Friday, May 31, 2013

অতুল বৰদলৈৰ বৃক্ষৰ খোজ আৰু নৰেন পাটগিৰিৰ ৰজা আহে



     সাম্প্ৰতিক অসমৰ দুগৰাকী উল্লেখযোগ্য নাট্যকাৰ হ’ল অতুল বৰদলৈ আৰু নৰেন পাটগিৰি৷ এই দুয়োগৰাকী নাট্যকাৰে ইতিমধ্যে কেইবাখনো নাটক লিখি অসমীয়া নাট্য সাহিত্যলৈ তেখেতসবৰ অৱদান আগবঢ়াই আহিছে৷ মূলতঃ খাটিখোৱা জনতাৰ মনৰ কথা ব্যক্ত কৰা এই দুগৰাকী নাট্যকাৰে তেখেতসকলৰ নাটকৰ মাধ্যমেদি নিপীড়িত জনতাৰ, খাটিখোৱা সৰ্বসাধাৰণ ৰাইজৰ মৰ্মবেদনা প্ৰকাশ কৰাৰ লগতে শোষণৰ বিৰুদ্ধে সাধাৰণ প্ৰজাৰ প্ৰতিবাদৰ সুৰ ধ্বনিত কৰিছে আমাৰ এই আলোচনাটিত ‘সামাজিক বাস্তৱতাবাদ’ বা ‘সমাজ  বাস্তৱতাবাদ’ (Social Realism) নামৰ তাত্ত্বিক ধাৰণাটিৰ আধাৰত দুয়োগৰাকী নাট্যকাৰৰ একোখনকৈ নাটক আলোচনা কৰিবলৈ যত্ন কৰা হ’বনাটক দুখন হ’ল অতুল বৰদলৈৰ বৃক্ষৰ খোজ আৰু নৰেন পাটগিৰিৰ ৰজা আহে ৷ বিষয়বস্তুৰ বিশ্লেষণৰ প্ৰসংগলৈ যোৱাৰ আগতে আমি ‘সমাজ বাস্তৱতাবাদ’ মানে কি বা এই তাত্ত্বিক ধাৰণাটি আধাৰ আৰু বৈশিষ্ট্য সম্পৰ্কে চমুকৈ আলোচনাত প্ৰবৃত হোৱাৰ প্ৰয়োজনীয়তা উপলব্ধ হয়
     সমাজ বাস্তৱতাবাদ মূলতঃ আদৰ্শবাদ বা ৰমন্যাসবাদৰ প্ৰতিবাদ কল্পে পাশ্চাত্যত আৰম্ভ হোৱা এক ধৰণৰ শৈল্পিক বিপ্লৱ প্ৰথম অৱস্থাত এই ধাৰণাটি কেৱল চিত্ৰকলাতে সীমাবদ্ধ আছিল. কিন্তু পৰৱৰ্তীকালত ই বিভিন্ন শিল্পকলাৰ (সাহিত্য নাটক চিনেমা ইত্যাদি) মাধ্যমলৈ প্ৰসাৰিত হয় বিভিন্ন তাত্ত্বিকে সমাজ বাস্তৱতাবাদৰ সংজ্ঞা আৰু বৈশিষ্ট্য নিৰূপণ কৰিছে তাৰে কেইটিমান হ’ল-
*      Social realism a very broad term for painting (or literature or other art) that comments on contemporary social, political, or economic conditions, usually from a left-wing viewpoint, in a realistic manner. Often the term carries with it the suggestion of protest or propaganda in the interest of social reform. However, it does not imply any particular style; Ben Shahn’s caricature-like scenes on injustice and social hypocrisy in the USA, the dour working-class interiors of the Kitchen Sink School in Britain, and the declamatory political statements of Guttoso in Italy are all embraced by the term. 
*      Social Realism developed as a reaction against idealism and the exaggerated ego encouraged by Romanticism. Consequences of the Industrial Revolution became apparent; urban centers grew, slums proliferated on a new scale contrasting with the display of wealth of the upper classes. With a new sense of social consciousness, the Social Realists pledged to “fight the beautiful art”, any style which appealed to the eye or emotions. They focused on the ugly realities of contemporary life and sympathized with working-class people, particularly the poor. They recorded what they saw (“as it existed”) in a dispassionate manner. The public was outraged by Social Realism, in part, because they didn’t know how to look at it or what to do with it.
*      Social Realism, also known as Socio-Realism, is an artistic movement, expressed in the visual and other realist arts, which depicts social and racial injustice, economic hardship, through unvarnished pictures of life’s struggles; often depicting working class activities as heroic. The movement is a style of painting in which the scenes depicted typically convey a message of social or political protest edged with satire. This is not to be confused with Socialist Realism, the official USSR art form that was institutionalized by Joseph Stalin in 1934 and later allied Communist parties worldwide.
     এই সংজ্ঞা কেইটাৰ পৰা আমি অনুধাৱন কৰিব পাৰোঁ যে ই মূলতঃ খাটিখোৱা জনসাধাৰণৰ লগত জড়িত আৰু তেওঁলোকৰ মনোজগত দৈনন্দিন কৰ্যপন্থাৰ কথাই ইয়াত গুৰুত্ব লাভ কৰে এই ধাৰণাটিৰ লগত সামাজিক ন্যায়ৰ কথা জড়িত হৈ থাকে তদপুৰি এই ধাৰণা মতে সমসাময়িক সমাজৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক অৱস্থাৰ বিষয়ে বামপন্থী চিন্তাধাৰাৰে আলোকপাত কৰাৰ লগতে প্ৰতিবাদ সাব্যস্ত কৰা হয় সামাজিক তথা জাতিগত বৈষম্য, খাটিখোৱা মানুহৰ অনুভূতি, বাস্তৱৰ নগ্ন ৰূপেৰে অংকন কৰা হয় অৱশ্যে কেতিয়াবা কেতিয়াবা ইয়াত ব্যংগাত্মক চিন্তাধাৰ এটিয়েও প্ৰাধান্য লাভ কৰে উল্লেখযোগ্য যে ই ৰুচদেশত আৰম্ভ হোৱা ‘সমাজবাদী বাস্তৱতাবাদ’ (Socialist Realism) নামৰ ধাৰাটিতকৈ পৃথক নাটক, চিনেমা আদিত ই কেনেদৰে ক্ৰিয়াশীল ৰূপ লাভ কৰে সেই বিষয়ে তাত্ত্বিকসকলে মন্তব্য কৰিছে-
Social Realism: the representation of characters and issues in film and television drama in such a way as to race serious underlying social and political issues.
·         Social realism involves a drama-documentary treatment in the sense that, while the characters may be fictional, the contexts and circumstances in which they are placed represent social realities.
·         The films are usually shot in a naturalistic way, avoiding the use of sophisticated editing and treatments and sometimes giving the impression that the camera is simply recording events as they take place. There is often little use of non-diegetic sound.  
     ইংলেণ্ডত এই তাত্ত্বিক ধাৰণাটিৰ শুভাৰম্ভ ঘটায় জৰ্জ এলিয়টে ক্ৰমান্বয়ে এই ধাৰণাটিয়ে সমগ্ৰ বিশ্বতে বিস্তাৰ লাভ কৰে উল্লেখযোগ্য যে তাত্ত্বিকসকলে সমাজ বাস্তৱতাবাদৰ কেইটিমান বৈশিষ্ট্য নিৰূপণ কৰিছে এনেদৰে-
·         Laid the groundwork for contemporary tragedy.
·         Experimentation with the social works.
·         It was determined to discover hypocrisy and manipulation of the upper class.
     এই আলোচনাৰ পৰা আমি ধাৰণা কৰিব পাৰিলোঁ যে সমাজ বাস্তৱতাবাদ এনে এক পৰিভাষা য’ত সৰ্বসাধাৰণ ৰাইজৰ প্ৰাণৰ কথাই ধ্বনিত হয়, ৰণিত হয় শোষিত-নিষ্পেষিত জীৱনৰ দলিল আৰু উন্মোচিত হয় শোষক শ্ৰেণীৰ ভণ্ডামি তথা চক্ৰান্ত ইয়াৰ লগে লগে প্ৰতিধবনি উঠে নিপীড়িত জনগনৰ প্ৰতিবাদী কণ্ঠস্বৰ
     এতিয়া আমাৰ আলোচ্য নাটকদুখনত এই তাত্ত্বিক ধাৰণাটি কেনেদৰে প্ৰতিফলিত হৈছে সেয়া বিশ্লেষণ কৰা হওক৷
·         বৃক্ষৰ খোজ
     ২০০৩ চনত প্ৰকাশ পোৱা অতুল বৰদলৈৰ বৃক্ষৰ খোজ নাটখন ১৯৭৬ চনতে ৰচনা কৰাৰ লগতে মঞ্চস্থ কৰা হৈছিল নাটখনৰ কাহিনীভাগ গঢ় লৈ উঠিছে ভোগাই নামৰ মাছমৰীয়া ডেকাজনক কেন্দ্ৰ কৰি মুঠ চাৰিটা দৃশ্যত বিভক্ত নাটখনৰ প্ৰথম দৃশ্যত গম পোৱা যায় যে ভোগাইৰ জালত ডাঙৰ মাছ এটা পৰিছে ভোগাইয়ে পাৰে মানে যত্ন কৰি মাছটো পাৰলৈ আনিবলৈ চেষ্টা কৰিছে নাটখনৰ আনকেইটামান চৰিত্ৰ ভদীয়া, দাইটি, মোমাইটি, থোলোক আদিয়েও ভোগাইক মাছটো পাৰলৈ আনিবলৈ যত্ন কৰাত সহায় কৰে কিন্তু তেওঁলোক সফল হ’ব পৰা নাই তেওঁলোকে ভোগাইক জনাই যে সেয়া প্ৰকৃততে মাছ নহয় কোনো কালিকা লগা বস্তু; সেয়ে ভোগাইয়ে এৰি দিব লাগে কিন্তু ভোগাই মান্তি নহয় ভোগাইৰ পত্নী বগীয়েও ৰাইজৰ কথা শুনি আহি সেয়া কালিকা লগা মাছ বুলি এৰি দিবলৈ ভোগাইক জোৰ কৰে তেতিয়াও ভোগাই মান্তি নহয়
     দ্বিতীয় দৃশ্যত গম পোৱা যায় যে ভোগাইয়ে অকলেই সেই ডাঙৰ মাছটো কাবু কৰিলে মাছটো বিক্ৰী কৰি পোৱা ধনেৰে তেওঁ দুখৰ অন্ত পেলাব বুলিও ভাবিছে তেওঁ কয়-
ভোগাইঃ প্ৰথমে পাছে মই কেঁচুৱাটোৰ ঔষধ আৰু বগীৰ কেৰুযোৰ বন্ধকৰ পৰা মোকলাব লাগিব
মদাইঃ কেৰুযোৰনো কাক বন্ধকত দিলি?
ভোগাইঃ মহলদাৰক দি থৈছোঁ
দাইটিঃ তেনেহ’লে চিন্তা কৰিবলগীয়া নাই মাছটো মহলদাৰেই ল’ব, পাবলগীয়াখিনি কাটি তোক কেৰু ঘূৰাই দিব
     এই বক্তব্যৰ পৰা মহলদাৰ সম্পৰ্কে এটা ধাৰণা লাভ কৰা যায় গম পোৱা যায় যে তেওঁ সেই গাঁৱৰ ৰাইজক সহায় কৰাৰ অচিলা লৈ বিভিন্ন ধৰণে শোষণ কৰে ভোগাইয়ে মাছটো ধৰাৰ কথা শুনি মহলদাৰেও লগুৱাৰ সৈতে সেয়া চাবলৈ আহে ভোগাইয়ে মাছটো বিক্ৰী কৰিবৰ বাবে দাম ঠিক কৰে পোন্ধৰ শ টকা কিন্তু মহলদাৰ ইমানখিনি টকা দিবলৈ মান্তি নহয় আৰু মাত্ৰ চাৰিশ টকা যাচে মহলদাৰে চলে-বলে-কৌশলে কম দামত মাছটো কিনিব বিচাৰে ভোগাই মান্তি নহৈ মাছটো চহৰত নিজে বেছিবলৈ লৈ যাব বিচাৰে সেয়ে তেওঁ মহলদাৰৰ গাড়ীখনৰে মাছটো নগৰলৈ নি বিক্ৰী কৰি আহি গাড়ীৰ ভাৰা আদায় দিয়াৰ কথা কয় কিন্তু মহলদাৰ সেই কথাত মান্তি নহয় দৃশ্যটোৰ শেষত মাছটো বজাৰলৈ নিয়াৰ কোনো সুবিধা কৰিব নোৱাৰি ভোগাইয়ে দুখ-ভাগৰে হতাশাত ৰাইজৰ মাজতে মাছটো ভগাই দিবলৈ সিদ্ধান্ত লয়-
ভোগাইঃ বগী- আজি আমি ভালদৰে খাম- এনে এটা মাছ খাম- যিটো মাছ মহলদাৰেও খাই পোৱা নাই (কান্দোন মিহলি হাঁহি)
     নাটকখনৰ তৃতীয় দৃশ্যত গম পোৱা যায় যে ভোগাইয়ে মাছটো কাটোতে তাৰ পেটত সোণৰ নেকলেচ এধাৰি পায় সকলোৱে সেই নেকলেচডাল দেখি থৰ লাগে আৰু তাৰ দাম কিমান হ’ব সেই বিষয়ে আলোচনা কৰি থাকে এনে অৱস্থাতে যতিন নামৰ চৰিত্ৰটোৰ প্ৰৱেশ ঘটে যতিনে বেংকৰ পৰা টকা ধাৰলৈ লৈ দিয়াত সহায় কৰা এজন মধ্যভোগী তেওঁ ভোগাইয়ে বেংকত দিবলগীয়া টকা সোধাবলৈ আহে ভোগাইয়ে মহলদাৰৰ ভায়েকেও টকা পৰিশোধ নকৰাৰ কথা কৈ পাছত দিম বুলি কোৱাত যতিনে তেওঁৰ সৈতে তৰ্কত লিপ্ত হৈছে যতিনে কৈছে-
যতিনঃ .... কোনে ধাৰ মাৰিছে নেমাৰিছে সেইটো মোৰ কথা- মই তহঁতৰ ধাৰ বিচাৰিছো ঢিলাই দিয়া দেখি চল পাইছ- আজি এতিয়াই দিব লাগিব নহ’লে..
ভোগাইঃ নহ’লে কি? কিটো কৰিবাহে? টকা নাইকিয়া হ’ল বুলিয়েই আমাক গৰু কুকুৰৰ দৰে ব্যৱহাৰ কৰিবলৈ তোমাৰ কি এক্তিয়াৰ আছেহে?
যতিনঃ তই ভোগাইয়ে মোক আকৌ জোকাই লৈছ দেই
দাইটিঃ সেইবোৰ আগৰ কথা এতিয়া এৰহঁকচোন
ভোগাইঃ কেলেই এৰিমহে দাইটি টকা বেংকৰ পৰা লৈছিলো বেংকক ঘূৰাই দিম ইমানেই-দুদিন পলম হ’ল বুলিয়েই এওঁ মাজত সোমাই মালিকৰ দৰে দপদপালে কোনে সহিবহে
     এনেদৰে যতিনৰ লগত তৰ্ক-বিতৰ্ক কৰি থাকোঁতেই মহলদাৰে ভোগাইৰ ঘৰত প্ৰৱেশ কৰে মহলদাৰে ভোগাইয়ে পোৱা নেকলেচডালৰ খবৰ লয় আৰু সেয়া চাই ‘‘মোৰ বস্তুটো নকল যেন লাগিছে’’ বুলি কৈ সকলোৰে মন ভাঙি দি সেয়া হাত কৰিব বিচাৰে তেওঁ নিজে বজাৰলৈ নি নেকলেচডাল বিক্ৰী কৰি দিম বুলিও গাত ল’ব বিচাৰে; কিন্তু মহলদাৰৰ কথাত ভোগাই মান্তি নহয় মহলদাৰেও ভোগাইক বুজাই মান্তি কৰিব নোৱাৰি খঙতে গুচি যায় শেষত যতিনে ভোগাইক নেকলেচডাল বজাৰত বিক্ৰী কৰাত সহায় কৰিম বুলি ব্যক্ত কৰে
     নাটকখনৰ শেষৰ দৃশ্যটোত গম পোৱা যায় যে যতিনে মহলদাৰৰ লগুৱাৰ সৈতে ৰাতি ভোগাইৰ হাৰডাল চুৰি কৰিবলৈ আহি ধৰা পৰে মহলদাৰে পাছত তেওঁলোকক মোকলাবলৈ আহি ভোগাইক গালি পাৰি পুলিচৰ ভয় দেখুৱাই তেওঁকে চোৰ বুলি প্ৰতিপন্ন কৰিব বিচাৰে
মহলদাৰঃ তই চোৰ! সেই নেকলেচডাল তই চুৰ কৰি আনিছ
ভদীয়াঃ মিছা কথা!
থোলোকঃ আপোনাৰ লগুৱা চোৰ
ভোদাইঃ আপুনি তাহাঁতক চুৰ কৰিবলৈ পঠাইছিলে
মহলদাৰঃ সেইবোৰ চিঞৰ-বাখৰ মোৰ আগত নহয় পুলিচৰ আগত কৰিবি-কেচাৰিত কৰিবি, মই পুলিচত দিম, ই ভোগাইয়ে নেকলেচডাল চুৰ কৰি আনি মিছাকৈ মাছৰ পেটত পোৱা বুলি কৈছে
     ইয়াৰ উপৰি মহলদাৰে কোনেও সেই ডাল মাছৰ পেটত পোৱা দেখা নাই বুলি যুক্তি দৰ্শাই ভোগাইকে চোৰ হিচাপে প্ৰতিপন্ন কৰিব বিচাৰে প্ৰথম অৱস্থাত সকলোৱে মনে মনে আছিল যদিও শেষত নদাই (ভোগাইৰ ককায়েক)য়ে তাৰ প্ৰতিবাদ আৰম্ভ কৰে আৰু সকলোৱে সেই প্ৰতিবাদত যোগ দিয়ে-
মহলদাৰঃ (চিঞৰি) তহঁতি দেখা নাই! মিছা কথা কৈছ!
নদাইঃ মিছা কথা তুমি কৈছা- আমি সকলোৱে দেখিছো!
ভদীয়া+থোলোকঃ অঁ আমি দেখিছো!
দাইটি+মোমাইটিঃ আমি দেখিছো!
মহলদাৰঃ নাই দেখা (পিচুৱাই যায়)
সকলোৱেঃ দেখিছো (আগুৱাই যায়)
মহলদাৰঃ নাই দেখা
সকলোৱেঃ দেখিছো (দবা-শংখ কাঁহ বাজে- পোহৰ ৰঙা হয়- মহলদাৰ ভয়ত থিয় দি থাকে- বাকীবোৰে হাত দাঙি ৰয়)
     এই নাটখনত আমি আৰ্থ-সামাজিক বৈষম্যৰ সাৰ্থক প্ৰকাশ হোৱা দেখা পাওঁ শ্ৰমজীৱী মানুহৰ দুখ-বেদনা (মহলদাৰৰ ওচৰত কেৰু বন্ধকত ৰখা, যতিনে দুখীয়া দেখি ভোগাইক টকা বিচাৰি আমনি কৰা) আদিৰ প্ৰকাশৰ মাজেৰে নাটখন আগবাঢ়ি গৈছে আৰু শেষত এক জনজাগৰণেৰে সমাপ্ত হৈছে নাটখনত মূলতঃ সমাজৰ দুৰ্বল অংশ বুলি চিহ্নিত কৰা দুখীয়া শ্ৰেণীটোৰ কথাই অধিক প্ৰকট ৰূপত প্ৰকাশ পোৱাৰ লগতে শেষত সকলোৱে অন্যায়ৰ প্ৰতিবাদ কৰিবলৈ আগবাঢ়িছে, নিজৰ প্ৰাপ্যৰ বাবে যুঁজ দিছে এয়া সমাজ বাস্তৱতাবাদৰ সাৰ্থক প্ৰকাশ প্ৰসংগক্ৰমে সত্যেন্দ্ৰনাথ শৰ্মাই এই নাটখনৰ বিষয়ে কৈ যোৱা বক্তব্যটো উল্লেখযোগ্য- ‘‘নিষ্পেষণকাৰী মহাজনৰ কবলৰ পৰা মুক্তি বিচৰা জনতাৰ সংগ্ৰাম প্ৰদৰ্শন কৰা বৃক্ষৰ খোজ নাট্য সাহিত্যলৈ উল্লেখযোগ্য বৰঙণি’’
     এই নাটকখনৰ মাজেদি নাট্যকাৰ বৰদলৈয়ে সমষ্টিগত ধাৰণাৰ কথাও প্ৰকাশ কৰিছে কুলদা কুমাৰ ভট্টাচাৰ্যৰ ভাষাৰে-
     সহ্যৰো এটা সীমা আছে বুলি কোৱা হয় অত্যাচাৰৰ এটা সীমা থাকে অত্যাচাৰীয়ে যেতিয়া সেই সীমা হেৰাই যায় তেতিয়া তেওঁ নিজৰ সৰ্বনাশেৰে তাৰ মূল্য দিবলগীয়া হয় শৰৎ চন্দ্ৰ চট্টোপাধ্যায়ে তেওঁৰ মেজদিদি গল্পত লিখিছে কেচুৱেও এদিন সাপৰ দৰে ফেঁট তোলে মাটিৰ তললৈকে আমূল প্ৰোথিত চলৎশক্তিহীন অসহায় গছজোপাই তাৰ গাত তীক্ষ্ন কুঠাৰৰ নিৰন্তৰ আঘাত আৰু অঙ্গচ্ছেদ সহিবলগীয়া হয় জগদীশচন্দ্ৰ বসুৱে গছৰো যে প্ৰাণ আছে এই কথা প্ৰমাণ কৰি দিয়াৰ পাছতো প্ৰত্যাঘাতৰ আশাহীন লুভীয়া খৰিকটীয়া ক্ষান্ত নহয় কিন্তু এদিন নহয় এদিন প্ৰবল ইচ্ছাশক্তিৰে গছে নিজৰ হাত ভৰি সৃষ্টি কৰে খেদি যায় খৰিকটীয়াৰ কুঠাৰখন কাঢ়ি নিবলৈ ভয়াৰ্ত খৰিকটীয়া পলাবলৈ ধৰে কিন্তু গছৰ আজি দুৰ্বাৰ গতি সেই একেখন কুঠাৰেৰে খৰিকটীয়াক মুণ্ডহীন কৰে
     ৰাজনৈতিক ভাৰসাম্য বিনষ্ট হোৱা বিশ্বত আজি একপক্ষীয়ভাৱে সদম্ভে উভতি আহিছে দুৰ্বলীক শোষণ আৰু বঞ্ছনামুক্ত বাণিজ্যৰ বিশ্বায়ন নামৰ অৰ্থনীতি ৰংচঙ্গীয়া মুখা পিন্ধি আমি দৰিদ্ৰ দেশৰ সাধাৰণ মানুহে মুখাটো ধৰিব পৰা নাই ৰবীন্দ্ৰনাথ ঠাকুৰৰ ৰক্তকৰবী নাটকৰ সোণৰ খনিৰ শ্ৰমিকবিলাকৰ দৰে সুখ স্বাচ্ছ্যন্দৰ সপোনত বিভোৰ হৈ উঠি পৰি লাগি গৈছো খান্দি আনিবলৈ মোণে মোণে সোণ মুখাধাৰীসকললৈ সকীয়নি আৰু আমাক সজাগ ৰখাৰ নাটক বৃক্ষৰ খোজ
     কুলদা কুমাৰ ভট্টাচাৰ্যৰ এই কথাখিনিৰ মাজতো শ্ৰমজীৱী মানুহৰ জাগ্ৰত শক্তিৰ কথাই ব্যক্ত হৈছে সেয়ে পৰিশেষত সিদ্ধান্ত ল’ব পাৰি যে এই নাটখনৰ মাজেদি নাট্যকাৰ বৰদলৈয়ে সমাজ বাস্তৱতাবাদ প্ৰকাশ কৰাত সাৰ্থকতা লভিছে
·         ৰজা আহে
     সাম্প্ৰতিক সময়ৰ অসমৰ আন এগৰাকী উল্লেখযোগ্য নাট্যকাৰ নৰেন পাটগিৰিয়ে ৰচনা কৰা এখন প্ৰণিধানযোগ্য নাট হ’ল ৰজা আহে ২০০৯ চনত প্ৰকাশ পোৱা তেওঁৰ ৰাগ বসুন্ধৰা আৰু চাৰিখন নাটক নামৰ নাট্য সংকলনটোত এই নাটখন সংকলিত হৈছে নাট্যকাৰে ব্যঞ্জনাত্মক আৰু বাস্তৱসন্মতভাৱে ‘ৰজা’ (আজিৰ যুগৰ কোনো ডাঙৰ ৰাজনীতিজ্ঞ)কোনোবা এঠাইলৈ আহিলে সেই অঞ্চলৰ ৰাইজৰ কেনে দুৰ্গতি হয় তাৰে চিত্ৰ এই নাটখনৰ মাজেদি ফুটাই তুলিছে
     মুঠ বাৰটা দৃশ্যত বিভক্ত এই নাটখনত নপৈৰীয়া এখন ঠাইলৈ ৰজা আহিব বুলি বাতৰি পোৱাৰ পাছত কেনে ধৰণৰ পৰিস্থিতি সৃষ্টি হৈছে তাৰ এখন সুন্দৰ ছবি নাট্যকাৰে অংকন কৰিছে নাটখন আৰম্ভ হৈছে সন্ধিয়া ঘাটত ৰাইজে জলনাৰায়ণৰ পূজা কৰি তেওঁলোকৰ সকলো অপায়-অমংগল দূৰ কৰিবলৈ প্ৰণিপাত জনোৱাৰে পৰা নাটখন আগবাঢ়িছে উৰ্বশী নামৰ পোহাৰীজনীয়ে সপোনত দেখা দেওলগা মাছ এটাক কেন্দ্ৰ কৰি ৰাইজে মনত পেলাইছে তেতিয়াৰে পৰা দুকুৰি বছৰ আগতেও তেনে এক সপোন দেখাৰ পাছতে গাঁওখনলৈ কাল-অমানিশা নামি আহিছিল বানপানীত জুৰুলা হোৱা দুৰ্গত ৰাইজক সাহায্য দিবলৈ আহি ৰজা কৃষ্ণবল্লভে গাঁওবাসীক মানসিক-শাৰীৰিকভাৱে অত্যাচাৰহে কৰিছিল দৃশ্যটোৰ শেষত এইবাৰো ৰজাই সেই ঘাটলৈ আহি তাতে জাহাজ ঘাট স্থাপন কৰিবলৈ মনস্থ কৰাৰ কথা ব্যক্ত কৰে ৰজাৰ এজেণ্ট স্বৰূপ ৰাঘৱে সেই কথা শুনি বৃদ্ধ কুবেৰে তাৰ প্ৰতিবাদ কৰে- ‘‘ৰাঘৱ! এইবাৰ ঘাটলৈ ৰজা আহিব নোৱাৰে’’   
     পৰৱৰ্তী দৃশ্যকেইটাত নপৈৰীয়া দুখীয়া ৰাইজক মহলদাৰে মাছ মাৰিবলৈ নিদিয়াৰ কথা, পুৰোহিত বিষ্ণুৱে ৰাইজক ঠগি খোৱাৰ কথা আৰু নাৰীক পণ্য সামগ্ৰী ৰূপে ব্যৱহাৰ কৰিবলৈ বিচৰাৰ কথা বৰ্ণিত হৈছে উদাহৰণস্বৰূপে পুৰোহিত বিষ্ণুৱে তেওঁৰ দুগৰাকী তিৰোতা থকাৰ পাছতো ৰাধাক কেনেদৰে হাত কৰিব পাৰি সেই চিন্তাত মগন হৈছে আনহাতে সৰ্বসাধাৰণ ৰাইজৰ মনোবেদনা প্ৰকাশ পাইছে এনেদৰে-
কুবেৰঃ মাছ মাৰিব নিদিলে কোনে?
বালিঃ কুকুৰৰ পুতেক ধনেশ্বৰ ইজাতদাৰে সি বোলে নিৰ্মলাক ৰজাৰ পৰা ডাকি লৈছে পানীত জাল পেলাবই নিদিলে নহয় মিছা-মিছি টোপনি খটি ঠাণ্ডা লাগিছে বিড়ি এটা দে
কুবেৰঃ ৰজাই ধনেশ্বৰক যে নিৰ্মলা নদীখন দিও বুলি’লে দিব পাৰিবনে? নদীখন ৰজাৰ বাপেকে খান্দি থৈ যোৱা নাই নহয় ধনেশ্বৰে ক’লে আৰু তহঁতে নেগুৰ পেলাই গুচি আহিলি?
বালিঃ গুচি নাহি কি যুদ্ধ দিবি? ধনেশ্বৰৰ নাৱত ৰাঘৱ আৰু ডাউককো দেখিলো
     এই কথোপকথনত ৰজাই বা ক্ষমতাশালী শ্ৰেণীয়ে যে চলে-বলে কৌশলে যেনেকৈ নহওক সৰ্বসাধাৰণ ৰাইজক শোষণ কৰে সেই কথা প্ৰকাশ পাইছে প্ৰজাসকলেও এই অন্যায়ৰ প্ৰতিবাদ নকৰি সহি থাকে; কিন্তু তেওঁলোকৰ মনত বহু ক্ষোভ পুঞ্জীভূত হৈ থাকে নাটখনত পুলিচে কেনেদৰে সৰ্বসাধাৰণ ৰাইজক অন্যায় কৰে তাৰো চিত্ৰ অংকন কৰিছে নাটখনৰ চতুৰ্থ দৃশ্যত বৃদ্ধ কুবেৰে ৰজাক আহিবলৈ নিদিয়াৰ কথা সমনীয়া লীলাৰ সৈতে পাতি থাকোঁতেই ৰজাৰ এজেণ্টস্বৰূপ ৰাঘৱ আৰু ডাউকে প্ৰৱেশ কৰে সিহঁত দুয়োটাৰ আগত কুবেৰে ৰজাক আহিবলৈ নিদিয়াৰ সপক্ষে মাত মাতে তাৰ মাজতে ওলাই পৰিছে পূৰ্বতে ৰজা আহোঁতে কেনেদৰে অত্যাচাৰ কৰিছিল সেই কথা-
কুবেৰঃ ৰাঘৱ! এই ঘাটৰ অ’ত-ত’ত ৰজা কৃষ্ণবল্লভৰ অত্যাচাৰ আৰু লালসাৰ কলংক লাগি আছে সেই ভয়ানক দৃশ্য তই দেখা নাই নিৰ্মলাক সুধ- কিমান ৰাতি তাই উজাগৰে শুনিছিল কৃষ্ণবল্লভৰ অট্টহাঁহি আৰু ৰুক্মিণী পাৰ্ব্বতীহতৰ কৰুণ বিননি-সুধ! আজিও দোভাগ ৰাতি এই ঘাটত সিহঁতৰ উচপুনি শুনো মই ৰাঘৱ! সেই নিৰ্মম অভিজ্ঞতাই জন্ম দিয়া ঘৃণাৰ জুইকুৰা কলিজাৰ জুহালত আজিও দপদপকৈ লি আছে ৰাঘৱ তই ভুল নকৰিবি
কিন্তু ৰাঘৱে কোনো কথা শুনিবলৈ সাজু নহয় কাৰণ ৰজা সেইবাৰ আহোতে কৰা অত্যাচাৰৰে ফচল তেওঁ ৰাঘৱে ৰজাক ঘাটলৈ আনি তেওঁক ‘জাৰজ’ বুলি কৰা তাচ্ছিল্যৰ প্ৰতিশোধ ল’ব বিচাৰিছে-
ৰাঘৱঃ কিন্তু ৰজাক অপৰাধী বুলি জানিও গাঁওখনে মোক অপমান কৰিছিল কিয়? মোৰ জন্মৰ বাবে এই গাঁওখন দায়ী নহয়? মোৰ জন্মৰ পূৰ্বে এই গাঁওখনে কিয় মোৰ আইক দুটুকুৰ কৰি নিৰ্মলাত উটাই নিদিলে?
লীলাঃ ৰজাই কৰা অপৰাধৰ কাৰণে তোৰ মায়েৰক গাঁওখনে দোষী কৰিব কিয়? ৰজাই কি দিছে আমাক? দুখ ভোক যন্ত্ৰণা! ঘাটত জাহাজ চলিব! নালাগে জাহাজ আগতে পেটৰ ভাতমুঠি ওভোতাই দিয়ক শুন-গাঁওখনৰ তয়েই একমাত্ৰ জাৰজ নহয় পাগল শ্যামেও জাৰজ শ্যামৰ মাকৰ বলাৎকাৰ কৰাৰ বাবে কি কৰিছিলি তোৰ প্ৰভু ধনেশ্বৰে? পাগল হৈয়ো বেচেৰাই জীয়াই আছে আৰু তই
     ৰাঘৱৰ মনত থকা ক্ষোভৰ লগতে আৰু এটা কথা ইয়াত সংযোজিত হৈছে পূৰ্বতে শোষিত শ্ৰেণীতে আছিল বাবে তেওঁ একো কৰিব পৰা নাছিল আৰু এতিয়া ক্ষমতা লাভ কৰি নিজৰে জ্ঞাতি-ভাইসকলক অত্যাচাৰ কৰিবলৈ আগবাঢ়িছে এই কথাটোৱে অসমীয়া সমাজত প্ৰচলিত এষাৰ প্ৰবাদ বাক্য ‘ক্ষমতাই যে মূৰত ধৰে’ সেয়া সাৰ্থকভাৱে প্ৰতিপন্ন কৰিছে ৰজাই অন্যায়ভাৱে ৰাইজে পূৰ্বৰ পৰা মাছ মাৰি অহা নদীখনক ধনেশ্বৰ নামৰ মহলদাৰজনক দি দিয়াৰ কথা লৈ তেওঁলোকৰ মাজত তৰ্ক-বিতৰ্ক হয় অৱশেষত কুবেৰে শোষিত শ্ৰেণীটোৰ শক্তিৰ কথা ঘোষণা কৰি কয়- ‘‘ভুল ৰাঘৱ ভুল! দুৰ্বল বুলি ভবা দৰিদ্ৰ মানুহৰ খং তই দেখা নাই.. ..নিৰ্মলাৰ শপত! মই অক’লে হলেও ৰজাৰ বিৰুদ্ধে থিয় দিম’’
     নাটখনৰ শেষ দৃশ্যটোত বিবৃত হৈছে যে ৰজা ঘাটলৈ আহিবলৈ ওলাইছে ইতিমধ্যে আগদিনাই আহি তেওঁ ধনেশ্বৰৰ ঘৰতে আছিলহি তাৰ পৰা এতিয়া ঘাটলৈ আহিব সকলোৱে ঘাটলৈ ৰজাক আহিবলৈ নিদিওঁ বুলি ৰাঘৱৰ লগত কাজিয়া কৰে ৰাঘৱে কুবেৰত আঘাত কৰে কুবেৰেও নিজকে বচাবলৈ যত্ন কৰে এনে অৱস্থাতে ৰাঘৱৰ জীয়েক ৰাধা ইন্দ্ৰৰ সৈতে তাত উপস্থিত হয়হি ইন্দ্ৰই জনাই যে ৰাধাই নদীত জাপ দি আত্মহত্যা কৰিবলৈ চেষ্টা কৰোঁতে ইন্দ্ৰই ৰক্ষা কৰি তালৈ লৈ আহিছে কিহৰ কাৰণে তাই আত্মহত্যা কৰিবলৈ আহিছিল সেই কথা জানিব বিচৰাত ইন্দ্ৰই কয়-
ইন্দ্ৰঃ যোৱাকালি ৰাতি ডাউকে ৰাধাক তই মতা বুলি ৰজাৰ ওচৰলৈ লৈ গৈছিল তাৰপিছত-
ৰাঘৱঃ ক- তাৰপিছত কি হ’ল?
ইন্দ্ৰঃ তাৰপিছত.. (ৰাধাৰ কান্দোন বাঢ়ে ৰাঘৱে উন্মাদৰ দৰে আচৰণ কৰে লীলাই ৰাধাক টানি আনে)
লীলাঃ তাৰপিছত কি হ’ল ক শুন পেটৰ পোৱালিৰ মুখত ৰজাৰ কীৰ্ত্তি-কলাপ শুন নিলাজ! ৰজাক মাতি আন যা-
     এই কথা শুনি ৰাঘৱ দুখত ভাগি পৰে আৰু তেওঁৰ বোধোদয় হয় যি প্ৰতিশোধৰ জুইকুৰা তেওঁ জ্বলাব বিচাৰিছিল সেই জুইত নিজৰে কলিজাৰ এফাল পুৰি ছাৰখাৰ হ’ল অৱশেষত ৰজাৰ এজেণ্ট ৰাঘৱেই হাতত লাঠি লৈ ৰজাক ঘাটলৈ আহিবলৈ নিদিওঁ বুলি সন্মুখত সেনাপতি ৰূপে বিদ্ৰোহলৈ সাজু হয়-
বালিঃ সৌৱা ৰজা আহিছে পূব আকাশত ধূলি উৰুৱাই অশ্বাৰোহী সৈনিকবিলাকে ঘাটৰফালে আহিব ধৰিছে
ধনীঃ ক’লা ঘোঁৰা চেকুৰাই আহিছে ৰজা
শ্যামঃ পলাব নিদিবি তাক ঘেৰি ধৰ বেৰি ধৰ নিদিবি পলাব
ৰাঘৱঃ কুবেৰ ! (ৰাঘৱে কুবেৰৰ সন্মুখত থিয় হয় কুবেৰৰ হাতৰ পৰা লাঠিডাল কাঢ়ি লয়) ৰজাক ভেটিব লাগিব (সন্মুখত ৰাঘৱ আৰু ৰাধা বাকীবোৰ মাজত শেষত কুবেৰ শ্যামে ৰজা আহে কবিতাটো গাব ৰেড লাইট- বিকুল বাজিব)
     এনেদৰে এই নাটকখনতো প্ৰজাসকল সংগঠিত হৈ ৰজাৰ বিৰুদ্ধে যুঁজিবলৈ সাজু হৈছে নাট্যকাৰে সঠিকভাৱে শ্ৰেণী দ্বন্দ্ব ফুটাই তোলাত সফলতা লাভ কৰিছে শোষক শ্ৰেণীৰ ভণ্ডামি প্ৰকাশ তাৰ বপিক্ষে জনজাগৰণৰ সৃষ্টি আদিৰ মাজেদি সমাজ বাস্তৱতাবাদৰ মূল বৈশিষ্ট্যসমূহ এই নাটখনত ৰক্ষিত হৈছে এই ক্ষেত্ৰত অৰুণ শমৰ্াৰ এষাৰ বক্তব্য স্মৰণযোগ্য- ‘সামাজিক দ্বন্দ্ব ৰাষ্ট্ৰশক্তিৰ নিষ্ঠুৰ আচৰণ আৰু প্ৰকৃতিৰ সৈতে মানুহৰ শাশ্বত মাটিৰঙী সম্পৰ্কই হ’ল ৰজা আহে নাটকখনিৰ আত্মাৰ আধাৰ নপৈৰীয়া মৎস্যজীৱী মানুহৰ সাৰ্বজনীন সৰল আবেদনেৰে নাটকখনৰ পটভূমি নিৰ্মাণ হৈছে নদী-সভ্যতাৰ মাতৃ, মানুহ নদীৰ চিৰন্তন প্ৰেমিক প্ৰেমৰ বহুমাত্ৰিক স্ফুৰণ নাটকখনৰ আন এক অনন্য বৈশিষ্ট্য হ’লেও অন্যায়ৰ প্ৰতিবাদ নাটকখনিৰ হৃদয়ৰ আলাপ
     এনেদৰে প্ৰণালীবদ্ধভাৱে বিচাৰ-বিশ্লেষণ কৰি চালে দেখা যায় যে আলোচ্য নাটক দুয়োখনত সমাজ বাস্তৱতাবাদ নামৰ তাত্ত্বিক ধাৰণাটোৰ সাৰ্থক প্ৰকাশ ঘটিছে দুয়োখন নাটকৰে সামগ্ৰিক দৃষ্টিভংগীটোত কেইবাটাও প্ৰাথমিক বৈশিষ্ট্য প্ৰতিফলন হোৱা দেখিবলৈ পোৱা যায় বৈশিষ্ট্যকেইটা হ’ল-
  • শাসক ক্ষমতাশালী বা উচ্চ শ্ৰেণীটোৰ ভণ্ডামিৰ ৰূপ উদঙোৱাৰ প্ৰয়াস
  • স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে প্ৰজাৰ যুক্তিসিদ্ধ প্ৰতিবাদ
  • গণতান্ত্ৰিক প্ৰক্ৰিয়াত জনসাধাৰণৰ প্ৰত্যক্ষ অংশগ্ৰহণ
  • সমসাময়িক সমাজৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক অৱস্থাৰ চিত্ৰণ
  • সামাজিক তথা জাতিগত বৈষম্যৰ প্ৰতি ক্ষোভ
  • শ্ৰমজীৱী মানুহৰ অনুভূতি, সমাজ জীৱনত দেখা পোৱা বাস্তৱতাৰ মুক্ত প্ৰকাশ
  • নিপীড়নৰ মুখামুখি হোৱা দুৰ্বল দৰিদ্ৰৰ হকে ন্যায় প্ৰতিষ্ঠাৰ যুঁজ
উল্লেখযোগ্য যে বৰদলৈ আৰু পাটগিৰিৰ এই দুয়োখন নাটকতে ‘অন্তঃসলীলা ফল্গুৰ দৰে প্ৰচ্ছন্ন হৈ আছে মাৰ্ক্সীয় সাম্যবাদী চেতনা বা সংগ্ৰামী চেতনাৰ দৃষ্টিভংগী এই মনোভাৱেই দুয়োজন নাট্যকৰৰ দুয়োখন নাটকতে সাম্প্ৰতিক সময়ৰ ৰাজনৈতিক চিন্তাৰ উন্মেষ ঘটিছে আৰু নাটকদুখনৰ সামাজিক মূল্য নিৰূপণ কৰিছেএক কথাত ক’ব পাৰি— which ask piercing political questions that are inseparable from existential issues involving the behavior of human beings as social and political animals.

*** ***** ***

জমাকৰ্তা
ড° মৃণাল জ্যোতি গোস্বামী
শৈক্ষিক পৰমাৰ্শদাতা, অসমীয়া বিভাগ
কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়
হাউচফেড কমপ্লেক্স, লাষ্ট গেট
দিশপুৰ, গুৱাহাটী, অসম
ডাক সূচাঙ্কঃ ৭৮১ ০০৬
ভ্ৰাম্যভাষঃ ০৯৪৩৫০-১৬৮৪০
ব্লগঃ http://mrinaljyotigoswami.blogspot.in/