Sunday, August 21, 2011

জীৱনৰ ভগ্নাংশ - ৭


দৌৰি দৌৰি ভাগৰত হালি পৰিব ধৰিছিলোঁ৷ হঠাৎ গম পালোঁ মই ফুটপাথত নাই৷ ফুটপাথৰ তলত থকা মেনহলটোৰ ভিতৰতহে৷ ইয়াতো দৌৰা-দৌৰি পলিথিনৰ টোপোলা নিৰোধ গেলা কণি নেপকিন বিস্তা কিলবিলাই থকা সৰু সৰু কীট কিবা এটা উৎকট গোন্ধ ব্যস্ত সময় নাই কৰোঁ এটাক পিছ পেলাই আগবাঢ়াৰ দৌৰত সকলো ব্যস্ত৷ মই সন্ধান কৰিবলৈ ধৰিলোঁ গোন্ধৰ উৎস৷ সেই একেই গোন্ধ পাইছিলোঁ তাহানিতে৷ আইলৈ মনত পৰিল ফটা নিহালিখনৰ মাজেদি তৰা গণা আইৰ মুখখনৰ প্ৰকৃত ছবিখন ভাঁহি নুঠিল৷ এটা চিৎকাৰ জুই কুকুহা হৈ উৰিছিল ঘানিৰ ম’হটোৰ দৰে বাগৰি পৰিছিল৷ বতাহত নাচিছিল ধনগুলৈয়ে৷ ১৯৮৩ ফিচকাৰি নেকি মই সুধিছিলোঁ হ’বলা!মুখত আছিল এটা শেলুক গুমগুমনি উঠিছে এসোঁতা কেঁচা পখৰা তেজ৷ মোৰ কলিজাতো সঠিক স্থানত আছেনে বাৰু!
কাষলৈ চাওঁতে দেখো জালুকবাৰী আউটপ’ষ্টৰ পুলিচকেইটা৷ ৰাতি হ’লে হাতত এডাল লাঠি, আগটো ফলা৷ গাড়ীবোৰৰ খিৰিকিৰে সোমাই যায় আৰু ওলাই আহে, ফাকত লাগি আহে আৰ. বি. আই.ৰ এখন প্ৰমাণপত্ৰ৷ ঢল নামিছে কিহৰ ঢল!… …ধেমাজিত গছত আশ্ৰয়লৈ থকা কেইবাজনো লোকক বানে উটুৱাই নিলে বান আক্ৰন্তৰ হাহাকাৰ ৰামলীলা ময়দানত আন্নাৰ আন্দোলন জনলোকপাল বিল তিহাৰ জেল ‘বিপদ কালত বুদ্ধি ভ্ৰষ্ট’ নেকি চৰকাৰৰ অখিলে অসমৰ সমস্যাক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তুলি ধৰিছে কি বা হয়!কালি উৎপল দাৰ ‘কাৰ্টুন’ এটা দেখিলোঁ,— ভৰতৰ প্ৰধানমন্ত্ৰী হেনো আন্না, অসমৰ মুখ্যমন্ত্ৰী অখিল, কোনোবা এজনে সপোনত দেখিছে আহিবনে বাৰু এনে দিন!লাখ লাখ জনতা ওলাই আহিছে এই সংগ্ৰামলৈ... …আনফালে এজনে লিখিছে— পথাৰত কঠিয়া নাই, তাতে অখিল ব্যস্ত ৰাজধানীত উফঃ ভাগৰ লাগিছে মোৰ হঠাৎ এটা চিৎকাৰ— ঢল নামিছে দৌৰ
চকুৰ পচাৰতে উটি গৈছে গৰু, ম’হ, ছাগলি, ভেৰা মানুহ মই ৰৈ যাব ধৰিছিলোঁ৷ মোৰেই সহোদৰস্বৰূপ একান্ত লগৰীয়া ছাঁটোক চাওঁতে দিখিলোঁ— এবাৰ ইফালে, এবাৰ সিফালে সিও ঢপলিয়াইছে৷ জীৱনৰ গতিত স্থবিৰতাৰ স্থান নাই, গতিৰ বিনে গতি নাই মই মিচিকিয়াই নিজেই নজনাকৈ দৌৰিবলৈ আৰম্ভ কৰিলোঁ— নতুন উদ্যমেৰে৷ মনৰ পৰা হেৰাই গ’ল হৰিধন, বকুলি, বাখৰ, হৰি, ৰাজ, পাৰ্থ দা, অপু দা কেৱল দৌৰিছোঁ পিঠিৰ ঘাঁটুকুৰাও দৌৰিছে ক্ৰমাৎ বাঢ়িছে চক্ৰবৃদ্ধি সুতত

No comments:

Post a Comment