Monday, July 25, 2011

জীৱনৰ ভগ্নাংশ -৩

    বহুদিনেই হ’ল মৃণালৰ খৱৰ নাই৷ বাটৰ নাটকো হোৱা নাই৷ সিদিনা কৈছিল ‘নতুন নাটক এখন প্লান কৰি আছোঁ, তিনজন আৰ্টিষ্ট লাগে, ছবি আঁকিব পাৰিব লাগিব প্ৰত্যকেই, ডালিৰ পেইন্টং এখন লৈ কৰিম বুলি ভাবিছোঁ’৷ তাৰ পাছত গুম৷ একো খৱৰ নাই৷ নাটক পাগল৷ নাটক কৰি জীৱন কটাব! গম পোৱা নাই!... সি পাৰে মানে দৌৰিছে৷ দীপ্তকো দেখা নাই৷ ক’ৰ্টত প্ৰেকটিছ কৰে, ভীষণ ব্যস্ত৷ দৌৰিছে পৱিত্ৰকো পাইছিলোঁ, এইবাৰ শাৰীৰিকভাৱে প্ৰত্যাহবান যুক্ত মানুহ এদলক লৈ নাটক কৰি আছে৷ সিওঁ দৌৰিছে৷ পিঠিৰ ঘাঁ টুকুৰা অপেছাদাৰী নাট্য আন্দোলনৰ প্ৰয়োজন আছে— কিন্তু তাঁৰ সুঁতিত বা কিমান পানী!..
মবাইলত আউট গয়িং নাই৷ সোমাই পৰিলোঁ পি. চি অ. এটাত৷ ০৯৮৬৮৭০২১৩৪ বিজি .ধেৎ এইটো কিবা লাইফ হ’ল নেকি? য’তেই হাত দিও তাতেই শূন্যতা৷ ওলাই আহিলোঁ৷ পৰা হ’লেতো জ্বলাই দিলোঁহেতেন গোটেই পৃথিৱীখন৷ যুঁজ কৰিছোঁ৷ মাজে মাজে বৰ ভাগৰ লাগে,— আৰু ভয়; কি ভীষণ ভয়৷ ধোঁৱা উৰিছে লাষ্ট গেট কাৰ্বি আংলং নৰৱে নে মোৰ গাত? তেজ পুঁজ গৰ্ভাৱতী মহিলাক ধৰ্ষণ, লাইন পাতি কেইবাজনকো গুলীয়াই হত্য, বম ব্লাষ্ট .স্বাভাৱিক কখ!... মনোৰমা!শৰ্মীলা নে চিত্তৰঞ্জন?... লাভ নাই দৌৰিব লাগে৷
মেঘালীত চাহ একাপ আৰু গজা এটা লৈ বহি আছিলোঁ৷ পেপাৰত হট নিউজ ‘আধাৰশিলা’ আৰু ‘সাহিত্য ডট অৰ্গ’ উদ্ধোধন হ’ল কালি৷ অসমীয়া ইউনিক’ডৰ কৰ্মশালা৷ ভাল খৱৰ৷ বহু দিনৰ মূৰত৷ মনতো ভাল লাগি গ’ল৷ ৰীতা বাইদেৱে ‘পোহৰ দিয়া গছ’ৰ কথা লিখিছে৷ নতুন যুগত নতুন পোহৰৰ বাবে লোৱা উদ্যোগ— ই-জোনাকী যুগ...  ...পিছে আমাৰ অসমীয়া সাহিত্যৰ কাণ্ডাৰীসকলৰ ল’ৰা-ছোৱালী এতিয়া ইংৰাজী মাধ্যমত৷ অসমীয়া ক’লে নিজকে আউটডেটেত বুলি ভাবে৷ কি যে হ’ব, পংকজে ঠিকেই লিখিছে  “হিংলিছমীয়া”৷ কি বা হয়... ...সকলোৱেটো দৌৰতে ব্যস্ত৷ কথা বোৰ মনৰ মাজত পাগুলি থাকোতেই ৰাজ আহি কাষৰ চকিখন অধিকাৰ কৰিলেহি৷ ইংলেণ্ড আৰু ভাৰতৰ টেষ্ট চিৰিজৰ প্ৰথমখন খেলৰ কথা৷ হঠাৎ কৈ উঠিল
—সাহিত্য-স্ংস্কৃতিৰ গ্ৰাফডাল উঠিছে নে নামিছে?বিশ্ববিদ্যালৰ ডিগ্ৰী লৈ কি কৰিছ? চাকৰি পাইছ?
মোৰো মনত পৰিল দৌৰৰ কথা৷ একো নকৈ তাৰ চোলাটো দাঙি পিঠিখন চাই কলোঁ—
—এম. এন. চি. এয়া চা ‘তোৰে মোৰে একে জাত ’ সি কিবা কোৱাৰ আগতে ওলাই আহিলোঁ
সিদিনা অজয়ক পাইছিলোঁ, ইন্টাৰভিউ এটাত৷ সিয়ো দেখুৱালে তাৰ পিঠিৰ ঘাঁ লাহে লাহে বিয়পিছে ভৰিলৈ ‘এসময়ৰ জালুকবাৰীৰ উদ্যম ঘোঁৰাজাকৰ একে অৱস্থা৷ কেৱল দৌৰিছে দিশপুৰ ডি. পি. আই এম. এন. চি বাই মোৰ সময় নাই৷ কোনোবাই পিছ পেলাই যাব পাৰে৷ দৌৰ তয়ো৷’
হঠাৎ সম্বিত ঘূৰাই পালোঁ৷ মোক পিছ পেলাই দেখোন বহুতে আগবাঢ়ি গৈছে৷ ৰ’বলৈ সময় নাই৷ দৌৰিব লাগে৷ আগ পিছ নুগুনি পুনৰ দৌৰিবলৈ আৰম্ভ কৰিলোঁ .