Tuesday, February 7, 2017

জীৱনৰ ভগ্নাংশ

এলিচ আৰু লুইচৰ সৈতে এৰাতি এদিন 


(…আদাক দেখি উঠিল গা, কেতুৰীয়ে বোলে মোকো খা…)

কানিমুণি সন্ধিয়া বেলিকা, তাতে বাটে পোৱালি মেলা সময়ৰ কথা৷ পামহি পাহাৰৰ লগতে লাগি থকা বাঁহনিখনৰ কাষতে থকা বহল শিল চটাত বহি যমডাকিনীৰ সৈতে কৰ্কটীয়া কুঁৱৰীৰ কাহিনীটো শুনি আছিলোঁ৷ ছায়া মায়া ৰূপ এটাৰে কৰ্কটীয়া কুঁৱৰীয়ে মোক লৈ গৈছিল পুৰাকথাৰ সিপাৰৰ জগতখনলৈ… আলোছায়াময় সময়খিনি হৈ পৰিছিল আৰু গভীৰ আৰু নিস্তব্ধ… দৌৰি দৌৰি মই তাইৰ সৈতে গৈ থাকোতে লগ পাইছিলো…
হঠাৎ কিবা এটা খৰমৰণি৷ কি হ’ল বুলি গমি পিতি লওঁতেই দেখিলোঁ শিলছটাৰ গাতে লাগি থকা বাঁহনিখনৰ গাত এটাৰ পৰা হাত এখন ওলাই আহিছে… যমডাকিনীলৈ ঘূৰি চাই দেখো ইতিমধ্যে তাই সন্ধিয়াৰ আন্ধাৰখিনিৰ লগত মিলি গ’ল…
হাতখন কাৰনো বুলি চাবলৈ জাপ মাৰি দিওতেই মোৰ মুখৰ আগত গাতটোৰ পৰা সৰু ফুটফুটীয়া ফ্ৰক পিন্ধা ছোৱালী এজনী ওলাই আহিল… লগত কোটত ব’ পিন্ধা দেখাতে সুন্দৰ মানুহ এজন… …চিনো চিনো যেন লাগিল… …ক’ত দেখিছিলো বাৰু মই… …কানখোৱাক বিচাৰি কৃষ্ণই ব্ৰহ্মাণ্ড চালথ কৰাৰ দৰে ময়ো… …এৰা চিনি পাইছো… …সৰুতে কলিয়া আখৰ কেইটাই চিনাকী কৰি দিছিল… …এলিচ আৰু লগত লুইচ… …হেঁপাহে উকমুকাই উঠিব ধৰোতেই দুয়ো থাপ মাৰি ধৰিলে মোক…
কথা নাই বতৰা নাই মোক মোক উদ্দেশ্য কৰি নিক্ষেপ কৰিলে প্ৰশ্নবাণ... ১ম প্ৰশ্ন মানে তাইক বোলে ‘হাতত দা-যাঠি, কাণত ৰঙা ছাটি’ লোৱা এজনে ধৰি লৈ কাণখন খাব বিচাৰিছিল… ওলোটাকৈ লুটি-বাগৰ এটা মাৰি গাঁত এটাত সোমাইহে সাৰি আহিল৷ উওৰটো দিয়াৰ আগতেই তপৰাই আকৌ সুধিলে হাতত হেংডাং লোৱা এজনেও ক’ৰ বিদেশী আহিছ বুলি খেদি আহিছিল... …আহোতে বোলে কৈ আছিল কিবা দেশত কৈও কোনোবা ডাঙৰ নহয়৷ এইটো প্ৰশ্নৰো উত্তৰটো দিয়াৰ আগতেই দুয়ো মোক দুফালে টানি নিবলৈ চেষ্টা কৰাত মোৰ শৰীটো কিবা দুফলা হৈ গ’ল… … মই ভোকতে থাকিব নোৱাৰি মুখনৰ সোঁফালৰ অংশটোৰে অথনি যমডাকিনীয়ে দিয়া জ্ঞানফলটো খবালৈ ধৰিলো৷ পেটটোও ফলা আছিল বাবে সি পোনে পোনে গৈ মাটিত পৰিল… …আৰে এয়া কি… …ফলটো ৰূপ সলাই এডাল সাপলৈ পৰিৱৰ্তন হ’ল… আমাৰ ফালে খেদি আহিব ধৰিছে… …মুখেৰে ওলাইছে জুই আৰু ধোঁৱা… …এই ধোঁৱা বাৰু বাইৰ আখলৰ মজিয়া ভকভকাই যোৱা জুইৰ  নে… …টায়াৰ পোৰা গোন্ধইছে… …ননী ভাল আছনে তই… …
এলিছ আৰু লুইছে একো গমধৰিব নোৱাৰি মোৰ হাত দুখন এৰি দিলো৷ খপ কৈ শব্দ এটাৰে দেহটো একলগ হ’ল৷ দুয়ো স্বস্তিৰ নিঃশ্বাস এটা লওতেই সাপডালে লিকলিকাই থকা জিভাখন আগবঢ়াই দিলে… …থৰ-কাছুটি এৰি দুয়ো মোক পোনৰ হাতখনত ধৰি বাঁহতলৰ গাঁত এটাই দি মোক সোমোৱাই লৈ ল৷
উহঃ… কি যে গোন্ধ… …চাৰিও ফলাৰ পৰা কিবা এটা অকটা গোন্ধ নাকত লাগিছিল৷ সহ্য কৰিব নোৱাৰি নাকটোত হাতখনেৰে ধৰিব খোজোতেইহামতি-ডামতিআহি হাত দুখন ধৰি ললেহি৷ লগতে আকৌ টুইডলডাম... লগত টুইডলডিকাউৰিজনীয়ে খদি আহোতেই দুই বীৰৰ লাগে ধৰ-ধৰ, মাৰ-মাৰ… …কাকপথাৰ...নেলি… …নে পথৰুঘাট নে ফুলগুৰি... …বৰ অকটা গোন্ধ… …মঙহ পোৰাৰ গোন্ধ… …আকাশ আগুৰি তাতে শগুনৰ জাক… ..এই দুজনা বীৰৰ অৱস্থা যে কি হ’ব…!
এলিচৰ সৈতে দৌৰিবলৈ আৰম্ভ কৰিলোঁ৷ যিমানেই আগলৈ যাব বিচাৰো সিমানেই দেখোন ঘূৰি ঘূৰি মোৰ স্থিতিতকৈ পিছোৱাই হে যাওঁ...
হোলোং গছজোপাই বুদ্ধি এটা দিলে... এতিয়া নকও পিচে....
দৌৰিবলৈ আৰম্ভ কৰিলো আকৌ...
লুইছে আকৌ মোক ডবা খেলৰ কলা ৰাণীজনীৰ কথা লে... ১০০ বছৰ আন্দোলনৰ...
ইফালে আকৌ ধনগুলৈয়েও নাচি আছিল... ৰতনপুৰৰ ফালে দৌৰিবলৈ ধৰিলো... শিয়ালিৰ কাণ কাটি জ্বলাই থোৱা চাকিৰ পোহৰত মোমাইৰ ঘৰ বিচাৰিবলৈ আৰম্ভ কৰিলো...
সপোন নে কি আছিল নোৱাৰো...জীৱন তহবিলৰ হিচাপ নেকি...
মোমাইৰ ঘৰখন বিচাৰি থাকোতেই ৰাতিটো পুৱাল…
পখিৰাজ ঘোড়াত উঠি তাৰ মাজতে আকৌ ফুলকোঁৱৰৰ সৈতে পাঁচতুলী কুঁৱৰীক বিনাসূতাৰে ফুলৰ মালা উপহাৰ দি আহিলোগৈ৷ কুৰুচোৱাৰ ড্ৰিমচৰ সেই শিয়ালীয়া বিয়াৰ বৰ যাত্ৰীও হৈ এপাক বিহুও নাচিলোঁ৷ এলিচ আৰু লুইচকো বিহু নাচিবলৈ শিকালো৷ সিঁহতেও প্ৰাণ ভৰি নাছিল৷ অ’ তেতিয়া আকৌ সেই দিনা আমাৰ সুন্দৰীয়ে পিন্ধাৰ দৰে অসমীয়া মুগাৰ সাজ এযোৰো এলিচক দিলো, তাৰো আয়ে উৰুখা চালৰে দিন কাটি কাটি থাকিও এৰাতিৰ ভিতৰত বৈ দিয়া… বৰ কাজি আছিল দেই মোৰ আইজনী … …ক’লৈ বা গ’ল এতিয়া… …বহু দিনেই হ’ল একো খৱৰো পোৱা নাই… …মনত পৰিল পিঠিৰ ঘাঁ টুকুৰালৈ… …বাঢ়িছে বহুত… …দৌৰৰ দৌৰত পাহৰি আছিলোঁ… …আইৰ আঁচলৰ গোন্ধটোৱে মোক উন্মনা কৰি তুলিলে… …আইৰ আঁচলত এয়া কি… …তেজ… …উহঃ…

দৌৰিবলৈ আৰম্ভ কৰিলোঁ… …বুঢ়া-বুঢ়ীৰ ঘৰৰ কাষেৰে যাওঁতে পালো কচু সিজোৱাৰ গোন্ধ… …ইফালে সিফালে চাওতে দেখিলো কানখোৱাৰ ঘৰৰ পৰা সমুদ্ৰও আহি আছে… …তামোলৰ ঢকোৱা, জোনাকী পৰুৱাত বিষ্ণু ৰাভা… ধাৰলৈ অনা অলপ হালধীয়া… …হালধীয়া মানেই দোখোন ভেন গগ… …কানখোৱাই খাই দিছিল নেকি বাৰু ভেন গগৰ কানখন… …নে… ঘৰৰ ভিতৰত ঘৰ… …ডিচপোজেবল ঘৰ… …


 ৰ’বৰ সকাম নাই৷ মই পুনৰ দৌৰিবলৈ আৰম্ভ কৰিলে… …বাততে যাওতে বিয়াএখনত ঘৰচিৰিকা বাইতিয়ে তামোল কাটি আছিল, তাৰে এখন ময়োখালো লগতে এলিছ আৰু লুইচকো খোৱালো… …দৌৰিবলৈ পুনৰ আৰম্ভ কৰিলো…
জাৰণিখনৰ বাওঁফালে ঘূৰি সোঁফালে সোমাই যোৱা লুংলুঙীয়া বাটটোৰে এক ফাৰলং মান ঘূৰি পুনৰ সোঁফালে গৈ বাওঁফালে ঘূৰিলেই পোৱা যায় বাঁকৰ পুখুৰিটো৷ তাতে বোলে ৰাতি হ’লেই যখিনিহঁতে নাছেহি… শীতৰ ৰাতিপুৱাৰৰ দিনমণিৰ পোহৰত সিঁহতৰ গলাৰ পৰা সৰি পৰা মণি মুকুতাবোৰে তিৰবিৰাই আছিল…
এয়া আকৌ কোন… …বাঁকৰ পুতেক!... কোনোবা এজন আঠুতে মূৰটো গুজি বহি আছে… এৰিয়া চাদৰ এখনেৰে গাটো ঢাকি লোৱা… …মই পোনচাতেই গৈ তেখেতৰ কান্ধত হাতখন দিয়াত তেওঁ জাপ মাৰি উঠিল৷ মনুহজনৰ মুখত বয়সৰ চাপ… …তথাপিতো লাগিছে ইমান চিনাকী মুখখন… কোন আছিল বাৰু… …আৰে এয়া দেখোন কম্পু… …গুন গুনাই দিলো…
মা মই সপোনত দেখিলো দুটা ভূতৰ পোৱালি
আৰু দুজনীনাক জিলিকা চকু টেলেকা
তিলিকা তিলিকা পিলিকা পিলিকা যখিনী ছোৱালী
…. …
ভূতে বোলে ৰা ধৰি খায়
পুখুৰীলৈ নি বোলে ভৰিদুটা ওপৰ কৰি
গুজি গুজি মূৰটো হেনো এহাত বোকাত সুমায়।
মা, মোক দেখোন সিহঁত দুটাই একোকে কৰা নাই?
…. …
মা, মোৰ লে ভূতলে ভয় নাই।
কিন্তু এই দোকমোকালিতে কম্পু বাঁকৰ পুখুৰীৰ পাৰত… …কিবা এটা সোধাৰ আগতেই সিয়েই ক’লে­- আগতে ভূত-যখনি-বাঁকলৈ ভয় নালাগিছিল… …কিন্তু আজিকালি দোখোন কিবা নতুন ধৰণৰ ভূত-যখ-বাঁকৰ জন্ম হৈছে… …বৰ ভয় লাগে জানা… …কাকপথাৰ, নেলি, গণেশগুৰি, দিশপুৰ ক’ত নাই এই নতুন ভূত ভয়েই লাগে বুজিছা… …কি ক’ম নক’ম বুলি ভাবি থাকোতেই কম্পুৱে জাপ মাৰি দিলে বাঁকৰ পুখুৰিত… …ময়ো জাপ মাৰিব ধৰোতেই এলিছ আৰু লুইছে হাতখনত থাপ মাৰি ধৰি কেকোঁৰা গাত এটাত সোমোৱাই দিলে..
মই দৌৰিবলৈ আৰম্ভ কৰিলোঁ… দৌৰ দৌৰ কেৱল দৌৰ… …পিঠিৰ ঘাঁ টুকুৰাটোত কিবা এক অনমি উত্তেজনা… …সকলো পাহৰি, আনকি এলিছ আৰু লুইচকো পাহৰি মই উৰ্ধশ্বাসে দৌৰিলো… কেৱল দৌৰ…

Tuesday, May 10, 2016

ভংগ্নাশ নিৰ্মাণ (পুনৰ)



মই আচলতে দৌৰি আছো নে নাই পাহৰিলোঁ৷ মাজে মাজে ভাব হ’ল এই দৌৰি থকাতোৱেই হয়তো মোৰ জীৱনৰ এক ছন্দই হৈ পৰিল৷ পিঠিখনৰ ঘাঁ টুকুৰা বাঢ়ি বাঢ়ি এক বেলেগ ৰূপ পৰিগ্ৰহ কৰিলে৷ তাতে আকৌ সময়ৰ চাবুকৰ কোব৷ চিৰিলা-চিৰিল কৈ ফাটিচে৷ অংক নে জংক পংক৷ জীৱনৰ হিচাপ-নিকাচ, নে দ্বিঘাট সমীকৰণ৷ শূন্যটোৱেও পিচ নেৰা হ’ল৷ ক’ত বা বহুৱাও তাক৷
লিখিম বুলি ভাবিও লিখিব পৰা নাই নে নোৱৰা হৈ পৰিলো নে দৌৰৰ দৌৰত লিখিবলৈ সময় নোপোৱো হ’লো! মাজতে ভাবিছিলোঁ দৌৰী দৌৰীয়েই লিখি যাব নোৱাৰিলোঁ৷ এলিচে আকৌ থাপ মাৰি মোকো লৈ গ’ল দাপোনখনৰ ভিতৰলৈ৷ দৌৰী থাকিও দেখোন একে ঠাইতে ৰৈ থাকে৷ ৰাজ, চাইণ্টিষ্ট, বিবেক, জাকিৰ, কৈৰালা, দীপাংকৰ, অৰ্নিবানৰ সৈতে আলোচনাচ ব্যস্ত ‘এইবাৰ চৰকাৰ কাৰ’৷ এলিচ জনীয়েও এৰি নিদিয়া হ’ল৷ কাষলৈ মাতিলে সেই সাগৰ ঘোৰা আৰু শামুক বোকৰ, সিহঁতৰ সৈতে কদমত কদম মিলাই আগবাঢ়িবলৈ নতুনত্বৰ দিশেৰ! পাম জানো সেই ভয়টোতো আছেই৷ তাতে আকৌ ৮৩ৰ জুয়ে পোৰা ল’ৰা-ছোৱালীবোৰেই কিৰিলি মাৰি উঠে৷ সিহঁতৰ পিঠিৰ ঘাঁ টুকুৰা দেখুৱাই৷
 মাজতে ইলেকচন পাৰ হ’ল – ‘‘যেনিতেনি লাখ লাখ টকা জব্দ, নিৰ্বাচনী ব্যয়ক মনোনয়নৰ দিনাই চেৰ পেলাই ব্যংগ কৰা পৰিৱেশ৷’’ এইবোৰে বাৰু কি সূচাইচে৷ দৌৰৰ দৌৰত আমি বোৰে নিজকে হেৰুৱাই পেলাইছো নেকি? তাতে আকৌ ‘‘অনৰ্থক আৰু ভুৱা তথ্যৰ সম্পত্তিৰ তালিকাৰ ঘোষণাপত্ৰৰ কথাবোৰটো আছেই মানে একদম নাটক...  হয় চৌদিশে ৰাজনৈতিক উদ্দাম নৃত্য, আমিবোৰ মাথো নিৰৱ দৰ্শকহে।’’ এৰা জীৱনটোৱেইচোন নাটক হৈ পৰিছে৷
     এৰা নাটক মানে আকৌ নাটক৷ মনলৈ এটা ভাব আহি আছে৷ আমি বাৰু মানুহৰ দ্বৈত চৰিত্ৰৰ কথা কেনেদৰে নাটকত প্ৰকাশ কৰিম৷ আমি যে বাস কৰো এক দ্বৈত সত্ত্বেৰে৷ ফটোৰ মাজত মানুহৰ চৰিত্ৰ কেনেদৰে প্ৰকাশ পায়৷ ৰং কিমান বাৰু জীৱনৰ৷ ‘ৰং ৰং নানা ৰং… …কিনিবা কোনে, অ’ ৰং কিনিবা কোনে’৷… … সঁচাকৈ প্ৰকাশ কৰিব পাৰোনে আমাৰ দুতলীয়া চৰিত্ৰ৷ একে সময়তে একেখন মঞ্চতে৷ কি ৰঙেৰে বোলাম বাৰু তোক, মোৰ সত্ত্বাটোক? কি ৰঙেৰে ৰঙীন হ’লে এই দৌৰৰ পৰা হাত সাৰিব পাৰিম৷ নাটক এখন কৰিব লাগে৷ একেলগে একেখন মঞ্চতে একেখন নাটক দুই ধৰণে৷ পাৰিম নে বাৰু!... …নে পাগল বুলি হাঁহিব৷ এৰা পাগল নহ’লেচোন একোৱেই কৰিব নোৱাৰি৷ দৌৰিব লাগিব… কেৱল দৌৰ দৌৰ আৰু দৌৰ… দৌৰি দৌৰিয়েই লিখিব লাগিব… জীৱনটো যাপন কৰো নে উদযাপন কৰোঁ বাৰু৷ কিমান ওচৰ চাপিব পাৰি জীৱনৰ শেষ সীমাৰ… …
 জীৱনটো আইচ ক্ৰীমৰ দৰে নেকি বাৰু? অলপ গৰম পালেই যে গলি গলি বৈ যায়৷ দৌৰী দৌৰী গলি গলি গৈ আছোঁ নেকি বাৰু মই৷ অলপ বেছি হৈ গ’ল যেনেই পাইছোঁ৷ মানুহৰ বাহ্যিক পৰিচয়ে অভ্যন্তৰিণ পৰিচয়ক কিমান দূৰ প্ৰতিফলন কৰে? বতৰেও পৰিৱৰ্তনৰ কথা কথা কৈছে? আমি বাৰু জীৱনৰ পৰা কি বিচাৰোঁ? এমুঠি সুখ, ধন, টকা-পইচা, গাড়ী-মটৰ নে আন কিবা৷ দুখৰ বাৰু সুখ থাকেনে নে সুখৰ দুখ৷ ‘‘যদি জীৱেন কান্দে নাই নাই বুলি,… …নিৰাশাই আশা বোৰ ভাঙিব খুজিলে, মই গোৱা গীতটোকে গাবা’’ জয়ন্ত দাৰ গীতটো গাই বাৰু দৌৰৰ দৌৰ জুখিব পাৰিম নেকি? জালুকবাৰীৰ বাটটোৱে ৰাধাৰ দৰে সোণাৰুৰ থুপাথুপি সোণগুটিৰে খোপা বান্ধি থকা বতৰেত হঠাৎ তাতেই লগ পাই গ’লো জয়ন্ত দাক৷মই তেওঁক dignity of labour ৰ কথা সুধিবলৈহে পালোঁ, চিলনীজনীৰ দৰে চোঁ মাৰি মোক থাপিয়াই তেওঁৰ অট’খনত বঢ়োৱাই ল’লে আৰু ৰকেটৰ গতিত দৌৰাবলৈ ধৰিলে৷ মই কিবা কোৱাৰ আগতেই চোলাটো দাঙি তেওঁৰ পিঠিৰ ঘাঁ খিনি দেখুৱালে৷ কাণৰ কাষত ফুচফুচাই ক’লে- বহুত কিবাকিবা বাঢ়িছে, কমিছে, দৌৰ দৌৰ মাথো দৌৰ…
     ক’ব নোৱৰাকৈয় নিজকে আৱিষ্কাৰ কৰিলোঁ এখন কেচিনৰ ভিতৰত৷ মামাই তিনিপট্টি খেলিছে ধৰ্মৰাজৰ সৈতে৷ পণত হাৰিচে-জিকিছে… …দ্ৰৌপদীক কেচিনলৈ টানি অনা হৈছে… কি বা হয়৷ চাৰিওফালে চালো ক’ৰবাত কৃষ্ণগোঁসাইক দেখো নেকি বুলি! নাই চকুত নপৰিল… …আৰে এয়া দেখোন জি. এচ. ৰড… … কাপোৰ ফালিচে… …চিঞৰিচে… …কাকূতি কৰিছে …সকলোৱে মৌন মূক হৈ ৰৈ আছে৷ দ্ৰৌপদীৰ নাঙঠ শৰীৰটো দেখা পোৱাৰ আশাত সেইদিনা ভীষ্মকে আদি কৰি সকলো গুৰুজন মনে মনে আছিল৷ বিকৰ্ণক বিচাৰিলো, সিও নাই… …সেইদিনাটো সেই ফুলকুমলীয়া ল’ৰাটোৱে মাত মাতিছিল… …আজি… … অ’ সেয়া দেখোন চেনেলৰ সাংবাদিক কেইগৰাকী… …মই কিবা এটা ক’বলৈ চেষ্টা কৰিছিলোহে৷ নাই মুখৰ পৰা গেঙণি এটাৰ বাদে আন একোৱেই বাহিৰ নহ’ল৷ কাণত বতাহৰ সুহুৰি… …দৌৰ দৌৰ… …সকলো ৰৈ গ’ল… নে দৌৰিছে… …কি হৈছে এয়া? অ’ মানসৰ নতুন নাটক ‘যুবৰাজ@কুৰুক্ষেত্ৰ লাইভ’৷ ৰবীন্দ্ৰ ভৱনত অহা ১৩ তাৰিখে সন্ধিয়া ৬.৩০ মিনিটত৷ নিজকে আৱিষ্কাৰ কৰিছিলো ৰবীন্দ্ৰ ভৱনৰ সন্মুখত লগি থকা এখন নাটকৰ হডিংৰ সন্মুখত৷ মই স্থৱিৰ হৈ গৈছোঁ নেকি বাৰু ভাব এটাই হেচুক মাৰি ধৰিলে৷ মনত পৰিল সিদিনা প্ৰদ্যুতে নেমুটেঙা কেইটামানক দৌৰাই দিয়াৰ কথা কৈছিল৷
     এৰা নেমু টেঙাই দৌৰে নে? ত্ৰিপুৰাত দৌৰিছিল বোলে, মনত পৰি গ’ল৷ কিন্তু বতাহত যে নেমু ফুলাৰ তীব্ৰ গোন্ধ এটা ভাঁহি আহিছে৷ মই উন্মনা হৈ পৰিলো৷ কেতিয়া পাইছিলো বাৰু এই গোন্ধটো প্ৰথমবাৰৰ বাবে… …শৈশৱৰ সেই সোণোৱালী দিনবোৰ জাকি মাৰি উঠিল… …বিৰিণা পাতৰ আঙুঠি পিন্ধি আন্মনাহৈ থাকোতেই চাগৈ প্ৰথমবাৰৰ বাবে নেমু ফুলৰ তীব্ৰ গোন্ধটো অনুভৱ কৰিছিলো৷ শৰীৰৰ সৰিয়হ ফুটিছিল… …তাৰ পিছত… …ঘানিৰ ম’হটোৰ দৰে টুকুৰা হৈ পৰা তাইৰ বাপেকৰ শৰীৰটো… …মাকক বিদ্ধ কৰা কৰ্শলা সাপৰ দৰে সেই ডাল… …চাই থাকিব নোৱাৰিলোঁ৷ পেটটো পকাই আহিল… …কিবা এটা কেচেমা কেচেম গোন্ধলৈ ৰূপান্তৰিত হ’ল নেমি ফুলৰ সেই তীব্ৰ গোন্ধটো… …মই দৌৰীবলৈ আৰম্ভ কৰিলোঁ… দৌৰ… দৌৰ… আৰু দৌৰ…

Monday, November 25, 2013

নাটকৰ পাঠ

নাটক এখন দুই ধৰণে বিশ্লেষণ কৰিব পাৰি— সাহিত্যিক দৃষ্টিভংগীৰে আৰু পৰিৱেশনগত দিশেৰে৷ অসমত বৰ্তমানলৈকে প্ৰয়খিনি নাটকৰে সাহিত্যিক দৃষ্টিভংগীৰে বিশ্লেষণ হে হৈ থকা দেখা গৈছে৷সকলোৱে কয় যে নাটক এখনে প্ৰাণ পায় তাৰ পৰিৱেশনৰ পাছত হে৷ নাটক এখন পৰিৱেশন কৰিবলৈ গ’লে আমি তিনি ধৰণৰ পাঠ বিচাৰি পাওঁ৷ সেয়া হ’ল—

(ক) মূল পাঠ (Text)- এক অৰ্থত এখন নাটকৰ সংলাপ (নাটকত ব্যৱহাৰ কৰিবলৈ মনস্থ কৰা বিভিন্ন ধৰণৰ পাঠৰ সংগ্ৰহো হ’ব পাৰে; সেয়া কোনো লিখিত নাটক, গান, ছবি, কবিতা, গল্পৰ অংশ, প্ৰবন্ধ, নিবন্ধ ইত্যাদি বিভিন্ন ধৰণৰ সংগ্ৰহো হ’ব পাৰে) বুলি ব্যৱহাৰ কৰা কথাখিনিক বুজাব পাৰি৷

(খ) পৰিৱেশন পাঠ (Performing text)- শিল্পীসকলে যেতিয়া নাটকখন মঞ্চস্থ কৰিবলৈ আগবাঢ়ে তেতিয়া সংলাপ হিচাপে থকা মূল পাঠখিনি পৰিৱেশন পাঠলৈ ৰূপান্তৰ ঘটে৷ অভিনেতা, পৰিচালক তথা সমূহ পৰিকল্পনাকাৰী (পোহৰ, আৱহ সংগীত, সাজসজ্জা, ৰূপসজ্জা ইত্যাদি সকল)ৰ বাবে সেই পাঠখিনি পৰিৱেশন পাঠলৈ ৰূপান্তৰিত হয় আৰু শিল্পীসকলে তাৰ আভ্যন্তৰিণ পাঠ (sub text) বিচাৰিবলৈ আৰম্ভ কৰে৷ পৰিচালক, অভিনেতা, বিভিন্ন কাৰিকৰী শিল্পী সাপেক্ষে এই পাঠৰ  ভিন্ন অৰ্থও নিৰূপিত হ’ব পাৰে৷

(গ) দৃশ্য-শ্ৰব্য পাঠ (Audio-visual text)- দৰ্শকে নাটকখন মঞ্চস্থ কৰা চাই থাকোতে তাৰ আকৌ পৰিৱৰ্তন ঘটে, সেয়াই দৃশ্য-শ্ৰব্য পাঠ৷ অৰ্থাৎ ইয়াৰ লগত বিভিন্ন কাৰিকৰী দিশ, অভিনয়, পৰিৱেশন কৰা স্থান, পৰিৱেশ আদিৰ সংযোগত সৃষ্টি হয় এক ধৰণৰ নতুন পাঠ৷ বেলেগ বেলেগ পৰিৱেশনৰ স্থান, অভিনেতা,  কাৰিকৰী শিল্পী আদিয়েও তেখেতসকলৰ নিজস্ব ধাৰণাৰে নাটক (মূল পাঠ)ৰ আধাৰত নতুন এটা দৃশ্য-শ্ৰব্য পাঠ নিৰ্মাণ কৰিব পাৰে৷

Monday, September 2, 2013

অসমীয়া জাতীয় জীৱনত মহাপুৰুষ দুজনাৰ অৱদান


অসমীয়া সাহিত্য-সংস্কৃতি তথা জাতীয় জীৱনৰ এনে এটা দিশ নাই য'ত শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীমন্ত মাধৱদেৱ গুৰু দুজনাৰ প্ৰভাৱ অনুভূত নহয়৷ শ্ৰীমন্ত শংকৰদেৱৰ ভক্তি-আদৰ্শই পঞ্চদশ-ষোড়শ শতিকাৰ অসমৰ সামাজিক, সাংস্কৃতিক জীৱনত এক প্ৰকাৰ নৱজাগৰণৰ সূচনা কৰিছিল৷ কৃষ্ণভক্তিৰ বাণী আৰু আদৰ্শ সঞ্চাৰিত কৰিবলৈ তেওঁ নিজেও কাব্য, গীত, নাট আদি ৰচনা কৰে আৰু আন আন শিষ্য-প্ৰশিষ্যসকলকো সেই কাৰ্যত ব্ৰতী কৰায়৷
১৪৪৯ চনত মহাপুৰুষ শংকৰদেৱে নগাঁৱৰ আলিপুখুৰী নামে ঠাইত জন্মগ্ৰহণ কৰে৷ তেওঁৰ পিতৃৰ নাম আছিল কুসুম্বৰ ভূঞা আৰু মাতৃ সত্যসন্ধ্যা৷ সৰুতে মাক-দেউতাকৰ মৃত্যু হোৱাত বুঢ়ীমাক খেৰসুতীয়ে তেওঁক তুলি-তালি ডাঙৰ দীঘল কৰে আৰু পঢ়া-শুনা কৰাৰ বাবে  মহেন্দ্ৰ কন্দলীৰ টোলত নাম লগাই দিয়ে৷ শিশুকালৰেপৰা শংকৰদেৱে বহুতো অসাধাৰণ কাম কৰি সকলোকে চমক খুৱাইছিল৷ 'ক' ফলা শিকিয়েই তেওঁ ''কৰতল কমল কমল দল নয়ন'' গীতটি ৰচনা কৰি মেধাশক্তিৰ পৰিচয় দিছিল৷ দহ বছৰ গুৰু-গৃহ মহেন্দ্ৰ কন্দলীৰ টোলত অধ্যয়ন কৰে আৰু শিক্ষা সাং কৰি ঘৰলৈ উভতি আহে৷ ২১ বছৰ বয়সতে তেওঁ সূৰ্যৱতীক বিয়া কৰায়৷ বিয়াৰ তিনি বছৰ পাছত এটি কন্যা (মনু) সন্তান জন্ম দিয়েই সূৰ্যৱতীৰ মৃত্যু ঘটে৷ ৩২ বছৰ বয়সত শংকৰদেৱে প্ৰথমবাৰৰ বাবে তীৰ্থ ভ্ৰমণলৈ ওলায়৷ বাৰ বছৰ কাল তীৰ্থ ভ্ৰণণ কৰি আহি তেওঁ বৈষ্ণৱ ধৰ্ম প্ৰচাৰত মনোযোগ দিয়ে৷ লগতে বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে তেওঁ ভালেসংখ্যক গ্ৰন্থ ৰচনা কৰে৷ মহাপুৰুষ শংকৰদেৱে ৰচনা কৰা গ্ৰন্থসমূহক তলত দিয়া ধৰণে ভাগ কৰি আলোচনা কৰিব পাৰি৷
  • কাব্য : হৰিশ্চন্দ্ৰ উপাখ্যান, ৰুণিী হৰণ কাব্য, বলিছলন, অমৃত মন্থন, অজামিল উপাখ্যান, কুৰুক্ষেত্ৰ
  • ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থ : ভক্তি প্ৰদীপ, ভক্তি ৰত্নাকৰ, নিমি নৱসিদ্ধ সংবাদ, অনাদি পাতন
  • অনুবাদমূলক : ভাগৱতৰ১ম, ২য়, , ৬ষ্ঠ, ৮ম, ১০ম, ১১শ স্কন্ধ, ১২শ স্কন্ধ আৰু উত্তৰাকাণ্ড ৰামায়ণ
  • অংকীয়া নাট :  পত্নী প্ৰসাদ, কালি দমন, কেলি গোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, ৰাম বিজয়
  • গীত : বৰগীত, ভটিমা, টোটয় আৰু চপয় 
  • নাম প্ৰসঙ্গমূলক : কীৰ্তন আৰু গুণমালা

শংকৰদেৱৰ দৰে মাধৱদেৱেও অসমীয়া জাতীয় জীৱনলৈ অভূতপূৰ্ব অৱদান আগবঢ়াইছে৷ তেওঁ মহাপুৰুষ শংকৰদেৱৰ প্ৰিয়তম শিষ্য আছিল৷ ১৪৮৯ খ্ৰীঃত বৰ্তমানৰ  উত্তৰ লখিমপুৰৰ নাৰায়ণপুৰত গোবিন্দগিৰি ভূঞা ঔৰসত মনোৰমাৰ গৰ্ভত জন্ম লাভ কৰিছিল৷ জীৱিকাৰ সন্ধানত গোবিন্দগিৰিয়ে বিভিন্ন ঠাই ঘূৰি-ফূৰি পূৰ্বৰ ঠাই  বণ্ডুকালৈ যায় আৰু তাতে ৰাজেন্দ্ৰ অধ্যাপকৰ টোলত মাধৱদেৱক নাম লগাই দিয়ে৷ ৰাজেন্দ্ৰ অধ্যাপকৰ টোলত শিক্ষা গ্ৰহণ কৰি মাধৱদেৱ সৰ্বশাস্ত্ৰ  বিশাৰদ হৈ  উঠে৷ তেওঁ  প্ৰথমাৱস্থাত শক্তি পন্থাত বিশ্বাসী আছিল৷ এবাৰ তেওঁ মাকৰ ৰুগ্নাৱস্থাৰ পৰা হাত সাৰিবলৈ দুৰ্গা গোসাঁনীৰ আগত এটা পঠা ছাগলী বলি দিবলৈ আগ কৰি থৈছিল৷ এই পঠা ছাগলী বিচাৰিবলৈ ভনী-জোঁৱায়েক ৰামদাসক পাচিছিল৷ এই ঘটনা সন্দৰ্ভতে ১৫২২ খ্ৰীঃত তেওঁ ধুঁৱাহাট-বেলগুৰি নামে ঠাইত শংকৰদেৱৰ সৈতে শাস্ত্ৰযুদ্ধত প্ৰবৃত্ত হ'বলগীয়া হৈছিল৷ এই বাক্‌-যুদ্ধতেই শংকৰদেৱৰ যুক্তিৰ ওচৰত সেও মানি তেওঁ শংকৰদেৱৰ শিষ্যত্ব গ্ৰহণ কৰে৷ শংকৰদেৱৰ মহাপ্ৰয়াণৰ আগে আগে গুৰুজনাই  মাধৱদেৱক ধৰ্ম প্ৰচাৰৰ সম্পূৰ্ণ ভাৰ ন্যস্ত কৰিছিল৷ ধৰ্মবস্তু প্ৰসাৰৰ অধিকাৰ লাভ কৰি তেওঁ একান্তভাৱে গুৰুদায়িত্ব পালন কৰিছিল৷ বৰপেটাৰ পাটবাউসী, সুন্দৰীদিয়া আদি ঠাইত থাকি শেষত তেওঁ বৰপেটাত বিখ্যাত 'বৰপেটা সত্ৰ' স্থাপন কৰে৷ তেওঁ জীৱনৰ শেষৰ ফালে কোচৰজা লক্ষ্মীনাৰায়ণৰ  আশ্ৰয়ত কোচবিহাৰত আছিল আৰু ভেলা-মধুপুৰ সত্ৰত থকা অৱস্থাত ১৫৯৬ খ্ৰীঃত মাধৱদেৱে ইহলীলা সম্বৰণ কৰে৷ মাধৱদেৱে নৱ-বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাৰ উপৰি গুৰুৰ আদৰ্শ অনুসৰণ কৰি একশ্ৰেণীৰ উচ্চ পৰ্যায়ৰ সাহিত্য সৃষ্টি কৰি থৈ যায়৷ তেওঁৰ সাহিত্যকৃতিক তলত দিয়া ধৰণে শ্ৰেণীভুক্ত কৰিব পাৰি৷
  • আখ্যানমূলক ৰচনাঃ  ৰামায়ণৰ আদিকাণ্ড আৰু ৰাজসূয় কাব্য
  • তত্ত্বমূলক ৰচনাঃ  জন্ম-ৰহস্য, ভক্তি-ৰত্নাৱলী, নামঘোষা আৰু নাম-মালিকা
  • নাটঃ পূৰ্ণাংগ অংকীয়া শ্ৰেণীৰ নাটঃ অৰ্জুন-ভঞ্জন আৰু ঝুমুৰাঃ চোৰধৰা, পিম্পৰা-গুচোৱা, ভূমি-লেটোৱা আৰু ভোজন-বিহাৰ৷ ওপৰত উল্লেখ কৰা নাটকেইখন মাধৱদেৱৰ ৰচনা বুলি পণ্ডিতসকলে ঠাৱৰ কৰিছে৷ ইয়াৰ উপৰি আনকেইখনমান নাট; যেনে-ৰাস-ঝুমুৰা, কোটোৰা-খেলা, ভূষণ-হৰণ আৰু ব্ৰহ্মামোহনত মাধৱদেৱৰ নাম সংযুক্ত হৈ আছে৷ নানান অন্তৰংগ আৰু বহিৰংগ কাৰণৰ ভিত্তিত এই  নাটকেইখন মাধৱদেৱৰ দ্বাৰা ৰচিত হোৱা নাই  বুলি ভাবিবৰ থল আছে৷

  • গীত : বৰগীত আৰু ভটিমা

     শংকৰদেৱ-মাধৱদেৱৰ আধ্যাত্মিক তথা ভক্তিমূলক ৰচনাৰাজিয়ে অসমীয়া সাহ্যিতৰ বৰঘৰ শুৱনি কৰাৰ লগতে ৰচনাৰাজিৰ সৃষ্টিৰ অন্তৰালত নিহিত হৈ থকা ভক্তি আদৰ্শৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত ই অধিক ফলপ্ৰসূ আৰু সুদূৰ প্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে৷ ধৰ্ম প্ৰসাৰৰ ক্ষেত্ৰত শংকৰদেৱ তথা তেওঁৰ অনুগামীসকলে বিভিন্ন সাহিত্যিক সম্ভাৰেৰে হাত উজান দিয়াৰ লগতে সত্ৰ, নামঘৰ প্ৰতিষ্ঠা কৰি অসমীয়া সমাজখন একতাৰ ডোলেৰে বান্ধি ৰাখিবলৈ যত্ন কৰিছিল৷ সেই সময়ৰ সামাজিক আৰু ৰাজনৈতিক পৰিবেশেও শংকৰদেৱক ধৰ্ম প্ৰচাৰৰ বাবে সহায় কৰিছিল৷ বিভিন্ন ৰজাৰ শাসনত সাধাৰণ প্ৰজাৰ সামাজিক মৰ্যাদা হৈ পৰিছিল অতিকে নিম্ন৷ নৱ-বৈষ্ণৱ ধৰ্মৰ সমমৰ্যাদাৰ ধ্বনিয়ে সকলোকে আকৃষ্ট কৰিছিল৷ কাৰণ ধৰ্মীয় মৰ্যাদাই অলপ হ'লেও তেওঁলোকৰ সামাজিক মৰ্যাদাৰ ক্ষোভ প্ৰশমিত কৰে৷ আনহাতে এই সমমৰ্যাদাই সকলোকে একগোট কৰি সম্প্ৰীতিৰ ডোলেৰে বান্ধ খোৱাতো সহায় কৰিলে৷ তদানীন্তন সময়ছোৱাত এক সুস্থ ধৰ্মীয় আদৰ্শৰ অভাব দেখা গৈছিল৷ সকলোৰে মাজত সম্প্ৰীতি, ঐক্য আৰু আধ্যাত্মিক ভাব জগাই তুলিবলৈ এক সহজ সাধন পন্থৰ প্ৰয়োজনীয়তাৰ কথা বিবেচনা কৰি শংকৰদেৱে 'একশৰণ নামধৰ্ম' বা 'নৱ-বৈষ্ণৱ ধৰ্ম'ৰ প্ৰচাৰ কৰে৷ নাম, দেউ, গুৰু, ভকত এই চাৰি তত্ত্বক সাৰথি কৰি ঐকান্তিক বৈষ্ণৱ ভক্তিমাৰ্গৰ প্ৰৱৰ্তন কৰি সুস্থ ধৰ্মীয় আদৰ্শৰে সকলোকে বান্ধি ৰাখে৷ নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰধান লক্ষণসমূহ সত্যেন্দ্ৰনাথ শৰ্মাদেৱে লিপিবদ্ধ কৰিছে এনেদৰে—
  • এই ধৰ্ম কৃষ্ণ ভক্তি প্ৰধান৷ ভাগৱত পুৰাণ আৰু গীতা এই মাৰ্গৰ প্ৰধান আৰু আদৰ্শ গ্ৰন্থ৷
  • শ্ৰৱণ আৰু কীৰ্তনৰ যোগে ভগৱানৰ উপাসনা৷
  • নানা দেৱ-দেৱীৰ ঠাইত অব্যাভিচাৰী ভক্তিৰ দ্বাৰা বিষুত আশ্ৰয়৷
  • যাগ-যজ্ঞ, তপস্যা-ব্ৰত আদি কষ্টসাপেক্ষ, ক্রিয়াবহুল সাধন বা উপাসনাৰ অনুপযোগিতা দৰ্শন৷
  • গুৰু আৰু সৎসংগৰ গভীৰ প্ৰভাৱ৷
  • ভক্তিৰ ক্ষেত্ৰত ব্ৰাহ্মণ-চণ্ডাল সকলোৰে সম অধিকাৰ৷

এই নীতি আদৰ্শসমূহ সহজভাৱে বুজাই দিয়াৰ লগতে উপাসনা কৰিবলৈ মহাপুৰুষজনাৰ লগতে তেওঁৰ অনুগামী বৈষ্ণৱ সন্তসকলে বিবিধ সাহিত্য উপচাৰেৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি তোলাৰ লগতে অসমীয়া বৈষ্ণৱ সাহিত্য বৰ্ণময় কৰি তোলে৷ ইতিমধ্যে উল্লেখ কৰা হৈছে যে গুৰু দুজনাই সত্ৰ, নামঘৰ প্ৰতিষ্ঠা কৰিছিল৷ সত্ৰ অসমীয়া জাতীয় জীৱনৰ অন্যতম অনুষ্ঠান৷ সৎ লোকক ত্ৰাণ কৰোৱা বা পুণ্যধামলৈ গতি কৰাৰ অৰ্থত সাধাৰণতে 'সত্ৰ' শব্দ ব্যৱহাৰ কৰা হয়৷ যজ্ঞ, ধৰ্মস্থান, দাতব্য, যোগ, সদাব্ৰত আদি অৰ্থতো সত্ৰ শব্দ প্ৰয়োগ কৰা হয়৷ মহাপুৰুষ শংকৰদেৱ অসমৰ সত্ৰানুষ্ঠানৰ প্ৰৱৰ্তক৷ সংগীত আৰু সুকুমাৰ কলাৰ চৰ্চাৰ ক্ষেত্ৰত সত্ৰানুষ্ঠান একক, অনন্য৷ সংগীতৰ ভিতৰত বৰগীত অন্যতম৷ গুৰু দুজনাৰ দ্বাৰা ৰচিত উচ্চ আধ্যাত্মিকভাৱ সম্পন্ন পূৰ্ণাঙ্গ মাৰ্গীয় পৰ্যায়ৰ গীতকে বৰগীত বোলা হয়৷ বৰগীতবোৰ ব্ৰজাৱলী ভাষাত ৰচিত, লগতে ৰাগ-তাল বিশিষ্ট৷ সত্ৰীয়া নৃত্য প্ৰধানকৈ ভাওনাৰ লগত জড়িত৷ সত্ৰীয়া নৃত্যৰ প্ৰথম পৰ্যায়টোক 'মাটি আখৰা' বোলা হয়৷ সত্ৰীয়া নৃত্য মূলতঃ শাস্ত্ৰীয় নৃত্য৷ শংকৰদেৱে এই নৃত্য অসমত সৃষ্টি কৰিছিল৷ ভাওনা মহাপুৰুষ জনাৰ দ্বাৰা সৃষ্ট অন্যতম অনুষ্ঠান৷ শংকৰদেৱৰ আগলৈকে অসমত কোনো নাট্যানুষ্ঠানৰ উল্লেখ পোৱা নাযায়৷ গুৰুজনাই অসমৰ থলুৱা কেতবোৰ নাট্যধৰ্মী অনুষ্ঠান (দেৱদাসী নৃত্য, ওজাপালী, পুতলা নাচ), সৰ্বভাৰতীয় লোকনাট্যধৰ্মী অনুষ্ঠান আৰু সংস্কৃত (ভান আদি) নাটকৰ পৰা উপাদান আহৰণ কৰি অংকীয়া ভাওনা বা নাটক সৃষ্টি কৰে৷ অংকীয়া ভাওনা নৃত্য-গীত প্ৰধান৷সত্ৰৰ দৰে নামঘৰো অসমৰ জাতীয় জীৱনৰ অন্যতম ধৰ্মীয় অনুষ্ঠান৷ অসমৰ ভক্তি আন্দোলনৰ অন্যতম দিশ 'নাম কীৰ্তন'ৰ আধাৰতে নামঘৰ গঢ়ি তোলা হৈছে৷ মণিকূট, মূল কীৰ্তন ঘৰ, ছোঁ ঘৰ আৰু বাটচ'ৰা এইকেইটা নামঘৰৰ প্ৰধান অংশ৷ নামঘৰ গঞালোকৰ ধৰ্মীয় অৰু শিল্পচৰ্চাৰ কেন্দ্ৰস্থল৷ ধৰ্মীয়-অনুষ্ঠান হিচাপে ইয়াত নাম-কীৰ্তনকে ধৰি বাৰ্ষিক বৰসবাহ, ভাওনা, পালনাম আদি পতা হয়৷ ইয়াত গাঁৱৰ লোকসকলক নৃত্য-গীত-বাদ্যৰ শিক্ষা দিয়া হয়৷ এসময়ত গাঁৱৰ নামঘৰক কেন্দ্ৰ কৰিয়েই গা-কৰি উঠিছিল উচ্চ মানবিশিষ্ট ঘৰুৱা শিল্প আৰু খনিকৰী শিল্প চৰ্চা৷ ফলস্বৰূপে গাঁৱৰ খনিকৰসকলে গাঁৱৰ নামঘৰৰ প্ৰয়োজনীয় তিনি খলপীয়া, পাঁচ খলপীয়া, সাত খলপীয়া সিংহাসন, গৰুড়াসন, কৰণি, ৰাঙলি শৰাই, ঠগা আদি সাজি উলিয়াইছিল৷ সুন্দৰ সুন্দৰ লতা, ফুল, মূৰ্তি আদি কাটি উলিয়াইছিল৷ লিখনীত হেঙুল-হাইতাল প্ৰয়োগ কৰিছিল৷ নামঘৰৰ মণিকূট, বেৰ-দুৱাৰ আদিত বিষুৰ দশাৱতাৰ, বাইশ অৱতাৰ, চৌবিবশ অৱতাৰ লগতে বৈষ্ণৱ ধৰ্মৰ লগত জড়িত বিভিন্ন পুৰাণ কাহিনীৰ চিত্ৰ অংকন কৰি তাত হেঙুল হাইতাল বোলাই দিছিল৷ সেইদৰে ভাওনাত প্ৰয়োজন হোৱা ধনু, কাঁড়, তৰোৱাল, গদা, মুকুট, কিৰীটি, চুলি, বিভিন্ন দেৱ-দেৱতা, ৰাক্ষস, কিন্নৰ, নাগ, বিভিন্ন জন্তু, যেনে ঘোঁৰা, বাঘ, গৰু, বান্দৰ আদিৰ মুখা সঁজাৰ চৰ্চা নামঘৰৰ যোগেদি চলি আহিছে৷ এইবোৰৰ উপৰি বাঁহ-কাঠৰ ফণি, কাকৈ, বেটৰ বটা, শৰাই, বাঁহ-বেতৰ বিচনী, ফুলাম জাপি, পাচি, খৰাহী, চালনী, কুলা, ডলা, উঘা, চেৰেকী আদি নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ নিৰ্মাণ আজৰি সময়ত পুৰাণ, ভাগৱতাদি পঠন-শ্ৰৱণৰ মাজেদি চৰ্চা হৈ আহিছে৷ এক অৰ্থত অনানুষ্ঠানিক শিক্ষাকেন্দ্ৰ হিচাপেও নামঘৰে অসমীয়া সমাজলৈ অৱদান আগবঢ়াই আহিছে৷ নামঘৰক লোকআদালত বুলিও ক'ব পাৰি৷ লোকআদালত হিচাপে নামঘৰত সৰুসুৰা সামাজিক সমস্যা, দায়-দোষ, কাজিয়া পেচাল, পাপ-পুণ্য আদি গাঁওবুঢ়াকে প্ৰমুখ্যে কৰি নামঘৰৰ বিষয়ববীয়াসকলে বিচাৰ কৰি দিয়ে৷এনেদৰে বিচাৰ কৰি চালে দেখা যায় যে মহাপুৰুষদুজনাই বিভিন্ন ধৰণে অসমীয়া সমাজজীৱনক প্ৰভাৱিত কৰাৰ লগতে অসমীয়া সমাজ গঠনৰ এক সঠিক আৰু সুস্থ পদক্ষেপ গ্ৰহণ কৰি অসমীয়া জাতিক এক নতুন মাত্ৰা প্ৰদান কৰে৷