Monday, August 1, 2011

চৰ্যাপদ ১৩-১৫


১৩
ৰাগঃ কামোদ; কৃষ্ণাচার্য্যপাদানাম্

তিশৰণ
 ণাৱী কিঅ অঠক মাৰী।
নিঅ
 দেহ করুণা শূণমে হেৰী॥
তৰিত্তা
 ভৱজলধি জিম কৰি মাঅ সুইনা।
মঝ
 বেণী তৰঙ্গম মুনিআ॥ 
পঞ্চ তথাগত কিঅ কেড়ুআল।
বাহঅ
 কাঅ কাহ্নিল মাআজাল॥
গন্ধপৰসৰ
 জইসোঁ তইসোঁ।
নিন্দ
 বিহুনে সুইনা জইসো॥
চিঅ কণ্ণহাৰ
 সুণত মাঙ্গে।
চলিল
 কাহ্ন মহাসুহ সাঙ্গে॥

১৪
ৰাগঃ ধনসী;ডোম্বীপাদানাম্

গঙ্গা
 জউনা মাঝেঁৰে বহই নাই।
তহিঁ
 চুড়িলী মাতঙ্গী পোইআ  লীলে পাৰ কৰেই॥
বাহতু
 ডোম্বী বাহ লো ডোম্বী বাটত ভইল উছাৰ।
সদ্‌গুরু পাঅপত্ৰঁ
 জাইব পুণু জিণউৰ॥
পাঞ্চ
 কেড়ুআল পড়ন্তেঁ মাঙ্গে পিটত কাচ্ছী বান্ধী।
গঅণ-দুখোলেঁ
 সিঞ্চহুঁ পাণী নপইসই সান্ধী॥
চন্দ
 সূজ্জ দুই চকা সিঠি সংহাৰ পুলিংদা।
বাম
 দাহিণ দুই মাগ ন ৰেবই বাহতু ছন্দা॥
কবড়ী
 নলেই বোড়ী নলেই সুচ্ছড়ে পাৰ কৰেই।
জো
 ৰথে চড়িলা বাহবা ণ জাই কুলেঁ কুল বুড়ই॥
 
    
১৫
ৰাগঃ ৰমক্রী; শান্তিপাদানাম্

সঅ-সম্বেঅণ সরুঅ বিআৰেঁতে
 অলক্‌খ লক্‌খণ নজাই।
জে
 জে উজু বাটে গেলা অনাবাটা ভইলা সোঈ॥
কূলেঁ
 কূল মা হোইৰে মূঢ়া উজূ বাট সংসাৰা।
বাল
 তিল একু বাঙ্ক ণভূলহ ৰাজপথ কণ্ঢাৰা॥
মাআমোহ সমুদাৰে
 অন্ত নবুঝসি থাহা।
অগে
 নাৱ ন ভেলা দীসঅ ভন্তি ন পুছসি নাহা॥
সুনা
 পান্তৰ উহ নদীসই ভান্তি ন বাসসি জান্তে।
এষা
 অঠ মহাসিদ্ধি সিঝই উজূবাট জাঅন্তে॥
বাম
 দাহিণ দো বাটা ছাড়ী সান্তি বুলথেউ সংকেলিউ।
ঘাট
 ন গুমা খড়তড়ি নহোই আখি বুজিঅ বাট জাইউ॥

Wednesday, July 27, 2011

জীৱনৰ ভগ্নাংশ — ৪


মাজে মাজে জালপঞ্জীত সোমাই কোনে কিমান দৌৰিছে তাৰে খৱৰ লওঁ৷ ময়ো ব্যস্ত হওঁ এখন চাইবাৰ জগতৰ দৌৰত৷ ইয়াতো বৰ ভয়… …কোনোবাই গুৰুজনাৰ নামত বেপাৰ কৰে, কোনোৱে কাৰোবাৰ নামত মিছা একাউণ্ট খুলি কাৰোবাক অপমান কৰে…হাঃ হাঃ হাঃ… …কি যে বৈচিত্ৰ্য… …সিদিনা চৈত্যণ্যই সুধিছিল ‘আপুনি আৰু কিমান দৌৰেহে, ভাল এথলিট হ’ব পাৰিলেহেতেন… … আমিও পিছে দৌৰিয়েই আছোঁ, পিছে সদায় শেষতহে পাওঁগৈ৷’… …এৰা কেতিয়াৰ পৰা বাৰু মই আৰম্ভ কৰিছিলোঁ দৌৰিবলৈ… …খেৰকটিয়া নৈত চিলনী সাঁতোৰ মেলা দিনৰে পৰা নে… …পথাৰৰ মাজত শামুকে শামুকে যুঁজোৱাৰ দিনৰে পৰা… …নে বেত গুটিৰ কেহাৰে মুখ বিকটোৱাৰ দিনৰে পৰা… …একো মনত নাই মোৰ৷ কেৱল মনত আছে আমাৰ চুবুৰীটোৰ জেষ্ঠ সমসাময়িককেইজন স্কুললৈ যাবলৈ লোৱাৰে পৰা মোৰ থুন্‌থুননিত থাকিব নোৱাৰি মোকো দেউতাই স্কুললৈ পথিয়াবলৈ ল’লে৷ ক’ব নোৱৰাকৈয়ে সোমাই পৰিছিলোঁ নেকি তেতিয়াৰে পৰা এই দৌৰৰ দৌৰত… …
   বৰ্ণামালাখন শিকাৰ পাছতেই আৰম্ভ কৰিছিলোঁ অংকৰ আৰ্যা৷ তেতিয়াই চিনাকী হ’লো শূন্যৰ সৈতে… …অ’ সিদিনা ভাস্কৰে প্ৰীতিমাক সুধিছিল চাৰ্কোলৰ বাৰু এংগল আছেন? তাই ব্যস্ত হৈছিল চাৰ্কোল আঁকি তাৰ এংগল বিছৰাত৷ তাই টানে এদাল আঁচ, ভাস্কৰে দুদাল… …ক্ৰমাৎ চক্ৰবৃদ্ধি হাৰত বাঢ়ে এংগল… …হাঃ হাঃ হাঃ… …দৌৰৰ দৌৰ… …দৌৰিছো নেকি বাৰু আমিও বৃত্তৰ পৰিধিত তাৰে এংগল বিছাৰি… …চাৰ্কোল মানে শূন্য… …শূন্য মানে এক বৃত্ত… …জীৱনত এই শূন্যৰ পৰিমাণ কিমান, হাঃ হাঃ হাঃ… …মনৰ মাজত শূন্য ঠাই, Empty Space… …তাতেই বোলে আমি বিচৰণ কৰোঁ… …আকৌ বৃত্ত মানে চাৰ্কোল… …পৰীক্ষাৰ বহীত শূন্যটোৰ কিমান মহিমা… …সংখ্যাৰ আগত আৰু সংখ্যাৰ পিছত… আৰু যদি পুৰণ কৰা হয়, তেন্তে…হাঃ হাঃ হাঃ… …এক নিৰ্ধাৰিত সংখ্যাই ঠিক কৰি পেলাব জীৱনৰ দৌৰৰ গতি… …সোঁফালে, বাওঁফালে, তললৈ, ওপৰলৈ নে… …কি যে মহিমা এই বৃত্তটোৰ… …মাজে মাজে মনলৈ আহে ‘সূৰ্যমুখী ফুল’ৰ ছবিখনৰ কথা… কোনে আঁকিছিল বাৰু… …মা-দেউতালৈ মনত পৰে, তেখেতসকলে যে হেচোঁক্‌ মাৰিছিল— চা, ৰাজাই ইমান নম্বৰ পাইছে, তয়ো পাব লাগিব… …দৌৰ দৌৰ… …পৰিয়াল-পৰিজনে কয়— তই পাৰিবি, তোৰ ওপৰত আমাৰ বিশ্বাস আছে, দৌৰ, দৌৰ… …উৱাদিহ নাপাই দৌৰিছোঁ, কেৱল দৌৰি আছোঁ…

Monday, July 25, 2011

জীৱনৰ ভগ্নাংশ -৩

    বহুদিনেই হ’ল মৃণালৰ খৱৰ নাই৷ বাটৰ নাটকো হোৱা নাই৷ সিদিনা কৈছিল ‘নতুন নাটক এখন প্লান কৰি আছোঁ, তিনজন আৰ্টিষ্ট লাগে, ছবি আঁকিব পাৰিব লাগিব প্ৰত্যকেই, ডালিৰ পেইন্টং এখন লৈ কৰিম বুলি ভাবিছোঁ’৷ তাৰ পাছত গুম৷ একো খৱৰ নাই৷ নাটক পাগল৷ নাটক কৰি জীৱন কটাব! গম পোৱা নাই!... …সি পাৰে মানে দৌৰিছে৷ দীপ্তকো দেখা নাই৷ ক’ৰ্টত প্ৰেকটিছ কৰে, ভীষণ ব্যস্ত৷ দৌৰিছে… …পৱিত্ৰকো পাইছিলোঁ, এইবাৰ শাৰীৰিকভাৱে প্ৰত্যাহবান যুক্ত মানুহ এদলক লৈ নাটক কৰি আছে৷ সিওঁ দৌৰিছে৷ পিঠিৰ ঘাঁ টুকুৰা… …অপেছাদাৰী নাট্য আন্দোলনৰ প্ৰয়োজন আছে— কিন্তু তাঁৰ সুঁতিত বা কিমান পানী!..
মবাইলত আউট গয়িং নাই৷ সোমাই পৰিলোঁ পি. চি অ. এটাত৷ ০৯৮৬৮৭০২১৩৪… …বিজি… ….ধেৎ এইটো কিবা লাইফ হ’ল নেকি? য’তেই হাত দিও তাতেই শূন্যতা৷ ওলাই আহিলোঁ৷ পৰা হ’লেতো জ্বলাই দিলোঁহেতেন গোটেই পৃথিৱীখন৷ যুঁজ কৰিছোঁ৷ মাজে মাজে বৰ ভাগৰ লাগে,— আৰু ভয়; কি ভীষণ ভয়৷… …ধোঁৱা উৰিছে… লাষ্ট গেট… …কাৰ্বি আংলং… …নৰৱে… …নে মোৰ গাত? তেজ… …পুঁজ… …গৰ্ভাৱতী মহিলাক ধৰ্ষণ, লাইন পাতি কেইবাজনকো গুলীয়াই হত্য, বম ব্লাষ্ট… ….স্বাভাৱিক কখ!... …মনোৰমা!শৰ্মীলা নে চিত্তৰঞ্জন?... …লাভ নাই… …দৌৰিব লাগে৷
মেঘালীত চাহ একাপ আৰু গজা এটা লৈ বহি আছিলোঁ৷ পেপাৰত হট নিউজ ‘আধাৰশিলা’ আৰু ‘সাহিত্য ডট অৰ্গ’ উদ্ধোধন হ’ল কালি৷ অসমীয়া ইউনিক’ডৰ কৰ্মশালা৷ ভাল খৱৰ৷ বহু দিনৰ মূৰত৷ মনতো ভাল লাগি গ’ল৷ ৰীতা বাইদেৱে ‘পোহৰ দিয়া গছ’ৰ কথা লিখিছে৷ নতুন যুগত নতুন পোহৰৰ বাবে লোৱা উদ্যোগ— ই-জোনাকী যুগ...  ...পিছে আমাৰ অসমীয়া সাহিত্যৰ কাণ্ডাৰীসকলৰ ল’ৰা-ছোৱালী এতিয়া ইংৰাজী মাধ্যমত৷ অসমীয়া ক’লে নিজকে আউটডেটেত বুলি ভাবে৷ কি যে হ’ব, পংকজে ঠিকেই লিখিছে…  “হিংলিছমীয়া”৷ কি বা হয়... ...সকলোৱেটো দৌৰতে ব্যস্ত৷ কথা বোৰ মনৰ মাজত পাগুলি থাকোতেই ৰাজ আহি কাষৰ চকিখন অধিকাৰ কৰিলেহি৷ ইংলেণ্ড আৰু ভাৰতৰ টেষ্ট চিৰিজৰ প্ৰথমখন খেলৰ কথা৷… …হঠাৎ কৈ উঠিল
—সাহিত্য-স্ংস্কৃতিৰ গ্ৰাফডাল উঠিছে নে নামিছে?বিশ্ববিদ্যালৰ ডিগ্ৰী লৈ কি কৰিছ? চাকৰি পাইছ?
মোৰো মনত পৰিল দৌৰৰ কথা৷ একো নকৈ তাৰ চোলাটো দাঙি পিঠিখন চাই কলোঁ—
—এম. এন. চি. … …এয়া চা ‘তোৰে মোৰে একে জাত… …’ সি কিবা কোৱাৰ আগতে ওলাই আহিলোঁ… …
সিদিনা অজয়ক পাইছিলোঁ, ইন্টাৰভিউ এটাত৷ সিয়ো দেখুৱালে তাৰ পিঠিৰ ঘাঁ লাহে লাহে বিয়পিছে ভৰিলৈ… …‘এসময়ৰ জালুকবাৰীৰ উদ্যম ঘোঁৰাজাকৰ একে অৱস্থা৷ কেৱল দৌৰিছে… …দিশপুৰ… …ডি. পি. আই… …এম. এন. চি… …বাই মোৰ সময় নাই৷ কোনোবাই পিছ পেলাই যাব পাৰে৷ দৌৰ তয়ো৷’
হঠাৎ সম্বিত ঘূৰাই পালোঁ৷ মোক পিছ পেলাই দেখোন বহুতে আগবাঢ়ি গৈছে৷ ৰ’বলৈ সময় নাই৷ দৌৰিব লাগে৷ আগ পিছ নুগুনি পুনৰ দৌৰিবলৈ আৰম্ভ কৰিলোঁ… ….

Saturday, July 23, 2011

চৰ্যাপদ ১১-১২


১১
ৰাগঃ পটমঞ্জৰী; কৃষ্ণাচার্য্যপাদানাম্

নাড়ী-শক্তি
 দিঢ় ধৰিঅ খট্টে।
অনহা
 ডমরু বাজএ বীৰনাদে॥
কাহ্ন
 কপালী যোগী পইঠ অচাৰে।
দেহ-নঅৰী
 বিহৰএ একাৰেঁ॥ 
আলি-কালি ঘণ্টা নেউৰ চৰণে।
ৰবি
 শশী-কুণ্ডল কিউ আভৰণে॥
ৰাগ দেশ মোহ লাইঅ ছাৰ।
পৰম
 মোখ লৱএ মুত্তিহাৰ॥
মাৰিঅ সাসু নণন্দ ঘৰে সালী।
মাঅ
 মাৰিআ কাহ্ন ভইল কবালী॥

১২
ৰাগঃ ভৈৰৱী;কৃষ্ণপাদানাম্

করুণা
 পিহাড়ি খেলহুঁ নয়বল।
সদ্‌গুরু বোহেঁ
 জিতেল ভৱবল॥
ফীটউ দুআ মাদেসি ৰে ঠাকুৰ।
উআৰি উএসঁ
 কাহ্ন নিঅড় জিনউৰ॥
পহিলেঁ
 তোড়িআ বড়িআ মৰাড়িইউ।
গঅৱৰেঁ
 তোলিআ পাঞ্চজণা ঘোলিউ॥
মতিএঁ
 ঠাকুৰক পৰিনিৱিত্তা।
অৱস
 কৰিআ ভৱবল জিতা॥
ভণই
 কাহ্নু আহ্মে ভলি দাহ দেহুঁ।
চৌষঠ্‌ঠি
 কোঠা গুণিআ  লেহুঁ॥