Monday, August 8, 2011

ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু অম্বিকাগিৰী ৰায়চৌধুৰীৰ কবিতাত প্ৰতিভাত উপনিষদীয় চিন্তাৰ আন্তঃপাঠগততা



পৰিৱৰ্তনশীল সময়ৰ বুকুত মানুহৰ পুৰাতন মূল্যবোধৰ ভিত্তিত নতুন মূল্যবোধৰ সৃষ্টি হয় আৰু এইবোৰে দৃষ্টিভংগী আৰু ৰুচিৰ পৰিৱৰ্তন ঘটায়৷ পুৰণি প্ৰকাশভংগীৰে নতুন দৃষ্টিভংগী প্ৰকাশ কৰিব নোৱাৰি৷ সেইবাবেই সূচনা হয় নতুন নতুন প্ৰকাশভংগী৷ এইবোৰে নিজস্ব ধৰণে জীৱন, জগৎ, সাহিত্য, সংস্কৃতি আদি দিশসমূহ ব্যাখ্যা কৰিব বিচাৰে৷ এনেদৰেই এদিন আৰম্ভ আন্তঃপাঠগততা(Intertexuality)- দৰে উত্তৰ-আধুনিক চিন্তাৰ৷ আন্তঃপাঠগততা সাম্প্ৰতিক সময়ত বহু চৰ্চিত ধাৰণা৷ ১৯৬০ চনত জুলীয়া ক্ৰিষ্টভাৰে (Julia Kristeva)এই শব্দটি পোনপ্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰে সাম্প্ৰতিক সময়ৰ বিভিন্ন তত্ত্বৰ ধাৰা তথা সাহিত্য আৰু সংস্কৃতি অধ্যয়নৰ ক্ষেত্ৰত এই ধাৰণাটি বহুলভাৱে ব্যৱহাৰ কৰা হয়৷পাঠশব্দটি থকাৰ পৰাই ধাৰণা কৰিব পাৰি যে ইয়াৰ সম্পৰ্ক মূলতঃ পাঠৰ লগত৷ এই ধাৰণা মতে— ‘পাঠ অৰ্থ সদায়অন্তঃপাঠগত’, কাৰণ পূৰ্বৰ কোনো নিৰ্দিষ্টপাঠ লগত থকা সম্পৰ্কৰ আধাৰতহে আমি কোনো পাঠৰ অৰ্থ নিৰূপণ কৰোঁ৷ আজিৰ আধুনিক তাত্ত্বিকসকলে বিবেচনা কৰে যে পাঠৰ (সেয়া সাহিত্যিক পাঠ বা আন যি কোনো ধৰণৰ পাঠেই হওক) কোনো নিজস্ব অৰ্থ নাথাকে৷ তেওঁলোকে বিচাৰে যে কোনো পাঠ পঢ়িলে আমি নোৱাৰাকৈয়ে এক ধৰণৰপাঠৰ আন্তঃসম্বন্ধৰ এখন জালিকা(network of textual relations) সোমাই পৰোঁ৷ সেইবাবেই তেওঁলোকে ব্যক্ত কৰেবৰ্তমান সময়ত পঢ়াতো (অধ্যয়ন কৰাতো) এক ধৰণৰ ভ্ৰমণসদৃশ moving between texts আমি যেতিয়া পাঠৰ অৰ্থ উদ্ধাৰৰ বাবে সোমাই পৰোঁ আন্তঃসম্বন্ধৰ জালিকাত, তেতিয়াই পাঠে স্বকীয়তা হেৰুৱাই আৰু পূৰ্বৰ ধাৰণাবোৰৰ আধাৰত অৰ্থ প্ৰকাশ কৰে৷ সেয়াই আন্তঃপাঠগততা বুলি অভিহিত কৰা হয়৷ উল্লেখ্য যে কেতিয়াবা পাঠৰ এই সম্পৰ্কবোৰ প্ৰত্যক্ষভাৱে থাকিব পাৰে আৰু কেতিয়াবা থাকিব পাৰে পৰোক্ষভাৱে৷ পৰোক্ষভাৱে থাকিলে সেয়া অনুধাৱন কৰিহে নিৰূপণ কৰিব লাগে৷ আমাৰ এই গৱেষণা পত্ৰখনত ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু অম্বিকাগিৰী ৰায়চৌধুৰীৰ কবিতাত উপনিষদীয় চিন্তাধাৰা কেনেদৰে আন্তঃপাঠগততাৰে সম্পৃক্ত হৈ আছে সেয়া বিচাৰ কৰি চোৱা ব৷
ভাৰতীয় সাহিত্যৰ আকাশত ধ্ৰুৱতৰাসদৃশ উজ্জ্বলতাৰে উজলি থকা এগৰাকী কালাতীত নক্ষত্ৰ ৰবীন্দ্ৰনাথ ঠাকুৰ৷ ৰবীন্দ্ৰ চেতনাৰ এনে এক সন্মোহন আছে, যাৰবাবে ভাৰতৰে পৰা সমগ্ৰ বিশ্বলৈকে তেখেতৰ কাব্যপ্ৰতিভাৰ এক মনোমোহা চিত্ৰ আমাৰ আগত উদ্ভাসিত হৈ উঠে৷ এই ৰবীন্দ্ৰ চেতনাৰ পশ্চাৎভূমিত থিয় হৈ আছে ভাৰতীয় ঐতিহ্য, উপনিষদীয় দৰ্শন৷ এই ক্ষেত্ৰত কবিৰ জন্মশতবৰ্ষত গুজৰাট বিশ্ববিদ্যালয়ে আয়োজন কৰা বক্তৃতামালাত কাকাসাহেব কালেলকৰে কৰা মন্তব্যটি স্মৰ্তৱ্য… Gandhiji had uttered it in public in 1926 and 1927 that Rabindranath is the best ambassador of our Culture and the work of Cultural contact and Co-operation or Synthesis is safe in his hands.(The Bard of Indian Culture, Homage to Tagore, Tagore Birth Centenary Lectures, Gujarat University, 1963, P.29) কবিজনাই তেখেতৰ প্ৰতিটো সাহিত্যসৃষ্টিতে জীৱন আৰু জগতৰ ৰহস্য আপোন মনৰ মাধুৰিৰে সজাই তুলিছে৷ ভগৱানৰ ৰহস্যময়ী অনুভৱ, সংসাৰৰ অনিত্যতা, মৃত্যুৰ অনিবাৰ্যতা, মানুহৰ অমিত শক্তিৰ ওপৰত আস্থা আদি বিবিধ লক্ষণেৰে ঋগ্ধ কবিগুৰুৰ কাব্যচেতনাত মধ্যযুগীয় ভক্ত কবিসকলৰ প্ৰেৰণাৰ স্ৰোত এটিও অনুভূত হয়৷ এইবোৰে ৰবীন্দ্ৰনাথৰ কবিতাক প্ৰদান কৰিছে বিশিষ্টতা৷ এটা কথা ঠিক যে উপনিষদীয় চিন্তাধাৰাই ৰবীন্দ্ৰ কাব্যাদৰ্শৰ মাজত প্ৰতিফলিত লেও মূলতঃ বিশ্লেষণ আৰু সংশ্লেষণৰ মাজেদিহে প্ৰতিভাত হৈছে৷ সেইবাবেই কোৱা হয় ৰবীন্দ্ৰনাথৰ চিৰকালীল চেতনাৰ পৃষ্ঠভূমিত উপনিষদ নিৰ্বিবাদে থিয় হৈ আছে৷ শশীভূষণ দাসগুপ্তইউপনিষদ আৰু ৰবীন্দ্ৰনাথনামৰ প্ৰবন্ধত কৰা এটি মন্তব্য এইক্ষেত্ৰত উল্লেখযোগ্য— ‘ৰবীন্দ্ৰনাথৰ লগত উপনিষদৰ মিল লক্ষ্য কৰা অন্য এটা দিশ আছে, প্ৰথমেই লক্ষ্য কৰিব লাগিব, দিশটো কেৱল প্ৰভাৱ বিচাৰ কৰাৰ নহয়, দিশটো বিশেষকৈ মিল লক্ষ্য কৰাৰ;অৰ্থাৎ উপনিষদসমূহৰ ভিতৰেদি প্ৰকাশিত মন আৰু ৰবীন্দ্ৰনাথৰ মন, এই উভয়ৰে মাজত যি এটা সহজ আৰু আশ্চৰ্য মিল;সেই মিল আশ্চৰ্য এই কাৰণেই যে অন্ততঃ তিনি সহস্ৰাধিক বছৰ কালৰ ব্যৱধান অতিক্ৰম কৰিও এই মিল দেখা দিছে অতি ঘনিষ্ঠ আৰু সহজভাৱে৷’(ৰবীন্দ্ৰায়ণ, ১ম খণ্ড, সম্পাঃ পুলিনবিহাৰী সেন, বা্ সাহিত্য কলিকতা-, ২৫ বৈশাখ)
১৮৮৯ চনত প্ৰকাশিতজোনাকীকাকতৰ বোকোচাত উঠিয়েই ৰমন্যাসিক কুঁৱৰীয়ে অসমৰ কাব্যাকাশত প্ৰৱেশ কৰে৷ আৰম্ভ হয় এক ধৰণৰ নৱ্য-কাব্য পৰম্পৰা৷ চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী আদিয়ে চিকুনাই যোৱা এই পথটিৰে উত্তৰ জোনাকী যুগত আগুৱাই আহিল চন্দ্ৰধৰ বৰুৱা, হিতেশ্বৰ বৰবৰুৱা, ৰঘুনাথ চৌধাৰী, অম্বিকাগিৰী ৰায়চৌধুৰী, দুৰ্গেশ্বৰ শৰ্মা আদি কবি৷ অম্বিকাগিৰীৰ সমগ্ৰ কাব্য পৰম্পৰাত দুই ধৰণৰ বিশিষ্ট ধাৰা পৰিলক্ষিত হয়বিপ্লৱী চিন্তাৰ প্ৰকাশ আৰু আনটো ৰহস্যঘন আধ্যাত্মিক ভাবৰ প্ৰকাশ৷ উল্লেখ্য যে এইজনা কবি সম্পৰ্কে মহেশ্বৰ নেওগে মন্তৱ্য কৰিছিল— ‘‘অসমীয়া কাব্য-সাহিত্যত অম্বিকাগিৰী ৰায়চৌধুৰী এজন বিশিষ্ট আৰু বহুপৰিমাণে স্বকীয় বৈশিষ্ট্যৰে অকলশৰীয়া কবি৷ উপনিষদ, কালিদাস, ৰবীন্দ্ৰনাথ, চেক্সপীয়েৰ, মিল্টন বা শ্যেলী-কীটছৰ কাব্যৰ সংস্পৰ্শ আৰু প্ৰভাৱৰ আঁতৰত থাকি ৰায়চৌধুৰীয়ে নিজাভাৱে টাইটানৰ দৰে কাব্যক্ষেত্ৰত থিয় দি নিজগীত অকলই গাব লাগিছে৷’’ কিন্তু এটা কথা ঠিক যে ভাৰতীয় আধ্যাত্মিক চেতনা ৰায়চৌধুৰীৰ কাব্যচেতনাত বৰ্তমান;তেখেতৰ জীৱন, কৰ্ম আৰু সাহিত্যৰ মাজত ভাৰতীয় মন, দৰ্শন আৰু সংস্কৃতিৰ প্ৰভাৱ পৰিলক্ষিত হয়৷ ইয়াৰ মূলতে আমি ঠাৱৰ কৰিব পাৰোঁ শংকৰ-মাধৱ গুৰুদুজনাৰ সাহিত্য-কৰ্মৰ মাজেদি ব্যক্ত হোৱা ভাৰতীয় আধ্যাত্মিক চেতনা৷ উল্লেখ্য যে অম্বিকাগিৰীদেৱে নিজে ৰচনা কৰা গীতৰ মাজত বৰগীতৰ ৰাগৰ আলমত সুৰসংযোজন কৰিবলৈ চেষ্টা কৰিছিল বুলি ব্যক্ত কৰিছে৷ এই কথাই আমাক পতিয়ন নিয়াই যে তেখেত ভালদৰে পৰিচিত আছিল মহাপুৰুষ গুৰু দুজনাৰ ৰচনাৰাজিৰ লগত৷ আৰু ইয়েই হয়টো তেখেতৰ কাব্যত পৰিস্ফুট হোৱা ভাৰতীয় আধ্যাত্মিক চেতনাৰ মূল কাৰক৷ ৰায়চৌধুৰীদেৱৰ কাব্যমানসত ৰবীন্দ্ৰনাথৰ পোনপটীয়া প্ৰভাৱ পৰিদৃষ্ট নহয় যদিও ৰবীন্দ্ৰনাথ আৰু তেখেতৰ কাব্যচেতনাক একেডাল সূতাৰে বান্ধি ৰাখিছে ভাৰতীয় উপনিষদীয় বা আধ্যাত্মিক ভাবৰ প্ৰকাশেই
ৰবীন্দ্ৰনাথৰ কবিতা পঢ়িলে যেনদৰে আমাৰ মনলৈ আহে উপনিষদৰ বিভিন্ন সূক্তৰ পংক্তি, ঠিক সেইদৰে ৰায়চৌধুৰীৰ ৰহস্যঘন আধ্যাত্মিক ভাব প্ৰকাশক কবিতামালা পঢ়িলে আমাৰ মনত দোল দিয়ে উপনিষদৰ মৰ্ম ধ্বনিয়ে৷ দুয়োগৰাকী কবি বান্ধ খাই আছে উপনিষদীয় পাঠৰ আন্তঃসম্বন্ধৰ এখন জালিকাত৷ তলত কেইটিমান উদাহৰণেৰে কথাখিনি বিশ্লেষণ কৰা ল৷
ব্যক্তিগত প্ৰেমানুভূতিৰ সমধুৰ প্ৰকাশ, অনুভৱৰ স্নিগ্ধতা আৰু কলাত্মক আবেদনেৰ ঋগ্ধ হৈ আছে ৰায়চৌধুৰীৰৰতুমি’, ‘বীণাআৰুঅনুভূতি সৰহভাগ কবিতা৷ এই কবিতাবোৰৰ মাজতেই সোমাই আছে ইন্দ্ৰিয়জ প্ৰেম বাসনাৰ পৰা ইন্দ্ৰিয়াতীতলৈ গতি কৰাৰ এক আধ্যাত্মিক উত্তৰণ৷ সেইবাবেই ডক্টৰ বাণীকান্ত কাকতিয়ে তুমিকাব্য ৰায়চৌধুৰীৰৰ অতল আধ্যাত্মিকতাৰ উজ্জ্বল চানেকি৷তুমিকাব্যক কবিৰ বিশ্বৰূপ-দৰ্শন বুলি পাৰি৷বুলি মন্তব্য কৰিছে৷ এইখন কাব্য কবিয়ে ব্যক্ত কৰিছে
             মোৰ তে গাঁথি দিছো
             অন্তহীন বিশ্বৰ প্ৰাঙ্গণ৷
কবিয়ে আকৌ কৈছে—    
             তুমি অনন্ত প্ৰেমৰ খনি
             ক্ষুদ্ৰ মোৰ হৃদয়ত গাঁথা৷ (তুমি কাব্য)
ঠিক সেইদৰে ৰবীন্দ্ৰনাথে কৈ গৈছে
             এই যে পাতায় আলো নাচে
             সোণার বরণ৷
             এই যে মধুর অলসভরে
             মেঘে ভেসে যায় আকাশ পরে,
             এই তোমার প্ৰেম, ওগো
             হৃদয় হরণ৷ (গীতাঞ্জলি, ৩০ নং কবিতা)
এই কেইফাকি কবিতা পঢ়িলে আমাৰ মনলৈ আহে উপনিষদত উল্লেখ থকা
             বা আৰে সৰ্বস্য কামায় সৰ্বং প্ৰিয় ভবতি৷
             আত্মনস্তু কামায় সৰ্বং প্ৰিয়ং ভবতি৷৷
        বা—  
             ইয়ং পৃথিৱী সৰ্বেষাম্ভূতানা মধু৷
             অস্যৈ পৃথিব্যৈ সৰ্বাণি ভূতানি মধু৷৷
            
             আয়তাত্মা সৰ্বেষাম্ভূতানাং মধু৷
             অস্যাত্মনঃ সৰ্বাণি ভূতানি মধু৷৷
             ইদং ব্ৰহ্ম, ইদং সৰ্বম্ (বৃহদাৰণ্যকোপনিষৎ)
আদি সূক্ত৷ কোৱা হৈছে যে কেৱল পৰম ব্ৰহ্মই সকলোতে বিৰাজ কৰিছে৷ বিশ্বপ্ৰেমৰ আলোকেৰে আলোকিত ৰবীন্দ্ৰনাথ আৰু অম্বিকাগিৰীৰ কাব্য চিন্তাত পৰম ব্ৰহ্মই প্ৰেম, প্ৰেমিক আৰু প্ৰিয়াৰূপে বিৰাজ কৰি বিশ্বজগতৰ সকলো বস্তুকেই সুন্দৰ আৰু মধুময় কৰি তুলিছে৷
    ঠিক সেইদৰে উপনিষদত প্ৰকাশ পোৱা ধৰ্মৰ শাশ্বত মৰ্মবাণীনেতি ভাবৰ শেষত তত্ত্বমাসি’ (তুমিয়েই মই) সত্যৰ প্ৰকাশ ঘটিছে দুয়োজন কবিৰ কাব্যকাননত৷ মৈত্ৰেয়ী উপনিষদত আছে
                 অনুভূতিং বিনা মূঢ়ো বৃথা ব্ৰহ্মাণি মোদতে৷
                 প্ৰতিবিম্বিত শখোগ্ৰফলাস্বদন মোদবৎ৷৷
ৰবীন্দ্ৰ কাব্যত এই অজান অৰূপৰ উপলব্ধিৰ ধ্বনি ৰণিত হৈছে এনেদৰে
                 সীমাৰ মাঝে অসীম তুমি
                 বাজাও আপন সুর
                 আমাৰ মাঝে তোমাৰ প্ৰকাশ
                 তাই এই মধুর৷ (গীতাঞ্জলি, ১২০ নং কবিতা)
         আকৌ
                        রূ তোমার রূপের লীলায়
                        জাগে হৃদয় পুর৷
                 আমার মধ্যে তোমার শোভা
                 এমন সুমধুর৷ (গীতাঞ্জলি, ১২০ নং কবিতা)
অসমীয়া কবি অম্বিকাগিৰীৰতুমিকাব্যত এই চেতনাই গুঞ্জন তুলিছে
                 মিলনৰ সীমাৰেখা তুলিব জ্বলাই,
                 সীমাৰ মাজতে ৰাখি অসীম লুকাই৷
    আকৌ       
                 মিছাতেই ভ্ৰমি মৰে অনন্ত জগত
                 পূৰ্ণৰূপে আছে কিন্তু হিয়াৰ মাজত৷
কবিৰ এই উপলব্ধি কিন্তু চাক্ষুক নহয়, আনুমানিকো নহয়, আত্মিক৷ কবিয়ে পুনৰ কৈছে
                 বুজিছোঁ বুজিছোঁ বাৰু
                 নালাগে নকবা আৰু
                 সেই প্ৰেম নাছিল স্বাধীন
                 নিখুঁট যোগাৰ৷
এয়া যেন কাথোপনিষদৰ
                 নৈব বাচা মনসা প্ৰাপ্তুং শক্যো চক্ষুকা৷
                 অন্তীতি ব্ৰুবতোন্যত্ৰ কথং তদুপলভ্যতে৷৷
ভাবৰ অনুধ্বনি৷ কবিগুৰুৰ কবিতাতো সেই ভাব ব্যক্ত হৈছে এনেদৰে
                 হে প্ৰেয়সী, সে শ্ৰেয়সী, হে বীণাবাদিনী
                 আজি মোর চিত্তপদ্মে বসি একাকিনী
                 ঢালিতেছে স্বৰ্গ-সুধা (প্ৰেয়সী, চৈতালি)
    ভগৱানৰ আত্ম-চৈতন্যৰ একাত্মিকা জ্ঞান লাভ কৰিলেহে অসীম অমেয় আনন্দ উপভোগৰ সুযোগ মিলে৷ কাথোপনিষদত লিখা আছেতদেতদিতি মন্যন্তেঃ নিৰ্দেশ্যং পৰম সুখ্ ঠিক সেইদৰে তৈতেৰীয় উপনিষদত কোৱা হৈছে
                 ৰসো বৈ সং৷৷
                 ৰসং হ্যৈ বায়াং লব্ধবানন্দী ভবতি৷৷
                 কো হোবানাং কঃ প্ৰাণাৎ
                 যদেষ আকাশ আনন্দে স্যাৎ
                 এষ হ্যেবানন্দয়তি৷
বিশ্বকবিয়েচৈতালি অভয় কবিতাটিত উল্লেখ কৰিছে
                 আনন্দই উপাসনা আনন্দময়ের
ঠিক সেইদৰেসত্যকবিতাত কবিয়ে লিখিছে
                 বজ্ৰের আলোক দিতে ভাঙো অন্ধকার,
                 হৃদি যদি ভেঙে যায় সেও তবু ভালো৷
                 যে গৃহে জানালা নাই সেতো কারাগার
                 ভেঙে ফেলো, আসিবেক স্বরগের আলো৷
ৰায়চৌধুৰীয়েও আৱেগভৰা আনন্দৰে গাইছে
                 শুনি সান্তনাৰ কথা
                 উটাওঁ বিৰহ-বেথা-
                 সেৱি পদ কৰোঁ সুশীতল,
                 প্ৰাণৰ পোৰণি৷
    আকৌ
                 মোৰ ভিতৰেদি দেখোঁ
                 ফুলি উঠে তযু নাম
                 ব্ৰহ্মাণ্ড বিদাৰি৷
এই ব্ৰহ্মজ্ঞান লাভ কৰি অম্বিকাগিৰীয়ে ভূমানন্দৰ স্বৰূপ প্ৰকাশ কৰিছে
                 জীৱনৰ ছিদ্ৰ চাই চাই
                 মিলনৰ মাধুৰি ভৰাই
                 প্ৰাণভৰা প্ৰেমেৰে পমাই
                 বাজে বিশ্ব বেণুৱা৷
এই ভূমানন্দৰ স্বৰূপ ৰবীন্দ্ৰনাথৰ কাব্যত ৰূপায়িত হৈছে
                  জলে স্থলে আমি যত দূৰে চাই
                 আপনারে হারাবার নাই কোনো ঠাই৷
                 জল স্থল দূর করি ব্ৰহ্ম অন্তৰ্য্যামী,
                 হেরিলাম তার মাঝে স্পন্দমান আমি৷ (অনবচ্ছিন্ন আমি)
    এনেদৰে আমি বিচাৰ কৰি চালে দেখা পাওঁ যে কবিগুৰু আৰু অম্বিকাগিৰীৰ কাব্যচেতনা একেদাল সূতাৰে বান্ধ খাই আছে৷ এটি সহজ চিত্ৰৰে কথাখিনি আমি দেখুৱাব পাৰোঁ
   







                
                          চিত্ৰঃ        
                
    ধৰা হওক ভাৰতীয় ঐতিহ্য বা উপনিষদীয় চিন্তাধাৰা, ৰবীন্দ্ৰ কাব্যাদৰ্শ আৰু আম্বিকাগিৰীৰ কবিতাখিনি তিনিটা বিন্দু৷ শীৰ্ষৰ বিন্দুটিত উপনিষদীয় চিন্তাধাৰাক স্থাপন কৰি ভূমিৰ ফালে বাকী দুটা বিন্দু স্থাপন কৰা ল৷ এতিয়া আমি উপনিষদীয় চিন্তাধাৰা আৰু ৰবীন্দ্ৰ কাব্যাদৰ্শ মাজত এডাল ৰেখা অংকন কৰিব পাৰোঁ, কাৰণ ৰবীন্দ্ৰ-চেতনাৰ মূলতে আছে উপনিষদীয় চিন্তাধাৰা৷ ঠিক সেইদৰে উপনিষদীয় চিন্তাধাৰা আৰু আম্বিকাগিৰীৰ কবিতাৰ মাজতো আমি এডাল ৰেখা অংকন কৰিব পাৰোঁ কাৰণ অম্বিকাগিৰীৰ কবিতাৰ এটা অংশৰ মূলতে আছে উপনিষদীয় চিন্তাধাৰা৷ আমি আন্তঃপাঠগততাৰ জালিকাখনৰ আধাৰত ভূমিৰ ফালৰ দুয়োটা বিন্দুৱেই, অৰ্থাৎ ৰবীন্দ্ৰনাথ ঠাকুৰৰ কাব্যচিন্তা আৰু অম্বিকাগিৰীৰ কবিতাৰ মাজৰ ভূমিৰেখাডাল অংকন কৰিব পাৰোঁ৷ এনেদৰেই আমি এটি ত্ৰিভূজ অংকন কৰিব পাৰিম৷ এই ত্ৰিভূজটোৰ মূলতে থাকিব আন্তঃপাঠগততা৷
    অম্বিকাগিৰী ৰায়চৌধুৰীৰ ৰচনাৱলীৰঅম্বিকাগিৰী ৰায়চৌধুৰীৰ প্ৰতিভাশীৰ্ষক পাতনিত ° সত্যেন্দ্ৰনাথ শৰ্মাদেৱে ৰবীন্দ্ৰনাথৰ সৈতে দূৰন্বয়ী প্ৰভাৱৰ সম্ভাৱান কথা ব্যক্ত কৰিছে৷ এই কথাৰ আঁতধৰি ° পল্লৱী ডেকা বুজৰবৰুৱাই মন্তৱ্য কৰিছে যে ‘‘ৰবীন্দ্ৰনাথৰ লগত অতি ওচৰচপা সাদৃশ্য আৰু একেবাৰে কম ক্ষেত্ৰত ভাৱ-বিষয় আৰু ৰূপৰ সংগ্ৰহণো পৰিলক্ষিত হয়৷ অৱশেই এই সমৰূপতাৰ ক্ৰিয়াশীল উদ্দীপক আছিল ভাৰতীয় উপনিষদীয় ঐতিহ্য৷ সি যি কি নহওক, ৰবীন্দ্ৰনাথৰ সৰ্বাত্মক প্ৰসাৰতা লাভ কৰা কাব্য-মাধুৰ্য্য আৰু সুউচ্চ চেতনাৰ গাম্ভীৰ্যপূৰ্ণ ঐশ্চৰ্যক ৰায়চৌধুৰীয়েও যে মুগ্ধতাৰে লক্ষ্য নকৰাকৈ নাছিল, তাৰ সাক্ষ্য তেওঁৰ নিজা কাব্যানুভূতিৰ মাজে মাজে সিঁচৰতি হৈ আছে৷’’ বুজৰবৰুৱৰএই সমৰূপতাৰ ক্ৰিয়াশীল উদ্দীপক আছিল ভাৰতীয় উপনিষদীয় ঐতিহ্যবুলি কোৱা কথাষাৰতেই সোমাই আছে এই আন্তঃপাঠগততাৰ মূল তত্ত্বখিনি৷ পাৰি আন্তঃপাঠগততাৰ জালিকাৰে এই দুয়োজন কবিৰ কাব্যচেতনাৰ তৰংগখিনি বান্ধ খাই আছে৷

*** ***** ***
টীকাঃ
. সেই গীত কেইটা বলা ভাই আগুৱাই’ (ৰাগঃ বৰাৰী), ‘তোমাৰ চৰণ ধূলিৰ তলত উবুৰাই মন-প্ৰাণ’ (ৰাগঃ গৌৰী) আৰুহে জন্মভূমি!জননী আমাৰ শান্তি-সাধনা স্বৰ্গ’ (ৰাগঃ ভাটিয়ালী) ইয়াৰে তৃতীয়টো গীত সম্পৰ্কেবন্দো কি ছন্দেৰে’(গুৱাহাটী, প্ৰথম প্ৰকাশ, ১৯৫৮, পৃঃ ১৫)পুথিত উল্লেখ কৰিছে— ‘ইংৰাজী ১৯১৬ চনত গুৱাহাটীত বহা আসাম এছোছিয়েচনৰ অধিৱেশনত বৰগীতৰ সুৰত ৰচা এই গীতটো সমবেত-সংগীত হৈছিল ৰাজনৈতিক ৰাজহুৱা অনুষ্ঠান আৰু সভাত বৰগীতৰ সুৰৰ প্ৰচলন এইটোৱেই প্ৰথম৷কিন্তু এই গীত কেইটা বৰ্তমান যি ৰূপত প্ৰচলিত হৈ আছে তাৰ সুৰ, গায়নশৈলীত বৰগীতৰ কোনো ৰাগৰূপৰ তথা গায়নশৈলীৰ কোনো বৈশিষ্ট্য ধৰা নপৰে বুলি বীৰেন্দ্ৰনাথ দত্তদেৱে মন্তব্য কৰিছে৷ 

প্ৰসংগ সূচীঃ

*       চৌধুৰী, ভূদেৱ (১৯৭০); বাংলা সাহিত্যর ইতিকথা (রবীন্দ্ৰযুগঃ ১ম পৰ্ব), দে পাব্লিশিং, কলিকতা-৯৷
*       নেওগ, হৰিপ্ৰসাদ (১৯৬৮); অম্বিকাগিৰী ৰায়চৌধুৰী স্মৃতিগ্ৰন্থ, অসম সাহিত্য সভা, চন্দ্ৰকান্ত সন্দিকৈ ভৱন, যোৰহাট৷
*       নেওগ, মহেশ্বৰ (১৯৭৮);অসমীয়া সাহিত্যৰ ৰূপৰেখা, চন্দ্ৰপ্ৰকাশ, পাণবজাৰ, গুৱাহাটী-১৷
*       বন্দ্যোপাধায়, অসিতকুমার (১৩৭৩ সাল);সাহিত্য জিজ্ঞাসাই ৰবীন্দ্ৰনাথ, রুণা প্ৰকাশনী, কলিকতা-১২৷
*       বন্দ্যোপাধায়, হিরণ্ময়ী (১৩৭৭ সাল);উপনিষদ রবীন্দ্ৰনাথ, নবপত্ৰ প্ৰকাশন, কলিকতা-৩৭৷
*       বুজৰবৰুৱা, পল্লৱী ডেকা (২০০৩); ৰবীন্দ্ৰনাথ আৰু অসমীয়া কবিতা, কৌস্তুভ প্ৰকাশ, ডিব্ৰুগড় -, অসম৷
*       ভট্টাচাৰ্য, উষারঞ্জন (২০০৭);নীল সোনালির বাণী, প্যাপিরাস, গণেন্দ্ৰ মিত্ৰ লেন, কলকাতা, ০৪৷
*       শৰ্মা, সত্যেন্দ্ৰনাথ (১৯৮৪); অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, সৌমাৰ প্ৰিণ্টিং এণ্ড পাব্লিছি প্ৰাইভেট লিমিটেড, ৰিহাবাৰী, গুৱাহাটী৮৷
*       শৰ্মা, সত্যেন্দ্ৰনাথ (১৯৬৮); আম্বিকাগিৰী ৰায়চৌধুৰীৰ ৰচনাৱলী;গুৱাহাটী৷
*       সেন, পুলিনবিহাৰী (সম্পাঃ, ১৩৬৮ সাল); ৰবীন্দ্ৰায়ণ, ১ম খণ্ড, বা্ সাহিত্য কলিকতা-৯৷
*       সেন সুকুমাৰ (১৩৫৩ সন);রবীন্দ্ৰনাথ ঠাকুর, ইষ্টাৰ্ণ পাব্লিশাৰ্স প্ৰাঃ লিঃ, কলিকতা-৯৷
*       সেন সুকুমাৰ (১৯৯৬);বাংলা সাহিত্যেৰ ইতিহাস, আনন্দ পাব্লিশাৰ্স, কলিকতা৷
*       Allen, Graham (2007); Intertextuality; Routledge, First Indian Reprint.

No comments:

Post a Comment