Friday, August 12, 2011

জীৱনৰ ভগ্নাংশ -৬


পুৰণা ষ্টেট বেংকৰ কাষৰ ফুটপাথত মই৷ পোষ্ট অফিচটোৱে কাষৰ চাহ দোকানখনত চাহ খাই আছিল৷ মোৰ সি কাষলে মাতিলে৷ গম পালোঁ মোৰ ভৰি দুটাত কোনোবাই গোজ মাৰি থৈছে নে গজাল মাৰি, লৰচৰ কৰিব নোৱাৰোঁ৷ সোণাৰুজোপাৰ ফুলবোৰ এফালৰ পৰা সৰিব ধৰিছে৷ মোৰ চাৰিওফালে সোণাৰু মই লাহে লাহে সোমাই যাব ধৰিছোঁ মোৰ সৰু গাঠি, কলাফুল, কঁকাল পেট বুকু চকুৰ আগত অগাদেৱা কৰিলে৷ সেয়া চম্পাৱতী নে কমলা কুঁৱৰী৷ ভাঁহি আহিল—
       আই মোৰ ভৰি কুটেকুটাই
       জোঁৱায়ে তোক নূপুৰ পিন্ধায়
পুনৰ অভাৰলেপ—
       কমলা কুঁৱৰী, মোৰে প্ৰাণেশ্বৰী
       পানী বা কিমানে দ
মণ্টাজ সোণাৰু, সোণাৰু চাৰিওখালে কেৱল সোণাৰু সোমাই গৈছোঁ উশাহ নোপোৱা হৈছোঁ চটফটাইছোঁ ঢপঢপাইছোঁ লাহে লাহে সোণাৰুবোৰ একোটা কুমজেলেকুৱালৈ ৰূপান্তৰিত হৈছে৷ বগুৱা বাইছে মোৰ কোচত, বুকুত ক্ৰমশঃ তাৰ যাত্ৰা মোৰ ওঁঠলৈ চেঁচা বিজলুৱা স্পৰ্শ৷ কিবা এটা অদ্ভূত নিচাত চুচৰি বাগৰি উটিছোঁ ভাঁহিছোঁ স্পন্দনহীন এক ছন্দ৷ যেন এজাক শেলুৱৈৰ দৃঢ় কামোৰ সিঁহতৰ মাজতো দৌৰ পিঠিখনত এক অনামী উত্তেজনা মই উৰ্দ্ধশ্বাসে দৌৰিলোঁ
টংগুটি খেলিছোঁ, লাটুমনি বিলৰ পাৰত শামুকে শামুকে যুঁজাইছোঁ— ইমান ইমান পানী/গংগাৰাণী/ইমান ইমান বোকা/চাহেব দাদা— সোমাইছিলোঁ নেকি তেতিয়াই বোকাত৷ হয় হ’বলা৷ চিত্ত নে বিত্ত? দ্বিঘাট সমীকৰণৰ অংক? মেটেকা নে বৰ টেঙাৰ ফুটবল চাইবাৰ কেফে নে মেকডনাল্ড দে আফটাৰ টুমৰোখন চালি!দৌৰা দৌৰী ‘বুজিছ সকলো কামৰে নিৰ্দিষ্ট সময় থাকে৷ আজি হোৱা নাই মানে কামটো হোৱাৰ সময় হোৱা নাই৷ চিন্তা নকৰিবি—সময় হ’লে হ’ব৷ পাৰ্থদাই ক’লে৷ মই তেওঁৰো চোলাটো দাঙি দিলোঁ৷ একেই কাণৰ কাষত বতাহৰ সুহুৰি— দৌৰ দৌৰ ক’ব নোৱৰাকৈ পুনৰ দৌৰীবলৈ আৰম্ভ কৰিলোঁ

No comments:

Post a Comment