Tuesday, November 6, 2012

দৃশ্যপটত এসন্ধ্যা



(সময় সন্ধ্যা, সন্ধিয়াৰ প্ৰাৰ্থনা আদিৰে সময় বুজাব লাগিব৷ মিতালীৰ ঘৰৰ ড্ৰয়িং ৰূম ৷ ফোনৰ ৰিং৷ মিতালীয়ে ফোনত কথা কথা পাতি থাকে৷ তাইৰ বান্ধৱী লীনা চকীত বহি কিবা ভাবি থাকে৷)
মিতালী : হেল্লে’… অমৃতা!...অ’ মই মিতালীয়ে কৈছোঁ… কি কৈছ অমৃতা৷ ডাঙৰ কৈ কচোন একো শুনা নাই৷ লাইনটো কিবা ডিষ্টাৰ্বড হৈ আছে৷ হেল্ল’… হেল্ল’… গাড়ীৰ শব্দহে শুনিছো৷ কি? ট্ৰেফিক জাম… অ’… অ’… নাই অহা লীনাহে পাইছেহি৷ ও… দীপশিখা! পোৱাহি নাই৷ অ’ সকলো ৰেডী হৈছে আৰু৷ মাইনা.. ভিতৰতে কম্পিউটাৰৰ আগত বহি আছে অ… তই আহ৷ অ কে থৈছো৷
লীনা : কি হ’ল? অমৃতা আহোতে দেৰী হ’ব৷
মিতালী : অ’ তাই হেনো ট্ৰেফিক জামত ফচি আছে৷
লীনা : তাই কিন্তু স্ফুটিবাজ ছোৱালী দেই৷ য’তেই থাকে পৰিৱেশটো ৰসাল কৰি ৰাখে আৰু কষ্টও জানো কমখন কৰিব পাৰে৷
মিতালী : এৰা তাইৰ সেই যে ৰিচাৰ্চৰ টপিকটো৷ ব্ৰহ্মপুত্ৰৰ গতিপথ আৰু বানপানী৷ তাৰ কাৰণে নদীখনৰ দাঁতিকাষৰীয়া গাওেঁ-ভূঞেঁ গৈ গৈ কম কষ্টৰে ডাটা কালেক্ট কৰিছে৷
 লীনা : তদুপৰি তাই কেইবাটাও পৰিৱেশ সম্পৰ্কীয় এন. জি. অ.ত কাম কৰি থকা নাই জানো?
মিতালী : অ’ কৰি আছে৷ ভগৱানে যেন তাইক শক্তি দিয়ে কাম কৰি যাবলৈ৷ এনেদৰে কাম কৰি থাকিলে ভবিষ্যতে তাই এগৰাকী ভাল এনভাৰমেষ্টেলিষ্ট হিচাপে প্ৰতিষ্ঠা লাভ কৰিব পাৰিব৷… …কি হ’ল মোলৈ এনেকৈ থৰ হৈ চাই আছা যে?
লীনা : ভাবিছো৷
মিতালী : কি?
লীনা : দুদিন মানৰ পিছতটো আপুনি যাবগৈয়ে৷
মিতালী : মই কিবা একেবাৰে যামগৈ নে? মোৰ ৱেলফেয়াৰৰ চাকৰিটোৱেইটো তেনেকুৱা৷ যাবই লাগিব৷ এইবাৰ নাগপুৰ৷ তাৰ পিচত বা ক’ত৷
লীনা : তথাপিও বাইদেউ৷
মিতালী : আৰে মইটো তোমালোকৰ খৱৰ-খাটি লৈ থাকিম৷
লীনা : আপুনি গুচি যোৱাৰ পিছত মই যেন পুনৰ অকলশৰীয়া হৈ যাম৷
মিতালী : কিয় অমৃতা দীপশিখা ইহঁতবোৰটো আছেই দেখোন৷
লীনা : তথাপিওঁ আপোনাৰ নিচিনাটো কোনো হ’ব নোৱাৰে বাইদেউ৷ আপোনাকেই অন্তৰৰ সকলো কথা ক’ব পাৰো৷
মিতালী : দীপশিখা অমৃতাহঁতকো ক’বাচোন৷ সিহতেওঁ তোমাক সহযোগ কৰিব৷
লীনা : তাতে আজি কেইবাদিনৰ পৰা মোৰ টোপনী নহা হৈছে৷
মিতালী : কিয়? কিবা অসুখ  বিসুখ!
লীনা : নাই একো হোৱা নাই৷ কিবা কিবি কথাহে মনত পৰি আছে৷
মিতালী : পুৰণি কথাবোৰ বাদ দিয়া৷
লীনা : তেওঁ যে বাইদেউ সেই কথাবোৰে কুটি কুটি খায়৷ মই যাৰেই কাষলৈ যাওঁ, যাৰ পৰাই জীয়াই থকাৰ প্ৰেৰণা পাওঁ তেওঁই মোৰ পৰা আঁতৰি যায়৷
মিতালী : সেইবোৰ কথা বাদ দিয়া৷ বৰ প্ৰৱলেম হৈছে জানা৷
লীনা : কিয়?
মিতালী : এই বস্তু বাহিনীবোৰৰ পেকিঙক কলৈ৷ এটা ঠিক ঠাক কৰো৷ আনটো নহয়গৈ৷… …তাতে ভাৰাঘৰৰ লেঠাটো আছেই৷
লীনা : কিয় কোৱাৰ্টাৰ নিদিয়ে নেকি?
মিতালী : দিব বোলে৷ দেখা যাওঁকচোন কি হয়৷
লীনা : এইটো ঘৰ কি কৰিব? এনেকৈয়ে..
মিতালী : এতিয়ালৈকে ভবা নাই৷ চাওঁচোন কি কৰিব পাৰো৷ অ’ তোমাৰ এন. জি. অ.ৰ কাম কেনে চলি আছে৷ মাজতে বানপানীৰ বাবে বৰ কষ্ট কৰিলা নহয়৷
লীনা : এ নক’ব বাইদেউ৷ বানপানীৰ কি ভয়ংকৰ ৰূপ৷ মানুহৰ বিলৈ বিপত্তিৰ সীমা নোহোৱা হৈছে৷
মিতালী : এৰা কিযে হ’ব৷
লীনা : বুজিছে বাইদেউ৷ এইবাৰ ধেমাজীত যে আমি কামত গৈছিলো… তেতিয়া কি হ’ল জানে৷
মিতালী : কি হ’ল৷
লীনা : আমাৰ লগৰ যে ৰাজীৱ৷
মিতালী : কোন ৰাজীৱ!
লীনা : সেই যে… আপোনাক যে চিনাকী কৰি দিছিলো৷ সেই মিটিংখনত যে… আপোনালোকৰ ওৱেল ফেয়াৰৰ৷
মিতালী : অ’ অ’ মনত পৰিছে কি হ’ল কোৱাচোন৷
লীনা : সিহঁতে ভিতৰুৱা গাঁৱৰ পৰা নাৱেৰে মানুহ উদ্ধাৰ কৰিবলৈ গৈছিল৷
মিতালী : তাৰ পাছত৷
লীনা : সি কৈছে হি এখন ঘৰত বোলে চালে পানী কাটি আছে৷
মিতালী : ওঁ৷
লীনা : সেই ঘৰৰ বুঢীগৰাকী চালৰ কাষতে লাগি থকা গছ এজোপাৰ ডালত বহি আছিল৷ তেখেতে বোলে ঘৰৰ পৰা একো সম্পত্তিয়েই উলিয়াব নোৱাৰিলে৷
মিতালী : আৰু কি হ’ল৷
লীনা : তাইৰ য’ত যিমান পোহনীয়া জীৱ-জন্তু আছিল সকলো উটোৱাই লৈ গ’ল৷ তাতে তেখেত বোলে তিনিদিন অনাহাৰে তেনেদৰে গছতে উঠি আছিল৷ সহায় কৰিবলৈকো কোনো নাই…
মিতালী : ইছঃ… সঁচাকৈয়ে দেই বানপানীয়ে যে অসমখন একেবাৰে জুৰুলা কৰি পেলাইছে৷ তাতে আকৌ বৃহৎ নদী বান্ধ লাগে চৰকাৰক৷
লীনা : এৰা বাইদেউ৷ কি যে হ’ব!
মিতালী : বন্ধ কৰিলেই হ’ল আৰু৷
লীনা : ক’ত বন্ধ হ’ব চাগৈ৷ চৰকাৰে একো গুৰুত্বই দিয়া নাই৷
মিতালী : জনগণ মুক্তি সংগ্ৰাম সমিতি দেখোন লাগি আছে, ছাত্ৰ সংগঠন বোৰেই বাধা দিছে৷
লীনা : হুঃ… আগত সিহঁতৰ পৰাই চান্দা ল’ব লাখৰ ঘৰত, এতিয়া বন্ধ কৰিবলৈ ক’ব৷ কোনে মানিব…
মিতালী : মানে?
লীনা : চাওঁক বাইদেউ এই ছাত্ৰ সংগঠন বোৰে আৰম্ভণিতে এই প্ৰজেক্টটো কৰি কথা কোম্পানীৰ পৰা বিভিন্ন কাৰণত চান্দা তুলিছিল৷
মিতালী : এহঃ হয় নেকি? জনগণ মুক্তি সংগ্ৰাম সমিতিয়ে…
লীনা : নহয় বাইদেউ, তেখেতসকলে লোৱা নাই৷ কিন্তু তাতে কথাৰ পাক এটাহে আছে৷
মিতালী : মানে?
লীনা : চাওঁক এতিয়ালৈকে যিমানবোৰ আন্দোলন হৈছে, তাতে অসমীয়া মধ্যবিত্ত শ্ৰেণীটো জড়িত৷ চৰকাৰে আন্দোলনকাৰীসকলক কিবা টোপ দি মুখখন মাৰি থয়৷ দেখা নাই জানো অসম আন্দোলনটোৰ ফলাফল৷
মিতালী : ও
লীনা : আৰু কি জানে৷ জনগণ মুক্তি সংগ্ৰাম সমিতিৰ আন্দোলনৰ অধিকাংশ ব্যক্তি আমাৰ সমাজ ব্যৱস্থাৰ তলৰ খাপৰ, মানে এক অৰ্থত ক’ব পাৰি— ল’ৱাৰ ক্লাছৰ৷ সেইবাবে চৰকাৰে একো গুৰুত্ব দিয়া নাই৷ চৰকাৰে এনে মানুহবোৰক কেৱল ভোট বেংক হিচাপেহে ব্যৱহাৰ কৰে৷
মিতালী : কথা তেনেহ’লে ক’ৰবাত হে৷
লীনা : আপোনাৰ মনত আছেনে বাইদেউ আমি যে মাজুলীলৈ গৈছিলো৷
মিতালী : অ’ আছে আছে৷
লীনা : বুজিছে বাইদেউ তাত ব্ৰহ্মপুত্ৰই চকুৰ পচাৰতে মানুহৰ ঘৰবাৰী, আনকি পকা ঘৰো গ্ৰাস কৰি লোৱা মই নিজ চকুৰে দেখিছোঁ৷ তথাপিতো তাৰ মানুহবোৰে তাৰ পৰা ওলাই আহিব নিবিচাৰে৷ এইবাৰটো শালমৰাৰ ফালৰ ব্যক্তিসকলে পানীত আত্মজাহ দিবলৈকে ওলাইছে৷
মিতালী : শুনিছোঁ পেপাৰে পত্ৰই…
লীনা : ধেমাজী-মাজুলীৰ মানুহখিনিয়ে এতিয়া যেন বান পানীৰ লগতে সহাবস্থান কৰিবলৈ শিকিছে৷
মিতালী : অ’ অ’৷
লীনা : আমি মাজুলীলৈ যোৱা বছৰত, সেই খহনীয়া ৰোধ কৰিবলৈকে গাঁৱৰ মতা-মাইকী, বুঢা-ডেকা চবেই ওলাই আহিছে৷ আনকি আশীপৰীতি বৃদ্ধায়ো আমাৰ লগতে সমানে বস্তা দাঙিবলৈ আগবাঢ়ি আহিছিল৷… …আপোনাৰ বাৰু সেই মানুহজনৰ কথা মনত আছেনে?
মিতালী : কাৰ কথা কৈছা?
লীনা : সঞ্জয় ঘোষ
মিতালী : আছে আছে কিয় নাথাকিব৷
লীনা : সেই মানুহজনে সুদূৰ দিল্লীৰ পৰা আহি মাজুলীৰ মানুহখিনিৰ লগ লাগি বানপানীৰ বিপক্ষে যুদ্ধ কৰিছিল৷ মানুহখিনিক জীয়াই থকাৰ প্ৰৰণা দিছিল৷
মিতালী : সঁচাকৈয়ে মানুহজনৰ কৰ্ম প্ৰেৰণা অতুলনীয়৷
লীনা : কিন্তু কিছুমান মানুহে তেওঁৰ কথা বুজি নাপায় চৰকাৰৰ এজেন্ট বুলি মাৰি পেলালে৷
মিতালী : স্বাথৰ্পৰ মানুহবিলাকে আনেও কিবা কাম কৰিলেওঁ স্বাথৰ্ৰ কাৰণে কৰিছে বুলি ভাবে৷
লীনা : মোৰ কি ভাৱ হয় জানে বাইদেউ!... ..মই কাষ চাপি গ’লেই যেন আঁতৰি যায় মানুহবোৰ৷
মিতালী : তুমি যে একেটা কথাতেই লাগি থাকা৷ বাদ দিয়াচোন সেইবোৰ কথা৷… …অ’ পিছে ছোৱালীজনী ক’ত থৈ আহিলা৷
লীনা : মাৰ ওচৰতে থৈ আহিছো৷
মিতালী : এইবাৰতো তাইক এডমিচনো দিব লাগিব৷ ক’ত দিম বুলি ভাবিছা?
লীনা : শংকৰদেৱ শিশু নিকেতনতে দিওঁ বুলি ভাবিছো৷
মিতালী : ঠিকেই ভাবিছা তুমি৷ এতিয়া তাইক ঠিকমতে গঢ় দিয়াটো হে কথা৷
লীনা : সঁচাকৈয়ে বাইদেউ তাইক লৈহে যত মানে চিন্তা৷ তাইক সংস্কৃতিবান হিচাপে গঢ়ি তুলিব পাৰিলেই হয়৷
মিতালী : হ’ব দিয়া চব ভালেই হ’ব৷
লীনা : তাই নথকা হ’লে মই চাগে মৰি থাকিলোহেঁতেন বাইদেউ ৷
মিতালী : আকৌ ... (অমৃতাৰ প্ৰৱেশ)
অমৃতা : উহ! কি গৰম একদম অসহ্য লাগি গৈছে দেই৷ কি ট্ৰেফিক জাম৷ নামত ডিলাক্সৰ পইচা লয় আৰু চলায় গৰু গাডীতকৈয়ো অধম৷
মিতালী : এ ৰ চোন ৰ বহি ল’ বহি ল’৷ এনেকৈ কেতিয়াবা উশাহ নাপায় মৰিবি৷
অমৃতা : নমৰো দিয়া ইমান সহজতে৷ এহঃ ফেনখন… অঃ চলিয়েই আছে৷ অলপ স্পীদত দিয়াচোন স্পীদ দিয়া৷… …পানী পানী এগিলাচ আনাচোন৷
লীনা : ৰ’চোন তই লাহে লাহে কথাকেইটা ক৷ মূখখন একেবাৰে বন্ধই নহয়৷
অমৃতা : অ’ মুখখন আছে বাবেইতো চলি আছো৷
মিতালী : এয়া পানী ল’৷
অমৃতা : দিয়া ডিঙিটো শুকাই গৈছে একেবাৰে৷ বাহঃ লীনা বা! আজি কিন্তু তোমাক কিছু লাগিছে দেই৷ দাদা থাকিব লাগিছিল কি কৰিলে হয় ঠিকনা নাই৷
লীনা : ওঃ বাদ দে চোন সেইবোৰ কথা৷
অমৃতা : নহয় ৰবাচোন৷ সেই যে কবিতাটো পূৰ্ণেন্দু পত্ৰীৰ যে৷
মিতালী : কোনটো৷
অমৃতা : সেই যে তুমি আজি কালি খুব চিগাৰেট হৈছা৷ শুভাংকৰ তাৰ শেষৰ লাইনটো যে— (চুমা খোৱাৰ শব্দ কৰি) ভিক্ষাৰীৰো কি এদিনৰ কাৰণেও ডকাইত হ’বলৈ মন নাযায়৷ দাদা কিন্তু সঁচাকৈয়ে ডকাইত হৈ গ’লহেতেঁন৷
লীনা : এঃ হৈছে দে…
মিতালী : এইজনীৰ যে আৰু মুখখন৷
অমৃতা : অ’ তোমাৰ আকৌ গাত লাগিছে নেকি? তুমিও কিন্তু কিছু ফিগাৰ মেণ্টেইন কৰিছা দেই৷ কোনেও তোমাক ইমান ডাঙৰ ছোৱালীৰ মাক বুলি নকয়৷ অ’ মইনা… …মইনা ক’ত? (অমৃতাৰ মবাইলটো বাজিব, তাই বেগৰ পৰা ফোনটো উলিয়াই, চাব, ৰিচিভ কৰিব) হেল্ল’ নাই নাই তোমাক মই লগ কৰিব নিবিছাৰো৷ নহ’ব… অ মোক ফোন নকৰিবা৷ ( ফোন টো কাটিব)
মিতালী : কাৰ ফোন আছিল অমৃতা৷
অমৃতা : এ বাদ দিয়া৷… এটাই বৰ আমনি কৰি আছে৷
মিতালী : তোৰ ডায়েগনাইছিছ ৰিপৰ্টটো আহিল নে?
অমৃতা : (অপ্ৰস্তুতভাৱে) নাই নাই অহা নাই৷ আহিব চাগে এই কেইদিনতে৷ অ’ মইনা ক’ত মইনা মইনা৷
মইনা : গৈছো মাহী (ভিতৰৰ পৰা)
অমৃতা : আহা আহা তুমি সোনকালে আঁহা৷ (মইনা সোমাই আহে)
মইনা : মই কিন্তু তোমাক বেয়া পাইছো৷
অমৃতা : কিয় বা?
মইনা : তুমি ইমান দেৰি কৰিছা৷
মিতালী : ইহঁত দুজনী যে আৰু৷ লগ পালেই লাগি থাকে৷ ইফালে এজনীয়ে আনজনীক নেদেখিলে থাকিব নোৱাৰে৷
অমৃতা+মইনা : ওঃ হ’ব দিয়া৷
লীনা : এতিয়াটো আৰু ইহঁত দুজনীক কাকো নালাগে৷ বলক আমি ভিতৰলৈকে যাওঁ৷ খোৱাৰ যোগাৰ কৰোগৈ৷
অমৃতা : যোৱা যোৱা তোমালোকে কেৱল সেইবোৰহে জানা আৰু (মিতালী আৰু লীনা দুয়ো ভিতৰলৈ সোমাই যায়) ভিতৰত কি কৰি আছিলা?
মইনা : কমপিউটাৰত গেম এটা খেলি আছিলো৷ জানা মাহী এটা ষ্টেজ হে পাৰ কৰিবলৈ বাকী আছে৷ বৰ টাফ৷ এইবাৰ কিন্তু কমপ্লিট কৰিমেই৷
অমৃত : হ’ব বাৰু মোকো শিকাব লাগিব৷ হুঃ লোৱা এয়া তোমাৰ গিফট, লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখন৷লগৰ বোৰক লগ ধৰিলি নে নাই?
মইনা : অ নৌকাষ্ঠ হোৱাজন৷ থেংক ইউ মাহী৷ (চুমা এটা খাব) প্ৰীতিক লগ ধৰিলো নিতুক লগ ধৰিলো৷ অ’জানে মাহী চন্দনক লগেই পোৱা নাই৷ সি যে মামাকৰ ঘৰত পৰা অহাই নাই জানা৷
অমৃতা : এইবাৰ কিন্তু তুমি ক্লাছ নাইন পালাগৈ৷ ভালকৈ পঢ়িব লাগিব৷
মইনা : পঢ়িবটো লাগিবই৷ তাতে আকৌ নতুন স্কুল৷ ভালকৈ পঢ়িব লাগিব৷ অ’ মাহী! মই নতুনকৈ শ্বায়েৰী এটা শিকিছো৷
অমৃতা : কি শ্বায়েৰী কোৱাচোন?
মইনা : ই এনেয়ে কিয় কম?
অমৃতা : ঠিক আছে আছে বাৰু মই তোমাক চকলেট দিম৷
মইনা : ঠিক আছে প্ৰথমে চকলেট৷
অমৃত : অ কে লোৱা৷
মইনা : ই তুমি এইটো হে আনিলা৷ তুমি জানাই দেখোন মই কিটকাট হে বেছি ভালপাওঁ৷
অমৃতা : দোকানখনত কিটকাট নাছিল বাবেহে এইটো আনিছো… …ঠিক আছে পিছত আনি দিমগৈ৷ এতিয়া শ্বায়েৰীটো কোৱা৷
মইনা : ঠিক আছে বাৰু মই কৈছা তুমি শুনা৷ ভালকৈ শুনিবা হা৷— মেইনে তুমহে লাইন মাৰা এংগল বদল বদল কৰ৷ তেৰে বাপনে মুঝে পিতা চপ্পল বদল বদল কৰ৷
অমৃতা : বা বঢ়িয়া হৈছে৷
মইনা : এইবাৰ কিন্তু আপোনাৰ পাল৷
অমৃতা : শ্বায়েৰী! না বাবা না মোৰ দ্বাৰা শ্বায়েৰী নহয় দেই৷
মইনা : নাই নহ’ব ক’বই লাগিব৷
অমৃতা : ঠিক আছে বাৰু৷ শুনা - জৱানী মে হৰ চিজ খুবচুৰত নজৰ আতি হে, অগৰ গাধে ভী পুচ হিলাটে হে টো পৰী নজৰ আটি হে৷
মইনা : বাহঃ আপনেতো কামাল কৰ দিয়া ধোতী ফাৰকে ৰোমাল কৰ দিয়া (হাঁহি)
অমৃতা : আৰু কি কৰিছা?
মইনা : অ মাহী মাহী মই এটা নতুন গান শিকিলো৷
অমৃতা : কোনটো গান গোৱাচোন গোৱা৷
মইনা : এটা চৰ্ত
অমৃতা : কি চৰ্ত?
মইনা : আপুনিও গাব লাগিব কিন্তু… ৰাজী ..
অমৃতা : ঠিক আছে৷
মইনা : যদি জীৱনে কান্দে নাই নাই বুলি/ যদি দুখতে উৰে ধৰণীৰ ধূলি/নিৰাশাই আশাবোৰ ভাঙিব খুজিলে/ মই গোৱা গীতবোৰ গাবা (গীতটো দুয়ো গাব)
অমৃতা : বাঃ ধুনীয়া হৈছে৷ (চুমা এটা খাব) পিছে গানটো কাৰ জানানে নাই৷
মইনা : জানোটো আকৌ, জয়ন্ত হাজৰিকাৰ গান৷ (গোন্ধ লোৱাৰ শব্দ কৰি)
অমৃতা : বাহঃ মিতালী বা বৰ ধুনীয়া গোন্ধাইছে দেই৷ সোনকালে লৈ আহা আৰু ৰ’ব নোৱাৰো৷
মিতালী : নিছো নিছো (ভিতৰৰ পৰা)
একেলগে : যদি জীৱনে কান্দে .. ...............................
অমৃতা : আনিলা - দেখিয়েই খাওঁ খাওঁ লাগিছে৷
মইনা : অ’ মা মোৰ ক’ত?
মিতালী : তোমাক লীনা মাহীয়ে ভিতৰলৈ মাতিছে যোৱাচোন৷
মইনা : ওহঃ .. মোলে ছাগে কমকৈ থৈছা ন৷ মাহীক বেছিকৈ দিছা৷ (ভিতৰৰ পৰা লীনাই মাতে - মাইনা অ’ মাইনা আহা) অ’ মাহী গৈছো৷
অমৃতা : অ’ মিতালী বা তোমালৈ বস্তু এটা আনিছো চোৱাচোন৷
মিতালী+মইনা : চাওঁ চাওঁ৷
অমৃতা : কি বাৰু, গেচ কৰাচোন৷ (পেকেট এটা খুলিব, এখন সুন্দৰ পেইণ্টিং উলিয়াই দিয়ে)
মিতালী + মইনা : বাঃ বৰ ধুনীয়া পেইণ্টিং৷
অমৃতা : বৰ খৰধৰ হ’ল… জানো কেনেকুৱা হ’ল?
মিতালী : গতিৰ ওপৰত কৰিছা ন?
অমৃতা : গতিয়েই টো জীৱন৷
মইনা : অ’ মাহী আপুনি মোক অইল বেচৰ কাম নিশিকালে৷
অমৃতা : খং নকৰিবাচোন৷ এইবাৰ পূজাত আহিলে মই নিশ্চয় শিকাম৷ গড প্ৰমিচ… অ’ কে
মইনা : অ’ কে… অ’ মাঁ এইখন কিন্তু মোৰ ৰুমত ত হে লগাম দেই৷ (ভিতৰলৈ যায়গৈ)
মিতালী : এইজনীয়ে কেতিয়া ডাঙৰ হ’ব?
অমৃতা : এনেকৈনো কি বেয়া৷ (খাই কথা কৈ থাকে) এই লীনা বাৰ হাতৰ বস্তুৰ সোৱাদেই বেলেগ পাই৷ মিতালী বা লিনা বাক অলপ ক্ষীণ যেন দেখিলো৷ এন. জি. অ.ৰ কামত বৰকৈ ঘূৰিছে হ’বলা৷
মিতালী : নহয় অ’ তাইৰ হেনো টোপনী নহা হৈছে৷
অমৃতা : অ’ কি হ’ল আক’ কিবা বেমাৰ-চেমাৰ নাই হোৱাটো৷
মিতালী : বেমাৰ দেহৰ নহয় মনৰহে৷
অমৃতা : কি নতুনকৈ প্ৰেমত পৰিছে নেকি?
মিতালী : তোৰ যে কথাবোৰ আৰু?
অমৃতা : দিনে দিনে যিহে ধুনীয়া হৈছে৷ চাবাচোন এক ইচাৰা হী কাফী হে— লাইন লাগি যাব৷



মিতালী : কি যি তিখন ক’অ৷ মই যাম বুলিহে বোলে তাইৰ বেয়া লাগিছে৷ পঢ়ি থাকোতেই হানিফৰ লগত ঘৰৰ অমতত বিয়া হ’ল৷ পিছে কি হ’ল পূণৰ্তাৰ বাবে যাৰেই কাষ চাপিলে সিয়েই শূন্য কৰি ওলোটাই পঠিয়ালে হৃদয়৷ ক’ৰ এজনী নতুনকৈ চপাই ল’লে…
অমৃতা : মিতালী বা বাদ দিয়াহে সেইবোৰ৷ লীনা বাৰ ইমান সুন্দৰ ভৱিষ্যত এটা আছে— ছোৱালীজনীক মানুহ কৰিব লাগে৷ সেইটোহে কথা৷
মিতালী : ময়োতো তাকেই কওঁ .. (অমৃতাৰ মবাইলটো বাজে, তাই স্কীণখন চাই কাটি দিয়ে৷ আহি আকৌ কথা ক’বলৈ লওঁতে মবাইলটো আকৌ বাজে৷ তাই কাটি দিয়ে৷)
মিতালী : কাৰনো৷ বাৰে বাৰে ক’ল আহি আছে অ’৷
অমৃতা : ব্লেংক ক’ল নক’বা আৰু মূৰ গৰম কৰি দিছে৷
মিতালী : অ’ ৰাহুলৰ খবৰ ক চোন৷
অমৃতা : (অন্যমনস্কভাৱে, কথা সলাবৰ বাবে) হাঃ ৰা-হু-ল তাক বহুদিন লগেই পোৱা নাই৷ সি বাহিৰলৈ যোৱাৰ কথা আছিল৷ অ’ হেৰি নহয় এই দেখোন নাপালেহিয়েই৷ দীপশিখাবাও (কৈ কৈ আগবাঢ়ি দুৱাৰৰ ফালে যায়৷ ভিতৰৰ পৰা হাত মছি লীনা ওলাই আহে৷) যে আৰু ফোন চ’ন কিবা এটা কৰিছিলি নে?
মিতালী : নাই কৰা অ’৷
লীনা : বাইদেউ মোৰ হ’ল৷ আপুনি এবাৰ চাই আহক গৈ চোন৷
মিতালী : অ’ যাওঁ ৰবা (ভিতৰলৈ যায়)
অমৃতা : মোক দেখোন মিটিং এখন থকা বুলি কৈছিল৷ জানো তাতে দেৰি হৈছে নেকি?
লীনা : তুমি জানানে নাই তায়ে-ময়ে একেলগে পঢ়িছিলো৷
অমৃতা : অ’ হয় নেকি?
লীনা : পঢ়ি থাকোতে তাই কিন্তু এনেকুৱা নাছিল৷ কেৱল পঢ়া পঢ়া আৰু পঢ়া আৰু বি এ পঢ়ি থাকোতেই বাপেকে বিয়া পাতি দিলে৷
অমৃতা : মানুহবোৰে ছোৱালী বিলাকক বিয়াৰ বাবেই ডাঙৰ কৰে নেকি?
লীনা : বিয়াৰ পিছত দুবছৰ মান ঠিকেই চলিছিল পিচে বাচ্ছাটোৰ জন্মৰ পিছতে ঢুকুৱাৰ বাবে গিৰীয়েকে তাইক দেখিব নোৱাৰা হ’ল৷
অমৃতা : কথাবোৰ শুনিছো… মতা মানুহবোৰে আমাক কেৱল ল’ৰা-ছোৱালী জন্ম দিয়া মেচিন বুলি ভাবে নেকি৷
লীনা : তাৰ পাছতো তাই কম কষ্ট কৰি আজিৰ এই পজিচন পালেহি নে৷ তেনেকৈ থাকিয়েই তাই এম. এ পাছ কৰিলে… এইখন কলেজতে চাকৰি কৰিলহি৷
অমৃতা : এৰাঃ জীৱনটো বয়সেৰে নহয় কামেৰেহে জুখিব লাগে৷ সেয়ে চাগে এতিয়া বিভিন্ন ৰাজহুৱা কামত ব্যস্ত হৈ পৰিছে৷
লীনা : কেতিয়াবা কেতিয়াবা তাইলৈ বৰ বেয়া লাগে৷
অমৃতা : সেইবোৰ বাদ দিয়া৷ মিতালীবাক দেখা নাই৷ তাই ডাষ্টবিনৰ পৰা জীৱন আৰম্ভ কৰিছিল৷ এজন ভাল মানুহে তাইক তুলি তালি ডাঙৰ দীঘল কৰি বিয়া দিলে৷ পিছে ভিনদেও সোনকালে মৰিল যদিও নিজে কষ্ট কৰি মইনাক ইমান ডাঙৰ কৰিছে৷ (মিতালী সোমাই আহে৷)
মিতালী : এইজনীয়ে ইমান দেৰী কৰিছে৷
অমৃতা : কি হ’ল জানো? অ’ মইনা ক’ত?
মিতালী : ভিতৰতে আছে৷ লীনা : তাই কম্পিউটাৰত বহিছেগৈ৷
অমৃতা : অ’ মইনা মইনা আমাক এনেকৈ এৰি তুমি ভিতৰত খেলি আছাগৈ৷
মইনা : (নপেথ্যত) ৰ’বা মাহী গেমটোৰ লাষ্ট ষ্টেজোটো পাৰ কৰিছো আৰু অলপ পিছতে গৈ আছো৷ (অমৃতাৰ ফোনটো বাজিব৷ তাই ফোনটো চাই কাটি দিব)
মিতালী : কাৰ ফোন আছিল৷
অমৃতা : নকবা আৰু৷ ইমান ডিচটাৰ্ব কৰি আছে (দীপশিখা সোমাই আহিব)
দীপশিখা : চৰী চৰী দেই বহুত দেৰী হৈ গ’ল৷ মিটিংখনতে দেৰী হ’ল৷
লীনা : অ’ পালাহি যে তুমি৷ নাহিবা বুলিয়েই ভাবিছিলো৷
অমৃতা : ফোন এটাটো কৰি দিব পাৰা৷
দীপশিখা : নহয় অ’ মই নাহো বুলিতো নহাকৈ থকা নাই৷
মিতালী : তই চাচোন এতিয়া ৮ বাজি গ’ল৷
অমৃতা : হ’ব দিয়া! এতিয়া আহি পালে যেতিয়া সেইবোৰ কথা বাদ দিয়া৷
দীপশিখা : অ’ ৰ চোন ইয়ালৈ আহি থাকোতে বাটতে ৰাহুলক লগ পালো৷
অমৃতা : ৰা-হু-ল৷
দীপশিখা : অ’ তাৰ লগত কথা পাতি থাকেতেই দেৰি হ’ল৷ তহঁতৰ বাৰু কিবা লাগিছে নেকি?
অমৃতা : নাই… কোনে ক’লে৷
দীপশিখা : কোনে ক’ব আৰু সিয়েই কৈছে৷ তোৰ কি হৈছে কচোন৷ তই বোলে তাক এভইড কৰিবলৈ লৈছ৷
অমৃতা : কি কৈছ?? নাইটো একো হোৱা নাই৷ সেইবোৰ বাদ দিয়া৷ আজিৰ গধূলিটো আমি উপভোগ কৰো আহাঁ৷
দীপশিখা : তই কথাবোৰ এৰাই চলিব খুজিছ কিয়? সি ফোন কৰিলেও তই বোলে কাটি দিয়৷
মিতালী : অ’ ইমান দেৰী যে সিয়েই ফোন কৰি আছিল নেকি?
অমৃতা : নহয় অ’ তাৰ ফোন হ’লে মই কিয় কাটি দিম৷
দীপশিখা : সি মোৰ আগতেই তোলৈ ফোন কৰিছিল তই মিছা কথা নকবি৷ বাকী সি দেখোন ক’লে তোৰ ৰিপৰ্ট আহিছে৷ তই তাক একো কোৱা নাই আৰু তাৰ পাছৰ পৰাই তাক এভইড কৰিবলৈ লৈছ৷
অমৃতা : নাই নাই সি এনেই কৈছে৷
মিতালী : এনেই কিয় ক’ব নিশ্চয় কিবা এটা হৈছে৷
লীনা : কি হৈছে কচোন? সিটো বৰ ভাল ল’ৰা৷
অমৃতা : তোমালোকে কিয় বাৰু একেটা কথাকে বাৰে বাৰে পেঘেনীয়াই আছা৷
দীপশিখা : আমি কথাবোৰ কৈছোহে তোৰ কিয় খং উঠিছে৷ তাতে সি মোৰ আগত কান্দিছেও৷
অমৃতা : সেইবোৰ কথা কৈ কিয়া সন্ধিয়াটো স্পইল কৰিছা৷
লীনা : মানুহৰ সম্পৰ্কবোৰক লৈ খেলা নকৰিবাচোন বৰ কষ্ট হয়৷
অমৃতা : তোমালোকো যে আৰু –
মিতালী : তই ভাবি চাছোন৷ সি এটা ভাল ল’ৰা৷ তোক বুজি পায়৷ তই সুখী হবি৷
অমৃতা : প্লিজ বাদ দিয়ানা সেইবোৰ কথা৷
দীপশিখা : তই আমাক আপোন বুলি নাভাবা নেকি?
অমৃতা : ভাবো৷
দীপশিখা : তেনেহলে তোৰ ৰিপৰ্টটো কি আহিছে ক৷
অমৃতা : মই কৈছোৱেই নহয়৷ ৰিপৰ্ট অহা নাই ১৮ তাৰিখহে দিয়া কথা৷ আজি ১১ তাৰিখহে৷
লীনা : তই কিবা এটা লুকুৱাইছ অমৃতা৷
অমৃতা : তোমালোকে মোক বিশ্বাস নকৰা নেকি?
মিতালী : আমিটো কৰো তইহে নকৰ চাগৈ৷ সেই কাৰণে কোৱা নাই৷ বাৰু তই মোৰ চকুলৈ চাই কথাবোৰ কচোন?
অমৃতা : অ’ চাইচো৷
মিতালী : মোৰ শপত খাই কচোন৷
অমৃতা : শপত-চপত এইবোৰ বাদ দিয়া না৷
মিতালী : বাৰু তইতো মইনাক বৰ ভাল পাৱ৷
অমৃতা : পাওঁ৷
মিতালী : তাইৰ কাৰণে সকলো কৰিব পাৰ৷
অমৃতা : পাৰো৷
মিতালী : তেন্তে মইনাৰ শপত৷ ৰিপৰ্টটোত কি আছে ক৷
লীনা + দীপ : কচোন কি আহিছে৷
অমৃতা : বৰ ডাঙৰ কথা ক’লা বাইদেউ৷ মইনাৰ শপত দিলো যেতিয়া কওঁ শুনা৷ মোৰ ব্ৰেইন টিউমাৰ হৈছে৷ Not curable, last stage ৷ মই আৰু এই পৃথিৱীত কেইদিন মানৰ হে আলহি৷ (সকলো মুক হৈ পৰে)
অমৃতা : (ক্ষন্তেক পিছত)কি হ’ল! তোমালোক মুক হৈ পৰিলা যে৷ কাইলৈৰ কথা ভাবি আজিৰ সন্ধিয়াটো স্পইল কৰিছা কিয়৷ মইটো আজি মৰা নাই৷ জন্ম হৈছো যেতিয়া মৰিব লাগিবই৷ ৰ’বা কবিতা এটা মনত পৰিছে .. শুনা না তোমালোকে অতনু ভট্টাচাৰ্যৰ এই কবিতাটো৷ ইয়াৰ শেষৰ শাৰীকেইটা গাওঁ ৰবা— যাৰ বাবে শিল মাথো শিল/ নদী মাথো নদী, যাৰ বাবে সমষ্ট পৃথিৱী মাথো মাটিৰ ভূগোল/ যি মানুহৰ শোভাযাত্ৰাত চামিল হ’বলৈ শিকা নাই/ তাৰ বাবে সুখো এক ধৰণৰ দুখ—… মইনা মইনা আহা
মইনা : (নপেথ্যত) গৈছে মাহী৷ মই গেমটোৰ stage complete কৰিলো আৰু
অমৃতা : কি হ’ল তোমালোকে চিন্তা কৰি নাথাকিবা৷ বুজিচা আমাৰ মৃত্যু হয় কাৰণ আমি কেনেকৈ জীয়াই থাকিব লাগে নাজানো৷ ব’লা ব’লা ভোক লাগিছে মোৰ৷
মইনা : মাহী মই গেমটো কমপ্লিট কৰিলো৷ বলক দেখুৱাওগৈ৷
অমৃতা : বলা৷ তোমালোকো আহা আহা… অ’ মইনা গানটো কি আছিল (গান গাব— যদি জীৱনে কান্দে নাই নাই বুলি/ যদি দুখতে উৰে ধৰণীৰ ধূলি/নিৰাশাই আশাবোৰ ভাঙিব খুজিলে/ মই গোৱা গীতবোৰ গাবা— বাকীসকলে কান্দি উঠিব)