰতিফলক ৰূপে ভূমিকা পালন কৰাৰ লগতে নীতিশিক্ষাও প্ৰদান কৰি আহিছে৷ উল্লেখ্য যে পৃথিৱীৰ সকলো জাতিৰ সাহিত্যৰ বুৰঞ্জীত সাধুকথাৰ স্থান আৰু মূল্য বহু ওপৰত৷

·         প্ৰবচন লোকোক্তি যোজনা আৰু পটন্তৰ :

লোকসাহিত্যৰ উল্লেখযোগ্য উপাদান হ'ল প্ৰবচন-লোকোক্তি, যোজনা-পটন্তৰ৷ এইবোৰ হ'ল লোকসমাজৰ সূক্ষ্ম অভিব্যক্তি৷ এইবোৰৰ লগত অসমীয়া জাতীয় জীৱনৰ সম্পৰ্ক অতি গভীৰ৷ ৰাজনীতি, সমাজনীতি, গৃহস্থালি, সমাজৰ আচাৰ-ব্যৱহাৰ আদিয়ে বাংময় ৰূপ লাভ কৰিছে এইবোৰৰ মাজেদি৷ উল্লেখযোগ্য যে এইবোৰক 'স্থিৰীকৃত বাক বৈশিষ্ট্য'(Fixed phrase genres)  বুলিও আখ্যা দিয়া হয়, কাৰণ এইবোৰৰ জমিন (Texture) এটা ভাষাৰ পৰা আন ভাষালৈ অনুবাদ কৰা অসম্ভৱ৷ ইয়াৰ লয়, অনুপ্ৰাসৰ ক্ষিপ্ৰতা, শ্বাসঘাত, সুৰসংযোগ, সুৰ লহৰি, ধন্যাত্মকতা আদিৰ মাজতেই সোমাই আছে ইহঁতৰ জমিন৷ এইবোৰৰ অৰ্থ বুজিবলৈ হ'লে সামাজিক প্ৰসংগ বা অনুষঙ্গৰ বিষয়ে জানিব লাগিব৷ প্ৰবচনবোৰ সংক্ষিপ্ত আৰু বুদ্ধিনিষ্ঠ পৰম্পৰাগত উক্তি৷ ইয়াৰ অন্যতম লক্ষ্য হ'ল বুদ্ধিপূৰ্ণভাৱে কোনো কথা বা উক্তি ব্যক্ত কৰা৷ এইবোৰত অতি কমেও এটা বণৰ্নাত্মক সমল থকা উচিত৷
বণৰ্নাত্মক সমল হ'ল বিষয়বস্তু আৰু মন্তব্যৰ সমষ্টি৷ বণৰ্নাত্মক সমল - 'উপৰে গো বধ তলে ব্ৰাহ্মণ বধ৷'
এই প্ৰবচনটো দুটা অংশত বিভক্ত আৰু এটা অংশই পৰস্পৰ বিৰুদ্ধ ভাব প্ৰকাশ কৰিছে৷ যেনে- গো বধ/ব্ৰাহ্মণ বধ৷ এক কথাত ক'ব পাৰি প্ৰত্যেকটো প্ৰবচনতে বিৰুদ্ধ ভাব প্ৰকাশেৰে মূল কথাখিনি ব্যক্ত কৰা হয়৷ তদপুৰি প্ৰায় প্ৰত্যেকটো প্ৰবচনৰ লগতে একোটা কাহিনী জড়িত হৈ থাকে কাৰণ, এয়া শতিকাজোৰা অভিজ্ঞতাৰ সমষ্টি৷
প্ৰবচনৰ এটি উল্লেখযোগ্য উপশ্ৰেণী হৈছে ফকৰা৷ প্ৰফুল্ল দত্ত গোস্বামীয়ে এই বিষয়ে কৈছে যে 'যোজনা ব্যৱহাৰ কৰা হয় কথাৰ লাচত প্ৰায়েই ঠাট্টাৰ সুৰত, সাধাৰণ বক্তব্যৰ মেৰ মাৰিবলৈ বা কিবা কথা ব্যাখ্যা কৰিবলৈ৷'সাধাৰণতে বৈষ্ণৱ ভকতসকলৰ মাজত ফকৰাৰ আদৰ বেছি৷ সাধাৰণ ফকৰা বিলাকত স্থূলদেহৰ অসাৰতা, চিত্তদমন আদি নীতি লুকাই আছে৷'উদাহৰণস্বৰূপে- 'নিজৰা জৰে অমৰা মৰে মৰাই বায় হাল৷/ লখিমীৰ টিকাত ছিৰা-কানি মোৰ নাম নিধনীয় ভাল৷'
ৰিজনি চানেকি আদি অৰ্থত প্ৰবচন-যোজনা আদি প্ৰয়োগ কৰা হয় বাবে ইয়াক পটন্তৰো বোলে৷ ঠিক সেইদৰে এইবোৰ মুখে মুখে প্ৰচলিত হৈ আহিছে বাবে লোকোক্তি (লোক + উক্তি) বোলা হয়৷

·         সাঁথৰ :

     প্ৰফুল্ল দত্ত গোস্বামীদেৱে মন্তব্য কৰিছে যে সাঁথৰসমূহো এক প্ৰকাৰৰ ফকৰা৷ ফকৰাৰ দৰে সাঁথৰৰ ভাষাও প্ৰহেলিকাময় যদিও সাঁথৰৰ অৰ্থ ঐহ্যিক বা সাধাৰণ৷ অসমীয়া ভাষাত 'দৃষ্টান্ত', 'দিষ্টান'আদি অভিধাও একে অথৰ্তে ব্যৱহাৰ কৰা দেখা যায়৷ সাঁথৰক এক অৰ্থত প্ৰহেলিকাময় কিছুমান প্ৰশ্ন তথা পৰম্পৰাগত বাচিক অভিব্যঞ্জন বুলি ক'ব পাৰি৷ ইয়াত পৰস্পৰ বিৰোধী বণৰ্নাত্মক সমল এটা বা ততোধিক সন্নিবিষ্ট থাকে৷ পণ্ডিতসকলে সাঁথৰৰ প্ৰশ্নৰ প্ৰকৃতি অনুসৰি কেইবাটাও উপবিভাগত বিভাজন কৰি আলোচনা কৰিছে৷ সেইবোৰৰ আধাৰতে অসমীয়া সাঁথৰসমূহক ভাগ কৰিব পাৰি৷ যথা- বণৰ্নাত্মক সাঁথৰ (ইয়াত বৰ্ণনাৰ জড়িয়তে প্ৰশ্ন উত্থাপন কৰা হয়), যেনে- সত্যযুগত মূৰত টুপী/কৃষ্ণ অৱতাৰে মুহিলা গোপী/ৰাৱণ মৰিল ৰামৰ শৰত/সেইখন আঞ্জা আমাৰ হাতত/কোৱা চোন বস্তুটো নো কি ভাই? উত্তৰ - বাঁহৰ গাজ; টেটকুঁটিমূলক প্ৰশ্ন, যেনে- কি গড়ৰ খড়গ নাই, উত্তৰ-ৰাজগড; এঠেঙীয়া হাতী ধান খায় পাচি পাচি; উত্তৰ- ঢেঁকী৷ সমস্যা প্ৰধান সাঁথৰ (য'ত সমস্যা এটা উত্থাপন কৰা হয়), যেনে- হাতুৰী বটালী বাইচখন/চোৰে নিলে তিনিখন/বাকী থাকিল কেইখন, উত্তৰ- শূন্য; শুভঙ্কৰীৰ ফাঁকি/চৌত্ৰিছৰ পৰা তিনি 'শ' গ'ল/ থাকিল কিমান বাকী, উত্তৰ- ৩১; ছল-সাঁথৰ -দলে দলে ফুৰে দলপতি ৰাজা/হাৰো নাই হুৰাও নাই মঙহৰ লদা, উত্তৰ- জোক৷ উল্লেখযোগ্য যে সাঁথৰত পাণ্ডিত্যতকৈ বুদ্ধিমত্তাৰ পৰিচয়হে বেছি পোৱা যায়৷

·         লোকভাষা :
 
লোকসাহিত্যৰ আটাইতকৈ প্ৰণিধানযোগ্য উপাদান হৈছে লোকভাষা৷ লোকসমাজত প্ৰচলিত বাক-ভংগীয়েই হ'ল লোকভাষা৷ লোকভাষা সম্পৰ্কে ড০ বিৰিঞ্চি কুমাৰ বৰুৱাই কৰা মন্তব্যটিও উল্লেখযোগ্য- 'এটা ভাষা সম্প্ৰদায়ৰ মাজত বিভিন্ন কথ্যভাষা প্ৰচলিত হ'ব পাৰে আৰু কথ্য ৰূপেই হ'ল লোকভাষা৷' বহুসময়ত লোকভাষা উপভাষাৰে এটি স্থানীয় ৰূপ বুলি বহুতে ধাৰণা কৰে, কিন্তু কথাটো শুদ্ধ নহয়৷ কাৰণ ই হ'ল সাধাৰণ মানুহৰ এটা স্বতঃস্ফূতৰ্ বচনভংগী, ইয়াৰ কোনো ব্যাকৰণ নাই৷ তদপুৰি উপভাষাই অলিখিতভাৱে হ'লেও ব্যাকৰণ অনুসৰণ কৰে আৰু লোকভাষাত ব্যৱহৃত শব্দই মূল ৰূপ তথা ভাবৰ পৰা আঁতৰি আহিও অৰ্থ প্ৰকাশ কৰে৷ লোকভাষাৰ ক্ষেত্ৰত বৃত্তিগত বিশিষ্টতা, নৃতাত্ত্বিক বিশিষ্টতা, আঞ্চলিক বিশিষ্টতা তথা প্ৰকৃতিনিৰ্থৰ বিশিষ্টতাও বিদ্যমান৷ উদাহৰণস্বৰূপে- 'ল'ৰা জনী'শব্দটি বিবেচনা কৰিব পাৰি৷ ল'ৰাৰ লগত 'জনী'প্ৰত্যয় ব্যৱহাৰ কৰা নহয়; কিন্তু ঢকুৱাখনা অঞ্চলত 'ছোৱালী'ৰ অৰ্থ প্ৰকাশ কৰিবলৈ 'ল'ৰা জনী' শব্দটি ব্যৱহাৰ কৰা হয়৷ এই শব্দকেইটাই মান্যভাষাত একো অৰ্থ প্ৰকাশ নকৰিলেও লোকভাষাত সঠিক অৰ্থই প্ৰকাশ কৰিছে৷

১.৩ মন্ত্ৰ সাহিত্য আৰু ডাকৰ বচন :

মন্ত্ৰ লোকসংস্কৃতি আৰু লোকসাহিত্যৰ আন এক অবিচ্ছেদ্য অংগ৷ পূবৰ্ৰে পৰা অসম দেশ যাদু-মন্ত্ৰৰ বাবে বিখ্যাত আৰু যাদু-মন্ত্ৰৰ ৰাজ্য বুলিয়েই চিহ্নিত৷ ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে অসমীয়া লোকসমাজৰ লগত মন্ত্ৰ কেনেদৰে সম্পৰ্কিত হৈ আছে৷ অসমীয়া লোকসমাজত মন্ত্ৰৰ প্ৰভাৱ অপৰিসীম৷ এইবোৰৰ ৰচনাকাল সম্পৰ্কে সঠিককৈ ক'ব নোৱাৰি৷ পণ্ডিতসকলে ইয়াৰ ৰচনাকাল খ্ৰীষ্টীয় দশম শতিকাৰ পৰা পঞ্চদশ শতিকাৰ ভিতৰত বুলি ঠাৱৰ কৰিছে৷ ব্ৰাহ্মণ-অব্ৰাহ্মণ, গৰীয়া-মৰিয়া অদি সকলো সম্প্ৰদায়ৰ লোকে প্ৰয়োগ কৰা মন্ত্ৰসমূহ প্ৰথমতে বিশেষ মানুহৰ মুখে মুখে ৰচিত আৰু প্ৰচলিত হৈ আহি পৰৱৰ্তী সময়ত লিখিত ৰূপ পৰিগ্ৰহ কৰে৷ সাধাৰণতে মন্ত্ৰসমূহ দেৱতা-অপদেৱতা ভূত-প্ৰেত, যখ-যখিনী, খেতৰ-ডাইনী আদিৰ কু-প্ৰভাৱৰ ফলত হোৱা বেমাৰ-আজাৰ, ধন নাশ, শত্ৰুবৃদ্ধি আদি দূৰ কৰাৰ উদ্দেশ্যে প্ৰয়োগ কৰা হয়৷ 
এই মন্ত্ৰবোৰত অসমীয়া সমাজৰ বিবিধ লোকবিশ্বাস, আচাৰ-ব্যৱহাৰ, ধৰ্ম-নীতি আদিৰ বিষয়েও ভালেমান কথা সোমাই আছে৷ তদপুৰি ৰামায়ণ-মহাভাৰত আৰু পুৰাণৰ কাহিনীও নানা ৰূপত সন্নিৱিষ্ট হৈছে; আনহাতে কিছুমান মন্ত্ৰত সৃষ্টিতত্ত্বৰ আভাস আছে৷ সিদ্ধিৰ কাৰণে মন্ত্ৰত গুৰু আৰু কামাখ্যা গোঁসানীক চিন্তা কৰা হয়- 'সিদ্ধ গুৰুৰ পাৱ ৰক্ষা কৰা কামৰূপ কামাখ্যা মাৱ৷' মানুহৰ ৰোগৰ কাৰণ আৰু তাৰ প্ৰতিকাৰৰ উপায়ো মন্ত্ৰপুথিত পোৱা যায়৷ ফু মৰা, পানী ছটিওৱা, বিহলঙনি বা এড়া গছৰ পাতেৰে ৰোগী জৰা আদি প্ৰকাৰ্যও কিছুমান মন্ত্ৰত সধা হয়৷ কথিত ভাষাৰ প্ৰভাৱপুষ্ট মন্ত্ৰবোৰ গদ্য আৰু পদ্যত ৰচিত হ'লেও পদ্যত ৰচিত মন্ত্ৰৰ সংখ্যাই সৰহ৷ কিছুমান মন্ত্ৰত- 'ওঁ হ্ৰীং উৎ, আৎ, লৎ ফট স্বাহা ' আদি ধ্বনি উচ্চাৰণ কৰি মন্ত্ৰৰ গাম্ভীৰ্য বঢ়োৱা হৈছে৷ অগ্নিবাণ, ব্ৰহ্ম-কৰতি, পানী-কৰতি, ৰাম-কৰতি, গু-কৰতি পক্ষীৰাজ-মন্ত্ৰ, সুদৰ্শন-মন্ত্ৰ, সৰ্বঢাক-মন্ত্ৰ, বীৰাজৰা-মন্ত্ৰ, ধৰণী-মন্ত্ৰ, পুষ্পজৰা-মন্ত্ৰ, মোহিনী-মন্ত্ৰ আদি অসংখ্য মন্ত্ৰ অসমীয়া ভাষাত আছে৷ 
     'ডাকৰ বচন বেদৰ বাণী' বুলি অসমীয়া জনসমাজত প্ৰচলিত৷ ডাকৰ বচন অসমৰ বাহিৰেও ভাৰতৰ বিভিন্ন প্ৰদেশত প্ৰচলিত হৈ আছে৷ এইবোৰৰ লগত ডাক, খনা, ডংক, ঘাঘ, ভড্ডৰ, ভড্ডৰী, অগস্তি আদি ব্যক্তিৰ নাম সংপৃক্ত হৈ আছে৷ অসমৰ জনবিশ্বাস মতে ডাক বৰপেটাৰ ওচৰৰ লেহিডঙৰা গাঁৱত জন্মিছিল আৰু উপজিয়েই মাত দিছিল আৰু সেইবাবেই তেওঁৰ নাম ডাক৷ ডাকৰ বচনত উল্লেখ আছে-  
          লেহিডঙৰা ডাকৰ গাঁও৷
সাতশ সাতোটা পুখুৰীৰ নাও৷৷
দ্বিতীয়তে খ্ৰীঃ ষষ্ঠ শতিকাত বৰাহ মিহিৰৰ কৃপাত তেওঁৰ জন্ম হৈছিল বুলিও বিশ্বাস কৰা হয়৷ ঠিক সেইদৰে বাংলা লোকবিশ্বাস মতেও তেওঁ বৰাহ মিহিৰৰে পুত্ৰ আৰু সৰু কালতে মৃত্যুমুখত পৰিছিল৷ উল্লেখযোগ্য যে বংগদেশত প্ৰচলিত বচনবোৰৰ লগত অসমীয়া ডাকৰ বচনৰ সাদৃশ্য কিন্তু চকুত লগা৷ ঠিক সেইদৰে ওৰিশাত প্ৰচলিত কৃষি আৰু জ্যোতিষ বিষয়ক বচনৰ লগত ডাকক সাঙোৰা হয়৷ বিহাৰ, ওৰিশা নেপাল, উত্তৰ প্ৰদেশ, গুজৰাট, ৰাজস্থান আদি বিভিন্ন প্ৰদেশত ভিন্ভিন্নামেৰে এনে বচন প্ৰচলিত হৈ আহিছে৷ 
     ডাকৰ নামত প্ৰচলিত বিভিন্ন ৰচনা বা তেওঁৰ জন্ম-মৃত্যু সম্পৰ্কে সঠিক তথ্য উপলব্ধ নহয় বাবে পণ্ডিতসকলে ঠাৱৰ কৰিছে যে এওঁ কোনো ঐতিহাসিক ব্যক্তি নহয় আৰু লোকায়ত সমাজৰ দ্বাৰা সৃষ্ট মৌখিক পৰম্পৰাতেই এই বচনসমূহ সৃষ্টি হৈছে৷ এই ক্ষেত্ৰত শশিশেখৰ তিৱাৰীয়ে ভোজপুৰী লোকোক্তিয়াঁ (বিহাৰ ৰাষ্ট্ৰভাষা পৰিষদ, পাটনা, ১৯৭০, পৃ-২৩১)ত কৰা মন্তব্যটি উল্লেখযোগ্য- 'ঘাঘ, ভড্ডৰ, ভডডৰী আৰু ডাকৰ জন্মস্থান, জন্ম তিথি, মৃত্যু তিথি, প্ৰমাণিক নাম আৰু তেওঁলোকৰ প্ৰবচনৰ মূল ভাষাৰ প্ৰসংগত নিশ্চিতভাৱে একো ক'ব নোৱাৰি৷ অসমৰ পৰা গুজৰাট পৰ্যন্ত প্ৰায়বিলাক আঞ্চলিক ভাষাত আৰু উপভাষাত এই কবিসকলৰ নামত প্ৰচলিত প্ৰবচন বা লোকোক্তি পোৱা যায়৷ এই লোকোক্তি বিলাকৰ ওপৰত নিৰ্ভৰ কৰি ভাৰতবৰ্ষৰ বিভিন্ন ভাষা-ভাষী ক্ষেত্ৰৰ লোকে এই কবিসকলক নিজৰ নিজৰ ক্ষেত্ৰ আৰু ভাষাৰ কবিৰূপে প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰি আহিছে৷' 
     অসমত প্ৰচলিত ডাকৰ বচনসমূহৰ আখৰ জোঁটনি, ভাষা শৈলী, ঠাঁচ, ছন্দৰ প্ৰয়োগ আদি বিভিন্ন দিশলৈ চকু ফুৰালে এটা কথা পতিয়ন যাব পাৰি যে ইয়াৰ মূল জুমুঠিটো ষষ্ঠ-সপ্তম শতিকাতে তৈয়াৰ কৰা হৈছিল যদিও আজিৰ পৰা দুশ-আঢ়ৈশ বছৰৰ ভিতৰতহে লিখিত ৰূপ পৰিগ্ৰহ কৰিছে৷ অসমীয়া ডাকৰ বচনসমূহ বিভিন্ন ভাগত বিভক্ত কৰি থোৱা হৈছে; যথা - জন্ম প্ৰকৰণ, ধৰ্ম প্ৰকৰণ, ন্যায় প্ৰকৰণ, নীতি প্ৰকৰণ, ৰাজন্যাদি প্ৰকৰণ, ৰন্ধন প্ৰকৰণ, গৃহিণী লক্ষণ, পৰিত্যাগ কথন, বষৰ্ষাদি বৰ্ণন, বৃষ লক্ষণ, হলবাহনক্ৰম, কৃষি লক্ষণ, জ্যোতিষ প্ৰকৰণ, যমঘণ্ট কথন, যাত্ৰা লক্ষণ, গৃহ লক্ষণ, নাৰী লক্ষণ, টোকন-নাল আদি, টোকনৰ গুণ, ওপৰিঞ্চি ডাকৰ জন্ম আৰু মৰণ৷ উল্লেখযোগ্য যে ডাকৰ বচনৰ সকলো পুথিতে এই ভাগবোৰ পোৱা নাযায় বা ক'ৰবাত ক'ৰবাত বেছিকৈও পোৱা যায়৷ 
     মূলতঃ ডাকৰ বচন অসমীয়া সমাজৰ ব্যৱহাৰিক বিজ্ঞানৰ নিদান বুলিও মন্তব্য কৰিব পাৰি৷ মানৱ জীৱন, সমাজ জীৱনত প্ৰয়োজনীয় সকলোবিলাক দিশৰ বিষয়েই এই বচনসমূহত বিভিন্ন কথা পৰিব্যাপ্ত হৈ আছে৷ জন্মৰ পৰা মৃত্যুলৈকে ঘৰ সজাৰ পৰা গৰু কিনালৈকে, বাৰী পতাৰ পৰা খেতি তোলালৈকে সকলো দিশ ইয়াত সামৰা হৈছে৷ উদাহৰণস্বৰূপে-
          Ø    ভাদত কৰিয়া কলা ৰোপণ৷
              সবংশে মৰিল লাৰ ৰাৱণ৷৷ 
          Ø    সাতে পাতল পাঁচত ঘন৷
ছয়ত তামোল নদন-বদন৷৷ 
          Ø    জালুক পপিলী আদা খায়৷
ডাকে বোলে তাৰ কাহ পলায়৷৷ 
ডাকৰ বচনত থকা সাৰ্বজনীনতা, সঞ্চিত বাস্তৱ অভিজ্ঞতা, জীৱন আৰু সমাজৰ লগত থকা নিবিড় সম্পৰ্ক আদিয়ে লোকজীৱনত নৈৰ্ব্যক্তিক বাহনৰ ক্ৰিয়া সম্পাদন কৰিছে৷ মুঠতে ইয়াৰ বিষয়বস্তুৰ ব্যাপকতালৈ লক্ষ্য ৰাখি কোনো ব্যক্তি বিশেষৰ ৰচনা বোলাতকৈ জাতীয় জীৱনৰ সামূহিক অভিজ্ঞতাৰ পৰিণতি বুলিয়েই কোৱা উচিত৷

১.৪ চৰ্যাপদ :

     চৰ্যাপদসমূহক অসমীয়া ভাষাৰ প্ৰথম লিখিত ৰূপৰ চানেকি হিচাপে চিহ্নিত কৰা হৈছে৷ বৰ্তমান সময়ত বিভিন্ন গৱেষণাৰ অন্তত চৰ্যাপদসমূহত অসমীয়া ভাষাৰ উপৰি বাংলা ওড়িয়া, হিন্দী, মৈথিলী আদি ভাষাৰো আদি কালৰ নিদৰ্শন ৰক্ষিত হৈছে বুলি প্ৰমাণিত হৈছে৷ চৰ্যাপদসমূহ মূলতঃ বৌদ্ধ ধৰ্মৰ সহজযানী পন্থাৰ ধৰ্ম সাধনাৰ গীত৷ এই চৰ্যাপদসমূহ পোন প্ৰথমবাৰৰ বাবে লোকচক্ষুৰ আগত তুলি ধৰে হৰপ্ৰসাদ শাস্ত্ৰীয়ে৷ কলিকতাৰ 'এচিয়াটিক ছ'চাইটি'ৰ পুথি সংগ্ৰহৰ কামত হৰপ্ৰসাদ শাস্ত্ৰী কেইবাবাৰো নেপাললৈ গৈছিল৷ ইয়াৰে ১৯০৭ চনত তৃতীয়বাৰৰ বাবে নেপাললৈ যাওঁতে তাৰে ৰাজ দৰবাৰৰ গ্ৰন্থাগাৰত ৰক্ষিত কেইখনমান নতুন পুথি বিচাৰি পায়৷ সেইকেইখন হ'ল- 'চৰ্যাচৰ্যবিনিশ্চয়' সৰোজব<ৰ 'দোহাকোষ' আৰু কৃষ্ণাচাৰ্যাৰ 'দোহাকোষ'৷ এই তিনিখন পুথিৰ লগতে আগৰবাৰ যাওঁতে সংগ্ৰহ কৰি অনা 'ডাকাণৰ্ৱ' নামৰ পুথিখন একেলগ কৰি ১৯১৬ খ্ৰীঃত হাজাৰ বছব়ে পুবাণ বাংলা ভাষাৰ বৌদ্ধ গান ও দোহা নামেৰে ছপা কৰি উলিয়ায়৷ প্ৰকাশক আছিল 'বঙ্গীয় সাহিত্য পৰিষদ'৷ উল্লেখযোগ্য যে হৰপ্ৰসাদ শাস্ত্ৰীয়ে পোৱা 'চৰ্যাচৰ্যবিনিশ্চয়' পুথিখন মূল পুথি নাছিল৷ এইখন আছিল আচাৰ্য মুনিদত্তই লিখা এখন টীকা পুথিহে৷ পুথিখনৰ ক'তো 'চৰ্যাচৰ্যবিনিশ্চয়' নামটো উল্লেখ নথকাৰ পৰা অনুমান কৰা হয় যে এই নামটো শাস্ত্ৰীয়ে নিজেই দিছিল৷ মুনিদত্তই লিখা টীকা পুথিখনত অৱশ্যে 'চৰ্য্যাগীতিকোষবৃত্তি' নামটো আছে আৰু ইয়াৰ লগতে মূল চৰ্যাখিনিও সন্নিবিষ্ট আছিল৷ চৰ্যাগীতৰ তিব্বতী অনুবাদৰ প্ৰথম সন্ধান লাভ কৰে ড০ সুনীতি কুমাৰ চট্টোপাধ্যায়ে৷ পৰৱৰ্তীকালত ড০ প্ৰবোধ চন্দ্ৰ বাগচী, নীলৰতন সেন আদিয়ে চৰ্যাপদ সম্পৰ্কে গৱেষণা কৰি বিভিন্ন নতুন নতুন তথ্যৰ সম্ভেদ দিয়ে৷ ড০ বাগচীৰ গৱেষণাৰ কালতেই চৰ্যাগীতৰ সম্পৰ্ণূ তিব্বতী অনুবাদটি আৱিষ্কৃত হয় আৰু তাৰ পৰাই সংস্কৃত টীকাকাৰ নাম যে মুনিদত্ত আছিল সেয়া গম পোৱা যায়৷ 
    তিব্বতী অনুবাদৰ পৰা গম পোৱা যায় যে আচাৰ্য মুনিদত্তই এশটা গানৰ কোষ-গ্ৰন্থৰ পৰা একাৱন্নটা গান বাচি লৈ টীকা ব্যাখ্যা কৰিছিল৷ তাৰে এটা টীকা পৰৱৰ্তীকালৰ কোনো লিপিকাৰৰ হাতত হেৰাল আৰু সেইটি বাদ দিয়েই মুনিদত্তৰ টীকাখন নকল কৰি উলিয়ায়৷ অৱশ্যে নেপালত উদ্ধাৰ হোৱা পুথিখনত (চৰ্যাগীতিকোষ)ৰ শেষৰ পাতখিলা আৰু মাজৰ কেইখিলামান পাত নাই (৬৯খন পাত আছে)৷ সৰ্বমুঠ তিনিটা সম্পূৰ্ণ আৰু এটাৰ আধা অংশৰ মূল পাঠৰ লগতে টীকা অংশ নাছিল৷
     'হৰপ্ৰসাদ শাস্ত্ৰীয়ে চৰ্যাচৰ্য্যিবনিশ্চয় পুথিখনৰ গানবোৰক বৌদ্ধ কীৰ্তন, বৌদ্ধ সংকীৰ্তন বুলি অভিহিত কৰিছে৷' অৱশ্যে টীকাকাৰে চৰ্যাৰ উপৰি 'গীত' আৰু 'পদ' শব্দ দুটাও উল্লেখ কৰিছে৷ এই গীতসমূহৰ ভাষাৰ লগত নব্য ভাৰতীয় আৰ্যভাষাৰ অন্তৰ্গত মৈথিলী, বাংলা আৰু অসমীয়া ভাষাৰ মিল দেখা যায়৷ সেয়ে বিভিন্ন ভাষাৰ পণ্ডিতসকলে নিজৰ নিজৰ ভাষাৰ সম্পত্তি বুলি এই চৰ্যাপদসমূহক চিক্তিত কৰিছে৷ ড০ বাণীকান্ত কাকতিয়েও ইয়াৰ ধবনিতাত্ত্বিক আৰু ৰূপতাত্ত্বিক দিশসমূহ ফঁহিয়াই অসমীয়া ভাষাৰ লগত যে মিল আছে সেয়া প্ৰমাণ কৰি গৈছে৷ 
     এই পুথিখনত সবৰ্মুঠ ২৩জন সিদ্ধাচাৰ্যৰ দ্বাৰা ৰচিত গীত সন্নিবিষ্ট হৈছে৷ উল্লেখযোগ্য যে এওঁলোক ৮৪জন তান্ত্ৰিক সিদ্ধাচাৰ্যৰ অন্তৰ্ভুক্ত৷ তেওঁলোকৰ নামসমূহ হ'ল- কাহ্নপাদ (১৩টা চৰ্যা), ভুসুকপাদ (৮টা), সৰহপাদ (৪টা), কুক্কুৰীপাদ (৩টা), লুইপাদ, শবৰপাদ, শান্তিপাদ (এইসকলৰ দুটা), বিৰুৱাপাদ গুণ্ডৰীপাদ, চাটিল্লপাদ, কম্বলাম্বৰপাদ, ডোম্বীপাদ, মহীধৰপাদ, বীণাপাদ, আৰ্যদেৱপাদ, ঢেণ্ঢনপাদ, দাৰিকপাদ, ভাদপোদ, তাড়কপাদ, কংকনপাদ, জয়নন্দীপাদ, ধামপাদ, তন্ত্ৰীপাদ (তেওঁলোকৰ এটাকৈ চৰ্যা)৷ ইয়াৰে লুইপাদ, সৰহপাদ, মীননাথ, শান্তিপাদ, ডোম্বীপাদ, ঢেণ্ঢনপাদ, মহীধৰপাদ আদিক কামৰূপৰ লগত বিশেষ সম্পৰ্ক থকা বুলি পণ্ডিতসকলে ঠাৱৰ কৰিব খোজে৷ এওঁলোকৰ বাহিৰেও চৰ্যাপদ, ইউড়ীপাদ, মীননাথ, আচাৰ্য বিনাত্তক, ধোকৰীপাদ, বিৰুপাক্ষপাদ, তিলোপাদ আদি সিদ্ধাচাৰ্যৰ নামো টীকাত উল্লেখ আছে৷ 
     চৰ্যাপদসমূহ অধিকাংশই দহ শাৰীয়া; তাৰে ভিতৰত ১০,২৮, ৫০ নং চৰ্যা চৈধ্য শাৰীৰ; ২১, ২২ বাৰ শাৰীৰ; ৩৯ নং ঊনৈশ শাৰীৰ; ১৪ নংটি সাত শাৰীৰ; ২৩ নং ছয় শাৰীৰ; ২৫ নম্বৰটিৰ চাৰিটা শাৰীৰ নমুনাত ছয়টামান শব্দ আছে আৰু ২৪, ৪৮ নম্বৰ চৰ্যা দুটি লুপ্ত৷ সাধাৰণতে মাত্ৰাবৃত্ত ছন্দত লিখা চৰ্যাসমূহত অন্ত্যানুপ্ৰাসৰ প্ৰয়োগ বহুল৷ এই গীতসমূহ গাবৰ বাবে নিৰ্ধাৰণ কৰি দিয়া হৈছে সবৰ্মুঠ ১৭টি ৰাগ- পটমঞ্জৰী, গৱড়া (গউড়া), অৰু, গুঞ্জৰী, দেৱক্ৰী, দেশাখ (দ্বেশাখ), ভৈৰৱী, কামোদ, ধনসী, ৰামক্ৰী, বৰাড়ী (বলাড্ডী), শৱৰী, মল্লাৰী, মালশী, গবুড়া, কাহুগুঞ্জৰী আৰু বঙ্গাল৷ ইয়াৰে প্ৰায়বোৰেই পুৰণি অসমীয়া গীতত পোৱা যায়৷ বৰগীতৰ দৰে চৰ্যাটো ভণিতা আছে আৰু প্ৰত্যেক পদৰ দ্বিতীয় চৰণটোত 'ধ্ৰং' বা 'ধ্ৰৱ' বুলি নিৰ্দেশ কৰা হৈছে৷ ইতিমধ্যে উল্লেখ কৰা হৈছে যে চৰ্যাপদসমূহ বৌদ্ধ তান্ত্ৰিকসকলৰ ধৰ্মসাধনৰ গীত৷ এই বাবেই ইয়াৰ বিষয়বস্তু ৰহস্যময়ী৷ মূলতঃ নিৰ্বাণ লাভ কৰাৰ উদ্দেশ্য আগত ৰাখিয়েই ইয়াক ৰচনা কৰা হৈছে৷ নিৰ্বাণ মানে বাসনাৰ পৰা নিবৃত্তি লাভ৷ 'পাৰ্থিব স্থিতিৰ অনিত্যতা জ্ঞান লাভ কৰি অবিদ্যা-মোহ ধবংস কৰিব পাৰিলেই নিৰ্বাণ লাভ হয়৷' বৌদ্ধ ধৰ্মৰ সহজযানী পন্থাৰ ধৰ্ম সাধনাৰ কাৰণে নিৰ্বাণ লাভ কৰাৰ পথ দেখুৱাবৰ বাবে বিভিন্ন ধৰণৰ ৰূপক, প্ৰতীক, দ্ব্যৰ্থক পাৰিভাষিক শব্দ, বিবিধ উপমা আদি ব্যৱহাৰ কৰি এই চৰ্যাসমূহ ৰচনা কৰা হৈছে৷ ইয়াৰ অৰ্থ শুদ্ধভাৱে অনুধাৱন কৰিবলৈ হ'লে গুৰুৰ সহায় অপৰিহাৰ্য৷ সেইবাবেই প্ৰথম চৰ্যাটিত কোৱা হৈছে- 'লুই ভণই গুৰু পুচ্ছিঅ জান৷৷' চৰ্যাবোৰৰ মাজেদি সহজীয়া ধৰ্মৰ দাৰ্শনিক তত্ত্ব সম্বন্ধীয়, যোগ সম্বন্ধীয়, আৰু তন্ত্ৰ সম্বন্ধীয় দিশ প্ৰতীকি ভাষাৰে অৱগত কৰা হৈছে৷ 
     সাধাৰণতে চৰ্যাপদত ব্যৱহৃত ভাষাৰ ৰূপটি পূৰ্বী অৱহটঠ্৷ সিদ্ধাচাৰ্যসকলে দ্ব্যৰ্থক পাৰিভাষিক শব্দ, নানান উপমা-প্ৰতীক ব্যৱহাৰ কৰি ইয়াৰ ভাষা অধিক ৰহস্যময়ী কৰি তুলিছে৷ হৰপ্ৰসাদ শাস্ত্ৰীয় ইয়াৰ ভাষাক 'সন্ধ্যা ভাষা' আখ্যা দি মন্তব্য কৰিছে - 'সন্ধ্যাভাষা মানে আলো-আঁধাৰি ভাষা, কতক আলো কতক অন্ধকাৰ, খানিক বুঝা যায় খানিক বুঝা যায় না৷' প্ৰাচ্যতত্ত্ববিদ মহেশ্বৰ নেওগেও ''... ইচ্ছাকৃত জটিলতা বৰ্তমান, কাৰণ সেই ভাষা সাংকেতিক, যাৰে তাৰে বাবে নহয় - সি বোবা গুৰুৱে কলা শিষ্যক (গুৰু বোব সে সীস কাল) বুজোৱা কিছুমান ইংগিত মাত্ৰ৷ বৃত্তিকাৰে সেই ভাষাক সন্ধ্যাভাষা বা সন্ধ্যাবচন, সন্ধ্যাসংকেত বা সন্ধ্যা- যি ভাষাৰ অভীষ্ট মৰ্মাৰ্থ গভীৰভাৱে অনুধ্যান কৰিহে হৃদয়ঙ্গম কৰিব পৰা যায়৷'' বুলি মন্তব্য কৰিছে৷ আচাৰ্য মুনিদত্তইও ব্যাখ্যা কৰাৰ প্ৰসংগত 'সন্ধ্যাবচন', 'সন্ধ্যাসংকেত', 'সন্ধা' এনে শব্দৰে গূঢ়তত্ত্ব ব্যাখ্যা কৰিছে৷ গ্ৰন্থৰ পবিত্ৰতা, সাধন প্ৰণালীৰ গোপনীয়তা আৰু গূঢ়তত্ত্বৰ গুৰুত্ব সন্ধ্যাভাষাত সততে ৰক্ষা কৰা হয়৷ সেয়ে ইয়াৰ ভাষা দ্ব্যৰ্থক পাৰিভাষিক আৰু আলংকাৰিক৷ উল্লেখযোগ্য যে সৰ্বসাধাৰণ জনগণে ব্যৱহাৰ কৰা ভাষাৰ মাধ্যমেৰেই ইয়াত ধৰ্মৰ গূঢ়তত্ত্ব ব্যাখ্যা কৰা হৈছে৷ 
          আইসন চৰ্যা কুক্কুৰীপাএঁ গাই উ৷
          কোড়ি মাঝেঁ একু হিঅহিঁ সমাইউ৷৷ (২ নং চৰ্যা) 
প্ৰধান কথাটি হ'ল এই কথ্য ভাষাটি আছিল প্ৰাচীন কামৰূপ, মগধ, উৎকল, গৌড় আদি ঠাইৰ উমৈহতীয়া কথ্য ভাষা৷ চৰ্যাত এই সকলো ঠাইৰে আঞ্চলিক ভাষিক বৈশিষ্ট্য মিহলি হৈ আছে৷ সেয়ে প্ৰত্যেকেই চৰ্যাসমূহ নিজৰ নিজৰ প্ৰাচীন সম্পত্তি বুলি দাবী কৰে৷ তদপুৰি চৰ্যাবোৰৰ মাজেদি সমকালীন সমাজ জীৱনৰ বিভিন্ন চিত্ৰ; যেনে- তুলা বা কপাহ ধুনা কাৰ্য, শৱৰ ডোম প্ৰভৃতি কৰ্মজীৱীৰ ব্যৱসায়িক ভিত্তি, মাছমৰা, বিবাহ পদ্ধতি, নাৱৰীয়া আদিৰ উল্লেখেৰে ঘৰুৱা চিত্ৰক, দৈনন্দিক কৰ্মক ৰূপক হিচাপে ব্যৱহাৰ কৰি ধমৰ্তত্ত্বৰ ব্যাখ্যা আগবঢাইছে৷ এক কথাত ক'ব পাৰি যে চৰ্যাত ব্যৱহাৰিক জীৱনত সদায় দেখি থকা বা উপলব্ধি কৰা চিত্ৰৰ মাজেদি গভীৰ তাত্ত্বিক কথা এটি সহজ-সৰলভাৱে উপস্থাপন কৰিবলৈ বিচৰা হৈছে৷ 
     ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে ড০ বাণীকান্ত কাকতিয়ে চৰ্যাপদৰ ভাষাৰ লগত অসমীয়া ভাষাৰ সম্পৰ্কৰ কথা ধ্বনিতাত্ত্বিক আৰু ৰূপতাত্ত্বিক বিশ্লেষণেৰে ফঁহিয়াই দেখুৱাইছে৷ তলত তাৰে কেইটিমান উল্লেখ কৰা হ'ল- হ্ৰস্ব আৰু দীৰ্ঘ বৰ্ণ অবিচাৰিতভাৱে ব্যৱহৃত যেনে- চুম্বি, চূম্বি, চূম্বী, পঞ্চ, পাঞ্চ৷ অসমীয়াৰ দৰে চৰ্যাত কৰ্তা- কৰ্ম, কৰণ আৰু অধিকৰণ কাৰক বাক্যত বিভক্তিযুক্ত নোহোৱাকৈ ব্যৱহাৰ হয়, যেনে- বাঢ়ই সো তৰু সুভাসুভ পানী (৪৫ নং), কামৰ ণাঅ (২নং)৷ অসমীয়াৰ দৰে ষষ্ঠী বিভক্তিৰ সম্বন্ধ পদৰ চিন '-ৰ' ব্যৱহাৰ- হৰিণাৰ খুৰ ডোম্বীৰ সঙ্গে৷ স্ত্ৰী প্ৰত্যয় 'ঈ' আৰু 'নী'ৰ ব্যৱহাৰ যেনে- হৰিনী, দেৱী, জোইণি৷ পুৰণি অসমীয়াত প্ৰচলিত তৎসম, অৰ্ধ-তৎসম, তদ্ভৱ আৰু দেশী শব্দৰ ব্যৱহাৰ৷ যেনে- তৎসম শব্দ অৱকাশ, অভাব, আকাশ, গগণ, চৰণ, নাটক, নায়ক; অৰ্ধ-তৎসম শব্দ- গৰাহক < গ্ৰাহক, পৰস < স্পৰ্শ, পহাৰা < প্ৰহৰ; তৎভৱ শব্দ- সমধৰ < শশধৰ, সোণ < সুৱৰ্ণ, কামৰু < কামৰূপ; দেশী শব্দ টাকলি, ভিড়ি, খাল, ঘাট ইত্যাদি৷ পয়াৰ, অনুষ্টুভ, পাদাকুলক আদি মাত্ৰাবৃত্ত ছন্দসজ্জাৰে ৰচিত এই চৰ্যাবোৰৰ মাজেদি উদ্ভৱ কালৰ অসমীয়া ভাষাৰ সাহিত্যিক ৰূপ এটি ৰক্ষিত হৈছে৷ ক'ব পাৰি চৰ্যাপদসমূহ অসমীয়া ভাষাৰ লিখিত ৰূপৰ আদি নিদৰ্শন৷

১.৫ মিশ্ৰ অসমীয়া সাহিত্য 

চৰ্যাপদৰ পৰৱৰ্তীকালত ৰচনা হোৱা আৰু অসমীয়া ভাষাৰ লগতে পূব-মাগধীৰ পৰা সৃষ্টি হোৱা আন আন ভাষাৰ লগত মিল থকা দুখন পুথি হ'ল বড়ু চণ্ডীদাসৰ 'শ্ৰীকৃষ্ণ কীৰ্তন' আৰু ৰমাই পণ্ডিতৰ 'শূন্যপুৰাণ'৷ এই দুয়োখন পুথিয়েই  বঙলা লিপিকাৰ তথা সম্পাদকৰ হাতত পৰি বহু পৰিমাণে বঙলুৱা হৈ পৰিছে৷ অৱশ্যে পুথি দুখনৰ ধ্বনিতাত্ত্বিক আৰু ৰূপতাত্ত্বিক বিশ্লেষণৰ অন্ততঃ বাংলা আৰু অসমীয়া ভাষাৰ উমৈহতীয়া সাহিত্য হিচাপে চিহ্নিত কৰা হৈছে৷ সেই বাবেই ড° সত্যেন্দ্ৰনাথ শৰ্মাই এইকেইখন পুথিক 'বঙালী অসমীয়া উমৈহতীয়া সাহিত্য' বুলি অভিহিত কৰিছে আৰু ড° মহেশ্বৰ নেওগে 'মিশ্ৰ-অসমীয়া ৰচনা' বুলি মন্তব্য কৰিছে৷

*      শ্ৰীকৃষ্ণ কীৰ্তন :

শ্ৰীকৃষ্ণ আৰু ৰাধাৰ লৌকিক পৰকীয়া প্ৰেমলীলাক কেন্দ্ৰ কৰি লিখা এই আদি ৰসাত্মক কাব্যখন উদ্ভৱকালীন অসমীয়া সাহিত্যৰ দ্বিতীয় সাহিত্যিক নিদৰ্শন৷ এই পুথিখন পশ্চিমবংগৰ বাঁকুৰা জিলাৰ বন বিষ্ণুপুৰৰ কাষৰ ক্যাঁকিলা গাঁৱৰ নিবাসী দেবেন্দ্ৰ নাথ মুখোপাধ্যায়ৰ ঘৰৰ পৰা ১৯০৯ চনত বসন্ত বল্লভ ৰায়ে সংগ্ৰহ কৰে৷ তেওঁৰ সম্পাদনাতে ১৯১৬ চনত 'বঙ্গীয় সাহিত্য পৰিষদ'ৰ দ্বাৰা এই পুথিখন প্ৰকাশিত হৈছিল৷
পুথিখনৰ প্ৰকৃত নাম কি আছিল জনা নাযায়৷ কাৰণ পুথিখনৰ প্ৰথম পাতখিলাৰ লগতে ভিতৰৰো কেইবাটিও পাত নাই৷ জনসমাজত চণ্ডীদাস নামৰ কবি এজনে ৰাধাকৃষ্ণৰ লীলা বিষয়ক এখন কাব্য ৰচনা কৰিছিল বুলি থকা জনশ্ৰুতি অনুসৰি বসন্ত বল্লভ ৰায়ে লাভ কৰা পুথিখনৰ বিষয়বস্তুৰ মিল থকাত তেওঁ ইয়াৰ নামকৰণ 'শ্ৰীকৃষ্ণ কীৰ্তন' কৰে৷ উল্লেখযোগ্য যে কাব্যখন ওলোৱাৰ পিছতেই ইয়াৰ ভাষাই অসমীয়া পণ্ডিতসকলৰ দৃষ্টি আকৰ্ষণ কৰে, কাৰণ পুথিখনৰ ভাষা পুৰণি অসমীয়া ভাষাৰ অনুগত আছিল৷ আনকি কাব্যখনত থকা অসমীয়া ভাষাৰ পৰ্যাপ্ত উপাদান দেখি সংকলক তথা সম্পাদক বসন্ত বল্লভ ৰায়ে শেষ লিপিকাৰৰ হাতত পৰাৰ আগতে পুথিখনে কামৰূপ ভ্ৰমণ কৰি আহিছে বুলিও পাতনিতে উল্লেখ কৰিছে৷ বাংলা সাহিত্যৰ বিভিন্ন বুৰঞ্জীত এই পুথিখনৰ বিষয়ে যিমান বিষদভাৱে আলোচনা হৈছে অসমীয়াত সেয়া হোৱা নাই৷ কাৰণ এই পুথিখনৰ বিষয়বস্তু হিচাপে বৰ্ণিত হৈছে ৰাধা-কৃষ্ণৰ লৌকিক পৰকীয়া প্ৰেম আৰু বিষ্ণু-কৃষ্ণকে উপাস্য দেৱতা হিচাপে বন্দনা কৰা অসমীয়া বৈষ্ণৱ সমাজৰ বাবে এনে বিষয়বস্তু গ্ৰহণযোগ্য নহয়৷
এই কাব্যখনৰ ৰচক বড়ু চণ্ডীদাসৰ বিষয়ে বিস্তৃতভাৱে কোনো তথ্য পোৱা নাযায়৷ কাব্যখনৰ হেৰাই যোৱা পাতকেইখিলাৰ মাজত কিবা তথ্য আছিল যদিও সেয়া কালৰ গৰ্ভত লীন গ'ল৷ অৱশ্যে পুথিখনত সন্নিৱিষ্ট ৪১৮টা গীতৰ ভিতৰত ৩৪০টা গীততে থকা ভণিতাত দুটা নাম পোৱা যায় যথা 'বড়ু চণ্ডীদাস' আৰু 'অনন্ত বা অনন্ত বড়ু'৷ ইয়াৰ পৰা অনুমান কৰিব পাৰি যে কবিগৰাকীৰ আচল নাম আছিল 'অনন্ত' 'বড়ুৱাৰ পৰা হোৱা বড়ু' তেওঁৰ উপাধি৷ আনহাতে চণ্ডী মানে বাসুলী বা বাসুলীৰেই এক ৰূপ; গতিকে চণ্ডীৰ উপাসক এইজনা কবিয়ে মূল উপাধিৰ পাছত চণ্ডীৰ দাস হিচাপে চণ্ডীদাস উপাধি ব্যৱহাৰ কৰিছিল৷এই গৰাকী কবিয়ে তেওঁৰ সময়সীমা সম্পৰ্কেও কোনো ইংগিত দি যোৱা নাই৷ কাব্যখনৰ ভাষা বিশ্লেষণ কৰি বিভিন্ন পণ্ডিতসকলেও ভিন্ন মত পোষণ কৰিছে৷ খেনোৰ মতে চতুৰ্দশ-পঞ্চদশ শতিকা, খেনোৰ মতে চতুৰ্দশ শতিকাৰ প্ৰথমাৰ্ধ আৰু খেনোৰ মতে অষ্টাদশ শতিকা৷ ড° বাণীকান্ত কাকতিয়ে ইয়াৰ ভাষা বিশ্লেষণ কৰি মন্তব্য কৰিছে যে অসমীয়া বাংলা আদি ভাষা স্পষ্টৰূপে পৃথক হৈ ওলোৱাৰ আগৰ যিটো ৰূপ আছিল শ্ৰীকৃষ্ণ কীৰ্তনৰ ভাষা তাৰে প্ৰতিভূ৷ ইয়াৰ পৰাই ধাৰণা কৰিব পাৰি যে কাব্যখনৰ সময়সীমা ত্ৰয়োদশ চতুৰ্দশ শতিকাৰ পাছলৈ আনিব নোৱাৰি৷
উদ্ধাৰ হোৱা পুথিখন বড়ু চণ্ডীদাসৰ স্বহস্ত লিখিত নহয়৷ ধাৰণা কৰা হয় এইখন মূল পুথিৰ নকলৰো নকল৷ বহু সময়ত সেইবাবে নতুন ব্যাকৰণিক ৰূপো ইয়াত সোমাই পৰিছে৷ লিপি বিশেষজ্ঞ ৰাখাল দাস বন্দোপাধ্যায়ে এই তুলাপতীয়া কাব্যাখনত প্ৰাচীন হস্তাক্ষৰ ইয়াৰ অনুকৰণত লিখা শৈলী আৰু আপেক্ষাকৃত আধুনিক হস্তাক্ষৰ দেখা পাইছিল৷ তদপুৰি পেট কটা 'ৰ' ব্যৱহাৰ ইয়াত মন কৰিবলগীয়া৷ পুথিখনৰ আৰম্ভণিৰ পাঁচটা পদ, ছয় নং পদৰ প্ৰথম অংশ, আঠ নং পদৰ শেষৰ শাৰীকেইটা নাই৷ তদপুৰি ১৯, ২০, ৩৬, ৩৭, ৮৭, ৮৮, ১৮২, ১৯২, ১৯৩, ২০৩, ২২৫, ২৭৭, ২৭৮ আৰু ৪১৮ নং গীতকেইটা খণ্ডিত৷
এই পুথিখন মূলতঃ গীতিধৰ্মী আৰু নাট্যধৰ্মী৷ মুঠতে তেৰটা খণ্ডত বিভক্ত কাব্যখনত ১৬১টা শ্লোক (ইয়াৰে ২৮টা পুনৰবৃত্তি) ৩২টা ৰাগ, ১৫ তাল থকা ৪১৮টা গীত সন্নিবিষ্ট হৈছে৷ সেই খণ্ডকেইটা হ'ল _ জন্ম, তাম্বুল, দান, নৌকা, ভাৰ, ছত্ৰ, বৃন্দাবন, কালীয়দমন, বস্ত্ৰহৰণ, হাৰ, বান, বংশী আৰু ৰাধা বিৰহ খণ্ড৷ কাব্যখনত প্ৰতিটো খণ্ডই স্বয়ংসম্পূৰ্ণৰ দৰে যদিও কবিয়ে শ্লোকৰ ব্যৱহাৰ কৰি এইবোৰৰ মাজত সংগতি স্থাপন কৰিছে৷ ইয়াৰ গীতবোৰ দুটা ভাগ- ধ্ৰৱক আৰু পদ৷ প্ৰথম ছয়শাৰী পদক ধ্ৰৱক আৰু শেষৰখিনিক পদ বুলি চিহ্নিত কৰি প্ৰতিটো গীতৰ আৰম্ভণিতে ৰাগ, তাল আৰু কিছুমান গীতত গোৱাৰ সময় লিপিবদ্ধ কৰা হৈছে৷
ইতিমধ্যে উল্লেখ কৰা হৈছে যে শ্ৰীকৃষ্ণ কীৰ্তনৰ ভাষা পুৰণি অসমীয়া ভাষাৰ অনুগত৷ দেবেন্দ্ৰনাথ বেজবৰুৱা প্ৰমুখ্যে বিভিন্ন সাহিত্যৰ বুৰঞ্জীকাৰ, ড° বাণীকান্ত কাকতি, ড° উপেন্দ্ৰ নাথ গোস্বামী আদি ভাষাবিদে অসমীয়া ভাষাৰ বিভিন্ন স্তৰৰ সৈতে এই পুথিখনৰ ভাষাৰ সাদৃশ্য দেখুৱাই ইয়াক 'পূৰ্ব ভাৰতৰ উমৈহতীয়া সম্পদ' বুলি স্বীকৃতি দিছে৷ তাৰে কেইটিমান উদাহৰণ হ'ল- মূল প্ৰতিলিপিত পেটকটা 'ৰ' আৰু 'ৱ'ৰ ব্যৱহাৰ; তলপ, আজি, অলপ, পো, নাতিনী, বুঢ়া-বুঢ়ী, তিৰী, ঘৰিয়াল, হিয়া, আদি খাচ অসমীয়া শব্দ৷ বৰ্ণবিপিৰ্যয় (হ্ৰদ > দহ); স্বৰ ভক্তি (পৰভাত, মৰম); মহাপ্ৰাণীভৱন (সুখান, হাথী) আদি ধ্বনিতাত্ত্বিক প্ৰক্ৰিয়াৰো অসমীয়াৰ সৈতে মিল আছে৷ ঠিক সেইদৰে পুৰণি অসমীয়াত অপাদান কাৰকত পঞ্চম বিভক্তি 'হতেন'ৰ দৰে এই কাব্যতো 'হতেঁ', 'হৈতেঁ' পৰসৰ্গৰ ব্যৱহাৰ; যেনে- এবে হতেঁ, আজি হৈতেঁ আৰু বাক্যত ব্যৱহৃত শব্দ বিভক্তিবোৰ অসমীয়াৰ দৰে৷ এইবোৰে প্ৰমাণ কৰে যে শ্ৰীকৃষ্ণ কীৰ্তনো উদ্ভৱকালীন অসমীয়া ভাষাৰ এক অমূল্য নিদৰ্শন৷
 
*      শূন্যপুৰাণ :

অসমীয়া আৰু বঙলা এই উভয় সাহিত্যই নিজৰ বুলি দাবী কৰা তথা উদ্ভৱকালীন আন এখন পুথি হ'ল ৰমাই পণ্ডিতৰ 'শূন্যপুৰাণ'৷ মূলতঃ ধৰ্মদেৱতাৰ পূজাৰ বৰ্ণনা সন্নিৱিষ্ট পুথিখনো বঙলা সম্পাদকেহে প্ৰকাশ কৰিছে৷ পুথিখনৰ ৰচক ৰমাই পণ্ডিত সম্পৰ্কে সবিশেষ তথ্য ক'তো পোৱা নাযায়৷ জনশ্ৰুতিমতে তেওঁ মৰ্ত্যত প্ৰথম ধৰ্মৰ পূজা প্ৰচাৰ কৰিছিল৷ বাংলা সাহিত্যৰ বুৰঞ্জীকাৰসকলেও জনশ্ৰুতিৰ ওপৰতে ভিত্তি কৰি তেওঁৰ বিষয়ে বিভিন্ন কথা লিখিছে যদিও অবিসম্বাদীতভাৱে এটা মতকে কোনেও মানি লোৱা নাই৷ তদপুৰি তেওঁৰ সময়সীমা সম্পৰ্কেও প্ৰত্যেকজন বুৰঞ্জীকাৰৰ মত বেলেগ বেলেগ৷
বঙ্গীয় সাহিত্য পৰিষদে প্ৰকাশ কৰা শূন্যপুৰাণখনত সবৰ্মুঠ ৫৬টা অধ্যায় সন্নিৱিষ্ট আছে৷ ইয়াৰ প্ৰথম ৫টা অধ্যায়ত সৃষ্টি তত্ত্ব আৰু বাকীকেইটাত ধৰ্মপূজাৰ বিবিধ পদ্ধতি আলোচনা কৰা হৈছে৷ কাব্যখনৰ আৰম্ভণিতে 'শ্ৰীশ্ৰী ধৰ্ম্মায় নমঃ' বুলি প্ৰণাম জনাই-
নহি ব়েক নহি ৰূপ নহি ছিল বন্ন চিন৷
ৰবি সসী নহি ছিল নহি ৰাতি দিন৷৷
বুলি বিষয়বস্তুৰ বৰ্ণনা আৰম্ভ কৰিছে৷ উল্লেখযোগ্য যে এই পুথিখনৰ কেইবাটিও নকল ইতিমধ্যে উদ্ধাৰ হৈছে যদিও কোনোখন পুথিতে নামকৰণ কৰা হোৱা নাছিল৷ পুথিখনত ধৰ্মদেৱতাৰ কথা বৰ্ণনা কৰা কথাৰ আঁত ধৰি অৰ্থাৎ এই কাব্যত 'শূন্যময়তা দেৱতা' ধৰ্মঠাকুৰৰ পূজা-পদ্ধতি বৰ্ণিত হৈছে বাবে নগেন্দ্ৰ নাথ বসুৱে সম্পাদনা কৰি ১৩১৪ বাংলা চনত 'বঙ্গীয় সাহিত্য পৰিষদ'ৰ দ্বাৰা গ্ৰন্থৰূপে প্ৰকাশ কৰা কালতে 'শূন্যপুৰাণ' বুলি নতুনকৈ নামকৰণ কৰে৷
বাংলা সাহিত্যৰ ইতিহাসকাৰ ভূদেব চৌধুৰীয়ে মত পোষণ কৰে যে হৰ প্ৰসাদ শাস্ত্ৰীয়েই পোন প্ৰথমবাৰৰ বাবে ধৰ্মঠাকুৰ সম্পৰ্কে আলোচনাত প্ৰবৃত্ত হৈছিল৷ তেওঁৰ মতে ''এই দেৱতা বঙ্গ দেশত বৌদ্ধ প্ৰভাৱৰ সৰ্বশেষ প্ৰতীক৷ কিন্তু আজি আৰু সংশয় নাই যে ধৰ্মঠাকুৰ আৰ্য-পূৰ্ব-বঙ্গলোকসকলৰ মাজৰ নিজস্ব কল্পনাপ্ৰসূত দেৱ মণ্ডলীৰ এজন৷ কালৰ সোঁতত এই পূজা পদ্ধতিত আৰ্য-অনাৰ্য, বৈদিক-পৌৰাণিক, বৌদ্ধ প্ৰভৃতি নানা প্ৰভাৱৰ ধাৰা জড়িত হৈ পৰিছিল৷'' 'ধমৰ্পূজা' মূলতঃ বঙ্গদেশৰ পশ্চিম অঞ্চলৰ ধৰ্মীয় উৎসৱ৷ নিম্ন শ্ৰেণীৰ হিন্দু তথা পতিত ব্ৰাহ্মণসকলে শূন্যৰূপী (যি বিষ্ণু, সূৰ্য আৰু যমকো প্ৰতিফলিত কৰে) ধৰ্মদেৱতাক পূজা কৰে৷ অসমতো প্ৰাচীন কালত ধৰ্মদেৱতাৰ পূজাৰ প্ৰচলন থকাৰ প্ৰমাণ পোৱা যায়৷ 'কথা গুৰু চৰিত'ত অনন্ত কন্দলি সম্পৰ্কে থকা এটা কাহিনীত, মনকৰৰ 'মনসা কাব্য'ত থকা বিৱৰণ আৰু মনসা পূজাৰ সময়ত মনসা দেৱীৰ বেদীৰ অলপ আঁতৰত এটা আমডালিৰে পূৰ্ণ ঘট আগলি কলাপাতেৰে পতা হয় আৰু ইয়েই ধৰ্মৰ ঘট বুলি বিবেচনা কৰা কথাই ইয়াৰ প্ৰমাণ৷ অৱশ্যে শূন্যপুৰাণত বৰ্ণিত ৰূপতকৈ কিছু বেলেগ ধৰণেহে অসমত এয়া ৰূপায়ণ হয়৷ শূন্যপুৰাণ পুথিখনৰ ৰচনা কাল সম্পৰ্কে ভিন্নজনে ভিন্ন মত পোষণ কৰিছে৷ History of Bengali Literature ত অধ্যাপক দীনেশ চন্দ্ৰ সেনে লিখিছে- 'Ramai Pandit was a contemporary of Dharma Pal II, who reigned in Gaud in the early part of the 11th century A.D. Rajendra Chola's rock-inscription (1012 AD) discovered in Tirumalaya, probably makes mention of this monarch, Rama Rai Pandit was born on the 5th day of waxing moon, in the month of Baisakh, towards the end of the 10th century AD.'' আনহাতে ডিম্বেশ্বৰ নেওগে পুথিখনৰ ভাষা বিচাৰ কৰি 'ঘাইকৈ অসমীয়া মন্ত্ৰ সাহিত্যৰ লগত ইয়াৰ ভাব-ভাষাৰ মিলৰ পৰা শূন্যপুৰাণৰ ৰচনা ত্ৰয়োদশ শতিকাৰ পাছৰ বুলি অনুমান কৰা হয়' বুলি মন্তব্য কৰিছে৷ প্ৰসংগক্ৰমে উল্লেখযোগ্য যে শূন্যপুৰাণৰ অংশ বিশেষ মনসা কবি মনকৰৰ কাব্যৰ খণ্ডবিশেষৰ লগত মিল আছে৷
এই পুথিখনত ব্যৱহৃত ভাষা প্ৰাচীন অসমীয়া ভাষাৰ লগত মিল আছে৷ বৈয়াকৰণিক ৰূপলৈ মন কৰিলে প্ৰাচীন কামৰূপ ৰাজ্যৰ নাইবা প্ৰাচীন কামৰূপী পণ্ডিতৰ ৰচনা যেন অনুভৱ হয়৷ প্ৰথমা বিভক্তিৰ চিন '-এ', ষষ্ঠীৰ '-ৰ', সপ্তমীৰ '-ত' নিজ অৰ্থত 'আপুনি' সৰ্বনামৰ প্ৰয়োগ আদি অসমীয়া ভাষাতাত্ত্বিক বৈশিষ্ট্য অনুগত৷ ঠিক সেইদৰে জুই, খৰিকা, টোপোলা, দৰব, গজাল ইত্যাদি অসমীয়া ভাষাৰ শব্দৰ ব্যৱহাৰ আদিয়েও এই কথাখিনি অধিক প্ৰকট কৰি তোলে৷ এক কথাত ক'ব পাৰি উদ্ভৱকালৰ অসমীয়া তথা বাংলা ভাষাৰ নিদৰ্শন ৰূপে শূন্যপুৰাণে সাহিত্যৰ ইতিহাসত এক সুকীয়া স্থান লাভ কৰিছে৷

১.৬   প্ৰাক্-শংকৰী যুগ

শংকৰদেৱৰ পূৰ্বকবি মাধৱ কন্দলি সহিতে তেৰাৰ সমসাময়িক হেম সৰস্বতী, হৰিবৰ বিপ্ৰ, কবিৰত্ন সৰস্বতী আৰু ৰুদ্ৰ কন্দলিৰ হাততে বিশুদ্ধ অসমীয়া সাহিত্যই বিকাশ লাভ কৰে আৰু তেওঁলোককে প্ৰাক্-শংকৰী যুগৰ কবি বুলি অভিহিত কৰা হয়৷ অসমীয়া সাহিত্যৰ বুৰঞ্জীকাৰসকলে তেওঁলোকৰ সময়সীমা নিৰ্ধাৰণ কৰিছে ত্ৰয়োদশ শতিকাৰ শেষৰ পৰা পঞ্চদশ শতিকাৰ আদি ভাগলৈ৷ বিশেষভাৱে ৰাজপৃষ্ঠপোষকতা লাভ কৰা এই কবিচামে মূলতঃ ৰামায়ণ-মহাভাৰত, জৈমিনীয়াশ্বমেধ আৰু বামন পুৰাণৰ পৰা বিষয়বস্তু আহৰণ কৰি অসমৰ জন মানসিকতাত ৰজিতা খোৱাকৈ মৌলিক তথা স্থানীয় সমলসানি ৰচনা কৰিছে কেইবাখনো কাব্য৷ প্ৰধানকৈ পয়াৰ, দুলড়ী আৰু ছবি ছন্দত ৰজা তথা প্ৰজাৰ মনোৰঞ্জনৰ বাবে ৰচনা কৰা এই ৰাজি সাহিত্যৰ মাজতেই অসমীয়া ভাষাই স্বকীয় বৈশিষ্ট্যৰে উদ্ভাসিত হোৱাৰ উপৰি উচ্চ সাহিত্যিক ভাব প্ৰকাশ কৰিব পৰা সাধু ভাষাৰ গঢ় লাভ কৰে৷ অন্ত্যানুপ্ৰাসযুক্ত এই ছন্দায়িত ভাষাৰ মাজেদিয়েই আক্ষৰিক ছন্দ বা অক্ষৰবৃত্ত ছন্দই বিকাশ লাভ কৰে৷ তলত এই যুগৰ কবিসকলৰ আৰু তেওঁলোকৰ কাব্যকৃতিৰ বিষয়ে বহলাই আলোচনা কৰা হ'ল৷

*      হেম সৰস্বতী

‘প্ৰহ্লাদ চৰিত’ আৰু ‘হৰ-গৌৰী সংবাদ’ নামৰ দুখন কাব্য পুথি ৰচনা কৰা হেম সৰস্বতীয়ে কমতাধপিতি দুৰ্লভনাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰিছিল৷ এওঁৰ সময়সীমা সম্পৰ্কে সাহিত্যৰ বুৰঞ্জীকাৰসকলৰ মজত মতভেদ থকা পৰিলক্ষিত হয়৷ খেনোৱে এওঁক ত্ৰয়োদশ শতিকাৰ শেষ নাইবা চতুৰ্দশশতিকাৰ প্ৰথমাৰ্ধ (কালিৰাম মেধি ড০ সত্যেন্দ্ৰ নাথ শৰ্মা), খেনোৱে চৈধ্য শতিকাৰ মাজভাগৰ (কনকলাল বৰুৱা, দেৱানন্দ ভঁৰালি আদি) বুলি ঠাৱৰ কৰিব বিচাৰে৷ কবিৰ দুয়োখন কাব্যতে অৱশ্যে নিজৰ পৰিচয় সম্পৰ্কে ভিন্ন মত প্ৰকাশ পাইছে৷ প্ৰহ্লাদ চৰিতত উল্লেখ থকা মতে-
কমতামণ্ডল দুৰ্লভনাৰায়ণ নপৃবৰ অনপুাম৷
তাহান ৰাজ্যত ৰুদ্ৰসৰস্বতী দেৱযানী কন্যা নাম৷৷
তাহান তনয় হেম সৰস্বতী ধ্ৰৱৰ অনুজ ভাই৷
পদবন্ধে তেহো প্ৰচাৰ কৰিলা বামণ পুৰাণ চাই৷৷
ইয়াৰ মতে হেম সৰস্বতী দুৰ্লভনাৰায়ণৰ ৰাজ্য কমতাপুৰত থকা ৰুদ্ৰ সৰস্বতীৰ কন্যা দেৱযানীৰ পুত্ৰ আৰু ধ্ৰৱৰ অনুজ ভাই৷ সেই হিচাপে ৰুদ্ৰ সৰস্বতী এওঁৰ ককাক৷ কিন্তু হৰ-গৌৰী সম্বাদত কবিয়ে নিজে উল্লেখ কৰিছে৷
ভপূ দুৰ্লভনাৰায়ণ পাত্ৰপশুপতিসুত সৰ্ব্বশাস্ত্ৰে পণ্ডিত সুজান৷
তাহাৰ তনয় চাৰি ধনঞ্জয় আদি কৰি ধ্ৰৱ ভৈল কুলত প্ৰধান৷
অপৰ হেমনত কবি হৰগৌৰী পদ সেৱি হেম সৰস্বতী ভৈল নাম৷৷
এই কবিতা ফাঁকিত কবিয়ে কৈছে যে পশুপতি পাত্ৰৰ নাতি চাৰিজন, ধ্ৰৱ তাৰে প্ৰধান আৰু হেম সৰস্বতীৰ আন এটা নাম হেমন্ত৷ দুয়োখন কাব্যৰ কবি পৰিচয় ফঁহিয়াই চালে দেখা যায় যে ৰুদ্ৰ সৰস্বতী আৰু পশুপতি সুতৰ অৱস্থান সম৷ সেই বিচাৰত হেম সৰস্বতীক ৰুদ্ৰ সৰস্বতী বা পশুপতি পুত্ৰৰ পুত্ৰ বুলি ধৰি লোৱাত আপত্তি নাথাকে৷ মহেশ্বৰ নেওগে হৰিবৰ বিপ্ৰতকৈ এক পুৰুষৰ পাছৰ বুলি ক'ব খোজে যদিও আন পণ্ডিতসকলে এওঁক প্ৰাক্-শংকৰী যুগৰ আটাইতকৈ প্ৰাচীন কবি বুলি ক'ব খোজে৷
হেম সৰস্বতীয়ে লিখা 'এশ চৰণযুক্ত' সৰু পুথি ‘প্ৰহ্লাদ চৰিত্ৰ’ (প্ৰহ্ৰাদ চৰিত্ৰ) অসমীয়া সাহিত্যৰ এখন আপুৰুগীয়া গ্ৰন্থ৷ অধুনালুপ্ত বামন পুৰাণৰ  আধাৰত এই কাব্যখন কবিজনাই ৰচনা কৰিছিল৷ হিৰণ্যকশিপু আৰু ভক্ত প্ৰহ্লাদৰ তৰ্ক-বিতৰ্কৰ পৰা আৰম্ভ কৰি হিৰণ্যকশিপু বধলৈকে বৰ্ণনা থকা এই কাব্যখনত ঘটনা আৰু পৰিস্থিতিৰ সৰল আৰু সহজবোধ্য বিৱৰণ আছে; কিন্তু সূ-কলাবোধ, সুদূৰ প্ৰসাৰী কল্পনা, চিত্তাকৰ্ষক বৰ্ণনা, ছন্দৰ ব্যাপকতা ইয়াত প্ৰকাশ পোৱা নাই৷ ভাষা আৰু ৰচনাশৈলীও বৰ উচ্চ খাপৰ আৰু নিমজ নহয় বুলি সমালোচকসকলে মত পোষণ কৰে৷ কথক ৰূপেও কবি বৰ সফল নহয়৷ অৱশ্যে ঘৰুৱা জতুৱা ঠাঁচৰ প্ৰয়োগ, যেনে- আচাৰত ভিন হৰি বিচাৰত এক; অলংকাৰত প্ৰয়োগ, যেনে- তালুত লাগিলা যেন প্ৰচণ্ড অগনি (উপমা), গিৰিক ভেদিয়া যেন বহি জাই জল৷/ হিৰণ্যৰ তেজে বসুমতী গৈলা তল৷ (উৎপ্ৰেক্ষা) আদিয়ে কবিৰ বৰ্ণনাত ঘৰুৱা পৰিৱেশৰ সষ্টি কৰিছে৷ উল্লেখযোগ্য যে তেওঁ অসুৰৰ শাস্ত্ৰক 'বামনায়' আখ্যা দিছে আৰু হস্তী সাধামন্ত্ৰৰ উল্লেখো কৰিছে৷ এইখন পুথিত বৈষ্ণৱ ধৰ্ম আৰু বিষ্ণু ভক্তিৰ মাহাত্ম্য প্ৰকাশ হোৱালৈ চাই কালিৰাম মেধি ডাঙৰীয়াই বৈষ্ণৱ ধৰ্মৰ প্ৰথম অসমীয়া পুথি বুলি আখ্যা দিছে৷ কাব্যখনত বামনায় শাস্ত্ৰৰ উপাসকসকলৰ বিৰুদ্ধে বৈষ্ণৱ প্ৰহ্লাদৰ বিজয় কীৰ্তন কৰা হৈছে৷
৮৯৯টা পদ সম্বলিত আৰু ছটা অধ্যায়ত বিভক্ত হৰ-গৌৰী সংবাদ কাব্যখন কবি হেম সৰস্বতীৰ দ্বিতীয় পুথি৷ কাব্যখনৰ প্ৰথম অধ্যায়টিত নৃসিংহ পুৰাণৰ পৰা আহৰিত আৰু নৰসিংহ বিষ্ণুৰ হাতত হিৰণ্যকশিপু বধৰ কথা বৰ্ণনা কৰা হৈছে৷ দ্বিতীয়ৰ পৰা পঞ্চম অধ্যায়লৈ তাৰকাসুৰৰ যুদ্ধ, হৰৰ কোপত মদন ভষ্ম, হৰ-গৌৰীৰ বিবাহ, কাৰ্তিক কুমাৰৰ জন্ম, আৰু তাড়ক বধৰ কাহিনী বৰ্ণিত হৈছে৷ এই অধ্যায় কেইটাৰ বিষয়বস্তু হৰ-গৌৰী সম্বাদৰ পৰা আহৰণ কৰা হৈছে বুলি কৈছে যদিও সেইখন পুথি আজিলৈকে আৱিষ্কৃত হোৱা নাই৷ কিন্তু কালিকা পুৰাণৰ সৈতে আৰু কুমৰ সম্ভৱত এনে কাহিনী বৰ্ণিত হোৱাৰ পৰা অনুমান কৰা হয় যে কবিয়ে হয়তো এইকেইখনৰ পৰাই বিষয়বস্তু চয়ন কৰিছিল৷ ষষ্ঠ অধ্যায়টিত যোগ সাধনাৰ, অৰ্থাৎ যোগ-কথনম অধ্যায়টিত যোগ প্ৰক্ৰিয়াৰ কথা বৰ্ণনা কৰা হৈছে৷ এই অধ্যায়টিত বৰ্ণনা কৰিছে-
বায়ু মণ্ডলত বায়ু কৰিবা স্তম্ভন৷
               বায়ুৰ আহাৰ বিন্দু কৰিবা ভোজন৷৷
বায়ুক ৰাখয় বিন্দুক ৰাখয় বায়ু৷
দুই সমে নৰ হয় চিৰন্তন আয়ু৷৷
প্ৰণিধানযোগ্য যে হৰ-গৌৰী সংবাদ পুথিখন এতিয়ালৈকে পাঠ সমীক্ষিত হৈ প্ৰকাশ হোৱা নাই৷ তথাপিও ক'ব লাগিব হেম সৰস্বতী উচ্চ খাপৰ কবি নহ'লেও ভাব ভাষাৰ উপস্থাপনত বৈষ্ণৱ যুগলৈ তেওঁ এক আৰ্হি দাঙি থৈ গ'ল৷

*      কবিৰত্ন সৰস্বতী

প্ৰাক্-শংকৰী যুগৰ কবিসকলৰ ভিতৰত স্পষ্টভাৱে নিজৰ পৃষ্ঠপোষক ৰজাৰ লগতে নিজৰ বংশ পৰিচয় সম্পৰ্কে কাব্যৰ মাজেদি প্ৰকাশ কৰি গৈছে কবিৰত্ন সৰস্বতীয়ে৷ এওঁ দুৰ্লভ নাৰায়ণৰ পুত্ৰ ইন্দ্ৰনাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰিছিল৷ এতিয়ালৈ এখন মাত্ৰ কাব্য উদ্ধাৰ হোৱা এই জনা কবিয়ে কাব্য (জয়দ্ৰথ বধ)খনত নিজৰ পৰিচয় দিছে এনেদৰে-
নপৃ শিৰোমণি দেৱ মহামানী দুৰ্লভনাৰায়ণ ৰাজা৷
নিতে পুত্ৰৱতে পালিলা সততে পৃথিৱীৰ যত প্ৰজা৷৷
তাহান তনয় ভৈল ধৰ্মময় ইন্দ্ৰনাৰায়ণ ৰাজা৷
মহাবীৰ ধীৰ স্বভাৱে গম্ভীৰ নিতে কৃত হৰি সেৱা৷৷
নিজ বাহুবলে পাইলা অবিকলে অখণ্ড মহীমণ্ডলে৷
যাত খাটে নমি সততে প্ৰণামি বপিক্ষ নপৃসকলে৷৷
যাত সৰ্বক্ষণ ইন্দ্ৰনাৰায়ণ বৰ দেনত সদাশিৱ৷
হৌক নৰেশ্বৰ পাঞ্চ গৌৰেশ্বৰ পিতাপুত্ৰ চিৰঞ্জীৱ৷৷
ছোট শিলা নাম আছে এক গ্ৰাম য'ত গ্ৰাম মধ্যে সাৰ৷
আছিল তথাত জগত প্ৰখ্যাত চক্ৰপাণি শিকদাৰ৷৷
পটু নৰবৰ কায়স্থ প্ৰবৰ ধৰ্মবনত মহাযশী৷
পণ্ডিত তিলক কুল প্ৰকাশক নিষ্কলংক যেন শশী৷৷
তাহান তনয় অতি শুভনয় কবিৰত্ন সৰস্বতী৷
দ্ৰোণপৰ্ব পদ জয়দথ বধ কৌতুহলে নিগদতি৷৷
কবি গৰাকীৰ ঘৰ বৰপেটা অঞ্চলৰ ছোটাশিলা গ্ৰামত৷ চক্ৰপাণি শিকদাৰ নামৰ এজন কায়স্থকুলৰ লোক আছিল তেওঁৰ পিতৃ৷ ৰাজবিষয়া আৰু চন্দ্ৰমাৰ দৰে নিষ্কলুষ চক্ৰপাণি শিকদাৰ আছিল বংশৰ মুখ উজ্বল কৰোঁতা পণ্ডিত৷ এনে হেন ব্যক্তিৰ পুত্ৰ কবিৰত্ন সৰস্বতীয়ে ইন্দ্ৰনাৰায়ণ ৰজাৰ পৃষ্ঠপোষকতাত মহাভাৰতৰ দ্ৰোণ পৰ্বৰ অন্তৰ্গত জয়দ্ৰথ বধৰ কাহিনীভাগ অসমীয়ালৈ অনুবাদ কৰে৷ উল্লেখযোগ্য যে এইজন কবিৰত্ন সৰস্বতীৰে বংশধৰ হ'ল মাধৱদেৱৰ ভাগিনীয়েক ৰামচৰণ ঠাকুৰ৷ কবিৰত্ন সৰস্বতীৰ জয়দ্ৰথ বধ  কাব্যখন সম্পূৰ্ণৰূপে এতিয়ালৈকে উদ্ধাৰ হোৱা নাই৷ অসমীয়া সাহিত্যৰ চানেকিত  সন্নিবিষ্ট হৈছে কবিজনাই ৰচনা কৰা 'কৈলাশ বৰ্ণনা' অংশহে৷ দুলড়ী ছন্দত ৰচিত কৈলাশ বৰ্ণনা মুঠ ১৯x২=৩৮ টা ছন্দতে সীমাবদ্ধ৷ এই কেইটিমান পদৰ পৰাই কবিজনাৰ কাব্য প্ৰতিভাৰ উমান পাব পাৰি৷ কৈলাশৰ ফল-ফুলৰ শোভা, শিৱৰ অনুচৰবোৰৰ বিকৃত শৰীৰ, নাগৰিকসকলৰ ৰূপযৌৱন, মদন-চঞ্চল ভাব আদি বিষয়ে বৰ্ণনা কৰিবলৈ গৈ কবিয়ে অৰ্জুনক সপোনতে কৈলাশ ভ্ৰমণ কৰাই এই চিত্ৰবোৰ অংকন কৰি নিজৰ কবিত্ব শক্তিৰ পৰিচয় দাঙি ধৰিছে৷ উল্লেখযোগ্য যে এই বৰ্ণনাত অসমৰ ২০ বিধ ফলৰ গছ ২৪ বিধ ফুল আৰু ৪ প্ৰকাৰৰ চৰাইৰ নাম সন্নিবিষ্ট হৈছে৷ কবিৰ এইবোৰ বৰ্ণনাই আমাৰ মনলৈ আনে শ্ৰীমন্ত শংকৰদেৱৰ 'হৰমোহনৰ' উপবন বৰ্ণনা অংশলৈ৷ অৱশ্যে এটা কথা ঠিক যে কবিৰত্ন সৰস্বতীৰ বৰ্ণনা স্বকল্পিত, সৰল, সৰস৷ কবিৰ 'ফুল ভৰে ভাগে ডাল', 'উন্নত কঠিন ঘন পীন স্তন', 'কোকিলে তেজয় ৰাৱ' আদি চিত্ৰকল্পময়ী বৰ্ণনাই পাঠকক এক মনোৰম ৰাজ্যলৈ লৈ যায়৷ কবিৰ ৰচনাত জতুৱা ঠাঁচৰ প্ৰয়োগ সীমিত, ঘৰুৱা উপমাৰ চিত্ৰ সংখ্যাত তাকৰ যদিও গভীৰ অৰ্থব্যঞ্জক৷ কবিজনাই এইখন কাব্যৰ পূৰ্বতে মহাভাৰতৰে আদি পৰ্বৰ অন্তৰ্গত শকুন্তলা-উপাখ্যান আৰু যযাতিৰ চৰিত্ৰ ৰচনা কৰিছিল বুলি উল্লেখ কৰিছে (ভণিতাত) যদিও বৰ্তমানলৈকে সেয়া উদ্ধাৰ হোৱা নাই৷




*      হৰিবৰ বিপ্ৰ

প্ৰাক্-শংকৰী যুগৰ কবিকুলৰ ভিতৰত মাধৱ কন্দলিৰ পিছতে হৰিবৰ বিপ্ৰক ঠাই দিয়া হয়। কাব্যকৃতিৰ পৰিসৰ, গুৰুত্ব বিচাৰ কৰি সমালোচকসকলে যুদ্ধ কাব্যৰ কবি হৰিবৰ বিপ্ৰক এই স্থান দিছে। এওঁৰ জন্মস্থান, জন্মৰ সময়, বংশ পৰিচয় পোৱা নাযায় যদিও তেওঁ যে জাতত ব্ৰাহ্মণ আছিল আৰু কমতাপুৰৰ ৰজা দুৰ্লভনাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰিছিল সেই বিষয়ে তেওঁৰ কাব্যত ভণিতা হিচাপে উল্লেখ কৰিছে। 'বব্ৰুবাহনৰ যুদ্ধ’ত তেওঁ লিখি থৈ গৈছে-
জয় জয় নপৃবৰ     দুৰ্লভনাৰায়ণ ৰাজা
কমতাপুৰে ভৈলা বীৰবৰ।
সপুত্ৰবান্ধবে যেবে    সুখে ৰাজ্য কৰতেনাক
জীৱতেনাক সহস্ৰ বৎসৰ।।
তাহান ৰাজ্যত      থিত সবৰ্জন মনোনীত    
অশ্বমেধ পৰ্ব মধ্যে সাৰ।
বিপ্ৰ হৰিবৰ কবি    হৰিৰ (গৌৰীৰ?) চৰণ সেৱি
পদবন্ধে কৰিলো প্ৰচাৰ।।
বিভিন্ন ইতিহাসবিদ আৰু সাহিত্যৰ বুৰঞ্জীকাৰসকলৰ মাজত এওঁৰ পৃষ্ঠপোষক ৰজা দুৰ্লভনাৰায়ণৰ সময়সীমা সম্পৰ্কে মতবিৰোধ আছে। তথাপিতো সকলো দিশ চালি-জাৰি চাই এওঁক চতুৰ্দশ শতিকাৰ প্ৰথমাৰ্ধত থাপন কৰিব পাৰি।
হৰিবৰ বিপ্ৰই জৈমিনীয় মহাভাৰতৰ অশ্বমেধ পৰ্বৰ দ্বাদশ অধ্যায়ৰ পৰা ষটচত্বাবিংশ (১২শ-৪৬শ) অধ্যায়লৈ বৰ্ণিত কাহিনীকে বিষয়বস্তু হিচাপে লৈ তিনিখন কাব্য ৰচনা কৰিছে। সেইকেইখন হ'ল- 'লৱ-কুশৰ যুদ্ধ', 'বব্ৰুবাহনৰ যুদ্ধ' আৰু 'তাম্ৰধ্বজৰ যুদ্ধ'। মূল গ্ৰন্থখনত অশ্বমেধ পৰ্বত যজ্ঞৰ ঘোঁৰা অনুসৰণ কৰি যোৱা অজুৰ্নৰ লগত বব্ৰুবাহনৰ যুদ্ধৰ বৰ্ণনাৰ মাজতে লৱ কুশৰ লগত ৰামচন্দ্ৰৰ যুদ্ধৰ কথা তুলনাৰ ছলেৰে বৰ্ণনা কৰা হৈছে। জন্মেজয়ে সেই বিষয়ে বহল প্ৰশ্ন কৰাত জৈমিনী ঋষিয়ে সেই ছলতে ৰাৱণ বধৰ পিছৰে পৰা ৰামকথা চমুকৈ আৰম্ভ কৰি ৰাম আৰু কুশৰ যুদ্ধ কথা বিস্তৃতভাৱে বৰ্ণনা কৰিছে। হৰিবৰ বিপ্ৰৰ 'লৱ-কুশৰ যুদ্ধ' কাব্যত কবিয়ে ব্যক্ত কৰিছে-
দুয়ো কথা শুনিবাৰ মোৰ মনে লাগে।
তথাপিতো ৰাম-কথা কহিয়োক আগে।।
আকৌ এঠাইত কৈছে-
অজুৰ্নৰ যুদ্ধ       আছোক এখনে
পাছে কহোঁ সিটো কথা।
ইয়াৰ পৰাই প্ৰমাণ হয় যে এইখন কবিজনাৰ প্ৰথম কাব্য। এইখন কাব্যৰ বৰ্ণনাত কবিয়ে মূলৰ পৰা বৰ বিশেষ আঁতৰি যোৱা নাই যদিও ঠাই বিশেষে বহু কথা সংক্ষেপ কৰিছে। স্মৰণযোগ্য যে-
কাহাৰো হৰিষ পদে শ্লোক এক গৈল।
কাহাৰো হৰিষ বিশ্ৰিত লম্ভা থৈল।।
সৱাৰো আনিয়া সাৰ বিপ্ৰ হৰিবৰ।
বোলে অশ্বমেধ-যজ্ঞ পদ ৰুচিকৰ।।
জৈমিনীয় মহাভাৰতৰ অশ্বমেধ পৰ্বত ২৫শ-৩৬শ অধ্যায়ত বৰ্ণিত এই কাহিনী ভাগক আধাৰ হিচাপে লৈ ৰচনা কৰা 'লৱ-কুশৰ যুদ্ধ' কাব্যতো প্ৰায়খিনি কথা মূলৰ সৈতে একেই ৰাখিছে। ৰামৰ লংকা বিজয়ৰ পৰা অযোধ্যালৈ গমন, সীতাৰ অগ্নি পৰীক্ষা, ৰামৰ সপোন, সীতাৰ পুংসৱন সংস্কাৰ, সীতাক পৰিত্যাগ, বাল্মীকিৰ আগমন আশ্ৰমলৈ গমন, লৱ-কুশৰ জন্ম, বাল্মীকিৰ দ্বাৰা শিক্ষাদান, ৰামৰ অশ্বমেধ যজ্ঞৰ ঘোঁৰা আশ্ৰমত প্ৰৱেশ, শেষত কুশৰ সৈতে ৰামৰ যুদ্ধ আৰু পতন, লৱৰ দ্বাৰা হনুমান আদিক সীতাৰ ওচৰলৈ আনয়ন, সীতাৰ দ্বাৰা তেওঁলোকৰ মুক্তি, বাল্মীকিৰ আগমন আৰু অমৃতময় জলেৰে সকলোৰে জীৱন দান, ৰাম আদিৰ অযোধ্যালৈ প্ৰত্যাগমন আদি কাহিনী এই কাব্যখনত বৰ্ণনা কৰা হৈছে।অৱশ্যে মূলত থকা সীতা আৰু লৱ-কুশৰ অযোধ্যাগমন আৰু ৰামৰ অশ্বমেধ যজ্ঞ সম্পন্ন কৰাটো কবিয়ে উল্লেখ কৰা নাই।
কবিজনাই এই কাহিনীভাগ বৰ্ণনা কৰোঁতে সৰু সুৰা কথাৰ সামান্য সালসলনি ঘটাইছে। যেনে- লৱ-কুশৰ হাতত ৰাম আদিৰ পতনৰ পাছত সিহঁতে ৰাম-লক্ষণৰ আ-অলংকাৰ পৰিধান কৰা কথাটো মূলত নাই। ঠিক সেইদৰে সীতাৰ পুংসৱন উৎসৱত 'সুৱণৰ্ৰ থালে সীতা গভৰ্ক ঢাকিলা।' আদি কবিৰ নিজস্ব সৃষ্টি। মুঠতে কবিয়ে অসমীয়া পাঠক-শ্ৰোতাৰ উপযোগীকৈ কাহিনীভাগ তুলি ধৰাত সাৰ্থক হৈছে।
একেখন মূল পুথিৰ ১২-১৫শ অধ্যায় আৰু ৩৭-৪০শ অধ্যায়ৰ কথাবস্তুৰে হৰিবৰ বিপ্ৰই ৰচনা কৰে 'বব্ৰুবাহনৰ যুদ্ধ' কাব্যখনি। অৱশ্যে মূলত নামটো 'বভ্ৰবাহন' বুলিহে আছে। কাহিনী বৰ্ণনা কৰাৰ স্বাৰ্থত গ্ৰহণ বৰ্জন সংক্ষিপ্তকৰণ আৰু বিস্তৃতকৰণেৰে কবিয়ে মূল কাহিনীৰ পৰা সাৰভাগ গ্ৰহণ কৰি এই কাব্যখন ৰচনা কৰিছে। মুঠ ৬০৫টা পদত ৰচিত এই কাব্যখনিত যুধিষ্ঠিৰৰ অশ্বমেধ যজ্ঞৰ ঘোঁৰা অনুসৰণ কৰি অজুৰ্নৰ মণিপুৰত প্ৰৱেশ, বব্ৰুবাহনৰ সৈতে যুদ্ধ, যুদ্ধত অজুৰ্নৰ পৰাজয় আৰু মৃত্যু, মাতৃৰ কথা মতে পাতালৰ পৰা সঞ্জীৱনী মণি সংগ্ৰহ কৰি আনি অজুৰ্ন-বৃষকেতুক জীৱন দান- দিয়া এই প্ৰধান ঘটনাবোৰৰ লগত বিভিন্ন আনুষংগিক কথা সংযোগ কৰি গোটেই কাহিনীভাগ বৰ্ণনা কৰিছে। হৰিবৰ বিপ্ৰৰ কাব্যত অজুৰ্নে শোকত কাতৰ হোৱা মণিপুৰৰ বিজয়োৎসৱৰ বৰ্ণনা আদিত কবিজনাৰ মৌলিক প্ৰতিভাৰ স্বাক্ষৰ জিলিকি আছে। সেই বাবেই ড° মহেশ্বৰ নেওগে মন্তব্য কৰিছে যে- 'অজুৰ্নৰ শোক গাথা ৰচনাত কবি কৃতকাৰ্য হৈছে।'
কবিজনাৰ তৃতীয়খন কাব্যও একে মূলৰ পৰা আহৰণ কৰা বিষয়বস্তুৰে ৰচিত এখন যুদ্ধ কাব্য। মণিপুৰৰ পৰা যজ্ঞৰ ঘোঁৰা লৈ মাধৱ আৰু অজুৰ্ন ময়ুৰধ্বজ ৰজাৰ ৰাজ্য বাণপুৰত প্ৰৱেশ কৰে। তাতে ময়ূৰধ্বজৰ পুত্ৰ তাম্ৰধ্বজে ঘোঁৰা ধৰে। ময়ূৰধ্বজে ইতিমধ্যে ছটা অশ্বমেধ যজ্ঞ শেষ কৰি সপ্তমটোৰ বাবে ঘোঁৰা মেলিছিল। ইয়াতে তাম্ৰধ্বজৰ লগত অনিৰুদ্ধ, বৃষ্ণকেতু, সাত্যকি, বব্ৰুবাহন আৰু কৃষ্ণ-অজুৰ্নৰ যুদ্ধ হয়। যুদ্ধত সকলো পৰাস্ত হয় আৰু মূৰ্ছা যায়। শেষত কৃষ্ণ-অজুৰ্নে ব্ৰাহ্মণ-শিষ্যৰ বেশ ধৰি ময়ূৰধ্বজ ৰজাৰ পৰা যুদ্ধৰ ঘোঁৰা মুকলি কৰে।
হৰিবৰ বিপ্ৰৰ তিনিওখন কাব্যতে তেওঁৰ কবি প্ৰতিভাৰ স্বাক্ষৰ প্ৰতিভাত হৈ উঠিছে। এওঁৰ ভাষা আৰু ৰচনাশৈলী সৰস আৰু প্ৰাঞ্জল তথা সাৱলীল। কবিয়ে য'তেই সুৰুঙা পাইছে তাতেই নিজা কথা সংযোগ কৰি কাব্যকেইখনৰ ৰমণীয়তা তথা আকষৰ্ণীয়তা বৃদ্ধি কৰিছে। লিখনি তথা বিষয়বস্তু অধিক প্ৰাঞ্জল আৰু মনোগ্ৰাহী কৰাৰ উদ্দেশ্যে বিভিন্ন অলংকাৰ প্ৰয়োগ কৰিছে। যেনে-
Ø  হৃদয়ত পৰি বীৰে দুই হাতে আটে।
বলৱনত নাৰী যেন বেসুৱাৰ বাটে।। (বব্ৰুবাহনৰ যুদ্ধ)
Ø  হস্তীৰ আগত যেন কদলীৰ পখা। (তামধবজৰ যুদ্ধ)
Ø  লোণ নাৱ তল গৈল আঙ্গুলিক চাখা। (লৱ-কুশৰ যুদ্ধ)
ঠিক সেইদৰে অসমীয়া ঘৰুৱা জতুৱা ঠাঁচৰ ব্যৱহাৰে এওঁৰ ভাষা অধিক প্ৰাঞ্জল কৰি তুলিছে, যেনে- 'হস্তীৰো পিছলে পাৱ সুজানে বুডাবে নাৱ।'(বব্ৰুবাহনৰ যুদ্ধ,)'উগাৰ চাৰস'(লৱ-কুশৰ যুদ্ধ), 'কটকটায় ঘাৰ' (বব্ৰুবাহনৰ যুদ্ধ)। অসমীয়া সমাজৰ লোকাচাৰ, লোকবিশ্বাস আদিৰো প্ৰয়োগ এই কাব্যকেইখনত বিদ্যমান। পদ, দুলড়ী, ঝুমুৰী আৰু ছবি ছন্দৰ সুব্যৱহাৰেৰে এওঁ প্ৰাক্-শংকৰী যুগৰ এজন শ্ৰেষ্ঠ কবি হিচাপে চিহ্নিত হৈছে। প্ৰণিধানযোগ্য যে এই তিনিওখন কাব্যতে তৰুণ তেজৰ বিজয়ী গাথা ঘোষিত হৈছে। সেইবাবেই সত্যেন্দ্ৰনাথ শৰ্মাই এই কাব্য তিনিওখনক 'তৰুণ প্ৰশস্তিমূলক কাব্য' বুলি অভিহিত কৰিছে। আনহাতে বধ কাব্য শ্ৰেণীৰ পথ প্ৰদশৰ্ক বুলিও এওঁক চিহ্নিত কৰিব পাৰি।

*      মাধৱ কন্দলি

প্ৰাক্-শংকৰী যুগৰ শ্ৰেষ্ঠ কবি জনেই হৈছে মাধৱ কন্দলি। এইজনা কবিৰো জীৱন, বংশ পৰিচয় আদি আন প্ৰাক্-শংকৰী যুগৰ কবিসকলৰ দৰেই অন্ধকাৰাচ্ছন্ন। একমাত্ৰ তেওঁ কাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল সেই বিষয়েহে তেওঁ অনুবাদ কৰা 'ৰামায়ণ'খনৰ লংকা কাণ্ডত উল্লেখ আছে-
কবিৰাজ কন্দলি যে       আমাকেসে বুলিবয়
কৰিলোহো সবৰ্জন-বোধে।
ৰামায়ণ সপুয়াৰ     শ্ৰীমহামাণিক্য যে 
বৰাহ ৰাজাৰ অনুৰোধ।।
উল্লেখযোগ্য যে আধুনিক ভাৰতীয় আৰ্য ভাষালৈ অনুবাদ কৰা বাল্মীকিৰ ৰামায়ণৰ ভিতৰত সৰ্বপ্ৰথম স্থান অধিকাৰ কৰি থকা অসমীয়া ৰামায়ণৰ অনুবাদকজনৰ পৃষ্ঠপোষক ৰজাজনৰ বিষয়েও মত বিৰোধ আছে। তথাপিতো বিভিন্ন সাক্ষ্য প্ৰমাণ, যেনে- কছাৰী বুৰঞ্জী, ত্ৰপিুৰা ৰাজমালা, অন্যান্য পাৰিপাৰ্শ্বিক বিৱৰণ আৰু কবিজনাৰ ৰচনাৰ ভাষিক বৈশিষ্ট্য বিচাৰৰ অন্ততঃ এটা মতত উপনীত হোৱা গৈছে যে- এওঁৰ পৃষ্ঠপোষক মহামাণিক্য ৰজাই মধ্য অসমৰ নগাঁৱৰ কপিলি উপত্যকাত ৰাজত্ব কৰিছিল আৰু তেওঁৰ সময় চতুৰ্দশ শতিকা। সেই হিচাপে কবিজনাৰ সময়কালো চতুৰ্দশ শতিকা। মাধৱ কন্দলিয়ে লংকাকাণ্ডৰ সামৰণিত সাতকাণ্ড ৰামায়ণ পদবন্ধে নিবন্ধিলোঁ বুলি স্পষ্টভাৱে মন্তব্য কৰিছে যদিও বৰ্তমানলৈকে তেওঁ ৰচনা কৰা পাঁচটা কাণ্ডহে উদ্ধাৰ হৈছে। সেইকেইটা হৈছে- অযোধ্যা কাণ্ড, অৰণ্য কাণ্ড, কিস্কিন্ধ্যা কাণ্ড, সুন্দৰা কাণ্ড আৰু লংকা কাণ্ড। আদি আৰু উত্তৰা কাণ্ড বিচাৰি নোপোৱাত মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে ক্ৰমে উত্তৰা আৰু আদি কাণ্ড ৰামায়ণ অনুবাদ কৰি সপ্তকাণ্ড সম্পূৰ্ণ কৰে।
মাধৱ কন্দলিয়ে ৰামায়ণখন মূলৰ পৰা অনুবাদ কৰোঁতে নীতি হিচাপে গ্ৰহণ কৰিছিল- 'লম্ভা পৰিহৰি সাৰোদ্ধৃতে' কথাফাঁকি। বাল্মীকি ৰামায়ণৰ প্ৰতিটো কাণ্ড ভালদৰে অনুধাৱন কৰি গ্ৰহণ বজৰ্ন, সংযোজন আৰু স্থানীয় ৰহণ সানি অসমীয়া ৰামায়ণখন ৰচনা কৰিছে কন্দলিয়ে। মূলৰ কাণ্ড বিভাজন একে ৰাখি সৰ্গৰ ঠাইত অধ্যায় বিভাজন কৰি জনমানসৰ আবেগ-অনুভূতিৰ প্ৰতি লক্ষ্য ৰাখি সকলোৰে মাজত জনপ্ৰিয় হোৱাকৈ ৰচনা কৰিছে ৰামায়ণখন। অনুবাদ ৰীতি সম্পৰ্কে নিজেই মন্তব্য কৰি গৈছে-
বাল্মীকি ৰচিলা শাস্ত্ৰ গদ্য পদ্য ছন্দে।
তাহাক বিচাৰ কৰিয়া প্ৰবন্ধে।।
আপোনাৰ বুদ্ধি অৰ্থ যিমত বুজিলোঁ।
সংক্ষেপ কৰিয়া তাক পদ বিৰছিলোঁ।।
....
....
কবিসব নিবন্ধয় লোক ব্যৱহাৰে।
কতো নিজ কতো লম্ভা কথা অনুসাৰে।
মাধৱ কন্দলিয়ে অসমীয়া লোকভাষাক কাব্য ভাষা ৰূপে সুপ্ৰতিষ্ঠিত কৰিলে। এওঁৰ ৰচনাৰ আধাৰ গ্ৰন্থখন সংস্কৃত আছিল যদিও কবিবৰৰ ৰচনাক তৎসম শব্দই ভাৰাক্ৰান্ত কৰি তোলা নাই। বৰং তৎসম, অৰ্ধ-তৎসম, তদ্ভৱ আৰু দেশী ভাষাৰ শব্দৰ যথাযথ প্ৰয়োগে কাব্যখন অধিক ৰমণীয় আৰু সুখ পাঠ্য কৰি তুলিছে। আলোচকসকলে এওঁৰ ভাষাত দুই ধৰণৰ ভাষিক বৈশিষ্ট্য ৰক্ষিত হৈছে বুলি মত দিয়ে। যথা - শিষ্ট ভাষা আৰু লোকভাষা। এই ভাষাক সমৃদ্ধ কৰিছে ব্যৱহাৰিক জীৱনৰ পৰা তুলি অনা বিবিধ চিত্ৰকল্প, উপমা, জতুৱা ঠাঁচ আদিয়ে। বিবিধ অলংকাৰৰ প্ৰয়োগ কবি মাধৱ কন্দলিৰ ভাষাৰ এটি উল্লেখযোগ্য বৈশিষ্ট্য। উদাহৰণস্বৰূপে-
ৰাজহংস দেখা সীতা তোমাৰ গমন।
চক্ৰবাক যুগল তোমাৰ দুই তন।।
     প্ৰচলিত বিবিধ কবি প্ৰসিদ্ধ- 'পদুমৰ পাহি' বা 'হৰিণৰ দৰে চকু', 'ডম্বৰুৰ দৰে চিয়া কঁকাল' আদিৰ প্ৰয়োগ; বক্তব্য অনুসৰি ব্যৱহৃত ছন্দ বা ছন্দৰ সুষম প্ৰয়োগ; প্ৰসংগৰ লগত খাপ খুৱাকৈ পৰিস্থিতিৰ চিত্ৰণ; চৰিত্ৰৰ মানসিক স্থিতিৰ নিটোল উপস্থাপন; ভাব অনুসৰি ভাষাৰ প্ৰয়োগ; উপযুক্ত ধবনিবিন্যাস; ৰস সৃষ্টি আদিয়ে কবিৰ ৰচনাশৈলীক অধিক মোহনীয় কৰি তুলিছে। এওঁক আনকি উপমা প্ৰয়োগৰ বিশিষ্টতাৰ বাবে 'অসমৰ কালিদাস' বুলিও পণ্ডিতসকলে চিহ্নিত কৰে। কন্দলিৰ ৰামায়ণত পদ বা পয়াৰ ছবি দুলড়ীৰ লগতে ঝুমুৰী ছন্দৰো ব্যৱহাৰ হোৱা দেখা যায়।
কন্দলিৰ বৰ্ণনাত গতিশীলতা অনুভৱ কৰা যায়। যি কোনো বৰ্ণনাই জীৱন্ত ৰূপত উদ্ভাসিত হয়। উদাহৰণস্বৰূপে-
ভাইৰ সনতাপে ৰাম দশ গুণে চণ্ড।
শৰীৰৰ মাংসক কৰিলা খণ্ড খণ্ড।।
আস্ফোট কৰিয়া ৰামে বীৰ কাছে কাছি।
অৰ্দ্ধচন্দ্ৰ নৰাচ হানন্ত বাছি বাছি।।
ৰাৱণক নানা শৰ হানি বনমালী।
নাকে মুখে গাণ্ডি মুণ্ডে থৈলা শালি শালি।।
উল্লেখযোগ্য যে মাধৱ কন্দলিয়ে অতি কম কথাৰে সৌন্দৰ্যক মনোৰম আৰু কদৰ্যক অতি ভয়ংকৰ ৰূপত তুলি ধৰিব পাৰে।কন্দলি অনুবাদক হিচাপেও যে সফল আছিল তাৰ উদাহৰণ হিচাপে লংকাকাণ্ডৰ এটি শ্লোকলৈ আঙুলিয়াব পাৰি-
মূলত আছে : দেশে দেশে কলত্ৰানি দেশে দেশে চবান্ধবাঃ।
তং তু দেশং স পশ্যামি যত্ৰ ভ্ৰাতা সহোদাৰাঃ।।
অনুবাদ :    ভাৰ্যা পুত্ৰ বন্ধু যত পাই যথা তথা।
হেন নতু দেখহ সোদৰ পাই কোথা।।
কন্দলি ৰামায়ণখনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু সুন্দৰ কথাটি হ'ল এই কাব্যৰ মাজত সেই সময়ৰ অসমীয়া সমাজ জীৱনৰ এখন সুন্দৰ ছবি ফুটি উঠিছে। তৎকালীন অসমীয়া সমাজত প্ৰচলিত বৰ্ণ ব্যৱস্থা, ধৰ্মীয় পৰম্পৰা, অসমৰ প্ৰাকৃতিক চিত্ৰ, চৰাই-চিৰিকতি, ফল-ফুলৰ বিৱৰণ আদিৰে ভৰপুৰ এওঁৰ ৰামায়ণ। প্ৰণিধানযোগ্য যে মাধৱ কন্দলিৰ এনে শক্তিশালী ভাষাৰ আধাৰতেই পৰৱৰ্তীকালত শংকৰদেৱকে আদি কৰি বৈষ্ণৱ কবিসকলে বিশাল নৱ-বৈষ্ণৱ সাহিত্যৰাজিৰ সৃষ্টি কৰিলে। এক কথাত ক'ব পাৰি মাধৱ কন্দলিয়ে অসমীয়া ভাষা-সাহিত্যক এক উচ্চ স্থানত উপবিষ্ট কৰালে। সেইবাবেই হয়তো গুৰুজনাই অভিভূত হৈ নিজকে শহা আৰু এওঁক হস্তীৰ লগত তুলনা কৰি কবিজনাৰ প্ৰতিভাক স্বীকৃতি দিছিল।
মাধৱ কন্দলিৰ নামত 'দেৱজিৎ' নামৰ কাব্য এখনো প্ৰচলিত হৈ আছে। বহু সমালোচকে অৱশ্যে এই দেৱজিৎ পুথিৰ ৰচক মাধৱ কন্দলিজন বেলেগ বুলি ক'ব বিচাৰে। কিন্তু ৰামায়ণৰ ভাষা তথা প্ৰকাশৰীতিৰ লগতে বহুকালৰে পৰা চলি অহা বিষ্ণুভক্তিৰ আলোচনাৰ প্ৰসংগ টানি শৈলেন ভৰালীয়ে দুয়োখনৰে ৰচক মাধৱ কন্দলি এজনেই বুলি প্ৰতপিন্ন কৰিছে। দেৱজিৎ কাব্যৰ বিষয়বস্তু হ'ল বিষ্ণুৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰা। স্বৰ্গত আয়োজন কৰা এক যজ্ঞত নাৰদে ইন্দ্ৰক কৃষ্ণৰ পূজা কৰিবলৈ কোৱাত ইন্দ্ৰ অমান্তি হয় আৰু কৃষ্ণৰ প্ৰতি অপমানসূচক মন্তব্য কৰে। তাকে দেখি 'ব্ৰহ্মা বিষ্ণু হৰে কৰ্ণে দিলা হাত' আৰু অজুৰ্নৰ সৈতে কৃষ্ণ আহি ইন্দ্ৰৰ দৰ্প চূৰ্ণ কৰিব বুলি সঁকিয়াই থৈ যায়। এদিন কৃষ্ণ-অজুৰ্নে ইন্দ্ৰ সহিতে দেৱতাগণৰ লগত যুদ্ধত প্ৰবৃত্ত হয় আৰু তেওঁলোকক পৰাস্ত কৰে। দেৱতাসকল শিৱৰ শৰণাপন্ন হোৱাত জটাধাৰীয়ে অজুৰ্নৰ সৈতে যুদ্ধ কৰি শেষত পৰাজয়বৰণ কৰে। অজুৰ্নে শৰেৰে ঘৰ বান্ধি হৰক বন্দী কৰে। কিন্তু পাশুপতি পুনৰ তাৰ পৰা ওলাই আহি যুদ্ধত প্ৰবৃত্ত হয়। কৃষ্ণই সুদৰ্শন চক্ৰৰে যুদ্ধ কৰিবলৈ আৰম্ভ কৰাত শিৱৰ পাশুপাত ভয়তে তৃণত সোমাই থাকে আৰু অজুৰ্নে শাৰঙ্গ ধনুৰে শৰ মাৰি হৰক পৃষ্ঠভংগ দিয়ায়। হৰ ভয়ত বিতত হৈ ব্ৰহ্মাৰ শৰণাপন্ন হয়। এনেদৰে অজুৰ্নৰ দ্বাৰা দেৱতাসকলৰ পৰাস্ত হোৱাৰ কাহিনী বৰ্ণনা কৰা হৈছে কাব্যখনিত। পুথিখনত বৈষ্ণৱ আদৰ্শ প্ৰতিষ্ঠাৰ যত্ন সুস্পষ্ট।
অৱশ্যে এটা কথা উল্লেখযোগ্য যে ৰামায়ণখনত কবিৰ যি নপিুণতা, পদবন্ধৰ কোমলতা, সাঙ্গীতিক লয়, ছন্দ-অলংকাৰ মঞ্জুল প্ৰয়োগ, ৰসৰ গভীৰ ব্যঞ্জনা দেখা পোৱা গৈছিল সেয়া এই দেৱজিৎ কাব্যত অনপুস্থিত। এওঁ আগবঢ়োৱা ভণিতা-
মাধৱ কন্দলি ৰচিলনত ইটো পদ।
আকে শুনি এৰা সবে দুৰ্ঘোৰ আপদ।।
অনুসৰি কাব্যখন মাধৱ কন্দলিৰ ৰচনা বুলি স্থিৰ কৰা হৈছে।

*      ৰুদ্ৰ কন্দলি

প্ৰাক্-শংকৰী যুগৰ একেবাৰে শেষৰ জনা কবিৰূপে চিহ্নিত ৰুদ্ৰ কন্দলিয়ে তাম্ৰধ্বজ ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰি মহাভাৰতৰ দ্ৰোণপৰ্বৰ অন্তৰ্গত জয়দ্ৰথ বধ উপ পৰ্বত উল্লেখ থকা 'সাত্যকি প্ৰৱেশ'ৰ অনুবাদ কৰে। কবিয়ে ভণিতা পেলাইছিল এনেদৰে-
শ্ৰীমন্ত তাম্ৰধ্বজ অনুজে সহিতে।
বৃদ্ধৰ সমান ধৰ্ম শিশু বয়সতে।।
বুদ্ধিত গম্ভীৰ ক্ষেমাৱন্ত শুভনয়।
যাহাৰ যশক সৰ্ব্বজনে প্ৰশংসয়।।
বিষ্ণুৰ ভকত মহামায়াৰ সেৱক।
পুত্ৰৰ সমান কৰি দৰিদ্ৰ-পালক।।
দুই ভাইৰ স্নেহ যেন ৰাম-লক্ষণৰ।
সবান্ধৱে জীৱন্তোক সহস্ৰ বৎসৰ।।
অৱশ্যে এওঁৰ পৃষ্ঠপোষক তাম্ৰধ্বজ ৰজা প্ৰকৃততে কোন, কেতিয়াৰ সেই বিষয়ে পণ্ডিতসকল একমত নহয়। কনকলাল বৰুৱাই অভিমত প্ৰকাশ কৰিছে যে কামৰূপ কমতা ৰাজ্যৰ পূৰ্বফালে দুৰ্লভ নাৰায়ণে আৰু পশ্চিমে ধৰ্মনাৰায়ণে চতুৰ্দশ শতিকাৰ প্ৰথম ভাগত ৰাজত্ব কৰিছিল। ধৰ্ম নাৰায়ণৰ পুত্ৰ তাম্ৰধ্ববজেই এওঁৰ পৃষ্ঠপোষক। আনহাতে ১৭০৬-০৮ খ্ৰীঃৰ খাচপুৰৰ কছাৰী ৰজাজনৰ নামো আছিল তাম্ৰধ্বজ। মহেশ্বৰ নেওগে এওঁৰ সময়তেই ৰুদ্ৰ কন্দলিক থাপিব খোজে। পিছে এয়া শুদ্ধ নহয়।
এওঁ ৰচনা কৰা 'সাত্যকি প্ৰৱেশ' কাব্যখনৰ মূল হ'ল মহাভাৰতৰ দ্ৰোণপৰ্বৰ অন্তৰ্গত 'জয়দ্ৰথ বধ’ উপপৰ্ব। ১০৫শ অধ্যায়ত সন্নিবিষ্ট শিনিপুত্ৰ সাত্যকিৰ যুদ্ধযাত্ৰা আৰু বীৰত্বব্যঞ্জক কথাখিনি এইখন কাব্যত লিপিবদ্ধ হৈছে। ইয়াত কবিয়ে পূৰ্বসুৰী কবিসকলৰ দৰে আক্ষৰিক অনুবাদ নকৰি প্ৰয়োজন অনুসাৰে নিজাকৈ দীঘল কৰাৰ লগতে ঠাই বিশেষে চমুৱাইছে। সমগ্ৰ কাব্যখন যুদ্ধৰ বিৱৰেণেৰে ভৰি আছে। উল্লেখযোগ্য যে কাব্যখনৰ যুদ্ধৰ বৰ্ণনাসমূহ নৱ-বৈষ্ণৱ যুগৰ বধকাব্যৰ যুদ্ধৰ বিৱৰণ তথা ৰীতিৰ সৈতে সাদৃশ্য থকা। কাব্যখনত যুদ্ধৰ বৰ্ণনাই ভৰি থকাৰ বাবে অন্য পৰিৱেশ-পৰিস্থিতি অংকনৰ কোনো ধৰণৰ অৱকাশ বিচাৰি পোৱা নাযায়। বহু সময়ত কবিয়ে ইতৰ খাপৰ লোকৰ ঘৰুৱা গালি-শপনিৰ প্ৰয়োগ কৰিছে। অৱশ্যে ঘৰুৱা চিত্ৰকল্পৰে নিৰ্মিত অলংকাৰ, যেনে- ভাস্কৰক ঢাকে যেন বাৰিষাৰ মেঘ (উপমা), পূৰ্ণচন্দ্ৰ সম জ্বলে চাৰিৰো বদন (ৰূপক) আদি অলংকাৰ প্ৰয়োগ কৰি নিজৰ কাব্যিক শক্তিৰ পৰিচয় দাঙি ধৰিছে। মূলৰ উপমাবোৰৰ কিছুমান সাধাৰণ মানুহৰ দুৰ্বোধ্য হ'ব বুলি ভাবি বাদ দিছে আৰু কিছুমান ৰাখিছে। ভাষাৰ ফালৰ পৰা এই কাব্যখনৰ ইমান প্ৰাচীন বুলি ক'ব নোৱাৰি বুলি সমালোচকসকলে মত পোষণ কৰে। অৱশ্যে প্ৰাক্-শংকৰী যুগৰ ব্যাকৰণগত নিদৰ্শন '-ইবা' প্ৰত্যয়ান্ত অতীত কৃদন্তৰ ব্যৱহাৰ এইখন কাব্যত বিশেষভাৱে কৰিছে।

 




9 comments:

  1. বহুত ভাল লাগিল।বহুত কষ্ট কৰি যুগুতালে ধন্যবাদ।

    ReplyDelete
  2. উপকাৰত লাগিল ধন্যবাদ

    ReplyDelete
  3. সুন্দৰ লিখনি

    ReplyDelete
  4. ধুনীয়া হৈছে।

    ReplyDelete
  5. ধন্যবাদ, আৰু লিখিব বুলি আশা থাকিল ছাৰ।

    ReplyDelete
  6. This comment has been removed by the author.

    ReplyDelete